ফটাঢোল

জীৱনৰ সৰু সৰু ৰসাল ঘটনাবোৰ- স্বপ্নালী বৰদলৈ

বিয়াৰ পিছৰে কথা। নতুনকৈ বিয়া হোৱাৰ পিছত ন কইনা-দৰা আত্মীয় তথা চিনাকি মানুহৰ ঘৰত ফুৰিবলৈ যোৱাৰ যি পৰম্পৰা সেই পৰম্পৰাক ৰক্ষা কৰি আমি দুয়ো ইঘৰ সিঘৰকৈ ফুৰিবলৈ ধৰিলোঁ। পিচে ফুৰিবলৈ গ’লেই গৃহস্থই ভাত নোখোৱাকৈ নপঠিয়ায়। তেলাল পাতি হাঁহ-কোমোৰাকে ধৰি বিভিন্ন খাদ্য খাই খাই ভালেই লাগিছিল পিচে পেটে তাৰ ভৰ নসহিছিল। কেতিয়াবা এনেকুৱাও হৈছিল যে একেলগে তিনি চাৰিঘৰত ভাত খাব লগাত পৰিছিলোঁ। তদুপৰি ভাত খোৱাৰ  আগতে চাহ-মিঠাই এইবোৰটো আছেই। মুঠতে গৃহস্থৰ মৰমৰ অত্যাচাৰত আমাৰ দুয়োৰে পেটৰ অৱস্থা বেয়া। এদিনাখন আমাৰ চিনাকি পৰিয়াল এটালৈ ফুৰিবলৈ গ’লোঁ। চাহ, পুৰি-ভাজি দিলে। পুৰি-ভাজি দেখি আমি ভালেই পালোঁ তাৰমানে আৰু ভাত খাব নালাগে। পিচে আমি খাই থাকোঁতে কুকাৰে হুইছেল মৰা শুনিলোঁ। চাহ খাবলৈ দি বাইদেউ গৰাকীয়ো বহু দেৰি ভিতৰত আছে। মোৰ চিন্তা আৰম্ভ হৈ গ’ল। এইখিনি খাই আকৌ ভাত কেনেকৈ খাম! এপাকত সুধিয়ে দিলোঁ গৃহস্থক  বাইদেউ ক’ত গ’ল বুলি। তেখেতে ক’লে,

: বাইদেৱে ভাত ৰান্ধিছে।

: ই …..ভাত আকৌ  কিয় ৰান্ধিব লাগে? ইমানবোৰ খাই ভাত কেনেকৈ খাম? নালাগে নালাগে!!

: নহয় মানে ভাত আমালৈহে ৰান্ধিছে।

ইছ ৰাম ৰাম!

মই লাজতে মৰি যোৱা যেন হ’লোঁ। গৃহস্থই কি ভাবিছে চাগে এইজনী কম খকুৱানী নহয়। ভাত খোৱাৰ সপোন দেখিলেই নিজেই!

শ্ৰীমানৰ ফালে চালোঁ মিচিক-মাচাককৈ হাঁহি চাহ খাই আছে। মোৰ লাজতে পেটলৈ একো নগ’ল। গৃহস্থও বোধকৰোঁ অপ্ৰস্তুত হৈছিল। আমাক বাৰে বাৰে ভাত খাই আহিবলৈ জোৰ কৰিছিল। পিচে আমিহে বুজিছিলোঁ ভাত খাবলৈ নিদিয়াৰ বাবে আমি কিমান আনন্দ পাইছিলোঁ। বেলেগ এদিন ভাত খোৱাকৈ অহাৰ প্ৰতিশ্ৰুতি দি আমি ঘৰমুৱা হ’লোঁ। ঘৰত আহি মোৰ কাণ্ড কোৱাত সকলো হাঁহিত ফাটি পৰিল। কাণত ধৰিলোঁ সেইদিন ধৰি  কাৰোবাৰ ঘৰত ফুৰিবলৈ গ’লে কেতিয়াও খোৱাৰ কথা লৈ একো মাত নিদিওঁ বুলি।

******************

মোৰ স্কুল ঘৰৰ ওচৰতে হোৱাৰ বাবে খোজকাঢ়িয়ে গৈছিলোঁ। কিন্তু  কলেজ  ঘৰৰ পৰা আঁতৰত হোৱাৰ বাবে চাইকেলেৰে অহা যোৱা কৰিছিলোঁ। চাইকেল চলাবলৈ পোৱাৰ বাবে মনত অপাৰ আনন্দ। পিচে মোৰ সমস্যাটো আছিল যে ভিৰত চাইকেল চলাবলৈ মোৰ খুব ভয় লাগিছিল। নাৰ্ভাছ কৰিছিলোঁ। অলপ ভিৰ দেখিলেই চাইকেলৰ পৰা নামি দিওঁ। কলেজলৈ যাওঁতে নাৰিকল গুৰি চাৰিআলি বুলি চাৰিআলি এটা পাৰ হৈ যাব লাগে। সেইকণ চাইকেল চলাই পাৰ হৈ যাবলৈ মোৰ সাহসে নুকুলাইছিল সেয়ে সদায় নামি পাৰ হৈ যাওঁ। পিচে এদিনাখন নাজানো মোৰ কি শনি লাগিছিল বান্ধৱী এগৰাকীৰ লগত চাইকেল লৈ গৈ থাকোঁতে বান্ধৱী সাউত্কৈ চাৰিআলিটো পাৰ হৈ যোৱা দেখি ময়ো তাইৰ পিছে পিছে দিলোঁ পাৰ হৈ। পিচে পাৰ হৈ যাওঁতে ল’ৰা এজন চাইকেল লৈ সন্মুখেৰে অহা দেখি মই অগাদেৱা কৰি এপাকত দিলোঁ খুন্দা মাৰি ল’ৰাজনৰ চাইকেলত। মই চাইকেলৰ পৰা সৰি পৰিলোঁ। চাইকেলো এঠাইত চিটিকি পৰিল। দুখ পোৱা নাছিলোঁ যদিও মই লাজতে বহু সময় ধৰি পৰা ঠাইতে পৰি ৰ’লোঁ। চাৰিআলিটো  সেইসময়ত মানুহেৰে গিজগিজাই আছিল। বহুত মানুহ গোট খালে। এজনে মোক উঠাই দিলে। এজনে চাইকেলখন উঠাই ব্ৰেক নাই নেকি বুলি মোক সুধিলে। মোৰ মুখৰ মাত তেতিয়া নাছিল। তাতে কোনোবা এজনে মই খুন্দিওৱা ল’ৰাজনক মিহিকৈ ধমকি এটা দিওঁতে ল’ৰাজনে হাঁহি হাঁহি যেতিয়া ক’লে যে তাইহে মোক খুন্দিয়াই দিলে মইতো নিজৰ ছাইদতে আছিলোঁ তেতিয়া মই আৰু মৰা যেন হ’লোঁ লাজতে। ফাট মেলা বসুমতী পাতালে লুকাওঁ। ইফালে মোৰ বান্ধৱী চাইকেল চলাই চলাই ক’ৰবাত পালেগৈ। মোৰ এক্সিডেণ্টৰ কথা গমেই নাপায়। যেনেতেনে ঘৰ পালোঁগৈ। ঘৰতো কাকো নক’লোঁ। পিছদিনা লাজতে কলেজলৈ নগ’লোঁ। তাৰপিছদিনা কলেজলৈ যাবলৈ ওলালোঁ চাইকেল নোলোৱাকৈ খোজকাঢ়ি লগত এটা ছাতি। সেইদিনা আকৌ ৰ’দো নাই বৰষুণো নাই । তথাপি ছাতি মেলি গৈ আছোঁ। ছাতি এইবাবেই লৈছোঁ যাতে চাৰিআলিৰ মানুহে মোৰ মুখখন দেখা নাপায়। গৈ আছোঁ লাহে লাহে। চাৰিআলি পাওঁতে মুখখন যিমান পাৰোঁ ছাতিৰে ঢাকি খোজ খৰ কৰিলোঁ। পিচে দোকান এখনৰ ওচৰ পাওঁতেই কোনোবা এজনে কোৱা শুনিলোঁ,

: এইজনীয়ে নহয় জানো সিদিনাখন চাইকেলৰ পৰা পৰি যোৱা ছোৱালীজনী?

কথাষাৰ শুনি মই ইমান নাৰ্ভাছ কৰিলোঁ যে ৰাস্তাৰ শিল গুটিত উজুটি খাই পৰি গ’লোঁ। আকৌ দুজনমান উৰা মাৰি আহিল মোক উঠাবলৈ। মোৰ অৱস্থা কাঢ়িল। যেনেতেনে উঠি কলেজ পালোঁগৈ। ঘৰত এইবিষয়ে একো কোৱা নাছিলোঁ বাবে বিন্দাচ আছিলোঁ পিচে এদিনাখন কলেজলৈ আকৌ চাইকেল লৈ ওলাওঁতে দাদাই গহীনকে কৈ উঠিল,

: চাবি আকৌ কাৰোবাক খুন্দিয়াই থৈ নাহিবি ! বুৰ্বক ছোৱালী!

নাজানো কোন বেহুদাই দাদাক মোৰ পৰাৰ কাহিনী  কৈ দিলে।

******************

এবাৰ মোৰ পৰিয়ালৰ লোকৰ সৈতে আমাৰ লগত ভাল সম্পৰ্ক থকা চিনাকি মানুহ এঘৰলৈ গৈছিলোঁ। ৰাতি ভাত পানী খাই উঠি গৃহস্থৰ ঘৰৰ বাৰাণ্ডাত আড্ডা মাৰি আছোঁ। গৰমৰ দিন…

বাৰাণ্ডাৰ লাইট অফ কৰি বিভিন্ন ধৰণৰ কথা পাতি আড্ডা জমাই আছোঁ। বাৰাণ্ডাখনৰ ৰাস্তাৰ ফালে মুখ কৰি মই গৃহস্থ, ভনীজোঁৱাই আৰু অন্য দুজনমান পৰিয়ালৰ লোকৰ সৈতে বহি আছোঁ। আমাৰ মুখামুখিকৈ আমাৰ সন্মুখত গ্ৰীলৰ কাষতে মোৰ ননদ। বিভিন্ন কথা পাতি থাকোঁতে এপাকত ওলাল সাপৰ কথা। সাপ বুলি ক’লেই মই সাত জাপ মৰা মানুহ তাতে সেই ৰাতিখন আন্ধাৰে-মুন্ধাৰে সাপৰ কাহিনী শুনি মোৰ অৱস্থা বেয়া তথাপি ভৰি-হাত তুলি কাহিনী শুনি আছোঁ। গৃহস্থই এবাৰ ক’লে যে তেওঁলোকৰ বাৰীত বৰ দীঘল ক’লা ৰঙৰ সাপ এডাল বহু বছৰ ধৰি আছে। মাজে মাজে তেওঁলোকে দেখে। তেওঁ এনেধৰণৰ কথাবোৰ কৈ থাকোঁতেই মই কাষৰ ৰূমৰ পৰা অহা পোহৰত চকামকাকৈ দেখিলোঁ ননদ বহি থকা চকীখনৰ কাষেৰে গ্ৰীলৰ ফাঁকেদি ক’লা সাপ এডাল বগাই আহিছে। মই লগে লগে “অ’ মা সেইটো সাপ!” বুলি চিঞৰি জঁপিয়াবলৈ ধৰিলোঁ। মোৰ ননদজনীয়ে লগে লগে ভয়তে তাইৰ সন্মুখত বহি থকা গিৰিয়েকৰ কোলালৈ এক জাঁপ মাৰি কোলাত উঠি গ’ল। তাইৰ পৰা প্ৰায় দুই মিটাৰমান আঁতৰত বহি থকা মানুহজনৰ গালৈ কেনেকৈ একেজাঁপে উঠিলে সেইটো আজিও মোৰ বাবে সাঁথৰ আৰু দৃশ্যটো মনত পৰিলে মই আজিও হাঁহি ৰখাব নোৱাৰা হওঁ। 

ইফালে গৃহস্থ আগেভাগে দৌৰি ভিতৰ সোমালে, মই পলাবলৈ বাট বিচাৰি নাপাই পৰুৱাই পোৱা মানুহৰ দৰে একে ঠাইতে ঘূৰি আছোঁ। ভনীজোৱায়ে নিজৰ মানুহজনী কোলাত লৈ “অ’ এতিয়া মই কি কৰোঁ” বুলি বিলাপ কৰি আছে। মুঠতে গোটেইখন হুৱাদুৱা। ঠিক পৰেশ ৰাৱাল বা ৰাজপাল যাদৱ থকা কমেডি চিনেমাবোৰত সকলোৰে দৌৰা-ঢপৰা লগা কোনো এটা দৃশ্যহে যেন। চিঞৰ-বাখৰ লাগি থকাৰ মাজতে এবাৰ মোৰ সাপটোৰ ওপৰত চকু পৰিল। কাষৰ ৰূমৰ পৰা অহা পোহৰত দেখিলোঁ সাপডাল দেখোন একেঠাইতেই লৰচৰ কৰি আছে। আৰু লগতে দেখিলোঁ সাপৰ ক’লা ৰং গৈ নীলা আৰু ৰূপালী ৰং হৈছেগৈ। চকু দুটা মোহাৰি আৰু অকণ ভালকৈ চাই দেখিলোঁ আৰে এইটো দেখোন সাপ নহয় চিপছৰ ফলা পেকেট এটাহে! তাকে মই আন্ধাৰত ক’লা দেখিলোঁ তাতে বাৰাণ্ডাৰ ফেনৰ বতাহত লৰি থকা যেন দেখি বগাই আহিছে বুলি ভাবিলোঁ। সাপৰ প্ৰকৃত ৰূপ দেখি মই মুখত হাত দি হাঁহিবলৈ ধৰিলোঁ। সকলোকে আচল কথাটো ক’বলৈও লাজ লাগিল। তেনে সময়তে কোনোবা এজনে জাঠি-জোং লৈ আহি সাপ মাৰিবলৈ যেতিয়া বাৰাণ্ডাৰ লাইটটো জ্বলাই দিলে তেতিয়া লাইটৰ পোহৰত সাপৰ ৰূপটো দেখি সৱ আকৌ বেহুচ। অলপ সময়ৰ পিছত আমাৰ সকলোৰে হাঁহিত ঘৰৰ চাদ উৰোঁ উৰোঁ যেন অৱস্থা। ননদক আজিও কওঁ,

: সেই জাঁপটো মাৰিবলৈ তুমি শক্তি পাইছিলা ক’ত? আৰু এইটো জাঁপ স্কুল-কলেজত মৰা হ’লে কিমান মডেল পালাহেঁতেন ঠিক নাই!

গৰমৰ দিন আহিলেই এই সাপৰ কাহিনীয়ে আমাৰ মুখত সদায় হাঁহি বিৰিঙায়।

******************

এইটো কাহিনীও মোৰ চাইকেলখনৰ লগত জড়িত। আচলতে দাদাৰ চাইকেলখনকে মেৰামতি কৰি মই চলাই ফুৰিছিলোঁ। ‘জ্যোতি’ কোম্পানীৰ চাইকেলখন ল’ৰা-ছোৱালী উভয়ে চলাব পৰা আছিল। দেউতাই চাকৰি কৰিছিল যদিও বিশেষ কাৰণত চাকৰি ৰিজাইন দি ব্যৱসায়ত লাগিছিল। ব্যৱসায় বৰ লাভজনক হোৱা নাছিল তাতে টাউনত মাটি কিনি ঘৰ বনাই তিনিটাকৈ ল’ৰা-ছোৱালীক পঢ়াবলগীয়া হোৱাৰ বাবে আমি অন্য বিলাসিতা কৰাৰ কথা ভাবিবই পৰা নাছিলোঁ। মোৰ বাবে নতুন চাইকেল এখন কিনাটোও এটা বিলাসিতাই আছিল। গতিকে দাদাই চলাবলৈ এৰা চাইকেলখনকে লৈ মই কলেজ বা টিউছনলৈ গৈছিলোঁ। “মিছ ইণ্ডিয়া”, “লেডী বাৰ্ড”ৰ দিনত মোক “জ্যোতি”ক চলাই থকা দেখি বহুতে ঠাট্টা কৰি হাঁহিছিল। মই নিজেই চাইকেলখনক ‘খাটাৰা চাইকেল’ বুলি কৈ হাঁহিছিলোঁ যদিও সেইখন মোৰ বৰ মৰমৰ আছিল। সেইখনতে উঠি প্ৰথম চাইকেল চলাবলৈ শিকিছিলোঁ। 

বাৰু, যি কি নহওঁক এদিনাখন পুৱা মই আৰু মোৰ বান্ধৱী নাজনীন অংকৰ টিউছন কৰিবলৈ ছাৰ এজনৰ ঘৰলৈ গ’লো। মূল পথৰ পৰা ফাটি যোৱা, কোনোমতে দুজন মানুহ একেলগে যাব পৰা ঠেক লুংলুঙীয়া পথ এটাৰ মূৰত ছাৰৰ ঘৰটো আছিল। সেই পথটো বাৰিষা হ’লে পানীত ডুবি থাকিছিল। পথটোৰ দুয়ো কাষে কঁচু, কলমৌ আদি গজি হাবি কৰি থৈছিল। তাতে গাহৰি, হাঁহ-কুকুৰা চৰি থাকে। পথটো মূল পথটোতকৈ যথেষ্ট চাপৰ। গতিকে মূল ৰাষ্টাৰ সৈতে সংযোগ হোৱা ঠাইকণ এটা থিয় গৰাৰ দৰে, যিকণ সাধাৰণতে মই সদায় চাইকেলৰ পৰা নামি যাওঁ। কিন্তু সেই দিনাখন কি হ’ল মোৰ বান্ধৱীক দেখি ময়ো সাহস কৰি চাইকেলত উঠিয়ে ওখ গৰাকণৰ পৰা তললৈ গুচি গ’লোঁ। খুব জোৰত নামি গৈ মোৰ ভালো লাগিছিল কিন্তু মোৰ চাইকেলৰ ব্ৰেকডালৰ শোচনীয় অৱস্থাৰ কথা ভাবি ভয়ো লাগিছিল। উৰি উৰি যোৱাদি সোঁ-সোঁৱাই গৈ থাকোঁতে হঠাতে দেখিলোঁ মোৰ অলপ আগত দুজনী ছোৱালী দেখোন খোজকাঢ়ি গৈ আছে। মই ইমান জোৰত নামি গৈছিলোঁ যে কেনেবাকৈ সিহঁতক খুন্দিয়ালে সিহঁতে ডাঙৰ আঘাত পোৱাটো খাটাং। ইফালে মোৰ চাইকেলৰ ব্ৰেকডাল দুদিনমানৰ আগতে বেয়া হৈছিল। মই সিহঁতক দেখি ইমানেই নাৰ্ভাছ কৰিলোঁ যে টিলিঙা বজাবলেও পাহৰি “হেই হেই” বুলি চিঞৰি চাইকেলখন বাওঁফালে কাটি দিলোঁ। মোৰ চিঞৰ শুনি ছোৱালী দুজনীয়ে ঘূৰি চালে যদিও কাকো নেদেখিলে। মোৰ বান্ধৱীয়েও মোক বিচাৰি আহিল পিচে মোক দেখা নাপায় চিঞৰি মোক মাতিবলৈ ধৰিলে। অলপ দেৰি বিচাৰি এবাৰ বাটৰ কাষৰ দ’ খালটোৰ কঁচুৱনীৰ মাজত কাৰোবাৰ হাঁহি শুনি ভালদৰে চাই দেখিলে এসোপামান কলমৌ, কঁচু ঢেকীয়াৰ মাজত চাইকেলখন আৰু তাৰ তলত মই সোমাই খুকখুকাই হাঁহি আছোঁ। সেইদিনা গোটেই পুৱাটো আমাৰ হাঁহিত সাৰ পাই উঠিছিল। 

উল্লেখযোগ্য যে এই বান্ধৱীগৰাকী সেই একেগৰাকীয়ে যাক অনুকৰণ কৰিবলৈ গৈ মোৰ চাইকেল এক্সিডেণ্ট হৈছিল। তাই মোৰ চাইকেল চলোৱাৰ গুৰু আৰু মই শিষ্য আছিলোঁ। পিচে শিষ্য সদায় ফে’ল হৈছিল।

******************

মোৰ আঙঠি পিন্ধোৱাৰ কিছুদিনৰ আগৰ কথা। সেইদিনা বজাৰ কৰিবলৈ মোৰ বান্ধৱী ধৰণ্যাৰ লগত দেৰগাঁও চাৰিআলিলৈ ওলাই গৈছিলোঁ। জুলাই মাহৰ উৎকট গৰম। ৰ’দে খাওঁ খাওঁ মূৰ্তি ধৰি আছিল। গৰমৰ বাবেই মই ঘৰত যেনেদৰে আছিলোঁ তেনেদৰেই ওলাই গৈছিলোঁ। “এহ কোনেনো মোক চাই থাকিব এই গৰমত আৰু সোনকালে আহিমেই দেখোন!” এনেকুৱা এটা ভাৱ লৈ মই ৰং যাবলৈ ধৰা চুৰিদাৰযোৰ আৰু মাৰ ক’লা ৰঙৰ মোলৈ এহাতমান দীঘল ধপলা চেণ্ডেল এযোৰ পিন্ধি চুলিখিনি ওপৰে ওপৰে আঁচুৰি মুখত লিপষ্টিক অকণমানো নলগোৱাকৈ ওলাই গ’লোঁ। গৈ থাকোঁতে বাটতে মোৰ তেতিয়া হ’বলগীয়া স্বামীৰ বন্ধু এজনে ফোন কৰি মই ক’ত আছোঁ সোধে। মই বজাৰ কৰিবলৈ যোৱাৰ কথা কওঁ। তেতিয়া তেওঁ মোক কয় যে তেওঁ যোৰহাটলৈ আহিছিল যাওঁতে দেৰগাঁও হৈ যাব আৰু মোক বিশেষ দৰকাৰ এটাত লগ কৰি যাব। লগ কৰাৰ কথা শুনি মই অতি অপ্ৰস্তুত হ’লোঁ কাৰণ মই যিটো ৰূপত গৈছোঁ বন্ধুজনে চাগে দেখিয়েই বেহুচ হ’ব। তাৰপিছত ভাবিলোঁ এহ তেওঁৰ বন্ধুহে তেওঁতো নহয় গতিকে সংকোচ কিহৰ! তেওঁক লগ কৰিম বুলি ক’লোঁ। বন্ধুজনে দেৰগাঁও পাওঁতে মোক ফোন কৰে আৰু তেওঁ কোৱামতেই দোকান এখনৰ সন্মুখত তেওঁক লগ পাওঁ। তাৰপিছত মোক ক’লে যে তেওঁৰ গাড়ীখন অকণমান আঁতৰত ৰখাই থৈছে তাতে তেওঁৰ বন্ধু এজন বহি আছে আৰু সেই বন্ধুজনৰ লগত মোক তেওঁ চিনাকি কৰাই দিব বিচাৰে। মই যাওঁ নাযাওঁকৈ থেৰোগেৰো কৰি থকা দেখি মোৰ বান্ধবীজনীয়ে টানি মোক গাড়ীৰ ওচৰলৈ লৈ যায়। গাড়ীৰ ওচৰত গৈ দেখিলোঁ সেই বন্ধুজন আন কোনো নহয় মোৰ হ’বলগীয়া মানুহজন। মিচিক-মাচাককৈ হাঁহি মোলৈকে চাই আছে। আয়ৈ মই লাজতে মূৰ ঘূৰাই যেন পৰি যাম! ফাটমেলা বসুমতী পাতালে লুকাঁও বুলি বিৰবিৰাই বান্ধৱীৰ গাৰ আঁৰতে নিজক লুকুৱাবৰ বাবে বৃথা চেষ্টা চলালোঁ। মোক চাৰপ্ৰাইজ দিবলৈ আহি মোৰ জাধলী ৰূপ দেখি বেচেৰা নিজেই চাৰপ্ৰাইজড হৈ গৈছিল চাগে! কাৰণ তেওঁ বৰ চৌখিন। ধুনীয়াকৈ পৰিপাটিকৈ থাকি ভাল পাইছিল। বেলেগো তেনেকৈ থকাটো বিচাৰিছিল। গতিকে ভাবি পত্নীক এই ৰূপত দেখি অবাক হোৱাটো স্বাভাৱিক। 

আমাৰ বিয়াখন ঘৰৰ পৰা ঠিক কৰা। তেওঁক আঙুঠি পিন্ধোৱাৰ আগতে বৰকৈ লগ পোৱাই নাছিলোঁ। ফোনতে যি কথা পতা হয়। সেইদিনা মই যে বজাৰলৈ যাম তেওঁক কৈছিলোঁ। তেওঁৰ কৰ্মস্থলী তেতিয়া যোৰহাট আছিল। সেইদিনা তেওঁ বন্ধুজনৰ সৈতে দেৰগাঁও হৈ ঘৰলৈ যোৱাৰ প্লেন কৰিছিল। যাওঁতে মোক চাৰপ্ৰাইজ দিবলৈ ফোন কৰাইছিল বন্ধুৰ যোগেদি। মোৰ মনলৈয়ো একো সন্দেহ ভাৱ অহা নাছিল। 

যি কি নহওঁক তাৰ পিছত আমি চাহ খালোঁ ওচৰৰ ৰেষ্টুৰেণ্ট এখনত। তেওঁক হঠাতে লগ পাই মোৰো অৱশ্যে খুব ভাল লাগিছিল। হ’লেও মই লাজতে মূৰ তুলি কথা ক’ব পৰা নাছিলোঁ। ইফালে তলমূৰ কৰিলেই মাৰ ধপলা চেণ্ডেলযোৰত চকু পৰে। কি যে বিড়ম্বনা! পিছত ঘৰলৈ গৈ মোক তেওঁ ফোনত কয় যে,

: তুমি আজি ইমান চিম্পলকৈ গৈছিলা। 

এইটো তেওঁৰ ভদ্ৰতা আছিল যে জাধলি শব্দটোক তেওঁ চিম্পল বুলি কৈছিল। 

তেওঁৰ কথাত মইতো আৰু লাজ পাইছিলোঁ। হ’লেও দমি নগৈ চিম্পল লিভিং হাই থিংকিঙৰ ওপৰত এটা দীঘলীয়া ভাষণে দি দিলোঁ। ভাষণ শুনি তেওঁ সেইফালেই তাপ মাৰিলে। সেইদিন ধৰি মই যদি কাষৰ ঘৰলৈও যাওঁ ধুনীয়াকৈ যাওঁ। ৰিস্ক নলওঁ। কথাবোৰ এতিয়া মনত পৰিলে খুব হাঁহি উঠে।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *