নাৰিকলৰ লাড়ু-মানসী বৰা
উৰ্বীধৰ বৰুৱাক চুগাৰে পালে। সহধৰ্মিনী বৰুৱানীয়ে বৰুৱাৰ চাহত চেনী নিদিয়া হ’ল। লগতে মিঠা বস্তুসোপাকে দিয়া বন্ধ কৰিলে। জীয়েক-পুতেকহালে গুগল চাই চাই আজিকালি বৰুৱাই খোৱা খাদ্যবোৰ তদাৰক কৰা হ’ল। মাটিৰ তলত হোৱা বস্তু যেনে- আলু, কঁচু, মাটিমাহ, কাঠআলু, মূলা, গাজৰ, ৰঙালাও আদিবোৰ বৰুৱাৰ খাদ্যৰ পৰাৰ একেবাৰে বাদ পৰিল। জিকা, জাতিলাও, বেঙেনা, কোমোৰা, কুন্দুলি, আদিবোৰ অৱশ্যে খাদ্যৰ তালিকাত আগৰ দৰে থাকিল। থাকিল বৰুৱাৰ প্ৰিয় মাছৰ-টেঙা আঞ্জাখনো। তাৰ লগতে সঘনাই খাদ্যত সংযোগ ঘটিল আন এটি উপকৰণ। সেয়া হ’ল তিতা। তিতা ভেঁকুৰি, তিতা কেৰেলা, বেতগাঁজ, তিতাফুল, তিতামৰা আদিবোৰ মুখ তিতিকি কৰি কৰি কৰি বৰুৱাই খাব লগাত পৰিল। তিতা বস্তু জীৱনত কোনোদিনে বৰুৱাই ভাল পোৱা নাছিল। দেখিব নোৱৰা বস্তু বুলি সুধিলে হয়তো “তিতা” খাদ্য বুলিয়ে তেওঁ নাম ল’লেহেঁতেন।
কিন্তু আজিকালি মানুহজন তেনেই নিৰুপায়। ভাতৰ টেবুলত বহিলে শোকটোৱে খুন্দা মাৰি ধৰে। মনৰ মাজতে কৈ উঠে,
“হেৰৌ বৰুৱা, কিহলৈ জীয়াই আছ? অৱশেষত গৈ থৈ কি এই জীৱন পালি! যা গৈ আৰু। জীৱনৰ মায়া-মোহ এৰি দে। পৃথিৱীত ভাৰ কমা।”
আপদীয়া চুগাৰটোৱে আহি বৰুৱাৰ জীৱনত গোটেইখন আউল লগাই দিলে। মাটিদাইল-কাঠআলু আৰু ৰঙালাও ভাজিৰ সৈতে খোৱা টেবুলত বৰুৱাই সোলোপ সোলোপকৈ জুতি লোৱা সেই ভাতসাঁজ খোৱা তেনেই মুদা মৰিল। মূলাৰ সৈতে শ’ল মাছৰ আঞ্জাখন খাই টকালি পৰা দিনবোৰ নোহোৱা হ’ল। আৰু সেই গুটি কঁচু, বিলাহীৰ সৈতে মচুৰ দাইলখন যে! ক’ম সোৱাদলগা আছিলনে বাৰু!
যিখিনি খালে সেই তাহানিৰ দিনতে খালে
আৰু। খাবলৈ নোপোৱা এই জীৱন কিবা জীৱন হ’লনে? চেনী নোহোৱাকৈ চাহ খাই বৰুৱাৰ মন দুখেৰে ভৰি পৰে।
: গুড় অকণকে দিবা নেকি?
লাহেকৈ খুজিয়ে দিয়ে বৰুৱাই।
: নাই নাই চেনী গুড় সকলো একেই। প্ৰণৱে কৈছে নহয়। গুড় খাব পাৰি বুলি লুভীয়া মানুহে নিজেই উলিয়াই লোৱা কথা। এনেকৈয়ে খাওকচোন।
ভাগিন জোঁৱাই ডাক্তৰ প্ৰণৱৰ কথা কৈ বৰুৱানীয়ে লগে লগেই বৰুৱাৰ কথাৰ মোখনি মাৰে।
লাহে লাহে বৰুৱাই চাহৰ কাপত সোহা মাৰি যায়। বিনাচেনীৰ চাহকাপ ডিঙিৰে কেনেকৈ সৰকাই পঠিয়াই একমাত্ৰ তেওঁহে বুজি পায়। সেই বেদনা চুগাৰ নোহোৱা মানুহে বুজিব নোৱাৰে। খাবলৈ আশা কৰা একো বস্তু বৰুৱাই খাবলৈ নোপোৱা হ’ল।
দুদিনমানৰ পৰা বৰুৱানীয়ে ফ্ৰীজত তলা মাৰিবলৈ ল’লে। তেওঁৰ সন্দেহ ঘনীভূত হোৱাৰ বাবেই হঠাৎ সেই পদক্ষেপ ল’ব লগা হ’ল। ঘৰলৈ ফুৰিবলৈ অহা নতুন মিতিৰ ভতিজা জোঁৱায়ে কাজুবৰ্ফী আৰু লালমোহন আনিছিল। আলহী সুধি থকাখিনি ফ্ৰীজতে বৰুৱানীয়ে সুমুৱাই থৈছিল। কিন্তু ফ্ৰীজ খুলি পেকেটবোৰ দেখি গম পোৱা গ’ল যে তেওঁ ৰখাৰ ধৰণে সেইবোৰ নাই। পেকেটকেইটা খুলি চাই তাৰ পৰা মিঠাই কমি থকা যেন লাগিল। আলেঙে-আলেঙে বৰুৱানীয়ে কথাটো লক্ষ্য কৰি থাকিল। এপাকত ফ্ৰীজ খুলি মূৰটো আগলৈ হাউলাই বৰুৱাই পেকেট খুচৰি থকা নিজ চকুৰে আহি দেখা পালেহি তেওঁ। বৰুৱানী অহা দেখি খপজপাই হাতত লোৱা কাজুবৰ্ফীটো বৰুৱাই পেকেটত পুনৰ ভৰাই থৈ জামুৰ ৰস থোৱা বটলটো বাহিৰলৈ উলিয়াই আনিলে। যেনিবা সেইটোহে তেওঁ বিচাৰি আছিল। ক’লা জামুৰ ৰস চুগাৰৰ মহৌষধ।
পিচে সেইখন নাটক বৰুৱানীৰ বুজি পাবলৈ বেছি পৰ নালাগিল। মুখেৰে একো নক’লেও কাৰ্যৰে দেখুৱাইহে এৰিলে তেওঁ। ফ্ৰীজত তলা লাগিল।
কথাটো বুজি পাই বাহিৰৰ চোতালত বহি বৰুৱাই মুখেৰে ভোৰভোৰাই ক্ষোভ উজাৰিলে।
: নিজৰ ঘৰখনতে আজি মোক মানুহে চোৰ সজায়। এই দিন দেখিবলৈকে মই জীয়াই আছোঁ। হে’ ঈশ্বৰ! দয়াময়, তুমি কৰুণাসাগৰ মোক মাৰি নিনিয়া কিয়?
বৰুৱানীয়ে কাণ-সৰালি মাৰে।
বৰুৱাৰ সৰু ভায়েকৰ ঘৰত সত্যনাৰায়ণ পূজা পাতিছিল।পূজাৰ মহাপ্ৰসাদ ঘোলখিনি মুখৰ আগত আনক বিলাই থকা দেখি বৰুৱাই যিটোহে কৰুণ দৃষ্টি নিক্ষেপ কৰিলে! সৰু ল’ৰা এটাৰ মুখৰ পৰা যেনিবা চকলেট এটাহে কোনোবাই কাঢ়ি ল’লে। বৰুৱানীয়ে ভালকৈ লক্ষ্য কৰিছিল কথাটো।
সামান্য চুগাৰ থকা হ’লে এচামুচ খাওক বুলি তেওঁ নিজেই হয়তো আগবঢ়াই দিলেহেঁতেন। কিন্তু এতিয়া যে তেখেতৰ চুগাৰ হাই। কি কৰে তেওঁ? মানুহজনীৰ উপায় নোহোৱা হৈ পৰিছে। দিনক দিনে যেন বৰুৱা মানুহজন সৰু ল’ৰাৰ দৰে হৈ পৰিছে। লোভৰ পৰিমাণ বাঢ়িব ধৰিছে। নিদিলেই বেজাৰ কৰা হৈছে। কিয় বাৰু অবুজন হৈ পৰিছে মানুহজন তেওঁ ভাবি নাপায়।
মাঘৰ বিহু বুলি বৰুৱাৰ ঘৰত মাক-জীয়েকে মিলি নাৰিকলৰ লাড়ু দিহা কৰিছে। খৰক খৰককৈ নাৰিকল ৰুকি থাকোঁতে বৰুৱাই কেঁৰাহি কেঁৰাহিকৈ জীয়েকলৈ চাই আছে। এপাকত ঘপহকৈ ভাবিছে জীয়েকে যেন দেউতাকক সুধি দিব,
“দে’তা অকণ নাৰিকল খাব নেকি? লওক এইকণ খাওক। ৰোকা নাৰিকলত চেনী অকণ মিলাই দিছোঁ। আপুনি ভাল পাই নহয়।”
ধেত কিখন যে ভাবিছে তেওঁ! মাক-জীয়েকৰ পৰা সেইকণ আশা কৰাটোৱেই ভুল। আৰু মৰি গ’লেও সিহঁতক নাৰিকল খোজাৰ মৰসাহ নিজেও নকৰে তেওঁ। চুগাৰ আছে কিয় খাব লাগে বুলি মাক-জীয়েক দুইজনী যে দাং খাই উঠিব সেয়া খাটাং। মোক দেখুৱাই দেখুৱাই লাড়ু বনাই পিছত সিহঁতে চাহৰ লগত খাই থাকিব। আলহী আহিলে প্লেটত সজাই দিব। বাপেকটোৱে খাব নোৱৰা বস্তুবোৰ বনাবলৈ ইহঁতৰ উৎপাত বাঢ়ে।
ভাবি ভাবি বৰুৱা মানুহজন ভিতৰি জ্বলি উঠে।
কিছু বেলিৰ পিছতে নাৰিকল, চেনী, ইলাচীৰ সৈতে ভজাৰ সুবাস এটা আহি বৰুৱাৰ নাকত লাগিলহি। ডাইনিং টেবুলত লাড়ু বনাবলৈ জীয়েক যে বহিবহি সেয়া জানে তেওঁ। লাহেকৈ টিভিৰ সন্মুখত বহি থকাৰ পৰা উঠি আহি আলমাৰীৰৰ পৰা কাগজৰ ফাইল এটা উলিয়াই তেওঁ ডাইনিং টেবুলৰ চকী এখন টানি বহি পৰে। বৰুৱাই ঠিক ভবাৰ দৰে ক্ষন্তেক পিছতে জীয়েকে থাল এখনৰ সৈতে ডাঙৰ বাটিত লাড়ুৰ বাবে ভজা নাৰিকলখিনি লৈ বহেহি আৰু সৰু সৰুকৈ লাড়ু কৰাত লাগে। বৰুৱাই আঁৰ চকুৰে লাড়ুলৈ চাই পঠিয়ায়।
এপাকত ক’বলৈকো মন গৈছিল তেওঁৰ,
“ঐ সৰু চাই এটা দিবি নেকি?”…
কিন্তু নক’লে।
সৰু সৰু বগা বগা সুগোল লাড়ুৰে থালখন বৰুৱাৰ মুখৰ আগতে ভৰি গৈ থাকিল। হঠাত যেন বৰুৱাৰ কপাল ফুলিল। কাৰেণ্টটো গৈ গোটেই কোঠাটো নিমিষতে আন্ধাৰ হৈ পৰিল। হয়তো বিদ্যুৎ মহাশয়ৰ বৰুৱা মানুহজনলৈ অনুকম্পা জাগিল। সেইকণ সুবৰ্ণ সুযোগ বৰুৱাই হেৰুৱাই বা কোন সতে?
পলম নকৰি লাহেকৈ আন্ধাৰতে অনুমান কৰি তেওঁ নাৰিকলৰ লাড়ুৰ থালখনলৈ হাতখন আগবঢ়াই দিলে। তেওঁৰ মনত যে ফূৰ্তিৰ কোনো সীমাই নাই।
হয়, ঠিক লাড়ুৰ থালখনতে তেওঁৰ হাতখন পৰিছে। এয়া চুই লাড়ুখিনিও পাইছে তেওঁ। তাৰ পৰা এটা লাড়ু একোবত তুলি ল’বলৈ লৈছে তেওঁ। কিন্তু এয়া কি হ’ল? ঘপহকৈ গুচি যোৱা বিদ্যুৎ মহাশয় পুনৰ উভতি আহি আন্ধাৰ কোঠাটো পুনৰ পোহৰাই তুলিলে। বৰুৱাই আগবঢ়াই দিয়া হাতখন থালত থকাতে জীয়েকে দেখা পালে। পিছৰ কাহিনীখিনিত এখন মহাভাৰত।
☆ ★ ☆ ★ ☆
9:11 pm
বঢ়িয়া৷
10:29 pm
ধন্যবাদ দাদা।
9:23 am
বৰ ৰস লগা। কিন্তু কাহিনীভাগ সচা কথাত খুব দুখ লগাও অ! চুগাৰে জীৱনৰ মিঠাচ নোহোৱা কৰি দিয়ে!
ভাল লাগিল পঢ়ি?
7:05 pm
হয় বা,সঁচা কথা।ধন্যবাদ আপোনাক।
7:52 am
সঁচাকৈ বৰ ভাল লাগিল …
7:06 pm
আন্তৰিক ধন্যবাদ।
10:45 am
খুব ভাল লাগিল
7:06 pm
বহুত ধন্যবাদ দাদা।
11:00 am
খুব সৰসকৈ লিখিলা মানসী।তোমাৰ লেখাৰ সোৱাদেই অনন্য
7:07 pm
কৃতজ্ঞতা জনালোঁ বৰতা।
11:09 am
বৰ মিঠা সোৱাদ পালো দেই
7:08 pm
বাইদেউ ধন্যবাদ।
11:40 am
বৰ ধুনীয়া
7:07 pm
বহুত ধন্যবাদ আপোনাক।
10:13 pm
বঢ়িয়া
1:10 am
আন্তৰিক ধন্যবাদ..