ফটাঢোল

ফটাপ্ৰশ্ন

১) জয়ন্ত গগৈ :

চাহৰ লগত দিয়া মচমচিয়া বিস্কুট চাহপানীত ডুবাই সেমেকাই খোৱা আৰু এনেয়ে সেমেকি থকা বিস্কুট চাহৰ লগত খোৱাৰ মাজত কি পাৰ্থক্য আছে বাৰু ?

উত্তৰঃ- পানী আৰু চাহ খোৱাৰ মাজত যি পাৰ্থক্য, সেয়াই। 

২) সঞ্জীৱ কুমাৰ মহন্ত :

বুজাই দিয়ক “আনন্দৰ ঠিকনা নোহোৱা হোৱা”..

উত্তৰঃ- ঠিকনাবিহীন ভাৱে য’ৰ ত’ৰ পৰা আনন্দৰ উৎস আৰম্ভ হোৱা।

৩) দিলীপ আৰ কাকতি :

 শিক্ষয়িত্ৰী বা মহিলা বিষয়া, কৰ্মচাৰী সকল যদি বাইদেউ হয় তেনেহ’লে শিক্ষক বা পুৰুষ বিষয়া কৰ্মচাৰী সকল কিয় দাদা নহয়?

উত্তৰঃ- বাইদেউ শব্দটোত যিমান জোৰ আছে, দাদাত নাই। এতিয়া ধৰকচোন প্ৰেমিককো দাদা বুলি মাতিব পাৰি, কিন্তু প্ৰেমিকাক বাইদেউ বুলিব পাৰি জানো? মুঠতে দাদা বাইদেউৰ সমাৰ্থক শব্দ নহয়েই, গতিকে ছাৰ শব্দটো ব্যৱহাৰ কৰিব লগা হয়।

৪) জয়ন্ত কুমাৰ ডেকা :

ফটহুকাই সৰহভাগ বিয়াই (প্ৰেমে হ‌ওক বা অপ্ৰেমে..; অ’হ ছ’ৰী মানে এৰেঞ্জে হ‌ওক) যে এই অক্টোবৰৰ পৰা মাৰ্চ মাহলৈ হয়, বাকী মাহবোৰত কমকৈ (একেবাৰে তাকৰ) হয় কিয়? টকা প্ৰব্লেম, ৰ’দ প্ৰব্লেম , প্ৰদৰ্শন প্ৰব্লেম, ট্ৰেফিক প্ৰব্লেম, পৰীক্ষা প্ৰব্লেম নে আন কিবা?

উত্তৰঃ- এই শীতকালত বিয়া পতা নিয়মটো পুৰুষশাসিত সমাজ ব্যৱস্থাই নাৰীক নিৰ্যাতন দিবৰ বাবে উলিয়াইছে। ভাৱি চাওকচোন, ডিচেম্বৰ মাহৰ হাঁ‌ড় কঁপোৱা জাৰত পিঠি ওলোৱা ব্লাউজৰ সৈতে পাটৰ চেট পিন্ধি বিয়া খাবলৈ যোৱা কম কষ্ট নে, তাতে চুয়েটাৰ বা শ্বলো ল’ব নোৱাৰি, ল’লে ৰাইজে কাপোৰযোৰ নেদেখিবইচোন। 

এনে অমানুসিক কাৰ্যৰ প্ৰতিবাদ হোৱা উচিত।

৫) জয়ন্ত দাস :

কিছুমান ঘটনাত যে অকল ৩য় পক্ষ জড়িত  থাকে ৪ ৰ্থ বা ৫ ম পক্ষ কিয় নাথাকে?

উত্তৰঃ সেইটো নূন্যতম হিচাপটো আৰু, ঝেং হ’বলৈ কমেও তিনিটা পক্ষ লাগে যে। কেতিয়াবা দহ পোন্ধৰটা পক্ষও থাকিব পাৰে, সেয়া পিছত তদন্ত কৰিলেহে ওলাব। কিন্তু ঝেং এটা হৈছে যেতিয়া, তিনিটা পক্ষ থকাতো নিশ্চিত।

৬) অঞ্জন সাধনিদাৰ :

কুকুৰবোৰৰ এনেকুৱা কি চেক কৰিবলৈ থাকে যে গাড়ী আৰু বাইকৰ পাছত যে দৌৰ এটা মাৰে?

উত্তৰঃ- এই কথাটো জানিবৰ বাবেই মই কুকুৰ সমাজক আলোচনাৰ মেজলৈ আনিবলৈ চেষ্টা কৰি আছোঁ, তেওঁলোক মান্তি হ’লেই এই প্ৰশ্নটোকে প্ৰথম সুধিম।

৭) ত্ৰিদিৱ আৰ শৰ্মা :

যেনেকৈ লেডিজ খুলশালীৰ হাজবেণ্ডক শালপতি বুলি জনা যায়, তেনেকৈ লেডাজ খুলশালিৰ ৱাইফক শালপত্নী বুলি কিয় জনা নাযায়?

উত্তৰঃ- এই কথাটো জানিবৰ বাবে আমি শালপতি শব্দৰ উৎপত্তিৰ বিষয়ে জানিব লাগিব। শালপতি জনাই ভিনিয়েকৰ বুকুত ‘শাল’ মাৰি আধীঘৰৱালীৰ ‘পতি’ হয় বাবে তেওঁক শালপতি বুকি কোৱা হয়। কিন্তু ল’ৰা খুলশালিৰ ক্ষেত্ৰত কথাটো ইমান বেছি আবেগিক নহয় বাবে, শালপত্নী বুলি কোৱা নহয়।

☆ ★ ☆ ★ ☆

One comment

  • ৰাজশ্ৰী শৰ্মা

    মজা দেই ফটহুকাই?? ধন্যবাদ জনালো

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *