লিমাৰিক-স্বপ্নালী কলিতা
১/
বৰুৱানীৰ দুদিন মুখ দেখা নাই
চুবুৰীৰ শকতি তেওঁতে থাকে হায়
আৰ কথা খুজি তাক
হাঁহিটিতে থাকে পাক
নহ’লে সময়বোৰ অবাবতে যায়।
২/
শৰণ ভজন মানি ভকতীয়া হ’ল
ভোজ-ভাতৰ লোভ জিভাতে লাগি ৰ’ল
বৰা-বৰানীৰ দশা
চৰিত্ৰলৈ কিনো চাবা
বু-বু-বা-বাত লাগিল গাঁও ওপৰ-তল।
৩/
কৰুণায়ে খহালে বগা ল’ৰাৰ ঘৰ
উপায় নাপাই বোলে বেপাৰতে ধৰ
দহজনী মুৰ্গী কিনি
কণী বেছি চাউল-চেনী
অনাত লগনীয়াৰ কথা বৰ বৰ ।
৪/
দদাইদেৱে বোলে হেৰ’ ল’ৰাৰ মাক
ল’ৰালৈও চাবি নুদুষিবি যাক-তাক
খুৰীয়ে বোলে কি কয়
মোৰ ল’ৰা তেনে নহয়
পাছদিনা সোমালেহি বোৱাৰীকে ঘৰ।
☆ ★ ☆ ★ ☆