ফটাঢোল

নাম তাইৰ চুইটি-অৰ্চন শৰ্মা

উঃ ৰক্ষা, কোনোমতে যে দৌৰি জঁপিয়াই পৰি-ধৰি হ’লেও বাছখন পালোঁ। বুকুখন এতিয়াও ঢপ-ঢপাই আছে, বাছখন ৰৈ দিলেই বুকুখন ঢিপিংকৈ মাৰে কিজানিবা তায়ে উঠিছে। চাৰ্টটোৰ বুটাম দুটা ছিগিল, হওক ইমানতে যে ৰক্ষা পৰিল! এক্কেবাৰে চাৰ্টটো আজুৰি আনিছিল মৰতীয়ে  “মোক কেনেকৈ এৰি যাৱ চাওঁ” বুলি…

: ঔ দাদা, ভাড়াটো দিব…

কাণৰ কাষতে চিঞৰ মাৰি দিয়া কণডাক্টটোলৈ বাৰুকৈয়ে খঙটো উঠিল, পৰা  হ’লে এইপাতক বাছৰ পৰাই দলিয়াই দিলোঁহেঁতেন।

: ঔ দাদা ভাড়া…

: হে ৰ’বাহে, পইচাটো উলিয়াবলৈ সময় লাগে নহয়!

পেণ্টৰ পকেটত হাত ভৰাই  জীৱ উৰি গ’ল মোৰ, সৰ্বনাশ মোৰ পাৰ্চটো নাই, দৌৰি পলোৱাৰ কোবত ক’ৰবাত পৰিয়ে আহিল চাগে। বুকুৰ জেপত হাত দি  খেপিয়াই চালোঁ, দুশ টকা এটা আছিল ভাগ্যে, হওক তেওঁ ইজ্জতটো বাচিল। পঞ্চাশ টকা এটা ঘূৰাই দি কণডাক্টৰ আঁতৰি গ’ল।

ময়ো ভয়ে ভয়ে মোবাইলটো পকেটৰ পৰা উলিয়াই অন কৰিলোঁ, ইমানপৰে সাৰ-শিকতি নোহোৱাকৈ পৰিয়ে আছিল সেইটো জেপত। অন কৰাৰ লগে লগেই টুং টুং টাং টাং কৈ মেছেজ এগালমান সোমাল। এটা নম্বৰৰ পৰাই সেই এশটা মান মেছেজ, প্ৰথম কেইটা কাকূতি-মিনতি,  

“তুমি কিয় এনেকুৱা কৰিলা, প্ৰেম এনেকুৱাহে নেকি?”, 

“পিলিজ ঘূৰি আহা, মই এতিয়াও তোমাৰ কাৰণে আঁহতৰ তলতে ৰৈ আছোঁ”  

আৰু পিছৰ কেইটা ধমকি, শেষৰতো একেবাৰে আল্টিমেট ধমকি- 

“ঐ পাপীষ্ঠ, মোৰ দৰে এজনী মানুহক এৰি থৈ যোৱাৰ পাপত যমে জীয়াই জীয়াই তোক খৰিকাত দিয়ক, গাঁৱৰে পুৰন্দৰ বেজৰ হতুৱাই  মন্ত্ৰ জাৰি তোক ধ্বংস কৰি পেলাম বাপ্পেকে”। 

লগালগ ফোন হোৱাটচ এপ সকলোতে নাম্বাৰটো ব্লক কৰিলোঁ।

বুকুখন অকণমান চেকচেকাইছে, চোলাৰ বুটামৰ আজুৰি নিয়াৰ লগতে বুকুতো দাগ বহি গ’ল ঔ, শেষ মই আৰু বা কিমান দিনলৈ মোৰ ফোন নম্বৰত ফোন কৰি থাকে ঠিক নাই। মোৰেই ভুল, ভিডিও কলৰ যোগত বাৰু মানুহে ফটো দেখি প্ৰেম কৰে নেকি, ধেৎ চাল্লা….

নিজকে দুই চৰ সোধাই দিবৰ মন গ’ল।

“ঔ ভাই মাৰো মুঝে মাৰো”  টাইপৰ কণ্ডিশ্যন ।

টুং টুং টাং টাং কৈ, আকৌ ফোনটো বাজি উঠিল, বুকুখন ঢিপিংকৈ গ’ল মোৰ, ফোনটোলৈ ভয়ে ভয়ে চাই দেখিলোঁ কঙ্কনে ফোন কৰিছে। 

তাৰ নামটো দেখাৰ লগে লগে টিঙিচকৈ খঙটো উঠিল মোৰ। এই কুফা প্ৰাণীটোৱে যতকূটৰ ঘাই, এৰা মোলৈ সেই কুলক্ষণীয়া ফ্রেণ্ড ৰিকুৱেষ্টটো অহাৰ দিনাও পুৱাই পুৱাই ইয়াৰে দৰ্শন হৈছিল, এনেই ইয়াক কুফা বুলি নকয়, মানুহে কয় ইয়াৰ জন্মৰ দিনাখনেই হেনো সিহঁতৰ ঘৰৰ দামুৰিজনী কাষৰ ঘৰৰে মহ এটাৰ লগত পলাই গৈছিল। ই স্কুলত নাম লগাবলৈ যোৱাৰ দিনা স্কুলৰ চালখন খহি হেডমাষ্টৰৰ মূৰতে পৰিছিল, ফলত পাঁচফুট দহ ইন্সি মানুহজন হেঁচা খাই চাৰি ফুটীয়া হৈ পৰিছিল। এতিয়া এনেহেন বিপদৰ সময়ত ইয়াৰ ফোনটো দেখি মগজুৰ মাল-মটং উতলি আহিল। লগালগ ফোনটো কাটি দি তালৈ মেছেজ এটা পঠিয়াই দিলোঁ।

: এনেই মূৰটো উতলি আছে আৰু গৰম নকৰ, নহ’লে ঘৰৰ পৰা উঠাই আনি বিলত দলিয়াই থৈ আহিম!

 মোবাইলটো আকৌ অফ কৰি থম থমকৈ বহি থাকিলোঁ। ইয়ে সৰ্বনাশৰ মূল, আৰু মই বিলাতী ফুল!

সেইদিনা কঙ্কন আমাৰ ঘৰত বহি থাকোঁতেই ফ্রেণ্ড ৰিকুৱেষ্ট এটা আহিছিল,  চুইটি শৰ্মা, প্ৰফাইলত ধুনীয়া এজনী ছোৱালীৰ ফটো। কৰিলোঁ গ্ৰহণ। বোলোঁ-  “এনেয়ে বৰলা, নাপাওঁ নাৰী, আহিছে কেনেকৈ এৰিব পাৰি?”

ফ্রেণ্ড ৰিকুৱেষ্ট গ্ৰহণ  কৰাৰ লগে লগেই মেছেজ এটা আহিল-

: বন্ধুত্বৰ অনুৰোধ গ্ৰহণ কৰাৰ বাবে ধন্যবাদ, আপোনাৰ কবিতা পঢ়ি ভাল লাগে মোৰ।

উসঃ, মনটো ভাল লাগি গ’ল, এনেই মই কবিতা লিখা কামটো কোনোৱে ভাল নাপায়, ফেচবুকত দিলেও হাঃ হাঃ ৰিয়েক্ট এগালহে আহে, ইমানৰ পাছতো যে গুণীৰ গুণ বুজা এগৰাকী ওলাইছে, হওক তেনে ঈশ্বৰে চাইছে চকু মেলি। কথা -বতৰা চলিল, ফোন নম্বৰো দিয়া লোৱা হ’ল, বেচেৰীৰ দুখৰ কথা শুনিলে দুখেই লাগি যায়, পঢ়িবলৈ বৰ মন আছিল হেনো, ঘৰৰ মানুহে নিদিলে।

কেতিয়াবা ফোন কৰে, তায়ে কৰে, ঘৰত বেলেগৰ সৈতে কথা পাতিলে ভাল নাপায় বোলে কথা পাতিবলৈ সময় বেছি নাপায়, কিন্তু যিকেইটা কথা কয় তাতেই মন ভৰি যায় মোৰ, কুলিৰ দৰেই মিঠা মাত তাইৰ, চুইটি এক্কেবাৰে নামে কামে চুইটি। কেতিয়াবা মেছেজ দিয়ে-

“কেতিয়া আহিবা লগ কৰিবলৈ, বৰ মন গৈছে জানানে তোমাক লগ পাবলৈ।”

অঁ, সেইটোহে কথা মানে, চুইটিয়ে মাতিছে মই নাযাওঁ বুলি কওঁ কি সতে! দুদিন পিছতে ভগা বাছত উঠি সিহঁতৰ গাঁৱলৈ যাত্ৰা, ঘৰত হেনো দুদিনৰ বাবে কোনো নাথাকে সেই সুযোগতে গাঁৱৰে আঁহতৰ তলতে লগ কৰিব লাগিব।

হ’ব, কোনো কথা নাই, আঁহতৰ তলৰ প্ৰেম যুগমীয়া হওক।

বাছৰ পৰা নামিয়ে ফোন কৰিলোঁ,

: জান, মই আহিলোঁ, বাছৰ পৰা নামিলোঁ এতিয়া কেনি যাওঁ?

: সঁচাই আহিলা? অ’ মা, মোৰ যে বিশ্বাসেই নহৈছে জান!

: বাৰু দেখিলেই বিশ্বাস হ’ব নহয়, এতিয়া কোৱা ইয়াৰ পিছত কোনফালে যাম ?

: উম এটা কাম কৰা, তোমাৰ আগত ভগা ঘৰ এটাৰ দেখিছানে, তাৰ বাওঁফালে আলি এটা ফাটি আহিছে সেই ফালে আহি থাকা….

ল’কেল গুগোল মেপৰ বৰ্ণনা মতে গৈ গৈ ওলালোঁগৈ আঁহতৰ তল। কোনোবা এগৰাকী ৰৈ আছে আঁহতৰ তলতে, চাৰিওফালে পথাৰ, ওচৰে-পাজৰে কোনো নাই, যিমানে আগুৱাই গৈছোঁ সিমানে মনত আউল লাগিছে। অৱশেষত মই নিশ্চিত হ’লোঁ এইজনী চুইটি নহয়, কোনোবা  অন্য আইদেউ হে, ছেঃ, এনেকৈ বেলেগ মানুহ থাকিলে তাইক বাৰু কেনেকৈ লগ কৰিম? তাইলৈ ফোন এটা কৰি জনাই দিওঁ বুলি ফোনটো উলিয়াই লওঁতেই ইগৰাকী মহিলা মোৰ ফালে ধপলিয়াই আহিল, আহিল মানে বেলেন্স ৰাখিব নোৱাৰি এক্কেবাৰে লুটি খাই মোৰ গাৰ ওপৰতে পৰিল, পৰিল মানে একেবাৰে হেঁচা মাৰিয়ে ধৰিলে।

: জান, আহিলা ?

মাতষাৰ শুনি মোৰ নিজৰ চকুকে বিশ্বাস নকৰিম যেন লাগিল। ৱ’… এয়া দেখোন সাইলাখ চুইটিৰ মাত, কিন্তু এয়াটো চুইটি নহয়, এওঁ কোনোবা চল্লিশ বছৰীয়া আণ্টিহে দেখোন!

: কি ভাবি আছা দেহা, উঠা আকৌ?

 এইবাৰ মই খাটাং হ’লোঁ, যাক ভাবিছিলোঁ চুইটি, তেওঁ ওলাল আণ্টি। তেওঁক গাৰ পৰা বগৰাই যেনেতেনে থিয় হ’লোঁ, তাৰ পিছত আৰু কি? এফালে মই টানিছোঁ আৰু মোৰ চাৰ্টত ধৰি তেওঁ টানিছে, লগতে ভাওনাৰ বিলাপ

: নাযবা এ…মোক এৰি নাযবা!

 সেই টনা আজোঁৰাৰ মাজতে এবাৰ তেওঁৰ হাতৰ পৰা এৰা খাই ধাননিৰ মাজত পৰিলোঁগৈ … 

তাৰ পাছত আৰু কি? ধাননিত আগে আগে মই দৌৰিছোঁ, পিছে পিছে তেওঁ, মাজে মাজে চিঞৰ-

: মোক এৰি নাযবা এ সোণ,,,

আৰু লগে লগে মোৰ চিঞৰ

: মোক এৰি দে ঐ যখিনি, মোক যাবলৈ দে!

আগে আগে মই, পিছে পিছে তেওঁ, পকাধানৰ মাজে মাজে সৰু সৰু আলি।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.

error: Content is protected !!