টোপনিৰ জ্বলাকলা- মৌচুমী গগৈ
পুৱা চাৰে পাঁচ বজাৰ লগে লগেই হিংসাকুৰীয়া মোবাইলটোৱে উঠিবলৈ ইংগিত দিবলৈ আৰম্ভ কৰিলে।ইফালে মোৰ লগত ছাঁৰ দৰে থকা এলাহটোৱে আকৌ উঠিব খুজিলেই জোৰকৈ হেঁচা মাৰি ধৰে। তথাপিও তাক কোনোৰকম ফুচুলাই মেলি বিচনাৰ পৰা নামি আহিলোঁ।
এইবাৰ ডাইনিং টেবুলত বহি মোলৈ চাই মিচিক মাচাককৈ হাঁহি থকা পানীৰ বটলটোক চুমা এটা দি ব্ৰাশ্ব কৰিবলৈ গ’লোঁ। এইবাৰ পতিদেৱক জগাই দিলোঁ। সেইজনে হামিয়াই হিকটিয়াই কোনোৰকম চকু দুটাক কষ্ট দি হ’লেও মেলিবলৈ যত্ন কৰিলে। অলপ পিছত তেখেতে বাথৰূমৰ পৰা আহি মোক চিঞৰিলে,
: হেৰা, মোৰ ট্ৰেকপেণ্টটো দেখিছিলা নেকি?
আপোনাতকৈ আগতেই জগিং কৰিবলৈ গ’ল বুলি ক’বলৈ ভাবিও পুৱাই জোঁকাই ল’বলৈ মন নকৰি বিছনাতেই জাপি থোৱা আছে বুলি কৈ মুখখন সামৰি সুতৰি থ’লোঁ
ক্ষন্তেক পিছতেই মই ওলাই মেলি সাজু হওঁ মানে মহাশয় সিটো ৰূমৰ পৰা ওলাই আহিল। তেখেতক দেখি মই জোতাযোৰৰ ফিটাডাল মাৰি লৈ সুধিলোঁ,
: এনেই মানে আপুনি কোনফালে যাবলৈ ওলাইছে বাৰু? মৰ্ণিং ৱাক কৰিবলৈ নে বজাৰলৈ?
তেওঁ আচৰিত হৈ মোৰ ফালে চাই সুধিলে,
: কিয় সুধিলা নো। ৰাতিপুৱাই বজাৰ যাবলৈ মোৰ শহুৰবাৰীৰ মানুহ আহিব নেকি?
ময়ো কেঁৰাহীকৈ চাই ক’লোঁ,
: আজিলৈকে অতবছৰে শহুৰবাৰীৰ মানুহৰ কাৰণে ইমান ৰাতিপুৱাই বজাৰ কৰা দেখা হ’লেহে গম পালোহেঁতেন। বজাৰ নাযায় যদি ট্ৰেক পেণ্ট নিপিন্ধি জিনছ্ পেণ্টটো পিন্ধিছে কিয়?
তেতিয়া মহাশয়ে পেণ্টটোলৈ চাই হাঁহিবহে পাৰিছে।
এইবাৰ লাহেকৈ ক’লোঁ,
: হেৰি, বুদ্ধি এটা দিম নেকি আপোনাক?
তেখেতেও একান্ত বাধ্য ছাত্ৰৰ দৰে কথাষাৰ শুনিবলৈ মোৰ ফালে চালে।
কাইলৈৰ পৰা ৰাতি শুবলৈ লওঁতে ট্ৰেক ড্ৰেছযোৰ পিন্ধিয়েই শুই দিব। তেতিয়া ৰাতিপুৱা উঠি অকল জোতাযোৰ পিন্ধিলেই হ’ব।
যিটোহে চাৱনি দিলে, সৰু হোৱা হ’লে ঠেকেচা এটা দিলেহেঁতেন যে সেইটো খাটাং।
ভলাই কা জমানা হি নেহী ৰহা।
☆ ★ ☆ ★ ☆