ফটাঢোল

মেধিৰ বিলৈ- নীলাক্ষি কাকতি

“ঘটং”৷ পাকঘৰৰ পৰা অহা এটা শব্দত মালতীৰ টোপনি ভাঙি গ’ল৷ এই ৰাতিপুৱাই কোন উঠিল? কাষতে শুই থকা টিংকুৰ ফালে চাই তাই ভাবিলে। এই ৰাতিপুৱাই মানুহজন উঠিবনে! তাতে আজি দেওবাৰ৷ কোন হ’ব পাৰে! সৰ্বনাশ! মেকুৰীয়ে গাখীৰ বগৰালে চাগে! তাই ৰাতি গাখীৰ গৰম কৰি প্ৰায়ে গেছষ্টোভৰ ওপৰতেই গাখীৰৰ চচপেনটো থৈ দিয়ে৷ কাষৰ ৰীতাহঁতৰ ঘৰৰ ক’লা বোন্দাটোৱেই হ’ব চাগে! তাৰ উৎপাতত শান্তিত বস্তু এটা পাকঘৰত এৰিব নোৱাৰি৷ মালতীয়ে মুখেৰে ভোৰভোৰাই লৰি আহি পাকঘৰ পালেহি৷ আহি দেখে গৃহস্থই চাহ বাকি আছে৷ মালতীৰ স্বামী জীৱন মেধিয়ে গড়কাপ্তানি বিভাগত চাকৰি কৰে৷ টিংকু তেওঁলোকৰ একমাত্ৰ সন্তান৷ সাধাৰণতে দেওবাৰে সপ্তম শ্ৰেণীত পঢ়া টিংকু আৰু মালতীৰ স্বামী দেৰিকৈ উঠে৷ আজি এই ৰাতিপুৱাই নিজৰ মানুহজনক চাহ বাকি থকা দেখি মালতীৰ চকু কপালত উঠিল৷

: উৱা মই কি দেখিছোঁ? আজি সূৰ্য পশ্চিম ফালে উদয় হৈছে নেকি? 

: হেঃ হেঃ৷ কিয়নো তেনেকৈ কৈছা? আজি ভাবিলোঁ তোমাক চাৰপ্ৰাইজ দিওঁ৷ পিচে তুমি সাৰেই পালা৷

: হয়নে? আজি ইমান মৰম ক’ৰ পৰা জাগিল? ৰ’বাচোন ৰ’বা৷ কি পেলালা আগতে কোৱাচোন৷ গাখীৰৰ চ’চপেনটো পেলোৱা নাইতো?

: হেৰা তোমালোক মাইকী মানুহবোৰ কিয় এনেহে? ভাল ভাবি কিবা এটা কৰিবলৈ ওলালোঁ৷ তাতো হাজাৰটা প্ৰশ্ন৷ নাই পেলোৱা তোমাৰ গাখীৰৰ চ’চপেন৷ গিলাচটোহে হাতৰ পৰা পৰিছিল৷ কিবা এটা নকৰিলেও মুখ ফুলাই থাকিবা আৰু কৰিলেও লোকেল চেনেলবোৰৰ সাংবাদিকে সোধাদি একেটা কথাকে ঘূৰাই পকাই সুধি থাকিবা৷ তোমালোকে গিৰিয়েকবোৰক অশান্তি দি মাৰিম বুলিয়ে বিয়া হোৱা নেকিহে?

: অ’ দেখিছা, হক কথাত থোলোক বেয়া৷ পাকঘৰত কিবা এটা শব্দ শুনিহে সুধিলোঁ কথাটো৷ তুমিহে আমাৰ পুঠিমাৰী নদীখন নি আগ্ৰা পোৱাইছা৷ বাৰু হ’ব দিয়া৷ পূৰ্ব জন্মত কিবা পূণ্য কৰিছিলোঁ চাগে! আজি অ’ৰ কূটা ত’ত নকৰাজনৰ পৰা চাহ একাপ খাবলৈ পাম৷ মই মুখখন ধুই আহোঁ৷

: সেয়া৷ কাট মাৰিহে এৰিলা মানে! মই যেন একো নকৰোঁৱেই কেতিয়াও৷

: নাই নাই কৰা৷ তিতা গামোচাখন বিচনাখনত পেলাই থৈ দিয়া৷ মচি থোৱা পকাখনৰ ওপৰেদি জোতাযোৰ পিন্ধি আহা৷ কিবা এটা ৰন্ধাৰ নামত যিমান বাচন লেতেৰা কৰা সেইখিনি ধুবলৈ মোৰ কঁকালটোৱে মাত দি দিয়ে৷ হালধিৰ চামুচ নিমখৰ টেমাত….

: মাতাশ্ৰী বন্ধ কৰা তোমাৰ ‘স্বামী উপাখ্যান’৷ মই ডাঙৰ ভুল কৰিলোঁ চাহ বাকিবলৈ আহি৷ 

: বাৰু হ’ব দিয়া৷ চাহ দুকাপ বাকা৷ মই সাউতকৈ মুখখন ধুই আহোঁ৷

**

“ট্ৰিং ট্ৰিং”৷ মোবাইলটো বাজি উঠাত মেধিয়ে দৌৰাদৌৰিকৈ ফোনটো ৰিচিভ কৰিলে৷ মালতীয়ে আঁৰ চকুৰে তেওঁৰ উদ্বিগ্নতাখিনি লক্ষ্য কৰি বাৰাণ্ডালৈ ওলাই গ’ল৷ 

: হেল্লো৷ ৰজত কচোন৷ 

: কি কচোন৷ আজিৰ প্লেনটো পাক্কা নে? তই আহিবিতো? 

: আহিম৷ পিচে অলপ মেনেজ কৰিব লাগিব৷ 

: মই জানোৱেই৷ তোৰদ্বাৰা নহ’ব৷ তই সদায় মাইকীৰ তলতেই থাকিবি৷ আহিবিনে নাই ক৷ আহ যদি সন্ধিয়াৰ বাবে মালকণ আৰু চাকনা ৰেডি কৰি ৰাখিম৷ লগত চিকেন ড্ৰাই ফ্ৰাই৷

: ধেই৷ তেনেকৈ নক’বিচোন৷ মানে মোৰ ব্লাড প্ৰেচাৰ আৰু ক’লেষ্ট্ৰল লেভেল বঢ়া বাবে এওঁ মোক বাহিৰত খাবলৈ দিবলৈ ভয় কৰে, সেয়েহে, ৰহ৷ মই কিবা এটা মেনেজ কৰিম৷ তই বস্তু ৰেডি ৰাখিবি৷

ফোনটো থৈ মেধিয়ে পিছফালে চাই দেখে যে মালতীয়ে তেওঁৰ ফালে চাই আছে৷

: কি হ’ল? কাৰ ফোন? ক’ত যোৱাৰ কথা কৈছা?

: নাই অ’৷ ৰজতৰ ফোন আছিল৷ সন্ধিয়া সি তাৰ ঘৰলৈ মাতিছে৷ মানে অফিচৰ ফাইল দুটামান সি তাৰ ঘৰলৈ লৈ আহিছে৷ আমাৰ অফিচৰ বৰবাবুৱে কিবা ঘোটালা কৰিছে৷ তুমিটো জানাই আমাৰ বৰবাবু কেনে মানুহ৷ আমি ভাবিছোঁ এইবাৰ আমি বৰবাবুক সুদাই নেৰোঁ৷ তাতে আকৌ ৰজতৰ ঘৈণীয়েকৰো অসুখ হৈ আছে৷ খবৰ এটাও লোৱা হ’ব৷ 

: বাঃ৷ বৰবাবুৰ পৰ্দা ফাঁচ কৰিহে এৰিবা মানে৷ এনে একেবাৰে জাচুচ কৰমচাঁদটো৷ হে’ৰা আচল কথা কোৱা৷ কিবা পাৰ্টি কৰাৰ কথা নাইতো? চাবা কিন্তু এইবাৰ বেমাৰ উলিয়ালে মই চিধাই মাৰ ঘৰলৈ গুচি যাম৷

: হেৰা মইনো কিয় ফাকি মাৰিম হে? অনবৰতে সন্ত্ৰাসবাদীয়ে দিয়া ধমকিৰ দৰে কিয় ধমকি দি থাকা? দিয়া দিয়া৷ বজাৰ কৰা বেগটো দিয়া৷ আজি তুমি ভালপোৱা কাৱৈমাছ পালে লৈ আনিম৷ এতিয়া আকৌ সন্দেহ নকৰিবা কিয় তুমি ভালপোৱা মাছ আনিম বুলি কৈছোঁ বুলি৷

: হেৰা আজি তোমাৰ সঁচাকৈয়ে কিবা হৈছে যেন লাগিছে৷ অতি ভক্তি চোৰৰ লক্ষণ৷ ৰাতিপুৱা চাহ, এতিয়া কাৱৈমাছ! সেইদিনা কাৱৈমাছৰ দাম শুনি যিটো জাঁপ মাৰিছিলা অলিম্পিকত হাই জাম্পত সোণৰ পদকেই আনিলাহেঁতেন৷ তোমাৰ দৰে মাখীৰ মূৰৰ ঘিঁউ বিচৰাজনে আজি মোক কাৱৈমাছ খোৱাবা? মোৰ জীৱনেই ধন্য৷

: নাই নোৱাৰি আৰু তোমাৰ লগত৷ ব্ৰহ্মাই তোমালোকক সৃষ্টি কৰাৰ সময়ত ঘৈণীয়েকৰ লগত কাজিয়া কৰি তোমালোকক সৃষ্টি কৰিছিল৷ বোলো অকলে মই কিয় জ্বালা খাম? তহঁতেও খা৷ মই আহোঁ৷ তেতিয়ালৈ আৰু কি কথাত মোক খোঁচটো মাৰিব পাৰি তাকেই গৱেষণা কৰি থাকা৷

*

: টিং টং৷ কলিংবেলটো বাজি উঠাত মালতীয়ে দৰ্জাখন খুলি দিলে৷ দৰ্জাৰ সন্মুখত মেধিৰ অফিচৰ বৰবাবুক দেখি তাইৰ বুকুখন চিৰিঙকৈ উঠিল৷ কি বা হ’ল? এওঁ কিয় বা আহিছে? নে তেওঁ আগতিয়াকৈ কিবা গম পালে৷ মনৰ ভাৱ লুকুৱাবলৈ যত্ন কৰি মালতীয়ে বৰবাবুৰ ফালে চাই হাঁহি এটা মাৰিলে৷

: আহক দত্ত দা৷ ভিতৰলৈ আহক৷

: নাই৷ নাই ৷ নবহোঁ দিয়া৷ মোৰ আজি অলপ দৌৰাদৌৰি৷ মানে আমাৰ এওঁৰ মাকৰ অসুখ৷ নাইট চুপাৰেদি আজি শিৱসাগৰলৈ যাম৷ হঠাতে যাব লগা হ’ল৷ হেৰি নহয় এই ফাইল দুটা লোৱা৷ মেধিক দিবা৷ মই ঘৰলৈ লৈ গৈছিলোঁ চাবৰ বাবে৷ আজি মেধিৰ লগত মোৰো ৰজতৰ ঘৰলৈ যোৱাৰ কথা আছিল ক্ৰিকেট চাবলৈ৷ বুজিছা ময়ো মেধিৰ দৰে ক্ৰিকেট পাগল৷ ৰজতেও খোৱাৰ যোগাৰ কৰিম বুলি কৈছিল৷ পিচে মোৰ নহ’ল আৰু৷ আচলতে দুজনমানে মিলি ক্ৰিকেট চোৱাৰ মজাই বেলেগ৷ 

কথাচহকী দত্তৰ হাহোঁতে দাঁতৰ ফাঁকৰ পৰা ওলোৱা সৰু তামোলৰ টুকুৰা এটাই উফৰি আহি মালতীৰ চাদৰখনত পৰিল৷

: বাৰু হ’ব দিয়ক৷ মই দি দিম বাৰু৷

দত্তক বিদায় দি মালতীয়ে জোৰেৰে দৰ্জাখন বন্ধ কৰি দিলে৷ ইমান যে মিছলীয়া এই মানুহজন! ক্ৰিকেট চাবৰ বাবেই অত বাহানা৷ আজি ভালকৈয়ে এজাৰণ দিব লাগিব৷ কথাখিনি ভাবি ভাবি তাই ৰজতৰ ঘৈণীয়েক মিলিলৈ ফোনটো লগালে৷

: হেল্লো৷ মালতী কোৱা৷ কি খবৰ?

: মোৰ ভালেই৷ পিচে তোমাৰ গা কেনে এতিয়া? 

: মোৰ আকৌ কি হ’ল? ভালেই আছোঁ৷ মাহঁতৰ ঘৰত আহিলোঁ এসপ্তাহৰ আগতে৷ খুৰাৰ ছোৱালীজনীৰ বিয়া৷ সেয়ে খুব বজাৰ কৰাত ব্যস্ত৷ পিচে তোমাৰ কি খবৰ? ৰজতে বোলে আজি মেধিক ভাত খাবলৈ মাতিছে? ভালেই হ’ব দিয়া৷ ৰজতেও লগ এটা পাব৷ মোক বোলে তামাম মিচ কৰি আছে৷ হাঃ হাঃ৷ এই গিৰিয়েকবোৰক অলপ মিচ কৰোৱাবই লাগে৷ 

: অঁ…৷ তাকেই৷ বাৰু পিছত ফোন কৰিম দিয়া৷ তুমিও ব্যস্ত হৈ আছা৷ থৈছোঁ৷

ফোনটো থৈ তাই উফৰি যোৱা দি চোফাখনত বহি পৰিল৷ 

দুঘণ্টামানৰ পিছত কলিংবেল বজাত টিংকুৱে দৰ্জাখন খুলি দিলে৷ মেধিয়ে ভিতৰলৈ সোমায়েই মালতীৰ ফালে চালে৷ গোমা মুখখন দেখি তেওঁ অনুমান কৰিলে ভৱিষ্যতে হ’বলগীয়া বিপদৰ আগজাননী৷ তথাপিও কওঁ নকওঁকৈ সুধিলে-

: হে’ৰা৷ ভাত হ’ল নেকি?

: কিয়? ৰজতে একো খুৱাই পঠিওৱা নাইনে? মিলিৰহে অসুখ৷ ৰজততো ঠিকেই আছে৷ 

: নহয় মানে…৷

: অ’ বৰবাবুৰ ফাইলৰ অনুসন্ধান হ’লনে? নাই হোৱা যদি আৰু দুখনমান জৰুৰী ফাইল বৰবাবুৱে দি গৈছে৷ ডাইনিঙতে আছে৷ লৈ ল’বা৷ তোমালোকৰ অনুসন্ধানত কামত আহিব৷

 : ব..বৰবাবু আহিছিল নেকি? সেয়া মই পাহৰিছিলোঁৱেই৷ তেওঁৰ তাতো দুখনমান ফাইল আছিল বুলি৷ অ’ মানে মিলিয়ে ভাত খাবলৈ কৈছিল৷ মইহে ক’লোঁ নাখাওঁ বুলি৷ 

: বাঃ৷ মিলিয়ে দুঘণ্টাতে যোৰহাটৰ পৰা তেজপুৰ আহি ভাতো ৰান্ধিলে৷ ৰজতহঁতে হেলিকপ্টাৰখন ক’ত থয়হে?

: মানে…মানে৷ মোক প্লিজ বেয়া নাপাবা৷ ৰজতেহে প্লেন বনাইছিল৷ সি বেয়া পাব কাৰণেহে৷

: কথা নক’বা তুমি৷ মই মিছলীয়া মানুহ কিমান বেয়া পাওঁ তুমি জানাই৷ তোমাৰ স্বাস্থ্য ভালে থাকক বুলিয়ে মই কিমান যতন কৰোঁ৷ তোমাৰ কি অকণো বেয়া নালাগিল মোক ফাঁকি মাৰিবলৈ? ৰাতিপুৱাই গুড়-চেনী মিক্স কৰি কথা কওঁতেই মোৰ সন্দেহ হৈছিল বোন্দাৰ গোঁফত মাছৰ তৰকাৰী লগা বুলি৷ 

: হেৰা শুনা৷ মই মানি লৈছোঁ মোৰ ভুল হৈছে৷ পিচে আজি ভাৰত-পাকিস্তানৰ টুৱেণ্টি-টুৱেণ্টি ক্ৰিকেট খেলখন আছিলহে৷ ইফালে সেই সময়ত তোমাৰ চিৰিয়েলকেইখন নাথাকে জানো? মোকতো তুমি শান্তিত চাবলৈ নিদিলাহেঁতেন! পিচে দিন বেয়া থাকিলে উটৰ ওপৰত বহি থাকিলেও কুকুৰে কামোৰে৷ খেলখন বৰষুণৰ বাবে বাতিল হ’ল৷ তাৰ ওপৰিও তুমি যেতিয়া মোক সুধি থাকা – এই ৰেফাৰীটোৱে ডাক্তৰৰ দৰে বগা ড্ৰেচ কিয় পিন্ধে, অমুকজন দেখিবলৈ আমাৰ গাঁৱৰ হৰেনৰ পুতেকটোৰ দৰে নহয়নে, এই ৰেফাৰীটো আউট নহয় নেকি, বেটখন লৈ দুটাই কিয় দৌৰে? এটাই দৌৰিলে নহয় নেকি? ইত্যাদি ইত্যাদি তোমাৰ প্ৰশ্নবোৰৰেই মই উত্তৰ দি থাকিম নে, নে ক্ৰিকেটেই চাম? তুমিয়েই কোৱা৷ 

পিচে মেধিয়ে মালতীৰ পৰা উত্তৰ পোৱাৰ আগতেই তেতিয়ালৈ মালতীয়ে বেডৰূমৰ দৰ্জাখনত ভিতৰৰপৰা খিলি লগাই দিছিল৷

☆ ★ ☆ ★ ☆

6 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *