ফটাঢোল

মনে মোৰ তোমাকে বিচাৰে- জয়ন্ত দাস

চৰিত্ৰসমূহ : 

হৰিপদ : ( দোকানী, বয়স আনুমানিক ৫০ বছৰ) অভিনয়ত হেমন্ত কাকতি৷

মৌচুমী : ( হৰিপদৰ ভনীয়েক, কলেজত অধ্যয়নৰত ) অভিনয়ত  শ্ৰুতিমালা মিশ্ৰ৷

ৰাতুল : ( মৌচুমীৰ প্ৰেমিক) অভিনয়ত দিব্যজ্যোতি কলিতা

তৰালী : ( কলেজীয়া ছাত্ৰী, মৌচুমীৰ চিনিয়ৰ) অভিনয়ত ৰাজশ্ৰী শৰ্মা৷

বীৰু : ( দোকানৰ কৰ্মচাৰী)  অভিনয়ত নয়নমণি হালৈ৷

মীনা : ( বীৰুৰ প্ৰেমিকা)  অভিনয়ত বৰ্ণালী এচ মূদৈ৷

মীনাৰ মাক : অভিনয়ত প্ৰণীতা গোস্বামী৷

বিকাশ : (বিবাহপ্ৰাৰ্থী) অভিনয়ত যোগেশ ভট্টাচাৰ্য৷

বিকাশৰ মা : অভিনয়ত কমলা দাস৷ 

ৰজী : অভিনয়ত ডলী তালুকদাৰ৷

তবিবৰ ৰহমান : চক্ৰৱৰ্তী ( বিয়া ঠিক কৰা মানুহ)

মেকআপ আৰু কষ্টিউম : নিলাক্ষী কাকতি

সংগীত : মৃদুল নাথ

চিত্ৰনাট্য,কাহিনী,পৰিচালনা :জয়ন্ত দাস

লাইট কেমেৰা একচন


 ১ম দৃশ্যঃ

সময় ৰাতিপুৱা৷ কেমেৰাত এখন চাইনবৰ্ড দেখা যাব৷ A to Z ষ্ট’ৰ৷ ইয়াত প্ৰয়োজনীয় সকলো সামগ্ৰী পোৱা যায়৷ লাহে লাহে কেমেৰাই  দোকানৰ বাৰাণ্ডাত বহি ৰাস্তাৰে অহাযোৱা কৰি থকা মানুহবোৰৰ ফালে চাই থকা বীৰুক দেখুৱাব৷ হঠাতে সি  দোকানৰ ভিতৰলৈ সোমাই গৈ বিক্ৰীৰ বাবে ৰখা   ফেয়াৰ এণ্ড লাভলী ক্ৰীম এসোপামান মুখত লগাই পুনৰ বাৰাণ্ডালৈ ওলাই আহিব৷

বীৰু :  হে  ভগৱান! ৰাতিপুৱা ৬-৩০ বজাতেই দোকান খুলিলোঁ৷ এতিয়া ৯ টা বাজিল৷ এতিয়ালৈকে কোনো কাষ্টমাৰৰে দেখাদেখি নাই ৷ এনেকৈ হ’লে  লঘোণে ভোকে মৰিব লাগিব যেন পাইছোঁ৷

(অলপ ভাবি) নাই  নাই এনেকৈ নহ’ব৷ কিবা বেলেগ ব্যৱস্থা কৰিব লাগিব৷

এনেতে কেমেৰাত দেখা যাব গাঁৱৰে মীনা (ৰোলটো কৰিব বৰ্ণালীয়ে) দোকানৰ ফালে আহি আছে৷

বীৰু : ( অতি আগ্ৰহেৰে) অ’ মীনা, আহা আহা৷ কিমান দিনৰ পিছত যে তুমি আমাৰ দোকানলৈ আহিছা৷ কোৱাচোন কিদৰে তোমাৰ সেৱা কৰিব পাৰোঁ৷

মিনা : ধুৰ, তুমি মোৰ কি সেৱা শুশ্ৰূষা কৰিবা! যোৱাকালি চৌধুৰীৰ মিঠাইৰ দোকানলৈ গৈছিলোঁ সি কিমান যে মিঠাই ফ্ৰীতে খুৱাইছিল৷

বীৰু : আৰে কি কথা ক’বলৈ আহিছা৷ সি এটা মস্ত বদমাচ৷  সি গাখীৰৰ চানাৰ লগত বইল আলু মিলাই মিঠাই বনায়৷ তুমি কি বুজিবা? ৰ’বা তোমাক মই বঢ়িয়া বিস্কুট এপেকেট দিওঁ৷

মিনা : ( বিস্কুট পেকেট হাতত লৈ) ঠিক আছে বাৰু৷ পইচা কিমান হ’ল?  অ’, ৰ’বা এটুকুৰা গাধোৱা চাবোনো দিবা৷

বীৰু :  কি যে কোৱা মিনা তোমাৰ পৰা মই পইচা ল’ম৷ তোমাক মই কিমান ভালপাওঁ তুমি নাজানা চাগে৷ মোৰেই দুৰ্কপাল যে দোকানখন মোৰ নহ’ল৷ নহ’লেতো গোটেই দোকানখনেই তোমাক দি দিলোঁহেঁতেন৷

(বীৰুৱে ৰেকৰ পৰা  চাবোন টুকুৰা উলিয়াই মিনাৰ হাতত দি)

লোৱা৷ এইটোৰে গা ধুলে, লগেলগেই তোমাৰ চেহেৰা পকা বিলাহীৰ দৰে লাল হৈ যাব৷

(বীৰুই মীনাৰ হাত এখনত ধৰি চাবোন টুকুৰা দি  চকুৰ ফালে চাই থাকে৷ মীনায়ো বীৰুৰ হাতখনৰ ওপৰত তাইৰ হাতখন ৰাখি একেথৰে বীৰুৰ ফালে চাই থাকিব৷ এনেতে দোকানৰ মালিক হৰিপদ (ৰোলটো কৰিব হেমন্ত কাকতিয়ে) দোকানলৈ সোমাই আহিব৷ লগে লগেই বীৰুৱে মীনাৰ হাতখন এৰি দিব আৰু অলপ পিছুৱাই আহিব৷

হৰিপদ‌ :  এইবোৰ কি হৈ আছে বীৰু ?

বীৰু : একো হোৱা নাই৷ মই মাত্ৰ মিনাক গাধোৱা চাবোনটোহে দি আছিলোঁ৷

হৰিপদ : বোপাই এইটো গাধোৱা চাবোন নহয়৷ বাচন ধোৱাহে৷

মীনা : (আচৰিত হৈ) কি? আপুনি মোৰ বয়সৰ?

বীৰুৱে খুক খুকাই হাঁহে। হৰিপদে টেলেকা কৈ চায়।

হৰিপদে মীনাৰ হাতৰ পৰা চাবোন টুকুৰা লৈ আন এটা চাবোন দিয়ে৷

হৰিপদ :  লোৱা মীনা আৰু যেতিয়া মই দোকানত থাকোঁ তেতিয়াহে দোকানলৈ আহিবা দেই৷ নহ’লে এই বীৰুৱে তোমাক কিবা উল্টাপুল্টা বস্তু দি পঠাই দিব৷

মীনা : ঠিক আছে খুড়া৷ এতিয়া আহিছোঁ বাৰু৷ 

হৰিপদ :  অহ! খুড়া বুলি কিয় মাতা মোক৷ মই প্ৰায় তোমাৰ বয়সৰেই৷ মাত্ৰ মূৰত চুলি অকমান কম৷ চুলি কেইডালেই গদ্দাৰি কৰিলে মোক কিন্তু বাকী পাৰ্টচবোৰ পূৰা ঠিকে আছে৷ আৰু ৰ’বা বস্তুৰ পইচা ক’ত?

মীনা : এই বীৰুৱেচোন পইচা নিদিলেও হ’ব বুলি কৈছে৷

হৰিপদ :  নহয় ভণ্টী পইচাটো লাগিবই ন? নহ’লে দোকান কেনেকৈ চলিব? ( মুখৰ ভিতৰতে ভোৰভোৰাই- খুড়া বুলি ক’বলৈ আহে)

মীনাই পইচাটো দি দোকানৰ পৰা ওলাই যায়৷ যাওঁতে বীৰুৰ ফালে চাই সুন্দৰকৈ মিচিকিয়াই যায়৷

হৰিপদ : ( বীৰুৰ ফালে চাই) এইখন তোৰ বাপেৰৰ দোকান নেকি, সবকে যে ফ্ৰিটে বস্তু দিবলৈ আহিছা? বস্তু এটা বেছিব নোৱাৰ গ্ৰাহকক। থকা বস্তুটো নোহোৱা বুলি কৱ। আৰু মোৰ দোকানৰ বস্তু বেয়া বুলি কয় কিয় বুজিলোঁ? বাচন ধোৱা চাবোন দিছ যেনেকে মীনাক আৰু বা কাক কি দিছ? ইচ…ইচ..বেচৰীৰ গোলাপী গাল আজি মূগা বৰণীয়া হ’লহেঁতেন! 

বীৰু : ক’তনো সবকে দিছোঁ? অকল মিনাকহে দিছোঁ৷

হৰিপদে খঙতে বীৰুক মাৰিবলৈ খেদি থকা দেখা যাব৷ নেপথ্যত আন দোকানৰ পৰা ভাঁহি অহা কাটা লাগা গানটো বাজি থাকিব৷

২য় দৃশ্যঃ

কেমেৰাত নৰ্মদা গাৰ্লচ হোষ্টেলৰ সন্মুখ ভাগ দেখা যাব৷ এখন মটৰ চাইকেলৰ ওপৰত  ৰাতুলে বহি কাৰোবাৰ বাবে অপেক্ষা কৰি থকা দেখা যাব৷ ( ৰোলটো কৰিব দিব্যজ্যোতি কলিতাই ) পিন্ধনত জিন্স পেণ্ট, টি চাৰ্ট, ভৰিত ৰঙা আৰু নীলা ৰঙৰ দুপাট জোতা৷ চকুত চান গ্লাছ৷ 

লাহে লাহে কেমেৰাই হোষ্টেলৰ বাৰাণ্ডাত দুজনী ছোৱালীক কথাপাতি থকা দেখুৱাব৷

মৌচুমীঃ ( ৰোলটো কৰিব শ্ৰুতিমালা মিশ্ৰয়ে)

(চিনিয়ৰ ৰূমমেট তৰালীক উদ্দেশ্যি) 

তৰালী বা মই অলপ ওলাই যাওঁ দেই৷ আহোঁতে অলপ পলম হ’ব পাৰে৷

তৰালীঃ ( ৰোলটো কৰিব ৰাজশ্ৰী শৰ্মাই) ৰ’বাচোন৷ ক’ত যোৱা সদায় সদায়? সেই ফাল্টু ল’ৰাটোৰ লগত তুমি অলপ বেছিকৈ ঘূৰামেলা কৰিব ধৰিছা দেই৷ ল’ৰাটো ভাল নহয়৷ তুমি জানানে বাৰু?

মৌচুমী : বা কিয় ইমান বেয়াকৈ কৈছা৷ ৰাতুল দা  বহুত ভাল ল’ৰা৷ তুমি লগপোৱা নাই বাবে তেনেকৈ ভাবিছা৷ তোমাক লগ কৰাই দিম ৰ’বা৷

তৰালীঃ নালাগে হে! সেই চিখৰ ৰজনী মাষ্টৰক লগ কৰাই দিব নালাগে৷  চিখৰ ৰজনী খাই খাই ক’লা পৰি যোৱা দাঁতকেইটা দেখিলেই মোৰ কিবা লাগে৷ 

মৌচুমী : তোমাৰ কোনো বয়ফ্ৰেণ্ড নাইতো সেয়ে জ্বলন হৈছে তোমাৰ৷

তৰালী : সৰু ভণ্টী বুলি ভাবোঁ কাৰণেই সকিয়াই দিছোঁ৷ বাকী তোমাৰ কথা৷ 

(মৌচুমীয়ে উচাৎ মাৰি তাৰ পৰা গুচি আহে)

ৰাতুলঃ  কি হ’ল,  ইমান দেৰি কৰিলা যে? সেই বগলীটোৰ লগত  কিহৰনো ইমান লেকচাৰ দি আছিলা?

মৌচুমী : তুমি চিনি পোৱা তাইক?

ৰাতুল : ধুই, এনেকুৱা ছোৱালীক  

পাত্তাই নিদিওঁ৷

মৌচুমী : ভালেই কৰিছা৷ তোমাৰ বিষয়ে যিমান বেয়া বেয়াকৈ কৈছে৷ তোমাৰ হেনো দাঁতকেইটা চিখৰ-ৰজনী খাই খাই ক’লা পৰি গৈছে৷

ৰাতুল : ক’ব দিয়াহে৷ হাতী দেখিলে কুকুৰে ভেউভেউ কৰেই৷ অমিতাভ বচ্চন, শ্বাহৰূখ খান, অজয় দেৱগণ আদিৰ দৰে ডাঙৰ মানুহবোৰেহে এইবোৰ খায়৷ এইবোৰ খাবলৈ পকেটত পইচা লাগিব৷ বাদ দিয়া এইবোৰ৷  এনেকুৱা অদৰকাৰী কথাত মাথা মাৰি লাভ নাই৷ ব’লা দীঘলী পুখুৰীৰ পাৰ্কত অলপ বহোঁগৈ৷

(মৌচুমীয়ে ৰাতুলৰ বাইকত বহি ল’ব৷ কেমেৰাত বাইকখন দীঘলীপুখুৰীৰ ফালে গৈ থকা দেখুৱাব৷)

দীঘলী পুখুৰীৰ বেঞ্চত বহি থকা ল’ৰা-ছোৱালী দেখা যাব৷ এখনো বেঞ্চ খালি নথকাত মৌচুমী আৰু ৰাতুল গছ এডালৰ আঁৰ লৈ মাটিতে বহিব৷

ৰাতুল :  এই ল’ৰা-ছোৱালীবোৰৰ কাম নাই আৰু৷ এনেকে পাৰ্কত বহি থাকে নেকি? দেখিছানে এখনো বেঞ্চ খালি নাই৷

মৌচুমী : ফাল্টু ছোৱালী এইবোৰ৷ গাঁৱৰ পৰা আহি চহৰ পাই এনেদৰে টিঘিল ঘিলাই থাকে৷ বাদ দিয়া নাচাবা সিহঁতৰ ফালে৷

(প্ৰসংগ সলনি কৰি) বাৰু আমাৰ বিয়াৰ কথা কি ভাবিছা? এনেকৈ আৰু কিমান মনে মনে ঘূৰি ফুৰিম৷ গতিকে সোনকালেই বিয়াখন পাতিব লাগে৷

ৰাতুল : অঁ, ময়ো ভাবিছোঁ কথাটো৷ আচ্ছা তোমাৰ হাতত পইচা আছেনে?

মৌচুমীঃ অঁ আছে ৷ ৫০০-৬০০ মান হ’ব৷

ৰাতুল : (হাঁহি মাৰি) ধেই কি হ’ব সেই পইচাৰে৷ বিয়া পাতিবলৈ কমচেকম ৫-৬ লাখ মান টকা লাগিব৷ 

মৌচুমী :  অস! ইমান পইচাটো নাই৷ কি কৰা যাব বাৰু এতিয়া৷

ৰাতুল :  কিবা এটা কৰিব লাগিব৷ আচ্ছা তোমালোকৰ সোণৰ আ-অলংকাৰ নাই জানো?

মৌচুমী : আছে আছে বহুত আছে৷ মাৰ মৃত্যুৰ পিছত সেইবোৰো এনেই পৰি আছে৷ দাদাৰ বিয়াৰ বাবে যোগাৰ কৰা আছে আৰু মোৰখিনিও মিলাই ১৫-২০ টোলামান হ’ব৷ গোটেইখিনি ময়েই বেংকৰ লকাৰত ৰাখিছোঁ৷ এডাল নে দুডাল চেইন হে ঘৰত ৰাখিছোঁ৷

ৰাতুল : বঢ়িয়া৷ আমাৰ বিয়াৰ বাবে সেইখিনি যথেষ্ট৷  মই যেতিয়াই বিছাৰোঁ তুমি মোক দি দিবা৷ মই অতি সোনকালেই কিবা এটা ভাল ব্যৱস্থা কৰিম৷ তাৰপিছত আমাৰ বিয়াখন পাতি ল’ম৷

মৌচুমীয়ে আৱেগিক হৈ ৰাতুলৰ হাত এখনত খামোচ মাৰি ধৰিব৷

কেমেৰাত ওখ গছ এডালত এহাল চৰায়ে ইটোৱে সিটোৰ ওচৰ চাপি অহা দেখুৱাব৷

৩য় দৃশ্যঃ

মিনাৰ ঘৰ৷ কেমেৰাই সিহঁতৰ ড্ৰয়িংৰূম দেখুৱাব৷  ফেনবোৰ বিজুলী নাই বাবে বন্ধ থাকিব৷

কোঠাত বিকাশ ( ৰোলটো কৰিব যোগেশ ভট্টাচাৰ্যই) আৰু বিকাশৰ মাক ( ৰোলটো কৰিব কমলা দাসে) চকীত বহি থকা দেখুৱাব।

ওচৰৰে আন এখন চকীত মিনাৰ মাক ( ৰোলটো কৰিব প্ৰণীতা গোস্বামী বৰঠাকুৰে ) বহি থকা দেখুৱাব৷

কাষত ঘটক ছক্ৰৱৰ্তী (তবিবৰ ৰহমান) বহি থাকে। তেওঁ টপাটপ ৰসগোল্লা গিলি দিয়ে। ডাঙৰ গজাটো বিকাশৰ মাকে ল’ব খোজাত তেওঁ আগতে থাপ মাৰি আনে আৰু বিকাশৰ মাকে মুখখন বেঁকা কৰি দিয়ে।

মিনাৰ মাক : আজিহে বিজুলী যাব লাগেনে? ইপিনে গৰমো ইমান পৰিছে৷ এই অক্টোবৰ মাহতো ইমান গৰম পৰাৰ কথা আগতে মনতেই নপৰে৷

বিকাশৰ মা : হয় দেই ঠিক কথা কৈছে৷ গৰমৰ উৎপাতত এইবাৰ কোনোফালে পূজাও চোৱা নহ’ল৷

সেই সময়তেই মিনাই চাহ লৈ ৰূমলৈ সোমাই আহিব৷ সকলোকে চাহ নাষ্টা খাবলৈ দি মিনা ওচৰতে থিয় হৈ থাকিব৷

বিকাশৰ মা : (চাহত চুমুক দি) বাঃ মিনা বৰ সুন্দৰ চাহ বনাইছা৷

মিনাৰ মা : আমাৰ মিনাৰ বহুতো গুণ আছে৷ তাই সব কামেই বৰ নিয়াৰিকৈ কৰিব পাৰে৷

বিকাশৰ মা : আমাৰ বিকাশো বহুত টেলেণ্টেড৷ তাৰ কামবোৰো বৰ পৰিপাটি৷ কিবা এটা কামত ধৰিলে সেইটো শেষ কৰিহে অইন কামত ধৰে৷ আকৌ বৰ সুন্দৰ গীতো গাব জানে৷ গীটাৰো বৰ ভাল বজায়৷ ৰ’ব, মই তাক এটা বঢ়িয়া গীত গাই শুনাবলৈ দিওঁ৷ 

(বিকাশক উদ্দেশ্যি) বাবা এটা গীত গাই শুনোৱাচোন৷

বিকাশ : নালাগে মা৷ 

মিনাৰ মা : একো নহয় দিয়া৷ গোৱাচোন৷

বিকাশ : (খুউব জোৰকৈ চিঞৰি) হাম বনে তুম বনে এক দুজে কে লিয়ে…..

মিনাৰ মা : হ’ব হ’ব বোপাই৷ নালাগে আৰু৷ নহ’লে ওচৰৰে গৰু, ম’হ, হাঁহ, ছাগলী  সব আহি ওচৰ পাবহি তোমাৰ গীত শুনিবলৈ৷ এনেয়ে ইমান গৰম, নালাগে দিয়া আৰু শুনাবলে৷

এনেতে কাৰেণ্ট আহে আৰু খুউব জোৰকৈ কোঠাৰ ফেনখন ঘূৰিবলৈ ধৰে৷ বতাহত বিকাশৰ উইগ উৰি গৈ কোঠাৰ কোন এটাত পৰে৷ মিনা আৰু মাকে আশ্চৰ্যৰে বিকাশৰ মূৰটোৰ ফালে চাই থাকে৷

কেমেৰাত  বিকাশে খুলি পৰা উইগটোকেই বিচনী বনাই নিজকে বা লগাই মিনাহঁতৰ ঘৰৰ পৰা ওলাই আহি থকা দেখা যাব আৰু পিছে পিছে তাৰ মাকক৷

চক্ৰৱৰ্তীয়ে মীনাৰ মাকক কমিচন খোজে। মীনাৰ মাকে গালি পাৰি পঠাই দিয়ে।

বিকাশৰ মা : ( খঙেৰে) তোৰ ভুলৰ বাবেই এইজনী কইনাও নহ’ল৷ আগৰবোৰৰ পৰা অলপ শিক্ষা নল’লি৷ তোৰ বাবে আৰু ছোৱালী মই বিছাৰিব নোৱাৰোঁ৷ কণাই খোড়াই যাকে চপাই ল ল’বি৷

বিকাশ : মা মানুহক ঠগিব নাপায়৷ ভালেই হৈছে সিহঁতে মোৰ টকলা মাথাটো দেখিছে৷ নহ’লে আজিকালি যে কিছুমান বুঢ়াইও চুলি গোফত ৰং সানি বগা চুলি কেইডাল ক’লা কৰি ডেকাৰ ভাও দিয়ে সেইটো মই বৰ বেয়া পাওঁ৷

বিকাশৰ মা : হুহ কথা ক’বলৈ আহিছে৷

এনেতে চক্ৰৱৰ্তী দৌৰি আহি লগ ধৰে তেওঁলোকক।

চক্ৰৱৰ্তী : বাইদেউ মোৰ কমিচন?

মাক : কিহৰ ঐ?

চক্ৰৱৰ্তী : কইনা চাই দিয়াৰ। 

মাক : বিয়া হ’ল জানো? মোৰ ল’ৰাৰ মূৰত কেইডালমান চুলি কম দেখি ছোৱালীয়ে না ক’লে। বেটি অপেশ্বৰী। কিহৰ কমিচন দিমহে। উল্টা আমি যে মিঠাই সোপা আনিলোঁ, গাড়ী ভাৰা কৰি আহিছোঁ তাৰে পইচা দিয়ক আপুনি।

চক্ৰৱৰ্তীয়ে ভেবা লাগি চাই থাকে।

৪ ৰ্থ দৃশ্যঃ

মীনাৰ ঘৰ দেখুৱাব। বিচনাত মীনাই মুখ ফুলাই বহি থাকিব।

মিনা‌ : মা তুমিও আৰু ল’ৰা নাপালা? এই টকলাটোক হে বিছাৰি পালানে?

মিনাৰ মা : মই নাজানিছিলোঁ অ’ এইবোৰ৷ ভালেই হ’ল দে সি  নকলী চুলি লগায় বুলি যে আগতে গম পালোঁ৷

মিনা : মা কথা এটা কওঁ৷

মাক : কোৱা৷

মিনা : মই বেলেগ ল’ৰা এটা পচন্দ কৰিছোঁ৷ সেই যে হৰি দোকানী…….

মাক : হে ভগৱান কি কথা ক’ব আহিছা৷ সেই দেউতাৰৰ বয়সৰ মানুহজনৰ লগত বিয়া হোৱাৰ কথা ভাবিছা৷

মিনা : ৰ’বাচোন৷ মোক কথাখিনি শেষ কৰিবলৈ দিয়া৷ দোকানত কাম কৰা  বীৰু দাৰ কথা কৈছোঁ৷

মা : কি কথা কৈছ তই৷ সেই ক’লা বান্দৰটোৰ লগত বিয়াত বহিবি৷ তই ৰূপে গুণে দেৱী৷ তোৰ লগত সেই কেৰ্কেটুৱাটো মিলিবনে?

মীনাই তলমুৱাকৈ থকা দেখা যাব৷ এনেতে মীনাৰ ফোনটো ৰিং হ’ব৷ তাই দৌৰ মাৰি গৈ ফোনটো ৰিচিভ কৰিব৷

বীৰু : (ফোনত) কি খৱৰ মীনা? কি কৰি আছা?

মীনা : (অলপ থোকাথুকি মাতেৰে) আছোঁ৷ ভালেই আছোঁ৷

বীৰু :  খোৱালোৱা কৰিলা?

মীনা : উম

বীৰু :  কি হৈছে? কথাবোৰ ভালদৰে কোৱা নাই কিয়?  আমাৰ বিয়াৰ কথা তোমাৰ মাৰাই মানিলেনে?

মীনা : নাই৷ মায়ে চিধাই আপত্তি কৰিছে৷ কোনো পধ্যেই মোক তোমালৈ নিদিয়ে হেনো৷ এতিয়া কি হ’ব আমাৰ?

বীৰু : চোৱা এতিয়াও আমাৰ হাতত সময় আছে৷ আমি সুবিধা বুজি এদিন পলাই যাম৷  যোৰহাটত বন্ধু এজন আছে মোৰ৷ আমি কেইদিনমান তাৰ ঘৰত থাকিম আৰু তাৰ পিছত ময়ো কিবা কাম কৰি আন ক’ৰবাত ভাড়াঘৰ লৈ ল’ম৷

মীনা : (উৎসাহেৰে) সঁচা! মোক কোৱানা কেতিয়া পলুৱাই নিবা? সঁচা কথা কওঁ সৰুৰে পৰা মোৰ কাৰোবাৰ লগত পলাই গৈ বিয়া হোৱাৰ মোৰ এটা সপোন আছিল৷

বীৰু : আৰে বাঃ! তেতিয়াহ’লে তোমাৰ সপোনো পূৰণ হৈ যাব৷ পিচে আমি এতিয়াই পলাই নাযাওঁ৷ দুদিনমান পিছত সুযোগ সুবিধা বুজি তোমাক পলুৱাই নিম৷

মিনাই ফোনটো বিছনাত দলি মাৰি দি এপাক নাচিব। আনফালে বীৰুৱে হেল্ল হেল্ল কৈ চিঞৰি থাকিব। কেমেৰাত দেখা যাব৷ নেপথ্যত বিয়ানাম বাজিব৷

 ৫ম দৃশ্যঃ

দুপৰীয়াৰ সময়৷ কেমেৰাত দেখা যাব হৰিপদে মবাইলত ফেচবুক, ৱাটছ এপ চাই আছে৷ পিন্ধনত ধূতি আৰু গেঞ্জী৷ আৰু বীৰুই ঘৰটোত ঝাৰু মাৰি আছে৷ এনেতে ঘৰৰ কলিং বেলটো বাজি উঠে৷

হৰিপদ : যোৱা দৰ্জাখন খুলি কোন আহিছে চোৱা৷

বীৰু :  আৰে দেখা নাই নেকি মই যে ৰূমটোত ঝাৰু লগাই আছোঁ৷

পুনৰ বেলটো বাজি উঠে।

হৰিপদ : ঐ এলেহুৱা! এই বুঢ়াকালত আৰু মই কিমান কাম কৰিব লাগিব?

(হৰিপদে গৈ দৰ্জাখন খোলে৷)

ঢৌ খেলোৱা চুলি, চকুত ৰেইবনৰ গগলছ, ওঁঠত ডাঠ ৰঙা লিপচটিকৰ চেডৰে সৈতে জীন্স-টপ পৰিহিত  আগন্তুকক(ৰজী) দেখিয়েই হৰিপদৰ মেলা মুখ মেল খায়েই থাকে৷ দিঠক নে সপোন ধৰিব নোৱাৰি নিজৰ হাততেই জোৰে চিকুটি দিয়ে৷ কোঠাৰ ভিতৰৰ পৰা বীৰুৰো চকু সুন্দৰীজনীৰ ওপৰত পৰে৷ তাৰো মুখখন মেল খাই যায়৷

ৰজী :  নমস্কাৰ ছাৰ।

সুন্দৰী ৰমণীৰ মুখত ছাৰ বুলি শুনি হৰিপদৰ মুখখন উজলি উঠে৷ জীৱনত প্ৰথমবাৰৰ বাবে কোনোবাই ছাৰ বুলি মাতিছে৷ ৱাহ ইমান মিঠাকৈ মাতিছে। প্ৰথম বাৰতেই যেন লটাৰীৰ জেকপট লাগিছে৷

হৰিপদ : মই আপোনাক ভালকৈ চিনিব পৰা নাই৷ বাৰু কি সহায় কৰিব পাৰোঁ কওকচোন৷

ৰজী :  মোৰ নাম ৰ’জী৷ মই অলপ আগতেই আপোনাৰ ঘৰৰ ওচৰৰ ঘৰ এটাত ভাৰাতীয়া হিচাপে থাকিবলৈ আহিছোঁ৷ ঘৰটোত অলপ চাফচিকুণৰ কাম চলি আছে, গতিকে অলপ সময় মই আপোনাৰ ঘৰত থাকিব পাৰোঁনেকি?

বীৰু : (ভিতৰৰ পৰা দৌৰি আহি)  আৰে অলপ সময় কিয়? নিশ্চয় পাৰে। আহক আহক ভিতৰলৈ সোমাই আহক৷ 

ৰ’জী ভিতৰলৈ সোমাই আহে আৰু বীৰুৰ ফালে ইংগিত দি হৰিপদক সোধে

ৰজী : কোন হয় এইজন?

হৰিপদ : ঐ যা পাকঘৰলৈ৷ মেডামৰ কাৰণে এক কাপ ধুনীয়া কফি বনাই লৈ আহ৷

বীৰু  খঙেৰে পাকঘৰলৈ সোমাই যায়৷

দীঘলকৈ উশাহ এটা টানি ৰজী চোফাত বহি পৰে৷ 

ৰজী : উফ ইমান গৰম লাগিছে৷ (ওপৰৰ চিলিং ফেনখনৰ ফালে চাই) অস ফেনখন ইমান লাহে লাহে ঘূৰিছে, অকণো বতাহ গাত লগা নাই৷ বাৰু হ’ব ছাৰ কোনো কথা নাই মই এডজাষ্ট কৰি ল’ম৷

ৰজীয়ে চোফাখনতে মূৰটো পেলাই চকুকেইটা মুদি দিয়ে৷ হৰিপদে এখন গামোছাৰে ৰজীক  বা দি  থাকে৷ সেই সময়তে বীৰুৱেও কফি কাপ লৈ ৰূমলৈ সোমাই আহে৷ চোফাত মূৰটো আউজাই নাক বজাই শুই থকা ৰজীক দেখি সিয়ো একেবাৰে ওচৰলৈকে আহি ৰজীৰ  মুখখনৰ ফালে চাই থাকে৷

ৰজীয়ে কিছুক্ষণ পিছতেই লাহেকৈ চকুদুটা মেলে আৰু হৰিপদ আৰু বীৰুক তেনেকৈ দেখি জোৰকৈ চিঞৰি দিয়ে৷ ৰজীৰ চিঞৰত ভয় খাই বীৰুৰ  হাতৰ কফিৰ কাপ হৰিপদৰ ধূতিত চিটিকি পৰে৷

হৰিপদ : ঐ গাধ৷ কি কৰি দিলি৷ গোটেই কাপোৰ নষ্ট কৰি পেলালি৷ ছেঃ এতিয়া এই গোটেইবোৰ লগেলগেই চাফ কৰিব লাগিব৷ নহ’লে কাপোৰত দাগবোৰ লাগি ধৰিব৷ ( ৰজীৰ ফালে চাই) আপুনি নাযাব দেই প্লিজ৷ মই এইমাত্ৰ বাথৰূমৰ পৰা আহি আছোঁ৷

ৰজী : বাৰু ঠিক আছে৷

হৰিপদ বাথৰূমত সোমাই যায়৷

বীৰু : মেডাম, মই আপোনাৰ বাবে বেলেগ এককাপ কফি আনো নেকি?

ৰজী : নিশ্চয় ৷ কফি মোৰ বৰ প্ৰিয়৷

বীৰুৱে খুব তাৰাতাৰিকৈ আৰু একাপ কফী বনাই আনি ৰজীক দিয়ে৷

ৰজী : (কফিত সোহা মাৰি) ইত্চ এ বিউটিফুল কফি৷ গ্ৰেট টেষ্ট৷ বাৰু কি নাম তোমাৰ?

বীৰু :  আচল নাম বিৰেন্দ্ৰ কিন্তু মালিকে বীৰু বুলি মাতে৷

ৰজী : বাঃ বৰ সুন্দৰ নাম৷ বাৰু বীৰু কথা এটা সোধোঁ, তুমি মোৰ ঘৰত কাম কৰিবা নেকি? মই তোমাক ভাল দৰমহা দিম৷ সিমান বেছি নহয় বাৰু মাহত ২৫ হাজাৰকৈ দিম৷ হব’নে?

বীৰু: ২৫ হাজাৰ! হ’ব হ’ব৷

(মনতে ভোৰভোৰাই, ৰজীয়ে নুশুনাকৈ) 

চাল্লা এই মহাকৃপণ মালিকে ২৫ হাজাৰ ক’ত, ২৫ টকাও চাহ পান খাবলৈ নিদিয়ে৷ এতিয়া ইমানখিনি পইচা পালে মই অতি সোনকালেই মীনাৰ লগত বিয়া পাতিব পাৰিম৷

(আনন্দতে  বীৰুই জোৰেৰে চিঞৰি দিয়ে) ইয়া হু৷

ৰজী : (বীৰুৰ হঠাতে চিঞৰ শুনি) কি হ’ল?

বীৰু : নাই মেডাম একো হোৱা নাই৷ এনেই৷

ৰজী : বাৰু মই উঠোঁ৷ কাইলৈ ৰাতিপুৱা ৮ বজাত কামত আহি যাবা৷ মোৰ ঘৰটো সৌটো ( ৰজীয়ে দূৰৈৰ পৰা বীৰুক ঘৰটো দেখুৱাই দিয়ে৷)

বিৰু : হ’ব মেডাম৷

(ৰজী ৰূমৰ পৰা ওলাই যায়৷ খন্তেক পিছতেই হৰিপদ বাথৰূমৰ পৰা ওলাই আহি ৰজীক নেদেখি বীৰুক সোধে৷ )

হৰিপদ : ক’ত গ’ল মেডাম?

বীৰু : গ’ল তেওঁ ঘৰলৈ৷ কিন্তু মোক এটা অফাৰ দি গ’ল৷

হৰিপদ : অফাৰ? কি অফাৰ ?

হৰিপদে আচৰিত হৈ বীৰুৰ ফালে চাই থাকে৷

৬ ষ্ঠ দৃশ্যঃ


সময় ৰাতিপুৱা৷ কেমেৰাত  বীৰুৱে বেগ এখনত তাৰ  সৰুসুৰা কাপোৰ ভৰাই থকা দেখা যাব।

হৰিপদ : বীৰু কি কৰি আছা?

বীৰু : নতুন কামত গৈ আছোঁ৷ মই ভাল কাম এটা পাইছোঁ৷

হৰিপদ :  কি কামনো?

বীৰু : মেডামক বোলে কুক এজন লাগে৷ মাজে মাজে ঘৰ চাফাও কৰিব লাগিব।

হৰিপদ : (হাঁহি মাৰি) তাতকৈ নৌকৰৰ চাকৰি পোৱা বুলি নোকোৱা কিয়? তোৰ দৰে অলগৰ্ধ এটাক ইয়াতকৈ কি আৰু ভাল কাম দিব?

বীৰু : এনেকুৱা কাম ভাগ্যবানৰ কপালতহে আহে৷ জানেনে কাৰ ঘৰত কাম পাইছোঁ? কালি যে আমাৰ ঘৰত আহিছিল সেই মেডামৰ ঘৰত৷ 

(বীৰুৰ কথাশুনি হৰিপদৰ  মুখ মেলখাই যায়)

বীৰু :  মুখখন বন্ধ কৰক৷ নহ’লে মাখি সোমাই যাব৷

কেমৰাত  হৰিপদৰ কান্দোনমুৱা মুখখন ঝুম কৰি দেখুৱাব৷

হৰিপদ : চা বীৰু, তই মোৰ ঘৰ আৰু দোকানেই ভালদৰে চম্ভালিব পৰা হোৱা নাই৷  মেডামৰ ঘৰত তই এইবোৰ কাম ভালদৰে কৰিব নোৱাৰিবি৷ গতিকে তোৰ সলনি ময়েই ভাত ৰান্ধিবলৈ সাজু আছোঁ৷ মোৰ হাতৰ ৰন্ধা খাই মেডাম কিমান খুচ হৈ যাব জাননে? 

বীৰু : আপোনাকনো কিয় মেডামে কামত ৰাখিব? আৰু আপুনি এই বয়সত ছোৱালী ইমপ্ৰেচ কৰি লাভ নাই। তেওঁৰ দৰে মডাৰ্ণ ছোৱালীয়ে  নাচায়ো আপোনাক।

(মনেৰে ভাবে, বিয়া পাতিম ভাবোঁতে আধা বয়স গ’ল  আৰু এতিয়া প্ৰেমত পৰিবলৈ ওলাইছে ) 

হৰিপদ : বেটা তোৰ চকুৰ দৃষ্টিশক্তি   দূৰ্বল হৈছে৷ মই ক’তনো বুঢ়া হৈছোঁ৷ এতিয়াও মই চফল ডেকা৷

বীৰু : হয় নেকি? ঠিক আছে৷  তেতিয়াহ’লে আমি দুজনেই যাওঁ৷ মেডামে যাকেই পচন্দ কৰে তেৱেই তাত কাম কৰিব৷

হৰিপদ : ঠিক আছে তেতিয়াহ’লে৷

হৰিপদে তাৰাতাৰি জীন্স আৰু টি চাৰ্ট পিন্ধি সাজু হয়৷

কেমেৰাত সিহঁতক মেডাম ৰজীৰ ঘৰৰ ফালে গৈ থকা দেখুৱাব৷

৭ম দৃশ্যঃ


কেমেৰাই দূৰৈৰ পৰা এটা হালধীয়া ৰঙৰ আছাম টাইপৰ ঘৰ দেখুৱাব৷ লাহেলাহে কেমেৰা ঘৰটোৰ বাৰাণ্ডাত স্থিৰ হ’ব৷ বাৰণ্ডাত বীৰু আৰু হৰিপদক দেখা যাব৷

বীৰুৱে কলিং বেল বজাব৷ বেলৰ শব্দ শুনি ৰজী  টাৱেলৰে তিতি থকা চুলিকেইডাল মচি মচি ওলাই আহিব৷ ৰজীক দেখি হৰিপদে থৰ লাগি চাই থাকিব৷

বীৰু : মেডাম আজি মোক কাম কৰিবলৈ মাতিছিল৷

ৰজী : অহ ইয়েছ৷ কিন্তু আপোনালোক দুয়োজন কিয় আহিল?

হৰিপদ : আমি দুয়োৱে বহুদিন ধৰি এটা ভাল কাম বিচাৰি আছিলোঁ৷ আজিলৈকে পোৱা নাছিলোঁ৷ কিন্তু এতিয়া পাই গলোঁ৷ সেয়ে আমি দুয়োজনে লগ হয় আপোনাৰ ঘৰত কাম কৰিম৷

ৰজী : নাই ছাৰ আপুনি নালাগে নেকি?

হৰিপদ : নাই নাই একো নহয়৷ কিমান ভাগ্যৰ বলত আপোনাৰ দৰে মানুহৰ ঘৰত কাম কৰাৰ সুবিধা পাইছোঁ৷ কিয় নকৰিম৷

ৰজী : (মিচিকিয়াই হাঁহি)  কি কাম কৰিবনো? নালাগে দিয়ক আপুনি একো কাম কৰিব। মাজে মাজে আহি মোৰ খবৰকে ল’ব। মোৰ লগত বহি কথাকে পাতিব। 

হৰিপদ : সঁচানে? মই মাজে মাজে নহয় সদায়ে এপাক খবৰ ল’ম।

ৰ’জী : মই বৰ অকলশৰীয়া জানেনে? কোনো নাই মোৰ খবৰ লওঁতা।

হৰিপদ : চিন্তা নকৰিব! মই আছোঁ নহয়।  

(কাষলৈ যাব খোজে। বীৰুৱে গল খেকাৰি দিয়াত ৰৈ যায়। )

 ৰজী :  বাৰু৷ এতিয়া তেতিয়াহ’লে ঘৰটো ভালদৰে ঝাৰু মাৰি চাফা কৰা বীৰু। তাৰপিছত ভাত বনাবা। আজি ছাৰেও মোৰ তাত ভাত খাব। দুপৰীয়া আহিব খোৱাৰ সময়ত ছাৰ। মই অলপ কাম  কৰোঁ অফিচৰ। বীৰু কিবা অসুবিধা হ’লে মাতিবা।

হৰিপদ : আপুনি চিন্তাই নকৰিব৷ ই আপোনাৰ ঘৰ একদম চকচকা কৰি দিব৷

৮ম দৃশ্যঃ


সন্ধিয়া সময়৷ নৰ্মদা গাৰ্লচ হোষ্টেল৷ কেমেৰাত মৌচুমীয়ে তৰালীক সাৱটি কান্দি থকা দেখা যাব৷ লাহে লাহে কেমৰা ঝুম কৰি মৌচুমীৰ চকুৰ পানী নাকৰ পানী একেকাৰ কৰি কান্দি থকা মুখখন দেখাব৷ 

মৌচুমী :  এতিয়া কি হ’ব মোৰ? মোক শেষ কৰি পেলালে৷

তৰালী : কি হৈছে ভালকৈ বুজাই কোৱাচোন৷ 

মৌচুমী : বাইদেউ আপুনি ঠিক কথাই কৈছিল৷ সি একদম বেয়া ল’ৰা৷ মোক বৰ বেয়াকৈ ঠগিলে৷ সি মোক বিয়া কৰাম বুলি মিছাকৈ প্ৰতিশ্ৰুতি দি গোটেই সোণৰ আ-অলংকাৰবোৰ হস্তগত কৰিলে৷ সোণখিনি পোৱাৰ পাছত আজি তিনি দিন ধৰি সি মোক লগো দিয়া নাই আৰু ফোন কৰিলেও ফোনটো চুইট্চ অফ দেখায়৷

তৰালী : (আচৰিত হৈ) কেনেকৈ পালে সোণৰূপবোৰ?

মৌচুমী :  বাইদেউ মোৰেই  ভুল৷ আমাৰ ঘৰৰ সোণৰূপবোৰ বেংকৰ লকাৰত ময়েই ৰাখিছিলোঁ৷ সি মোক চলাহী কথাৰে আভুৱা ভৰি গোটেইসোপাকে হস্তগত কৰিলে৷ এতিয়া কি হ’ব মোৰ? দাদাই মোক মাৰি পেলাব!

তৰালী : তোমাক কৈছিলোঁনে  সেই লম্পটটোৰ পাল্লাত নপৰিবলৈ৷ কিন্তু মোৰ কথা শুনিলা জানো? বাৰু বাদ দিয়া এইবোৰ৷ দাদাক সময় সুবিধা বুজি ময়েই কথাবোৰ ক’ম বাৰু৷ পিচে আমাৰ এতিয়া কাম হ’ল সেই লম্পটটোক উচিত শাস্তি দিয়া৷ ব’লা থানালৈ যাওঁ৷

মৌচুমী :  নালাগে বাইদেউ৷ এতিয়া মই অকল অলংকাৰখিনিহে হেৰাইছোঁ৷ কিন্তু থানালৈ গ’লে মোৰ সন্মানো হেৰুৱাম৷ নিউজ চেনেলবোৰে অন্য ধৰণে বাতৰিবোৰ প্ৰচাৰ কৰিব৷ আৰু দেউতাই গম পালে মোক খেদি দিব ঘৰৰ পৰা আৰু মোৰ ইচ্ছাৰ বিৰুদ্ধে বিয়া দিব।সেয়ে নালাগে বাইদেউ আপোনাৰ বাদে অইন কোনোৱে ব্যক্তিয়ে নাজানে৷ 

তৰালী : ( হুমনিয়াহ কাঢ়ি) তুমি ঠিক কথাই কৈছা৷ নাযাওঁ বাৰু থানালৈ৷ কিন্তু তুমি প্ৰতিজ্ঞা কৰা যাতে পঢ়িশুনি এজন ডাঙৰ পুলিচ অফিচাৰ হৈ এই তেজপিয়াবোৰক উচিৎ শাস্তি দিয়া৷

মৌচুমীয়ে কান্দি কান্দি তৰালীক পুনৰ সাৱটি ধৰা দেখা যাব৷

৯ম দৃশ্যঃ


সময় প্ৰায় আবেলি তিনি মান বাজিছে৷ বাহিৰত মুষুলধাৰ বৰষুণ৷ হৰিপদে নতুন জীন্স আৰু টি চাৰ্ট  এটা পিন্ধি বাৰে বাৰে আইনাখনত নিজকে চাইছে৷ পিন্ধনত টাইট জিন্স, ৰঙা টি চাৰ্ট, ভৰিত স্পোৰ্ট শ্বু, চকুত গগলচ। চুলি কেইডালত চকু পৰাত হঠাতে কিবা এটা যেন মনত পৰিল৷ ড্ৰয়াৰৰ পৰা ক’লা ৰঙৰ কাউবয় টুপী পিন্ধি লয়।  সন্তুষ্টিৰ হাঁহি এটা গোফৰ ফাকেৰে ওলাই আহিল৷ পুনৰ বাহিৰৰ বৰষুণ জাম দেখি মুখখন কোচ খাই যোৱা দেখা গ’ল৷ কেমেৰাত  হৰিপদক বিৰক্তিকৰ মুখখনৰ লগতে ৰূমতেই পায়চাৰি কৰি থকা দেখুৱাব৷ হঠাতেই সিদিনা দোকানত ৰজীয়ে কোৱা কথাখিনি মনত পৰে। প্ৰেমে মানুহৰ যৌৱন ধৰি ৰখা কেপচুল। যৌৱনক চিৰস্থায়ী কৰি ধৰি ৰাখিবলৈ আৰু ডেকা হৈ থাকিবলৈ প্ৰেম কৰিব লাগে৷ 

হৰিপদ : তাৰমানে ৰজীয়ে মোৰ প্ৰেমত পৰা নাইতো? মোক আওপাকে তাইৰ প্ৰেমত পৰিব কোৱা নাইতো? কিয় নপৰিব বাৰু? মইতো হৃত্বিক ৰোশ্বনতকৈ কম নহয় কোনোগুণে?

ফোন লগায় ৰজীক।

ৰজী : হয় ছাৰ৷ কওকচোন আপোনাক কেনেকৈ সহায় কৰিব পাৰোঁ?

হৰিপদ : ( অলপ লাজ লাজ কৈ) ছাৰনো কিয় মাতা? হৰিদা বুলি ক’বা আকৌ? তোমাক কিবা এটা ক’ব খোজোঁ?

ৰজী : কওক।

 হৰিপদ : মই এজনী সুন্দৰী গাভৰুৰ প্ৰেমতো পৰিছোঁ৷ তাইক বিয়া পাতিম বুলি ভাবিছোঁ৷ সেয়ে তোমাৰ সহায় বিছাৰিছোঁ৷

ৰজী : কি? (ৰজীৰ মাতটো কন্দাৰ দৰে হয়)

কেমেৰাত হৰিপদে  সন্তুষ্টিৰ হাঁহি এটা মৰা দেখা যাব৷

হৰিপদ : জ্বলিছে?

(হৰিপদ কল্পনাৰ সাগৰত বুৰ যাব৷)

ৰজীক ধুনীয়া ফুলনি এখনৰ মাজত দেখা যাব৷ হৰিপদে দূৰৈৰ পৰা ৰজী আই লাভ ইউ বুলি, আই লাভ ইউ বুলি দৌৰি দৌৰি আগবাঢ়িব৷ সিফালৰ পৰা ৰ’জীয়ে    দৌৰি আহিব  ‘হৰি দা….হৰি দা’….বুলি।

দুয়ো  জঁপিয়াই জঁপিয়াই  “কহো না প্যাৰ হে” গানটো গাই সাগৰৰ পাৰত নাচিব।

(এনেতে ঘৰৰ কলিং বেলটো বাজিব৷ হৰিপদৰ কল্পনাতো য’তি  পৰিব৷)

দুৱাৰখন খুলিয়েই ৰজীক দেখি তেওঁ আচৰিত হৈ পৰিব৷)

হৰিপদ : তুমি…? (একথৰে ৰজীৰ মুখলৈ চাই)

ৰজী : হয় ছাৰ৷ 

(হৰিপদে ভিতৰলৈ নমতা দেখি পুনৰ ৰজীয়ে ক’ব)

ৰজী :  ভিতৰলৈ ব’লক ছাৰ নহ’লে ইয়াতেই তিতিবুৰি শেষ হ’ম৷ ইমান জোৰে বৰষুণ দি আছে৷

(কথাশুনি হৰিপদৰ সম্বিত ঘূৰি আহিব)

হৰিপদ‌ : আহা আহা সোমাই আহা৷ বহা৷

(ৰজী চোফাখনত বহি পৰিব)

ৰজী : ছাৰক আজি বৰ ধুনীয়া লাগিছে৷ কোনোবাফালে প্ৰগ্ৰাম আছে নেকি চাৰ?

হৰিপদ : অ’ হে , আমাৰ ফেচবুকীয়া ভাস্কৰ গ্ৰুপৰ অনুষ্ঠান এটা আছিল৷ পিচে যি বৰষুণ যাব নোৱাৰিম যেনেই পাইছোঁ৷

ৰজী : বাৰু ছাৰ

হৰিপদ : আকৌ ছাৰ?

ৰজী : চৰী। মই আপোনাৰ বাবে নিজ হাতেৰে হোটেলৰ পৰা খানা অৰ্দাৰ কৰি আনিছোঁ। আজি মই নিজ হাতেৰে খুৱাম।

(ৰজীয়ে বেগৰ পৰা খোৱা বস্তু  উলিয়ায়)

হৰিপদ : বাঃ। তুমি নিজ হাতেৰে দাঙি অনা টিফিনৰ খাদ্য বহুত সোৱাদ হ’ব। থালত বাঢ়া।

ৰজীয়ে থালত দিয়ে আৰু এচামুচ হৰিক খুৱাইও দিয়ে।

হৰি : আৰু নাখাওঁ। পেটত জাগা নাই।

ৰজী : ছাৰ, মাত্ৰ দুচামুচ।

হৰিপদ : সঁচ্চা৷

ৰজী : হয় 

হৰিপদ : কিন্তু মোৰ সঁচাকৈয়ে নিজকে পচিশ বছৰীয়া লাগিছে।

ৰজী : আপুনি বিবাহিত নহয় নেকি?

হৰিপদ : নাই নাই।  মানে আজিলৈ মই মনে বিচৰাজনী পোৱাই নাই। জানো ভগৱানে কিমান দিন অকলে ৰাখে মোক? মোৰ যে মনৰ কথা পাতিবলৈ কোনো নাই জানা?

বীৰুৱে শুনি হাঁহে।

ৰজী : অহ! চ চেড৷ দুখ নকৰিব।কোনো টেনচন নল’ব৷ মই আছোঁ আপোনাৰ দুখৰ সমভাগী হ’বলৈ।

হৰিপদ :  সেইবাবে টেনচন লোৱা নাই। ( হৰিয়ে ৰজীক কইনাৰ সাজত কল্পনা কৰে)

হঠাত হৰিপদৰ মূৰ ঘূৰাবলৈ ধৰে।  হৰিপদ বেহুচ হয়। ৰজীয়ে হৰিক চোফাত শুৱাই দিয়ে।

ৰজী : বেটা মোক বিয়া পতাৰ সপোন দেখিছ! মই বুজা নাইনে তোৰ মিঠা কথাৰ ইংগীত? ইমান সহজ নহয়।

ৰজীয়ে হাঁহিব। আৰু বেগ এটা লৈ ভিতৰলৈ যাব।

ৰজীয়ে হৰিপদক চোফাত শুৱাই দিয়ে। ভিতৰলৈ যায়।

১০ ম দৃশ্যঃ

কেমেৰাত হৰিপদৰ লকাৰটো দেখাব।

ৰজীয়ে বেগৰ পৰা মাস্তাৰ কী পাত উলিয়াই লকাৰটো খোলে। টকা পইচা অলংকাৰ যি পায় ভৰাব। কাপোৰ কানি বিশৃংখল কৰিব।

ৰজী : ধুৰ চাল্লা। wrong target । মাত্ৰ কেইটামান টকা আৰু এডাল সোণৰ চেইন।

(ৰজী ওলাই যাব খুজি বেহুচ হোৱা হৰিপদক চাই আৰু কয়)

বাই বাই ছাৰ। ২ ঘণ্টা পিছত হুচ আহিব আৰু  হুচ আহিলে পানী খাব, নহ’লে মূৰ বিষাব। বাই দ্যা ৱে, মূৰত চুলি কম হ’লেও আপুনি কিন্তু বৰ হেণ্ডচাম মানুহ। বাই বাই।

     সমাপ্ত॥

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *