ফটাঢোল

পূৰ্বানুমান-ৰিমঝিম বৰঠাকুৰ

আৰু মোৰ হাতত মাত্ৰ ২৪ ঘণ্টা! আস্ ন’ নহয় ২৪ ঘণ্টা। খুউব বেছি ১৮ ঘণ্টা। ১৮ ঘণ্টাৰ পিছতে মোৰ হাতত আহি পৰিবহি ইমানদিনে সকলোৰে পৰা লুকুৱাই থোৱা কথাটো। মাত্ৰ এটা ৰিপোৰ্ট! সেই ৰিপোৰ্টেই নিৰ্ধাৰণ কৰিব মই এইখন পৃথিৱীত কিমান দিনৰ আলহী। 

আহঃ মূৰটো কিহবাই হেঁচা মাৰি ধৰা যেন অনুভৱ হৈছে। বুকুখনো লাহে লাহে গধূৰ হৈ আহিছে। এনেকুৱা লাগিছে কোনোবাই যেন মোৰ বুকুত ডাঙৰ শিল এচটাহে বহুৱাই থৈছে। চিঞৰিব বিচাৰিয়ো চিঞৰিব পৰা নাই। ইমান চেষ্টা কৰিছোঁ কাৰোবাক মাতিবলৈ।কিন্তু গেঙনিৰ দৰে শব্দ এটাহে বাহিৰ হোৱা যেন লাগিছে। আস্, মনত পৰিছে। আগতে দেউতাৰ এনেকুৱা হৈছিল ৰাতি মাজে মাজে। গেঙনিৰ দৰে শব্দ বাহিৰ হ’লেই কাষৰ বিছনাত শুই থকা মায়ে ফুচফুচাই কোৱাদি মই শুনাকৈয়ে কয়, “দেউতাৰৰ বুকুৰ পৰা হাতখন আঁতৰাই দে ধন।”  মাৰ কথামতেই হাতখন আঁতৰাই বুকুৰ পৰা দিয়াৰ লগে লগে দেউতা পুনৰ শান্ত হৈ শুই পৰিছিল। কিন্তু তেনেকুৱাতো মোৰ একো হোৱা নাই। এয়া মই সাৰ পায়েই আছোঁ। এই দুখন হাত মোৰ পেটটোৰ দুয়োফালে চিট ভলঙা খাই বিছনাখনত পৰি আছে। নাই মই ভবাটোৱেই মোৰ হৈছে যে মই নিশ্চিত। ডাক্তৰে এনেই ইমানবোৰ টেষ্ট কৰাবলৈ নকয়! আজি দুমাহ ধৰি মোৰ এনেকুৱাই হৈ আহিছে। বুকু গধুৰ, ভাগৰ, খাবলৈ মন নোযোৱা, চকুৰে কম দেখা, বমি আৰু কত কি কি। হঠাৎ কথাটো ভাবি আৰু বেছি ভয় খাই উঠি বহি পৰিলোঁ। 

বিছনাৰ কাষত থকা টেবুলখন খেপিয়াই চোৱাদি চালোঁ। নাই পানীৰ জাৰটো তাত নাই। আজি পানীৰ জাৰটো এওঁ আনিবলৈ পাহৰিলে সম্ভৱ! কিন্তু মোৰ অসম্ভৱ পানী পিয়াঁহ লাগিছে হয়তো চিন্তাবোৰ মন-মগজু য’তে ত’তে ঠেকেছা খাই পৰাৰ কাৰণে অণ্ঠ কণ্ঠ শুকাই গৈছে। খুউব সন্তৰ্পণে কাষতে শুই থকা এওঁ গম নোপোৱাকৈ গাৰুৰ তলৰ পৰা চাৰ্জ দিয়া টৰ্ছটো উলিয়াই ভৰি দুখন বিছনাৰ পৰা নমাই চেন্দেলযোৰ লাহেকৈ বিচাৰি ভৰিত সুমুৱাই ল’লোঁ। বিছনাখনত হেঁচা দি বহাৰ পৰা কঁকালটো উঠাবলৈ ধৰোঁতেই এওঁ মাত দিলে,

: কি হ’ল টোপনি অহা নাই?

: হা… হা হা টোপনি… আহিছে টোপনি। বৰ পিয়াঁহ লাগিছে হে। শোৱা তুমি, মই পানী অলপ খাই আহোঁ।

বুলি পিছৰ কথাকেইটা খোকোজা নলগাকৈ কৈ মই টৰ্ছটো মাৰি পাকঘৰলৈ আহিলোঁ।

যদি মই ভবাটোৱে হয় তেন্তে ডাক্তৰে কি বুলি ক’ব বাৰু! আপোনাৰ হাতত মাত্ৰ তিনিমাহ সময় মিষ্টাৰ চলিহা। পানীৰ জাৰটো হাতত লৈ গিলাচত পানীখিনি বাকিবলৈ লওঁতেই আকৌ কথাষাৰ মনলৈ আহিল। এই তিনিমাহ সময় মই কাৰোবাক ক’মনে? নোকোৱাকৈয়ে মনে মনে গুচি যাম? নাই এই বিষয়ে কাকো একো ক’ব নোৱাৰি। হাতত টকা বুলিবলৈ দৰমহাৰ টকাকেইটাহে। এইটো বেমাৰেতো ঘৰৰ ভেটিৰ সৈতে মানুহক লৈ যায়। সাঁচতীয়া বুলিবলৈ পি এফ-ৰ পইচাকেইটা আৰু এটা মাত্ৰ পলিচী। সেইকেইটা টকা যদি মোৰ বেমাৰৰ নামতেই খৰছ হয় দহবছৰীয়া ল’ৰাটো লৈ মঞ্জুৱে পিছৰ সময়খিনি চলিব কেনেকৈ! গুটখা পেকেটটো হাতত ল’লেই নহ’লে কেনেবাকৈ চাৰ্টত চিগাৰেটৰ গোন্ধ পালেই কন্দাৰ দৰে তেতিয়াও তাই কান্দি কান্দি কৈ থাকিব “এই মানুহটোৱে আমাৰ কথা এবাৰলৈয়ো নাভাবিলে”। 

হয় দেই কথাটো মিছা নহয়। এবাৰো নাভাবিলোঁ মই সিহঁতৰ কথাবোৰ। নিজৰ মুখখন বেয়া লাগে কাৰণেই গুটখা পেকেটটো ফালি লওঁ, মুখখনত ফৰফৰণি তুলিবলৈ। চিন্তাৰ দোমোজাত আঙুলিৰ ফাঁকত তুলি লওঁ জ্বলন্ত এটা চিগাৰেট। এতিয়া মোৰ অৱস্থাটো চিগাৰেটৰ দৰেই হ’লনে! আৰু মাত্ৰ কেইটামান ঘণ্টা। তাৰপিছত শেষ হোঁপাটো মাৰিম চিগাৰেটো শেষ, মোৰ জীৱনটোও। নাই যিকেইটা দিন আছে সেইকেইটা দিনত ভৱিষ্যতলৈ ইহঁত দুটাৰ একো অসুবিধা নোহোৱাকৈ এটা পৰিকল্পনা কৰি ভালকৈ সৱ ঠিক কৰি যাব লাগিব। আৰু মা! মাৰ কি হ’ব! কপালত চপৰিয়াই মঞ্জুক শাওপাত দি থাকিব নেকি বাৰু, “তয়ে ল’ৰাটোক খালি!” নাই নাই তেনেকুৱা একো নহয়। মাও ভুক্তভোগী। দেউতাও সেই মোৰ দৰেই মনে মনে গুচি গ’ল মাক অকাল বৈধৱ্যৰ সাজযোৰ পিন্ধাই। 

লৰালৰিকৈ গিলাছত থকা পানীখিনি ঘোটঘোটকৈ পি মোৰ ল’ৰা নিশান্তৰ পঢ়া ৰূমলৈ আহিলোঁ। তাৰ পঢ়া টেবুলখনতে মই মোৰো দৰকাৰী কামখিনি কৰোঁ। পঢ়া টেবুলখনৰ কাষতে থকা মোৰ ট্ৰাংকটো শব্দ নোহোৱাকৈ খুলি তাৰ পৰা ফাইল এটা উলিয়াই আনিলোঁ। সেইটো ফাইলতে সৱ বিত্তীয় হিচাপ নিকাচৰ কাগজ-পাতিবোৰ থওঁ। লাহেকৈ ফাইলটো খুলি এখন এখনকৈ কাগজ উলিয়াই গ’লোঁ। পি এফ-ত জমা টকা কিমান মান থাকিব পাৰে বাৰু! আঙুলি মূৰতে চাকৰি কৰাৰ বছৰটো হিচাপ কৰিলোঁ। সিহঁত দুটাই খাই চলি থাকিব পৰাকৈ হ’বগৈ লাগে। ইফালে নিশান্তক ডাক্তৰী পঢ়োৱাৰ মন মঞ্জুৰ। আঁতিবগৈনে? এস্, মঞ্জু পঢ়া-শুনা থকা ছোৱালী। মোৰ অবিহনে ঘৰ চলাবলৈ তাই ক’ৰবাত সোমাওঁ বুলিলে ধুনীয়াকৈ সোমাব পাৰিব। তেতিয়া চিন্তা নাই, ধুনীয়াকৈ সি পঢ়ি ওলাই আহিব পাৰিব। মঞ্জুৱে ৰাস্তা উলিয়াব পাৰিব, কথাটো ভাবি মনটো কোনোবাখিনিত পাতল লাগিল। কাইলৈইকে মঞ্জুক ক’ব লাগিব “নিশান্ত এতিয়া ডাঙৰ হৈছে, ক’ৰবাত চাকৰি এপ্লাই কৰা যদি কৰা।”

মঞ্জুৰ কথা মনলৈ অহাৰ লগে লগে আৰু এটা কথা মনত পৰিল। বিয়াৰ পিছৰ পৰাই মঞ্জুৱে কৈ আছিল জীৱনত এবাৰ হ’লেও কাশ্মীৰ ফুৰাৰ কথা। কিন্তু বিয়াৰ বাৰ বছৰৰ পিছতো সেই ভ্ৰমণ কাহানিও হৈ উঠা নাই। কথাই কথাই কেতিয়াবা অভিমানৰ সুৰত তাই কথাটো নুলিওৱাও নহয়। ছেঃ তাইৰ আশাটো পূৰণ কৰি থৈ যাব পৰা হ’লে ভাল আছিল। অন্ততঃ যমৰ আগত ক’বগৈ পাৰিম শেহতীয়াকৈ মনত ৰাখিব পৰা কাম কি কৰিলোঁ। নাই, কাইলৈইকে পাৰিলে টিকেট দুটা কৰি এসপ্তাহৰ কাৰণে হ’লেও কাশ্মীৰৰ পৰা এপাক আহিমগৈ। ডাল লেক, হাউছ ব’ট, গোলমাৰ্গ আৰু যি যি আছে এই এসপ্তাহত ঘূৰি তিনিমাহৰ পিছত সকলোৰে পৰা চিৰ বিদায় ল’ম। নিশান্তক নিয়া নহ’ব। এটা বেছি যোৱা মানে অহা যোৱা টিকেট, তাত থকা সকলোবোৰ বেছিকৈ ভৰা। তাৰ দিন আছে। পিছত পঢ়ি-শুনি নিজেই যেতিয়া ঘটিব মাক আৰু সি কিমান ঘূৰে ঘূৰি থাকিব। এতিয়া সদ্যহতে সি আইতাকৰ ওচৰতে থাকিব আমি দুটা ফুৰি আহিমগৈ। মঞ্জুৱে বিচৰা আৰু কিবা আশা আছিল নেকি! এইবাৰ কাগজখিনি ফাইলটোত ভৰাই হাত দুখন একেলগে মুঠি মাৰি কপালখনয হেঁচি দিয়াদি মনত পেলাবলৈ চেষ্টা কৰিলোঁ। নাই আৰু একো নাই। মাত্ৰ তাইৰ মতে মই চিগাৰেট আৰু গুটখা খোৱাটো বন্ধ কৰিব লাগে। সেই কেইটাতো আজি দুমাহেই হ’ল হাত দিয়া নাই। বেমাৰ লক্ষণবোৰ লক্ষ্য কৰিয়েই ডাক্তৰে কোৱাৰ আগতেই নিজেই বন্ধ কৰিলোঁ। মঞ্জুৰ কথামতে যদি কেইবছৰমান আগতেই বন্ধ কৰিলোঁহেঁতেন, হয়তো ল’ৰাটো ডাঙৰ হোৱালৈ থাকিলোঁহেঁতেন।

হঠাৎ বুকুখন আকৌ খোঁচ মাৰি ধৰিল। মূৰটোৰো টিঙটিঙনি বাঢ়ি গৈছে। হয় আজি বেছিকৈ বহুত কথা চিন্তা কৰি পেলাইছোঁ কাৰণে আজি ঘনাই হৈছে। এনেয়ো লাষ্ট ষ্টেজত এইবোৰ হয় বুলিয়েই সেইদিনা মই পঢ়িছিলোঁ।  আৰু অলপ দিন জীয়াই থাকিবলৈ দিয়াহেঁতেন। এতিয়া যেন জীৱনটোৰ প্ৰতি দৰদ বেছিকৈ হৈছে। 

এনেকুৱা টেনছন হ’লেই আকৌ চিগাৰেট এটাৰ খোৱাৰ টেণ্ডেঞ্চীটো বেছিকৈ আহে। কিন্তু নাই নাখাওঁ, যিকেইটা দিন আছোঁ…

হঠাৎ নিশান্তৰ পঢ়া টেবুলখনলৈ চকু গ’ল। ইমান সুন্দৰ কৈ জাপি কিতাপ-বহীবোৰ চিজিল লগাই থৈছে। ল’ৰাটো চকুৰ আগতেই বৰ সোনকালে ডাঙৰ হৈ গ’ল। সেইদিনা জন্ম হৈছিলহে। গুলপীয়া টোপোলা এটা অ’টিৰ পৰা নাৰ্ছে উলিয়াই আনি মোৰ হাতত তুলি দিছিল। টোপোলাটো হাত পাতি লওঁতেই অজানিতে চকুৰ পৰা এটোপাল চকুপানী আহি কণমানিটোৰ ওঁঠৰ ওচৰতে পৰিছিলহি। কপাহ যেন কোমল গুলপীয়া পুতলাটোৱে দিগদাৰ পাই বুলি তাক মেৰিয়াই থোৱা কপাহী কোমল কাপোৰখনৰে টুকি দিছিলোঁ। 

 “ল’ৰা অ’ তোক দহবছৰহে পালোঁ অ’ সোণ। মোৰ অনুপস্থিতিত মাৰক ৰাখিবি ভালকৈ।”

হঠাৎ মোৰ ডিঙিটো কিহবাই সোপা মাৰি ধৰাদি ধৰিলে। তাৰ পঢ়া টেবুলত থকা আমাৰ তিনিটাৰ ফটোখন আনি বুকুৰ মাজত সুমুৱাই পাৰ ভাঙি ওলাই আহিবলৈ ধৰা কান্দোনটো কোনোমতে চেপি ৰাখিলোঁ। তেনেকৈ কিমান সময় থাকিলোঁ নাজানো, হঠাৎ কাৰোবাৰ মাতত মই চক খাই উঠিলোঁ।

: দেউতা তুমি ইয়াত?

খপজপকৈ সাৰ পাই টেবুলৰ ওপৰৰ পৰা মূৰটো তুলি কোৱাৰিয়েদি বৈ থুতৰি পোৱা লেলাৱতিখিনি মচি ঘূৰি চাই দেখোঁ নিশান্ত ৰৈ আছে। ৰূমটোত পুৱা ভাগৰ ফটফটিয়া পোহৰ। মই ৰাতিহে বহিছিলোঁ ইয়াত, কিন্তু…। ঘপককৈ কিবা এটা মনত পৰাৰ দৰে নিশান্তক সুধি পেলালোঁ,

: এতিয়া কেইটা বাজিছে নিশু।

তাৰ পোনে পোনে ৱালখনত লাগি থকা ৱাল ক্লকটোলৈ চাই সি উত্তৰ দিলে,

: চাৰে সাতটা। এতিয়া ইয়াৰ পৰা উঠা, মোৰ হোমৱৰ্ক দুটামান আছে কৰিবলৈ।

“অহ অহ বহ” বুলি তাৰ কথাত মই খৰখেদাকৈ চকীখনৰ পৰা উঠি ৰূমটোৰ পৰা ওলাই আহিবলৈ ধৰোঁতেই এওঁক সন্মুখতে পালোঁ।

: সাৰ পালে হ’বলা। 

মোৰ চকুলৈ চাই কৰা প্ৰশ্নটোত ‘হা না’ একো নকৈ মাত্ৰ মূৰটো জোকাৰি ইংগিত এটা দি নিজৰ ৰূম পালোঁহি। আজি মোৰ বহুত কাম আছে কৰিবলগীয়া। প্ৰথমতে ওলাই অফিচলৈ গৈ লওঁ, বাকীখিনি তাত বহি শান্তিৰে কৰিম। টকা-পইচাৰ হিচাপ-নিকাচৰ পৰা এওঁৰ লগত কৰা কাশ্মীৰ ট্ৰিপৰ প্লানটোলৈকে। কাশ্মীৰতে এওঁক বুজাব লাগিব যে মানুহৰ জীৱনটো সদায় একে নাথাকে। কেতিয়াবা কোনোবা এজন লাগিলে ঘৰৰ মেইন মানুহজনেই হওক, নোহোৱা হৈ গ’লে আমি কেনেদৰে নিজকে চম্ভালি আগুৱাই যাব লাগিব। সেইবোৰৰ শিক্ষা এটা দিব লাগিব। দুদিনমান নিশান্তকো অলপ সময় দি সৰুৰ পৰা ঘৰৰ কথা কেনেকৈ চিন্তা কৰিব লাগে বুজাব লাগিব। এওঁ মোৰ পিছে পিছে আহি পোৱাৰ আগতেই মই বাথৰূমত সোমালোঁ। আৰু মোৰ হাতত প্ৰায় দহ ঘণ্টামান আছে। খবৰটো কনফাৰ্ম হোৱাৰ আগতেই মই মোৰ কামবোৰ কৰি ল’ব লাগিব। এওঁৰ মুখামুখি হ’বলৈ সাহস কৰিব পৰা নাই। কিন্তু নিজকে বুজাব লাগিব, মই এনেকুৱা কৰি থাকিলে এওঁৰ সন্দেহ হ’ব।

দাঁত ব্ৰাশ্ব কৰি একেবাৰে গাটো ধুই ওলাই আহোঁতেই এওঁৰ মুখামুখি হ’লোঁ। মই কিবা কোৱাৰ আগতেই তেওঁ মুখতে ধৰিলে,

: কালি ৰাতিৰে পৰা চাই আছোঁ। আপোনাৰ হৈছে কি হে? 

মই মূৰটো টাৱেলেৰে দুবাৰমান এনেই মচাৰ দৰে কৰি কিবা এটা কওঁ মানে তেওঁ মাত দিলে,

: কালি পানী খাবলৈ যাওঁ বুলিয়েই মানুহটো নাই। নিশুৰ টেবুলত শুই আছে। ওচৰত আপোনাৰ ফাইলটো, বুকুত আমাৰ তিনিটাৰ ফটোখন লৈ তেনেকৈয়ে শুই থাকিল। আহক মোৰ লগত, কি হৈছে কওক মোক খোলাখুলিকৈ।

তেওঁ কৈ যোৱা কথাখিনিতহে মনত পৰিল মই যে তেনেকৈয়ে শুই থাকিলোঁ। পিছত চাগৈ মঞ্জু গৈ ফটোখন আঁতৰাই মূৰটো টেবুলত দি থৈ আহিছে। একান্ত বাধ্য ছাত্ৰৰ দৰে মই মঞ্জুৰ পিছ ল’লোঁ। কি ক’ম একো ভাবিব নোৱাৰিলোঁ। কৈয়ে দিওঁ নেকি সঁচা কথা যে মোৰ ব্ৰেইন কেঞ্চাৰৰ লাষ্ট ষ্টেজ। নাই নাই এনেকৈ ঘপককৈ কৈ দিলে হাহাকাৰ লাগিব। ৰিপোৰ্ট আহক। কিন্তু ৰিপোৰ্টটো আহিলেও মই ক’ব নোৱাৰোঁ। ক’লেই বহুত কথা আহি যাব। এতিয়া অনুভৱ কৰিছোঁ দেৰিকৈ বিয়া পতাৰ কষ্ট। সময়ত পতা হ’লে নিশান্ত অলপ ভালকৈয়ে ডাঙৰ হ’লহেঁতেন। মোৰ অবিহনে মাকক চম্ভালি ধুনীয়াকৈ ঘৰ চম্ভালিব পাৰিলেহেঁতেন। বিয়া নাপাতোঁ বুলি বহি থাকি বুঢ়া বয়সত বিয়া পতাৰ ফল পাইছোঁ। বিয়া পতাৰ দেৰি হোৱাৰ আঁৰৰ কাহিনীটোকে নহ’লে মঞ্জুক কৈ দিওঁ। মৰাৰ আগতে হ’লেও কিবা এটা কৰি যাওঁ। ইমানদিনে মঞ্জুৰ পৰা লুকুৱাই থোৱা কথাটো। কি বুলি আৰম্ভ কৰিম? মই ঘৰৰ কাষৰ মামনিক ভাল পাইছিলোঁ, তাইলৈ ৰওঁতে বিয়া পতা দেৰি হ’ল। ইফালে মোতকৈ ভাল ল’ৰা পাই তাই বিয়া হৈ গুচি গ’ল। পিছত সেই দুখতে বিয়া নাপাতি ইমান বছৰ বহি থাকিলোঁ। খুড়াৰ ল’ৰা-ছোৱালী দুইটাকে পঢ়াই-শুনাই গঢ় দিলোঁ। ভনীজনী মানে খুড়াৰ ছোৱালীজনীক ধামধুমেৰে বিয়া দিলোঁ। বিয়া নাপাতোঁ বুলিয়েই টকাবোৰ সাঁচিনো কি হ’ব বুলিয়েই, নিজৰ কাৰণে একো সঞ্চয় নকৰাকৈয়ে যিয়ে যেনেকৈ সহায় বিচাৰিছিল কৰিছিলোঁ।  মামণিৰ কথা বাদ দি বাকীখিনি কথা মঞ্জুৱে গম পাই ভালকৈয়ে। সেইকাৰণে কিবা এটা অজুহাত পালেই মাজে মাজে শুনাই দিয়ে,

 “আমাৰ কথা অলপো নভবাকৈ আগতেই বাকীবোৰৰ নামত যিমান ধন গোটাইছিল শেষ কৰিলে। মৰমীয়াল দাদা বুলি নামটো হ’ল, কিন্তু এতিয়াও ঘৰখনত ৰাণিং ৱাটাৰৰ কথা ক’লেই পইচাৰ হিচাপ কৰি দেখুৱায়। আছে নহয় মঞ্জু, কলৰ পৰা পানী মাৰি মাৰি বাল্টিং ভৰ্তি কৰিবলৈ।” 

ভাল কথাটো মনত পৰিল, এইকেইদিনতে এওঁক পানীৰ ব্যৱস্থাটোও কৰি দিব লাগিব।

:  কি ভাবি আছেনো? বহকচোন।

বুলি মঞ্জুৱে দিয়া মাতষাৰত মোৰ ভাবত য’তি পৰিলে। একান্ত বাধ্যৰ দৰে বিছনাখনত বহি মঞ্জুৰ চকুলৈ ৰ’ লাগি চালোঁ।

: কি হৈছে কওকচোন?

মঞ্জুৰ কথাত কিনো হ’ল জানো ঘপককৈ প্ৰশ্ন এটা ওলাই গ’ল,

: যদি মই ঘপককৈ নোহোৱা হৈ যাওঁ, তুমি নিশু আৰু মাৰ সৈতে ঘৰখন চম্ভালি ল’ব পাৰিবাতো মঞ্জু?

: কিনো অমংগলীয়া কথাবোৰ কয়হে?

: নহয় অ’ এই জীৱনৰ কি ভৰষা কোৱাচোন?

: হে হৰি এই মানুহটোৰ হৈছে কি?

বুলি মঞ্জু মোৰ ওচৰৰ পৰা উচাৎ মাৰি গুচি গ’ল। মঞ্জু তেনেকৈ গুচি যোৱাত ভালেই পালোঁ ময়ো লৰালৰিকৈ অফিচলৈ বুলি ওলালোঁ। ৰিপোৰ্ট যদিও আবেলিলৈ দিয়াৰ কথা কিন্তু এতিয়াও এপাক সোমাই খবৰ এটা কৰি যাম বুলি ভাবিছোঁ। হয়তো সোনকালে দিয়ো দিব পাৰে ৰিপোৰ্ট ৰেডী হ’লে। কথাকেইটা ভাবি চাৰ্টটো গাত সুমুৱাই বুটামকেইটা মাৰি থাকোঁতে মঞ্জু আকৌ ওলালহি,

: অদৰকাৰী কথাবোৰ কৈ নাথাকিব দেই। আমাৰ দুটাৰ কথাটোও ভাবিবচোন কেতিয়াবা।

বুলি কৈ আকৌ ওলাই গ’ল।

“হয় দিয়া তোমালোকৰ কথা মই নাভাবিলোঁৱেই। সেইকাৰণে এতিয়া ভাবিছোঁ নহয়। এই পৃথিৱী এৰাৰ আগে আগে সৱ চিজিল লগাই থৈ যাম তোমালোকৰ কাৰণে। মৰাৰ পিছত এবাৰ হ’লেও তোমাৰ মুখেদি এবাৰ হ’লেও ওলাব মানুহটোৱে একো দিগদাৰ নোহোৱাকৈ সৱ চিজিল লগাই থৈ গৈছে।” 

কথাকেইটা ভাবিলোঁহে, মুখেৰে ওলাই নাহিল।

চাৰ্টৰ পকেটৰ ভিতৰলৈ ঘপহকৈ হাতটো যোৱাত কাগজ এখন থকাৰ দৰে লগাত উলিয়াই আনি দেখিলোঁ কালিৰ টেষ্টৰ বিলখন। তাত থকা নম্বৰটোতে ফোন এটা কৰি ৰিপোৰ্টটো ৰেডী হৈছেনে নাই খবৰ এটা কৰোঁ বুলি ফোন লগালোঁ। নাম আৰু আইডিটো দিয়াৰ লগে লগে ক’লে ৰেডী হৈ আছে। ৰিপোৰ্ট ৰেডী বুলি শুনিয়েই মোৰ হাত-ভৰি থৰথৰাই কঁপিবলৈ ধৰিলে। দিনটোৰ সকলোবোৰ পৰিকল্পনা সলনি কৰি ৰিপোৰ্টটো লৈয়ে ডাক্তৰৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত ল’লোঁ। মঞ্জুক সোনকালে যি আছে খাবলৈ দিবলৈ কৈ ঘড়ীটো পিন্ধি চশমাযোৰ চাৰ্টৰ পকেটত ভৰাই একেবাৰে ওলাই আহিলোঁ। মঞ্জুৱে খাবলৈ যি দিছিল নাকে-মুখে কেইটামান গুজি একেবাৰে বাইকত বহিলোঁহি। কিমান স্পীডত চলাইছিলোঁ হিচাপ নাই, ৰিপোৰ্ট ল’বলৈ পাই গ’লোঁহি। ৰিপোৰ্টটো পালোঁ যদিও হাতেৰে খুলি চাবলৈ সাহস নহ’ল। অলপ দূৰৈত থকা ক্লিনিকখন যিজন ডাক্তৰৰ লগত মই কনছাল্ট কৰোঁ তালৈ গ’লোঁ। ডাক্তৰ অহা নাই, আৰু দহমিনিট লাগিব। মোৰ আগত দুজন পেচেণ্ট আছে। ডাক্তৰ অহালৈ দহমিনিট, দুজন পেচেণ্টৰ লগত পাঁচমিনিটকৈ ধৰিলে বিশমিনিট। আস্, আৰু বিশমিনিটৰ পিছত মই…। আৰু ভাবিব নোৱাৰিলোঁ আগলৈ।

কথাবোৰ এটা এটাকৈ মূৰত ঠেকা খাই ইফালে সিফালে উফৰি ফুৰোঁতে কেতিয়া মোৰ পাল আহিল গমেই নাপালোঁ। দুবাৰকৈ মোৰ নাম মতাৰ পিছত জঠৰতা ভাঙি মই সোমাই গ’লোঁ লাহে লাহে।

: বহক। কি হৈছে?

ডাক্তৰৰ মাতত থতমত খালোঁ। “কি হৈছে মানে কেঞ্চাৰৰ লাষ্ট ষ্টেজেই চাগে” মনৰ ভাবটো বহিঃপ্ৰকাশ নকৰি হাতত থকা ৰিপোৰ্টটো আগবঢ়াই দিলোঁ। ডাক্তৰে ৰিপোৰ্টটো মোৰ হাতৰ পৰা লৈ খুলি চোৱাত লাগিল। ডাক্তৰজনে ৰিপোৰ্ট চাইছে, আৰু মই তেওঁৰ মুখখন। এক দুই মিনিটৰ পিছত তেওঁ মূৰ ডাঙি মোলৈ চাই,

: মই ভবাটোৱেই…

ডাক্তৰক কথাটো শেষ কৰিবলৈ নিদি মই লগে লগে কৈ উঠিলোঁ,

: ছাৰ মোৰ হাতত আৰু কিমান সময় আছে? এক, দুই, তিনিমাহ?

: কি সময়ৰ কথা কৈছে?

: মানে ছাৰ এইটো বেমাৰত মানুহ কেইদিননো থাকে? লাষ্ট ষ্টেজত খুউব বেছি তিনিমাহ…

: কি কথা কয়হে? মাইগ্ৰেইনত কোনোবা মৰা শুনিছে নেকি? আপোনাক অলপ মেডিকেশ্যন দিম, সেই ক’ৰ্ছটো কমপ্লিট কৰিব লগতে মই কোৱা নিয়মবোৰ মানি চলিব।

ডাক্তৰজনে অলপ ধমকিৰ সুৰত কোৱা কথাকেইটাত মোৰ মুখখন মেল খাই গ’ল।

: মানে ছাৰ মোৰ কেঞ্চাৰ নহয়?

: কেঞ্চাৰ? কোনে ক’লে আপোনাক আপোনাৰ কেঞ্চাৰ হৈছে বুলি।

: নহয় ছাৰ মোৰ যিখিনি লক্ষণ আছিল গোটেইবোৰ ইণ্টাৰনেটত চাওঁতে ব্ৰেইন কেঞ্চাৰৰ লাষ্ট ষ্টেজ বুলি পাইছিলোঁ। আৰু আজি প্ৰায় দুমাহ ধৰি মোৰ এইবোৰ সমস্যা হৈ আছিল। এই দুমাহ এইবোৰকে খুঁচৰি পূৰ্বানুমান কৰিছিলোঁ…

তেওঁ মোৰ কথাটো কমপ্লিট হ’বলৈ নিদিলেই,

: হ’ব বুজিছোঁ মই। আপুনি ইণ্টাৰনেট ডাক্তৰৰ পাল্লাত পৰা প্ৰথমজন পেচেণ্ট নহয়। এনেকুৱা পেচেণ্টৰ সৈতে অভিজ্ঞতা বহুত আছে মোৰ।

বুলি হাতত থকা কলমটোৰ সাঁফৰটো খুলি প্ৰেচক্ৰিপশ্যনখনত খৰখৰকৈ কিবাকিবি লিখাত লাগিল। 

“মই মানে জীয়াই থাকিম আৰু মোৰ পৰিকল্পনাবোৰ?” পি এফ-ৰ পইচা, কাশ্মীৰ ট্ৰিপ, ৰাণিং ৱাটাৰ, গুটখা, চিগাৰেট এই সকলোবোৰ  আহি মোৰ মূৰত পাক ঘূৰণি খাবলৈ লাগিল। তথাপিও মূৰটোৰ কোনোবাখিনিৰ পৰা কিবা এটা গধুৰ বস্তু তললৈ থপককৈ সৰি পৰাৰ দৰে লাগিল।

☆ ★ ☆ ★ ☆

3 Comments

  • Rintumoni Dutta

    বঢ়িয়া লাগিল ৰিমঝিম

    Reply
  • Rimjhim Borthakur

    ধন্যবাদ ৰিণ্টুদা

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    বঢ়িয়া লিখিছা৷

    Reply

Leave a Reply

Your email address will not be published.

error: Content is protected !!