লাইপাতত প্ৰেমৰ দস্তাবেজ-বিনীতা বৰশইকীয়া
সিদিনা দেওবাৰ আছিল । শহুৰেকৰ পুতেকে বোলে কিমাননো আৰু অফিচৰ ধূলি লগা ফাইলবোৰ খুচৰিম, আজি তোমাক আৰাম দিওঁ। মই পাকঘৰত সোমাওঁ দেই। এনেহেন অমিয়া মাত আৰু পৃথিৱীৰ সবাতোকৈ বিৰল স্বৰবৰ্ণ , ব্যঞ্জনবৰ্ণ আৰু স্বৰচিহ্নৰে গঠিত শুনিম শুনিম বুলি কণামাকৰিয়েও বাট এৰি গ্ৰীণ কৰিডৰ সৃষ্টি কৰি অপেক্ষাৰত অৱস্থাত আকাশবাণী হোৱাৰ দৰে বাক্যবৃষ্টি হোৱাত হেৰম্বৰ ঘৈণীয়েকতকৈ মই বেছি সুখী হৈ পৰিলোঁ ।
এইবাৰ একে লৰে গৈ চোতালত হেৰম্বৰ ঘৈণীয়েকে দেখাকৈ পেলাষ্টিকৰ চকী এখনত চিৰাল ফাট দিয়া ভৰি দুখন উঠাই ছোৱালীক চিঞৰ এটা মাৰিলোঁ …
: ঐ বাপেকৰ জীয়েক , মংগলবাৰে যে বাপেৰৰ পটলুংটো ধোওঁতে মহাত্মা গান্ধী এজনা পাইছিলোঁ আৰু যে বাৰে বাৰে চাবোন খৰচ হ’ব বুলি ফুটছাইৰে গা ধোৱা বাপেৰে ” পাইছা নেকি টকাটো ” বুলি সুধিলতো তিনি সইত খাই ‘ নাইপোৱা ‘ বুলি সঁচাৰ বিপৰীতটো কৈছিলোঁ আৰু ৰ’দখনত ঘামি জামি অহা মনিহাৰীৱালাটো দেখি দুখ অকণ লগাত সেইটো টকাৰে ৰঙা নখপালিছটো কিনিছিলোঁ সেইটো আনগৈ যাহ ।
তাই আকৌ মোৰ কথা শুনি বৰ ভেকুলাটোৰ লেখিয়াকে মুখখন মেলি ৰৈ আছে । মই বোলো , ইমান সাধাৰণ বাক্যশাৰীকে বুজি পোৱা নাই নেকি ? কি সংসাৰ কৰিবি মই বুজি পাই গৈছোঁ । হেৰৌ সংসাৰনীতি আৰু ৰাজনীতি প্ৰায় একে বুইছ । যা যা আনগৈ যা …
: কি আনিম মা ?
: অ ! তই এতিয়াও বুজি পোৱাই নাই ? নখপালিছটো আনগৈ যা …
: সেইটোকে ক’লেও হয় । ইমান ৰচনা গাব নালাগে নহয় …
তাই সেইটো আনি দিলত বাৰুকৈ বহি ঘঁহিবলৈ ঢাকনিখন খুলিছোঁহে,পাকঘৰৰ পৰা যিটো গগনফলা চিঞৰ শুনিবলৈ পালোঁ নহয় ! কি ক’ম !
ওচৰ চাপি গৈ সেইজনাৰ কুৰূপটো দেখি ভয়ত বিতত নহৈ তত ধৰি থিয় দি আছোঁ।তথাপি নাৰীৰ আলসুৱা কলিজাৰ কথা । মনতে বজৰংবলীক ভাবি ভাবি উচ্চাৰণ কৰি আছো
” পৱনপুত্র হনুমান ।
ৰামভক্ত হনুমান॥”
: শাক-পাচলিৰ ইমান দাম । শীতল ভঁড়ালটো থকা স্বত্বেও তুমি এই আপুৰুগীয়া পাতকেইডালৰ কেনেকৈ এই দুৰ্দশা কৰিবলৈ সাহস পালা ? উস্ ! উস্ ! উস্ !
ক’তে মৰোঁ মই !
: আপুনি কিয় মৰোঁ মৰোঁকৈ থাকে হয়নে ? নমৰিবচোন ৰ’ব …
: উস্ ৰাম ! মোৰ বুকুখন চুই চোৱা , আহাঁ চুই চোৱাহি ; কেনেকৈ ধপধপাইছে …
: ইস্ ! এই বয়সত মোক কি যে কথাবোৰ কৈ লাজত পেলাইছে নহয় …
: লাজ লাগিছে হু ! লাজে ধৰিছে ? অতখন ঘাম মাটিত নেপেলাই ৰুমালে গামোছাই , কেতিয়াবা টেবুলত পৰা কাপোৰখনেৰে , কেতিয়াবা চাৰ্টৰ হাতখনেৰে মোহাৰি মোহাৰি পা-পইচাকেইটা পাওঁ , তাইৰ সেই ঘামখিনিলৈ ভ্ৰুক্ষেপেই নাই । কতবাৰ চাইকেলৰ পেডেল ঘূৰাই ঘূৰাই অফিচলৈ অহা-যোৱা কৰোঁ গম পোৱানে তুমি ?
: সেইটো কথা আকৌ মই কেনেকৈ গম পাম ?
: নাপাবাতো , ক’ত গম পাবা ? আই ঔ ! এইকেইখিলা লাই মই বাচি বাচি চাই চাই কিনিছোঁ , কত দোকানীৰ লগত তৰ্ক যুদ্ধত লিপ্ত হৈছো ! বোলো গাহৈ লগত ভাজি খাম । কিন্তু তুমি কি কৰি পেলালা ? উস্ ! উস্ ! উস্ ! লক্ষী আয়ে কমখন দুখ পাইছে ! কিয় কৰিলা এনেকুৱা কোৱাচোন ?
: মোৰ পুৰণা ফিলিং এটা আহিল লাইকেইখিলা দেখি ।
: বাৰু শুনোচোন ময়ো , কি ফিলিং আহিল ?
: বহুদিন চিঠি পঢ়া নাই ।
: চিঠি ?
: ওঁ ।
: লাইপাত আৰু চিঠি ? একো মিলা নাই দেখোন কথাটো …
: নহয় মানে আগতে মোলৈ চিঠিবোৰ সৰু সৰু চুঙিত ভৰাই দি পঠাইছিল লগৰ ছোৱালীৰ হাতত । চুঙিত ভৰাবলৈ নুৰিয়াব লাগে যে!তাকে পুৰণি কথা মনত পৰি গ’ল জানে !
: লাইপাতৰ কথা কোৱা মোক …
: মানে লাইপাত কেইখিলা দেখি ভাৱিলোঁ , ইহঁতক শীতল ভঁড়ালত নথৈ এইবাৰ শুকাবলৈ দিওঁ । শুকাই গ’লে সেই পাটগাভৰু দিনৰ চুঙিৰ পৰা নুৰিয়াই থোৱা চিঠি উলিয়াই পঢ়াৰ দৰে লাগিব । মানে শুকাই যোৱা লাইপাতবোৰ মোৰ সেই চিঠিকেইখনৰ দৰেই নুৰ খাই থাকে যে !
: হৰি ! হৰি ! এতিয়া সেই চিঠিকেইখনকে ভাজাগৈ যোৱা।চিঠিকে খাম আজি …
: নাই নাই । মই নোৱাৰিম জানিছে । মোৰ পূৰা ফিলিং আহি গ’ল । নোৱাৰোঁ মই গৰম তেলত কলিজাৰ আবেগবোৰ ভাজিব ।
শহুৰেকৰ পুতেকো নাচোৰবান্দা , অমুকীও নাচোৰবান্দৰী ।।
☆ ★ ☆ ★ ☆