ফটাঢোল

তেলেগু চিনেমাৰ প্ৰতিক্ৰিয়া-অসীমা দত্ত শইকীয়া

আগতে দেওবাৰে তামিল-তেলেগু চিনেমা খুব চাওঁ। একো নুবুজোঁ কিন্তু কন্দাকণ আৰু হঁহাকণহে বুজোঁ অকল। আমাৰ লগত মিলে সেইকণহে। তাকে চাবলে বহি থাকোঁ।

এদিন ঘৰত তেনেকুৱা এটা ভাষাত দুখ কৰিবৰ মন গ’ল। এনেয়ো বহুত দুখ তেতিয়া, কোনোবা পলাই গ’লে মাৰ খাওঁ মই, এয়ো যাব বুলি; সিফালে মোক সৱেই ল’ৰা বুলিয়েই ভাবে। কোনোবাই ফেইল কৰিলেও মায়ে মোকে পিটে, এয়ো ফেইল কৰিব বুলি। কোনোবাই ক’ৰবাত কথা লগালেও মাৰে মোক, এয়ো এনে হ’ব। মাত্ৰ গাঁৱত কাৰোবাৰ ডেলিভাৰী হ’লেহে মোক নেমাৰে মায়ে, এয়ো পাব বুলি..। 

মনটো মাৰি বহি আছোঁ পঢ়া টেবুলত। সেইফালেদি মাৰ অহা-যোৱা বাট গোঁসাই ঘৰলৈ। চুইছ বেঙ্কো সেইটোৱেই তেওঁৰ আগৰ, গোঁসাই থাপনাখন। অহা যোৱা কৰোঁতে মোক মন কৰি সুধিলে,

: কি হ’ল কোনটো পৈয়েৰলে মনত পৰি পঢ়া টেবুলত তেনেই পকা ঔটেঙা পৰাদি পৰি আছ।

তেতিয়া মন মৰা মানেই প্ৰেমত পৰা বুলি ভাবে, লাগিলে তোমাৰ ভিতৰি পেলুৱে দিগদাৰ কৰি শুকুৱাই পেলাওক, ভাবে কাৰোবাৰ চিন্তাতহে শুকাইছে।

মাক তামিল ভাষাতে  দুখ কৰিবৰ মন গ’ল,  বিজ্ঞানৰ কিতাপত ‘নিউটনৰ সূত্ৰ’ লেচনটো পঢ়ি আছিলোঁ। মুখস্থ দিব লাগিব সূত্ৰসোপা স্কুলত। দুখতে বহি আছিলোঁ তাকে চাই।  তাৰপৰাই ক’লোঁ,

: ইল্লে প্ৰতিটো ক্ৰিয়াৰে জী, বিপৰীত মুখীজী প্ৰতিক্ৰিয়া থকা জী ইল্লে। নিউটনাই য়েল্লে (?? অশ্লীল) লিখি মাথাটো কৰ কৰ  জী চোবাল্লে জী। 

মায়ে চক খাই, মূৰতো হাওলাই  কিতাপখন চাই সোধে,

: কি কৈছ আকৌ ক’চোন। 

মই পুনৰ ক’লোঁ,

: ইল্লে নিউটনাজী মাথাটো জী চোবাই আছেই জী,ওপৰঞ্চি  মাষ্টৰৰ ওৱাইফ জী ইল্লে শিৰতে বহি লল্লেজী।

 মা ঢপলিয়াই দে’তাৰ ওচৰত পায়গৈ,

: এই কি বকিছে শুনকহি। কিবা লম্ভিলে গাত। পৰ চাট পৰিছে।

দে’তাই আহি সোধে,

: কি কৈছ তই?

মই-

: ইল্লে, নিজে নুবুজি জী, ঢেমাধৰা মানুহটোকো জী গোট্টাই, লগে ভাগে ইল্লে আহিছে দেখৌ জী। দুইট্টাই ফাল্লিব জী মোক, ইল্লে নিউটনৰ সূত্ৰই নফলা কণ জী, চেৰ চেৰকে জী ফালন খাব। আমাক ইল্লে মাৰিবলেকে ইল্লে পালে জী এই দুটাই। 

মই খৰকে সুৰত কোৱা কথাবোৰ দে’তাই নুবুজিলেও শেষৰ কণ ঠিক বুজি পালে। ‘মাৰিবলৈকে পালে’ কণ।  

মোক চোঁচৰাই দে’তাই চোতাললে আনি বিধুম গালি বৰষে-

:  গুণহঁতৰ ঘৰৰ টিভিটো লম্ভিছে এইৰ। বেলেগ লম্ভা নাই। দেশৰ মানে তেলেগু চিনেমাবোৰ চাই তোকে মোকে ইল্লে ফিল্লে লগাই এই গালি দি আছে।  মাৰ চাট পৰা নাই বহুদিন, চিনেমা লম্ভিছে জীয়েৰৰ।

বাকীকণ নকওঁ……তেলেগু ভাষাতে সৰুপানী চুই দিছোঁ দে’তাৰ মাৰ খাই।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply to ডলী Cancel reply

Your email address will not be published. Required fields are marked *