ফটাঢোল

কণ্ঠশিল্পী বৰ্ণালী কলিতাৰ সৈতে অন্তৰংগ আলাপ

বৰ্ণালী কলিতা! অসমৰ প্ৰতিজন সংগীতপ্ৰেমীৰ বাবে এটা খুব চিনাকি আৰু আপোন নাম৷ সেই কেছেটৰ দিনৰ পৰা আজিৰ ষ্পটিফাই, চাভন আদি সংগীত ‘প্লেটফৰ্ম’লৈ দুৰন্ত গতিৰে প্ৰায় দহ হাজাৰৰো অধিক গীতত কণ্ঠ নিগৰোৱা এই জনপ্ৰিয় শিল্পী গৰাকীৰ লগত কিছু অন্তৰংগ আলচ কৰাৰ সুযোগ লাভ কৰিছিলো ব্ৰহ্মা ষ্টুডিঅ’ত । তেখেতৰ মুক্তিৰ পূৰ্বেই চৰ্চিত গীত “মই তোমাৰ,তুমি মোৰ” ৰ কাম চলি থকাৰ মাজতেই আমাক সময় দিছিল,কথা পাতিছিল নিজৰ যাত্ৰাৰ আৰম্ভনিৰ পৰা আজিৰ দিনৰ কৰ্মসূচীলৈকে৷

ফটাঢোল: পোনপ্ৰথমে আপোনাক ধন্যবাদ আমাক ইমান ব্যস্ততাৰ মাজতো সময় দিয়াৰ বাবে৷

বৰ্ণালী কলিতা: আপোনালোককো ধন্যবাদ৷

ফটাঢোল: পোনপটীয়াকৈ আপোনাৰ নিজৰ এই সংগীত যাত্ৰাৰ আৰম্ভনি সম্পৰ্কেই জানিব বিছাৰিম৷ বৰ্ণালী কলিতা গায়িকা বৰ্ণালী কলিতা হোৱাৰ আঁৰৰ কাহিনীটো!

বৰ্ণালী কলিতা: মোৰ সংগীতৰ লগত সম্পৰ্কটো একেবাৰে পানীকেঁচুৱা হৈ থকাৰে পৰা৷ দেউতা নামৰূপ সাৰ কাৰখানাত কৰ্মৰত আছিল আৰু মায়ে মোক সেই পুৰণি টেপ ৰেকৰ্ডাৰত কেছেটত গান লগাই নিজৰ কামত ব্যস্ত হৈ থাকে৷ মই টেপ ৰেকৰ্ডাৰ লগাই দিলে তাতেই মগন হৈ থাকো৷ যেতিয়া A পিঠিৰ গীতবোৰ শেষ হৈ যায়,তেতিয়া মই কান্দি দিওঁ৷ মায়ে তেতিয়া দৌৰি আহি B পিঠিৰ গীতবোৰ লগাই দিয়ে আৰু মই পুনৰ খেলাত ব্যস্ত হওঁ৷ মাত নুফুটতেই সংগীতৰ লগত মোৰ একাত্মীয়তা লক্ষ্য কৰি মোৰ দেউতাই গীতৰ আনুষ্ঠানিক শিক্ষা দিবলৈ ঠিৰাং কৰিলে৷ পাছত ২ বছৰ ৪ মাহত মোৰ গুৰু ৰস বৰুৱা চাৰৰ ওচৰত নাম লগাই দিয়ে৷ প্ৰয়াত বৰুৱা চাৰ শান্তি নিকেটনৰ পৰা আহিছিল চাকৰিৰ সন্ধানত৷ তেখেতে প্ৰথমে সৰু সৰু ৰাগ ভিত্তিক গীত কিছুমান শিকাইছিল৷ তেনেকৈয়ে আৰম্ভ কৰি চতুৰ্থ মানৰ(ক্লাচ ফ’ৰ) পৰা মই শাস্ত্ৰীয় সংগীত শিকিবলৈ আৰম্ভ কৰো৷ মোৰ যাত্ৰাটো তেনেকৈয়ে আৰম্ভ!

ফটাঢোল: আপোনাৰ শিক্ষা জীৱন নামৰূপৰ পৰায়েই আৰম্ভ হৈছিল?

বৰ্ণালী কলিতা: হয়,কেন্দ্ৰীয় বিদ্যালয় নামৰূপৰ পৰা৷ মেট্ৰিক পাছ কৰি গুৱাহাটী আহিলো৷ কটন কলেজৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰিলোঁ৷ ইংৰাজীত মেজৰ লৈ সন্দিকৈ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰো৷ কটনৰ পৰায়েই এম এ ডিগ্ৰী লাভ কৰো৷ সেই সূত্ৰেই গুৱাহাটীৰ লগত সংযোগটো স্থাপন হ’ল৷

ফটাঢোল: বৰ্তমান সময়ত অসমৰ সংগীত জগতৰ এটা অপৰিহাৰ্য্য নাম,বৰ্ণালী কলিতা৷ আপুনি এই অৱস্থাটোলৈ অহাৰ আগতে বা সংগীতক আপোনাৰ পৰিচয় হিচাপে গঢ় দিয়াৰ আঁৰত কিবা ঘটনা বা কাহিনী আছে নেকি?

বৰ্ণালী কলিতা: হয় আছে৷ খুব সৰুতে যেতিয়া নামৰূপত আছিলো এবাৰ তেতিয়া ‘শ্ব’ এটা চাইছিলো৷ দূৰদৰ্শন যোগে সম্প্ৰচাৰিত হৈছিল৷ মাইকেল জেকচনৰ৷ তেখেত সেই শ্বটোত মঞ্চলৈ বিশেষ কাৰিকৰী কৌশলেৰে উৰি আহিছিল৷ দৰ্শকৰ উচ্ছল সঁহাৰিৰ মাজত তেখেত অলপ সময় ৰৈ যায় প্ৰস্থৰ মূৰ্তিৰ দৰে৷ তাৰ পাছত গীতৰ অনুষ্ঠান আৰম্ভ কৰে৷ সেইটো দেখি মোৰো মন গৈছিল,যে ময়ো এদিন এনেকৈ প্ৰদৰ্শন কৰিম৷ মন মগজুত এইবোৰ কথায়ে এনেদৰেই ক্ৰিয়া কৰিছিল৷

ফটাঢোল: অসমীয়া সংগীত বা অন্য ধাৰাৰ সংগীতৰ,অগ্ৰজ সকলৰ কাৰ সৃষ্টিয়ে আপোনাক প্ৰেৰণা দিয়ে?

বৰ্ণালী কলিতা: বহুত আছে৷ বিশেষ এজনৰ নাম লবলৈ অসুবিধা৷ কিন্তু যদি বৰগীতৰ পৰা চাওঁ,বা বৰগীত জ্যোতি সংগীত,ৰাভা সংগীত,ভূপেন হাজৰিকা দেৱৰ গীত,ৰূদ্ৰ বৰুৱাৰ গীত আদি কৰি গুলজাৰ চাহাবলৈকে; সকলোৰে সংগীতে মোক প্ৰেৰণা দিয়ে৷ সৰুতে এই সকলোবোৰ গীত অনুকৰণ কৰিছিলো৷ মই খুব দাঠি কব পাৰো যে লতাজী,আশাজীৰ ১০০০ মান গীত মুখস্থ আছে৷

ফটাঢোল: বৰ্তমান সংগীত আপোনাৰ পেছা৷ প্ৰায় সকলো মানুহেই নিজৰ পেছাক লৈ অসুখী বা কিবা নহয় কিবা ক্ষোভ থাকে৷ কিন্তু বৰ্ণালী কলিতাক যেতিয়া গীত পৰিবেশন কৰা দেখো, তেতিয়া অনুভৱ হয় যে নিজৰ পেছাক লৈ যি সংখ্যাত কম ‘সুখী’ মানুহ আছে তাৰ ভিতৰত আপুনিও এগৰাকী৷ আপোনাৰ নিজস্ব মতামত৷

বৰ্ণালী কলিতা: মই ইমান গভীৰলৈ গৈ নাভাবো যে মই সুখী নে দুখী৷ কিন্তু এইটো কব পাৰো যে Music makes me happy,যদি কেতিয়াবা সংগীত মোৰ জীৱনৰ পৰা আতৰি যায় তেতিয়া কেনেকুৱা ধৰণৰ মানুহ এগৰাকী হৈ থাকিম,সেইটো মই কব নোৱাৰো৷ সংগীত অবিহনে মোৰ অস্তিত্বই নাথাকিব চাগে৷

ফটাঢোল: সংগীতৰ যাত্ৰা যেতিয়া আৰম্ভ কৰিছিল,তেতিয়া নিশ্চয় আপোনাৰ এটা সপোন আছিল এটা উচ্চতাত উপনীত হোৱাৰ৷ আজিৰ দিনত সেই শিখৰত আপুনি ভৰি দিছো বা সেই উচ্চতা ঢুকি পাইছো বুলি আপুনি ভাবে নে?

বৰ্ণালী কলিতা: মোৰ নিজস্ব অনুভৱ, নাই পোৱা৷ এতিয়ালৈকে যিমানবোৰ গীতত কণ্ঠ নিগৰাইছো,অধিকাংশই ৰোমান্টিক৷ দুই এটা প্ৰকৃতিৰ ওপৰতো গাইছো৷ কিন্তু সমাজৰ চিন্তা বা আশাক প্ৰতিফলিত কৰিব পৰা গীত বহুত বেছি এতিয়ালৈকে গোৱা নাই৷ সেই বলিষ্ঠ কণ্ঠৰে সমাজক জাগ্ৰত কৰিব পৰা,বা মানুহৰ গীত হিচাপে পৰিচয় দিব পৰা গীত এটা উপহাৰ দিব বিছাৰো৷ লগতে ৰাষ্ট্ৰীয় পৰ্য্যায়তো কিবাকিবি কৰাৰ সপোন আছে৷

ফটাঢোল: সংগীতৰ বাদে আন কিহত ৰুচি আছে৷

বৰ্ণালী কলিতা: ৰন্ধা বঢ়াত(হাঁহি)৷ খাই ভাল পাওঁ,গতিকে ৰান্ধিও ভাল পাওঁ৷
কিতাপ পঢ়ি ভাল পাওঁ৷ আগতে ফুল প্ৰতিপালনৰ ইমান হেঁপাহ নাছিল,কিন্তু যাৰ লগত মোৰ বিয়া হৈছে তেখেতৰ ফুলনি পতাৰ খুব চখ আছে৷ গতিকে এতিয়া নতুনকৈ সেই অভ্যাসটোও গঢ় লৈছে৷ তাৰ ওপৰিও গীত শিকাই মই খুব ভাল পাওঁ৷

ফটাঢোল: মাৰ্চ ২০২০ ৰ পাছৰ পৰা সংগীতৰ ক্ষেত্ৰখনত কি পৰিবৰ্তন হৈছে,যিয়ে আপোনাক প্ৰভাৱান্বিত কৰিছে৷

বৰ্ণালী কলিতা: পোনপতীয়াকৈ কবলৈ গ’লে ২০২০ ৰ সময়চোৱা সংগীতৰ জগতখনৰ বাবে বৰ কঠিন সময় আছিল৷ আমাৰ সকলোবোৰ কামকাজ বন্ধই হৈ আছিল৷ লাহে লাহে আমি কামকাজ বোৰ পুনৰ আৰম্ভ কৰি ধৰিছো৷ সংগীতৰ বিশেষ একো পৰিবৰ্তন হোৱা নাই,যদি পৰিবৰ্তন হৈছে সংগীতৰ লগত জড়িত মানুহবোৰৰ জীৱন ধাৰণৰ৷ প্ৰায় সকলোৱে উপলব্ধি কৰিছে,কেৱল মাত্ৰ সংগীতকে পেছা হিচাপে লৈ চলিব নোৱাৰি৷ জীৱন ধাৰণৰ বাবে অন্য এটা পথো খোলা ৰাখিব লাগে৷

ফটাঢোল: আজিকালিৰ গীতত বা গীতি সাহিত্যত পূৰ্বৰ গৰিমা নাই বুলি যি অভিযোগ আহে সেই সম্পৰ্কে আপোনাৰ নিজস্ব দৃষ্টিভংগী কি?

বৰ্ণালী কলিতা: মাজতে সেই সময়টো আমিও পাৰ কৰিছো৷ কিন্তু নৱপ্ৰজন্ময়ে সেই ক্ষেত্ৰত এটা ইতিবাচক পৰিবৰ্তনৰ বাট মুকলি কৰিছে৷ তেওঁলোকে গীতি সাহিত্যৰ ওপৰত অধ্যয়ণ কৰিছে আৰু সমান্তৰালকৈ গুণগত মানসম্পন্ন গীত ৰচনা কৰিছে৷ মই তেওঁলোকক লৈ যথেষ্ট আশাবাদী৷

ফটাঢোল: গীতৰ কথা বহুত পাতিলো৷ অলপ নামৰূপলৈ ঘূৰি যাওঁ৷ আপোনাৰ শৈশৱ সম্পৰ্কে অলপ জানিব বিচাৰিছো৷ দুষ্ট আছিল নে আপুনি?

বৰ্ণালী কলিতা: মই খুব দুষ্টও নহয়, একেবাৰে শান্তও নহয়-দুইটাৰে মাজত আছিলো৷ প্ৰকৃততে দুষ্টামি কৰিবলৈ সময়ৰ অভাৱ আছিল৷ ৰামায়ণ,মহাভাৰত, জাংগল বুক,মালগুড়ী ডেইজ আদি আনৰ ঘৰৰ টিভিত চোৱা সময়ৰ কথা এইবোৰ৷ আৰ্ট,নাচ,গানৰ শ্ৰেণীৰ মাজত বেলেগে দুষ্টামি কৰিবলৈ সময় নাছিলেই৷

ফটাঢোল: অসমৰ মঞ্চৰ সাংস্কৃতিক অনুষ্ঠানৰ আপুনি এটা খুব জনপ্ৰিয় নাম৷ যিহেতু আমাৰ আলোচনীখন হাস্য ব্যংগৰ গতিকে মঞ্চ অনুষ্ঠানৰ আপোনাৰ তেনেকুৱা কিবা অভিজ্ঞতা এটা আমাৰ পাঠক সমাজৰ লগত ব্যক্ত কৰিব নেকি! আমি নিশ্চিত যে আপোনাৰ এনে অভিজ্ঞতা অজস্ৰ আছে৷

বৰ্ণালী কলিতা: হাঁহি উঠা অভিজ্ঞতা বহুত আছে…(অলপ ৰৈ,হাঁহি) আগতে মোৰ মঞ্চত উঠাৰ আগতে পেট কামুৰি ধৰাৰ সমস্যা এটা হৈছিল৷ সেইটোক লৈ বহুত কাহিনী আছে৷ এতিয়া বাৰু সেইটো কবলৈ নাযাওঁ৷ আজি পিছে বেলেগ কাহিনী এটাহে কম৷ ডিব্ৰুগড়ত এবাৰ সংগীতৰ অনুষ্ঠান কৰি থাকোতে দুজন মঞ্চলৈ উঠি আহি মই গান গাই থকা অৱস্থাতে মোক দাঙি ধৰি নৃত্য কৰিবলৈ আৰম্ভ কৰিলে৷ তেওঁলোকক মোৰ নিজৰ সহযোগী সকলে নমাই দিবলৈ অনুৰোধ কৰাৰ পাছতো তেওঁলোকে “বাইদেউক আমি খুব ভাল পাওঁ” বুলি দাঙি লৈ যি নৃত্য কৰিছিল সেইটো মই কেতিয়াও পাহৰিব নোৱাৰো৷

ফটাঢোল: বহুত কথা পাতিলো আপোনাৰ লগত৷ খুব ভাল লাগিল৷ শেষ কৰাৰ পূৰ্বে আমাৰ আলোচনীৰ পাঠক সকলক উদ্দেশ্যি কিবা একাষাৰ…

বৰ্ণালী কলিতা: প্ৰথমতেই সম্পাদনা সমিতি তথা আপোনালোকৰ ফটাঢোল গ্ৰুপলৈ ধন্যবাদ যে হাস্যব্যংগৰ দৰে কঠিন বিষয় এটাক লৈ আপোনালোকে এখন আলোচনী নিয়মিত ভাবে প্ৰকাশ কৰি আহিছে৷ আপোনালোক সকলোকে শুভেচ্ছা আৰু ভগৱানে কুশলে ৰাখক৷ আপোনালোকৰ আলোচনীখন সকলোৱে পঢ়ক,সকলোৰে জীৱনত হাঁহি বিলাই যোৱাত সহায়ক হওঁক- তাকেই কামনা কৰিলো৷ হাঁহি থাকক,হঁহুৱাই থাকক কাৰণ হাঁহিয়ে মানুহৰ যৌৱন ধৰি ৰাখে৷

ফটাঢোল: ধন্যবাদ আপোনাক৷

( সাক্ষাৎকাৰটো যুগোতালে দেবজিত শৰ্মা আৰু হিমাংশু ৰাজখোৱায়ে)

3 Comments

  • ডলী

    বহুত ভাল লাগিল সাক্ষাতকাৰটো

    Reply
  • Mukut bhattacharjya

    বঢ়িয়া।

    Reply
  • নীলাঞ্জনা

    বৰ ভাল লাগে শিল্পীগৰাকীক৷ তেখেতৰ সুস্বাস্থ্য আৰু আগলৈ বহুতো গীত আশা কৰিছো তেখেতৰ পৰা৷ ফটাঢোল টীমক আন্তৰিক ধন্যবাদ সুন্দৰ সাক্ষাৎকাৰটি আয়োগন কৰাৰ বাবে৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *