ফটাঢোল

মই আৰু গোবৰকণ – নীলাঞ্জনা মহন্ত

মাইকটো হেলো হেলো বুলি কৈ ঠিক কৰি ল’লোঁ৷ দেশ-বিদেশৰ বিভিন্ন চহৰে-নগৰে বক্তৃতা দি দি আজি উপজা গাঁওখনৰ ওচৰতে এই সভাত কথা দুআষাৰ ক’বলৈ সুবিধাকণ পাইছোঁ৷ বহুদিন হ’ল উপজা মাটিৰ গোন্ধকণ ল’বলৈ আহিব পৰা নাই৷ মনে মনে হিচাব এটা কৰিলোঁ আঠত্ৰিশ বছৰ পাৰ হৈ গ’ল৷ ডিগ্ৰী ল’বলৈ বিদেশলৈ ঢপলিয়াইছিলোঁ৷ ল’লো, চাকৰি কৰিলোঁ৷ পৰী যেন লগা দেখিবলৈ ধুনীয়া বগা মেম এজনী বিয়াও কৰিলোঁ৷ কোম্পানী এটা খুলিলোঁ৷ দিনে-ৰাতিয়ে কষ্ট কৰি কোম্পানীটো গঢ় দিলোঁ, মোৰ ল’ৰা-ছোৱালীহাল জন্মৰে পৰাই কেনেকৈ ডাঙৰ হৈ এদিন কলেজলৈ গুচি গ’ল পাখি লগা সময়ে মোক বুজিবলৈ সুবিধা নিদিলে৷ মোৰ কোম্পানীটো এদিন মোৰ আন্তৰ্জাতিক পৰিচয় হৈ পৰিছিল৷ প্ৰায় দুহেজাৰ কৰ্মী থকা প্ৰযুক্তিবিদ্যাৰ কোম্পানীটোৰ উত্তৰোত্তৰ উন্নতি দেখি এপল, মাইক্ৰ’চফট আৰু গুগলে বাৰম্বাৰ ’অফাৰ’ দিছিল কিনিবলৈ বিলিয়ন ডলাৰৰ বিনিময়ত! তাৰে এটা অফাৰ গ্ৰহণ কৰি মই বিনিয়োগকাৰী আৰু ষ্টক বজাৰত খেলিবলৈ আৰম্ভ কৰি দিলোঁ৷ 

এই গোটেই সময়তে মোক বহুবাৰ ফোন কৰি কৰি এৰি দিছিল এসময়ত মোৰ গাঁৱত থকা ভাইটিটোয়ে৷ এল পি স্কুলৰ শিক্ষকতাৰ চাকৰিটোৰে মা-দেউতাৰ পোহপালৰ লগতে খেতি-বাতি চাওঁতে তাৰ বাৰ বাজি গৈছিল৷ মোৰ পৰিবাৰে পাঁচবছৰমানৰ মূৰত একোবাৰ ঘৰলৈ গৈ মোৰ হৈ দায়িত্ব পালন কৰি আহে৷ তাই তালৈ যাওঁতে মোৰ সন্তানকেইটাৰ চোৱা-চিতা ইয়াত থকা মোৰ শাহুগৰাকীয়ে কৰে৷ আৰু মই সদায়ে ব্যস্ত থাকোঁ। যদি কেতিয়াবা লাচ ভেগাচত বিজনেচ মিটিঙত, কেতিয়াবা পেৰিচত সপ্তাহজোৰা কনফাৰেন্সত৷ 

দেউতা ঢুকোৱা খবৰটোও মই তিনিদিনৰ পিছতহে পাইছিলোঁ৷ মই আছিলোঁ নিউ ইয়ৰ্কত বিজনেচৰ কামত, ভাইটিটোয়ে মোৰ পাৰ্চনেল ফোন অফ থকা পাই পৰিবাৰক মেচেজ দিছিল যদিও তাই অসমীয়াত দিয়া ভাইটিৰ মেছেজটো পঢ়িব নাজানি কিবা ফৰৱাৰ্ড কৰা যি টি মেচেজ বুলি একো প্ৰতিক্ৰিয়া নকৰিলে৷ ঘৰলৈ অহাৰ ফ্লাইটত উঠি মই ভাইটিক তাৰ ৰাতি দুই বজাত ফোন কৰিছিলোঁ তাৰ মিচকল দেখি৷ মই ফোন কৰিলে তাৰ সময় কিমান বাজিছে কোনোদিন নাচাওঁ৷ কিন্তু সি চায়৷ মই যে ব্যস্ত মানুহ সি জানে৷ মোৰ মাজৰাতিত মোক আমনি নিদিয়ে সি৷ মই প্ৰায়ে টিভি নিউজত ওলাই থাকোঁ৷ তথাপি মোৰ কোনো আক্ষেপ নাছিল, ভাইটিয়ে বুজে, সি কৈছিল, দেউতাই দুখ কৰি যোৱা নাই দাদা, জানে তোৰ সময়ৰ অভাৱ৷ 

এৰা, মোৰ সময় নাছিল৷

গলখেকাৰি মাৰি কি ক’ম জুকিয়াই লওঁ বুলি এবাৰ সভাগৃহৰ চাৰিওফালে চকু ফুৰালোঁ৷ কাকো চিনি নাপাওঁ৷ অথচ এই সকলোৱে মোক চিনি পায়৷ স্কুলত থাকোঁতে শ্ৰেণীত মই তৃতীয় বা চতুৰ্থ হোৱাৰ বিপৰীতে সদায় প্ৰথম হোৱা ৰামেশ্বৰ পেচাত এজন কৃষক৷ মোক  মঞ্চত আহি নমস্কাৰ দি গামোচা পিন্ধাই গ’লহি৷ তাৰ মূৰত চুলি নায়েইচোন৷ চিনিয়ে পোৱা নাছিলোঁ৷ গামোচাখন ডিঙি পাতি লৈ মই “খুৰা, আপোনাৰ নামটো“ বুলি সুধিছিলোঁ, সি কৈছিল “মই ৰামে, বগৰীতলৰ“… বিজুলীৰ দৰে ৰামেশ্বৰে মোক সেইখন পৃথিৱীলৈ লৈ গৈছিল য’ত মই হেৰাই গৈছিলোঁ খন্তেকৰ বাবে৷ সি মোক কেলকুলাচ বুজাত সহায় কৰিছিল এসময়ত৷ তাৰ বাবেই মই অংকত হায়াৰচেকেণ্ডাৰীত লেটাৰ পাইছিলোঁ আৰু ইঞ্জিনিয়াৰিঙত সোমাইছিলোঁ৷ কিন্তু মাকৰ জ্বৰ উঠাৰ বাবে সি যে হায়াৰচেকেণ্ডাৰী পৰীক্ষাই দিব পৰা নাছিল সেইদিনা৷ আৰু পিছত নপঢ়িলেই সি কাৰণ মাক-বাপেক নোহোৱা ঘৰখনৰ চাৰিটা ভাই-ভনীৰ দায়িত্বই তাৰ কান্ধত বহি লৈছিলহি৷

অংকৰ চাৰে এদিন মোক কৈছিল মোৰ মূৰত গোবৰ আছে৷ কিন্তু ৰামেশ্বৰে আশ্বাস দিছিল, 

: মই আছোঁ নহয়, তোক সব বুজাই দিম, একো টান নহয়৷ মই পাৰিছোঁ যদি তয়ো পাৰিবি।

সি মোক পানী পানীকে চাইন-কোচাইনৰ ধৰ্মবোৰ বুজাইছিল৷ “ৱান অভাৰ কচ চি“ মানে কি বুলি অংকক ইতিকিং কৰা মইটোৱে অংকত পঁচাশী শতাংশ পোৱাৰ গুৰিতে আছিল ই ৰামেশ্বৰ৷ 

বিদেশত মাষ্টাৰ্চ পঢ়িবলৈ আহি তাৰ লগত সংযোগ ৰাখিছিলোঁ দুবছৰমান৷ তাৰপিছত কি জানো সময়েই নোপোৱা হ’লোঁ দেখোন৷ সৰু চাকৰি এটা, পঢ়াৰ বোজা, ধাৰবোৰ মিলাওঁতে বিদেশত মোৰ প্ৰথম কেইবছৰ খুব কষ্টকৰ হৈ পৰিছিল৷ মই সম্পৰ্কবোৰ হেৰুৱাই পেলালোঁ জীৱনযুঁজত অৱতীৰ্ণ হৈ৷

এদিন বিয়াও কৰিলোঁ গীৰ্জা এটাত৷ ঘৰৰ কোনো নাছিল লগত৷

এদিন ভাইটিয়েও বিয়া পাতিলে তাৰ মনে মিলা কাৰোবাৰ লগত৷  বুজাইছিলে সি সেই ছোৱালীজনী যে ৰেডিঅ’ত মাজে মাজে গান গায়, সেই যে বিহু নচা গাঁৱৰে গগৈচাৰৰ সৰু জীয়েকজনী ইত্যাদি ইত্যাদি৷ মোৰ কোনোপধ্যেই সময় নাছিল অতীত খুচৰিবলৈ কেনেকুৱানো আছিল গগৈ চাৰ দেখিবলৈ, কি পঢ়াইছিল, কেইজনী জীয়েক আছিল..! মই নগ’লোঁ তাৰ বিয়াত৷ কিন্তু সৰহকৈ টকা-পইচা পঠাই পাল মাৰিলোঁ মোৰ দায়িত্ব৷ বিয়াখন সেই পইচাৰে সি ভালদৰেই পাতিলে বুলি কৈছিল পিছত৷ আমি চাগৈ সকলোৱে সুখী আছিলোঁ জীৱনৰ অংক মিলোৱাত৷

“শ্ৰদ্ধেয় ৰাইজ“

অলপ ৰ’লোঁ আকৌ৷ কি ক’ম মই এই মানুহখিনিক আজি?

উদ্যোগপতি, এনট্ৰপ্ৰেনাৰ, বুদ্ধিজীৱী, দেশৰ গৌৰব, অমুকবঁটা, তমুক বঁটাপ্ৰাপ্ত মই!!… মোৰ সমজুৱাকৈ কথা কওঁতে কোনোদিন অসুবিধা হোৱা নাছিল দেশে-বিদেশে৷ সলসলীয়া প্ৰফেচনেল ইংৰাজীৰ লগতে স্পেনীয় আৰু ফৰাচীতো মই বক্তৃতা দি পাইছোঁ, প্ৰেজেণ্টেশ্যন দিছোঁ বহুতো৷ আৰু আজি মাতৃভাষাটোত যেন শব্দৰ অভাৱ অনুভৱ কৰিছোঁ৷ ডেৰকুৰি বছৰৰ পিছত অসমীয়া ক’বলগীয়া হোৱাত পাহৰিছোঁ শব্দবোৰ বা মনত থকাকেইটাও জোঁটাব পৰা নাই ভয় হৈছে সঠিক শব্দ আৰু ব্যাকৰণৰ মিলন হৈছে বা নাই! 

ৰাইজে শান্তভাৱে মোৰ ফালে চাই আছে৷ গাড়ীত আহি থাকোঁতে গাড়ীচালকজনে ইফালে সিফালে দেখুৱাইছিল বহুত সলনি হ’ল সকলোবোৰ৷ মই পঢ়ি অহা স্কুল দুখন প্ৰকাণ্ড পকী বিল্ডিং হ’ল৷ চালকজনে তাৰ বাবে মোক ধন্যবাদ দিলে৷ গাৱঁৰ নামঘৰটো, অদূৰৰ মছজিদটো তথা স্কুল দুখনৰ বিজ্ঞানসন্মত উত্তৰণৰ লগতে ডেকা-জীয়ৰীহঁতৰ বাবে দুটাকৈ এন জি অ’ আৰু খেতিৰ ট্ৰেক্টৰ ব্যৱহাৰলৈকে ভাইটিয়ে যিমান লাগিব বুলিছিল মই মুক্তমনে তাৰ দহগুণমান টকা-পইচা পঠাই দিছিলোঁ৷ কিন্তু টকা-পইচা কিহত খৰচ হ’ব বা হৈছে কাহানিও খবৰ লোৱাৰ প্ৰয়োজন অনুভৱ কৰা নাছিলোঁ৷ সকলোৱে জানিছিল মোৰ সময়ৰ অভাৱ৷ আনকি ভাইটিয়ে পঠোৱা ফটোবোৰো মই চাম বুলি আজিলৈকে চাবলৈ নহ’ল৷ যোৱাৰাতিও মই ব্যস্ত আছিলোঁ পৰহিলৈ দিল্লীত হ’বলগীয়া মিটিং এখনৰ প্ৰেজেণ্টেশ্যনৰ কামত৷ 

এৰা মই বৰ ব্যস্ত!

এই মানুহখিনিক মই কাকো চিনি পোৱা নাই অথচ সিহঁতৰ মাজত কোনোবাজন যদি মোৰ লগত পঢ়া, কোনোবা আছিল একেলগে নদীত সাঁতুৰি ডাঙৰ হোৱা৷ কোনোবাজনৰ লগত সৰুতে থিয়েটাৰ হ’লে একেলগে বুটৰ দোকান দিয়া৷ সিহঁতে মোৰ খবৰ সকলো ৰাখিছে৷ মোৰ বাবে দৌৰি আহিছে আজি৷ সকলোৰে চকুত কিবা এটা গদগদ ভাৱ৷ 

মোৰ মূৰৰ গোবৰকণত শব্দ খেপিয়ায়েই আছোঁ৷ আচলতে মই সিহঁতক কি দিলোঁ?

একেলগৰ ৰামেক মই চিনি নাপাই খুড়া বুলি সম্বোধন কৰিছিলোঁ৷  কোনোদিন ফোন এটা কৰি খবৰ নল’লোঁ কোন আছে কোন নাই৷

নিজৰ পিতৃ-মাতৃ ঢুকাওঁতেও ঘৰলৈ নাহিলোঁ৷ ভাইবোৱাৰী আৰু তাৰ ল’ৰা-ছোৱালীহালক মই চিনিয়ে নাপাওঁ৷ সিহঁত যদি বৰ্তমান এইখিনিতে ঘূৰি ফুৰিছে মই সিহঁতৰ নামকেইটাও নাজানো৷ 

কাৰণ মোৰ মূৰৰ গোবৰত সকলো সময়তে টকা নামৰ পোকটোৱে কিলবিলাই আছিল৷ টকা আৰু প্ৰতিপত্তিৰ পিছত দৌৰিছিলোঁ মই৷ মই কথা কোৱাৰ পাল পৰাৰ আগতেই মোৰ বিষয়ে গুণানুকীৰ্তনখন এঘণ্টামান ধৰি কেইজনমানে বখানি বখানি কৈয়ে থৈছে৷ মোক লৈ গাঁওখন অতিশয় গৰ্বিত৷ মোৰ দৰে সুযোগ্য সন্তান যেন ঘৰে ঘৰে হওক বুলিও কোনোবাই কৈ যোৱা যেন পালোঁ৷

: দাদা কিবা এটা ক’৷ তোৰ চাগে ভাগৰ লাগিছে বহুত কষ্ট কৰিছ তই৷

ভাইটিয়ে কাণে কাণে কৈ গৈছেহি৷ অৰ্থাৎ মই একো নক’লেও মানুহে মোক বেয়া নাপায়৷ কাৰণ সকলোৱে বুজে মোক৷ 

“ৰাইজ, আজি আঠত্ৰিশ বছৰৰ মূৰত আহি সকলোকে দেখি মোৰ ভাল লাগিছে৷”

আৰম্ভ কৰিলোঁ কিবা এষাৰ৷ আৰু কি কওঁ? ইতিমধ্যে হাতচাপৰি পৰিলেই৷

“মোক ক্ষমা কৰিব“

সভাগৃহত মৃদু গুণগুণনি৷ কিহৰ ক্ষমা আকৌ? মোৰ কষ্টোপাৰ্জিত টকাৰে গাঁওখনৰ বহুত উন্নতি হৈছে৷ আশী শতাংশ লোকৰ সংস্থাপন পৰ্যন্ত! 

“মই আপোনালোকৰ মাজলৈ বৰ দেৰিকৈ আহিলোঁ“

ভাইটিয়ে দুপৰীয়াৰ ভাত খাই থাকোঁতে কৈছিল,

: তই সৰুতে মোৱামাছ বৰ ভাল পাইছিলি৷ সোণপাহিয়ে নিজে জকাই বাই তোৰ বাবে মাছ আনিছে পথাৰৰ পৰা৷ টাটকা মাছ৷ আৰউ ঔটেঙাৰ মাটিদাইলকণ নবই ৰাতিপুৱা দি যোৱা টেঙাৰে ৰন্ধা৷ সৰুতে ঔটেঙা বেচিছিলোঁগৈ যে মঙলবৰীয়া বজাৰত তই চাগে পাহৰিলি।

মই মোৱামাছৰ সোৱাদ পাহৰিছিলোঁ৷

স্কুলত থাকোঁতে ঔটেঙা পাৰি আনি ৰহিমলাক মনে মনে দিছিলোঁহি, তাই দীঘল চুলিকোচা ধোৱে তাৰ বীজেৰে৷ তাইৰ চুলিকোচাক লৈ মোৰ গোবৰে ঢুকি পোৱা লেভেলৰ কবিতাও লিখিছিলোঁ আৰু তাইক পঢ়ি শুনাইছিলোঁ সেইবোৰ৷ তাই বাৰু ক’ত এতিয়া? হঠাতে ৰহিমলালৈ মনত পৰি ভাইটিক সুধিছিলোঁ তাইৰ কথা৷

: দাদা তাইক ঘৰৰ পৰা বলেৰে বিয়া দিছিল ওচৰৰ গাঁৱৰ মহেনৰ লগত৷ মহেনক চাগে মনত নাই তোৰ৷ মদ খাই খুব৷ এতিয়া বেমাৰী সি৷ ঘৰতে থাকে৷

এপলক ৰৈ সি কৈ গ’ল,

: ৰহিমলাই বিয়াৰ তিনিমাহৰ পিছতে আত্মহত্যা কৰিছিল নদীত জাপ দি৷ কাৰণটো কোনেও গম নাপালে।

মোৰ খোৱা হৈ গৈছিল তেতিয়ালৈ, পিজ্জা আৰু বাৰ্গাৰ খাই খহটা হোৱা জিভাৰে আৰু মূৰৰ গোবৰৰ অনুধাৱনেৰে মই অপাৰগ আছিলোঁ সেই নিভাঁজ মৰমসনা ভাতসাঁজৰ উপযুক্ত মূল্যায়ন কৰিবলৈ৷

ৰহিমলা হেৰাই গৈছিল কেতিয়াবাই৷ 

মই মাজে মাজে হেৰাই গৈছোঁ গোবৰখিনি এৰুৱাই মোৰ মজিয়াখনত আচলতে কি আছিল চাব বিচাৰি৷ বক্তৃতা দিবলৈ আহিছোঁ মই কিবা এষাৰ ক’ব লাগিব ৰাইজক৷ আজি মোৰ পৰীক্ষাৰ দিন৷ কিয় ভাব হৈছে মই যেন একো কৰা নাই, একো পোৱা নাই অথচ সকলোৱেচোন গদগদ মোৰ প্ৰতি৷ কাৰো নাই আক্ষেপ মই কিয় অহা নাছিলোঁ৷ কোনেও সোধা নাই মোক অতবছৰ মাদেউতাৰ খবৰ ল’বলৈ হ’লেও কিয় অহা নাছিলোঁ৷ অৰ্থাৎ মই পঠোৱা টকাখিনিয়েই মোৰ স্থান লোৱাত সফল হৈছিল নেকি?

“ৰাইজ মই হয়তো ঘৰলৈ ঘূৰি আহিব লাগিছিল বা ঘৰৰ ল’ৰা ঘৰতেই থাকিব লাগিছিল৷ মোৰ এই ভুলৰ বাবে মোক ক্ষমা কৰিব৷“

“নাই নাই ভুল নাই কৰা একো“ 

মানুহবোৰে সমস্বৰে কৈছে মোৰ ভুল নাই হোৱা ক’তো৷

তেন্তে? 

হয়তো মোক ইয়াত দৰকাৰ নাই৷ 

“মোৰ উপজা ঠাইখন বহু সলনি হ’ল ভাল লাগিছে দেখি৷ আপোনালোক সকলোয়ে ভালে থাকিব“

মোৰ মাতটো থোকাথুকি হৈ আহিল৷

কোনোবা এজন আগবাঢ়ি আহি মোৰ পৰা মাইকটো লাহেকৈ লৈ গ’ল৷

“ৰাইজ, দাদাৰ বহুত ভাগৰ লাগিছে৷ আজি জিৰাওক নেকি৷ কাৰণ ৰাতিপুৱাই দিল্লীলৈ দাদাৰ ফ্লাইট আছে“

সকলোৱে সন্মতি দিছে কথাটোত৷ মই ইণ্টাৰনেশ্যনেল ফ্লাইটত প্ৰায়ে ‘ৰেড আই’ লওঁ, ভাগৰ বুজিকে নেপাইছিলোঁ৷ বাহিৰে বাহিৰে কনফাৰেন্স, হোটেল এফালৰ পৰা সামৰি যাওঁ আৰু নতুনকৈ এপইণ্টমেণ্ট যোগ হৈ গৈ থাকে৷ বিজনেচ লান্স, দিনাৰ আৰু প্ৰেজেণ্টেশ্যনেই মোৰ জীৱনী৷ 

“আপোনালোকৰ কাৰ কাৰ বিত্তীয় অনুৰোধ আছে বৰুৱাবাইদেৱে এখন তালিকা কৰিছে তাতে নামবোৰ, বেংক একাউণ্ট আৰু অনুদানৰ পৰিমাণটো লিখি জমা দিব আজিৰ ভিতৰত৷ দাদাই আজিয়ে চেকখন দি যাব যিহেতু৷“

: ব’ল দাদা ঘৰত জিৰণি ল’বি পাঁচ বাজিলেই৷ ৰাতিপুৱা সোনকালে উঠিব লাগিব আমি ডিব্ৰুগড়লৈ পুৱা চাৰি বজাতে পোৱাকে যাব লাগিব নহয়৷

মোৰ বুকুত কোনোবা এখিনিত কিহবাই হেঁচা মাৰি ধৰা যেন লাগিল৷

স্কুলৰ খেলপথাৰত সিহঁতে ৰভা দি মিটিংখন পাতিছিল মোক সম্বৰ্ধনা জনাবলৈ৷ ডিঙিত মোৰ চাৰি পাঁচখনমান ফুলাম গামোচা৷ মূৰত ডাঙৰ জাপি এটা৷ মঞ্চৰ পৰা নামি অহা খটখটী পাৰ হৈয়ে গোবৰেই গচকিলোঁ নে কি জানো বুকুত হাত দি মই হঠাৎ বাগৰি পৰিলোঁ৷

☆ ★ ☆ ★ ☆

3 Comments

  • Pranita Goswami

    বৰ সুন্দৰ প্ৰকাশ। ভাল লাগিল। অনুভৱ কৰিলোঁ পৰিবেশটো।

    Reply
  • মিনতি মহন্ত ।

    এইটো সাংঘাটিক লিখিলি জুন । কিয় তই মাজে মাজে লিখিবলৈ এলাহ কৰ ??
    এইবাৰৰ পৰা প্ৰত্যেক মাহতে পঢ়িবলৈ পাম বুলি আশা ৰাখিলো । ইংৰাজী নতুন বছৰৰ শুভকামনা জনালো চাৰিওটালৈকে ।

    Reply
  • কাবেৰী মহন্ত

    সাংঘাটিক। মন কঁপাই গ’ল

    Reply

Leave a Reply

Your email address will not be published.

error: Content is protected !!