ডলী ক্ৰিয়েশ্যনৰ দ্বিবিংশতম নিবেদন: বাৰ্বীডল-ডলী তালুকদাৰ
পৰিচালনা, কাহিনী, সংলাপ, চিত্ৰনাট্য, সংগীত, নৃত্য: ডলী তালুকদাৰ
প্ৰযোজনা: আদিত্যজ্যোতি বৰঠাকুৰ
সহ পৰিচালনা: প্ৰণীতা গোস্বামী বৰঠাকুৰ।
লাইট: অভিজিৎ গোস্বামী
কেমেৰা: দেৱজিত শৰ্মা
পোষ্টাৰ দিজাইন: যোগেশ ভট্টাচাৰ্য , চন্দন বৰী
মুৱা: অনামিকা গগৈ
অভিনয়ত: পূৰবী বৰুৱা, ৰীতালিনা সোণোৱাল, মনীষা দাস, কাবেৰী মহন্ত, জয়শ্ৰী শৰ্মা, হেমন্ত কাকতি, ৰিণ্টুমণি দত্ত, ভাস্কৰজ্যোতি দাস, বিজয় মহন্ত।
পূৰবী বৰুৱা: মিচেচ হালৈ
কাবেৰী মহন্ত: মিচেচ দাস
ৰীতালিনা: মিচেচ বৰা
জয়শ্ৰী শৰ্মা: মিচেচ ডেকা
হেমন্ত কাকতি: মি: হালৈ
ৰিণ্টুমণি দত্ত: মি: দাস
ভাস্কৰজ্যোতি দাস: মি: বৰা
মনীষা দাস: ৰুবী (হালৈৰ ভাৰাতীয়া)
বিজয় মহন্ত: জানটো (ৰুবীৰ লাভাৰ)
দৃশ্য ১ :
সুসজ্জিত ড্ৰয়িং ৰূম এটা দেখুওৱা হ’ব। কোঠাৰ একোণত এটা একুৰিয়াম। তাত সোণালী মাছ দুটামানে নাচি থাকিব। তাৰ কাষত থকা দীঘল চোফাখনত মিচেচ দাস (কাবেৰী মহন্ত), মিচেচ হালৈ (পূৰবী বৰুৱা) বহি থাকিব। মিচেচ ডেকা (জয়শ্ৰী শৰ্মা) বহি থাকিব সন্মুখৰ চোফাত বহি বেগৰ পৰা সৰু আইনা এখন উলিয়াই লিপষ্টিক বোলাই থাকিব ওঁঠত। মিচেচ বৰুৱাই বাৰে বাৰে চুলিখিনি হাতেৰে চুই থাকিব কথা কওঁতে। মিচেচ বৰুৱাৰ হাইলাইট কৰা চুলিখিনি দেখিও নেদেখাৰ দৰে থাকিব মিচেচ দাসে। তেওঁ বাৰে বাৰে হাতৰ আঙুলিকেইটা পিটিকি থাকি এনিভাৰ্চেৰীত পোৱা হীৰা খটোৱা সোণৰ আঙঠিটো দেখুৱাই থাকিব।
ডায়লগ :
মিচেচ দাস: বৰানীয়ে কি কৰি আছেনো ভিতৰত? ইমান সময় হ’ল ওলোৱা নাই যে?
লগে লগে লিপষ্টিকটো বেগত সুমুৱাই মিচেচ ডেকাই কয়
: ইঃ…বৰানী নক’ব। মিচেচ বৰা বুলি কওক। বৰানী বুলি শুনিলে তেখেতে বেয়া পাব।
মিচেচ দাস: ইচ…সেইটোনো কি বেয়া পাব লগা কথা হ’ল। বৰাৰ ঘৈণীয়েক বৰানী।
মিচেচ হালৈ: ইয়াহ…সেইটো হয় বাৰু? বাত মিচেচ বৰা ইজ বেটাৰ দেন বৰানী। মোৰ যে হালৈটো শুনিলেও বৰ খং উঠে। so…মই মিচেচ হালৈৰ সলনি হোলী বুলি মাতিবলৈ দিওঁ।
মিচেচ ডেকা: ইয়ে…হোলীটো আপুনি উপাধিটোহে শ্বৰ্টকৈ কৰিছে নেকি? মইতো নাম বুলিয়ে ভাবিছিলোঁ।
মিচেচ হালৈ: হাঃ হাঃ। দেখিলে মোৰ স্মাৰ্টনেচ। এনেয়ে মই পলিটিকেল পাৰ্টিত জইন কৰা নাই বুজিছে?
এনেতে মিচেচ বৰা সোমাই আহে চাহৰ ট্ৰলীখন ঠেলি ঠেলি। পিন্ধনত এটা আঁঠুলৈ পৰা ৰঙা ফ্ৰক। চুলিখিনি অলপ চুটিকৈ কটা আৰু কেঁকোৰা। ট্ৰলীত চাহৰ লগতে বহুতো খোৱা বস্তু থাকে।
মিচেচ বৰা: চৰী…অলপ দেৰী হৈ গ’ল। মানে আপোনালোকৰ বাবে কিবাকিবি বনালোঁ অলপ। প্লীজ খাওক।
মিচেচ দাসে প্লেট এখনত চিঙৰা, নাৰিকলৰ লাড়ু আৰু চপ এটা তুলি লৈ কয়,
: কিয়নো বনালে ইমানবোৰ! নহ’লেও হ’লহেঁতেন।
মিচেচ হালৈ: (টপকৈ ৰসগোল্লাটো গিলি আৰু চপটো কামুৰি) অঁ…অঁ …খাবলৈ মনেই নাই এইবোৰ।
বৰানী: একো নহয় দিয়ক। সৱ হোম মেড হয়। মই নিজ হাতেৰে বনাইছোঁ।
মিচেচ ডেকা: নিজে বনাইছে? ৱাও…আপুনি সবতে নং ১ দেই, ৰূপে-গুণে।
দাসনী আৰু হালৈনীয়ে নুশুনা ভাও জুৰি খাই থাকে।
বৰানী : থেংকিউ থেংকিউ।
খোৱা শেষ কৰি দাসনীয়ে আৰম্ভ কৰে।
দাসনী: তেনেহ’লে আমাৰ আজিৰ লগ হোৱাৰ উদ্দেশ্যটো বাখ্যা কৰোঁনে, কি কয়?
ডেকানী: অফকোৰ্চ। আমিতো সেইটো উদ্দেশ্যৰেই আহিছোঁ ন ইয়ালৈ।
হালৈনী: চাওক! আমি এটা মহান উদ্দেশ্যৰেই এই আত্মসহায়ক গোটটো খুলিব বিচাৰিছোঁ। আজিৰ যুগতো বহুত নাৰী পিছপৰি আছে। তেওঁলোকে ভালদৰে বহুত কথা শিকা নাই বা নাজানে। গতিকে আমি সেইসকলক শিকাম।
দাসনী : অঁ…অঁ নিজৰ ভৰিত থিয় কৰাম। তেওঁলোকক চ’ছাইটিত কেনেকে মূৰ তুলি থাকিব লাগে শিকাব লাগিব। (হালৈনীক ক’বলৈ নিদি ওপৰতে ক’ব)
বৰানী আৰু ডেকানীয়ে চাপৰি বজাই সমৰ্থন কৰিব।
২য় দৃশ্য:
মিচেচ ডেকাৰ ফ্লেটত সকলোৱে লগ হয়। মিচেচ দাস, মিঃ দাস (ৰিণ্টুমণি দত্ত), মিঃ হালৈ(হেমন্ত কাকতি), মিচেচ হালৈ আৰু মিচেচ ডেকা বহি থাকে।
মিচেচ ডেকা : আমাৰ এওঁ থাকিলেও বৰ ভাল লাগিল হয়! পিচে সময়েই নাপায় জানেনে? সেইদিনা আহিছিলহে চিংগাপুৰৰ পৰা? পৰহি আকৌ ডুবাইলৈ গ’ল।
মিচেচ হালৈ : আপোনাৰে ভাল দিয়ক। মিঃৰে ইমান ফৰেইনলৈ যায়। আপোনালৈ কিমান উপহাৰ আনে। আমাৰহে দিল্লী, মুম্বাইত বজাৰ কৰোঁতেই যায়। (দীঘলকৈ হুমুনিয়াহ কাঢ়ে)
হালৈয়ে কেঁৰাকৈ চায়। হালৈনীয়ে নেদেখা ভাও জোৰে।
মিচেচ দাসে মেগাজিন এখন লুটিয়াই থাকে। গুৰুত্ব নেদেখুৱায় সিমান..
মিঃ দাস : পানী এগিলাচ পামনে? মানে এইখিনি সময়ত মই চাহ একাপ খাওঁ।
মিচেচ ডেকা : আচলতে চাহ ৰেডি কৰিছোঁৱেই। মাত্ৰ বৰা বৰানীকহে ৱেইট কৰি আছোঁ। একেলগে খাম বুলি!
মিচেচ দাস : মানে এওঁৰ এঘণ্টাৰ মূৰে মূৰে গ্ৰীণ টি খোৱা অভ্যাস আছে। আজি ফ্লাক্সটো আনিবলৈ পাহৰিলোঁ। আৰু সন্ধিয়াতো লাগেই একাপ এওঁক।
মিচেচ ডেকা: গ্ৰীণ টি নাই নহয়। ৰঙা চাহকে দিওঁ আজি।
দাসনী: ইয়ে…গ্ৰীণ টি নাখায় নেকি আপোনালোকে? আমাৰ আকৌ দাৰ্জিলিঙৰ পৰা গ্ৰীণ টি অনাও। এওঁ গ্ৰীণ টি খায় আৰু মই হাৰ্বেল টি। গ্ৰীণ টি খোৱাটো এৰিষ্ট্ৰকেট ফেমিলীৰ ফেশ্যন, নিয়মে আজিকালি দিয়কচোন।
মিচেচ হালৈ: হেল্থৰ বাবেও ভাল দেই। আমিও খাওঁ পায়। ন?
(এইবুলি হালৈক কয় কিন্তু হালৈ নিৰ্বিকাৰ হৈ বাতৰি কাকতখন পঢ়ি থাকে। হালৈনীয়ে মুখখন বেঁকা কৰি দিয়ে)
ডেকানী : আমিও খাওঁ মাজে মাজে। পিচে ভাল নাপাই কোনেও।
হঠাৎ বাহিৰত গাড়ীৰ হৰ্ণ শুনা যাব।
ডেকানী: এওঁলোক আহিল চাগে?
ডেকানীয়ে দৰ্জাখন খুলি দিয়ে। এনেতে বৰা সোমাই আহে(ভাস্কৰজ্যোতি দাস)। পিছে পিছে বৰানী আহে।
বৰা: ও আপোনালোক আহিছে? ভালনে সকলোৰে?
(হালৈনীলৈ চাই কয়) মিচেচ হোলী “ইউ লুক চো ফ্ৰেচ টুডে’ এণ্ড বিউ…” বুলি কৈ হালৈৰ লগত চকু পৰাত চুপ হৈ যায়।
হালৈনীয়ে মিচিকি হাঁহি কয়,
: মই চুলিত হাইলাইট কৰিছোঁ যে সেইবাবে চাগে! কাৰো চকুত পৰা নাছিল। আপোনাৰ নজৰক মানিছোঁ আৰু…!
বৰানীয়ে মুখখন ক’লা কৰি কয়,
: অলপ বেছি কাঢ়া হ’ল চুলিত ৰঙটো। ভাল লগা নাই। আমি বেয়া লাগিব বুলি কোৱা নাছিলো জানে আপোনাক? এওঁ মতা মানুহ যে চকুত পৰি গ’ল আৰু।
হালৈনীয়ে একো নামাতে। মিচেচ দাস আৰু ডেকানীয়ে মুখ টিপি হাঁহে। ভিতৰৰ পৰা চাহ মিঠাই অহাত সকলোৱে খায়।
হালৈ : বাৰু! আমি আহিলোঁ, বহিলোঁ, চাহো খালোঁ কিন্তু কিয় আহিলোঁ কোনোবাই ক’বনে?
দাস : একদম ঠিক কথা সুধিছে? দুঘণ্টা ধৰি বহিলোঁ কিন্তু কিয়?
বৰা : মইতো অফিচ হাফ ডে কৰিছোঁ। কাৰণ নাজানোৱে ইয়ালৈ অহা?
বৰানী : তুমি আদাৰ বেপাৰী জাহাজৰ খবৰ কিয় লাগে? জানিবা নহয় সকলো। বহি থাকা।.
মিচেচ দাসে “শ্ৰদ্ধাৰ ৰাইজ ” বুলি আৰম্ভ কৰাত বৰা, হালৈ, দাসে ইফালে সিফালে চাবলৈ ধৰে।
মিচেচ দাস : কি চাইছে আপোনালোকে? ৰাইজ মানে আপোনালোককে কৈছোঁ।
দাস : নহয় মানে তুমি ৰাইজ বুলি ক’লা যে সেইবাবে।
দাসনী : বাৰু দীঘলীয়া নকৰোঁ আৰু! শ্ৰদ্ধাৰ ৰাইজ, আমি এটা আত্মসহায়ক গোট খুলিব বিচাৰিছোঁ আৰু আমি চাৰিজনীয়ে তাৰ সদস্যা, ধনভঁৰালী, সম্পাদক, সভাপতি সকলো।
দাসনীৰ কথা শুনি বৰা, হালৈ, দাসে ইজনে সিজনৰ মুখলৈ চায়।
বৰানী: আমি নিৰ্যাতিতা মহিলাক সহায় কৰিম, আমাৰ দৰে আজলী নাৰীক চতুৰ কৰিম। তেওঁলোকক বহুত জ্ঞান দিম।
বৰা : আজলী নাৰী? তুমি?
হালৈনী: মই কথা দিছোঁ, এই গোটৰ জৰিয়তে মই নাৰীক স্বাৱলম্বী হ’বলৈ শিকাম মোৰ দৰে। দেশক ভাল পাবলৈ শিকাম মোৰ দৰে। পলিটিকেল চায়েঞ্চত জইন কৰিবলৈ শিকাম মোৰ দৰে।
হালৈনীৰ কথা শুনি হালৈ আৰু বাকী দুজনে উচপ খায় উঠে।
দাস : হালৈদা! আপোনাৰ মিচেচে কি পলিটিকেল চায়েঞ্চত জইন কৰিছেহে?
হালৈ : এ নাজানো দিয়ক মই? তলে তলে কোনোবা নতুন ৰাজনীতি দল খুলিছে নেকি সেই নামৰ?
বৰানী : এতিয়া আমি আমাৰ গোটটিৰ নাম দিওঁ “মিলিজুলি”।
হালৈনী: বহুত কমন নাম। আমি অলপ আনকমন নাম দিব লাগিব। অলপ হটকে মানে?
দাসনী: বাৰ্বীডল দিওঁ। যিহেতু আমি চাৰিওজনী বাৰ্বীডলৰ দৰে দেখিবলৈ ন?(দাসলৈ চায়)
দাসে বুঢ়া আঙুলীটো দেখুৱাই দিয়ে মানে থামচ আপ দিয়ে।
৩য় দৃশ্য :
ৰেষ্টুৰেণ্টৰ ভিতৰত দৰ্জাৰ সন্মুখৰ টেবুল এখনত ধুনীয়া ছোৱালী এজনী বহি থাকে( মনীষা দাস)। তাই জিনচ আৰু ৰঙা টপ পিন্ধে। কাণত ডাঙৰ কাণফুলী এযোৰ। ছোৱালীজনীয়ে কোকোকলাৰ বটলত ষ্ট্ৰ লগাই চুপি বাহিৰলৈ চাই থাকে। সমুখত দুটা খালী পেপচি আৰু মিৰিণ্ডাৰ বটল। ক্ল’জআপত তাইৰ মুখখন দেখুৱাব। তাই যদিও কোকোকলা খাই থাকে কিন্তু মুখত তাইৰ খঙৰ প্ৰলেপ। হঠাতে এখন ক’লা ৰঙৰ বাইক ৰেষ্টুৰেণ্টৰ সন্মুখত ৰখোৱা তাই দেখে। বাইকৰ পৰা হেলমেট পিন্ধা ল’ৰা এজন নামে আৰু হেলমেট নোখোলাকৈয়ে ভিতৰলৈ সোমাব খোজে কিন্তু দৰ্জাৰ মুখত ধামকৈ খুন্দা খায়। বাকী টেবুলত থকা মানুহবোৰে ঘূৰি চায়। ছোৱালীজনী উঠি গৈ হেলমেটটো খুলি দিয়ে জোৰেৰে। হেলমেটটো খুলি দিয়াত কেমেৰাই ক্ল’জআপত মুখখন দেখাব ল’ৰাজনৰ ( বিজয় মহন্ত, চৰিত্ৰ জানটো)
জানটো : হাই ৰুবী ওহ চৰী বেবী। দেখাই নাছিলোঁ জানানে দৰ্জাখন? সেইবাবে খুন্দা খালোঁ।
ৰুবী: হেলমেট নুখুলিলে ক’ৰ পৰা দেখিবা? তাতে সেই ক’লা চশমাযোৰ পিন্ধি আছা?
ৰুবী টেবুললৈ যায়। জানটোও পিছে পিছে আৰু টেবুলত বহে। ৰুবীয়ে খাই থকা কোকোকোলাৰ বটলটো জানটোৱে নিজৰ ফালে ল’ব বিচাৰোঁতে ৰুবীয়ে টানি আনে।
জানটো: বৰ পিয়াঁহ লাগিছে। খং উঠিছে ন?
ৰুবী: পানী খোৱা। কি খং উঠাৰ কৈছা তুমি। পুৰা দুঘণ্টা ৰৈছোঁ তোমালৈ আৰু তুমি কৈছা অলপ দেৰী হৈছে। সময়ৰ মূল্য কেতিয়া শিকিবা তুমি?
জানটো : তোমাৰ কথা ভাবোঁতে মোৰ সময় কেনেকে পাৰ হৈ যায় গমেই নাপাওঁ সোণ। বাৰু এতিয়া খং কৰিয়েই থাকিবা নে মৰমৰ কথাও পাতিবা দুটামান?
ৰুবী: মই মৰমৰ কথা পাতিবলৈ অহা নাই তোমাৰ লগত। জৰুৰী কথাহে পাতিবলৈ আহিছোঁ আজি।
জানটো: জৰুৰী কথা পাতিম বাৰু! আগতে কিবা খাই লওঁ ন? তুমি খাবানে কিবা? মানে তুমি তিনিটা ক’ল্ড ড্ৰিংক খালা ন? পেট ভৰিছেই চাগে?
ৰুবী : কি চিপজহে তুমি? দুঘণ্টা ধৰি ৰৈ আছোঁ তোমালৈ, ভোক নালাগিব নেকি? আৰু ক’ল্ড ড্ৰিংক মই তোমালৈ ৰওঁতে খাব লগা হৈছে যাতে ৰেষ্টুৰেণ্টত সময় কটাব পাৰোঁ।
জানটো : নহয় মানে তুমি স্বাস্থ্য সচেতন যে? সেইবাবে কৈছিলোঁ অ’!
জানটোৱে দুইপ্লেট চাওমীন অৰ্দাৰ দিয়ে। ৰুবীৰ মন নোহোৱাতো খায় ভোক লগা বাবে আৰু মনতে “ইমান চিপছ এইটো” বুলি কয়।
জানটো: কোৱা কি কথা আছিল?
ৰুবী: মোৰ কথা কি ভাবিছা তুমি?
জানটো: তুমি এজনী ধুনীয়া ছোৱালী। তুমি মোৰ মৰমী। মই তোমাক ভাল পাওঁ আৰু তুমি মোক ভাল পোৱা। আই লাভ ইউ বেবী।
ৰুবী: ফটুৱামী এৰা। মই তোমাৰ পৰা আই লাভ ইউ শুনিবলৈ অহা নাই। মই কৈছোঁ আমাৰ ভৱিষ্যত কি হ’ব?
জানটো: বিয়া হ’ব। তুমি হ’বা কইনা আৰু মই হ’ম দৰা।
ৰুবী : উফ…কিন্তু বিয়া কেনেকৈ হ’ব?
জানটো: আমাৰ দুয়োৰে ঘৰত ৰভা দিব। আয়তীয়ে উৰুলী দিব, বিয়ানাম গাব। মই দৰা সাজি আহিম, নাকত ৰুমালেৰে ঢাকিম। তুমি বিউটিচিয়ান আনি কইনা সাজিবা, গহনা, কাপোৰ পিন্ধিবা। হোমৰ গুৰিত মন্ত্ৰ মাতি আনিম আৰু তোমাক মোৰ ঘৰলৈ। হেঃ…..হেঃ…
( জানটোৰ চকুত বিয়াৰ দৃশ্য ভাঁহি আহিব। বিয়াঘৰ দেখুৱাব। দৰা, কইনা হোমৰ গুৰিত বহিব। দুয়ো দুয়োকে মালা পিন্ধাব আৰু দৰাৰ হাতত কইনাৰ হাত তুলি দিওঁতে দুয়ো দুয়োৰে চকুলৈ চাব আৰু গান এটা বাজিব বেকগ্ৰাউণ্ডত।
“এই লগণত ক’লোঁ, প্ৰতিশ্ৰুতি দিলোঁ
আকাশ বতাহ সাক্ষী, পাহাৰ নিজৰা সাক্ষী
মই তোমাৰেই …তোমাৰে….”
গানটো গাই থাকোঁতে কইনাই পানী চটিয়াই দিয়ে দৰাৰ মুখত।
খকমককৈ জানটোৱে সাৰ পাই সপোনৰ পৰা দেখে ৰুবীয়ে গিলাচৰ পৰা পানী চটিয়াই আছে জানটোৰ মুখত খঙেৰে।)
ৰুবী: পাগল হৈছা নেকি? বিশ মিনিটৰ পৰা মাতি আছোঁ। আৰু কি দৰা সাজিম, কইনা সাজিম মূৰটো বকি আছা? পইচা নহ’লে ক’ৰ পৰা বিয়া পাতিবা? আৰু কামকাজ নহ’লে কোনে বিয়া হ’বহে তোমাৰ লগত?
জানটো : কিয় তুমি? তুমিয়ে হ’বা মোৰ কইনা।
ৰুবী: কিন্তু মোক তোমাৰ দৰে ধদুৱাটোৰ লগত দাদাই কেতিয়াও বিয়া নিদিয়ে। সেইবাবে মাতিছিলোঁ যে সোনকালে কিবা এটা কাম বিচাৰা আৰু ঘৰত কোৱা মোৰ। বয়স ৰৈ থাকিবনে কিবা মোৰ সদায়? এনেয়েও মই ভাৰা থকা মালিকনী বৌৱে মোতকৈ তেওঁহে গাভৰু হৈ আছে শুনাই থাকে।
জানটো : অঁ..তোমাৰ মালিকনী বৌ কিন্তু একদম শ্লীম আৰু ধুনীয়া হৈ আছে দেই। আকৌ এবাৰ বিয়া দিব পৰা হৈ আছে।
ৰুবী : তোমাক মই মালিকনী বৌৰ গুণ গাবলৈ কোৱা নাই। মোৰ কথাহে ভাবিবলৈ কৈছোঁ। আৰু যদি নোৱাৰা কোৱা। মোৰ দৰা আহিছে। মই ‘হা’ ক’লেই কাইলৈয়ে বিয়া পাতিব। মায়ে জোৰ দি আছে মত দিবলৈ। মই যাওঁ…বাই।
ৰুবী ওলাই আহে। জানটোৱে ৱেইটাৰক বিলটো দিয়ে আৰু কয়..
: ইচ বিল আজি মই ভৰিব লগা হ’ল। কোকোকোলা তিনিটাৰো দাম মই দিব লগা হ’ল আজি।
বাহিৰলৈ দৌৰি আহি সি ৰুবীক ৰখায়। তাইক জোৰ কৰি বাইকত বহুৱাই লৈ যায়। দুয়ো কিছুদূৰ গৈ গছ এডালৰ তলত ৰয়। আৰু ৰুবীয়ে কিবা কয় জানটোক।
৪ৰ্থ দৃশ্য :
“বাৰ্বীডল” গোটৰ সদস্যা সকলে বহি আছে অফিচত। মিচেচ দাসৰ গেৰেজত তেওঁলোকৰ অস্থায়ী কাৰ্যালয়। মিচেচ হালৈ আহি পোৱা নাই তেতিয়ালৈকে। গেৰেজত টেবুল এখন, তলা মাৰিব নোৱাৰা মিচেচ দাসে যৌতুকত অনা মিটচেফটো আৰু প্লাষ্টিকৰ চকী পাঁচখনমান। কোণত পুৰণি ষ্টেণ্ড ফেন এখন। ফেনখনৰ ঘেৰ ঘেৰ শব্দত সকলোৱে চিঞৰি কথা ক’ব লগা হৈছে।
মিঃ দাসে ঘৰৰ আগফালে গাড়ীখন ধুই আছে। খঙত কিবাকিবি বকিও আছে।
মি: দাস : কাম বন নাই আত্মসহায়ক গোট খোলে। হেৰৌ ইমান সহায় কৰিবৰ মন যদি গিৰিয়েক কেইজনকে সহায় কৰচোন অলপ কামত। মেডামৰ মেল, মিটিঙতে যায় দিন। এতিয়া আকৌ নতুনকৈ ফেচবুকত খোলা গ্ৰুপৰো গেট টুগেদাৰ কৰে।
এনেতে মিচেচ দাস আহে।
মিচেচ দাস: হেৰি, অফিচলৈ যাবলৈ হ’লনে? ভাতকেইটা মইয়ে বাঢ়ি দিব পাৰিলোঁহেঁতেন, পিচ আমাৰ গোটৰ কাম আৰম্ভ হ’বই। মই পানীৰ জাৰ আৰু কাঁহীখন ডাইনিঙতে থৈছোঁ। আপুনি নিজে বাঢ়ি খাব হা। আজিলৈ মোক এইখিনি সহায় কৰকনা প্লীজ।
মি: দাসে একো নামাতে আৰু গাড়ীখন মচি থাকে।
মিচেচ দাস : কি অ’এইটো! এদিন ভাত বাঢ়ি খাব কওঁতে নামাতা হ’ল। সদায়তো ময়েই বাঢ়ি দিওঁ কাঁহীত। মই নকৰিলে নহয়েই মানে।
মিচেচ দাসে উচাত মাৰি যায়।
মি: দাস : হুহ…কথা কয়? তেওঁ নকৰিলে নহয়েই? হেৰৌ মাহটোৰ বিশটা দিনেই মই ভাত বনাওঁ। বাকী কেইদিনত কিবাকিবি পাতি লগৰবোৰৰ লগতে খায়। আৰু বাকী থকা ৰবিবাৰে বাহিৰতে খুৱাব লাগে বন্ধৰ দিন বুলি। সৰা মচাটো পাহৰিলেই চাগে। বাইজনী নাহিলে এদিন হাঁহাকাৰ। হাই মোৰ সংসাৰ।
এনেতে গাড়ীৰ হৰ্ণ শুনা যাব। দাসে চাব আৰু গেটৰ মুখত মিচেচ হালৈ আৰু মিঃ হালৈক দেখিব গাড়ীৰ পৰা নামি অহা।
মিচেচ হালৈ: মি: দাস গুডমৰ্ণিং। গাড়ী ধুইছে ন? ভালনে খবৰ?
মি: দাস: খবৰ আৰু বেয়া হ’বনে আমাৰ? পিচে দেৰী কৰিলে যে? আপোনাৰ বান্ধবীবোৰ কেতিয়াবাই আহিল।
মিচেচ হালৈ: মোৰ অলপ দেৰী হ’ল। মানে ভাত হওঁতে দেৰী হ’ল। জানেই ঘৰৰ কামবোৰৰ কথা।
হেৰি, আপুনি যাওকগৈ নহ’লে। পিছত মই মাতি দিম। আজি অফিচ যাব নালাগে। ৰেষ্ট কৰকগৈ।
হালৈনী পিছফালে কাৰ্যালয়লৈ যায়। হালৈ থিয় হৈ থাকে।
মি: দাস : আহক ভিতৰতে বহোঁ। মোৰ আকৌ অফিচলৈ যাবও লাগে নহয়। বেছি কথা পাতিব নোৱাৰিমে আজি। মোৰ আকৌ ভাত বনোৱাও ডিউটি পৰিল বাবে দেৰী হ’ল। আপোনাৰে ভাল দিয়ক।
মি: হালৈ : ময়ো যাওঁগৈ। আৰু কিহৰনো ভালহে। আজিৰে সৈতে এইটো মাহত দুদিন অফিচ খতি হ’ল। মিচেচে হুকুম দিছে বোলে তেওঁৰ যিদিনাই মিটিং থাকিব মই অনা-নিয়া কৰিব লাগিব।
দাস : ইহ…অনা-নিয়া কৰাটো কি ডাঙৰ কামহে। অফিচলৈ নোযোৱাৰ দিনা S L ল’ব। কিবা এটা বেমাৰ দেখুৱাব আৰু! ঘৰতে খেল চাই থাকিব। মোৰ যে ভাত ৰান্ধি অফিচ যাব লাগেহে?
হালৈ: খেল চাব, ৰেষ্ট ল’ব। থওঁকহে। পুৱা ভাত বনাইছোঁ মই, গাড়ী চলাই আনিছোঁ মই। এতিয়া মেচিনত কাপোৰ থৈছে সেইটোও মই চলাব লাগিব। ৰাতিৰ সাঁজো মোৰ ভাগতহে পৰিব। আহোঁ দিয়ক।
মি: হালৈ যায়।
মি: দাস : মানে মইহে পৰিশ্ৰম কৰোঁ বুলি ভাবিছিলোঁ ইমানদিনে। সবৰে একে গতি।
এনেতে এখন বাইক গেটত ৰয়। হেলমেট পৰিহিত ল’ৰাজন নামে। হেলমেট খুলিব নোৱাৰাত দাসে গৈ টানি খুলি দিয়ে। জানটোৰ মুখখন ওলায়।
জানটো: থেংকিউ দাদা।
দাস : এইটো বেয়া হৈছে। নতুন এটা ল’ব।
জানটো: গাৰ্লফ্ৰেণ্ডজনীক কৈছোঁ। বাৰ্থডেত দিব বোলে?
দাস: কি? পিচে আপুনি কোন?
জানটো : মই মেনেজাৰ লগতে এডভাইজাৰ লগতে ফিটনেচ ট্ৰেইনাৰ
“বাৰ্বীডল” গোটৰ।
মি: দাসে মূৰৰ পৰা ভৰিলৈ জানটোক চাই আচৰিত হয়।
জানটোৱে কাৰ্যালয়টো কোনফালে সুধি যায় পিছফালে।
মি: দাস : কি বস্তু এইজন?
গাৰ্লফ্ৰেণ্ডৰ পৰা বস্তু সৰকোৱাজন কেনে হ’ব বুজিছোঁ আৰু! হে ভগৱান বচাবা বাৰ্বীডলকেইজনীক।
কেনেকুৱা লুটিব বুজি পাইছোঁ আৰু!
দৃশ্য ৫ম :
বৰা আৰু বৰানী ড্ৰয়িং ৰূমত বহি থাকিব। বৰানীয়ে চাহকাপ দিব বৰাক। বৰাই চাহত চুমুক দি বৰানীক চায়। বৰানীয়ে মোবাইল চাই হাঁহি থাকিব।
বৰা : চাহ খোৱা আগতে। মোবাইল পিছত চাবা। কেৱল মোবাইলত বিজি। আৰু অকলে হাঁহি আছা যে?
বৰানী : ইহ…ক’তনো মোবাইলত বিজি। এঘণ্টাৰ আগতে পোষ্ট দিছিলোঁ। তোমাৰ বাবে চাহ নাস্তা বনাবলৈ যাওঁতে চোৱাই নাছিলোঁ লাইক, কমেণ্ট কিমান আহিল।
বৰা : নাস্তা বনাইছা? ব্ৰেডত জেম লগাইছা আৰু মিঠাই এটা দিছা, তাকো মই কালি কিনি অনা…!
বৰানী : অ’ মা। ব্ৰেড দুখন সেকিছোঁ তাৰপিছত জেম লগালোঁ। মিঠাইটো বহুত ডাঙৰ বাবে দুফাল কৰি ওপৰত চেৰী আৰু কিচমিচ দি সজাই দিয়া নাই নেকি?
বৰাই আচৰিত হৈ চায়।
বৰানী : মই কালি আমাৰ গোলপজোপাৰ লগত ফটো উঠি পোষ্ট কৰিছিলোঁ। কেপশ্যন দিছিলোঁ, “ফুলনি মানে বাগিছা”। ইমান লাইক আহিছে নহয়। কমেণ্ট যে কি ধুনীয়াকৈ দিছে নহয়!
বৰা : ফুলনীৰ আন এটা নাম বাগিছাই বুজিছা? আৰু কি কমেণ্ট দিছেনো?
বৰানী : লিখিছে ফুলৰ দৰে তোমাকো ধুনীয়া লাগিছে। তুমি বহুত ধুনীয়া। আপুনিহে নকয় মোক ধুনীয়া বুলি?
বৰাই চৰ্চৰণি খায় আৰু কয়..
: তুমি ধুনীয়া বুলি জানোৱেই। গতিকে কি ক’ম আৰু! হেৰি নহয়, হোলীৰ কি খবৰ?
বৰানী : কোন হোলী?
বৰা : হোলী মানে মিচেচ হালৈও। বৰ ধুনীয়া মহিলা।
বৰানীয়ে খঙেৰে চায়।
বৰা : নহয় মানে শ্লিপ অৱ তাং। বৰ সাদৰী আৰু সৰল মহিলা।
বৰানী: নিজৰ মানুহজনীৰ এটা গুণ নাগায় আৰু সেই কৰাইচজনীক সাদৰী দেখে, সহজ দেখে। হুহ…
বৰানীয়ে চাহৰ ট্ৰেখন লৈ ভিতৰলৈ যায়।
বৰা: মিঠাইটো খোৱা নাছিলোঁ লৈ গ’লা যে?
বৰানীয়ে ভিতৰৰ পৰা কয়…”হোলীক চাহ মিঠাই খোজাগৈ।”
বৰা : নাৰীয়ে নাৰীক হিংসা কৰে আজি বুজিলোঁ। কিনো বেয়া কথা ক’লোঁ।
বৰাই পেপাৰ পঢ়াত লাগে।
তেনেতে কলিং বে’ল বাজে। বৰাই খুলি দিয়ে আৰু জানটো সোমাই আহে।
বৰা : চিনি পোৱা নাই আপোনাক? কাক লাগে বাৰু?
জানটো : মই “বাৰ্বীডল” ৰ মেনেজাৰ, এডভাইজাৰ, ফিটনেচ কোশ্ব। বাৰ্বীডল আছেনে?
বৰা : কোন? আৰু আপুনি ফিটনেচ কোচ্চ?
জানটো: চৰী! মেডাম আছেনে? অলপ জৰুৰী কথা আছিল।
বাহিৰত কথা শুনি বৰানী ওলাই আহে।
বৰানী: অ’ জানটো আহিছা? বহা। (বৰাক চাই) এইয়া মোৰ হাব্বি(hubby)।
জানটো : হেঃ হেঃ….এখেত হাবি কম পৰ্বত বেছি লাগে। হেঃ…..হেঃ…হেঃ…।
বৰাই খঙেৰে বৰানীক চায়। বৰাই কয়,
: হাব্বি মানে স্বামী। ইংৰাজীত কৈছে।
জানটো : অঁ হয় নেকি? মই আকৌ হাজবেণ্ড মানেহে স্বামী বুলি জানো। হেঃ হেঃ।
বৰানী : সেইকাৰণে অলপ ব্যায়াম কৰি শ্লিম হ’ব কওঁ। ক’ত শুনিবা মোৰ কথা। শুনিলানে এতিয়া?
জানটোৱে বৰানীক ইংৰাজীত ভাষণ দুটামান ক’বলৈ শিকায়।
জানটো: যদি আপোনাক সাংবাদিক বা ৰাইজৰ মাজৰ কোনোবাই কিবা ইংৰাজীত সোধে তেতিয়া আপুনি I am so confuse বুলি ক’ব। যদি কোনোবাই আপোনালোকৰ বাৰ্বীডলে ভাল কাম কৰা বুলি কয় তেতিয়া ক’ব finally some good news আৰু প্ৰশংসা কৰিলে speechless বুলি ক’ব।
বৰাই জানটোৰ ইংৰাজী শুনি উচপ খায়। জানটো যোৱাৰ পিছত বৰাই বৰানীক সোধে..
: এইটোৱে কিবা জানেনে?
বৰানী : তোমাতকৈ বহুত জানে।
( ভিতৰলৈ যায়)
বৰানী যোৱাৰ ফালে চাই আৰু নিজৰ দেহটোলৈ চায়। চকীৰ পৰা উঠি হঠাতে জাঁপ দুটামান মাৰে আৰু কয়…
: কাইলৈৰ পৰা জগিঙত যাম।
৬ষ্ঠ দৃশ্য :
“বাৰ্বীডল ” কাৰ্যালয়ত বহি থাকে সদস্যাসকল। ফেনখন ঘেৰ ঘেৰ কৰি বন্ধ হয় হঠাত কাৰেণ্ট যোৱাত। সকলোৱে গৰমতে হাতত থকা কাগজ, বহীৰে বিচিবলৈ ধৰে।
হালৈনী : আপোনালোকে গেৰেজত এ.চি নলগালেও ইনভাৰ্টাৰ লগোৱা নাই নেকি?
দাসনী : হোৱাট? গেৰেজত কিয় এ.চি., ইনভাৰ্টাৰ লগামহে?
হালৈনী: মই যে নোৱাৰোঁ দেই ইমান গৰম সহিব। আৰু গেৰেজটোহে পালেনে দিবলৈ আপুনি?
দাসনী: মইতো গেৰেজ হ’লেও দিছোঁ। বহুতে দেখোন ৰূম থাকিলেও দিয়া নাই।
হালৈনী আৰু বৰানীয়ে সেমেনা-সেমেনি কৰে।
ডেকানী: মিচেচ হোলী, মিচেচ বৰা আপোনালোকৰ দেখোন ৰূম আছিল। তাতে কৰিব পৰা গ’লহেঁতেন অফিচটো।
বৰানী: মই দিম ভাবিছিলোঁ। পিচে এওঁ তাতে পুৰণি ফাৰ্ণিচাৰবোৰ ৰাখিছে। মানে জানেই ন আমাৰ কিমান আচবাব।
ডেকানী: তেন্তে মিচেচ হোলীয়ে দিব পাৰিলেহেঁতেন। তেওঁৰতো বাৰটা ৰূমৰ ঘৰ।
হালৈনী: দিব পাৰিলোঁহেঁতেন, পিচে আমাৰ ঘৰত এনিটাইম আলহী থাকেই বুজিছে! ৰূমবোৰ লাগে সেইবাবে।
দাসনী : ইহ…আমি কিবা চিঞৰিম নেকি তাত গৈ।
আচল কথা বিনা পইচাত নিদিয়ে তাকে নকয় কিয়? (ফুচফুচাই বৰানীক কয়)
বৰানী: জানো নহয়! যি হে কৃপণ! আলহী ৰাখিব হৈছে? চাহ একাপ সহজে নোলায় আমি গ’লে।(দাসনীৰ কাণত কয়)
ডেকানী : কি কয়হে? ইমান আলহী আহে? বাৰটা ৰূম ভৰ্তি থাকে।
হালৈনী : উম। তাতে দুজনীকৈ গাভৰু ছোৱালী থকা কথা যে? হাজাৰ হওক মানুহৰ আহ যাহ হ’ব আৰু মেনেজাৰো ডেকা ল’ৰা। হালৈয়ে ৰিস্ক ল’ব নোখোজে।
বৰানী: দুজনী গাভৰু? মই জনাত এজনী ভাৰাতীয়া ছোৱালীহে আছে। আপোনাৰ গাঁৱৰ সম্বন্ধীয় ননদ হয় কৈছিল আপোনাৰ? ৰুবী নামৰ। আপোনাৰ ছোৱালীজনী দেখোন সৰু।
হালৈনী : দুজনী মানে এজনী মই আকৌ। ময়োতো গাভৰুৱে। আমাৰ হালৈয়ে কয় মই হেনো আকৌ এবাৰ বিয়া দিব পৰা হৈ আছোঁ। হিঃ…হিঃ…। এনেয়েও ৰুবীৰ লগত গ’লে মোক ভনীয়েক বুলি কয় বহুতে।
দাসনী, বৰানী, ডেকানীয়ে মনে মনে থাকে আৰু চকুৰে ঈঙ্গিত দিয়ে। হালৈনীয়ে দেখিও নেদেখাৰ ভাও ধৰি বহীখন চাই থাকে।
“গুডমৰ্ণিং”। জানটো আহি কয়।
“গুডমৰ্ণিং” সকলোৱে কয়।
জানটো: বাৰু আপোনালোকৰ গোটৰ মূল উদ্দেশ্যবোৰ লিখি আনিছোঁ। আপোনালোকে কি কি সহায় আগবঢ়াব তাৰ বিষয়ে চমু বক্তৃতা দিব আজিৰ সভাত। বাৰু মানুহবোৰ আহিলনে? মিটিং ক’ত হ’ব?
হালৈনী : মিটিং কাইলৈ মোৰ ঘৰতে হ’ব। মানুহ গোট খাব তাতে। আবেলি কৰিছোঁ এৰেঞ্জ।
জানটো : চাহপানী খুৱাবনে?
হালৈনী : অবকোৰ্চ।
সকলো ঘৰলৈ যায়।
৭ম দৃশ্য:
হালৈনীৰ ঘৰত “বাৰ্বীডল” গ্ৰুপৰ মিটিং হয়। বাহিৰত চকী পৰা থাকে। এজন দুজনকৈ মানুহ আহি বহে। সমুখৰ টেবুলত ( মঞ্চত) হালৈনী, বৰানী, দাসনী, ডেকানী বহি থাকে। হালৈ, বৰা আৰু দাস আহে। চাৰিওফালে চকু ফুৰায়।
হালৈ : মানুহবোৰ অহাই নাই দেখোন? এওঁতো সকলোকে নিমন্ত্ৰণ দিয়া বুলি কৈছিল।
দাস : তাকেতো! মোকো এওঁ ৰাইজক নিমন্ত্ৰণ দিয়া বুলি কৈছে। কিন্তু কেইজনমানহে আহিছে। বাকীবোৰ দেখোন..। হেৰিহে বৰা, আপুনি সোধকচোন মিচেচক। আমাৰজনী গৰগৰাই উঠিব মই সুধিলে।
বৰাই বৰানীৰ কাষলৈ যায়।
বৰা: হেৰি নহয়। তোমালোকে কাকো খবৰ নিদিলা নেকি? বাহিৰা মানুহ মাতিম কৈছিলা যে? সব দেখোন আমাৰ শহুৰৰ ঘৰৰ মানুহবোৰহে আহিছে। ভনী জোঁৱাই, শালপতি আদিবোৰহে আহিছে। ৰাইজ ক’ত?
বৰানী : কি শালপতি, ভনীজোঁৱাইৰ কথা কৈছে। ৰাইজ বুলি ক’লে সিহঁতো হ’ব। কি যে সোধে নহয়।
হালৈ আৰু দাস দুয়ো গৈ দুয়োৰে ঘৈণীয়েকক মূখ্য অতিথি কোন সোধে। কোনে সভা উদ্ধোধন কৰিব সোধে।
হালৈনী : আমিয়েই মূখ্য অতিথি। আমিয়েই উদ্ধোধন কৰিম আকৌ।
বৰা, দাস আৰু হালৈয়ে সেপ ঢোকে আৰু চকীত বহে। তেনেতে জানটোৱে মাইকত ঘোষণা কৰে সভাৰ উদ্দেশ্য। ৰুবীয়ো আহে গামোছা পিন্ধাবলৈ।
ৰুবীয়ে এখন থালত গামোছা, ফুলৰ থোপা লৈ আহে।
দাসনী, হালৈনী, ডেকানী আৰু বৰানীয়ে ইজনীয়ে সিজনীক গামোছা পিন্ধায়। ৰুবীয়ে সকলোকে এটা ফুলৰ থোপা আগবঢ়ায়। জানটোকো এখন গামোছা তাই নিজৰ ফালৰ পৰা পিন্ধায়। হালৈনীয়ে কেঁৰা কেঁৰীকৈ চায় আৰু ফুচফুচাই সোধে, “ক’ত পালা গামোছা”?
ৰুবী : মোৰ ফালৰ পৰা দিছোঁ। মেনেজাৰক যদি এখন গামোছা নিদিয়ে কেনেকুৱা লাগিব?
হালৈনীয়ে হাঁহি মাৰি থেংকিউ কয়।
ডেকানীয়ে ভাষণ আৰম্ভ কৰে। আৰু দাসনীক দুআষাৰ ক’বলৈ মাতে।
দাসনী : শ্ৰদ্ধাৰ ৰাইজ। আমাৰ আজিৰ সভাৰ মূল উদ্দেশ্য ক’বলৈ ওলাইছোঁ। আচলতে আমি এটা গোট খুলিছোঁ চাৰিওজনীয়ে লগ হৈ। নাম দিছোঁ, “বাৰ্বীডল”। যিহেতু আমি মহিলাসকল হয়েই বাৰ্বীডলৰ দৰে কিউট। আমাৰ গোটৰ মূল উদ্দেশ্য হৈছে আমি মহিলাসকলক স্বাৱলম্বী কৰা। নিজৰ অধিকাৰ সাব্যস্ত কৰা, স্বামীৰ লগত সমানে দায়িত্ব ভগোৱা। বাকীখিনি বৰানীয়ে ক’ব।
বৰানী : ৰাইজ ঘৰখন অকলে মোৰ নহয় স্বামীৰো। গতিকে ঘৰৰ কাম স্বামীকো যাতে সমানে কৰাব পাৰোঁ তাকে আমি শিকাম মহিলাসকলক। কিয় স্বামীয়ে ভাত ৰান্ধিব নোৱাৰে নেকি এসাঁজ?
হালৈ আৰু দাস (একেলগে): আমি দুয়োসাঁজ বনাওঁ মাহটোৰ বিশদিন।
বৰানীয়ে কিবাকিবি কৈ থাকে।
শেষত হালৈনীয়ে মাইকৰ সন্মুখত থিয় হয়।
হালৈনী : আমি মহিলাসকলক ঘৰতে নিজৰ ছালৰ যতন লোৱা শিকাম যাতে বিউটি পাৰ্লাৰলৈ যাব নালাগে, ফিটনেচ টিপচ দিম, স্মাৰ্ট হোৱাৰ কৌশল দিম। আৰু ইংৰাজীৰো কোচিং কৰাম। তাৰবাবে আমাৰ মেনেজাৰ জানটো বৰুৱা আছেই। আৰু মই পলিটিকেল চায়েঞ্চত জইন কৰিছোঁ যাতে আপোনালোকক অহাবাৰ নিৰ্বাচনত জিকিলে বহুত সুবিধা দিমেই খাটাং।
দাসনী, কিবা কওক বুলি মাইকটো এৰি দিয়ে।
দাসনী : ৰাইজ, ফাইনেলী চাম গুড নিউজ যে আমি আপোনালোকক এমাহ ইংৰাজী শিকা আৰু বিউটিকোৰ্চ কৰাৰ সুবিধা দিম। ইংৰাজী শিকাব আমাৰ মেনেজাৰ জানটো বৰুৱাই আৰু বিউটি কোৰ্চ শিকাব তেওঁৰ বান্ধবী ৰুবীয়ে।
সকলোৱে হাত চাপৰি মাৰে।
৮ম দৃশ্য :
বৰানী, দাসনী, হালৈনী আৰু ডেকানীয়ে বহি থাকে দুখমনেৰে। হালৈ আৰু দাসো খঙেৰে বহি থাকে। বৰা সোমাই আহে কিছুসময়ৰ পিছত।
দাস : মই জানোৱে এনেকুৱা কিবা হ’ব বুলি! পিচে মোৰ কথা শুনিলেহে?
হালৈ: মই জানোৱে এনেকুৱা হ’ব বুলি? কথা শুনিলেহে আমাৰ?
হালৈনী : কিনো জানো আমি এনেকুৱা হ’ব বুলি? মই আকৌ পলিটিকেল চায়েঞ্চত সুবিধা হ’ব বুলিহে আত্মসহায়ক গোটটো খুলিছিলোঁ। ভাবিছিলোঁ এনেকৈ এতিয়াৰ পৰা ৰাইজক সহায় কৰিলে পিছত ইলেকশ্যনত টিকট পাম, ভোট পাম।
হালৈ : মনে মনে থাকা। আৰু পলিটিকেল চায়েঞ্চ নহয় পলিটিক্সহে। ইংৰাজী নাজানা যদি অসমীয়াতে ক’বা ৰাজনীতি বুলি!
দাসনী : কি আপুনি তাৰমানে নিজৰ সুবিধাৰ বাবেহে এই গোট খুলিছিল। আমাক মানে বুৰ্বক বনালে?
ডেকানী : কি তিৰোতাহে আপুনি? আমাক এনেকৈ ঠগাব নালাগিছিল দেই মিচেচ হোলী।
বৰানী : ইমান বুৰ্বক সজালে আমাক। আপোনাৰ লগতে আমাকো সেই জানটোৱে ফঁচালে।
বৰা : বুৰ্বক বনোৱা নাই। হয়েই তুমি বুৰ্বক। ইংৰাজী শিকিছিলা নহয়! হুহ.. বিনা ইংৰাজীৰে কথাই নকয়।
ডেকানী : যি হ’বৰ হ’ল আৰু! এতিয়া আমি নিজকে কেনেকৈ উদ্ধাৰ কৰিব পাৰোঁ ভাবক।
দাস : উদ্ধাৰ হোৱাৰ এটাই উপায় আছে জানটোক মাতি বুজাব লাগিব। দুয়োপক্ষৰ মাজত এটা চুক্তি কৰিব লাগিব।
বৰা : উপায় নাই তাৰ বাহিৰে।
“আমাক বচাওঁক কিবা কৰি। আমি আৰু এই আত্মসহায়ক গোট, মেল মিটিঙত সময় নষ্ট নকৰোঁ।”
চাৰিওগৰাকীয়ে ক’ব।
কেমেৰাই ক্ল’জআপত সকলোৰে মুখবোৰ চিন্তাত থকা দেখুৱাব আৰু চাৰিওগৰাকী মহিলাৰ মুখত দোষ, ভয় দেখুৱাব।
৯ম দৃশ্য :
ৰেষ্টুৰেণ্টৰ ভিতৰত ৰুবী আৰু জানটো বহি থাকে। জানটোৱে ৰুবীৰ হাতত ধৰি থাকিব। ৰুবীয়ে মিচিকিয়াই হাঁহিব।
ৰুবী : ফাইনেলী আমাৰ প্লেন চাক্সেছ হ’ল। এতিয়া আমাৰ বিয়াত মায়ে সম্পূৰ্ণ সন্মতি দিব। আমাৰ বিয়াত কোনো বাধা নাই।
জানটো : মই কৈছিলোঁনে তোমাক যে মই তোমাৰ দৰা হ’মেই। তোমাৰ মায়ে মোক পচন্দ কৰিবই।
ৰুবী : থেংকিউ মাই লাভ। উফ, ইমানদিনে মই কেনেকৈ মাক বুজাইছোঁ মইহে জানো? কিন্তু মায়ে তোমাৰ সাধাৰণ চাকৰিটো শুনিয়ে যে বিয়া দিবলৈ ৰাজি হ’ল? নুবুজিলোঁ?
জানটো : আৰে সাধাৰণ কিয় হ’বনো? মইতো মেনেজাৰ চাকৰি কৰোঁ। বাৰ্বীডল কোম্পানীৰ মেনেজাৰ। মাহে ষাঠি হেজাৰ দৰমহা পাওঁ। গতিকে কিয় নিদিব বিয়া।
ৰুবী : কি? কিন্তু “বাৰ্বীডল” দেখোন বন্ধ হ’ল। তুমি ফাঁকি দিলা মাক?
জানটো : কিয় ফাঁকি দিমহে? বাৰ্বীডল সহায়ক গোট বন্ধ হ’ল কিন্তু দৰমহা বন্ধ নহ’ল। মোৰ বুদ্ধিয়ে কাম দিলে।
ৰুবী : কি বুদ্ধি?
জানটো : হাঃ….হাঃ…। সেই বাৰ্বীডল কেইজনীৰ একো বুধি নাই। দেখাক দেখি এনেই আত্মসহায়ক গোট খুলিলে নহ’ব নহয়? আৰে, ৰাইজৰ হৈ কাম কৰিব লাগিব, সহায় কৰিব লাগিব সচাঁ অৰ্থত। মেকআপ কৰা, কাপোৰ পিন্ধা, গিৰিয়েকক ভাত ৰান্ধিব শিকোৱা এইবোৰ হয় নেকি? মোৰ দৰে মানুহজনৰ পৰা ইংৰাজী শিকোঁতেই বুজি পাইছিলোঁ।
ৰুবী : হাঃ হাঃ! কিন্তু মেইন বুদ্ধিটো ময়েই দিছিলোঁ আৰু খবৰটোও। আৰু দহ বছৰলৈ তেওঁলোকৰ আত্মসহায়ক গোট থাকিলেও নাথাকিলেও মোক মাহে এক লাখ দৰমহা দিব লাগিব বুলি চুক্তি পত্ৰত লিখিবলৈ দিছিলোঁ।
জানটো : আৰু নিদিলে মই আইনৰ ব্যৱস্থা ল’ম বুলি চুক্তি পত্ৰত লিখিছিলোঁ। হাঃ হাঃ।
ৰুবী : কিন্তু তোমাক ষাঠি হেজাৰহে দিব দেখোন? এক লাখ নিদিয়ে।
জানটো : গিৰিয়েককেইজনে হাতে ভৰিয়ে ধৰাত ষাঠি হেজাৰত মানিলোঁ। আমাৰ চলি যাব সেই টকাৰে। তদুপৰি আমাৰ বিয়া তেওঁলোকে খৰছ কৰিব সকলো।
ৰুবী : কি কৈছা? ঠিক আছে হ’ব দিয়া। পিচে মেকআপ শিকোৱাৰ নামত ময়ো বহুত লুটিলোঁ। মোৰ বিয়াৰ গহনাৰ চেট এটা হৈ গৈছে।
জানটো : নহ’লে কি? তোমাৰ জানক তুমিহে ধদুৱা কোৱা? এতিয়া চোৱা এই ধদুৱাৰ বুদ্ধি। তোমাক দিবলৈ জোৰণৰ কাপোৰ, সোণৰ গহনা, বিয়াৰ খানা, পেণ্ডেলৰ সকলো খৰছ তেওঁলোকে দিম বুলি কথা দিছে।
ৰুবী : সেইবাবে ষাঠি হেজাৰ দৰমহাত মানিলা ন?
দুয়ো হাঁহে। এনেতে ৰুবীৰ ফোন বাজে আৰু তাই ৰিচিভ কৰে।
ৰুবী : ও মাহী। ভালনে তোমালোকৰ? বিয়া বুলি কোনে ক’লে? কি? মায়ে? অঁ …অঁ….। বিয়াত আহিবা কিন্তু দুদিন আগতে। অঁ….অঁ…..দৰাই ক’ত কৰে চাকৰি? দৰা “বাৰ্বীডল” কোম্পানীৰ মেনেজাৰ হয়। ৰাখিছোঁ….
আনফালে জানটোৰো ফোন বাজে।
জানটো : অঁ বন্ধু… মোৰ চাকৰি কনফাৰ্ম হ’ল। অঁ….”বাৰ্বীডল” কোম্পানীত মেনেজাৰ হিচাপে। দহ বছৰমান কৰি বিজনেচ কৰিম।
বিয়া… অঁ পাতিমেই অহা মাহত। আহিবি কিন্তু।
ৰুবীলৈ চাই হাঁহে জানটোৱে। ৱেইটাৰ আহে আৰু মেনুখন দিয়ে। দুয়ো একেমুখে কয়….
“আজি বিৰিয়ানী আৰু তণ্ডুৰী চিকেন খাম”।
||সমাপ্ত||
☆ ★ ☆ ★ ☆
1:30 pm
বাপ্পা ঐ.. কি বুদ্ধি এই মেনেজাৰটোৰ??
3:09 pm
ধন্যবাদ
12:13 pm
মজা!
12:37 pm
ধন্যবাদ
9:31 pm
বিজয় দাক কোনে কয় ধদুৱা বুলি ইয়াৰ পিছত??
8:29 pm
বিজয়দাৰ বুদ্ধি মানিলোঁ দেই।বাৰ্বীডল কোম্পানীৰ মেনেজাৰ হৈ বহি বহি খাব। বঢ়িয়া লিখিছা ডলীবা।