ৰায়দান-কৰবী দেবী
সাধাৰণ বিস্কুটৰ পেকেট এটা চুৰি কৰিলে বুলিয়েই শ্বপিং মলৰ মালিকে পুলিচ মাতি হৈ চৈ কৰা বিষয়টোত নগেনে ৰণচণ্ডী মূৰ্তি ধাৰণ কৰে যদিও খঙটো সংযত কৰি অপেক্ষা কৰে বিচাৰৰ দিনটোলৈ। পিচে বিচাৰৰ দিনটো সমাগত হোৱাত নগেনৰ অন্য এটা কথাতহে ভীষণ টেনশ্যন বাঢ়ে। কাৰণ জামিনৰ নামত এসোপামান টকা খৰচ কৰি পত্নীক উলিয়াই নিবলৈ ইচ্ছা নাই তাৰ। তাতোকৈ ঠিক আছে পত্নী জেলতে থাকক। এনেও এইকেইদিন ঘৰখনত অকনমান শান্তিয়ে বিৰাজ কৰিছেই যদিও প্ৰথমে মনটো বেয়া লাগিছিল তাৰ।
উকীল, জৰ্জ, সাক্ষীবাদী সকলো নিৰ্দিষ্ট সময়ত উপস্থিত হোৱাৰ লগতেই আচামী মালিনীক কাঠগড়াত উপস্থিত কৰায়। উকীলে তীক্ষ্ণ বাণেৰে প্ৰশ্ন কৰে-
: কি চুৰি কৰিছিল?
: নাজানো।
: হাৰে, নাজানো বুলি ক’লেই হ’বনে? আপুনি বিস্কুট চুৰি কৰা নাছিল জানো?
: জানেই যদি প্ৰশ্ন কৰে কিয়?
খঙেৰে কয় মালিনীয়ে। থৎমত খাই উকীলে ইফালে সিফালে চাবলৈ ধৰে। উপস্থিত সকলোৱে উকীলৰ অৱস্থাটো চাই হাঁহিবলৈ ধৰে সজোৰে।
: Order! Order
পুনৰ আৰম্ভ হয় বিচাৰ। উকীলে চকু পকাই পুনৰ প্ৰশ্ন কৰে,
: কিয় চুৰি কৰিছিলে বিস্কুটৰ পেকেটটো?
: বাচন ধুবলৈ –
গদগদকৈ কয় মালিনীয়ে ।
: হাৰে, বিস্কুটেৰে বাচন ধোৱে নেকি? বিস্কুট এবিধ খোৱা বস্তু বুজিছে। মানুহে চাহৰ লগত খায়।
হাঁহে সজোৰে সকলোৱে পুনৰবাৰ।
: তেন্তে জনা কথাটো সুধি আদালতৰ সময় নষ্ট কৰে কিয়!
মালিনীৰ কথাত পুনৰ হাঁহিৰে গিজগিজাই উঠে আদালতৰ ভিতৰ চ’ৰা। বিপৰীতে পত্নীয়ে থকাসৰকা উত্তৰ দিয়াত নগেনৰ টেনশ্যন বাঢ়ে। ভাবি থাকে কিমান টকা যায় আজি ঈশ্বৰেহে জানে।
পুনৰ উকীলৰ প্ৰশ্ন,
: কেইখন বিস্কুট আছিল?
: পেকেটটো দেখোন আপোনাৰ হাততে আছে। খুলি হিচাপ নকৰে কেলৈ? মই কেনেকৈ ক’ম?
লাজতে মিচিককৈ হাঁহি উকীলে বিস্কুটৰ পেকেটটো খুলি কয়,
: পোন্ধৰখন। মাত্ৰ পোন্ধৰখন বিস্কুটৰ বাবে বদনাম ল’লে আপুনি। লাজ নালাগে?
জৰ্জ ডাঙৰীয়াক অনুৰোধ কৰি উচিত শাস্তি বিহিবলৈ কয়। কাৰণ চোৰ চোৰেই , ধন, হাতী, ঘোঁৰা, সোণ, ৰূপ যিয়েই নহওক কিয়?
অৱশেষত ৰায়দান হ’ল, পোন্ধৰখন বিস্কুট চুৰি কৰাৰ অপৰাধত মালিনীক পোন্ধৰ দিনৰ বাবে কাৰাদণ্ড বিহা হয়।
খঙেৰে, দুখেৰে, হতাশাৰে চাই থাকে মালিনীয়ে পতি নগেনৰ দুচকুলৈ। বিপৰীতে নগেনে এটা স্বত্বিৰ নিশ্বাস এৰে।
“হওক তেওঁ, টকাও ৰেহাই হ’ল, পোন্ধৰ দিনলৈ টেনশ্যনটোও জেলতে থাকিল। এইকেইদিন হাঁহে, মাহে, মদে, ভাঙে দকচি খাই উদৰ পূৰাম।”
ভাবি ভাবি মিচিকিয়াই সি। কিন্তু হঠাতে নগেনৰ মূৰত আন এটা কু-বুদ্ধিয়ে ঘৰ সাজে।
ঘপহকৈ থিয় হৈ কয় সি-
: উকীল ছাৰ, উকীল ছাৰ, মোৰ পত্নীয়ে আচলতে ছাৰ্ফৰ পেকেট এটাহে চুৰ কৰিছিল। বিপদৰ পৰা বচাব খুজি মইহে তাইৰ হাতত বিস্কুটৰ পেকেটটো গুজি দিলোঁ।
লাগি গ’ল পুনৰ হুৱাদুৱা। উপস্থিত সকলোৰে মাজত ফুচফুচ মেল…
উকীল, জৰ্জ সকলো হৈ পৰে চিন্তাক্লিষ্ট। বিচাৰ ঢিলাই দি কেনেকৈ নিজৰ অযোগ্যতাৰ পৰিচয় দিয়ে, আনহাতে গণনা কৰে কিদৰে! কেনেকৈ..!
অৱশেষত শুনায় ৰায়দান-
“খোৱা বস্তু চুৰি কৰাটো লজ্জাৰ কথা। কাৰণ লোভ, মোহ এইবোৰ পৰিত্যাগ কৰা উচিত কিন্তু ছাৰ্ফ, চাবোন চুৰি কৰাটো দুখৰ বিষয়। কাৰণ আমি স্বচ্ছ ভাৰত গঢ়িব লাগিব। অভিযান ঘৰৰ পৰাই আৰম্ভ কৰিব লাগিব, পত্নীয়ে কানি-কাপোৰ ধুবলৈ ছাৰ্ফ চাবোন পোৱা নাই, কাৰণ পতিয়ে কিনি দিয়া নাই। নিৰুপায় হৈ তেওঁ চুৰিকাৰ্যত লিপ্ত হৈছে। গতিকে শাস্তি স্বামীয়েহে পাব লগীয়া। তথাপিও এইবাৰলৈ ৰেহাই দিলোঁ, কিন্তু ছাৰ্ফৰ পেকেটটো যিমান মূল্যৰ আছিল তাৰ চাৰিগুণ মূল্য মালিকক ঘূৰাই দিব লাগিব।
পত্নীৰ যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ ৰায়দান শুনাৰ অপেক্ষাত মেলেক মেলেক হাঁহি থকা নগেন টুপুককৈ সৰি পৰে বেঞ্চখনৰ চেপতে। খন্তেক পিছতেই চাৰ্টৰ কলাৰটোত ধৰি বেঞ্চৰ চেপৰ পৰা নগেনক টানি উলিয়াই মালিনীয়ে ক’লে,
: বিল পৰিশোধ কৰি আহি থাকক। নতুন বিস্কুট। টেষ্ট বঢ়িয়া হ’ব নিশ্চয়। পোন্ধৰখন বিস্কুটৰ দুখন বাৰু আপোনাৰ, লগে ভাগে বহি আবেলিৰ চাহ কাপ খাম আজি মিলিজুলি।
☆ ★ ☆ ★ ☆
8:30 am
ভাল লাগিল