মূল গল্প-ওইজা বোৰ্ড,লেখক-হুমায়ুন আহমেদ :ভাৱানুবাদ – অঞ্জু মহন্ত
প্ৰায় আঠ বছৰ পিছত নাচৰিনৰ ডাঙৰ ককায়েক আলাউদ্দিন দেশলৈ ঘূৰি আহিছে। লগত বিদেশী পত্নী। পত্নীৰ নাম ক্লাৰা। পত্নীৰ চুলি সোণালী, চকু ঘন নীলা, মুখখন মৰম লগা। তথাপিও ছোৱালীজনী কাৰোৱেই পচন্দ নহ’ল।
যিটো আগ্ৰহেৰে নাচৰিনে ডাঙৰ ককায়েকৰ বাবে অপেক্ষা কৰিছিল, ককায়েকক দেখি ঠিক সিমানেই নিৰাশ হ’ল। আঠ বছৰ আগেয়ে নাচৰিনৰ বয়স আছিল ন। এতিয়া সোতৰ। নবছৰ বয়সৰ চকু আৰু সোতৰ বছৰ বয়সৰ চকু একেধৰণৰ নহয়। নবছৰ বয়সৰ চকুৱে সকলোবোৰ কৌতুহল আৰু মমতাৰে দেখা পায়। সোতৰ বছৰৰ চকুৱে বিচাৰ কৰাৰ চেষ্টা কৰে। তাইৰ বিচাৰত দাদাক আৰু দাদাকৰ পত্নী – দুয়োজনকেই ভাল লগা নাই। নাচৰিনে অনুভৱ কৰিলে তাইৰ ককায়েক আগৰ দৰে চুপচাপ, শান্ত ধৰণৰ হৈ থকা নাই। খুব হুলস্থূল কৰিবলৈ শিকিছে। পত্নীক লৈ সকলোৰে সন্মুখত খুব ফূৰ্তি কৰিছে। ওঁঠ গোল কৰি হানী হানী কৈ মাতিছে। অথচ হানী শব্দটো কওঁতে ওঁঠটো গোল নহয়।
আলাউদ্দিন ইমানদিনৰ পিছত দেশলৈ আহিছে। আত্মীয়-স্বজনসকলৰ বাবে কিবাকিবি উপহাৰ অনা উচিত আছিল, পিচে তেনেকুৱা একোৱেই অনা নাই। ছাঁইৰঙী এটা চুৱেটাৰ আনিছে মাকৰ বাবে। সেই চুৱেটাৰটো লৈ কিমান যে কথা – “পিয়োৰ ঊণৰ মা। পিয়োৰ ঊণ আজিকালি আমেৰিকাতো এক্সপেনচিভ। মা তোমাৰ ৰঙটো পচন্দ হৈছেনে?”
নাচৰিণৰ এবাৰ ক’বলৈ মন গ’ল, “ছাইৰঙত পচন্দ কৰিবলগীয়া কি আছে দাদা?” অৱশ্যে একো নক’লে। তাইৰ মনটো বেয়া লাগি গ’ল। ইমান দিনৰ পিছত দাদাক আহিছে। এয়া জানো উচিত নাছিল মাকৰ বাবে ভাল কিবা এটা আনিবলৈ?
বাবাৰ বাবে আনিছে ক্যালকুলেটৰ। যিজন বাবা ৰিটায়াৰ হৈছে, চকুৰে দেখা নাপায়, তেওঁ ক্যালকুলেটৰেৰে কি কৰিব? নাচৰিনৰ ডাঙৰ বায়েক চাৰমিন তাই যঁজা ছোৱালী দুজনীৰ সৈতে চ্যুটকেছ খোলাৰ সময়ত বহি আছিল। এই ছোৱালী দুজনীক আলাউদ্দিনে দেখা নাছিল। চিঠি লিখি জনাইছিল এই ছোৱালী দুজনীৰ বাবে একেধৰণৰ দুটা বস্তু আনিব, যিটো দেখি দুইজনীয়ে মুগ্ধ হৈ পৰিব। দুয়োজনীৰ বাবে দুডোখৰ গা-ধোৱা চাবোন ওলাল। এনেকুৱা চাবোন ঢাকাৰ নিউ মাৰ্কেটত ভৰ্তি, আমেৰিকাৰ পৰা কঢ়িয়াই আনিব নালাগে।
আলাউদ্দিনে ক’লে,
: বেছি একো আনিব নোৱাৰিলোঁ, বুজিলিনে? লাষ্ট মোমেণ্টত ক্লাৰাই ডিচাইড কৰিলে মোৰ সৈতে আহিব। বহুত টকা খৰচ হৈ গ’ল। কিছু টকা লগত ৰাখিব লগাও হৈছে। ঢাকাৰ হোটেলৰ বিল বা আকৌ কেনেকুৱা কোনে জানে?
নাচৰিণে ক’লে,
: হোটেলৰ বিল মানে? তুমি হোটেলত থাকিবা নেকি?
: বাধ্য হৈ থাকিব লাগিব। এই থেপাথেপি ভীৰত ক্লাৰাৰ দম বন্ধ হৈ পৰিব। তৎক্ষণাততো সকলো অভ্যাস হৈ নাযায়। লাহে লাহে হয়। তহঁতে আকৌ এইটোক এটা ইচ্যু বনাই নেপেলাবি। তহঁতৰতো কামেই হৈছে সামান্য কথা এটা ফুৱাই-ফুলাই ইচ্যু বনাই দিয়াৰ।
নাচৰিনৰ চকুপানী ওলাই গ’ল। তাইৰ নিজৰ ডাঙৰ ককায়েকে তাইৰ লগত এনেকুৱা ব্যৱহাৰ কৰিব বুলি তাই সপোনতো ভবা নাছিল। নাচৰিনৰ চকুৰ পানী অৱশ্যে কোনেও দেখা নাপালে। “অলপ আহিছোঁ ৰ দাদা” বুলি কৈয়েই তৎক্ষণাৎ উঠি গ’ল। বাথৰূমত অলপ সময় কটাই চকু মচি উপস্থিত হ’ল। আলাউদ্দিনে তেতিয়া চ্যুটকেছ খুলি আৰু কিবাকিবি উপহাৰ উলিয়াইছে। অতি তুচ্ছ সকলোবোৰ বস্তু – গাড়ীৰ পিছফালে লগোৱা ষ্টিকাৰ, তাত লিখা আছে – “Hug Your kind”। সিহঁতৰ গাড়ী ক’ত যে সিহঁতে গাড়ীৰ পিছফালে ষ্টিকাৰ লগাব? কোনেও অৱশ্যে একো নক’লে। সকলোৱে এনেকুৱা ভাব দেখুৱালে যেন গাড়ীৰ ষ্টিকাৰটোৰ বৰ প্ৰয়োজন আছিল।
আলাউদ্দিনে ক’লে,
: নাচৰিন তোৰ বাবে একো অনায়েই নহ’ল।
নাচৰিনে ক’লে,
: দাদা মোক একো নালাগে।
: তোক বৰং ইয়াৰ পৰাই শাড়ী-টাড়ি কিবা কিনি দিম।
: ঠিক আছে।
আলাউদ্দিনে চ্যুটকেছ খুচৰিবলৈ ধৰিলে। তাৰ খোঁচৰাৰ ভঙ্গী দেখি ভাব হ’ল, সি আশা কৰিছে কিবা এটা পাই যাব, যিটো নাচৰিনক দিব পাৰিলে শাড়ীৰ ঝামেলালৈ যাব নালাগে। নাচৰিনৰ লাজৰ সীমা নোহোৱা হ’ল।
“এই যে এটা বস্তু পাই গ’লোঁ।”
হাঁহিত আলাউদ্দিনৰ মুখ উজ্বলি উঠিল। সকলোৱে উবুৰি খাই পৰিল চ্যুটকেছৰ ওপৰত। লিপষ্টিকৰ নিচিনা এটা বস্তু বাহিৰ হ’ল। আলাউদ্দিনে ক’লে,
: নাচৰিন ল। এইটোৰ নাম লিপগ্ল’চ। ওঁঠত দিলে ওঁঠ চকচকাই থাকে, ওঁঠ নাফাটেও।
নাচৰিনে শুকান কণ্ঠেৰে ক’লে,
: থ্যাংকচ দাদা।
আলাউদ্দিনে বিৰক্ত কণ্ঠেৰে ক’লে,
: গিফ্ট হৈছে গিফ্ট। গিফ্টৰ সস্তা দামী বুলি একো কথা নাই। বঙালীসকলৰ স্বভাৱ হৈছে, কিবা এটা উপহাৰ পালেই হিচাপ-নিকাচত বহি যায়। দাম কি!
নাচৰিনে ক’লে,
: মই একো হিচাপ-নিকাচ কৰা নাই দাদা। লিপগ্ল’চটো মোৰ বৰ পচন্দ হৈছে।
: দ্যাটচ গুড। মাই গড, নাচৰিন তোৰ ভাগ্য ভাল আৰু এটা বস্তু পোৱা গ’ল ওইজা বোৰ্ড। ইমান সময়ে চকুতে পৰা নাছিল।
: ওইজা বোৰ্ড মানে কি?
আলাউদ্দিনে লুডু বোৰ্ডৰ দৰে এখন বোৰ্ড মেলি ধৰিলে। চাৰি দিশত এৰ পৰা জেড লৈ লিখা আছে। মাজত দুটা ঘৰ – এটাত লিখা আছে ‘ইয়েচ’, আনটোত ‘নো’।
: এইটো কিবা খেল নেকি দাদা?
: খেল বুলিয়েই ক’ব পাৰ। ভূত মতা খেল। প্ল্যানচেটৰ নাম শুনিছনে? এইটোৰে প্ল্যানচেটৰ দৰে কৰিব পাৰি।
: কেনেকৈ?
: ৰঙা বুটামটো দেখিছনে? দুজন বা তিনিজনে মিলি খুব লাহেকৈ তৰ্জনীৰে এইটোক স্পৰ্শ কৰিবি, কোনোধৰণৰ প্ৰেচাৰ দিব নালাগে। বুটামটো ৰাখিবি বোৰ্ডখনৰ ঠিক মাজত। ঘৰৰ পোহৰ কমাই দিবি, আৰু মনে মনে ক’বি – “If any good soul passes by, please come.” তেতিয়া আত্মাটো বুটামটোলৈ গুচি আহিব। বুটামটো লৰচৰ কৰি থাকিব। তেতিয়া কিবা প্ৰশ্ন কৰিলে আত্মাই উত্তৰ দিব।
: কেনেকৈ উত্তৰ দিব?
বুটামটো আখৰবোৰৰ ওপৰেৰে যাব। কোন কোন আখৰৰ ওপৰেৰে যাব সেইটো খেয়াল ৰাখিব লাগিব। ভূতটোৰ নাম যদি ৰহিম হয়, তেনেহ’লে প্ৰথমতে যাব ‘আৰ’ৰ ওপৰেৰে, তাৰপিছত ‘এ’ৰ, তাৰপিছত ‘এইচ’ৰ…. বুজিছনে?
: বুটামটো নিজে নিজে যাব?
: নহয়, আঙুলিৰে চুই থাকিব লাগিব।
: দাদা, ভূত সঁচাকৈয়ে আহে?
: ধেৎ, ভূত আছে নেকি যে আহিব। আমেৰিকানবোৰৰ এইটো হৈছে পইচা লুটাৰ এটা বুদ্ধি। ইমান সহজতে আত্মা আহিলেতো ভালেই আছিল।
আলাউদ্দিনে আমেৰিকানবোৰৰ স্বভাৱ-চৰিত্ৰ সম্পৰ্কে ৰসাল ৰসাল গল্প কৰিবলৈ ধৰিলে। আলাউদ্দিনৰ মাক ৰাহেলাৰ মনত ক্ষীণ আশা – গল্প যিদৰে জমি উঠিছে সেয়া দেখি ভাৱ হোৱা নাই যে পুতেকে বোৱাৰীজনীক লৈ হোটেললৈ যাব। যদি সঁচাকৈয়ে যায় তেনেহ’লে তেওঁ মানুহৰ ওচৰত মুখ দেখুৱাব নোৱাৰিব। বিদেশী বোৱাৰী বাবে ইতিমধ্যে বহুতেই ঠাট্টা-মস্কৰা কৰিছেই। জামছেদ চাহাবৰ পত্নীয়ে যোৱা সপ্তাহত আহি ফুচফুচাই ক’লে,
: বঙালী ল’ৰাবোৰে যে বিদেশলৈ গৈয়েই বিদেশিনী বিয়া কৰাই সেইবোৰ বিদেশিনী নীচ জাতৰ। চাকৰণী-জমাদাৰণী এইবোৰ। ভদ্ৰলোকৰ ছোৱালীবোৰে কিয় বঙালীৰ লগত বিয়া হ’ব? সিহঁতৰ কি গৰজ পৰিছে?
ৰাহেলাই ক্ষীণ কণ্ঠেৰে ক’লে,
: আপোনাক কোনে ক’লে?
: কোনে ক’ব? এইবোৰ কথা সকলোৱে জানে। বঙালী ল’ৰাবোৰৰ বগা ছাল দেখি হুচ নথকা হৈ পৰে। সিহঁতেতো প্ৰথমতে নাজানে যে, সেই দেশৰ চাকৰণীৰ ছালো বগা, আকৌ জামাদাৰণীৰ ছালো বগা।
ৰাহেলাই এইবোৰ কথাৰ কোনো উত্তৰ দিব নোৱাৰিলে। মাত্ৰ শুনি গৈছে। এতিয়া যদি ল’ৰাই বোৱাৰীক লৈ হোটেললৈ গুচি যায় তেনেহ’লে কি হ’ব? সকলোৱে গাত থু-থু কৰিব।
অৱশ্যে তেওঁ যথাসাধ্য চেষ্টা কৰিছে ল’ৰা-বোৱাৰীৰ বাবে এটা কোঠা ধুনীয়াকৈ সজাবলৈ। নাচৰিণৰ কোঠাটোৱেই সজোৱা হৈছে। বেৰত চূণ-তেল লগোৱা হৈছে। টিউব লাইট লগোৱা হৈছে। ফেন এখনো আছে। ফেনখন ঘট্ ঘট্ শব্দ হয় বাবে নতুন এখন চিলিং ফেন কিনিছে। তাৰপিছতো যদি ল’ৰাই বোৱাৰীক লৈ হোটেললৈ যায় তেওঁ কিনো কি কৰিব? তেওঁ আৰুনো কি কৰিব পাৰে?
ৰাতি খোৱা-বোৱা শেষ হোৱাৰ লগে লগে আলাউদ্দিনে ক’লে,
: আমি তেনেহ’লে উঠোঁ মা।
ৰাহেলাই ক্ষীণ কণ্ঠেৰে ক’লে,
: ক’লৈ যাবি?
আলাউদ্দিনে বিৰক্ত কণ্ঠেৰে ক’লে,
: ক’লৈ যাম বুলি সুধিছা কিয় মা? আগতেইতো কৈছোঁ এখন ভাল হোটেলত থাকিব লাগিব। ক্লাৰাই যোৱাৰাতি অকণমানো শুবলৈ পৰা নাই। বেচেৰী গৰমত সিদ্ধ হৈ গৈছে। বতাহ অকণমানো নাই।
: ফেন আছে দেখোন?
: বতাহ গৰম হৈ গ’লে ফেন থাকিলেও একো কাম নাই। তোমালোক গৰম দেশৰ মানুহ, তেওঁৰ কষ্ট কি বুজিবা? মই নিজেই সহ্য কৰিব পৰা নাছিলোঁ, আৰু তেওঁ….
: বোৱাৰীক লৈ হোটেলত থাকিলে মানুহে নানান কথা ক’ব।
আলাউদ্দিনে কথাষাৰ শুনি খঙত জ্বলি উঠিল। হুলস্থূল কৰি এনেকুৱা কথা কিছুমান ক’বলৈ ধৰিলে যিবোৰ কথাৰ তেনেকুৱা কোনো অৰ্থ নাই। তাৰ দেউতাক মনচুৰ চাহাব যিজনে কেতিয়াও একো নকয়েই তেৱোঁ কৈ উঠিল,
: তই অনাহকতে ইমানকৈ চিঞৰিছ কিয়?
: মই এনেয়েই চিঞৰিছোঁ? মই অনাহকত চিঞৰিছোঁ? মই মাথো কৈছোঁ যে অন্য মানুহৰ কথা লৈ তোমালোকে ইমান হুলস্থূল কৰা কিয়? তোমালোকে যদি খাবলৈ নাপাই মৰা সেই মানুহবোৰে আহি তোমালোকক খুৱাবনে? প্ৰতিমাহে ডেৰশ ডলাৰৰ মণিঅৰ্ডাৰটো যে পোৱা সেইটো কি তেওঁলোকে দিয়ে? কোৱা, দিয়েনে তেওঁলোকে?
মনচুৰ চাহাবে দীৰ্ঘ নিশ্বাস পেলাই চিগাৰেট জ্বলাই ক’লে,
: যা, য’লৈকে যাবলৈ মন তালৈকে যা।
আলাউদ্দিনে তিক্ত কণ্ঠেৰে ক’লে,
: তোমালোকে ভাবিছা ল’ৰাই ঘৰ এৰি হোটেললৈ গুচি যাবলৈ ওলাইছে, গতিকে ল’ৰা পৰ হৈ গ’ল – এইটোৱেই নহয় জানো?
: আমি একো ভবা নাই। তই বকি নাথাকিবি। মূৰৰ বিষ উঠাই দিছ।
: মূৰৰ বিষ উঠাই দিছোঁ? মই মূৰৰ বিষ উঠাই দিছোঁ?
আঠ বছৰ পিছত ঘৰলৈ ঘূৰি অহা পুত্ৰৰ লগত দ্বিতীয় ৰাতিটোতেই ঘৰৰ সদস্যসকলৰ খণ্ডপ্ৰলয়ৰ দৰে হৈ গ’ল। নাচৰিণে মনে মনে ভাবিলে, “ভালেই হৈছে। খুব মজা লাগিছে। মই বৰ খুচ হৈছোঁ।”
ক্লাৰাই কাজিয়াৰ কাৰণ কি একোৱেই বুজি নাপালে। এবাৰ মাথো চেলাউৰি কোঁচাই ক’লে,
: তোমালোকে ইমান চিঞৰি কথা কোৱা কিয়?
কৈয়েই উত্তৰলৈ অপেক্ষা নকৰি বহাকোঠালৈ জেঠী চাবলৈ গ’ল। বাংলাদেশৰ এই সৰু প্ৰাণীটোৱে তাইৰ হৃদয় হৰণ কৰিছে। তাই এতিয়ালৈকে জেঠীৰ একৈশখন ছবি তুলিছে। ম্যাকৰো লেন্স অনা নহ’ল বাবে খুব আফছোচো কৰিছে। ম্যাকৰো লেন্স থাকিলে ক্লোজ-আপ ল’ব পাৰিলেহেঁতেন।
গভীৰ ৰাতিলৈকে এই পৰিয়ালটিৰ কোনো সদস্যই শুব নোৱাৰিলে। বাৰান্দাত বহি ৰাহেলাই ক্ৰমাগত অশ্ৰুবৰ্ষণ কৰিব ধৰিলে। এটা সময়ত মনচুৰ চাহাবে ক’লে,
: আৰু নাকান্দিবা, চকুত ঘাঁ হৈ যাব। তোমাৰ ল’ৰাৰ আশা এৰি দিয়া। বিদেশী ছোৱালী বিয়া কৰি ধৰাক সৰগ দেখিছে। হাৰাম জাদা।
নাচৰিণে আজি তাইৰ কোঠাত শুব পাৰিব।
কোঠাত সোমাই তাইৰ মনটো বেয়া লাগি গ’ল। কিমান আগ্ৰহেৰে সিহঁত সকলোৱে মিলি কোঠাটো সজাই দিছিলে, তথাপিও দাদাকৰ পচন্দ নহ’ল। এই কোঠাটো জানো হোটেলতকৈ কম সুন্দৰ হৈছে? মূৰৰ ফালে টেবুল লেম্প। ভৰিপথানৰ ফালৰ দেৱালত সূৰ্যাস্তৰ ছবি। পালেঙৰ কাষত মেৰুণ ৰঙৰ বেড চাইড কাৰ্পেট। খিৰিকী খুলি ফুল স্পীডত ফেন চলাই দিলে জানো খুব গৰম লাগে? ক’তা তাইৰতো লগা নাই। তাইৰ দেখোন কেনেকুৱা ঠাণ্ডা ঠাণ্ডাহে লাগিছে।
তাই টেবুল লেম্পটো জ্বলালে। ইমান ডাঙৰ পালেংখনত অকলে শুই কেনেকুৱা যেন এটা অস্বস্তি
লাগিছে। দাদাকহঁত নাথাকিব বুলি জানিলে ডাঙৰ মাহীয়েকক জোৰকৈ ৰাখিব পাৰিলেহেঁতেন। নাচৰিণে দীৰ্ঘনিশ্বাস পেলালে। আজিৰ ৰাতিটো সিহঁতৰ বাবে বৰ দুখৰ ৰাতি। আজি ৰাতি সিহঁতৰ কাৰোৱেই টোপনি নধৰিব। অকলে অকলে জাগি থকাটো খুবেই কষ্টকৰ।
ভূত মাতিলে কেনে হ’ব? ওইজা বোৰ্ড খুলি তাই যদি বুটামটো হাতেৰে চুই বহি থাকে তেনেহ’লে কিবা হ’বনে? যদি কোনো আত্মা আহে ভালেই হয়। আত্মাৰ লগত কথা পাতিব পাৰিব। এটায়ে অসুবিধা মাথোঁ – এই আত্মাবোৰে আকৌ কথা নকয়। বুটাম ঠেলি ঠেলি মনৰ ভাব প্ৰকাশ কৰে।
নাচৰিণে দুৱাৰ বন্ধ কৰি ওইজা বোৰ্ডখন উলিয়াই ল’লে। তৰ্জনী আঙুলিৰে বুটামটো চুই কোমল কণ্ঠেৰে ক’লে, “মোৰ আশে-পাশে যদি কোনো বিদেহ আত্মা আছে তেনেহ’লে তেওঁলোকৰ মাজৰ পৰা এজনে দয়া কৰি আহিবনে? যদি আহে তেনেহ’লে মোৰ মনটো অলপ ভাল লাগিব। কাৰণ, আজি মোৰ মনটো খুব বেয়া। কিয় বেয়া সেইটোতো আপোনালোকে খুব ভালকৈয়েই জানে। গোটেই ঘটনাৰ সময়খিনিত নিশ্চয় আপোনালোকে আশে-পাশে আছিল। আছিল নে?”
এইখিনি কৈ উঠিয়েই নাচৰিণ চমকি উঠিল। সোঁহাতখন যেন অলপ কঁপিছে। বুটামটো লৰচৰ কৰিবলৈ আৰম্ভ কৰিছে নেকি? অসম্ভৱ। হ’বয়েই নোৱাৰে। এয়া কি! বুটামটো আগুৱাই গ’ল কেনেকৈ? নাচৰিণে নিজেই হয়তো নিজে গম নোপোৱাকৈ বুটামটো ঠেলি ঠেলি লৈ গৈছে। অলপ ভয় আৰু অলপ অস্বস্তিৰে নাচৰিণে অপেক্ষা কৰিছে। কি হৈছে? বুটামটো ‘ইয়েচ’ লিখা ঘৰটোত কিছুসময় ৰৈ আকৌ আগৰ ঠাইলৈ ঘূৰি আহিল। নাচৰিণে শব্দ কৰি কৈ উঠিল, বাঃ, বেছ মজাতো! পৰৱৰ্তী কিছুসময় ‘ইয়েচ’ আৰু ‘নো’ত বুটাম ঘূৰি থাকিল। নাচৰিণৰ আৰম্ভণিৰ ভয়টো অলপ কমি গ’ল। যদিও তেতিয়াও বুকুখন ঢপঢপাই আছে।
ওইজা বোৰ্ডত ‘ইয়েচ’ আৰু ‘নো’ৰ বাহিৰেও আৰু দুটা ঘৰ আছে। সেয়া হৈছে – ‘মই উত্তৰ নিদিওঁ, ‘মই জানো’। বুটামটো এই ঘৰ দুটালৈও মাজে মাজে গ’ল। প্ৰশ্ন আৰু উত্তৰ এনেকৈ সজোৱা হয়।
“আপুনি আহিছেনে?”
“হয়।”
“আপুনি এই ঘৰখনতেই থাকেনে?”
“নাথাকোঁ।”
“আপুনি ক’ত থাকে?”
“মই উত্তৰ নিদিওঁ।”
“আজি আমাৰ সকলোৰে মন খুব বেয়া সেইটো আপুনি জানেনে?”
“নাজানো।”
“মাথোঁ নাজানো নাজানো কৰিছে কিয়? অলপ শুনিলেনো কি হয়? কওক?”
“হয়।”
“তাৰ আগতে আপোনাৰ নামটো কি কওক?”
বুটামটো ঘূৰি ঘূৰি এক্স ঘৰটোত ৰৈ গ’ল। নাচৰিণে ক’লে,
“এক্স দি জানো কাৰোবাৰ নাম হয়? নামটো ভালকৈ কওক।”
“মই নাজানো।”
“মই নাজানে মানে? আপোনাৰ নাম নাই নেকি?”
“নাই।”
“ভূতবোৰৰ নাম নাথাকে?”
“মই নাজানো।”
“কি! মোৰ ধাৰণা আছিল প্ৰেতাত্মাবোৰে সকলো জানে। আৰু মই আপোনাক যিয়েই সুধিছোঁ আপুনি নাজানো বুলি কৈছে। বাৰু কওকচোন, উনৈশক তেৰৰে পূৰণ কৰিলে কি হ’ব?”
“মই নাজানো।”
“ময়ো নাজানো। তথাপি আপুনি যদি ক’লেহেঁতেন তেনেহ’লে পূৰণ কৰি উলিয়ালোঁহেঁতেন। আপুনি পূৰণ অঙ্ক জানেনে?”
“হয়।”
“আচ্ছা, আত্মাবোৰে অঙ্ক কৰিব লাগেনে?”
বুটামটো এঠাইত স্থিৰ হৈ ৰ’ল। উত্তৰ নিদিলে। নাচৰিণে ক’লে,
“আপুনি মোক খং কৰিছে নেকি?”
“হয়।”
“প্লিজ, মোক খং নকৰিব। কোনোবাই মোক খং কৰিলে মোৰ মনটো খুব বেয়া লাগি থাকে। এনেয়ে আজি মোৰ মন খুবেই বেয়া। আপুনি জানেনে মোৰ
মনটো যে বেয়া?”
“ওঁ।”
“কিয় মন বেয়া সেই কথাটো কওঁনে?
“ওঁ।”
নাচৰিণে আজিৰ দিনটোত ঘটা সকলোবোৰ ঘটনা ক’বলৈ আৰম্ভ কৰিলে। কৈ থাকোঁতে দুবাৰ কান্দিলেও। তাইৰ মনলৈ এবাৰলৈও ভাব নাহিল যে তাই হাস্যকৰ কাণ্ড এটা কৰিছে। এইবোৰ কথা বুটামটোক কোৱাৰ জানো কিবা অৰ্থ আছে? নাচৰিণে শুবলৈ গ’ল ৰাতি তিনি বজাত। সুন্দৰ টোপনি হ’ল। টোপনিৰ ইমান সুন্দৰ আমেজ তাই বহুদিন পোৱা নাছিল। অৱশ্যে টোপনিৰ সময়খিনিত তাইৰ অনুভৱ হৈছিল – এজন বুঢ়ামানুহে তাইৰ গাত হাত থৈ শুই আছে। বুঢ়ামানুহজনৰ শৰীৰত চিগাৰেটৰ চোকা গোন্ধ।
ৰাতিপুৱা সাত বজাত আলাউদ্দিন আহি উপস্থিত। সি ৰাতিপুৱাতেই ঘৰলৈ আহিব ৰাহেলাই ভবা নাছিল। আগদিনা ৰাতিৰ সকলো দুঃখ তেওঁ পাহৰি গ’ল। হাঁহি মুখেৰে ক’লে,
: বোৱাৰীক লৈ নাহিলি?
: তেওঁ শুই আছে। টোপনি ভাঙিলে গুচি আহিব। নোট লিখি থৈ আহিছোঁ।
: অকলে আহিব পাৰিবনে?
: আহিব পাৰিবনে মানে? তুমি যে কি কোৱা মা! তেওঁ আমাৰ দেশৰ ছোৱালী নেকি যে গিৰীয়েক নহ’লে খোজ দিবই নোৱাৰে?
: সেইটোতো ঠিকেই।
ৰাহেলাই ব্ৰেকফাষ্টৰ আয়োজনত ব্যস্ত হৈ পৰিল। আলাউদ্দিনক এতিয়া যথেষ্ট সহজ আৰু স্বাভাৱিক যেন লাগিছে। ৰান্ধনী ঘৰত মাকৰ ওচৰত বহি নানান কথা আৰম্ভ কৰি দিলে। নাচৰিণ আৰু মনচুৰ চাহাবেও কথাত ভাগ ল’লে।
: তইতো সেইখন দেশতেই থাকি যাবি?
: ওঁ। এই দেশখনত কি আছে কোৱা? এই দেশত থাকিলেতো নাখাই মৰিব লাগিব।
: অনেকেইতো আছে।
: কেনেকৈ আছে সেইটো দেখিছোঁ নহয়।
: সেইটোও হয়।
নাচৰিণে সহজভাৱে দাদাকৰ লগত বহুতো কথা পাতিলে। এতিয়া দাদাকক বৰ আপোন যেন লাগিছে। কথা পাতি ভাল লাগিছে।
: দাদা, কালি ওইজা বোৰ্ডেৰে ভূত মাতিছিলোঁ।
: হয় নেকি?
: ওঁ। আপোনা-আপোনি বুটাম এটা ঘৰৰ পৰা অন্য ঘৰলৈ যায়।
: তই নিশ্চয় ঠেলিছিলি।
: সঁচাকৈ কৈছোঁ দাদা। একেবাৰেই ঠেলা নাই।
: তই নেঠেলিলেও তোৰ চাব-কনচিয়াচ মাইণ্ডে ঠেলিছে। মই নিউজ উইক পত্ৰিকাত পঢ়িছিলোঁ – গোটেই বিষয়টোৱেই আচলতে চাব-কনচিয়াচ মাইণ্ডৰ।
ইমান সহজ-স্বাভাৱিকভাবে যিজন মানুহে কথা পাতিলে সেইজনেই আকৌ সন্ধিয়া সময়ত এখন কাজিয়াৰ সৃষ্টি কৰিলে। সাধাৰণ কাজিয়া নহয় –
কুৎসিত কাজিয়া। কথাটো এনেকুৱা– ক্লাৰাই খোৱাপানী বিচাৰিলে। নাচৰিণে গিলাচত পানী আনি দিলে। সেই পানী খাই ক্লাৰাই ক’লে, “থ্যাংকচ। খুব ভাল পানী।” ক্লাৰাই এতিয়া অলপ অলপ বাংলা ক’বলৈ চেষ্টা কৰে। আলাউদ্দিনে ক’লে,
: বয়ল পানী দিছনে? বয়ল ওৱাটাৰ?
: নাই দাদা। টেপৰ পানী।
: কিয়? তহঁতক আগতেই কৈছিলোঁ নহয় সকলো সময়তে বয়ল পানী দিবি। পানী গৰম কৰি পিছত বটলত ভৰাই থ’বি। সামান্য কথাটোও মনত নাথাকে? বয়স যিমানেই বাঢ়িছে তোৰ বুদ্ধি দেখোন সিমানেই কমিছে।
নাচৰিণৰ মুখখন ক’লা পৰি গ’ল। মনচুৰ চাহাবে জীয়েকক ৰক্ষা কৰিবলৈ ক’লে,
: এবাৰহে মাত্ৰ খাইছে, একো নহয়। আমিতো সদায় খাওঁ।
: তোমালোকৰ খোৱা আৰু ক্লাৰাৰ খোৱা একে নেকি? মাইক্ৰোঅৰগেনিজম খাই খাই তোমালোক ইমমিউন হৈ আছা। তাইতো হোৱা নাই।
: হোৱাতো হৈ গ’ল। এতিয়া চিঞৰ-বাখৰ কৰি কি হ’ব?
: চিঞৰ-বাখৰ কৰিছোঁ নেকি? তোমালোকৰ সৈতে দেখোন সামান্য আৰ্গুমেণ্টো কৰিব নোৱাৰি।
নাচৰিণে বহুত চেষ্টা কৰিও কান্দোন ৰখাব নোৱাৰিলে। মুখখন শাড়ীৰ আঁচলেৰে গুজি তৎক্ষণাৎ বাহিৰলৈ ওলাই গ’ল। ৰাহেলাই মৃদু স্বৰেৰে ক’লে,
: ছোৱালীজনীক কন্দুৱালি। যি অভিমানী ছোৱালী ৰাতি নোখোৱাকৈ থাকিব।
আলাউদ্দিনে বিৰক্ত কণ্ঠেৰে ক’লে,
: ইমান অলপতেই যদি চকুপানী ওলাই তেনেহ’লে উপায় নাই। ভুল এটা কৰিলে ভুল বুলি ক’ব নোৱাৰি নেকি?
: তাই সৰু হৈ আছে।
: সৰু হৈ আছে? সোতৰ-ওঠৰ বছৰ বয়সত কোনোবা সৰু হৈ থাকে? তোমালোকৰ বাবে ডাঙৰ হ’ব পৰা নাই। তোমালোকে সৰু কৰি ৰাখি থোৱা।
আলাউদ্দিনে ৰাতি ঘৰত নাখালে। বোৱাৰীজনীক লৈ হেনো নিৰিবিলি ক’ৰবাত ডিনাৰ কৰিব।
নাচৰিণে সেই ৰাতি নোখোৱাকৈয়ে শুবলৈ গ’ল। বহুত সময় সাৰ পাই থাকিল, টোপনি নাহিল। তাইৰ
খুব কষ্ট হৈছে। মৰি যাবলৈ ইচ্ছা গৈছে। গভীৰ নিশা তাই ওইজা বোৰ্ড উলিয়াই ল’লে। আজি আৰু দেৰি নহ’ল। বুটামত হাত থোৱাৰ লগে লগেই বুটামটো লৰচৰ কৰিবলৈ আৰম্ভ কৰিলে। আজি উত্তৰবোৰ অকল ‘হা’ বা ‘না’ৰেই দিয়া নাই। আখৰৰ ওপৰেৰে ঘূৰি ঘূৰি সৰু সৰু শব্দৰ সৃষ্টি কৰিছে। মজা মজা
শব্দ। নাচৰিণে এই শব্দবোৰত গুৰুত্ব দিয়া নাই, আকৌ গুৰুত্বও দিছে। এবাৰ ভাবিছে এইবোৰ অচেতন মনৰ ইচ্ছা। আকৌ এবাৰ ভাবিছে হ’বওতো পাৰে। হয়তো সঁচাকৈয়েই কোনোবা আহিছে। ৰহস্যময় ঘটনাবোৰতো পৃথিৱীতে হয়। কিমানবোৰ ৰহস্যৰ সমাধান আমি জানো? শেক্সপীয়েৰে যে কি কৈছিল – There are many things…..
“আপুনি আহিছে নেকি?”
“হয়।”
“কালি যিজন আহিছিল আজিও তেঁৱেই আহিছে?”
“হয়।”
“আপোনাৰ নাম?”
“X”
“কি অদ্ভুত নাম! বাৰু আপুনি জানেনে আজি মোৰ মনটো কালিতকৈও বেয়া?”
“জানো।”
“কি কৰা যায় কওকচোন?”
“মই নাজানো।”
“আপুনি জানেনে আপোনাৰ লগত কথা পাতি মোৰ বৰ ভাল লাগে?”
“জানো।”
“দাদাই কৈছিল আপুনি যে এই কথাবোৰ কৈছে এইবোৰ আচলতে মোৰ অৱচেতন ইচ্ছাৰ প্ৰতিফলন।”
“হ’ব পাৰে।”
“দাদাক মই বৰ ভাল পাওঁ।”
“মই জানো।”
“সেই বেয়া ছোৱালীজনীয়ে তাক বেয়া কৰিছে। মোৰ ভাব হয় ছোৱালীজনী ডাইনী। তাই আশে-পাশে থাকিলেই দাদা বেলেগ ধৰণৰ হৈ যায়। তেতিয়া সকলোৰে লগত কাজিয়া লাগে।”
“জানো।”
“কি কৰা যায় কওকচোন?”
“ছোৱালীজনীক মাৰি পেলোৱা।”
“ছিঃ! কি যে কয়! মানুহক মাৰি পেলাব পাৰি নেকি?”
“হয়, পাৰি।”
“কেনেকৈ?”
“নানা ধৰণেৰে।”
“আপোনাৰ কথা-বাৰ্তাৰ একো ঠিক নাই। আপুনি কেনেকৈ ভাবিলে মই এটা মানুহ মাৰিব পাৰিম বুলি।”
“সকলোৱেই পাৰে।”
“আপুনি পাৰে?”
“নোৱাৰোঁ।”
“আপুনি কিয় নোৱাৰে?”
“মই নাজানো।”
“মানুহ হত্যা কৰা যে মহাপাপ এইটো আপুনি জানেনে?”
“মই নাজানো।”
“আপুনি আচলতে একোৱেই নাজানে।”
“হ’ব পাৰে।”
“তাৰ বাহিৰেও আপুনি আৰু এটা কথা পাহৰি গৈছে – ধৰক, মই সেই বেয়া ছোৱালীজনীক মাৰি পেলালোঁ, তেতিয়া জানো মোক পুলিচে এৰি দিব? মোক ফাঁচী নিদিবনে?”
“ওঁ দিব পাৰে।”
“আৰু দাদাৰ অৱস্থাটো তেতিয়া চিন্তা কৰি চাওক। কেনেকুৱা খং কৰিব সি। টকা-পইচা দিয়া বন্ধ কৰি দিব। আমি তেতিয়া নাখাই মৰিব লাগিব। বাবাৰ এক পইচাও উপাৰ্জন নাই, আমাৰ বেঙ্কতো টকা-পইচা নাই। দাদাই প্ৰতিমাহে যি টকা পঠাই তাৰে আমি চলোঁ। দাদাই প্ৰতিমাহে কিমান টকা পঠাই কওকচোন?”
“মই নাজানো।”
“এশ ডলাৰ। এশ ডলাৰত বাংলাদেশী টকাত কিমান হয় জানেনে?”
“নাজানো।”
“বেছি নহয়, চাৰে তিনি হাজাৰ। মায়ে এইবাৰ কি ঠিক কৰি থৈছে জানেনে? মায়ে এইবাৰ ঠিক কৰি থৈছে দাদাক ক’ব আৰু অলপ বেছিকৈ টকা পঠিয়াবলৈ। এশ ডলাৰত নহয়গৈ। বস্তুৰ যিহে দাম। আপোনালোকেতো একো কিনিব নালাগে। আপোনালোক সুখত আছে, নহয়নে?”
“মই নাজানো।”
“আচ্ছা, আপুনি ভাবেনে দাদাই টকাৰ পৰিমাণ বঢ়াব?”
“মই নাজানো।”
“নবঢ়ালে আমি বৰ কষ্টত পৰিবলগীয়া হ’ব। মোৰ কিয় জানো ভাব হৈছে নবঢ়াব। বিয়া পাতিছে, খৰচ বাঢ়িছে। নহয়নে?”
“হ’ব পাৰে।”
“টকা নবঢ়ালে কি হ’ব কওকচোন? মোৰ আৰু এজন দাদা আছে – জচিম দাদা। চিটাগাঙত থাকে। টকা-পইচা তাৰ ভালেই। কিন্তু সি আমাক এটা পইচাও নিদিয়ে। আমি যদি নাখাই মৰিও যাওঁ সি ঘূৰি নাচায়। কি কৰা যায় কওকচোন?”
“ক্লাৰাক মাৰি পেলাব পাৰি।”
“বাৰে বাৰে আপুনি এটা কথাকে কৈছে কিয়? আপোনাৰ পৰা উপায়হে বিচাৰিছোঁ।”
“তাইক মাৰি পেলোৱাতোৱেই একমাত্ৰ উপায়।”
“যাওক। আপোনাৰ লগত আৰু কথাই নাপাতো।”
নাচৰিণে ওইজা বোৰ্ড বন্ধ কৰি শুবলৈ গ’ল। কালিৰ দৰে আজি তৎক্ষণাত টোপনি নাহিল। অলপ যেন ভয় ভয় লাগিল। ওইজা বোৰ্ডখন টেবুলৰ ওপৰত থোৱা আছে। তাৰ ওচৰতে এখন চেয়াৰ। কিয় জানো নাচৰিণৰ ভাব হৈছে চেয়াৰত সেই মিঃ এক্স বহি আছে। বুঢ়ামানুহৰ দৰে এজন মানুহ, যাৰ গাত চিগাৰেটৰ গোন্ধ। সেই বুঢ়া মানু্হজনৰ এটা চকু ছানি-পৰা। গাত চামৰাৰ কোট। সেই কোটটোতো এক ধৰণৰ ধোঁৱাৰ গোন্ধ। নাচৰিণে কাকো দেখা পোৱা নাই। কিন্তু তাইৰ স্পষ্টকৈ ভাৱ হৈছে কোনোবা এজন আছে। নাচৰিণে ভয়ে ভয়ে ক’লে,
“আপুনি আছে নেকি?”
চেয়াৰখন লৰচৰ কৰি উঠিল। সঁচাকৈয়ে লৰচৰ হৈছে নে? নে মনৰ ভুল! নাচৰিণে ক্ষীণ কণ্ঠেৰে ক’লে,
“আপুনি দয়া কৰি বহি নাথাকিব। যাওকগৈ। যেতিয়া আপোনাক দৰকাৰ হ’ব মই মাতিম।”
আকৌ চেয়াৰখন লৰচৰ হ’ল। নিশ্চয় মনৰ ভুল। নাচৰিণৰ বৰ ভয় লাগিছে। জুনমাহৰ এই প্ৰচণ্ড গৰমৰ ৰাতিও এখন চাদৰেৰে গোটেই গা ঢাকি তাই শুই থাকিল। টোপনি আহিল একেবাৰে শেষ ৰাতি। সেয়াও গাঢ় টোপনি নহয়। আজে বাজে কিছুমান সপোন। এটা সপোনতো খুবেই ভয়ঙ্কৰ। তাইৰ শাড়ীত দাউদাউকৈ জুই জ্বলিছে। তাই বহুত চেষ্টা কৰিছে জুই নুমুৱাবলৈ। পৰা নাই। যিমানেই চেষ্টা কৰিছে, জুই আৰু বিয়পি পৰিছেহে। এজন বুঢ়ামানুহৰ দৰে মানুহে চিগাৰেট হাতত লৈ গোটেই ঘটনাটো চাই আছে কিন্তু একোৱেই কৰা নাই।
টকাৰ পৰিমাণ বঢ়োৱাৰ কথা ৰাহেলাই বহুতো ভণিতাৰ পিছতহে ক’লে। ক’বলৈ তাইৰ খুবেই লাজ লাগিছিল কিন্তু একো উপায়ো নাছিল। আলাউদ্দিনে তেতিয়া চাহ খাই আছিল। চাহৰ কাপ নমাই বিস্মিত কণ্ঠেৰে ক’লে,
: টকা বঢ়োৱাৰ কথা কৈছা?
: ওঁ।
: এশ ডলাৰেৰে তোমালোকৰ নহয়?
: নহয়।
: তোমালোক পাগল হৈছা নেকি? আমেৰিকাত মই টকাৰ খেতি কৰিছোঁ নেকি? ট্ৰেক্টৰেৰে মাটি চাহ কৰি টকাৰ পুলি ৰুইছোঁ নেকি?
ৰাহেলাই ক্ষীণ কণ্ঠেৰে ক’লে,
: সংসাৰ অচল।
: মোৰ সংসাৰখনতো আৰু বেছি অচল। বিয়া পাতিছোঁ – নতুন সংসাৰ। এপাৰ্টমেণ্ট লৈছোঁ। এটা বস্তু নাই এপাৰ্টমেণ্টত। ক্লাৰা অফিচলৈ যায়, তাইক এখন নিজাকৈ গাড়ীৰ দৰকাৰ। তোমালোকক পইচাতো বঢ়াই দিব নোৱাৰোঁৱেই বৰং অলপ কমাই
দিম বুলিহে ভাবিছোঁ।
: আমি কেনেকৈ চলিম?
: জচিম ভাইক কোৱা। তাৰোতো দায়িত্ব আছে। সিতো গা ঘেলাই ঘূৰি ফুৰিছে।
ৰাহেলাই দীৰ্ঘ নিশ্বাস পেলালে। আলাউদ্দিনে বিৰক্ত কণ্ঠেৰে ক’লে,
: এনেকৈ ঘনে ঘনে দীৰ্ঘ নিশ্বাস নেপেলাবা। নিশ্বাস পেলালে সমস্যাৰ সমাধান নহয়।
নাচৰিণে ওইজা বোৰ্ড লৈ বহিছে। ৰাতি দুই বাজিছে। আজি অন্য দিনৰ দৰে গৰম নহয়। সন্ধ্যা বেলা ধাৰাসাৰ বৰষুণ হৈছে। আকাশ মেঘাচ্ছন্ন। বিজুলী মাৰি আছে। হয়তো আৰু বৰষুণ হ’ব। বৰষুণৰ ছিটিকনি পৰিছে বাবে খিৰিকী বন্ধ।
“আপুনি আছে?”
“ওঁ।”
“আমাৰ কি বিপদ হৈছে শুনিছে?”
“নাই।”
“দাদাই টকা-পইছা বেছিকৈতো নপঠায়েই বৰং আৰু কমাইহে দিব।”
“অ’ আচ্ছা।”
“আমি এতিয়া কি কৰো কওকচোন?”
“ছোৱালীজনীক মাৰি পেলোৱা।”
“এইটোৰ বাহিৰে আপোনাৰ মূৰত আৰু আন বুদ্ধি নাই?”
“নাই। এইটো সকলোতকৈ ভাল বুদ্ধি।”
“আপোনাৰ লগত কথা পাতিবলৈকে ইচ্ছা যোৱা নাই।”
“শুনি দুঃখিত হ’লোঁ।”
“আচ্ছা, সেইদিনা আপুনি মোক ভয় দেখুৱাইছিল কিয়? আপুনি সেই চেয়াৰখনত বহি আছিল নেকি? মোৰ ভাব হৈছে আপুনি এতিয়াও চেয়াৰখনত বহি আছে।”
“ক্লাৰাক জুইত পুৰি মাৰিলে কেনে হ’ব?”
“আপুনি আজে বাজে কথা নক’বচোন। আচ্ছা, কওকচোন সেইদিনা আপুনি চেয়াৰত বহিছিল নে?”
“তুমি এটা সহায় কৰিলেই হয়।”
“কি সহায়?”
“যেতিয়া জুই জ্বলি উঠিব তেতিয়া কোঠাৰ দুৱাৰখন তুমি বাহিৰৰ পৰা বন্ধ কৰি দিবা।”
“আপোনাৰ কথা-বাৰ্তাৰ আগ-গুৰি একোৱেই বুজিব পৰা নাই।”
“জুই লগাৰ পিছত ছোৱালীজনী যাতে বাহিৰলৈ ওলাব নোৱাৰে।”
“কি কৈছে আপুনি?”
“জুই লগাৰ পিছত তাই দৌৰি বাহিৰলৈ ওলাব বিচাৰিব। তেতিয়া তাইক মাত্ৰ আবদ্ধ কৰি ৰাখিব লাগিব। অলপ সময় আবদ্ধ কৰিব লাগিব।”
“মনে মনে থাকক।”
“ভাল বুদ্ধি দিছোঁ।”
“আপোনাৰ বুদ্ধিৰ দৰকাৰ নাই।”
“তুমি মোৰ বন্ধু।”
“নহয়, মই আপোনাৰ বন্ধু নহয়।”
ৰাতিটো নাচৰিণে এপলকৰ বাবেও চকু মুদিব নোৱাৰিলে। মনে মনে ঠিক কৰি পেলালে, ওইজা বোৰ্ডখন ৰাতিপুৱালেই জ্বলাই পুৰি পেলাব। কি সৰ্বনাশ কথা। বুটামটোৱে এনেকুৱা অদ্ভুত কথা কৈছে কিয়?
কাইলৈ ৰাতি দুই বজাৰ ফ্লাইটত আলাউদ্দিন ঘূৰি যাব। শেষ ৰাতিটো ঘৰত থাকিবলৈ আহিছে। দীৰ্ঘদিন হোটেলত থকা বাবে তাক খুব লজ্জিত হোৱা যেন লাগিছে। আজি ৰাতিটো থাকিবলৈ সিমান কষ্ট নহ’ব। বৰষুণ আৰম্ভ হৈছে। বতৰ অসহনীয় নহয়। ধাৰাসাৰে বৰষুণ দি আছে। আলাউদ্দিনে বহাকোঠাত সকলোৰে লগত আড্ডা দিছে। আড্ডা বেছ জমি উঠিছে। প্ৰথমৰ ফালে আমেৰিকাত সি কি কি বিপদত পৰিছিল সেইবোৰ। প্ৰতিটো কথা আগতে বহুবাৰ শুনা, তথাপিও সকলোৱে বৰ আগ্ৰহেৰে শুনিছে। ঘৰত ইলেকট্ৰিচিটি নাই। আবেলিৰ ধুমুহা-বৰষুণৰ সময়ত গৈছে, এতিয়ালৈকে অহা নাই। আজি ৰাতি নাহিব চাগৈ। ধুমুহা বৰষুণ এতিয়াও হৈ আছে। বতাহৰ সোঁ সোঁ শব্দ, জোৰেৰে বৰষুণ পৰাৰ শব্দ। বেগেৰে অহা বতাহ, চমৎকাৰ পৰিবেশ। মাত্ৰ এটাই হাৰিকেন সেইটো বহা কোঠাত। হাৰিকেনৰ ওচৰত সকলো বহি আছে। ক্লাৰাই সিহঁতৰ কথাত একো ৰস পোৱা নাছিল। ঘনে ঘনে হামিয়াইছিল। মাজৰাতি তাই শুবলৈ গ’ল। নাচৰিণে তাইৰ কোঠাত মমবাতি জ্বলাই দি গ’ল।
দূৰ্ঘটনাটো ঘটিল তাৰ দহ মিনিটৰ পিছত। কথা তেতিয়া খুব জমি উঠিছে। আৰম্ভ হৈছে ভূতৰ গল্প। ৰাহেলাই সৰুকালত নিশিৰ মাত শুনি ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছিল – সেইবোৰ গল্প হৈছে। গা-শিহৰিত হোৱা পৰিবেশ। ঠিক তেতিয়াই তীক্ষ্ণ কণ্ঠেৰে নাচৰিণে ক’লে,
: কোঠাটো ইমান পোহৰ হৈছে কিয় দাদা?
তাইৰ কথা শেষ হোৱাৰ আগতেই শুনিবলৈ পোৱা গ’ল, গেঙনি আৰু চিঞৰ। দৰজাত ক্লাৰাই ঢকিয়াইছে আৰু চিঞৰিছে, ‘Oh God! Oh God!’ আটায়ে দৌৰি গ’ল শোৱনি কোঠাৰ ফালে। দাউ দাউকৈ জুই জ্বলিছে। দূৰ্ঘটনায়েই হয়। দূৰ্ঘটনাৰ বাহিৰে আন একো নহয়। বতাহত মমবাতি বাগৰি পৰিছিল নেটৰ আঁঠুৱাত। তাৰপৰা ক্লাৰাৰ নাইট গাউনত। চিনথেটিক কাপোৰ – মূহূৰ্তৰ ভিতৰতেই জ্বলি উঠিল। খুবেই সহজ ব্যাখ্যা। মাথোঁ এটা কথা ব্যাখ্যা কৰিব পৰা নাই। ক্লাৰাৰ কোঠাৰ দৰ্জা বাহিৰৰ পৰা বন্ধ কৰা আছিল। কোনোবা এজনে বাহিৰৰ পৰা শিকলি লগাই দিছিল। জুই লগাৰ পিছত ক্লাৰাই প্ৰাণপনে চেষ্টা কৰিছিল কোঠাৰ পৰা ওলাই আহিবলৈ। পৰা নাছিল। চিৎকাৰ কৰি দৰ্জা খুলিবলৈ কৈছিল – ধুমুহা-বৰষুণ আৰু বজ্ৰপাতত তাইৰ চিৎকাৰ কোনেও নুশুনিলে। ব্যাকুল হৈ শেষ মুহূৰ্ত্তত তাই ঈশ্বৰক মাতিছিল। ঈশ্বৰে মানুহৰ কাতৰ আহ্বানত সাধাৰণতে বিচলিত নহয়।
☆ ★ ☆ ★ ☆