ফটাঢোল

অনলী ভিমল- ৰণেন শৰ্মা

বিমলৰ জন্ম নলবাৰীৰ ভিতৰুৱা গাঁও এখনত, তেনেই দুখীয়া ঘৰখন। সেই যুগত, যেতিয়া গোটেই গাঁওখনত মাত্ৰ এটাহে টিভি আছিল, অকল গাঁওবুঢ়াৰ ঘৰত। তেতিয়া গাঁৱৰ ল’ৰাবোৰে টিভিত এডভাৰটাইজো বাদ নিদিয়াকৈ, চকুৰ পলক নেপেলোৱাকৈ চোৱাৰ দিন। তাৰ এতিয়াও মনত আছে সি যিদিনা প্ৰথম টিভি দেখিছিল, সিদিনা টিভিত ঘোঁৰা কেইটামান দৌৰি থকা দেখাইছিল। এটা ক’লা ঘোঁৰাই আটাইবোৰক পিছ পেলাই আগত দৌৰি আছিল, তাৰ পিছত এটা ইংৰাজী নাম ভাঁহি আহিছিল টিভিটোৰ পৰা। সি ডাঙৰ হোৱাতহে বুজি পালে যে সেইটো কেলভিনেটৰ ফ্ৰীজৰ বিজ্ঞাপন আছিল। ঠিক তেনেকুৱা দিনতে ৰামায়ণ চাবলৈ গৈ সি তাৰ নিজৰ নামটো টিভিত প্ৰথম শুনিবলৈ পাইছিল, কি আচৰিত মুহূৰ্ত আছিল সেয়া। এজন ক’লা ওখ-পাখ মানুহে ধুনীয়া কোট পিন্ধি প’জ দি খোজকাঢ়ে আৰু নেপথ্যত বাজি উঠে ‘বিমল বিমল’, টিভিৰ পৰ্দাত লিখাও থাকে। সি বহুদিনৰ পিছত বুজিব পাৰিছিল যে সেই মানুহজন এজন বিখ্যাত ক্ৰিকেটাৰ, নামটো ভিভ্ ৰিচাৰ্দছ্। সেই দিনৰ পৰাই তাৰ নিজৰ নামটোৰ প্ৰতি ভীষণ ভালপোৱা, প্ৰৱল আবেগ, ক’ৰবাত বিমল নামটো শুনিলেই দেহ-মন জুৰ পৰি যায়। সেই  ক’লা মানুহজনে যেতিয়া ধুনীয়া কোট পিন্ধি খোজ দিয়াৰ সময়ত  “ওনলী বিমল” বুলি নেপথ্যত ভাঁহি আহে, কি গৌৰৱ হয় তাৰ সেয়া বৰ্ণনাতীত। হওঁতে  সি এই ক্ৰিকেট খেল একেবাৰে ভাল নাপায়, ভাল পাই ফুটবল য’ত মাৰাডোনা, পেলেৰ দৰে খেলুৱৈ আছিল, ৰণাল্ডো-মেছীৰ দৰে খেলুৱৈয়ে আজিয়ো খেলি আছে। কিন্তু এই মাৰাডোনা বা পেলেই  তাৰ নাম যিহেতু টিভিত আহি নকয়, কয় মাথোঁ দেখাত ক’লা হ’লেও ভিভ্ ৰিচাৰ্দছে, গতিকে সি ভাল পাইওনলী বিখ্যাত ক্ৰিকেটাৰ ভিভিয়ান ৰিচাৰ্দছক, ওনলী বিমলৰ বাবে। দেখাত ক’লা হ’লেও তেওঁৰ অন্তৰখন ভাল, নহ’লেনো এই গাঁওৰ দুখীয়া ল’ৰা এজনৰ নাম ল’লেহেঁতেননে?

আজি চাৰি বছৰমানৰ পৰা সি অজয় দেৱগনৰ ভক্ত, আগতে সেইডালক চকুপাৰি দেখিব নোৱাৰিছিল। সি ভাল পাইছিল আমিৰ খান, অক্ষয় কুমাৰক। বহুদিনৰ পিছত তাৰ নামটো আকৌ এবাৰ টিভিত ওলাইছে এইজনা অজয়ৰ কৃপাত। এতিয়া নিজৰ ঘৰৰ টিভিত, নিজৰ সন্তানৰ সন্মুখত সি সপৰিয়ালে টিভিত তাৰ নাম দেখা পায়। কেতিয়াবা নিউজ পেপাৰৰ এটা সম্পূৰ্ণ পৃষ্ঠাত ওলাই তাৰ নাম (এইবাৰ বানানটোও একেবাৰে শুদ্ধকৈ) অজয় দেৱগনৰ সৈতে। সি ফূৰ্তিতে  ক’ব নোৱাৰা হৈ পৰে। মাথোঁ আৱেগিক হৈ অজয় দেৱগনে কোৱাৰ বাবে  বেয়া বুলি জানিও সি তাৰ নিজৰ নামৰ পান-মছলা খাবলৈ আৰম্ভ কৰি দিয়ে, চিনেমাও অকল সিংঘমহে চাই, মানে লাহে লাহে তাৰ খোজ-কাটল, কথা-কামবোৰ বিমল টাইপৰ পৰা অজয় টাইপলৈ পৰিৱৰ্তন হৈ গৈ থাকে। অসুবিধা মাথোঁ এটাই হৈছে সদায় পুৱা তাৰ মৰমৰ একমাত্ৰ ঘৈণীয়েক  তুলিকাৰ পৰা কিছু গালি-শপনি শুনিব লাগে, তাৰ হেনো চোলাবোৰত কিবা দাগ লাগিছে যিবোৰ ধুলেও নাযায়। তথাপিও সি নিজে বিমল আৰু খায়ো বিমল।

তাৰ নামটোক লৈ তাৰ যি আৱেগ, সেই আৱেগত জীৱনত বহুবাৰ সি কষ্ট পাইছে। তথাপিও সি লাগিলে আনৰ পৰা টকা ধাৰ কৰি হ’লেও সি খাই বিমল, পিন্ধেও ওনলী বিমল। তুলিকাক লগ পোৱাৰ আগতে সি যেতিয়া তাৰ প্ৰথম বাইকখন কিনিছিল, ঠিক তাৰ পিছদিনাই ঘটিছিল ঘটনাটো। সেই আৱেগিক মনটোৰ বাবে, তাৰ মৰমৰ নামটোৰ বাবে। আগদিনা কষ্ট কৰি অৰ্জা টকাকেইটাৰে ছেকেণ্ডহেণ্ড বাইকখন কিনি ভালকৈ শ্বেম্পুৰে ধুই, পলিচ্ কৰি চিকমিকিয়া কৰি গাঁওৰ ঘৰলৈ বুলি গুৱাহাটীৰ পৰা ৰাতিপুৱা আঠমান বজাত ওলাই গৈছিল সি। যোৱাৰ আগতে তাৰ বন্ধু পুলকক ফোন কৰি দহমান বজাত নলবাৰীত লগ ধৰাৰ কথা কৈ থৈছিল। পুলক সিহতৰ গাঁওৰ ল’ৰা, নলবাৰী টাউনত কিবা কাম কৰে, তাৰ স্কুলীয়া বন্ধু। পুলকক ফোন কৰি উঠি, বিমলে তাৰ নিজৰ প্ৰথমখন বাইকত এটা উগুল-থুগুল মন লৈ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। এটা বুজাব নোৱাৰা সুখানুভুতিত সি আপ্লুত। জালুকবাৰীত তামোল এখন খাই ল’বলৈ বুলি বাইকখন ৰখালে। ঠিক সেইখিনি সময়তে তাত এখন বগা এল্ট’ গাড়ী এখন ৰ’লেহি, সি তামোলখন মুখত ভৰাই  বাইকখনত উঠিব খোজোঁতেই দেখিলে গাড়ীখনৰ ভিতৰৰ পৰা  ধুনীয়া ছোৱালী এজনীয়ে তাইৰ বাইকখনলৈ চাই আছে, তাৰ চকুৱে-চকুৱে পৰাত অলপ মুখখন ঘূৰাই দিলে তাই। বিমলৰ মনটো শিঁহৰিত হৈ গ’ল। সি ইচ্ছা কৰিয়েই বাইকখনৰ কিকডাল নামাৰি এনেই বহি থাকিল। ছোৱালীজনীয়ে সি আশা কৰাৰ দৰেই আকৌ এবাৰ চালে তালৈ, বিমলৰ উচ্ছাহ বাঢ়ি গ’ল। এনেতে এল্ট’খনে যাত্ৰা আৰম্ভ কৰিলে। বিমলে ভবাৰ দৰেই ছোৱালীজনীয়ে আকৌ এবাৰ কেঁৰাহীকৈ চালে তাৰ ফালে। সি এতিয়া কি কৰিব বুলি ভাবিবলৈ লওঁতেই দেখিলে যে এল্ট’খনৰ পিছফালে লিখা আছে ফলৌ-মি বুলি। সি সকলো ঈশ্বৰৰে ইচ্ছা বুলি গাড়ীখন ফলৌ কৰি গৈ থাকিল। কিছু দেৰি মূৰে মূৰে ছোৱালীজনীয়ে  তাক চাই গৈ আছে, সি এক অনাবিল আনন্দত মতলীয়া হৈ গৈছে। কি বা নাম তাইৰ! ঘৰত বা কোন কোন আছে! তাই বাৰু পটিলেই, মাক-দেউতাকক পটাবলৈহে অলপ সময় লাগিব।

কিমান দূৰ বা কিমান সময় সি এনেদৰে গৈ আছিল সি নাজানে, সি সম্বিৎ ঘূৰাই পালে যেতিয়া বাইকখন আৰু আগলৈ নোযোৱা হ’ল।  ছোৱালীজনীও দেখোন কৰবাত নেদেখা হৈ গ’ল। সি ভালকৈ চাই দেখে যে বাইকৰ তেল খতম, ওচৰৰে মাইলৰ খুটা এটাত লিখা আছে বিজনী 5 কি:মি:। ওচৰত পেট্ৰ’ল পাম্পো নাই দেখাত, সি মোবাইলতো উলিয়াই দেখে বাৰটামান মিচদ্ কল, পুলকৰ আঠোটা। সি পুলকক ক’লে গোটেই কথাখিনি, পুলকে খং কৰি ক’লে,

: গাড়ীখনৰ পিছফালে ফলৌ-মি লিখা থাকিলেই তই ফলৌ কৰিছ যে, পগলা হৈছ নেকি?

বিমলে একো নামাতি বাইকখন বিজনীৰ ফাললৈ ঠেলি গৈ থাকিল এটা পেট্ৰ’ল পাম্প দেখাৰ আশাত। বিমলে গাড়ীখন ফলৌ এনেয়ে কৰা নাছিল, গাড়ীখনৰ পিছফালে চিগনেল লাইটৰ ওচৰত বৰ ধুনীয়াকৈ তাৰ নামটো লিখা আছিল ইংৰাজীত BIMAL আৰু তাৰ ওচৰতেই লিখা আছিল FOLLOW ME. নিজৰ নামটো গাড়ীখনত পঢ়ি আৰু ছোৱালীজনীৰ চাৱনিত সি বৰ আৱেগিক হৈ পৰিছিল। তাৰ পাছত আৰু ফলৌ নকৰি পাৰেনে? বাইকখন ঠেলি ঠেলি ভাগৰত লেবেজান হৈ পৰাতহে তাৰ মগজুত খেলালে যে গাড়ীখনত চাগে তাৰ নাম লিখা নাছিল, যি BIMAL লিখা আছিল সেইটো আচলতে গাড়ীখন কিনা শ্ব’ ৰূমটোৰহে নাম। সেইদিন ধৰি সি আৰু কাৰো গাড়ীৰ ভিতৰৰ ছোৱালী-বোৱাৰী একোতেই চকু নিদিয়া হ’ল।

☆ ★ ☆ ★ ☆

5 Comments

  • ৰাজশ্ৰী শৰ্মা

    বঢ়িয়া লাগিল কাহিনীটো?

  • ডলী

    হে হে! বঢ়িয়া লাগিল

    • ৰণেন শৰ্মা

      ধন্যবাদ,ৰাইজে অলপ হাঁহিৰ খোৰাক পালেই হ’ল ।

  • কমলা দাস

    মজাৰ কাহিনী??

  • ৰঞ্জিত কুমাৰ শৰ্মা

    হাঃ হাঃ! মজা!

error: Content is protected !!