ফটাঢোল

কৌতুক-ৰিণ্টুমণি দত্ত

ক্লাছ চলি থকাৰ সময়ত শিক্ষয়িত্ৰীয়ে প্ৰশ্ন কৰিলে, 

: বাৰু তোমালোকে কোৱাচোন তাজমহল ক’ত আছে?

ছাত্ৰ-ছাত্ৰী : বাইদেউ আগ্ৰাত৷

শিক্ষয়িত্ৰী : নহয়, ভুল উত্তৰ৷ তাজমহল তামিলনাডুত আছে৷

শিক্ষয়িত্ৰীৰ উত্তৰ শুনি সকলো ল’ৰা-ছোৱালী আচৰিত হ’ল৷ আৰু এই কথাটো ঘৰলৈ সিহঁতে মাক দেউতাকক কৈ দিলে৷ পাছদিনা সকলো অভিভাৱক স্কুলত উপস্থিত হৈ হেডমাষ্টৰক কমপ্লেইন কৰিলে যে স্কুলত ভুলকৈ কিয় শিকোৱা হৈছে? 

হেডমাষ্টৰ : প্ৰথমে আপোনালোকে ল’ৰা ছোৱালীৰ ফিজবোৰ দি লওক৷ যোৱা পাঁচ মাহে আপোনালোক কোনেও ফিজ দিয়া নাই, স্কুললৈ মাতিলেও আপোনালোক নাহে৷ যেতিয়ালৈকে আপোনালোকে ফিজবোৰ ক্লিয়েৰ নকৰে, তেতিয়ালৈকে তাজমহল তামিলনাডুতেই থাকিব৷

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *