প্রথম পুৰুষ জিন্দাবাদ-খনিন্দ্র ভূষণ মহন্ত
বৰ বেয়া দিন চলিছে মোৰ। আচলতে এই ‘বেয়া’খিনিক ট্রেজেদী বুলি অভিহিত কৰিব পাৰি নে নাই সেইটো অলপ চিন্তাৰ বিষয়। সেয়েহে বর্তমান মই শব্দটো পৰিহাৰ কৰি চলিছোঁ। এনেয়ো শব্দ একোটাৰ উচিত ব্যৱহাৰ নহ’লে গোটেই বাক্যটোৰ অর্থই সলনি হৈ যায়। গতিকে…!
বাৰু, সেইবোৰ থাকক। ক’ব খোজা কথাটো অলপ বেলেগ। মানে ঘটনাটো মোৰ ওপৰতে আধাৰিত যদিও পোনপটীয়াকৈ মই জড়িতও নহয়। মানে ধৰক নাটকৰ মঞ্চত যে থাকে বিভিন্ন আচবাববোৰ– একো সংলাপ নাথাকে, অথচ নহ’লেও নহয়। ঠিক তেনেকুৱাই।
পুৰণি কথা এটা প্রাসংগিক যেন লাগিছে বাবে এইখিনিতেই উল্লেখ কৰি থ’ব খুজিছোঁ। তেতিয়া ফেচবুকত ফালি থাকোঁ একদম। ফালি থকা মানে বুজিছে নহয়? দিনটোত অতি কমেও এটাকৈ প’ষ্ট থাকিবই। মনতে এনে ধাৰণা এটা গঢ় লৈ উঠিছিল (ভ্রান্তও হ’ব পাৰে বাৰু) যেন নিলিখিলে মোৰ ভাতেই হজম নহ’ব অথবা ৰাতি টোপনিও নাহিব। অঁ, কোনোবা পঢ়িবলৈ ৰৈ থকাৰ চিন্তাটো বাৰু তেনেকৈ নাছিল।
স্কুলত পঢ়াৰ দিনৰ পৰা ডায়েৰী লিখাৰ অভ্যাস এটা কম-বেছি পৰিমাণে আছিল। সেই অভিজ্ঞতাখিনিকে ধৰিবা আওপকীয়াকৈ ফেচবুকত ব্যৱহাৰ কৰিছিলোঁ। মাজে-মাজে ‘বাণী’ কিছুমানো বিলাইছিলোঁ। এতিয়া মেম’ৰীত সেইবোৰ দেখিলে একদম ‘ফাট-মেলা বসুমতী…’ হৈ পৰোঁ।
বর্তমান যিটো দশাৰ মাজেৰে দিন অতিবাহিত কৰি আছোঁ, ইয়াৰ আধাৰ হয়তো তেতিয়াই ৰচনা হৈছিল। অলপকৈ উকমুকনিৰ আভাসো পাইছিলোঁ। কিন্তু সেইবোৰলৈ বৰ এটা মন-কাণ নিদিয়াত সেইফালেই তাপ মাৰিলে। এই ধৰক অকণমান দুখৰ সোৱাদ থকা দুশাৰী লিখি আপদেট দিলোঁ। লাইক-কমেণ্ট একো নাহিলেও ভিতৰ-বাকচত খুটুঙকৈ শব্দ হ’লেই – কি হৈছে? মন বেয়া নেকি? আৰু প্রথমে-প্রথমে এইফালে মই ভাবি পাৰ নাপাওঁ – কাৰ কি হৈছে? মোক কিয় সুধিছে? কিছুদিন এই পৰিক্রমাটো পাৰ হোৱাৰ পাছতহে উৰহী গছৰ ওৰ, বেঙেনা গছৰ থোৰ উদ্ধাৰ কৰিলোঁ। যত-কুটৰ-ঘাই সেই বিশেষ ফেচবুক প’ষ্টকেইটা। সেই বুলি কি পিছ হুঁহকি আহিম? কথা হ’ল নেকি? উপায় এটা উলিয়ালোঁ – ভিতৰ বাকচটো ব্যৱহাৰ নকৰোঁ বুলি এনেই আকাশ-বাণী এটা কৰি দিলোঁ। তেতিয়াৰ পৰা ধৰিবা অলপ ৰক্ষা। টুলুং-টালাং শব্দবোৰ আহে ঠিকেই, কিন্তু মই সেইবোৰ নোখোলাকৈ থৈ দিওঁ।
ফেচবুকত মোৰ ‘এক্টিভিটি’ একে ধৰণেই চলি থাকিল। লাহেকৈ হোৱাটচ্-এপতো ‘ষ্টেটাচ’ দিব পৰা সুবিধা আহিল। ‘এনেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া’ টাইপ ফিলিং এটা আহিয়ে গ’ল নহয়। কাজেই যি মন যায় তাকেই লিখাত লাগি গ’লোঁ। কেণাটো লাগিল এইবাৰ সেইখিনিত। একো এটা লিখি দিবই নোৱাৰি – বিভিন্ন প্রশ্নৰ সমাহাৰেৰে মোক থকা-সৰকা কৰে বুলি ভাবিছে নেকি? নহয়। চিধাই দেউতালৈ ফোন কৰে – ‘বোলো তিলক, ল’ৰাৰ ফালে মন কৰিছানে নাই?’
মোৰ অৱশ্যে এফালৰ পৰা সুবিধা এটা আছে। ঘৰৰ আটায়েই মই কি লিখোঁ সকলো পঢ়ে আৰু ঈশ্বৰৰ কৃপাত কেতিয়াও ওলোটাই প্রশ্নও কৰা নাই কিয় লিখিলোঁ বুলি। লগতে এনে আবোল-তাবোল প্রশ্নৰ উত্তৰবোৰো ইমানেই ভয়ঙ্কৰভাৱে সুন্দৰকৈ দেউতাই দি দিয়ে, কোনো কোনো সময়ত মোৰেই আচৰিত লাগে – আচলতে দেউতাৰ সলনি মই এনেকৈ উত্তৰ দিব পাৰিলোঁহেঁতেননে!
সৌ সিদিনাৰ কথা। ‘নীলা খামৰ চিঠি’ এখন লিখিছিলোঁ। নাম-ধাম একো দিয়া নাছিলোঁ। জনাই জানে তাত কেনেধৰণৰ ভাষাৰ ব্যৱহাৰ হয়। এনেও মই কিবা এটা লিখি জবাবদিহি হ’ব লগাকৈ একো নিলিখোঁ বুলি বিশ্বাস নিজৰো আছে বা ঘৰতো আছে। আৰে’ যিবোৰ লিখিলে ঘৰৰ মানুহৰ কোনো আপত্তি নাই, আনৰ আপত্তি কেনেকৈ থাকিব পাৰে? ইমান যে চিন্তা ঔ মানুহবোৰৰ! চিঠিখন পঢ়ি লৈ মোকহে জনাব লাগিছিল কেনে পালে। জনাইছে কাক – দেউতাক? বপুৰাহঁতেতো নাজানে, দেউতাই যে কেনে ‘চেভেজ’ ৰিপ্লাই দিব!
এজনে হেনো সুধিলে – আপুনি জানেনে, ল’ৰাই এইবোৰ কি লিখিছে? তেখেতে লাভ কৰা উত্তৰটো আছিল এনেকুৱা – কি লিখিছেতো জানোৱেই। কালৈ লিখিছে সেইটোও জানো। ওলাব এদিন। আপোনাকো চিনাকি কৰাই দিমগৈ।
সিফালে সেৰ-মোটোক খালে একেবাৰে।
মই ভাবি নাপাওঁ – প্রথম বা দ্বিতীয় পুৰুষত একো এটা লিখিবই নোৱাৰি। চিধাই বেলেগ ফালে পোনাই দিব। ইমান বৈচিত্রময় তথা ঘটনাবহুল হ’ব পাৰেনে কাৰোবাৰ জীৱন? এইটো ‘থিয়ৰী’ মানি চলিলে দেখোন মোৰ এক ডজনমান প্রেমৰ কাহিনী ওলাব আৰু ‘ব্রেক-আপ’ৰ সংখ্যা হ’বগৈ ইয়াৰ দুগুণতকৈয়ো বেছি। কোৱা বাহুল্য যে, এটা সময়ত ‘তুমিহীনতাত ভুগিছিলোঁ’। কবিতা বুলিলে অকল সেইটোৱেই বিষয় চিনি পাইছিলোঁ। এই আপত্তিজীৱিসকলে কেনেবাকৈ সেই ডায়েৰীৰ পৃষ্ঠাবোৰ পঢ়িলে চাগে মূর্ছাই যাবগৈ!
প্রথম পুৰুষত গল্প দুটামান লিখিছিলোঁ। এটাত গল্পৰ মূল চৰিত্রটোক চিত্র-নাট্যকাৰ সজালোঁ, এঠাইত সজালোঁ গণিতজ্ঞ। তেতিয়া পিচে কাৰো ফোন দেউতালৈ যোৱা নাছিল – বোলো তিলক, ল’ৰাই বৰ ভাল কাম কৰি আছে দেই। শুভকামনা জনালোঁ বুলি!
এনেই নকয় নহয় – ফোনত দীঘলীয়া কথা পতা সকলোকে প্রেমত হাবু-ডুবু খাই থকা বুলি ভবাসকল সৰল মনৰ তালিকাৰ দ্বিতীয় স্থানত থাকিব। প্রথম স্থানত সগৌৰৱৰে থিয় দি থাকিব প্রথম পুৰুষত লিখা লেখাবোৰ লেখকৰ নিজৰ কথা বুলি ভবাসকল।
আটাইতকৈ মজাৰ কথাটো হ’ল – এই লেখাটো প্রথম পুৰুষত লিখিছোঁ। পাকে-প্রকাৰে বর্ণনা দি যি বুজাব লাগে বুজায়ো। গতিকে ‘সেইসকল’ পাঠকৰ এইটো পঢ়ি দেউতালৈ ফোন যাব নে নাই বা? দেখা যাওক। সময়ে ক’ব। নহয় জানো?
☆ ★ ☆ ★ ☆
8:40 am
বৰ ভাল লাগিল।