ফটাঢোল

ৱাৰ্নিং! ন’ মগজু এহেড-দেৱজিৎ

কিবা এটা লিখিবলৈ কিবা এটাৰ প্ৰয়োজন। মানে মই মূৰৰ মাল-মছলাৰ কথা কৈছোঁ। মূৰৰ ভিতৰত কিবা এটা খেলি থাকিলেহে সেইটোকেই বিষয় হিচাপে লৈ কিবা এটা ফটাফট লিখি দিব পাৰি। যেনেকৈ ৰাতিপুৱা কামলৈ যাবলৈ পলম হ’লে কেৱল সেকা পাউৰুটি আৰু অমলেটেৰেই ব্ৰেকফাষ্ট হৈ যায়। অথবা ৰাতিৰ সেমেকা ভাত দুটামান ভেজিটেবোলৰ লগত একেলগে কেৰাহীত ফ্ৰাই কৰি দিলেই ‘ফ্ৰাইড ৰাইচ উইথ গৰম পানী’ নামৰ ৰেচিপিটো হৈ যায়। এনেকৈয়ে কিবাকৈ চলি যায়। কিবা এটা ফটাফট খাই থৈ দিলেই ৰাতিপুৱাৰ আহাৰ গ্ৰহণ হ’ল বুলি ঘোষণা এটা দি দিব পৰা যায়। ঠিক তেনেকুৱা ধৰণৰ কথা। ভেৰী আৰ্জেণ্টলী কিবা এটা লিখিবলৈও তেনেকুৱা ধৰণৰ ফটাফট তৈয়াৰ কৰি দিব পৰা সমলৰ প্ৰয়োজন প্ৰতিজন লেখকৰে থাকে।

বৰ্তমান মোৰ মূৰত একো এটা কথাই খেলি থকা নাই। আপুনি শুনি আচৰিত হ’ব যে মোৰ মগজুটো লাহে লাহে বেয়া হ’বলৈ ধৰিছে। এদিন হয়তো গেলি-পঁচি নোহোৱা হৈ যাব। তথাপিও মই ভয় কৰা নাই। কাৰণ ডাক্তৰে কৈছে আজিকালি হেনো মগজু নোহোৱাকৈও চলি যায়। বহু বিখ্যাত  বিখ্যাত মানুহৰ কথা-বতৰাবোৰ শুনিলে মোৰো ডাক্তৰৰ কথাটোৱেই মানি ল’বলৈ মন যায়। আজিকালি মগজু কোনেনো ব‍্যৱহাৰ কৰে? আউটডেটেড হৈ যোৱা এই বিলাসিতা মোৰ আৰু কৰিবলৈ মন নাই।

অলপ আগতে টিভিত অনুষ্ঠান এটি চালোঁ। টিভি চোৱা বুলি কওঁতেই চাগে আপুনি মোৰ মগজুটো বেয়া হোৱাৰ প্ৰমাণ হাতে হাতে পালে। অনুষ্ঠানটোত হোষ্টজনে গেষ্টগৰাকীক এটা শব্দৰ বৰ্ণবোৰ ওলট-পালট কৰি দিছে। খেলটোৰ মতে গেষ্টগৰাকীয়ে খেলিমেলিকৈ থকা বৰ্ণবোৰেৰে এটা অৰ্থপূৰ্ণ শব্দ গঠন কৰিব লাগে। প্ৰথমটো খেলিমেলিকৈ থকা শব্দ আছিল- ‘ইতাপঁতভা’। গেষ্টগৰাকীয়ে বহু সময় ল’লে কিন্তু পৰা নাই। হোষ্টজনে তেওঁক এইবুলি এটা ক্লু দিলে,  “আপুনি পঁইতাভাত খাইনে?”  তেওঁ নাখায় বুলি কৈ আকৌ শব্দ গঠনত লাগিল। বহু সময় পিছত তেওঁৰ মূৰত কিবা এটাই ক্লিক কৰিলে আৰু লগে লগে তেওঁ ‘পঁইতাভাত’ বুলি উত্তৰ দিলে। উত্তৰ শুনি হোষ্টজন আবেগত ঢলি পৰিল। এনেকুৱা এটা উত্তৰ কেৱল এজন পণ্ডিত মেটেৰিয়াল মানুহেহে দিব পাৰে, হোষ্টজনে তেনেকুৱা এটা ৰিয়েক্ট কৰিলে। মোৰ চকু সাধাৰণতে দুটা। কিন্তু সেই দৃশ্য দেখি মোৰ চকু চাৰিটা হ’ল যিহেতু মোৰ চকু কপালত উঠিছিল। এই যে তেওঁলোকে একদম নৰ্মেলী টেলিভিছনৰ পৰ্দাত অভাৰএক্টিঙৰ লগতে অভাৰৰিয়েক্ট কৰিলে তাৰ বাবে জানো কিবা মগজুৰ দৰকাৰ আছে?

যেতিয়াৰ পৰা মগজু ব‍্যৱহাৰ নকৰা ট্ৰেণ্ড এটা চলিবলৈ ল’লে মানুহবোৰৰ মূৰৰ পৰা বৰ ডাঙৰ বোজা এটা নোহোৱা হ’ল। মানৱসভ‍্যতাৰ ইতিহাসত মানৱজাতিৰ এই পাৰদৰ্শিতা ঈৰ্ষাজনক। কিনো ইমান স্পেচিয়েল বৈশিষ্ট্য আছে তাকে চাবলৈকে আইনষ্টাইনৰ মগজুটো মৃত্যুৰ পিছত সংৰক্ষণ কৰি ৰখা হৈছিল। লেবৰ পৰা মগজুটো বহুতবাৰ চুৰি হৈছিল। কিন্তু আজিকালি চুৰি নহয়। মগজু নোহোৱাকৈয়ে যেতিয়া বেচ আৰামেৰে জীৱনটো কটাব পাৰি তেতিয়া আইনষ্টাইনৰ মগজু চুৰি কৰি আনি গৱেষণা কৰাৰ কোনো অৰ্থ নাই। দাঁত যেতিয়া দুৰ্বল সেইসময়ত মাংসৰ কথা ভাবি জিভা জীপাল কৰি জানো কিবা লাভ আছে!

মগজুৰ বিৰুদ্ধে মই যি ওকালতি কৰিলোঁ সেই যুক্তিবোৰ শুনি আপুনি চাগে হয়ভৰ দি মূৰ দুপিয়াইছে। আপুনি চাগে কাইলৈৰ পৰা মগজুৰ ব‍্যৱহাৰ কমাই দিব বুলি মনে মনে সিদ্ধান্ত লৈছে। এনেদৰে লাহে লাহে আপোনাৰ চিন্তা কৰাৰ শক্তি কমি আহিব। উশাহ লওঁতে অক্সিজেন আৰু নিশাহত কাৰ্বন-ডাই-অক্সাইড নিৰ্গত হ’ব। ‘ফটাঢোল’ৰ এই সংখ্যাৰ সম্পাদকে মগজু ৰিপিয়েৰিং চেণ্টাৰ খুলিছে। এজন ফটাঢুলীয়াৰ মগজু বিকল কৰাৰ বাবদ তেওঁ মোক একোটিকৈ ৰঙচুৱা মাৰ্বল উপহাৰ দিব। ময়ো বৰ্তমান তেওঁৰ অধীনতে চিকিৎসাৰত। মগজু ক্ষয় হোৱাৰ পিছতো একেৰাহে আপোনাক মগজুৰ বিৰুদ্ধে কৈ কৈ আপোনাৰ মগজুটো বিকল কৰি দিবলৈ অৱশেষত মই সমৰ্থ হ’লোঁ।

☆ ★ ☆ ★ ☆

3 Comments

  • Anonymous

    ভাল লাগিল

    Reply
  • বৰ সুন্দৰ ব্যংগ হ’ল। মোৰ দৃঢ় বিশ্বাস এই কামটো মগজুৰ খৰখেদাত হে চুটি হ’ল। লিখকৰ হাতত নমুনা আৰু বহু উলাব। adios

    Reply
  • বন্দিতা জৈন

    তাকেই। ভাল লাগিল। মগজু পৰা ম আতৰাই গজু গেজু কৰিলেহে কিজানি জীৱন ভাল দৰে অতিবাহিত হয়

    Reply

Leave a Reply

Your email address will not be published.

error: Content is protected !!