পত্ৰবন্ধু-চবিনা ইয়াছমিন
আমাৰ কৈশোৰ কালৰ সময়ছোৱাত ইণ্টাৰনেটৰ বহুল জনপ্ৰিয়তা আৰু ডিজিটেলাইজেশ্যনৰ পয়োভৰ নাছিল৷ অৱসৰ বিনোদন বুলিবলৈ আমাৰ বাবে আছিল মাথোঁ মাহেকে-পষেকে একোটা গাৰ্ডেন শ্ব’ চাবলৈ যোৱা আৰু ‘বিস্ময়’ আলোচনীখন তন্ন-তন্নকৈ পঢ়া৷ এই দুটা কামৰ ভিতৰত বিস্ময়খন পঢ়া কামটোৱেই মোক বেছি আনন্দ দিছিল৷ বিভিন্ন শিতানবোৰ পঢ়ি কেতিয়াবা যদি কল্পনাৰ সাগৰত সাঁতুৰি-নাদুৰি ফুৰিছিলোঁ কেতিয়াবা আকৌ আতংকত শিয়ঁৰি উঠিছিলোঁ৷ আকৌ কেতিয়াবা উৎকণ্ঠাই শৰীৰ-মন জুৰুলা কৰিছিলহি৷ বিস্ময়ৰ ‘পত্ৰবন্ধু’ শিতানটো মোৰ সবাতোকৈ প্ৰিয় আছিল৷ শিতানটিত প্ৰকাশ পোৱা বিভিন্নজনৰ নাম আৰু ঠিকনাবোৰ পঢ়ি তেতিয়া পত্ৰবন্ধু গঢ়াটো এটা বৰ চখৰ কাম হৈ পৰিছিল মোৰ বাবে৷ একপ্ৰকাৰৰ নিচা বুলিয়েই ক’ব পাৰি৷
দেউতাৰ চাকৰি আছিল অসামৰিক সেৱা বিভাগত৷ ঘনেঘনে হস্তান্তৰিত হৈ থকাৰ বাবে আমি সৰুকালছোৱা মামাহঁতৰ ঘৰত থাকি পঢ়া বুলি ক’লেও ভুল কোৱা নহ’ব৷ মোৰ সৰুকালছোৱা মামাৰ ঘৰৰ অলেখ স্মৃতিয়ে আজিও জীপাল কৰি ৰাখিছে৷ এইবোৰৰ ভিতৰত এই পত্ৰবন্ধু বিষয়ক স্মৃতিয়ে সদায় আনন্দ দিয়ে। কুৰি বছৰ পুৰণি এই স্মৃতিবোৰ যেন আজিও এনে লাগে সৌ সিদিনাৰ কথাহে৷ মামা আছিল ছাহ বাগিছাৰ চাকৰিয়াল৷ বাগানৰ কোৱাৰ্টাৰতে আমি আছিলোঁ৷ গৰু-গাই, কুকুৰা, ছাগলী, পাচলি বাৰী, ফুলনি আদিৰে বাগানৰ কোৱাৰ্টাৰ আইতাই চকচকীয়া কৰি ৰাখিছিল৷ অৱশ্যে সহায় কৰিবলৈ বন কৰা মানুহো নথকা নহয়৷ অত্যন্ত কাঢ়া অনুশাসনেৰে আইতাই সকলো তদাৰক কৰিছিল৷ মামাৰ কম বেতনতো আমি অভাব কি বুজিব নোৱাৰাকৈ আইতাই আমাক তুলিছিল৷ আইতাৰ অনুশাসনৰ প্ৰায়ে বিৰোধ কৰি মই আইতাৰ লগত কাজিয়াও নকৰা নহয়৷ মামাই পিচে হিয়া উজাৰি মৰম দিছিল৷ অনুশাসনৰ ‘অ’ কি তাকে অনুভৱ কৰা নাছিলোঁ৷ মোৰ মামাৰ ওচৰত সদায় এটাই ডিমাণ্ড অফিচৰ পৰা ঘূৰি আহোঁতে মোলৈ এখন হ’লেও পোষ্ট কাৰ্ড আনি দিবই লাগিব৷ পোষ্ট কাৰ্ডবোৰৰ একাষে বৰ সুন্দৰ ছবি থাকে৷ সেইবোৰৰ বিপৰীত কাষে মই মনৰ কথা এটা দুটা আৰু ঠিকনা লিখিছিলোঁ পত্ৰবন্দুলৈ৷ চিৰিছ গছৰ মাজে মাজে দৌৰি দৌৰি গৈ চাহ বাগিচাৰ মূল কাৰ্যালয়ৰ কাষতে থকা পোষ্ট বক্সত পত্ৰবন্ধুলৈ বুলি চিঠি প্ৰেৰণ কৰাটো মোৰ বাবে এক বিনোদন আৰু যেন এক অত্যন্ত জৰুৰী কাম আছিল৷ কেতিয়াবা ঘূৰি আহোঁতে মামাই ৰাজদূতত তুলি বাগান ফুৰাবলৈ লৈ গৈছিল৷ সুন্দৰকৈ কলম দিয়া চাহ গছবোৰ, কৰ্মীবোৰে পাত তুলি থকা কামবোৰ চাই বৰ আনন্দ পাইছিলোঁ৷ আটাইতকৈ ভাল লাগিছিল কোমল কেঁচা পাতবোৰ সামান্য বতাহতে খুব কঁপিছিল সেইটো চাই৷ আবেলি হেঙুলীয়া ৰ’দে সকলোতে সোণালী বৰণ তুলিছিল৷ মামাৰ ৰাজদূতৰ ৰেয়াৰ ভিউত নিজকে বাৰে বাৰে চাইছিলোঁ, মোৰ বিশৃংখল চুলিবোৰ সংযত কৰিছিলোঁ৷
পত্ৰবন্ধুলৈ লিখা অলেখ চিঠিৰ উত্তৰ মোলৈও আহিছিল৷ খাকী ৰঙৰ চোলা পেণ্ট পৰিহিত আৰু লগতে খাকী ৰঙৰ টুপী পিন্ধি কৃষ্ণলাল খুৰাই চাইকেলখনৰ টিলিঙা দূৰৰ পৰাই লেথাৰি নিছিগাকৈ বজাই আহিছিল৷ সেই টিলিঙা মোৰ বাবে আছিল এক ইংগিত৷ মোলৈ যে চিঠি আহিছে সেই টিলিঙা শুনিলেই মই বুজি উঠিছিলোঁ। কৃষ্ণলাল খুৰাৰ চাইকেলৰ টিলিঙা বহু দূৰৈৰ পৰাই শুনিবলৈ পাইছিলোঁ৷ তেওঁ প্ৰায়ে আবেলি সময়ত আহে৷ মই খৰখেদাকৈ পিন্ধি থকা কাপোৰ সলাই ‘ববি ফ্ৰক’টো পিন্ধি লৈ গেটলৈ দৌৰ দিছিলোঁ চিঠি আনিবলৈ বুলি৷ ‘ববি ফ্ৰক’ মানে সেই সময়ত ‘ববি’ নামৰ হিন্দী চিনেমা এখন খুব জনপ্ৰিয় হৈছিল৷ তাত নায়িকা ববিয়ে মানে দিম্পল কাপাদিয়াই পিন্ধা একেই ডিজাইনৰ ফ্ৰক মোৰ কেইবাটাও আছিল৷ কৃষ্ণলাল খুৰাই সেই ফ্ৰকটোৰে মোক বৰ ধুনীয়া দেখিছিল৷ সেয়ে খুৰাৰ পৰা চিঠি আনিবলৈ গ’লে সেইটো পিন্ধি লওঁ৷ পোষ্ট কাৰ্ডখন খুৰাৰ হাতৰ পৰা লৈ চাইকেলৰ টিলিঙাটো দুই এবাৰ নিজেই বজাই দিওঁ৷ খুৰায়ো বাধা নিদিয়ে৷ আলফুলে মূৰত হাত বুলাই কেতিয়াবা তেতেলী পেকেট এটা নাইবা চেনি গুটি মৰ্টনৰ পেকেট এটা জেপৰ পৰা উলিয়াই মোলৈ বুলি দিয়ে৷ খুৰাই “ইয়ে মেৰা জীৱন তেৰে লিয়ে হ্যে….” শীৰ্ষক ‘বাবু’ চিনেমাখনৰ গানটো গুণগুণাই মোৰফালে চাই মিচিকিয়া হাঁহি এটা মাৰি তালে তালে টিলিকি বজাই এপাক নাচি দিয়ে৷ ময়ো চাপৰি বজাই হাঁহি হাঁহি ক’ব নোৱাৰা হওঁ৷ খুৰাই হাঁহি হাঁহি আঁতৰি যায়৷ ময়ো পুনৰ এদিন খুৰা অহাৰ অপেক্ষা বুকুত সাবটি পোষ্ট কাৰ্ডখন লৈ ঘৰলৈ সোমাই আহোঁ৷
লাহে লাহে সময় পাৰ হ’ল৷ এই পত্ৰবন্ধুসকলৰ ভিতৰৰ এজন বন্ধু লাহে লাহে মোৰ প্ৰিয়বন্ধু হ’বলৈ আৰম্ভ কৰিলে৷ দাক্ষিণাত্যৰ দশম শ্ৰেণীত পঢ়ি থকা এজন ল’ৰা৷ দেউতাক ব্যক্তিগতখণ্ডৰ কোনো এক কোম্পানীৰ চাকৰিয়াল৷ সেইবাবেই গুৱাহাটীত পাঁচবছৰ ধৰি তেওঁলোক আছিল৷ ষষ্ঠ শ্ৰেণীৰ পৰা গুৱাহাটীৰ ডন বস্ক’ স্কুলত পঢ়ি থকা ল’ৰাজনৰ ব্যৱহাৰ যে অত্যন্ত অমায়িক চিঠিৰ ভাষাই সেয়া স্পষ্ট কৰিছিল৷ নাম আছিল শিৱা কুমাৰ৷ শিৱা আৰু মোৰ পচন্দবোৰ খুব মিলিছিল৷ বিস্ময়ৰ পত্ৰবন্ধু শিতানত তেওঁ কেনেবাকৈ মোৰ ঠিকনা পাইছিল৷ নামটো ভাল লগাৰ বাবেই বন্ধু হ’বলৈ মন মেলিছিল আৰু সেই উদ্দেশ্যেৰেই চিঠি লিখিছিল৷ মোৰ পিচে তেনেকুৱা কোনো অভিপ্ৰায় নাছিল৷ চিঠিবোৰ আহিছিল বাবে উত্তৰ দিছিলোঁ৷ নিজৰ ভাল লগা দুই এটা কথা লিখি তেওঁলোকৰ পৰাও জনাৰ আশা এটা মনত বান্ধি কিন্তু শিৱাৰ পৰা খুব সঘনাই চিঠি আহিবলৈ ধৰিছিল৷ লাহে লাহে ময়ো যেন শিৱাৰ চিঠিলৈ আগ্ৰহেৰে বাট চাবলৈ আৰম্ভ কৰিছিলোঁ৷ ক’ব নোৱাৰাকৈয়ে যেন এক গভীৰ সম্পৰ্কই মোৰ মাজত ঘৰ কৰিছিলহি৷ যাৰ কোনো পৰিচয় নাছিল৷ ইংৰাজী মাধ্যমত পঢ়া ল’ৰা৷ তাতে আকৌ দাক্ষিণাত্যৰ৷ অসমীয়া লিখিবলৈ হয়তো যথেষ্ট কষ্ট হৈছিল৷ তথাপিও শিৱাৰ চিঠি মাহেকত দুখন নাহিলে মনটো যেন উৰুঙা লাগিছিল৷ ভাব প্ৰকাশৰ ক্ষেত্ৰত কেতিয়াবা শিৱাৰ খেলিমেলি হৈ গৈছিল৷ যিহেতু অসমীয়া ভাষাৰ জ্ঞান খুব কম আছিল তেওঁৰ৷ তথাপিও মই কিন্তু খুব ভালকৈ বুজিছিলোঁ শিৱাৰ মন আৰু অন্তৰৰ কথা৷ আমাৰ মনৰ কথাবোৰ লিখিবলৈ লাহে লাহে পোষ্ট কাৰ্ডত ঠাই নোহোৱা হৈ পৰিছিল৷ আমি তেতিয়া ‘ইনলেণ্ড লেটাৰ কাৰ্ড’ত চিঠি লিখিবলৈ ল’লোঁ৷ কথাবোৰ সাধাৰণ আছিল৷ কাৰ পচন্দ কি, স্কুলত কাক আটাইতকৈ ভাল লাগে, পঢ়াৰ কোনটো বিষয় বেছি প্ৰিয়, পানী খোৱা ছুটীৰ সময়খিনি কি কৰি অতিবাহিত কৰে, বন্ধু কিমান আছে ইত্যাদি ইত্যাদি৷
এদিন শিৱাই চিঠিত লিখিছিল কেতিয়াবা যদি উজনিলৈ আহে এবাৰ সি আমাৰ ঘৰলৈ হেনো আহিব মাক দেউতাকৰ সৈতে৷ মই খুব ভয় খাইছিলোঁ৷ আইতাৰ কাঢ়া অনুশাসনৰ কথা মনলৈ আহি পেটতে হাত ভৰি লুকাইছিল৷ পিছদিনাই চিঠি লিখিছিলোঁ যাতে আমাৰ ঘৰলৈ সিহঁত কেতিয়াও নাহে৷ তেওঁ হয়তো বুজিছিল৷ শিৱাহঁতৰ ঘৰৰ মানুহবোৰ আছিল খুব খোলা মনৰ৷ পুতেকৰ চিঠিৰ মাজতে দুই এশাৰী কেতিয়াবা মাক আৰু বায়েকেও মোলৈ বুলি লিখিছিল৷ বায়েক সিন্ধুজা তেতিয়া দ্বাদশ মানত পঢ়ি আছিল৷ পিচে আমাৰ ঘৰত ল’ৰাৰ লগত বন্ধুত্ব গঢ়ি তোলা কথাটো সহজকৈ যে নলয় সেই কথা মই জানিছিলোঁ৷ শিৱাই মোক কৈছিল এদিন আমি লগ পাম৷ ডাঙৰ হৈ চাকৰি কৰিলে লগ পাম৷ আমাৰ চিঠিৰ আদান প্ৰদান চলি আছিল৷
এদিনৰ কথা৷ শিৱাৰ চিঠিখন পঢ়ি আচৰিত হ’লোঁ৷ তাত লিখিছিল আমাৰ সম্পৰ্কৰ হেনো তেওঁ কিবা নাম দিব খুজিছে৷ কেৱল পত্ৰবন্ধু হৈ থাকিব তেওঁ নোখোজে৷ যিহেতু তেতিয়ালৈ আমি ভাল চিনাকি হৈ পৰিছিলোঁ আৰু ইজনক সিজনে ভালকৈ বুজিছিলোঁ গতিকে আমি লগ পাব লাগে৷ অন্তত এবাৰৰ বাবে হ’লেও৷ তাৰ পিছত তেওঁ বোলে মোক আৰু অসুবিধা নিদিয়ে৷ কথাবোৰে মোক বিচলিত কৰিছিল৷ আমনি দিছিল৷ ভাবিলোঁ এয়া কি ধৰণৰ কথা৷ মাত্ৰ এবাৰ লগ পোৱাৰ উদ্দেশ্যই আমাৰ মাজৰ সম্পৰ্ক সীমিত কৰিব পাৰে যদি সেই সম্পৰ্কৰ প্ৰয়োজনবোধ অন্ততঃ মই নকৰোঁ৷ খং আৰু অভিমানী কৰি তুলিছিল মোক কথাবোৰে৷ সম্পৰ্কৰ জৰী প্ৰায় থৰকবৰক হ’বলৈ লৈছিল৷ মই চিঠি লিখা বন্ধ কৰি দিলোঁ৷ কিন্তু শিৱাৰ চিঠি আহি থাকিল৷ পিছলৈ লিখিবলৈ ধৰিছিল মাথোঁ এষাৰ কথা যে, “তুমি মোক কি কথাত বেয়া পালা সেই কথা যদি মই গম নোপোৱাকৈ থাকোঁ সমষ্ট জীৱন অশান্তিত কটাম৷” মোৰ মন গলিল৷ লিখিলোঁ এদিন চিঠিৰ উত্তৰত যে, “তোমাৰ এষাৰ কথাই মোক বিচলিত কৰিলে৷ আমাৰ মাজৰ সম্পৰ্ক মাথোঁ এবাৰ লগ পালেই অন্ত পৰিব বুলি লিখা কথাটোৱে মোক অত্যন্ত দুখ দিলে৷ চিৰদিনৰ বাবে যি বন্ধুত্বৰ এনাজৰী গঢ়লৈ উঠিছিল তুমি কিয় দুৰ্বল কৰিলা?” শিৱাই পুনৰ লিখি পঠিয়ালে, “মোৰ লিখোঁতে ভুল হ’ল আচলতে৷ উদ্দেশ্য মোৰ কেতিয়াও তেনে নহয়৷ ভাষাৰ খুব কম জ্ঞানে মোৰ প্ৰকাশভংগী কেতিয়াবা সলনি কৰি দিয়ে৷ তুমি ভবাৰ দৰে নহয় কথাবোৰ৷ আমাৰ সম্পৰ্ক চিৰস্থায়ী হ’ব৷ বন্ধু হৈ থাকিম আমি চিৰদিন৷ তোমাৰ মনৰ আশংকাবোৰ দূৰ কৰিবলৈকে মই তোমাক লগ নকৰোঁ বাৰু দিয়া৷ আৰু যিদিনা লগ পাম মোৰ সকলোবোৰ ভুলৰ ক্ষমা খুজি তোমাৰ ভৰি স্পৰ্শ কৰিম৷” চিঠি পঢ়ি মই অবাক হৈছিলোঁ৷ স্কুলীয়া ল’ৰা এজনৰ চিন্তাৰ পৰিপক্বতাই মোক অভিভূত কৰিছিল৷ পত্ৰবন্ধুৰ এই সম্পৰ্ক মোৰ বাবে বহুমূলীয়া৷ অসমৰ পৰা গুচি যোৱাৰ সময়ত শিৱাই মোলৈ পত্ৰ প্ৰেৰণ কৰিছিল৷ কৈছিল, এদিন লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে অসম এৰিছোঁ৷ তুমি মোৰ হৃদয়ত সদায় থাকিবা৷” সেই চিঠিৰ উত্তৰত মই একো নিলিখিলোঁ৷ জানো মোৰ চিঠি পোৱালৈ শিৱাহঁতে হয়তো অসম এৰিব৷ শিৱাৰ স’তে মোৰ দেখা সাক্ষাৎ নহ’ল যদিও আমাৰ সেই স্মৃতিবোৰ আজিও মনৰ মাজত সজীৱ হৈ থাকিল৷
☆ ★ ☆ ★ ☆