১ – ১ = ০-দিগন্ত কুমাৰ ভট্টাচাৰ্য
১১৮নং কদমতল নিম্ন বুনিয়াদী বিদ্যালয়।
আমি সেইখন প্ৰাইমেৰী স্কুলতে পঢ়িছিলোঁ। ঘৰৰপৰা নাতিদূৰৈত। স্কুল আৰম্ভ হোৱাৰ ঘন্টা পৰিলে ঘৰৰপৰা দৌৰ দিও হাতত টিনৰ বাকচটো লৈ। অৱশ্যে অলপ ছিনিয়’ৰ হোৱাৰ পাছত অৰ্থাৎ তৃতীয় শ্ৰেণী পোৱাৰ কিছুমাহ পাছৰে পৰা স্কুল আৰম্ভ হোৱাৰ প্ৰায় পোন্ধৰ-বিশমিনিট আগতেই ঘৰৰপৰা ওলাইছিলোঁ। স্কুল পাৰ হৈ আধা কিল’মিটাৰমান আঁতৰত ঘনাইৰ দোকান। দহ পইচাত পোৱা লাঠি চকলেট আছিল আমাৰ প্ৰিয়। দুই ওঁঠৰ মাজত লৈ আমি সেইটোক চিগাৰেটৰ দৰে হোপা ষ্টাইলো দিছিলোঁ আন কোনো ডাঙৰে নেদেখাকৈ। আৰু প্ৰিয় আছিল বগৰীৰ আচাৰ। সৰু সৰু সেই আচাৰৰ পেকেটৰ দাম আছিল পাঁচ পইচা। সেই পেকেটৰ লগত ফ্ৰীতে পোৱা গৈছিল অমিতাভ, ধৰ্মেন্দ্ৰ, জীতেন্দ্ৰ আদি তেতিয়াৰ তাৰকাৰ সৰু সৰু ফ’টো।
চতুৰ্থ শ্ৰেণী পোৱাৰ পাছত মনলৈ আৰু অকণ সাহস আহিল। স্কুল ছুটীৰ পাছত ডেৰ কিল’মিটাৰ আঁতৰৰ কদমতলৰ চ’কলৈ যোৱা আৰম্ভ কৰিলোঁ। তাত টাউনৰ পৰা অহা ব্যক্তি এজনে দেখুওৱা চিনেমা আমাৰ আকৰ্ষণ আছিল। চিনেমা মানে সৰু টিভি আকৃতিৰ বাকচ এটাত ইখনৰ পাছত সিখনকৈ প্ৰদৰ্শন কৰা স্থিৰচিত্ৰ কিছুমান। সুৰ লগাই তেওঁ চিঞৰি কৈছিল – ‘এয়া হ’ল আগ্ৰাৰ তাজমহল….আহি আছে দিল্লীৰ কুটুবমিনাৰ..!’
আমি চকু ডাঙৰকৈ মেলি চাইছিলোঁ সকলোবোৰ। শিশুমন শিহৰিত হৈছিল।
: ই দেখোন পঢ়া-শুনা নকৰেই হে — দেউতাই মাক কোৱা শুনোঁ মাজে মাজে।
: এহ, চতুৰ্থ শ্ৰেণীতে পঢ়াৰ বোজা দিব নালাগে দিয়ক। সময় হ’লে নিজেই পঢ়িবলৈ মন কৰিব — মাই মোৰ পক্ষ লৈছিল। মাৰ আছিলোঁ মই আলাসৰ লাড়ু। মোৰ মৰমত অন্ধ মা!
লাহে লাহে চতুৰ্থ শ্ৰেণীৰ মাজভাগত হঠাতে এদিন আৱিস্কাৰ কৰিলোঁ, মই দেখোন অংক কি, কেনেকৈ কৰে একোৱেই নাজানোঁ। স্কুলৰ ছাৰে কি বুজায়, বুজি নাপাওঁ। আমাৰ ঘৰৰ ওচৰতে হৰিৰাম বুঢ়া এজন আছিল। ভয়ংকৰ দেখাত। মাতটোও খহটা। প্ৰতি মুহূৰ্ততে খঙত থাকে। আমি ভাতৰ পাতত বহিলে সৰুতে মায়ে ‘সোনকালে খা, নহ’লে হৰি বুঢ়াক মাতোঁ ৰহ’ বুলি ভয় খুৱাইছিল। আমিও হৰি বুঢ়াৰ ভয়তে নাকে-মুখে ভাত গুজিছিলোঁ। হৰি বুঢ়া আহিব বুলি মনত জাগি উঠা শংকাতকৈও অংকবোৰ দেখিলে মোৰ মনত বেছি ভয় জগা হ’ল। ১, ২ – সংখ্যাবোৰ, পূৰণ-হৰণৰ চিহ্নবোৰে মোক সপোনতে খেদি খেদি অহা হ’ল। সেই সপোনে মোৰ পেন্টটো তিয়াই পেলায় ৰাতি।
এবাৰ অংকৰ ছাৰে দহটা অংক ঘৰত কৰি আনি পাছদিনা দেখুৱাব কৈছিল সকলোকে। সিদিনা মই কদমতল চ’কলৈকো নগ’লোঁ। ঘৰলৈ আহি অংককেইটা কৰিবলৈ বহিলোঁ। নাই, একোৱেই নোৱাৰিলোঁ। জ্বৰে ঘমাদি ঘামিলোঁ। পিছদিনা ছাৰৰ বেত্ৰাঘাত পিঠিত অনুভৱ কৰিবলৈ আৰম্ভ কৰিলোঁ মই।
হঠাতে এক সুন্দৰ বুদ্ধি মনলৈ আহিল। এক কুটিল হাঁহি বিয়পি গ’ল দুই ওঁঠৰ মাজেৰে। গভীৰ প্ৰশান্তিৰে শুই পৰিলোঁ সেই দিনা।
পিছদিনা পুৱা সোনকালে স্কুললৈ গ’লোঁ। মোৰ বুধিটোৰ কথা শ্ৰেণীটোৰ ভিতৰত অংকত আটাইতকৈ গাধা ছাত্ৰ মুকেশক কাণে কাণে ক’লোঁ। ‘বাহ: বাহ: তই ইমান চালাক’ বুলি সি মোৰ পিঠিত চপৰিয়ালে।
প্ৰাৰ্থনা আৰম্ভ হ’ল। সকলো ছাত্ৰ-ছাত্ৰী প্ৰাৰ্থনা গাবলৈ স্কুলৰ ফিল্ডলৈ গ’ল। আমিও গ’লোঁ। আগতে বুজাই থোৱা মতে, মই আৰু মুকেশ প্ৰাৰ্থনা শেষ হোৱাৰ আগতেই আহি শ্ৰেণীকোঠা পালোঁ। মুকেশ দুৱাৰ মুখত ৰৈ থাকিল। মই পাৰমিতাৰ বেগটো খুলিলোঁ। পাৰমিতা ৰোল নম্বৰ এক। ছাৰ-বাইদেউৰ একেবাৰে মৰমৰ। অংকৰ ছাৰে তাইকে মাতিব প্ৰথমতে ঘৰত কৰিবলৈ দিয়া অংকবোৰ চাবলৈ। যদি তাই এটাও অংক কৰা নেদেখে, তাইক সামান্য গালি দিব। কিন্তু বেতেৰে নামাৰে। আৰু, তাইক নামাৰিলে ছাৰে আমাকো মাৰিবলৈ নোৱাৰিব। আমি বাচি যাম বেত্ৰাঘাতৰ পৰা। সেইটোৱে আছিল মোৰ আইদিয়া! আৰু সেই আইদিয়াটোক সফল কৰিবলৈ তাইৰ অংকৰ বহীখন উলিয়ালোঁ। পাতবোৰ লুটিয়াই গ’লোঁ। আগদিনা কৰিবলৈ দিয়া অংকবোৰ দেখিলোঁ। আস, কি সুন্দৰকৈ কৰি আনিছে তাই অংকবোৰ! আমি তেতিয়া কাঠপেঞ্চিলেৰে অংক কৰোঁ। পকেটৰপৰা ৰবৰডাল উলিয়াই সন্তপৰ্ণে মচি গ’লোঁ পাৰমিতাৰ অংকবোৰ। কি ভাবত বিভোৰ হৈ মচি আছিলোঁ নাজানোঁ, কোনোবা অহাৰ আগতে জোৰকৈ কাঁহিবলৈ কৈ থোৱা মুকেশৰ তিনিটা কাঁহো মোৰ কাণত নোসোমাল। যেতিয়া ‘কিয় মঁচিছা অংকবোৰ?’ বুলি পাৰমিতাৰ চিঞৰটো কাণত সোমাল, তেতিয়াহে চক খাই উঠিলোঁ মই। ঘূৰি চাই দেখো-পাৰমিতা, আৰু কাষত -হাজিৰা বহী আৰু দীঘল বেত এডাল লৈ অংকৰ ছাৰ।
পাৰমিতাৰ কান্দোন। ঘটনাৰ উম-ঘাম লৈ ছাৰৰ ৰঙা চকু।
প্ৰায় পোন্ধৰমিনিট ছাৰে বেতেৰে কোবালে মোক। বাকী সময়ছোৱা বাৰাণ্ডাত আঁঠু কাঢ়ি থাকিলোঁ। প্ৰথম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীবোৰে হাঁহি হাঁহি মোক চাবলৈ আহিল।
মই পাৰমিতাৰ চকুলৈ চাই কেতিয়াও কথা পাতিব নোৱাৰিলোঁ আৰু তাৰ পাছত।
সিদিনা মই এটা নতুন শিক্ষা পালোঁ। থিৰাং কৰিলোঁ- অংক কৰিম, অংক বুজিম, অংকত ভাল নম্বৰ লৈ দেখুৱাম। পাইছিলোঁও। গণিত মোৰ এটা প্ৰিয় বিষয় হৈ পৰিল। মেট্ৰিকতো গণিতত লেটাৰ পালোঁ।
মনলৈ অহা সেই কুটিল বুধিটোৱে মোক বহুত কথা শিকাই গ’ল।
সেয়া প্ৰায় ত্ৰিশবছৰৰ আগৰ কথা।
০০০
১১৮নং কদমতল নিম্ন বুনিয়াদী বিদ্যালয়।
এইখন বিদ্যালয়ৰ মই আজি শিক্ষক। আমি সেইখন প্ৰাইমেৰী স্কুলতে পঢ়িছিলোঁও।
মই অংক পঢ়াও।
মোৰ ডাঙৰ সন্তান বিকি এইখন স্কুলতে পঢ়ে। সি এতিয়া চতুৰ্থমানত।আগতে সি মোৰ লগতে স্কুললৈ আহিছিল একেলগে। তৃতীয়মান পোৱা পাছত ওচৰৰ দুজনমানৰ লগত স্কুললৈ আহে। কিবাকিবি খাম বুলি মাকৰপৰা দহ-বিশটকা আনে। মই এওঁক কওঁ- ‘বেছিকৈ পইচা নিদিবা। ইয়াৰ পঢ়া-শুনাত মনতো অলপ কম। বুজাব লাগিব।’
: এহ, বাচ্চা থাকোতেই ইমান চিন্তা কৰিব নালাগে নহয়। সময়ত নিজেই বুজিব। তেতিয়া নিজেই পঢ়িব, চাবা।
– শ্ৰীমতীয়ে বিকিৰ হৈ ওকালতি কৰে। ময়ো মনে মনে থাকোঁ।
আজি ৰাতিপুৱা বিকি আনদিনাতকৈ আগতেই স্কুললৈ গ’ল। কালি সিহঁতক হোমৱৰ্ক দিছিলোঁ, বাৰটা অংক। অংককেইটা জটিল। কালি বিকিয়ে আবেলিৰপৰা পঢ়া মেজতেই আছিল। ময়ো তাৰ ওচৰলৈ যোৱা নাই। ভাবিলোঁ, আজি স্কুলতেই চাম, সি পাৰিছে নে নাই।
: বিকি, অংক গোটেইকেইটা কৰিব পাৰিলি নে? – বিকি গৈ থাকোতে তাক সুধিলোঁ।
সি নামাতিলে মুখেৰে একো।
মই স্কুল গৈ পোৱালৈ প্ৰাৰ্থনা আৰম্ভ হৈছিল। আজি বিকিয়ে টিফিনটোও আনিবলৈ পাহৰিলে। মই লৈ আহিলোঁ। টিফিনটো বিকিৰ বে’গৰ ভিতৰত থৈ যাও বুলি ভাবি তাৰ শ্ৰেণীকোঠাটোলৈ আগবাঢ়িলোঁ।
শ্ৰেণীকোঠাৰ দুৱাৰখনৰ কাষতে থিয় হৈ আছিল উত্তম। শ্ৰেণীৰ আটাইতকৈ অঘাইটং সি। প্ৰাৰ্থনাৰ সময়ত এনেকৈ ৰৈ থকা কাৰণে মোৰ খং উঠিল। শ্ৰেণীকোঠাৰ ওচৰ পাওতেই সি মোক দেখি জোৰেৰে তিনিবা কাঁহিলে। মই ভিতৰলৈ সোমাই গ’লোঁ। দেখিলোঁ ভিতৰত বিকি! খপজপকৈ বহীৰ পাত কেইখিলামান সি পেন্টৰ জেপত ভৰাইছে। মোক দেখি অলপ অপ্ৰস্তুত আৰু হতভম্ব হ’ল।
হঠাতে মোৰ ত্ৰিশবছৰৰ আগৰ মোৰ ঘটনাটোলৈ মনত পৰি গ’ল।
মই দৌৰি তাৰ ওচৰলৈ গৈ পেন্টৰ জেপত কি আছে উলিয়াবলৈ ক’লোঁ। সি ভয়ে ভয়ে পাত কেইখিলা উলিয়াই মোৰ হাতত দিলে। দেখি মোৰ চকু দুটা ডাঙৰ হৈ গ’ল। পাতকেইখিলাত আছিল মই আগদিনা কৰিবলৈ দিয়া অংকবোৰ! চিনি পালোঁ, সেয়া উপাসনাৰ হাতৰ আখৰ। শ্ৰেণীত ৰোল নম্বৰ এক তাইৰ। পাৰমিতালৈ মনত পৰি গ’ল মোৰ।ইতিমধ্যে প্ৰাৰ্থনা কৰি আন আন ছাত্ৰ-ছাত্ৰীবোৰ কোঠালৈ উভতিছে। কি কৰিম কি নকৰিম, বুজি নাপালোঁ মই। বিকিক ক’লোঁ -‘তই মোৰ লগে লগে বাহিৰলৈ আহ’।
মই শিক্ষকৰ কোঠালৈ আহিলোঁ। বিকি পিছে পিছে আহিল মোৰ। চুক এটালৈ নি তাক মোৰ ত্ৰিশবছৰৰ আগৰ ঘটনাটো কৈ গ’লোঁ। সিও শুনি গ’ল।
ঘটনাটো কোৱাৰ পাছত তাক সুধিলোঁ -‘বুজিলি নে? ময়ো তোৰ দৰে এনেকুৱাই ডাঙৰ ভুল কাম এটা কৰিছিলোঁ, বুজিলি?’
: দেউতা, তোমাৰ ভুলটো বুজিলোঁ।
: কি বুজিলি?
: তোমাৰ আইদিয়াটোৱে ভুল আছিল। সময় নষ্ট কৰি পাতবোৰৰপৰা ৰবৰেৰে অংকবোৰ মঁচাতকৈ যদি মোৰ দৰে গোটেই পাতবোৰ বহীটোৰপৰা ফালি উলিয়াই আনিলাহেঁতেন, তুমি নফচিলাহেঁতেন। সেইটোৱে তোমাৰ ভুল আছিল!
☆ ★ ☆ ★ ☆
11:39 am
মজা ? বহুদিনৰ মূৰত বিকিক লগো পালো৷
11:39 am
মজা ? বহুদিনৰ মূৰত বিকিক লগো পালো৷