ফটাঢোল

মেক্সি পুৰাণ-দেবাশ্ৰী পৰাশৰ

আজিৰ বিষয়টো অতি জটিল। এইটো এনে এক বস্তু যে আজি হয়তো এইটো আলোচনাৰ বাবে প্ৰত্যক্ষ, পৰোক্ষ, গুৱালগালিৰ পৰা আদি কৰি সকলো ধৰণৰ ভৎসনাৰ সন্মুখীন হ’ম। এই বিশেষ সম্পদবিধ হৈছে ‘মেক্সি’ নামক এবিধ বিশেষ বস্ত্ৰ। এইবিধৰ নামটো যিমান সহজ সিমানেই কঠিন কিন্তু এইবিধ পিন্ধাৰ যোগ্যতা অৰ্জন কৰাতো।প্ৰাক বিবাহকালত এইভাগি বস্ত্ৰ  বিনা দ্বিধাই পিন্ধিব পাৰে। কিন্তু সেই সময়চোৱাত বস্ত্ৰভাগিৰ সিমান মূল্য নাথাকে। বিবাহোত্তৰ কালত কিন্তু এই ভাগিৰ আন্তৰিক মূল্য গগনচুম্বী হয়। যি সকলে এইবিধ পৰিধান কৰাৰ যোগ্যতা গোটাব নোৱাৰে সেইসকলে বিবাহৰ পাছত ৰাতিৰ ভাগত পৰিধান কৰে আৰু পুৱাৰ পোহৰ নৌ ওলাওঁতেই স্নান কৰি পিছফালৰ কোনেও নেদেখা অসূৰ্য্যস্পৰ্শা ঠাই এডোখৰৰ বিশেষ ডাঁৰ এডালত বাদূলি ওলমা দি ওলমাই থৈ আহিব লাগে। ঠাই বিশেষে কিছুসকল মহিলাই বিবাহৰ বছৰচেৰেকমান যোৱাৰ পাছত যথেষ্ট নীতি নিয়ম পালন কৰি পিন্ধাৰ যোগ্যতা আৰ্জে। কিছুসকলে যোগ্যতা আৰ্জে হস্পিতালত এবাৰ ভৰ্তি হোৱাৰ পাছত, বিশেষকৈ পোৱতি মহিলা সকলে। পোৱতি সকলৰ বাবেতো সেইভাগি সেইকেইদিনৰ বিশেষ সাজ।সেইভাগি পিন্ধি কোলাত কেঁচুৱা নল’লে কিহৰ কেঁচুৱাৰ মাকহে। পিচে কেতিয়াবা আকৌ হস্পিতাল ফেৰত সকলে বস্ত্ৰভাগি পিন্ধাৰ যোগ্যতা শহুৰৰ ঘৰত বাহাল ৰাখিব নোৱাৰে, গতিকে মাকৰ ঘৰতে সেইভাগি পিন্ধি মনতে সান্তনা লভে। পিচে বৰ্তমান আধুনিকতাক আকোঁৱালি লোৱা সকলে এইভাগি বস্ত্ৰক পৰাচিত কৰোৱাই শৰণ দিয়াই লৈছে। গতিকে সেইভাগি বস্ত্ৰ চহৰ-নগৰ, গাঁও-ভুঁই  সৰ্বত্ৰ ব্যাপ্ত হৈ বুঢ়া-মেথা সকলোৰে স্বীকৃতি লাভত সক্ষম হৈছে।বৰ্তমান এইভাগি বস্ত্ৰই আমাৰ জাতীয় বস্ত্ৰৰ পিছতেই অৱস্থান কৰিছে। 

এইবিধ বস্ত্ৰৰ প্ৰকাৰ বিবিধ। যেনে : চাতিনৰ, কটনৰ, একৰঙী, ফুলাম, বহুৰঙী .. ইত্যাদি। চাতিনৰ বিধ অলপ দামী আৰু নগৰীয়া। গতিকে এইভাগিক নাইটী বুলি ক’লেহে শুৱায়। এইভাগি আকৌ কেতিয়াবা বিয়াত দৰাৰ ঘৰৰ ফালৰ পৰাও অত্যুৎসাহী কোনোবাই দিয়ে যদিও এইভাগি সৰ্বসাধাৰণতে শোৱনিকোঠাৰ চাৰিবেৰতে আবদ্ধ থাকে। জৈষ্ঠ্যজনে দেখাতো নিষিদ্ধ।ফুলাম কটনৰ ভাগি সকলোৰে বৰ আদৰৰ। এইভাগি বস্তা এটাৰ দৰে মূৰৰ পৰা হুৰুসকৈ পেলাই দিব পাৰি। এইভাগি পিন্ধাৰ যোগ্যতা অৰ্জন কৰি  সোৱাদ পোৱা সকলে এইভাগি কেতিয়াও নেৰে। কেতিয়াবা আকৌ এইভাগি বস্ত্ৰৰ তলেদি পেটিকোট এটাৰো এহাত মান উলিয়াই পিন্ধাৰ নিয়ম আছে। পুৱাই তিয়নি কৰা মেক্সিটো ডাঁৰডালৰ যিটো চুকতে ওলমি নাথাকক লাগে কিন্তু বৰ্তমান সমাজত ই ঘৃণা, বিতৃষ্ণা বা সমালোচনাৰ পাত্ৰ নহয়। এইভাগি বস্ত্ৰ ঘৰৰ ভিতৰত (মন কৰিবলগীয়া যে বস্ত্ৰভাগিৰ যোগ্যতা অৰ্জনকাৰীয়ে নিজৰ শোৱনিকোঠাৰ পৰা এইভাগি বাহিৰৰ বিশ্বক দেখুৱাবলৈ উলিয়াই আনিলে) দ্ৰৌপদীৰ উত্তৰীয়খনৰ দৰেই। ঘৰৰ বাহিৰলৈ ওলাওঁতে এইভাগি বস্ত্ৰৰ ওপৰৰ ফালে এখন চুৰ্ণি বা গামোচা পেলাই লোৱাটো বাধ্যতামূলক নিয়ম। এই গামোচাখন গাত পেলাই লোৱাৰ পাছত আপুনি বিশ্ব বিজয় কৰিব পাৰিব।কি পাচলি বেপাৰী, কি ওচৰৰ বৰুৱানী-শইকীয়ানীৰ লগত বিয়নী মেল বা সাউৎকৈ গৈ ওচৰৰ দোকানৰ পৰা বজাৰো কৰিব পাৰিব। মুঠৰ ওপৰত মেক্সিভাগিৰ পৰা গামোচাখন সৰি নপৰিব লাগিব। এই মেক্সি খুৃড়ী, মেক্সি বৌ, মেক্সি আণ্টিবোৰৰ আকৌ নিৰ্দিষ্ট কিছুমান নিয়ম আছে। তেওঁলোকে হয়তো সেইভাগি পৰিধান কৰিব নতুবা শাৰী বা চাদৰ মেখেলা। যদিহে কোনোৱে আকৌ বিবাহোত্তৰ কালত  নাভি প্ৰদেশ ঢাকি স্কাৰ্ট-টপ, চুৰিদাৰ, লং-পেণ্ট, হাফ-পেণ্ট পিন্ধে তেন্তে তেওঁলোকে (মেক্সি ধাৰিসকলে) সেইভাগি পিন্ধি থকা অৱস্থাতে আপোনালৈ যিটো তীৰ্য্যক চাৱনি দি থকা সৰকা কৰিব ; বাক্যবাণলৈ আৰু আপুনি ৰৈয়ে নাথাকিব। কিয়নো সেইভাগিৰ বাহিৰে বাকীবোৰ বস্ত্ৰ যেনে- স্কাৰ্ট -টপ্, হাফ পেণ্ট ইত্যাদিবোৰ পৰাচিত কৰোৱা হোৱা নাই। শাহু, শহুৰ, বুঢ়া, মেথাসকলৰ ওচৰত শৰণ ভজন লোৱা নাই গতিকে সেইভাগি বস্ত্ৰ প্ৰাক্ বিবাহ কালৰহে পৰিধান যোগ্য। বিবাহোত্তৰ কালৰ নিষিদ্ধ বস্ত্ৰ হাফপেণ্ট পিন্ধি পাছ চোতাললৈকো যদি  আপুনি ভুলটো জাবৰ পেলাবলৈ যায় তেন্তে সেই মেক্সি আণ্টিহঁতৰ ৰঙাকৈ দীঘলীয়া ৰেঘা টনা মুখৰ উত্তাপে আপোনাক এনেকৈ দহন কৰিব যে পিছদিনাৰ পৰা আপোনাৰ স্থিতি হাজোতলৈ যোৱা এ.পি.এচ.চিৰ দূৰ্নীতিগ্ৰস্ত অফিচাৰ কেইজনতকৈও সাতচাৰ হ’ব। গতিকে এই দুটা ঠেঙেদি সৰকাই পিন্ধা এই নিষিদ্ধ বস্ত্ৰ হাফ পেণ্টক মেক্সি আণ্টিহঁতৰ মনত “আমাৰ এখেতকে পিন্ধিবলৈ দিয়ক” ধৰণৰ। মেক্সিৰ দৰে শৰণ নোলোৱালৈকে এই নিষিদ্ধ বস্ত্ৰ ভাগিৰ কথা মনলৈতো নানিবই দুখনীয়া বস্ত্ৰ  স্কাৰ্ট-টপৰ কথাও মনলে আহিলে শ্ৰী বিষ্ণু, শ্ৰী হৰি বুলিব লাগিব আৰু হুৰুসকৈ মূৰৰ পৰা ভৰিলৈকে মেক্সিভাগি পেলাই লৈ বুকুত পাতলীয়া গামোচা এখন লৈ ল’ব, দেখিব আপোনাৰো লাইফ জিংগালালা হ’ব।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *