ল’ৰালিৰ দুষ্টামি-মৌচুমী গগৈ
ল’ৰালিৰ দুষ্টামি বুলি ক’লে আমি জীৱনৰ সেই মধুৰ সময়খিনিৰ কথা মনত পেলাবলৈ চেষ্টা কৰোঁ, যি সময়ত আমাৰ চিন্তা ভাৱনাবোৰ কেৱল নিজৰ মাজতেই সীমাবদ্ধ আছিল। কি ভাল, কি বেয়া সেইবোৰ আমাৰ মনৰ সীমনাই ঢুকি পোৱা নাছিল। আমি কেৱল আমাৰ মনটোৰ কথা শুনিছিলোঁ। ডাঙৰ হৈ অহাৰ লগে লগেই আমি বেছিভাগ মানুহেই হাঁহিবলৈ কমাই দিলোঁ, ধেমালিবোৰ কমি আহিল আৰু প্ৰাপ্তবয়স্কৰ অসহজ ছদ্মবেশত নিজকে খাপ খুৱাবলৈ চেষ্টা কৰিলোঁ। কিন্তু এই পোছাকযোৰৰ আঁৰত আমাৰ ভিতৰত এটি শিশুৱেই থাকে।
ল’ৰালি কালৰ এটা নজনাকৈ কৰা দুষ্টামিৰ কথা আপোনালোকৰ লগত আকৌ এবাৰ সুঁৱৰিব খুজিছোঁ। দেউতাৰ চাকৰিসূত্ৰে আমি তেতিয়া লক্ষীমপুৰত আছিলোঁ। মই তেতিয়া প্ৰাথমিক স্কুলত পঢ়ি আছিলোঁ। আমি থকা ঘৰটোৰ দুটা পাৰ্ট আছিল। এটা পাৰ্টত আমাৰ পৰিয়ালটো আছিল আৰু আনটো পাৰ্টত বেলেগ এটা পৰিয়াল আছিল। সেই পৰিয়ালটোত দুটা ল’ৰা আছিল। এটা অলপ ডাঙৰ আছিল আৰু আনটো ডেৰ বছৰমান বয়সৰ আছিল। সেই সময়ত যিহেতু মোবাইল আৰু টিভিৰ পয়োভৰ এতিয়াৰ দৰে নাছিল গতিকে আমি বহুতো কথাই জনা নাছিলোঁ। মই টিভিত চিনেমা চাই দুই এটা হিন্দী ক’বলৈ আৰম্ভ কৰিছিলোঁ। চিনেমাত সচৰাচৰ ব্যৱহৃত এটা ডাইলগ খুব ভালকৈ শিকিলোঁ আৰু কাষৰ ঘৰৰ অকণমানিটোক মৰমতে সেই ডাইলগটো কৈ মৰম কৰিবলৈ ধৰিলোঁ। টিকলাটোৰ মাকে কথাটো বৰ ভাল নাপাই বাবে মই সেই ডাইলগটো ক’লেই আঁতৰি যায়। ময়ো বুজি নাপাওঁ, কাৰণটো কি! কেইদিনমানৰ পিছত এদিন মই মাৰ সন্মুখতে টিকলাটোক মৰমেৰে সেই ডাইলগটো কৈ গালত চুমা এটা খালোঁ। মায়ে মোৰ ফালে এনেকৈ ঘোঁপা চাৱনি এটা দিলে যে মই ঠিক ধৰিব পাৰিলোঁ যে কিবা এটা গণ্ডগোল ঘটিছে। মই লাহেকৈ ঘৰলৈ গুচি আহিলোঁ। অলপ পিছত মা ঘৰলৈ আহি চিধাই মোক ঢকা দুটা দিলে আৰু সেই বিশেষ ডাইলগটো মানে, ‘কুত্তা কা বাচ্ছা’ৰ অৰ্থ বুজাই দিলে। মোৰ নিজৰো কথাটো গম পাই লাজ লাগিল। তাৰ পিছত মাৰ কথামতেই খুড়ীৰ ওচৰতো গৈ ক্ষমা খুজিলোঁ। সেই ঘটনাটোৰ বহু দিন পিছলৈকে বায়ে সুবিধা পালেই মোক জোকাবলৈ নেৰিছিল।
☆ ★ ☆ ★ ☆