ফটাঢোল

মূল-আধুনিক নীতিকথা, লেখক-জিত গুহ ঠাকুৰতা:অনুবাদ -পংকজ কুমাৰ নেওগ

শৈশৱত আমি সকলোৱে নীতি কথাৰ গল্প পঢ়িছিলোঁ আৰু এই গল্পবোৰে আমাৰ চৰিত্ৰ গঠনত যথেষ্ট সহায় কৰিছিল। এতিয়া যদি সেই গল্পবোৰৰ কথা ভাৱোঁ অনেকবোৰেই বৰ্তমান যুগত বৰ এটা খাপ নাখায়। শিশুমনৰ বাবে গল্পবোৰ এতিয়াও উপযুক্ত কিন্তু আমি যিসকলে জীৱনৰ ঘাত-প্ৰতিঘাতৰ সৈতে পৰিপক্ক হৈ উঠিছোঁ তেওঁলোকৰ বাবে এই নীতিকথাবোৰ আধুনিক জীৱনযাত্ৰাৰ সৈতে সঙ্গতি ৰাখি কিছু অন্যভাৱেও লিখা সম্ভৱ। এটা উদাহৰণ দিয়া যাওক। ধৰি লওক গৰখীয়াই গৰু চৰাবলৈ যোৱা কাহিনীটো।

এজন গৰখীয়া ল’ৰাই গৃহস্থৰ গৰুবোৰ চৰাবলৈ সদায় হাবিৰ দাঁতিৰ পথাৰ এখনলৈ যায়। গৰুবোৰ পথাৰত চৰিবলৈ এৰি দি এজোপা গছৰ ছাঁত সি তাৰ মোবাইল ফোনটো লৈ ব্যস্ত হৈ থাকে। ধেমালিতে সি সদায় নিজৰ ষ্টেটাছ দিয়ে – “মোৰ গৰুৰ পালৰ মাজত এটা বাঘ সোমাইছে, প্লিজ হেল্প মি!” গৰখীয়াৰ ষ্টেটাছ দেখি তাৰ বন্ধু-বান্ধৱ, চুবুৰিৰ লোক সকলোবোৰ দৌৰি আহে। তাকে দেখি গৰখীয়া ল’ৰাই সদায় হাঁহে, এই মানুহবোৰ সঁচাকৈয়ে বুৰ্বক! এদিন সঁচাকৈয়ে গৰুৰ জাকত এটা বাঘ সোমাল। গৰখীয়াই লগে লগে ষ্টেটাছ দিলে – “আজি সঁচাকৈয়ে বাঘ এটা আহিছে, প্লিজ মোক বচোৱা।” সকলোৱে ৰিপ্লাই দিলে – “তোমাক আমি আৰু বিশ্বাস নকৰোঁ। যদি সঁচাকৈ বাঘ গৰুৰ জাকত সোমাইছে বাঘটোৰ সৈতে এখন চেল্ফি তুলি পঠোৱা; তেতিয়াহে আমি মানিম।” অগত্যা উপায় নাপাই গৰখীয়াজনে বাঘৰ সৈতে চেল্ফি তুলিবলৈ যাওঁতে বাঘৰ কবলত পৰি মৃত্যুমুখত পৰে।

এই গল্পটোত গোটেইবোৰ আছে। আধুনিকতাও আছে আৰু চৰিত্ৰ গঠনৰ নীতি বাক্যও ভালকৈ বুজা যায়। কিন্তু কেতিয়াবা গল্প বেছি আধুনিক কৰিবলৈ গ’লে নীতিবাক্য অৰ্থহীন হৈ পৰে। ঠিক এনেধৰণৰ সত্য ঘটনা এটাই সিদিনা মোৰ সৈতে ঘটিল। সৰুকালত ঈছপৰ গল্প আপোনালোকে নিশ্চয় পঢ়িছে। এটা কাউৰী আৰু কলহৰ কাহিনী ময়ো পঢ়িছোঁ। সেয়েহে গৰমকালি এদিন কথাটো মোৰ টেষ্ট কৰিবলৈ মন গ’ল। ঘৰৰ চাদত এটা মাটিৰ কলহত মই অলপ পানী ভৰাই কলহটোৰ চাৰিওফালে শিলগুটি কিছুমান পেলাই থ’লোঁ। সদায় কাউৰী এটা আহি আমাৰ চাদত পৰেহি, ভাৱিলোঁ কাউৰীটোৱে কি কৰে দেখা যাওক। অলপ পিছতে চালাক-চতুৰ কাউৰী এটা উৰি আহি কলহৰ কাণত পৰিলহি। কলহৰ ভিতৰলৈ জুমি আৰু ইফালে সিফালে মূৰ ঘূৰাই চাই অলপ পিছতে কাউৰীটো উৰি গুচি গ’ল। পিছদিনাখনো একেই কাণ্ড। প্ৰত্যেকদিনা কাউৰীটো উৰি আহি কলহৰ মুখত পৰে, কলহৰ ভিতৰলৈ জুমি অলপ পৰৰ পিছত তাৰ পৰা উৰি গুচি যায়। আনি থোৱা শিলগুটিখিনি যেনেকৈ আছিল তেনেকৈয়ে পৰি থাকিল।

এদিন কাউৰীটো নহালৈকে মই ঘৰৰ চাদতে অপেক্ষা কৰি আছিলোঁ। এটা সময়ত সি উৰি আহি কলহৰ মুখত বহিল। মই লগে লগে প্ৰশ্ন কৰিলোঁ – “হেৰা, কথাটো কি মোক কোৱাচোন, কলহৰ ভিতৰত শিলগুটিবোৰ পেলোৱা নাই যে তুমি! ঈছপৰ গল্প পঢ়া নাই নেকি?” কাউৰীটোৱে মোলৈ এটা বঙ্কিম চাৱনি নিক্ষেপ কৰি শ্লেষভৰা কণ্ঠেৰে উত্তৰ দিলে – “ঈছপৰ কাহিনী সেই কোন কালতে লিখা! ২০২১ চন এতিয়া যাবৰে হ’ল। টেকন’লজি ক’ৰ পৰা ক’ত পালেগৈ কিবা খবৰ ৰাখিছানে? মইতো সদায় ইয়ালৈ আহি ‘ব্লুটুথ’ৰ সহায়েৰে কলহৰ পানী খাই যাওঁ। শিলগুটিৰ কি দৰকাৰ?”  কথাষাৰ মোক শুনাই সি পাখি মেলি কোনোবাফালে উৰি গ’ল। মই কলহটোৰ কাষলৈ গৈ এবাৰ কলহৰ ভিতৰলৈ জুমি চালোঁ। কি অদ্ভুত কথা! কলহটোত পানী শেষ হওঁ হওঁ! ঠিক সেই সময়ত মোৰ আৰু এটা তেনে ঘটনালৈ মনত পৰিল। সেইটোও ঈছপৰ গল্পতে আছে।

এবাৰ এটা চতুৰ শিয়ালে বগলী এটাক মধ্যাহ্ন ভোজনৰ বাবে নিমন্ত্ৰণ জনালে। শিয়ালে আদৰ সাদৰকৈ অতিথিক বহুৱাই এখন ডাঙৰ থালত পুঠি মাছৰ জোল খাবলৈ দিলে। বেচেৰা বগলীয়ে তাৰ দীঘল ঠোঁটেৰে চেপেটা থালখনৰ পৰা একোৱেই খাব নোৱাৰিলে। চতুৰ শিয়ালে বগলীক ভালকৈ মূৰ্খ বনালে। এনেতে বগলীৰ ঈছপৰ সাধুকথাটোলৈ মনত পৰিল। সেইবাবে এদিন বগলীয়েও শিয়ালক নিমন্ত্ৰণ জনাই দীঘল ডিঙিৰ চুৰাহী এটাত চিকেন চুপ খাবলৈ দিলে। শিয়ালে নিজৰ বেগৰ পৰা দীঘল ‘ষ্ট্ৰ’ এডাল উলিয়াই আৰামত চুপখিনি খাই শেষ কৰে। বগলী হতভম্ব হ’ল। খোৱা-বোৱা শেষ কৰি শিয়ালে বগলীলৈ বাক্যবাণ এৰিলে – “ভাই, ঈছপৰ গল্প ময়ো পঢ়িছোঁ!” আৰু অ’ সেই গল্পটো নক’লে  মোৰ যে পাপেই লাগিব!

এবাৰ শহা এটাই কাছক ক’লে – “ব’লা, আমি দৌৰ প্ৰতিযোগিতা এখনত ভাগ লওঁ। তুমি মোক দৌৰত হৰুৱাব পাৰিবানে?” কাছই উত্তৰ দিলে – “নিশ্চয় চেষ্টা কৰি চাব পাৰোঁ।” কাছৰ কথা শুনি শহাৰ কি যে হাঁহি! যি নহওক দুজনৰ মাজত এদিন দৌৰ প্ৰতিযোগিতা আৰম্ভ হ’ল। নিৰ্জন হাবিৰ মাজেৰে এটা দীঘলীয়া পথ। কাছই লাহে লাহে আগুৱাবলৈ ধৰিলে। শহাই বহুত দূৰ দৌৰি আগবঢ়াৰ পাছত ভাবিলে যে মাজত জিৰণি নোলোৱাই মঙ্গল কাৰণ টোপনিত পৰিলে কোন মুহূৰ্তত কাছ আগবাঢ়ি যাব ঠিক নাই। শহা গৈ প্ৰায় ফিনিছিং লাইনৰ ওচৰ পালেগৈ আৰু কাছৰ কাৰণে অপেক্ষা কৰিবলৈ ধৰিলে। ইফালে কাছই কিছুদূৰ আগবাঢ়ি গৈ ভাবিলে যে শহাই নিশ্চয় ইতিমধ্যে ফিনিছিং লাইন পাৰ কৰিছে গতিকে ইমান লৰালৰি কৰি লাভ নাই। কাছই জিৰণি লোৱাৰ কথা ভাবিলে। এজোপা গছৰ ছাঁত কাছ আৰামত টোপনি গ’ল। ইফালে ফিনিছিং লাইনৰ কাষত ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা কৰি শহাৰ আমনি লাগিল। কাছ আহি নাপায়হে নাপায়। অধৈৰ্য হৈ কাছ কোনখিনি ঠাই পাইছেহি চাবলৈ শহা আকৌ উভতি গ’ল। কাছই যিজোপা গছৰ তলত জিৰণি লৈ আছিল সেই ঠাই পাৰ হৈ শহা বহু পিছলৈ উভতি গ’ল। কাছৰ দেখা দেখি নাই। ইফালে কাছই টোপনিৰ পৰা সাৰ পাই আকৌ লাহে লাহে আগুৱাবলৈ ধৰিলে। শহাই এই কথা গমেই নাপায়। সি গৈ গৈ প্ৰায় দৌৰ আৰম্ভ কৰা ঠাইখিনি পালেগৈ। হঠাতে কিবা এটা সন্দেহে তাৰ মনত ভুমুকি মাৰিলে- “এই বেটা কাছই কিবা টেঙৰালি কৰা নাইতো!” মনলৈ এই চিন্তা অহাৰ লগে লগে শহাই আকৌ দৌৰি আৰু ফোঁপাই-জোপাই ফিনিছিং লাইনৰ কাষ পাই দেখে যে কাছ আগতেই সেইখিনি আহি পালেহি। শহাক দেখি কাছই মাত লগালে – “আকৌ হাৰিলাতো! মই সেই ৰাতিপুৱাৰ পৰা তোমালৈ অপেক্ষা কৰি আছোঁ।” গল্পটোৰ নীতিকথা একেবাৰেই সহজ। কথাটো হ’ল ভাগ্যই সদায় কাছক সহায় কৰে। কাছ সদায় জিকে আৰু শহা সদায় হাৰে। কথাটো অন্যভাৱে ক’বলৈ গ’লে দুখীয়া সদায় দুখীয়া আৰু ডাঙৰলোক আৰু ডাঙৰ হয়। ভাবি চাওকচোন কথাষাৰ এবাৰ, ইয়াতকৈ নিষ্ঠুৰ সত্য আৰু কি আছে? ইয়াৰ পাছৰ গল্পটো অৱশ্যে ইমান নিষ্ঠুৰ নহয়, এই গল্পটো এখন গাঁৱৰ গল্প। সেই গাঁৱৰ সকলো নীতিশিক্ষাৰ খুব ভক্ত আছিল। সেই গাঁৱতেই আছিল এজন দুখীয়া খেতিয়ক আৰু তেওঁৰ কেইবাজনো পুত্ৰ। পুতেক কেইজনে সদায় নিজৰ মাজতে হাই-কাজিয়া কৰি কটাইছিল। খেতিয়কে এদিন পুতেক কেইজনক নীতিশিক্ষা দিয়াৰ কথা ভাৱে। তেওঁ বাঁহৰ কামি কেইডালমান বান্ধি বাণ্ডল এটা কৰে আৰু এজন এজনকৈ পুতেকসকলক মাতি বাণ্ডলটো ঠিক মাজতে ভাঙিবলৈ দিয়ে। অনেক চেষ্টা কৰিও কোনেও বাণ্ডলটো ভাঙিব নোৱাৰিলে। এইবাৰ কৃষকে বাণ্ডলটো খুলি এডাল এডাল কামি উলিয়াই ল’ৰাকেইটাক ভাঙিবলৈ দিলে। কামিবোৰ বেছ শকত আছিল বাবে সেইবোৰো ল’ৰা কেইজনে ভাঙিব নোৱাৰিলে। তাকে দেখি কৃষকে মূৰে-কপালে হাত দিলে। গোটেই দিন ঘৰতে বহি বহি আৰু ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি কৰি আটাইকেইটা ল’ৰা অকাল কুষ্মাণ্ডলৈ পৰিণত হৈছে। এডাল লাঠিও ভাঙিব পৰা নাই। ডাঙৰ ল’ৰাজন বাকীবোৰতকৈ কিছু শক্তিশালী আছিল বাবে তাক দিয়া লাঠিডাল সি যেনিবা ভাঙিবলৈ সক্ষম হ’ল। অলপ হ’লেও সন্তুষ্ট হৈ বৃদ্ধ কৃষকজনে আটাইকেইজন পুত্ৰক কাষলৈ মাতি আনিলে। তেওঁৰ উদ্দেশ্য একেবাৰে বিফলো হোৱা নাই। তেওঁ ডাঙৰ পুত্ৰক প্ৰশ্ন কৰিলে – “আজিৰ এই অভিজ্ঞতাৰ পৰা কি প্ৰমাণ হ’ল তই কচোন।”

ডাঙৰ ল’ৰাই উত্তৰ দিলে – “আজি এয়েই প্ৰমাণ হ’ল যে আমাৰ মাজত অকল ময়েই চালমান খান আৰু বাকীবোৰ কাদেৰ খান!” বুঢ়া বাপেকে কপালত চপৰিয়াই আৰ্তনাদ কৰি উঠিল – “হায় ভগৱান! কাৰ যে বাপেকী বনালা মোক!” পুনৰ বৰপুত্ৰক উদ্দেশ্যি তেওঁ ক’লে – “নহয় অ’ বোপাই, কথাটো ভালকৈ শুন। মই ইচ্ছা কৰিয়েই প্ৰথমে গোটেইবোৰ কামি একেলগে বান্ধি প্ৰত্যেককে ভাঙিবলৈ দিছিলোঁ, কিন্তু তহঁতৰ কোনেও ভাঙিব নোৱাৰিলি। কিন্তু মুঠাটোৰ পৰা এডাল কামি উলিয়াই দিওঁতে তই অনায়সে সেইডাল ভাঙিব পাৰিলি। এই কথাটোৰ পৰা তই কি শিকিলি ভায়েৰহঁতক ক।” ডাঙৰ ল’ৰাই এইবাৰ কথাটো বুজি বাকীকেইজন ভায়েকক বুজালে – “ইয়াৰ অৰ্থ একেবাৰেই সহজ! কিবা এটা কাম কৰিবলৈ গৈ তহঁতে যদি দেখ যে কামটো খুব কঠিন, লগে লগে বুজিবি যে আমাৰ গুণধৰ পিতৃদেৱে কামটোত নিশ্চয় কিবা জেং লগাই থৈছে!”

আপোনালোকে নিশ্চয় সোণৰ কণী পৰা হাঁহৰ গল্পটো শুনিছে। হাঁহৰ মালিকে এদিন ভাবিলে – “দিনে এটা কণীৰে কি হ’ব, আৰু লাগে।” তেওঁৰ লোভ উপজিল। সেয়েহে হাঁহজনীৰ ওচৰলৈ গৈ তেওঁ ক’লে – “এদিন সোণৰ কণীৰ সলনি সাধাৰণ কণী এটা পাৰিবিচোন!” হাঁহজনীয়ে পিছদিনাই সাধাৰণ কণী এটা পাৰিলে। সেই কণী ফুটি এদিন হাঁহ পোৱালি এটা ওলাল আৰু কেইদিনমানৰ পাছত সেই হাঁহজনীয়েও সোণৰ কণী পাৰিবলৈ ধৰিলে। একে প্ৰজাতিৰ হাঁহ বাবে কণী পৰা ধৰণো একেই! দিনে দুটা সোণৰ কণী লাভ কৰিও লোভী মানুহজন সন্তুষ্ট নহ’ল। হাঁহ দুজনীৰ পৰা আকৌ দুটা সাধাৰণ কণী বিচাৰি আৰু তাৰ পৰা পোৱালি জগিবলৈ দি তেওঁ মুঠতে চাৰিজনী একে প্ৰজাতিৰ হাঁহৰ মালিক হ’ল। আটাইকেইজনী হাঁহে সদায় সোণৰ কণী পাৰে। এইদৰে মানুহজনৰ সম্পদ বহুতগুণে বাঢ়ি গ’ল। এতিয়া এই গল্পটোৰ নীতিকথা হ’ল – ‘অতি লোভ কৰিলে তাঁতীয়ে তাঁত বোৱা এৰি গাৰ্মেণ্টৰ বিজনেছ কৰিব পাৰে’ – মাত্ৰ বুদ্ধি থকা উচিত। সৰ্বশেষত মই খৰিকটীয়াৰ গল্পটো ক’ব খুজিছোঁ। 

এজন খৰিকটীয়াই এদিন নদীৰ পাৰত থকা গছ এজোপা কাটি আছিল। দুৰ্ভাগ্যবশতঃ হঠাতে এবাৰ হাতৰ পৰা পিচলি কুঠাৰখন নদীত পৰিল। দুখীয়া খৰিকটীয়াজনে নদীৰ পাৰত বহি কান্দিবলৈ ধৰিলে। তেতিয়াই নদীৰ পৰা জলকুঁৱৰী উঠি আহি খৰিকটীয়াক প্ৰথমে এখন ৰূপৰ আৰু তাৰ পাছত সোণৰ কুঠাৰ দেখুৱালে। সি কোনোখনেই তাৰ নহয় বুলি জলকুঁৱৰীক ক’লে। জলকুঁৱৰীয়ে এইবাৰ সকলোবোৰ কুঠাৰ আঁতৰাই থৈ খৰিকটীয়াক সি নদীত পেলোৱা লোহাৰ কুঠাৰখন দেখালে। সি আনন্দতে চকুপানী মোহাৰি ক’লে – “হয় দেবী, এইখনেই মোৰ নিজৰ কুঠাৰ।” খৰিকটীয়াৰ সততাত সন্তুষ্ট হৈ জলকুঁৱৰীয়ে ক’লে – “তোমাৰ সততাত মই অতিকৈ মুগ্ধ হৈছোঁ। তোমাৰ মঙ্গল হওক। তোমাৰ পৰিয়াল সদায় যেন সুখত থাকে।” 

এইবুলি কৈ জলকুঁৱৰীয়ে পুনৰ ডুব দিবলৈ লওঁতেই খৰিকটীয়াই চিঞৰিলে – দেবী, ক্ষন্তেক ৰ’ব ! আপুনি কিবা এটা কথা পাহৰিছে যেন পাইছোঁ।” “হে, কিনো পাহৰিলোঁ?” -অবাক হৈ জলকুঁৱৰীয়ে প্ৰশ্ন কৰিলে। “নহয় মানে, মই ইমান ভাল পাৰফৰমেন্স দিলোঁ, সেই সোণৰ আৰু ৰূপৰ কুঠাৰকেইখন মোক গিফ্ট নকৰে নেকি?”

জলকুঁৱৰীয়ে উত্তৰ দিলে – “সেইবোৰ গিফ্টিং কেৱল গল্পতহে হয়। মোৰ হাতত সোণৰ আৰু ৰূপৰ কুঠাৰ মাত্ৰ এখনকৈ আছে। তোমাক সেই দুখন দি দিলে পিছৰবাৰ অইন কোনো খৰিকটীয়াৰ কুঠাৰ পানীত পৰিলে মই কি কৰিম?”

উপসংহাৰ : এবাৰ এজন মোবাইল বিক্ৰেতাই অনেকবোৰ মোবাইল ফোন লৈ এখন দূৰণিৰ ঠাইলৈ গৈছিল। বহুদূৰ বাটকুৰি বাই ভাগৰ লগাত মোবাইলৰ বেগটো থৈ তেওঁ গছ এজোপাৰ ছাঁত বহিল। বতাহৰ জুৰ পাই মানুহজন গভীৰ নিদ্ৰাত পৰিল। টোপনিৰ পৰা সাৰ পাই তেওঁ দেখে যে গছৰ ওপৰত থকা কিছুমান বান্দৰে বেগৰ পৰা গোটেইবোৰ মোবাইল উলিয়াই গছৰ ওপৰলৈ লৈ গ’ল। বেপাৰীজনে বুদ্ধি কৰি পেণ্টৰ পকেটৰ পৰা নিজৰ মোবাইলটো উলিয়াই দূৰলৈ দলি মাৰি পঠিয়ালে। তেওঁ আশা কৰিছিল যে বান্দৰবোৰে তেওঁক ‘কপি’ কৰিব। কিন্তু বেপাৰীজনৰ এই কাণ্ড দেখি বান্দৰৰ চৰ্দাৰজন তললৈ নামি আহি মোবাইলটো তুলি ল’লে আৰু মানুহজনৰ কাষলৈ গৈ তেওঁৰ গালত এটা প্ৰচণ্ড চৰ শোধাই ক’লে – “ভাৰ্ছন এতিয়াও আপডেট কৰা নাই, হাঁ? তুমি যদি মোবাইলটো নদলিয়াই গছজোপাৰ গুৰিতে মিছামিছিকৈ মোবাইল চাৰ্জ কৰি থকাৰ ভাও জুৰিলাহেঁতেন আমিও বৰং তাকে দেখি চাৰ্জত মোবাইলবোৰ এৰি থৈ আহিলোঁহেঁতেন…!!!”

☆ ★ ☆ ★ ☆

One comment

  • Anonymous

    Really interesting.This reminds me the writings of a Bengali writer who wrote such kind of things,the book is with us and you can go through it when you come to Guwahati.

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *