অসমীয়া জাতিসত্তাৰ বিকাশত বিষ্ণু প্ৰসাদ ৰাভাৰ ভূমিকা-গায়ত্রী দত্ত
চন ১৯৬৭, অসমৰ আকাশে-বতাহে নিৰ্বাচনী প্ৰচাৰৰ ব্যস্ততা, পুঠিমাৰীৰ দিশত নিৰ্বাচনী প্ৰচাৰ অভিযানত যাওঁতে বাটত দুজন প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী লগ হোৱাত দুয়োজনে কৰমৰ্দন কৰি আলাপ-আলোচনাত ব্যস্ত হৈ পৰিল। সাম্প্রতিক সময়ত অসম্ভৱ যেন লাগিলেও সেই সময়ৰ বাস্তৱ সেই পৰিস্থিতিত এজন প্ৰাৰ্থীয়ে আনজন প্ৰতিদ্বন্দী প্ৰাৰ্থীক ভাতৃত্বসুলভ মৰম স্নেহেৰে ভৰপূৰ এক কতৃত্বৰ সুৰত কৈছিল – “তুমি বা মই যিজনেই জয়ী হওঁ, আমাৰ এটাই উদ্দেশ্য হ’ব – ৰাইজৰ হৈ সেৱা কৰা, ৰাইজৰ হৈ কাম কৰা।”
“ৰাইজৰ হৈ সেৱা কৰা, ৰাইজৰ হৈ কাম কৰা” এই বাক্যশাৰীৰ মাজত যিজন ব্যক্তিয়ে নিজৰ জীৱনাদর্শ বিচাৰি পাইছিল, নিৰ্বাচনী প্ৰচাৰতো যিজন ব্যক্তিয়ে প্ৰাৰ্থী হিচাপে নিজৰ লগতে, প্ৰতিদ্বন্দীজনকো নিস্বাৰ্থভাৱে জাতীয় চেতনাৰে উদ্বুদ্ধ কৰি ৰাইজৰ হকে কাম কৰি যোৱাৰ মনোবল জগাইছিল, প্রচুৰ সম্পত্তিৰ গৰাকী হৈয়ো যিজন ব্যক্তিয়ে ওৰেটো জীৱন দীন-নিচলাৰ বন্ধু হিচাপে যাযাবৰী জীৱন অতিবাহিত কৰি এখন প্ৰগতিশীল অসম গঢ়াৰ সপোন দেখিছিল, প্ৰচুৰ জাতীয়তাবাদী সত্তাৰ গৰাকী তেঁৱেই হ’ল কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা।
অসমীয়া জাতিসত্তাৰ বিকাশত বিষ্ণুৰাভাদেৱৰ ভূমিকা অবৰ্ণনীয়। এই সম্পর্কত আলোচনা কৰাৰ আৰম্ভণিতেই ৰাভাদেৱৰ এনে এটি দিশৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছোঁ যিটো দিশক মূল চালিকাশক্তিৰূপে গ্রহণ কৰি ৰাভাদেৱে বৃহত্তৰ অসমীয়া জাতি গঠনৰ সপোন দেখিছিল, সেয়া হৈছে সমন্বয়ৰ আদৰ্শবোধ। সমন্বয়ৰ এক জীৱন্ত প্ৰতীক আছিল আমাৰ বিষ্ণু ৰাভাদেৱ। যিসময়ত স্বাৰ্থান্বেষী এচাম মানুহে তেওঁলোকৰ ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত বিভাজন অনাৰ চেষ্টা চলাইছিল, সেইসময়তেই অৰ্থাৎ ১৯৬০ চনৰ নৱেম্বৰ মাহত ডিব্ৰুগড়ৰ মেডিকেল কলেজেৰ উৎসৱত দিয়া ভাষণত বৃহত্তৰ অসমীয়া জাতিৰ সংজ্ঞা সম্পৰ্কত ৰাভাদেৱে কৈছিল – “মিকিৰ, মিচিং, কছাৰী, সোণোৱাল, মেচ, খাচী, লালুং, গাৰো, চুটীয়া, ৰাভা, ডিমাচা, কুকি, চাওতাল, মণিপুৰী, মোচাই, বড়ো, দেউৰী, আহোম, মৰাণ, টাই, কোঁচ, কলিতা, খামটি , বামুণ, কায়স্থ, ন-পুমুৱা, ন-অসমীয়া এইসকল অসমবাসীক লৈয়ে গঢ়িব পৰা যাব অসমীয়া জাতি”। ঐক্যৰ অবিহনে যে সৌন্দর্যৰ বিকাশ আৰু প্ৰগতি অসম্ভৱ সেই কথা ৰাভাদেৱে মৰ্মে মৰ্মে উপলব্ধি কৰিছিল। তেওঁ বুজি পাইছিল যে ঐক্য সমন্বয় আদি শব্দবোৰ উচ্চাৰণ কৰিলেই সমাজখন সমন্বিত হৈ নপৰে, তাৰ বাবে যথেষ্ট সাধনাৰ প্ৰয়োজন। সেয়েহে ৰাভাদেৱে অসমৰ দিহিঙে-দিপাঙে ঘূৰি ফুৰি অসমৰ থলুৱা ৰাইজৰ মনস্তাত্ত্বিক বিশ্লেষণ কৰিছিল, অসমৰ জনসমাজৰ বিচিত্র ৰূপৰ মাজত ঐক্য বিচাৰি অৱহেলিত ৰাইজৰ চকুলো মচি সুন্দৰ অসম গঢ়াৰ স্বপ্ন বাস্তৱত ৰূপায়িত কৰাৰ পৰিকল্পনাৰে জনজাতীয় লোকসকলকো সমধিকাৰৰ দাবীৰ বাবে গীত, মাত, কবিতাৰ বাবে আহ্বান জনাইছিল। অৱশ্যে জনজাতীয় লোকসকলক জাগিবলৈ ৰাভাই যি আহ্বান জনাইছিল, তাৰ মূলতে তেওঁৰ গোষ্ঠীপ্ৰেম নাছিল, আছিল জনসমাজৰ প্ৰতি তেওঁৰ আকুল আগ্ৰহহে। সকলোকে আদৰি একেলগে একেখন মঞ্চতে সমবেত কৰাই সমন্বয়ৰ গীত ৰচনা কৰি তেওঁ ভাবিছিল এইখনেই হ’ব তেওঁৰ সপোনৰ বৰ অসম আৰু অসমীয়া জাতি।
সাম্প্রতিক সময়ত অসমত বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত হোৱা গৃহকন্দলৰ পৰিপ্ৰেক্ষিতত অসমত জনগোষ্ঠীসমূহৰ মাজত যি বিভিন্নতাবাদী মনোভাৱৰ সৃষ্টি হৈছে তাৰবাবে প্ৰধানিকভাৱে দায়ী- চৰকাৰৰ সমদৃষ্টি প্ৰদানৰ অভাৱ, সততেই জাত-পাতৰ বিচাৰ কৰি সাম্প্রদায়িকতাৰ বীজ সুমুৱাই দিয়া একাংশ নেতৃবৃন্দ তথা স্বাৰ্থান্বেষী লোক। এনে পৰিস্থিতিত ৰাভাদেৱৰ বক্তব্য অসমীয়া জাতিক শক্তিশালী কৰিবৰ বাবে নতুন পুৰুষৰ পাথেয়। তেওঁ লিখিছিল – “অসমৰ অত্যাচাৰিত আৰু অৱনত জাতিসমূহক আন আন উন্নত জাতিৰ লগত একে আসনত ঠাই দিবলৈ অসমৰ প্ৰত্যেক ৰাজনৈতিক আৰু সমাজৰ নেতাসকলে চেষ্টা কৰা উচিত। তাকে নকৰিলে অৱনত জাতিসমূহৰ বুকুত বিদ্ৰোহৰ অগ্নি জ্বলাই অসমত এটা গৃহকন্দলৰ বাহ সাজি দিয়া হ’ব”।
ৰাভাই জাত-পাত আৰু বৰ্ণ-বৈষম্য ঘটনাক “জাতিৰ নামত বজ্জাতি” বুলি অভিহিত কৰিছে। তেওঁৰ মতে অসমৰ থলুৱা ৰাইজৰ অধিকাৰেই অসমৰ জাতীয় অধিকাৰ আৰু সেই অধিকাৰৰ বাবে ৰাভাদেৱে লিখিছিল আৰু গাইছিল-
“হে বিপ্লৱী বীৰ অধিনায়ক হে / দিয়া অগ্নিবাণী বিপ্লৱৰ/ভাঙা বন্দীশাল কৌটি কালৰ / মুক্তি হওঁক নিৰ্যাতিতৰ।”
অসমৰ জাতিসত্তাৰ বিকাশত যিটো দিশক মূল উপাদানৰূপে গ্ৰহণ কৰি বিষ্ণুৰাভাদেৱে অসমৰ থলুৱা জনসমাজৰ মাজলৈ সোমাই যাব পাৰিছিল, পাহাৰ আৰু ভৈয়ামৰ সবাতোকৈ আপোন মানুহজন হ’ব পাৰিছিল, সেই দিশটোৱেই হ’ল – ‘অসমৰ জন-সংস্কৃতি’। অসমৰ সমূহ জনগোষ্ঠীক একত্রিত কৰি সাংস্কৃতিক বিনিময়েৰে বৃহৎ জাতি গঢ়ি তোলাৰ প্ৰচেষ্টাৰে ৰাভাদেৱে অসমৰ সংস্কৃতিত থকা আৰ্যতৰ উপাদানসমূহৰ সন্ধানৰ বাবে অসমৰ প্ৰতিটো অঞ্চললৈ গৈ তেওঁ সংগ্ৰহ কৰিছিল সাংস্কৃতিক সমল। তেওঁ চিৰদিন অসমৰ সংস্কৃতিক বৰলুইতৰ লগত তুলনা কৰি কৈছিল যে ভিন ভিন নদী-উপনদী, জান-জুৰি আদি মিলি লুইতক বিৰাট বিপুল ৰূপদান কৰাৰ দৰে অসমৰ ভিন ভিন জাতি-উপজাতিৰ ধৰ্ম-সংস্কৃতি হৃদয়ঙ্গম কৰিব পাৰিলেহে এক সমন্বয়-সংস্কৃতি গঢ়ি তোলাতো সম্ভৱপৰ হ’ব। সমন্বয়-সংস্কৃতিৰ যোগেদিহে যে অসমীয়া সংস্কৃতিক শক্তিশালী কৰিব পৰা যাব, সেইকথা ৰাভাদেৱে উপলব্ধি কৰিছিল। সেয়েহে তেওঁ জনগোষ্ঠীসমূহক কৈছিল- “এটা জাতিৰ লগত আন এটা জাতিৰ সমন্বয় হ’বলৈ হ’লে পৰস্পৰৰ ভিতৰত উভয়ৰ বিষয়ে সম্পূৰ্ণ জ্ঞান থকা উচিত। গভীৰ জ্ঞান আৰু অধ্যয়ন নাথাকিলে দুয়ো জাতিৰ সমন্বয় বিশুদ্ধ হ’ব নোৱাৰে, বৰং কলূষেৰে ভৰপূৰ হৈ ধ্বংসৰ বাটহে মুকলি কৰা হয়।”
ৰাভাদেৱে অসমীয়া কৃষ্টিৰ গৱেষক হিচাপে জনগোষ্ঠীসমূহৰ সাংস্কৃতিক উপাদানসমূহৰ ওপৰত চৰ্চা কৰি সেইসমূহক অসমৰ বাৰেৰহনীয়া কৃষ্টি হিচাপে ভাৰতৰ বিভিন্ন মঞ্চত প্ৰদৰ্শন কৰিছিল। ৰাভাদেৱৰ “অসমীয়া কৃষ্টিৰ চমু আভাস”ত পোৱা যায়। অসমীয়া লোকসংস্কৃতিৰ পুনৰুদ্ধাৰ আৰু বিকাশৰ পৰিকল্পনাত তেওঁ সংগ্রামী ভূমিকাৰে জনসাধাৰণৰ মাজত সোমাই পৰিছিল। ধনী শ্ৰেণীৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা নাগৰিক সংস্কৃতিক কঠোৰভাৱে সমালোচনা কৰি বিষ্ণু ৰাভাদেৱে বুকুৰ আপোন বুলি সাৱটি লৈছিল। কপালৰ ঘাম মাটিত পেলাই জীৱিকা অৰ্জন কৰা দৰিদ্ৰ খেতিয়ক বনুৱাই গঢ়ি তোলা লোকসংস্কৃতিক, য’ত প্ৰতিটো পল, প্ৰতিটো মুহূৰ্তত স্পন্দিত হৈ আছে অসমীয়া জাতিৰ ছন্দ, অসমীয়া কৃষ্টিৰ স্পন্দন।
মানবপ্রেমিক বিষ্ণুৰাভা, বিপ্লৱী বিদ্ৰোহী কমৰেড্ ৰাভা, সমন্বয়ৰ আদৰ্শত সদায় জলন্ত সূৰ্যৰ দৰে অসমমাতৃৰ আকাশত চিৰউদিত হৈ ৰোৱা সৰ্বগুণৰ অধিকাৰী শিল্পী বিষ্ণুৰাভা। আজিৰ অসমৰ পৰিস্থিতিৰ প্ৰসংগত বিষ্ণুৰাভাৰ ত্যাগৰ আৰ্দশ, কষ্টৰ চানেকি আৰু সংস্কৃতিৰ কীৰ্তি নতুন পুৰুষৰ পাথেয়। অসমৰ জাতীয় অস্তিত্বৰ এই সংকটৰ দিনত সেই পোহৰৰ সন্ধানত আজিৰ প্ৰত্যেকজন অসমীয়াই সমস্বৰে ক’ব-
“বিষ্ণুৰাভা আকৌ তুলিকা লোৱা,
ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি
যি ছবিত ফুটে হেজাৰ শিল্পীৰ উত্থান,
অখ্যাত জনৰ আশা – আৱেগৰ ৰোল”।
☆ ★ ☆ ★ ☆