ফটাঢোল

বাওনা বৰুৱাৰ মহাজীৱনী-ড° সৰোজ কাকতি 

প্ৰভু ভগৱান মানে কি ?

ঈশ্বৰ, ভগৱান এইবোৰ বৰ কেবেজীয়া কথা, বহুতে বহুত কথা কৈছে, বুদ্ধদেৱে সেয়ে এই বিষয়ে কথা পতাকে বন্ধ কৰি দিছিল। অৱশ্যে এই বিষয়ে মোৰো নিজস্ব মত আছে। ভগ মানে যোনি আৰু ভোগ, ৱান মানে আছে অৰ্থাৎ সংসাৰত যিয়ে জন্ম লৈ ভোগ কৰে তেওঁলোকে ভগৱান। সেই কাৰণে আমাৰ সমাজত অনেক ভগৱান ওলাই থাকে । কিছুমানে নিজক ভগৱান বুলি দাবীও কৰে.জাহিৰ কৰে,প্ৰচাৰ কৰে। ধৰ্মৰ নামত   বিলাসবহুল জীৱন যাপন কৰেে। পঞ্চমকাৰৰ সেৱাত , মছগুল হৈ থাকে। পঞ্চ মকাৰ মানে মদ, মাংস, মৎস্য, মুদ্ৰা আৰু মৈথুন। সাধাৰণ মানুহক এইবোৰৰ পৰা আঁতৰি থাকিবলৈ দিনে ৰাতি পৰামৰ্শ দিয়ে। কিছুমান নিৰামিষ ভোজী ভগৱানো আছে। তেওঁ লোকে মাছ মাংস নাখালেও পনীৰ, ঘিউ, মৌ, গাখীৰ, আপেল, কাজু, কিচমিচ আদি প্ৰচুৰ পৰিমাণে ভক্ষণ কৰে । মুখৰ বৰণ ৰঙা চিঙা হয়, মানুহে সুধিলে যোগ সাধনাৰ বাবে হোৱা বুলি কয়। নানা যাদু দেখুৱাই তাক ঐশ্বৰিক শক্তি বুলি প্ৰচাৰ কৰে। সাধাৰণ মানুহেও নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ তেওঁলোকৰ চৰণত আহি পৰি থাকে। 

এক শ্ৰেণীৰ ভগৱান আছে তেওঁলোকৰ শৰীৰত শিৱ, দুৰ্গা, কালী, মনসা আদি দেৱ-দেৱী ভৰ কৰা বুলি কয়, প্ৰচাৰ কৰে আৰু দৰ্শনাৰ্থীসকলৰ নানা সমস্যাৰ সমাধান দিয়ে। তাবিজ, কবচ, মাদুলি, গ্ৰহৰত্ন আদি প্ৰদান কৰে।  

আন একশ্ৰণীৰ ভগৱান আছে তেওঁলোক প্ৰায় নীৰৱ, মহা সাধক, কাম, ক্ৰোধ, লোভ মোহৰ উৰ্দ্ধৰ মহাপুৰুষ। নিজৰ সাধনাৰ কথা প্ৰায়ে আনক নজনায়। আন মানুহো তেওঁলোকৰ ওচৰলৈ নাযায়, অলৌকিক শক্তিৰ অধিকাৰী কিন্তু আনক নজনায়, চিনাকিও নিদিয়ে, সদায় আনৰ কল্যাণ কৰে , বিনিময়ত একো নিবিচাৰে। 

প্ৰভু আত্মা কি?

শুনা বাপুকণ এই বোৰ কথাত মূৰ ঘমাই থাকিব নালাগে। সকলোৱ এটা কথা জানে যাক নেদেখি, ওজনো নাই, কাটিব নোৱাৰি, খাবও নোৱাৰি, কোবাব নোৱাৰি, জেলত দিব নোৱাৰি, ফাঁচী দিব নোৱাৰি, শৰীৰটো চুৰি ডকাইতি হ’লেও আত্মাটো হেনো পবিত্ৰ ইত্যাদি। কিন্তু মই এটা কথা ভাবি উলিয়াইছো। কোনোৱে কাৰোবাৰ অপৰাধৰ বিৰুদ্ধে মাতিলে তাক মাৰি দিয়া যায়, সৈন্য বাহিনীয়ে উগ্ৰপন্থীক মাৰে, উগ্ৰপন্থীয়ে সৈন্য বাহিনীক মাৰে, সাধাৰণ মানুহকো মাৰে, মৰাজনে একো কৰিব নোৱাৰে , ক’বও নোৱাৰে। সেয়ে চোৱা আ মানে আমি, ত মানে ততালিকে আৰু মা মানে মাৰো এয়াই হ’ল আত্মা।  (আগলৈ)

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *