ফটাঢোল

পদ্মনাথ গোহাঁঞিবৰুৱাৰ প্ৰহসনমূলক নাটক ‘গাঁওবুঢ়া’-অসমী গগৈ

চুক বা চুবুৰি কাক বোলে? গাঁও কাক বোলে? তোমাৰ গাঁৱৰ নাম লিখা৷ তোমাৰ গাঁৱৰ গাঁওবুঢ়াজনৰ নাম লিখা৷

অসমীয়া মাধ্যমত পঢ়া সকলো ল’ৰা-ছোৱালীয়েই প্ৰাথমিক স্তৰত এইকেইটা প্ৰশ্ন দেও দি অহাৰ দৰেই আমিয়ো আহিছিলোঁ৷ জিভাৰ আগত থকা উত্তৰ৷ পৰীক্ষাৰ পৰা ঘূৰি আহি কোনেও নোসোধাকৈয়ে এফালৰ পৰা সকলোৱে শুনাকৈ উত্তৰবোৰ কৈ গৈছিলোঁ৷ পদূলিৰ পৰা আৰম্ভ কৰা উত্তৰৰ শেষ হৈছিল পাকঘৰত থকা মাৰ ওচৰত “আমাৰ গাঁৱৰ গাঁওবুঢ়াৰ নাম ‘গাঁওবুঢ়া ককা’৷ 

: কি বুলি লিখিছিল? 

: গাঁওবুঢ়া ককা৷ বাকীবোৰে ‘ভনৰ বাপেক’ লিখিছে৷ উত্তৰ শুনি মাৰ চকু কিমান ডাঙৰ হৈছিলনে মায়ে হাঁহিছিলনে খং উঠিছিল চাবলৈ আমাৰ সময় নাছিল৷ কলম-পেঞ্চিল দলিয়াই দি জঁপিয়াই জঁপিয়াই হাতেৰে নোচোৱাকৈ স্কাৰ্টটো খোলাত ব্যস্ত আছিলোঁ৷ তেনে অৱস্থাতে মায়ে আহি বুজাইছিল সকলো কথা৷ গাঁওবুঢ়া কি, কাক বোলে – কি নাম, তেওঁনো কি কি কাম কৰিব লাগে, তেওঁক কোনে গাঁওবুঢ়া পাতে ইত্যাদি ইত্যাদি৷ তাৰপাছৰ পৰাই আমাৰ কৌতূহলৰ অন্ত নাছিল৷ ‘গাঁওবুঢ়া’ শব্দটোকলৈ৷ ঘৰৰ আগেৰে অহা-যোৱা কৰা আমাৰ গাঁৱৰ গাঁওবুঢ়াজনৰ জীৱনৰ প্ৰতি কৌতুহল সহানুভূতি শ্ৰদ্ধা আদিৰ অন্ত হোৱা নাছিল৷ ক্ৰমে ডাঙৰ হৈ অহাত কৌতুহলৰ অন্ত পৰিছিল৷ জানিব পাৰিছিলো গাঁওবুঢ়াৰ অতীত আৰু বৰ্তমান৷ বিশেষকৈ গাঁওবুঢ়াৰ অতীত জানিবলৈ দিছিল এখন নাটক – ‘গাঁওবুঢ়া’৷ 

পদ্মনাথ গোহাঁঞিবৰুৱাৰ ইংৰাজ ৰাজত্বৰ কালৰ গাঁওবুঢ়াৰ জীৱন আধাৰিত ধেমেলিয়া নাটক ‘গাঁওবুঢ়া’৷ ‘গাঁওবুঢ়া’ একালৰ অসমীয়া গাঁৱলীয়া সমাজৰ দাপোন৷ এইখন নাটকেৰেই গোহাঁঞিবৰুৱাই তেওঁৰ নাট্যকাণ্ডাৰী জীৱনৰ পাতনি মেলিছিল৷ সমাজৰ বিশেষ এটা শ্ৰেণীক কেন্দ্ৰ কৰি ৰচনা কৰা এইখন নাটকক সমালোচকসকলে নাটকৰ ভিন ভিন শাসকৰ অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰা দেখা যায়৷ কোনোবা লঘু সামাজিক নাটক বা ধেমেলীয়া নাটক বা প্ৰসহন বা ফাৰ্চৰ অন্তৰ্ভুক্ত কৰিব বিচাৰিছে৷ কিন্তু বিশেষণ কৰিলে দেখা যায় যে প্ৰকৃততে এইবিলাক কোনো এটাৰে ভিতৰত ইয়াক পেলাব নোৱাৰি৷ গোহাঁঞিবৰুৱাই নিজেও উল্লেখ কৰি গৈছে যে ই এখন সামাজিক নাটকহে৷ বৃটিছ শাসনৰ আদিছোৱাত সমাজত প্ৰচলিত কিছুমান প্ৰশাসনিক কুপ্ৰথা আৰু সামাজিক দূৰ্নীতি আদি সমস্যাই গোহাঁঞিবৰুৱাৰ মনত গভীৰ ৰেখাপাত কৰিছিল৷ আৰু তাৰ ফলতেই জন্ম হৈছিল গাঁওবুঢ়া নাটকৰ৷ নাটকৰ পাতনিত গোহাঁঞিবৰুৱাই কৈছে “আধুনিক অসমীয়া সমাজৰ আদিছোৱাত চৰকাৰী কৰ্মচাৰী গাঁওবুঢ়াৰ ‘অনাহাৰী’ বিষয়ববীয়া খাটনি বিষয়ক ৰহস্যই এই লেখকৰ অন্তৰত ল’ৰাকালত সদায় কৌতুহল জন্মাইছিল৷ সেই ৰহস্যৰ আৰ্হি ৰাইজৰ আগত দাঙি ধৰাই এই সামাজিক নাটক লিখিবলৈ লোৱাৰ আগ উদ্দেশ্য৷ ইংৰাজৰ ৰাজত্বকালত ৰায়তৰ পৰা খাজনা সংগ্ৰহৰ বাবে মৌজাদাৰ আৰু ইংৰাজ চাহাবসকলৰ বাবে নানা কাম-কাজ আদায় কৰি ল’বৰ বাবে একশ্ৰেণী মানুহক নিয়োগ কৰি ল’বৰ বাবে একশ্ৰেণী মানুহক নিয়োগ কৰা হৈছিল৷ গাঁওবুঢ়া নামে এইশ্ৰেণীলোকে এখন গাঁৱৰ দায়িত্ব কান্ধ পাতি ল’ব লগা হৈছিল৷ চাহাবৰ ৰচদ পাতিৰ যোগান ধৰা, মৌজাদাৰক খাজানা সংগ্ৰহ কৰি দিয়া, চাহাবৰ কাম কৰি দিবৰ বাবে কুলী ধৰা, কুলী নাপালে নিজে কুলীৰ কামো কৰি দিব লগা হৈছিল৷ ইফালে চৰকাৰী কামত লাগি থাকি নিজৰ ঘৰৰ অৱস্থা লাওলোৱা হৈছিল৷ আনকি কেতিয়াবা খাজনা দিব নোৱাৰা অপৰাধত কোনো কোনো গাঁওবুঢ়াৰ ঘৰেই ক্ৰোক কৰা হৈছিল৷ এনে এশ এটা দুৰ্ভোগ ভূগি দিন কটাবলগীয়া হৈছিল। 

গোহাঁঞিবৰুৱাৰ গাঁওবুঢ়া নাটকৰ নায়ক ভোগমন চেতিয়া৷ ভোগমন বায়নৰ ঘৰৰ ল’ৰা৷ বায়নৰ ঘৰৰ ল’ৰা বুলি থকা আত্মগৌৰৱত সেইদিনা আঘাত লাগিছিল যিদিনা কচুখোৱা গাঁওবুঢ়াৰ নিদ্দেৰ্শত চৰকাৰৰ চিপাহীয়ে ভোগমনক কুলীৰ কামত লগাইছিল৷ কচুখোৱা গাঁওবুঢ়া ভোগমনৰ স্বজাতিৰ হোৱা স্বত্বেও তেওঁৰ নিৰ্দেশতে কুলীৰ দৰে তলখাপৰ কাম কৰিবলগীয়া হোৱাত লাজে দুখে একাকাৰ হ’ল৷ ভোগমনৰ মানসিক যান্ত্ৰণা কিন্তু পত্নী ৰংদৈৰ সহ্য নহ’ল৷ বুদ্ধিমতী ৰংদৈয়ে সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিবলৈ পাঙি ভোগমনক ক’লে,

“মোৰ মনেৰে যি গাঁওবুঢ়াই আমাৰ এনে বিলাই কৰিছে তাৰ বিষয়বাবখনকে ল’বলৈ কাৰবাৰ কৰা হওকচোন৷”

গিৰিয়েক ভোগমনৰ দ্বিধাগ্ৰস্ত সম্প্ৰতি আদায় কৰি ৰংদৈ হাতে কামে আগবাঢ়িল৷ “সামৰণত থকা এৰি কাপোৰখন আৰু সিদিনা শালৰপৰা কটা তিতাকৰীয়া মেখেলাখনকে লৈ গৈ …….” ৰংদৈয়ে স্বামীৰ হৈ মৌজাদাৰ মৌজাদাৰনীক ভেটিলেগৈ৷ নিজৰ বিলাই বিপত্তিৰ কথাৰে প্ৰকৃততে ভোগমনৰ বাবে গাঁওবুঢ়া পদবীটো যোগাৰ কৰে৷ দুদিনমান গাঁওবুঢ়া হ’বলৈ পাই আনন্দত মতলীয়া হৈ ফুৰাৰ পাছতহে ভোগমনৰ আঁৰৰ কথাবোৰ অৱগত হয়৷ গাঁওবুঢ়া নামতহে যে এটা চৰকাৰী পদবী কামত কিন্তু একেই তলখাপৰ৷ চৰকাৰৰ কামৰ বাবে এজন গাঁওবুঢ়াই দিনে-নিশাই তলৌ তলৌকৈ ঘূৰি ফুৰিব লাগে৷ বিনিময়ত চৰকাৰৰ পৰা কিবা সা-সুবিধা বা দৰমহা পোৱাটো দূৰৈৰ কথা আছিল৷ চাহাবৰ লগুৱা-লিকচৌকে ধৰি ৰাইজ মৌজাদাৰ সকলোৰে পৰা গালি-শপনি কটু কথা শুনিহে দিন কটাব লগাত পৰিছিল৷ আনকি কেতিয়াবা চৰ-লাঠ-ভুকু আদিও নোখোৱাকৈ থকা নাছিল৷ লগতে ঘৰ-সংসাৰলৈ চকু দিব নোৱাৰা বাবে ঘৰত পত্নী ৰংদৈৰ খেচখেচনিয়েও ভোগমনৰ জীৱন তিক্ততাৰে ভৰাই পেলালে৷ নিজে পুতি লোৱা খুটিত যেন ভোগমনে মূহূৰ্তে মূহূৰ্তে উজুতি খাবলৈ ধৰিলে৷ দিন ৰাত একাকাৰ কৰি চৰকাৰী কাম কৰি থকা স্বত্বেও এদিন যেতিয়া খাজনা দিব নোৱাৰা অপৰাধত ভোগমনৰ নিজৰ ঘৰ ক্ৰোক কৰে; সেইদিনা ভোগমন একেবাৰেই ভাগি পৰিল৷ ঘৰৰ লাম-লাকটু কেইপদৰ লগতে জীয়েক জেতুকীৰ ওমলা বাটিটো লৈ যাওঁতে জীয়েকে হিয়ালি-জিয়ালীকৈ কন্দা দৃশ্যই ভোগমনৰ নিজৰ ওপৰতে ধিক্কাৰ জন্মালে৷ “হে প্ৰভু, তোমাৰ কি অতভূত মহিমা/ এনেখন সুখ ভুগিবলৈকে মানুহে গাওঁবুঢ়া বিষয় খাবলৈ খাটি খুটি ফুৰে/ হায়/ হায়/” আৰু অৱশেষত এদিন ৰংদৈৰ লগত আলচ কৰি ভোগমনে আগৰ দৰেই গাঁৱৰ সাধাৰণ ৰাইজৰ মাজৰ এজন হৈ জীৱন কটোৱাটোৱে উচিত বুলি থিৰাং কৰিলে৷ যি বিষয়বাবে মানুহৰ জীৱনলৈ এনে দূৰ্যোগ কঢ়িয়াই আনিব পাৰে তেনে বিষয়বাব থকাতকৈ নথকাই ভাল৷ “কাইলৈ মৌজাদাৰ হাকিমৰ ওচৰত আমাৰ বিয়াখনৰ মেটমৰা ভাৰখন শোধাই দিহে আহিবগৈ লাগে৷” ভবামতেই গাঁওবুঢ়া বিষয়বাব শোধাই দি দুদিনীয়া মোহৰ পৰা মুক্ত হৈ ভোগমন গাঁওবুঢ়াৰ পৰা সাধাৰণ ভোগমন হৈ পৰিল৷ চমুকৈ এয়াই নাটকৰ কাহিনী৷ বিশেষ বিশেষত্ব নথকা স্বত্বেও ইয়াৰ উপস্থাপন বা পৰিৱেশন পদ্ধতি, চৰিত্ৰ চিত্ৰণ, সমাজৰ প্ৰতিচ্ছবি অংকন আদিৰ বাবে আমাৰ দৰেই গাঁওবুঢ়াই সকলোৰে মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াত নাটকীয় কাহিনীক পাঁচটা অংক আৰু সৰ্বমুঠ ষোল্লটা দৃশ্যত ভাগ কৰা হৈছে৷ অৱশ্যে প্ৰথম অৱস্থাত নাটকখন মঞ্চৰ উপযোগী কৰি ৰচনা কৰা হোৱা নাছিল৷ পাছত দৰ্শকৰ ৰুচি অভিৰুচিলৈ চকু ৰাখি গোহাঁঞিবৰুৱাই “ষ্টেজৰ নিমিত্তে উপযোগী কৰিবৰ উদ্দেশ্যে” শেষৰ ফালে দুটা দৃশ্য সংযোগ কৰে৷ নাটকখনত ভিতৰি নিহিত হৈ থকা গহীন ভাৱৰ তুলনাত এই দৃশ্য দুটা বহু পৰিমাণে লঘু৷ এনে উপৰুৱা দৃশ্যৰ সংযোগে নাটকখন হাস্যোদ্দীপক কৰি তোলাত সহায় কৰিছে৷ এইখিনিতে হাস্যৰসাত্মক, সামাজিক নাটকৰ জন্মৰ আঁৰৰ কথা আলোচনা কৰা যাওক৷ হাস্যৰসাত্মক সামাজিক নাটকৰ উদ্ভৱ হয় তেতিয়া যেতিয়া নাট্যকাৰে লঘু চন্দেৰে কোনো ব্যক্তি বা সমাজৰ বাহ্যিক বা উপৰুৱা দোষ ত্ৰুটি বা বিসংগতিক সমল হিচাপে লৈ ব্যঙ্গাত্মক ছবি আঁকে৷ সাধাৰণতে এই শ্ৰেণী নাটকৰ দৃষ্টি নিবন্ধ থাকে বাহ্যিক আৰু সাময়িক অভিব্যক্তিৰ ওপৰত৷ এয়ে বাহ্যিক আৰু সাময়িক কথাই যেতিয়া সমাজত খোপনি পোতাৰ চেষ্টা কৰে প্ৰকৃততে তেতিয়াই এনে নাটকৰ জন্ম হয়৷ হাস্যৰসাত্মক পৰিৱেশ পৰিস্থিতি বা কথা-বতৰাৰ দ্বাৰা বৰ্ণনীয় গহীন বিষয়বস্তুটো সহজেই দৰ্শকৰ বোধগম্য কৰাবলৈ চেষ্টা কৰা হয়৷ যি কথা গাঁওবুঢ়াৰ ক্ষেত্ৰত ষোল্ল অনাই খাটে৷ নাটকখন আটাইতকৈ চকুতলগা দিশটো হৈছে ইয়াৰ চৰিত্ৰ চিত্ৰণ৷ ইয়াৰ সকলোবোৰ চৰিত্ৰই ইংৰাজ শাসনৰ আদিচোৱাৰ অসমীয়া নিম্ম মধ্যবিত্ত গাঁৱলীয়া সমাজৰ৷ ইয়াৰ প্ৰতিনিধিত্বমূলক চৰিত্ৰ হৈছে নাটক ভোগমন৷ নাট্যকাৰে নাটকখনৰ আনকেইগৰাকী গাঁওবুঢ়াৰ চৰিত্ৰৰ অৱতাৰণা নকৰালৈকে কেৱল ভোগমনৰ চৰিত্ৰৰ দ্বাৰাই গাঁওবুঢ়া শ্ৰেণীৰ স্বৰূপ দাঙি ধৰাৰ থল আছিল৷ কিন্তু তাকে নকৰি ভোগমনহঁতৰ দৰে মানুহৰ অৱস্থাৰ গভীৰতা দেখুৱাবলৈ কচুখোৱা চুতিয়া, কেৰপাই কোঁচ, টেপেৰা কলিতা চৰিত্ৰ অৱতাৰণা কৰিছে৷ এওঁলোকৰ দুখ দুৰ্দশাপূৰ্ণ জীৱন কৰি ফুটি উঠিছে পঞ্চম অংকৰ শেষৰ দৃশ্যত৷ চাৰিওজন গাঁওবুঢ়াই ৰাজপথত লগ হৈ চুটি অথচ অৰ্থপূৰ্ণ কথা-বতৰাৰে নিজৰ জীৱন উদঙাই দেখুৱাইছে বিশেষকৈ চাৰিওজনে হাত ধৰি ঘূৰি ঘূৰি নাচি নাচি গোৱা গীতটোৱেই গাঁওবুঢ়াৰ জীৱন কাহিনী জানিবৰ বাবে যথেষ্ট৷ আমি চাৰি গাঁওবুঢ়া, চাৰি ঢেঁকী থোৰা; ৰাতি দিনে কাম কৰি হওঁ এধামৰা/ [আমি গাঁওবুঢ়া] বাহিৰত বৰ-কথা, ভিতৰত কন্দা-কটা; ঘৰে-পৰে খকা-খুন্দা গৰিহণা খাই ফুৰা/ [আমি গাঁওবুঢ়া] ঘৰৰ খোৰাক খাই, পৰৰ কাম চলাই ঘূৰি ফুৰোঁ দিনে-ৰাতি অনাহাৰী বিষৈখোৱা/[আমি গাঁওবুঢ়া] ভোগমনৰ চৰিত্ৰত গাঁৱলীয়া সহজ-সৰল স্বভাৱ চৰিত্ৰ বিদ্যামান৷ ঘৰত থকা সময়খিনিত পত্নী ৰংদৈৰ কথা-কাম মতেই চলে ভোগমন৷ বায়নৰ ঘৰৰ ল’ৰা ভোগমনে কুলী খাটি পোৱা মনোকষ্ট সহ্য কৰিব নোৱাৰি ৰংদৈৰ দিহামতেই গাঁওবুঢ়া হৈছিলগৈ৷ আৰু গাঁওবুঢ়া হোৱাৰ পাছত হাকিম মৌজাদাৰৰ নিৰ্দেশমতেই চলিছিল৷ গোহাঁঞিবৰুৱাই ভোগমনৰ কথা কাম স্বভাৱ-চৰিত্ৰৰ দ্বাৰা বুজাব বিচাৰিছিল যে যিখন সমাজৰ ছবি তেওঁ অংকণ কৰিছে সেইখন ভোগমনৰ দৰে মানুহ তিষ্ঠি থকাটো সম্ভৱ নহয়৷ ভোগমন যিমান সহজ-সৰল তাৰ বিপৰীতে সমাজৰ বৰমূৰীয়াসকল আৰু তেওঁলোকৰ লগুৱা-লিকচৌৰ জটিলতা আৰু কুটিলতাপূৰ্ণ স্বভাৱ চৰিত্ৰ৷ এনে বৈপৰীত্যেই নাটকক চহকী কৰাৰ দৰেই গাঁওবুঢ়াকো বিশেষ বৈশিষ্ট্য দান কৰিছে৷ ভোগমনৰ সমপৰ্যায়ৰ চৰিত্ৰকেইটা বাদ দি নাটকখনক গতিশীলতা দান কৰা চৰিত্ৰটো হৈছে ভোগমনৰ পত্নী ৰংদৈ৷ ৰংদৈ একেধাৰে বুদ্ধিমতী কৰ্মনিপুনা ধৈৰ্যশীলা পতিব্ৰতা আৰু মৰমীয়াল তিৰোতা৷ দ্বিতীয় অংকৰ প্ৰথম পটতেই ৰংদৈৰ বুদ্ধিৰ উমান পাব পাৰি৷ স্বামীৰ বাবে গাঁওবুঢ়া বাব ল’বলৈ বুলি বুদ্ধি সাজি মৌজাদাৰনীক মৌবৰষা কথাৰে ভোলাই নিজৰ উদ্দেশ্য সাধন কৰিছে৷ ভোগমন গাঁওবুঢ়া হোৱাৰ পাছত আশা কৰাৰ বিপৰীতে সংকটাপন্ন হৈ পৰা ৰংদৈৰ অৱস্থাৰ উমান পোৱা যায়, তৃতীয় অংকত, গাঁওবুঢ়া হৈ চৰকাৰী কামত ঘূৰোঁতে ঘূৰোঁতে ভোগমনৰ ঘৰৰ ফালে চকু দিবলৈ সময় নোহোৱা হ’ল৷ ইফালে ঘৰৰ ৰন্ধা-বঢ়া পথাৰৰ ৰোৱা-দোৱা সকলোবোৰ কামতে ৰংদৈয়ে সমানে চকু দিবলগীয়া হ’ল৷ এসাঁজ খালে ইসাঁজলৈ চিন্তা হ’ল৷ দুখে কুলাই পাচিয়ে নধৰা হোৱাত ৰংদৈ খঙত জ্বলি উঠিল৷ কামৰ পৰা আহি ভাত বিচৰাত ভোগমনৰ ওপৰত সেই খং পূৰাদমে জাৰিলে – “থৈছোঁ ৰান্ধি; খোৱাহি মাথোন/ কেইজনমান বেটী থৈ গৈছিলি, কৰি মেলি ৰান্ধি-বাঢ়ি থ’বলৈ৷ আমাৰ বিষয়া সিফালে চৰ্কাৰী কামলৈ ওলাই গ’ল, ইফালে পথাৰ চোৱাই পথাৰ চাইছে, বন কৰোঁতাই বন কৰিছে, ৰন্ধাই ৰান্ধি থৈছে; এতিয়া আহি মুঠেই ভাতৰ পাতত বহিবগৈ হে লাগে৷”  নিৰক্ষৰ গাঁৱলীয়া তিৰোতাৰ অভিযোগৰ স্বাভাৱিক প্ৰকাশভংগী ফুটি উঠিছে ৰংদৈৰ কথাত৷ কিন্তু একেজনী ৰংদৈয়েই খঙে-দুখে ভোগমন নোখোৱাকৈ ওলাই যোৱাত দুখ-বেজাৰত কান্দিও পেলাইছে৷ “ভাল হ’ল এতিয়া দিনটো শুকাই উবাই মৰকগৈ আজি৷ …….. দেহি ঐ, দুপৰীয়া আহি পাওঁতেই মই কুলৈখনীয়েনো জুকে ধৰাদি কিয় ধৰিছিলোঁ ঐ/” – ৰংদৈৰ মুখৰ সংলাপ আৰু কথাৰ মাজেদি গোহাঁঞিবৰুৱাই অসমীয়া নাৰীৰ মনস্তত্বৰ সুন্দৰ বিশ্লেষণ কৰিছে৷ পঞ্চম অংকত খাজনা দিব নোৱাৰা অপৰাধক ঘৰ ক্ৰোক কৰাত ৰংদৈ কান্দি-কাটি অস্থিৰ হ’লেও পাছমূহূৰ্ততে স্থিৰ হৈ ভোগমনক গাঁওবুঢ়া বিষয়বাব সোধাই দি আহিবলৈ উপদেশ দিছে৷ অন্যান্য চৰিত্ৰৰ ভিতৰত ৰত্নেশ্বৰ হাজৰিকাক তেওঁৰ কৰ্যাকলাপ আৰু কথাবতৰাৰ দ্বাৰা সেইকালৰ বৃটিছ আমোলৰ মৌজাদাৰৰ হুবহু ৰূপত অংকণ কৰিছে৷ মৌজাদাৰৰ পৰৰ ওপৰত টেক্কা মাৰি খোৱাবিধৰ লোক৷ সেইদৰে থানাৰ দাৰোগা মানিকচন্দ্ৰ বৰুৱা বৃটিছ অনুগ্ৰহ পাই গপতে গংগাটোপ যেন হৈ পৰিছে৷ মি. ইয়ং আৰু মি. স্কটৰ সুখৰ হেনা হুচা ইংৰাজী ঢঙৰ অসমীয়া সংলাপ একেবাৰে খাপ খাই পৰা পৰা৷ মৌজাদাৰৰ লগুৱা মঙলা আৰু খেলুৱৈ কেইজনৰ মুদ্ৰাদোষজনিত সংলাপৰ মাজেদি হাস্যৰস সৃষ্টি কৰা হৈছে৷ বিলত পেজান আদি মৰীয়া কেইজনৰ মুখত দিয়া ভাষাৰ গ্ৰাস্যতা আৰু উন্নত কৰাৰ থল নোহোৱাও নাছিল৷ অৱশ্যে ধেমেলীয়া নাটক চাই মঙলাৰ ‘কিনো ৰূপে সৈতে’ আদি কৰি এইবিলাক ধৰিবলগা আৰু নহয়৷ পিয়ল অৰ্ডালি চিপাহীহঁতৰ অভদ্ৰামী আৰু সহজ গাঁৱলীয়াৰ ওপৰত দেখুওৱা বৰসতা বা মই বৰ ভাব স্বাভাৱিক ৰূপত ফুটাই তোলাত নাট্যকাৰ সফল হৈছে৷ ৰংদৈক বাদ দি দ্বিতীয় অংকৰ তৃতীয় পটত মাথোন অলপ সময়ৰ কাৰণে ওলোৱা মৌজাদাৰৰ পত্নী আমিলাৰ চৰিত্ৰত আনৰ দুখত কাতৰ হ’ব পৰা সহানুভূতিশীল অন্তৰখনৰ উমান পোৱা গৈছে৷ চৰিত্ৰ চিত্ৰণৰ পাছত নাটকখনৰ চকুত পৰা আনটো দিশ হৈছে সমাজৰ৷ ইয়াত গোহাঁঞিবৰুৱাই ঊনবিংশ শতিকাৰ আগৰচোৱাৰ অসমীয়া সমাজৰ ছবি অংকণ কৰিছে৷ ইয়াকে কৰিবলৈ যাওঁতে গোহাঁঞিবৰুৱাই সমসাময়িক অসমীয়া সমাজৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু ধৰ্মীয় চাৰিওটা দিশতে আলোকপাত কৰিবলৈ চেষ্টা কৰিছে৷ নাটকৰ কাহিনীৰ মূল বিষয়বস্তুৱেই হৈছে গা‍ঁওবুঢ়া শ্ৰেণীলোকৰ পাৰিবাৰিক সমস্যাৰাজি৷ নায়ক ভোগমনৰ জীৱনৰ ছবিৰ দ্বাৰা সেইসময়ৰ গ্ৰাম্য সমাজ ব্যৱস্থাত গাঁওবুঢ়াসকলৰ কুলাই পাচিয়ে নধৰা দুখৰ পৰাধীন জীৱনৰ ছবি ফুটাই তুলিছে৷ বৃটিছ তামোল আৰু তলতীয়া বিষয়াসকলক প্ৰশাসনীয় বেমেজালি আৰু দুৰ্নীতিৰ কৱলত অসমীয়া সমাজ আৰু গাঁওবুঢ়াসকলৰ কেনে অৱস্থা হৈছিল ফুটাই তুলিছে৷ প্ৰকৃততে নাট্যকাৰৰ উদেশ্য আছিল অবৈতনিক অনাহাৰী গাঁওবুঢ়াসকলৰ প্ৰতি সহানুভূতি প্ৰদৰ্শনেৰে দুৰ্নীতিৰ মকৰাজালে আৱৰি ৰখা অসমীয়া সমাজৰ স্বৰূপ দাঙি ধৰাটো৷ বৃটিছৰ দয়া-মায়াহীন শাসন নীতিৰ কৱলত পৰি গাঁওবুঢ়া বিলত পেজান আদি তলশ্ৰেণীৰ মানুহখিনিৰ পেটৰ ভাতমুঠিৰ লগতে আশা-আকাংক্ষা সকলো মষিমূৰ হৈ পৰিছিল৷ নাটকখনৰ প্ৰায়বোৰ চৰিত্ৰই অসমীয়া সমাজখনৰ ৰীতি-নীতি ফুটাই তুলিছে৷ ঘৰ ক্ৰোক কৰিবলৈ অহা টেকেলাকো তামোল-চালি যচা কথাই অসমীয়া সমাজৰ ‘শত্ৰু ঘৰলৈ আহিলেও মিত্ৰ জ্ঞান কৰিবা’ নীতিকে সূচায় বৰজনক মান ভক্তি কৰিবা কথাৰ প্ৰমাণো নাটকখনত পোৱা যায়৷ অসমীয়া সমাজ-সংস্কৃতিৰ সৈতে এবাৰ নোৱাৰাকৈ সাঙোৰ খাই থকা তাঁতশালখনো ইয়াত আছে৷ ‘আকালো নাই ভঁৰালো নাই’ মনোভাৱেৰে সুখী হ’ব পৰা গাঁৱৰ মানুহ৷ গাঁওবুঢ়াত প্ৰতিফলিত হোৱা সমসাময়িক সমাজখনৰ ৰাজনৈতিক দিশলৈ চকু দিলে প্ৰথমে চকুত পৰে মৌজাদাৰী প্ৰথা৷ সেইসকলৰ বৃটিছৰ শাসনৰ চৰকাৰী নিয়ম কানুন মুঠেই শিথিল নাছিল৷ চৰকাৰে সাধাৰণ ৰায়তৰ পৰা জোৰ জুলুম কৰি খাজনা আদায় কৰিছিল৷ খাজনা দিব নোৱাৰাসকলৰ ঘৰ ক্ৰোক কৰি সা-সম্পত্তি বাজেয়াপ্ত কৰিছিল৷ ইয়াৰে উদাহৰণ স্বয়ং ভোগমন গাঁওবুঢ়া, সেইকালত ৰায়তৰ পৰা কিস্তিত খাজনা লোৱাৰ উপৰিও প্ৰতি চৰতীয়াকৈ স্থানীয় কৰ লৈছিল৷ ৰায়তসকল নিজৰ অজ্ঞাতসাৰেই মৌজাদাৰৰ শোষণৰ অংশীদাৰ হৈছিল৷ 

ইয়াৰ পাছতে চকুত পৰে কুলী ধৰা প্ৰথা৷ যি প্ৰথাই ভোগমনৰ দৰে স্বাধীনচেটিয়া বায়নৰ ঘৰৰ ল’ৰাৰ আত্মসন্মানত আঘাত হানিছিল৷ তাতে অপমানিত হৈ ভোগমনে নিজৰ বংশমৰ্যদা বঢ়াবৰ বাবে মৌজাদাৰ আৰু বৰচাহাবক ভাৰ ভেঁটি দি গাঁওবুঢ়া বাব লৈছিল৷ এই কাৰ্যই সমাজত প্ৰচলিত থকা ভেঁটিখোৱা প্ৰথাৰ কথাকে সূচায়৷ দুখীয়া জনসাধাৰণক ঠগ প্ৰৱঞ্চনাৰে জুৱা দি সমাজৰ বৰমূৰীয়াসকলে কেনেকৈ প্ৰতিপত্তি লাভ কৰিছিল তাৰ উজ্জল দৃষ্টান্ত গাঁওবুঢ়া নাটক৷ গাঁওবুঢ়া নাটকৰ জৰিয়তে সেইসময়ৰ সমাজৰ অৰ্থনৈতিক দিশটোও চকুত পৰে৷ প্ৰায়খিনি মানুহেই আছিল কৃষিজীৱি৷ হাতভঙা পৰিশ্ৰম কৰি দুবেলা দুমুঠি আৰ্জন কৰা মানুহখিনি অৰ্থনৈতিক অৱস্থা একেবাৰেই স্বচ্ছল নাছিল৷ ধান-মাহ, সৰিয়হ, জীৱ-জন্তু পুহি তাঁত-সূত বৈ কাপোৰকানি বেচি কাটিহে খাজনাকে ধৰি আৰ্থিক দিশ চম্ভালিছিল৷ ৰংদৈৰ মুখৰ এষাৰ কথাই সেইখন সমাজৰ আৰ্থিক দিশৰ ছবি দাঙি ধৰিবলৈ যথেষ্ট৷ “চপাব পাৰিলে মূৰামূৰিকৈ আটিবগৈ৷ অকল ভাত কাপোৰৰ দুখ হ’লেওচোন ৰইখা পাওঁ৷” বৃটিছ শাসনৰ কালত ধন-অৰ্থনীতি নিকপকপীয়া হোৱাৰ চিন কেঞা মহাজনৰ ঋণদান আৰু খাজনা প্ৰথাই দিয়ে৷ আত্মনিৰ্ভৰশীল গাঁৱলীয়া এই প্ৰথাই হনা আঘাত গাঁওবুঢ়া নাটকত পৰোক্ষভাবে হ’লেও দেখা পোৱা যায়৷ ধৰ্মীয় দিশটো নাটকখনত স্পষ্ট নহ’লেও বৈষ্ণৱ পৰম্পৰাৰ ৰেঙণি এটা দেখা পোৱা যায়৷ বৈষ্ণৱ ধৰ্মৰ প্ৰতি সেইকালৰ মানুহখিনিৰ যে গভীৰ আস্থা আছিল সেইকথা নাটকখনৰ দ্বিতীয় অংকৰ পঞ্চম পটৰ খেলুৱৈসকলে গুচৰীয়াক কীৰ্তনত ধৰি কাণত খুউৱাৰ কাৰ্যই জানিবলৈ দিয়ে৷ ইংৰাজৰ আগমনৰ ফলত পূৰ্বৰ বৈষ্ণৱ পৰম্পৰাৰে সমৃদ্ধ সুস্থ নিকা আৰ মানৱীয় মৰ্যদাবোধেৰে পৰিপূৰ্ণ সমাজখনত আউল লাগিছিল৷ গোহাঁঞিবৰুৱা আছিল বাস্তৱতাক সহজে প্ৰাধান্য দিয়া নাট্যকাৰ৷ সেয়ে আৱেগতকৈ তেওঁ প্ৰয়োজনৰ তাগিদাতহে নাটক ৰচনা কামত হাত দিছিল৷ সেয়ে তেওঁৰ নাটকত বাস্তৱৰ এখন ছবিকে হুবহু ৰূপত পোৱা যায়৷ যি ক্ষেত্ৰত একেষাৰেই গাঁওবুঢ়াৰ নাম ল’ব পাৰি৷ গোহাঁঞিবৰুৱাই যি উদ্দেশ্য আগত ৰাখি গাঁওবুঢ়া নাটক ৰচনা কৰিছিল৷ সেইক্ষেত্ৰত তেওঁ সম্পূৰ্ণ সফল হৈছিল বুলি ক’ব পাৰি৷ নাটকীয় কাহিনীৰ বিন্যাস বা নাটকৰ অন্যান্য দিশৰ দুই এটা সৰু-সুৰা খুঁটি-নাতিৰ স্বত্বেও প্ৰায় এশ বছৰৰ পাছতো গাঁওবুঢ়াৰ আবেদনে আমাৰ দৰে হাজাৰজনৰ অন্তৰ চুই যাব পৰা হৈ আছে৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *