ফটাঢোল

হুদে বৈতেলী-শ্ৰুতিমালা মিশ্ৰ

আঘোণা কাকা আমাৰ মামাহঁতৰ ঘৰত বান্ধা খাটে। ডেকা মানুহ, নগৰৰ চিনেমা হলত সেইবেলি ওলমিল “চামেলী মেমচাব”ৰ পোষ্টাৰ। গানবোৰ তামাম হিট। আঘোণা কাকাৰ মুখত এনীটাইম চামেলী মেমচাবৰ গানৰ সুৰ। কামৰ ফাঁকে ফাঁকে গানৰ বেসুৰা আৱাজে মামাহঁতৰ কাণৰ পৰ্দা ফালিবলৈ উপক্ৰম হ’ল। লাহে লাহে আঘোণা কাকাৰ “চামেলী মেমচাব” প্ৰীতি গাঁৱৰ সকলো মুনিহ-তিৰোতাই গম পোৱা হ’ল। সময়ৰ লগে লগে আঘোণা কাকাৰ সমূহীয়া নাম এটা দিলে সকলোৱে মিলি “চামেলী”।

গাঁৱৰ মানুহখিনিৰ বাহিৰেও “চামেলী” ওচৰৰ-পাজৰৰ আনবোৰ গাঁৱৰ ৰাইজৰ মাজতো সমানেই জনপ্ৰিয়। মামাহঁতৰ গাঁওখন মাছৰ বেপাৰৰ বাবে বিখ্যাত। কাপলা বিলৰ পৰা ডাক দি অনা মাছেৰে গাঁৱৰ মেইন চʼকৰ বজাৰখন সোমবৰীয়া আৰু শুকুৰবৰীয়া হাটৰ দিনা গিজগিজাই থাকে। চামেলীয়ে সোমবৰীয়া আৰু শুকুৰবৰীয়া হাটৰ দিনা আন্ধাৰ ৰাতিতে উঠি কাপলা বিলৰ পৰা ডাকত মাছ আনি বঢ়িয়াকৈ শোলমাৰাৰ বজাৰতে পোহাৰ মেলেহি । সেইদিনা এখনৰ পিছত আনখন তামোল চূণ এমখলাৰে পকটিয়াই পকটিয়াই ৰঙা হৈ পৰা ওঁঠেৰে চামেলীয়ে বেপাৰ কৰে। মানুহজনৰ ভাগ্যও লক্ষ্মী, সদায় বেপাৰৰ পৰা তেওঁৰ ভাল ইনকামেই হয়। 

ইফালে যিটো হৃষ্ট-পুষ্ট চেহেৰা চামেলীৰ, সেয়াও সকলোৱে মস্ত ভয় কৰে। মানে কথাৰ অলপমান লৰক ফৰক হʼলেই মাৰোঁ বুলিয়েই চামেলীয়ে মাৰি দিয়ে চৰ-ভুকু-লাঠ। গতিকে চামেলীৰ লগত ফেপেৰি পাতি ধৰি কাৰোৰে পিঠিখনত বাবৰি ফুল বাচিবৰ মন নাথাকে।

সপ্তাহটোৰ বাকীকেইটা দিনত চামেলীয়ে সৰ্থেবাৰীৰ পৰা গুৱাহাটীলৈ দৈনিক অহা-যোৱা কৰা এখন বাছত মাছৰ ভাৰখন লৈ পুৱাতেই ওলাই গুৱাহাটীলৈ। কাছাৰীৰ ওচৰত চামেলীৰ বেপাৰ। সেই পুৱাৰাতিতে এমোকোৰা তামোলে-চূণে মুখখন লালৱন্তি কৰি ওলাই মাছ বিকি গাঁৱলৈ উভতি অহালৈ আকাশত দ্বিতীয়াৰ জোনটোৱে ভুমুকি মাৰেহি। তথাপি দুখ-ভাগৰে চামেলীক লেবেজান কৰিব নোৱাৰে।

প্ৰকাণ্ড সেইজীয়া ৰঙৰ ৰঙা চাইড পাৰি থকা গামোচাখনত যিটো ব্ৰহ্মগাঁঠি মাৰি খোঁচনিত বেপাৰত উপাৰ্জন কৰা নোটকেইখন গুঁজিব সেয়া সাতশতৰুৰো দম নাই তাত হাত দিবলৈ। গধূলি আহি চোতালৰ মাজতে বহি সমুখত জ্বলি থকা টিপচাকিৰ পোহৰকণতে জুপি জুপি চামেলীয়ে প্ৰতিদিনৰ বেপাৰৰ হিচাপ কৰে। 

চামেলীৰ বেপাৰলৈ যোৱা নিৰ্ধাৰিত ড্ৰেছকোড সদায় একেটাই। সেউজীয়া ৰঙৰ গামোচাখনৰ চাইডত ৰঙা পাৰি দিয়া, তাতে কঁকালৰ সোঁহাতে গামোচাৰ খোঁচনিত চামেলীৰ বিখ্যাত দেশী মানীবেগ, যিটো পাক মাৰি খোঁচনিত নোটকেইখন গুঁজিব নহয়, কাৰো সাধ্য নাই তাৰ পৰা এখনো নোট সৰকোৱাৰ। হাত থকা গেঞ্জী এটা পিন্ধি, সুগোল আৰু বাহ্যমুখী পেটটোৰ উন্মুক্ত নাভিপ্ৰদেশ উলিয়াই গোটেই তেলপিচলা গাটোৰে আন্ধাৰহেন কʼলা বৰণৰ মানুহটোৰ মূৰত চিৰপৰিচিত গামোচাৰ পাগ এটা। সেই পাগটোত মাদাৰ ইণ্ডিয়া ব্ৰেণ্ডৰ এমুঠি বিড়ি দণ্ডায়মান। 

কঁকালৰ খোঁচনিত অকল নোটেই নাথাকে চামেলীৰ, বিড়ি হুঁপিবলৈ দিয়াচলাইৰ বাকচটো আৰু মাজে-মধ্যে হাতৰ তলুৱাত এলেপামান চূণৰ সৈতে চপৰিয়াই চপৰিয়াই মাৰি ওঁঠৰ ভিতৰত গুজি দিবলৈ বান্দৰ চাধাৰো পেকেট এটা থাকে। এনেহেন ভীমকলৰ গুৰিটোহেন হুলিয়াৰ মানুহজনৰ লগত লাগি ল’বলৈয়ো কোনেও সততে সাহস নকৰে। দিওঁ বুলিয়েই চৰটো, লাঠিটো, খকৰামুকুটিটো, ভুকুটো দিব পৰা মানুহ চামেলী। 

এদিন কাছাৰীত মাছ বেচি মাছখোৱাত সেই সৰ্থেবাৰীৰ বাছখনত উঠিল চামেলী। পিছবেলা উভতি যোৱা একমাত্ৰ বাছ হিচাপে সেইখনত ভিৰো বেছি আছিল। সেয়ে উভতোঁতে চামেলীয়ে প্ৰায়েই বাছৰ ওপৰতে লেপেটা কাঢ়ি বহি যাবলগীয়া হয়। বৃহদাকাৰ আয়তনৰ মানুহজনে হাত-ভৰি মেলি আহল-বহলকৈ বাছৰ ওপৰত বহি যায়।    

এদিনাখন এইদৰে বাছে ফো-ফোৱাই আহি থাকোঁতে হাজোৰ চʼকৰ ওচৰত মানুহ এঘৰৰ প্ৰকাণ্ড বেলৰ গছ এডাল আছিল, তাৰে কাঁইটত লাগি ৰʼল নহয় চামেলীৰ মূৰৰ ওপৰৰ পাগটো। বেলৰ কাঁইটত সগৌৰৱে চামেলীৰ শিৰৰ ভূষণ নিচান উৰাদি উৰি আছে। ইফালে কথাই কথাই চামেলীৰ “হুদে বৈতেলী” বুলি বিখ্যাত বাক্য এষাৰ কোৱাৰ মুদ্ৰাদোষ আছিল । ইফালে বাছৰ ওপৰৰ পৰা চামেলীৰ হাল্লা-হুলস্থূল, 

: হুদে বৈতেলী। হুদে মৰন্নহ ডাইভাৰ, বৈতেলী বিলোৰ কাঁটাত (বেলৰ কাঁইটত) মোৰ গামচা লাগি ধৈচ্ছি। বাছ ৰখৌ এ বৈতেলী…

এইফালে চামেলীৰ শিৰোভূষণ যে বেলৰ কাঁইটত সগৌৰৱে লাগি ধৰিল সেয়া ড্ৰাইভাৰে চাৰিহাতমান আগুৱাই যোৱাৰ পিছতহে গম পালে। চামেলীক বাঘ দেখাদি দেখা ড্ৰাইভাৰেও বেক গিয়েৰত গাড়ী লগাই পুনৰ সেই বেলজোপাৰ ওচৰলৈ আনি চামেলীয়ে হাতেৰে ঢুকি পাব পৰা দূৰত্বত বাছ ৰখাই দিলে। ইমানেই পাৱাৰ আছিল চামেলীৰ। 

এইবোৰ আজি বহুবছৰ আগৰ কথা। তেতিয়া চামেলী ডেকা বয়সীয়া। এতিয়া চামেলীৰ কঁকাল পৰিল। আজিকালি মাছৰ বেপাৰখন চামেলীয়ে বাদ দিলে। তাৰ সলনি আজিকালি গাঁৱৰ নাগাৰা নামৰ পাৰ্টিটোতে ঘূৰে চামেলীয়ে।

পূজাই-সবাহে চামেলীহঁতৰ পাৰ্টিটোৱে বহুকেইখন পেণ্ডেল ৰাখে। 

এবাৰ আমাৰ তেজপুৰত থকা মামাহঁতৰ স্থানীয় দূৰ্গাপূজাখনৰ ৰূপালী জয়ন্তী বৰ্ষ হওঁতে চামেলীহঁতৰ পাৰ্টিটোক নাগাৰা নাম পৰিৱেশন কৰিবলৈ মাতিলে। মামা পৰিচালনা সমিতিৰ সদস্য আছিল সেইবাৰ। মামাহঁতৰ ঘৰৰ কাষৰ শইকীয়া আংকল সভাপতি আছিল পৰিচালনা সমিতিৰ। শইকীয়া আংকলৰ নতুনকৈ বান্ধি থকা আৰচিচি ঘৰটোতে চামেলীহঁতৰ থকা-খোৱাৰ ব্যৱস্থা কৰা হ’ল। 

এইফালে মৰি গʼলেও চামেলীয়ে নিজৰ নলবেইৰা ভাষাটো এৰি নিদিয়ে কʼতো। ৰাতি নাম গাই উঠাৰ পিছত চামেলীহঁতৰ পাৰ্টিটোৰ বাবে ভাতৰ ব্যৱস্থা কৰা হ’ল। তদাৰক কৰি আছে আমাৰ মামা আৰু শইকীয়া আংকলে। শইকীয়া আংকল অৰিজিনেলী দেৰগাঁও চাইডৰ মানুহ, চাকৰিসূত্ৰে তেজপুৰতে ঘৰ-মাটি কৰিলে। বেচেৰাই কোনোকালেই নামনিৰ ভাষাৰ লগত পৰিচিত নহয়; ইফালে পৰিল নহয় চামেলীৰ পাল্লাত। চামেলীতো কাকো দেও নোবোলা মানুহ, যʼতে নাযাওক কিয় নিজৰ ভাষাটো নেৰে। 

চাধা খোৱা মানুহ হিচাপে চামেলীয়ে ভাতৰ লগত ঠিকচে জলকীয়া খায়। ইফালে চামেলীহঁতক নাম গোৱাৰ পিছত ভাত খাবলৈ বহুৱাই দি মামা অলপ সময় বেলেগ কামত ব্যস্ত হ’বলগীয়া হ’ল। আহক সেইখিনি সময়তে শইকীয়া আংকল খোৱাস্থলীলৈ। 

বিলনীয়াই ভাত দি গৈছে, পিছে পিছে এজনে দাইল আৰু তৰকাৰীও দি গৈছে। ইপিনে ভাতখিনি ঠাণ্ডা হৈ গৈছে ৰন্ধাৰ বহু দেৰি হৈ যোৱা বাবে। ঠাণ্ডা ভাত দেখি চামেলীৰ উঠিল নহয় টিঙিচকৈ খংটো। হাতখনেৰে ওলোটাকৈ পাক এটা দি চকুৰ চেলাউৰি দুই ইঞ্চিমান উঠাই দি বিশেষ ভংগীমাৰে চামেলীয়ে শইকীয়াৰ ওপৰত খঙতে দিলে তুলাধূনা,

: হুদে শইকীয়া, এগলা কি ভাত দিছা বৈতেলী? তপাত ভাত দিবা নৰা? ভজালুক ক’ত বৈতেলী? মই ভজালুক নহকে ভাত নাখং যা।

ইপিনে ভাষাবিভ্ৰাটত বিধ্বস্ত শইকীয়া। বিব্ৰত অৱস্থাৰে চশমাৰ তলে-ওপৰে চাই মামাক বিচাৰি আছে কি কৈ আছে বুজি নাপায়। এপাকত মামা আহিল খোৱাস্থলীলৈ। শইকীয়া আংকলে সোঁ-সোঁৱাই মামাক একেটানে পেণ্ডেলৰ চাইডলৈ মাতি নি কাণে কাণে সুধিলে,

: হেৰি নহয় গোস্বামী, এখেতসকলে কিবা চপাত ভাত বিচাৰিছে। লগতে বোলে কিবা ভজা জালুক লাগে।চাওকচোন, এই ৰাতিখন বাৰু মই ক’ত বজাৰত চপাত ভাত আৰু ভজা জালুক বিচাৰি যাওঁ বাৰু আপুনিয়েই কওঁক।কিখন ঝামেলাত পৰিলোঁ অ’ গোস্বামী। কিবা হুদে বৈতেলী বুলি কথাই প্ৰতি কৈ আছে। আপুনি কি কৰে কৰক, মই এইবিলাক চম্ভালিব নোৱাৰোঁ।

ইপিনে মামাই আগবাঢ়ি গৈ চামেলীক ডিটেইলছ সুধিহে গম পালে আচলতে চামেলীক কি লাগে। শইকীয়া আংকলক মাতি আনি মামাই কʼলে,

: ধেৎ শইকীয়া দা, মানুহ মাৰিবহে আপুনি। চামেলীয়ে চপাত ভাত আৰু ভজা জালুক বিচৰা নাই। তপাত ভাত মানে গৰম ভাত আৰু ভজালুক মানে জলকীয়া বিচাৰিছে। সৰ্বনাশ কৰিলেহেঁতেন এতিয়া।

শব্দ দুটা বুজি তেতিয়াহে শইকীয়া আংকলৰ মুখলৈ পানী আহিল। চামেলীক ঠাণ্ডা ভাত দিয়াৰ বাবে ৰান্ধনিগৰাকীক ভাল ধমকি দিলে। পিছত যেনিবা চামেলীৰ বাবে গৰম ভাত আৰু জলকীয়াৰ ব্যৱস্থা কৰা হ’ল। গৰম ভাত আৰু জলকীয়া ঠিকমতে পাইহে অৱশেষত চামেলীৰ খং থামিল।

☆ ★ ☆ ★ ☆

7 Comments

  • Pranita Goswami

    ভাল লাগিল। হুদে বৈতালী মানেনো কি?

    Reply
    • শ্ৰুতিমালা মিশ্ৰ

      প্ৰণিতা বাইদেউ, হুদে বৈতেলী মানে নিৰ্দ্দিষ্ট একো অৰ্থ নাই । চামেলীয়ে এইটো কিবা মুদ্ৰাদোষতে বাৰে বাৰে কোৱা কথা আছিল । ধন্যবাদ জনালোঁ ?

      Reply
  • কমলা দাস

    ????
    মজাৰ কাহিনী

    বৈতেলি-মানে বদমাচ বুজাইছে নে

    Reply
    • শ্ৰুতিমালা মিশ্ৰ

      কমলা বৰমা, ধন্যবাদ আপোনালৈ ?

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    হাঃ হাঃ ! বঢ়িয়া৷

    Reply
  • Anonymous

    বঢ়িয়া

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    ধন্যবাদ আটাইলৈকে পঢ়ি ইমান উৎসাহিত কৰা বাবে ?

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *