ফটাঢোল

দত্তনীৰ ৰঙালাও প্ৰীতি-ৰীতা লীনা সোণোৱাল

দত্তনীৰ সকলো বিষয়ৰ ওপৰতে অগাধ জ্ঞান। তেওঁৰ জ্ঞানৰ মহিমা দেখি আমাৰ মেলা মুখ মেলাতেই ৰৈ যায়। এবাৰ আমাৰ চুবুৰিৰ নামঘৰটোলৈ স্থানীয় বিধায়কজন আহিল সপত্নীক। আমি গোটেই চুবুৰিৰ মহিলাখিনি নামঘৰতেই আছিলোঁ, নাম লৈ। বিধায়কে বোলে,

: আইসকল আশীৰ্বাদ এভাগি দিব। এইবাৰো ইলেকশ্যনত উঠিছোঁ‌।

দত্তনীয়ে তাৰ মাজতে টেপেচকৈ মাত লগাইছে,

: ছাৰ, আপোনাৰ ডেডবডীকেইটা অহা নাই নেকি এটাকো দেখা নাই যে। 

বিধায়ক পত্নীৰ চকু-মুখ টেলেকা হৈ গৈছে। এনেই ৰাজনীতি কৰা মানুহৰ বদনাম বহুত। এইবাৰ ডেডবডী লগত লৈ ফুৰে বুলি ধৰিলগৈ। মাজতে কোনোবাই বিধায়কক বুজালে,

: নহয় মানে ছাৰ, আপোনাৰ বডীগাৰ্ডকেইজনৰ কথাহে সুধিছে। 

কথাটো বুজি বিধায়কৰ মুখলৈ পানী আহিল। আমিও বৰ বেছি নজনাজনী হৈ বহি থাকিলোঁ‌। দত্তনীৰ সেইবোৰলৈ কাণষাৰ নাই আৰামত নাম লৈ আছে। 

দত্ত মানুহজন হোজা। দত্তনীয়ে উঠ বুলিলে উঠ, বহ বুলিলে বহি থকা মানুহ। দত্তনীয়ে মাজে মাজে অদ্ভুত ধৰণৰ বস্তু কিছুমান বিচাৰি দত্তক বজাৰলৈ পঠিয়ায়। যেনে ধৰক, সেইদিনা দেওবাৰ বুলি দত্তই ওচৰৰে দেওবৰীয়া বজাৰখনত ‘কাৰীপাত্তা’ বিচাৰি গোটেইখন তল-ওপৰ কৰিলে। কিন্তু নাপালে। দত্তনীৰ মস্ত খং। মানুহটোক বস্তু এটা আনিবলৈ দিলে আনিব নোৱাৰে। দত্ত টাউনৰ বজাৰলৈ ওলাল। বাটতে মোক পাই বোলে,

: কথা এটা আছিল। কাৰীপাত্তা কি বস্তুহে?

: আপোনালোকৰ চোতালৰ পাছফালে থকা নৰসিংহজোপাৰ পাতখিনিয়ে কাৰীপাত্তা অ’ দত্তদা।

 দত্তই ফোঁ-ফোঁৱাই ঘৰলৈ ওভতিল। 

বে’ লিফ, বেচিল লিফ এইবোৰো কম ডাঙৰ বস্তু নহয়। ছবিখন নোচোৱাকৈ অকল নামটো চালে মূৰ ঘূৰাই পৰি যোৱাৰ উপক্ৰম হয়। 

দত্তনীৰ মেক আপৰ জ্ঞানো কিছু নথকা নহয়। অৱশ্যে মোৰো কিছু পৰিমাণে আছে বাৰু সেই জ্ঞান। এদিন দুয়োজনীয়ে টাউনৰ বজাৰলৈ গ’লোঁ‌। পাউদাৰ, ক্ৰীম, লিপষ্টিক সব শেষ হ’ল। বয়সে পঞ্চল্লিশৰ পাৰ হ’ল যদিও এতিয়াও দুয়োজনীয়ে সাজি-কাচি পেখম ধৰি থাকোঁ‌। চুবুৰীত অন্ততঃ আমাক তেনেকৈয়ে ভাবে। টাউনৰ আটাইতকৈ ভাল কচমেটিকচ্ পোৱা দোকানখনত সোমালোঁগৈ। দত্তনীয়ে লিপষ্টিকৰ ৰং বাচি আছে আৰু মই পাউদাৰ, ক্ৰীম কিনি আছোঁ। এনেতে দোকানলৈ ন-কইনাৰ দৰে ছোৱালী এজনী সোমাই আহিল। তাই কিবা মেক-আপ আঁ‌তৰোৱাৰ ক্ৰীম বিচাৰি আছে। দোকানীয়ে ইটো উলিয়াই দিয়ে নহয় বুলি কয়, সিটো উলিয়াই দিয়ে নহয় বুলি কয়। দত্তনীৰ এইবাৰ সেইফালে চকু গ’ল। দত্তনীয়ে বোলে,

মেক-আপ আঁতৰাবলৈও অতসোপা ক্ৰীম লাগে নে? আমিচোন পতকৈ আঁতৰাই পেলাওঁ।

ন কইনাই সুধিছে,

: আপুনি কিহেৰে আঁতৰাইনো আণ্টি?

আণ্টি বোলোতে আমাৰ দুয়োজনীৰে গাত লাগিল। হ’লেও চকু-কাণ মুদি সহি থাকিলোঁ‌। দত্তনীয়ে উত্তৰ দিছে,

: চাবোনেৰে নহ’লে ফেচৱাচেৰে মুখ ধুই দিওঁ আই। 

বেলেগ জানো বা নাজানো আমাৰ প্ৰসাধনত ব্যৱহাৰ হোৱা দুই এটা বস্তুৰ নাম আমি ইংলিছত ফুটাব পাৰোঁ।

এইবাৰ ন-কইনাই ওঁ‌ঠ বেঁকা কৰি হাঁ‌হি কৈছে,

: মেক-আপৰ আগত প্ৰাইমাৰ মৰা হয় ন? সেইবাবে সাধাৰণ ফেচৱাচেৰে চাফা কৰিলে ভালকৈ নাযায়। তাৰবাবে বেলেগ চাফা কৰা বস্তু লাগে।

এইবাৰ দত্তনী আৰু মই সঁচাকৈ জঁই পৰি গ’লোঁ‌। ইমান দিনে দত্তনী আৰু মোৰ মেক-আপৰ ওপৰত থকা জ্ঞান যেন হাৱাত উৰি গ’ল। ঘৰ-দুৱাৰৰ খিৰিকীত প্ৰাইমাৰ মাৰে বুলি জানিছিলোঁ‌। মুখতো যে মাৰে এতিয়াহে গম পালোঁ। যাহওক দত্তনীয়ে যেনিবা প্ৰাইমাৰ এটা কিনো বুলি নক’লে।

ঘৰলৈ আহি ভাত-পানী ৰান্ধি আজৰি হৈছোঁ। এনেতে আমাৰ ভাড়াঘৰত থকা মনিপুৰী ল’ৰাটো আহিল ভাৰা দিবলৈ। ভাড়াঘৰ মানেনো কি, ৰূম দুটা। তাকে যেনিবা ফ’ৰলেন বনাবলৈ মনিপুৰৰ পৰা অহা সৰু ইঞ্জিনিয়াৰ ল’ৰাটোক দিব লগা হ’ল। সিহঁতৰ থকাৰ বাবে সাজি থকা কোম্পানীৰ কেম্পটো হৈ উঠা নাই এতিয়াও। সেয়েহে আমাৰ ঘৰতে ৰূম দুটা খালী হৈ পৰি থকা দেখি বিচাৰিলে। সৰু ল’ৰা, কিমাননো অকলে ৰান্ধি খাব বুলি মাজে-সময়ে খোৱা বস্তু ইটো-সিটো দিওঁ। তাক দিবলৈ শুকান মাছেদি বনোৱা ৰঙালাওৰ তৰকাৰী অলপ বাতিত সজালোঁ‌। সেই সময়তে দত্তনীও আহিল। মোৰ ভাগৰ ক্ৰীম-পাউদাৰ সকলো দত্তনীৰ টোপোলাত গুচি গৈছিল। তাকেই দিবলৈ আহিল দত্তনী। মনিপুৰী ল’ৰাটোক দেখি তেওঁ তাৰ লগতে মানুহ বহা কোঠাটোত বহিল। দত্তনীয়ে ভালপায় তাক। সৰু ল’ৰা, আধা ভঙা হিন্দীতে খুউব কথা পাতে তাৰলগত। মাজে মাজে অদ্ভুত ধৰণৰ উচ্চাৰণেৰে ইংৰাজী শব্দ দুটামানো ব্যৱহাৰ কৰে। মই ওলাই আহি তাক ভাজিৰ বাতিটো দি ক’লোঁ‌,

: পাম্পকিন কা সব্জি। 

দত্তনীৰ মুখখন অলপ ফুলি উঠা যেন লাগিল। ল’ৰাটো যোৱাৰ পাছত কৈছে,

: হয়নে বৰানী, আজি অতদিনে আপোনাৰ ঘৰলৈ অহা-যোৱা কৰিলোঁ। কিবা ভাল ৰান্ধিলেই ইঘৰে-সিঘৰক দিওঁ। আজি নতুন কিবা এটা ৰান্ধি এই নতুন ল’ৰাটোকহে দিলে। আমাৰ ভাগ্যই নাই আপোনাৰ হাতৰ নতুন বস্তু খোৱাৰ। মই এনেই ইমান দুপৰীয়া ভাত খোৱাৰ সময়ত আপোনাক এইবোৰ বস্তু দিবলৈ আহিলোঁ‌, ভাত ৰন্ধা আধাতে এৰি। দত্তনীৰ চকুদুটাও পানী ওলাও ওলাও হ’ল। তেওঁৰ অনুভৱ মই বুজিব পাৰিছোঁ‌। মই যিমান পাৰি সিমান মোলায়েম হৈ কৈছোঁ,

: দত্তনী অ’ তাক কালি আপোনালোকৰ বাৰীৰ পৰা অনা ৰঙালাও ভাজি অকণ দিছোঁ হে। শুকান মাছেৰে জ্বলা মছলা দি খাবলৈ ভাল বুলি আপুনিয়েই কৈছিলচোন। ৰঙালাওকে ইংলিছত পাম্পকিন বুলি কয়।

দত্তনীৰ মুখখন এইবাৰ হা-কৈ মেল খাই থাকিল। দত্তনীৰ ৰঙালাও ভাজি বৰ প্ৰিয়, মই জানো।

☆ ★ ☆ ★ ☆

3 Comments

  • ডলী

    হা হা । মজ্জা লাগিল ৰীতা

    Reply
  • ৰাজশ্ৰী শৰ্মা

    মজা দিলে ৰীতা বা

    Reply
  • কমলা দাস

    ডেডবডি কেইটা লগত অহা নাই!???

    মজা লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *