ফটাঢোল

তুমি হেনো কৰুণা সাগৰ- নাজিয়া হাচান

“যিমানেই আদৰ সাদৰেৰে ৰাখোঁ; শাস্তি নিদিলে স্বভাৱৰ তহঁতৰ সলনিয়েই নহয় মানে। ‘জানোৱাৰ সৱ ক’ৰবাৰ’। হ.. হ.. যা..যা..হুৰ হুৰ―গৰাকীয়ে বাহু দাঙি লাখুটিডালেৰে আকৌ দুয়োটাৰে পিঠিত দুকোব ভালকৈ লগোৱাত, পুনৰ সিহঁত দুয়োটা মূৰ জোকাৰি ঘূৰিবলৈ ধৰিলে। পুৱাৰপৰা তহঁতক ঘাঁহ, খেৰ, দানা, পানীৰে পেট পূজা ভালকৈ কৰাই লোৱা নাইনে? তথাপি তহঁতে এই মৰণাখিনি মাৰোঁতে ইমান যে অত্যাচাৰ কৰিছ? কোবসোপা খায়ো জ্ঞানৰ দুৱাৰ নোখোলে ন তহঁতৰ? এইবোৰ স্বভাবৰ দোষতেইতো গৰু উপাধি লাভ কৰিছ তহঁতে! খাবলৈ নোপোৱাৰ নিচিনা মৰণাৰ ধান খেৰকেইডাল খাবলৈকে কেনেকৈ ৰৈ ৰৈ গৈছে চাচোন ঔ এই দুটা। ৰাম কৃষ্ণ! ৰহ ৰহ,ৰহ তহঁতক.. “

এইবুলি গোহালিৰ কাষত থকা মোখৰা দুটা আনি দুয়োটাৰে মুখত গৰাকীয়ে ভালদৰে সোপা লগাই দিলে আৰু পুনৰ দুয়োটাৰে পিঠিত দুকোব দুকোব মুঠ চাৰিকোব লগাই হুৰ.. হুৰ বুলি গৰুদুটাক ধানখেৰখিনিৰ ওপৰত চকৰিৰ দৰে ঘূৰোৱালে।

যি হওক; গৰু হ’ল বুলিনো সিহঁতৰ শৰীৰ নহয় নেকি কিবা এইটো? ইমান মাৰিছে যে? কি বুলি ভাবিছে সিহঁতক, এইভাবি মৰণাৰ ওপৰতে দুয়োটাই গোবৰ এসোপা দিলে খঙতে উলিয়াই আৰু মূৰটো জোকাৰি জোকাৰি গৰু দুটাই নিজৰ ভাষাৰেই গৰাকীয়ে বুজিলেও বুজক নুবুজিলেও নাই বিচাৰেৰে ক’লে,

“গম আছেনে ঐ মানুহ? আমাৰ দৰে সৰল জীৱক এনেবোৰ অত্যাচাৰ কৰাৰ বাবেই যে তহঁতৰ আজি দুৰ্দশাৰ দিন চলিছে? আমাক যিদৰে পিঠিত দৰদৰাই যোৱাকৈ কোবাইছ, ক’ৰোনা নামৰ নেদেখা বিধেও তহঁতক মজা লগাকৈ ঔ তুলিছেনে? পাইছ নহয় তহঁতেও; মুখাখন নলগালেই যে কি বিলাই কৰিব তহঁতক তেৰাই! জ্ঞানৰ দুৱাৰ তহঁতেহে খোল বুইছ? আমি জনোৱাৰ যদি, তহঁতো দুঠেঙীয়া জন্তুৱেই–“

এইবুলি সিহঁতহালে নেজডালৰ আগৰ চুলিখিনি এইবাৰ গৰাকীৰ চকুৱে মুখে খঙেৰে মাৰি দিলে। সিহঁতৰ এই কাণ্ডত গৰাকীয়েও হালৰে পিঠিত আকৌ দুকোব জোৰ জোৰকৈ লগালে…।

কিছু দূৰত থকা ছাগলীকেইটাই গৰাকীৰ সেই নিৰ্দয় ব্যৱহাৰবোৰ লক্ষ্য কৰি আছিল। হওঁতে সিহঁতবোৰো সেই গৰাকীৰেই পোহনীয়া জীৱই বাৰু! কিন্তু সিহঁতৰ দৰে জীৱবোৰে এই মানুহ বোলা প্ৰাণীবোৰৰ চৰিত্ৰক হাড়ৰ গুৰিলৈকে চিনি পায়। কিন্তু হ’লে কি হ’ব; ওলোটাই গৰাকীক উচিত জবাব কেনেকৈ দিয়ে? মানুহৰ লগত সিহঁতৰ ভাব ভাষাৰ মিল থাকিলেহে কিবা! সেয়ে সিহঁতে নিজৰ নিজৰ মাজতে মনৰ দুখবোৰ উজাৰে! 

“সৌৱা চাচোন, গাখীৰখিনি বেছিকৈ পোৱাৰ লোভত গৰাকীয়ে কেনেকৈ পোৱালীকেইটাক মাকৰ কাষলৈ আহিব নোৱাৰাকৈ টানকৈ বান্ধিছে! ‘বে..বে’ কৈ কান্দি আছে অ’ বাচ্ছাকেইটাই আমাৰ! গৰু পোৱালিকেইটাৰোতো একেই দশা! পুৱাৰপৰা ‘হেম্বে হেম্বে’ কৰি সিহঁতৰ ডিঙি শুকাই গৈছে পিয়াঁহত। আমাৰ এই হিয়াভঙা বিননী শত্ৰুহেন গৰাকীমখাৰ ডিলত বিন্ধিছেনে কিবা! আমাৰ দুখ বেদনাক লৈ সিহঁতৰ কি ঠেকা! স্বাৰ্থপৰ দুঠেঙীয়া মানুহ সৱ ক’ৰৱাৰ। মালিক হৈ দেখুৱাব আহিছে; লাইফটোত ইহঁতে আমাৰে খাই, আমাৰ দ্বাৰাই এঞ্জই কৰি আমাকেহে আকৌ পানিশ্বমেণ্ট দিয়ে। কিমান ওলোটা বিচাৰ এইবোৰৰ। মাত্ৰ নিজৰ স্বাৰ্থৰ উদ্দেশ্যৰেহে ইহঁতে আমাক ডমেষ্টিক বনাইছে। বিনাস্বাৰ্থই বনাইছেনে কিবা, হুহ!… “

মাইকী ছাগলীজনীয়ে মতাছাগলীটোকেই মনৰ দুখখিনি এইবুলি নিজ ভাষাত উজাৰি মুখখন পকাই দিলে।

তেনেতে, কক কক কক কক শব্দ কৰি সেই গৰাকীৰেই পোহনীয়া বগা পাখীৰ ধুনীয়া কুকুৰাজনী খৰি ঘৰটোৰ পৰা মতা কুকুৰাটোৰ ওচৰলৈ লৰি আহিল। হেদালিখনৰ ওপৰত বহি ককৰ কক বুলি ডাক দিবলৈ ধৰা মতা কুকুৰাটোৱে চিন্তিত মাইকীজনীক দেখি ডাকভাগ লৰালৰিকৈ দি হেদালিৰ ওপৰৰপৰা তাইৰ কাষত একেজাঁপে আহি পৰিল।

“কি হ’ল অ তোৰ? ইমানকৈ চিন্তাত পৰা যেন লাগিছে যে! মূৰ ঘূৰাইছে নেকি আকৌ?”

“নাই ঘূৰোৱা মূৰ। কলিজাখনহে ফাল খাবলৈ ধৰিছে! চাচোন, কালিমাত্ৰ কণী এটা পাৰিছিলোঁহে মই আৰু সেইটোও মোৰ জীৱনত পৰা প্ৰথম কণী। কিন্তু আজি দ্বিতীয় কণীটো পাৰিবলৈ গৈ দেখোঁ, কালিৰ কণীটোচোন বাহত নাই! পিছত দেখিলোঁ, মালিকনীয়ে জীয়েকক সেই কণীটোৱেই সিজাই, তাইৰ কপালত  চুমা দি দি খুৱাই আছে! কলিজাখন মোৰ দুফাল  হৈ গ’ল অ’ দেখি! জীয়েকে কণীটো নাখায়, আৰু মাকে নেৰে। ঠেলি ঠেলি জীয়েকক কণীটো খুৱাইহে মাকে দাঁত মেলি সুখী হৈছে!”

কথাখিনি দুখেৰে কৈ মতা কুকুৰাটোৰ কাষৰপৰা উচুপি উচুপি বাৰীখনৰ ফালে তাই গুচি গ’ল। তাইৰ দুখকণ সি বুজিছে। হয়, তাই পৰা জীৱনৰ প্ৰথম কণী আছিল সেইটো। বেথা বৰকৈ গধুৰ!

“সোণজনী অ’, এই মানুহ জাতিৰপৰা মোৰ নিজৰ জীৱনটোৰো একো ভৰসা নাই! জাতত মই মতাকুকুৰা ঠিকেই বাৰু। কিন্তু মানুহক দুঘোছা দিয়াৰ শক্তিতো মোৰ নাই। তোকনো মই কি বুলি সান্তনা দিওঁ এই ক্ষণত। ইহঁতবোৰ এনেকুৱাই। গৰাকীৰ নামত ইহঁতমখা আমাৰ বাবে সাক্ষাৎ ৰাক্ষস। মতা মুৰ্গী বুলি মোকো ইহঁতে কোনদিনা আহি ডিঙি টিপি মাৰে কোনে জানে!” 

এইবুলি সি দূৰৰ পৰায়ে মনতে ককককাই আকৌ ঘৰৰ চালৰ ওপৰত পৰি ডাক দিবলৈ ধৰিলে। ককৰ কক…।

……

ৰাতি চোতালত জুই পূৱাই পূৱাই গৰাকীয়ে কোৱা কথাটো শুনি,কাষৰ গৰালত থকা হাঁহ কেইজনীৰ বুকুখন হঠাৎ ধৰফৰাই উঠিল! লগে লগে সিহঁতে ইজনীয়ে সিজনীক ডিঙিত ধৰি ধৰি কান্দিবলৈ ধৰিলে। অহা থাৰ্তি ফাৰ্ষ্ট ডিচেম্বৰত জহা কোমোৰাৰে তাহঁতৰে মাজৰ হাঁহ এজনীক হেনো জোল কৰি গৰাকীৰ পৰিয়ালে সেইদিনা ৰাতিলৈ ভোজ খাব! হাঁহচৰাই কেইজনীৰ কান্দোনৰ চিঞৰ বুজি, গৰাকীয়ে বাকচ বনাই পোহপাল দিয়া পাৰহালৰ জীৱনৰ ভৰসা খন্তেকতে যেন শূণ্য হৈ পৰিল। সিহঁতহালে লগে লগেই থিৰাং কৰিলে; আমি কিন্তু এই খকুৱা মালিকৰ কাঠৰ বাকচত নাথাকোঁ আৰু দেই। বেলেগ ঠাইত নিজে গৈ বাহ সাজিম। হাঁহ খাই পুৰণা বছৰ সামৰি; পাৰচৰাইৰ জালুকীয়া খাই নতুন বছৰ নিশ্চয় আৰম্ভ কৰিব এইবোৰে, একো বিশ্বাস নাই ইহঁতৰ..! কালিলৈ আমি পলাম।

……

ৰাতি গৰুহালক যাতে মহে দাহে নাখায় গৰাকীয়ে সিহঁতৰ আঁঠুৱাখন  ঠিক-থাক কৰি দিলে, ছাগলী কেইজনীকো হাতেৰে এবাৰ গায়ে মূৰে মৰমেৰে মোহাৰি দিলে, হাঁহ-কুকুৰাৰ গৰালত হেঁপা শিয়ালৰ যেন প্ৰৱেশ বন্ধ থাকে তাৰ বাবে গৰালৰ দুৱাৰখন আকৌ এবাৰ ভালকৈ তেওঁ চাই ল’লে, পাৰকেইজনী বাৰু বাকচটোৰ ভিতৰত এটাই আনটোৰ বুকুত সোমাই ভালদৰে শুই থকায়ে দেখিলে। …এইদৰে গৰাকীয়ে ইহঁত সকলোৰে প্ৰতি থকা দায়িত্বসমূহ নিস্বাৰ্থ ভাৱেৰে সামৰি কম্বলখন ডিঙিলৈকে ঢাকি ৰাতি ঈশ্বৰৰ নাম লৈ শুবলৈ ল’লে।

শোৱাৰ আগত তেওঁ সদায় গোৱা প্ৰাৰ্থনা গীতভাগ ঘৰৰ প্ৰতিটো পোহনীয়া জন্তুৱে আজি পিচে কান্দি কান্দি শুনিলে―

“তুমি হেনো কৰুণা সাগৰ

তুমিতো কাৰো নধৰা জগৰ..”

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *