ফটাঢোল

ছাত্ৰ-ছাত্ৰীৰ ভয়ানক প্ৰশ্নোত্তৰ আৰু দুষ্টালি – কুমকুম শৰ্মাবৰুৱা

এদিন মই ব’ৰ্ডত অংক কৰি দি চকীত বহিছোঁহি। ক্লাছ ছেভেনৰ ল’ৰা এজন উঠি আহি মোক কলমটো খুজিলে। মই তাৰ কলম বেয়া হৈছে বুলি ভাবি অংক পাতি ল’বলৈ দি দিলোঁ। অলপ পিছত বে’ল পৰিল আৰু মই কলমটো তাক খুজিলোঁ। সি বোলে সেইটো তাৰ কলম কেলেই দিব মোক। পিছদিনা সি অংক কৰা নাই। বহি আছে এনেয়ে। মই ওচৰলৈ মাতি লাহেকৈ এচাত স্কেলেৰে দিলোঁ। আৰে টংকৈ বাজি উঠিল। মই বোলো কি আছে জেপত উলিওৱা। সি ক’লে যাদু যাদু। মই বোলো দেখুওৱা যাদু তোৰ। 

: এনেয়ে নেদেখুৱাও, মোক পাঁচটকা দিব লাগিব আপুনি।

: মই বোলো দিম, তই দেখুৱাই দে।

সি লাহেকৈ জেপৰ পৰা চাদা টেমা এটা উলিয়াই দুইফালে খুলি দেখুৱালে।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *