ফটাঢোল

দেৱদাস ৰিটাৰ্ন- শ্ৰী দেৱজিৎ দুৱৰা

সাত বছৰ আগৰ কথা……..

গাঁৱৰ সৰু সৰু দোকান কেইখনত বিড়ি এটা পাবলৈ নাই।

সৰুকণ্টকৰ  কাৰখানাত চুলাই অকণ পাবলৈ নাই।সোপাকে কিনি পেলাইছে হৰি দাসৰ পুতেকে ।

নাম তাৰ দেৱদাস । 

বহুতে তাক চাইক’ বুলিয়ে কয়।

পাৰুললতাই  ” দৌলা ৰে দৌলা ৰে” গানটোত ভিডিও বনাই জগতবিখ্যাত হৈ পৰিছিল। পাৰুললতাৰ ভিডিও ভাইৰেল। 

আনহাতে প্ৰেমিক দেৱদাসৰ হৃদয়ত ভাইৰেল জ্বৰ।

স্মৃতিৰ এলবাম খুলি দেৱদাসে বায়ুপ্ৰদূষণ কৰিছিল। 

চৌদিশে পোৰা ধঁপাতৰ গোন্ধ।

 তাৰ মুণ্ডত গোলকীয় উষ্ণতা । 

হৃদয়ৰ অ’জন মণ্ডল ক্ষত -বিক্ষত।

চেতনা অৰ্ধমৃত।

বুধবাৰে  দেৱৰ মাক আমাৰ ঘৰলৈ আহিছিল।

বৃহস্পতিবাৰে গুৰু পিঠাগুৰিৰ  সকাম পাতিছে ।

মই নিমন্ত্রিত ভকত।

বৃহস্পতি বাৰে পুৱাই গা পা ধুই ‘ব্ৰহ্মা আদি কৰি’ প্ৰাৰ্থনাটি মনতে ৰেৱাজ কৰি কৰি দেৱদাসৰ ঘৰ পালোঁগৈ।

দেৱদাসৰ মংগল  কামনাৰে সকাম সমাপ্ত হ’ল!

দেৱদাসৰ অজলা মাতৃৰ বাবে তাৰ অধোগতি 

নুবুজা সাঁথৰ।

দেৱদাস মোৰ সমনীয়া। 

মই তাৰ কোঠাত প্ৰৱেশ কৰিলোঁ।

উমনিত বহি থকা নেলেপীয়া কুকুৰাজনীৰ দৰে দেৱদাসৰ চেহেৰা ।

 বিচনাখন,আলনাডালো কুকুৰাৰ উমনিৰ দৰেই খেলি মেলি।

আচৰিত পৰিৱৰ্তন!

কোঠাত অকটা দুৰ্গন্ধ।

বহু সময় মৌন  প্রাৰ্থনাৰ অন্তত মোলৈ নোচোৱাকৈ দেৱদাসে কৈছিল 

“নৈৰ সোঁতে গৰা খহাই পিছলৈ উভতি চাই জানো! …..সাগৰৰ ফালেই যাত্ৰা,  অবিৰত….!”

সাগৰখন আছিল সমুদ্ৰ বৰা ওৰফে শচীন ওৰফে বিশাল।

ঠিকনা  দুলিয়াজান তেল কোম্পানী।

দেৱদাসে কৈছিল,

 “তাই অভিনেত্ৰী হ’ব খোজে, মডেল নৰ্তকী !! আকাশত উৰিব খোজে , মই হ’লো হৰি দাসৰ পুতেক ।”

পাৰুললতাৰ “দৌলাৰে দৌলাৰে”  নৃত্য ফেচবুকত আপলোড হোৱাৰ লগে লগে  বহু ডেকাই কলিজাৰ ক্ষুদ্ৰ   তাঙৰণ  ফেচবুকৰ হাৰ্ট শ্বেইপ বুটাম টিপিছিল। 

সেইখিনিলৈকে ঠিকেই আছিল।

যেতিয়াই কোনোবা এজনে পাৰুলক ‘বেবী’ বুলি সম্বোধন কৰিলে …………

ফেক একাউন্টৰ আঁৰলৈ  দেৱদাসে প্ৰত্যেকক গালিবৰ্ষণ আৰম্ভ কৰিলে। গাহৰিৰ পুতেক , কুকুৰৰ পুতেক ইত্যাদি।

পুৱাই সাৰপাই পাৰুললতাই দেখে  ইনবক্সত বন্ধুগণৰ দুশখনমান কমপ্লেইন  লেটাৰ।

অনুসন্ধান।

বিচাৰ পৰ্ব। 

লগে লগে দণ্ড।

দেৱদাস আউট।

শূণ্যত পাৰুললতাৰ মধ্যমা আঙুলি।

ভৰিত ধৰি ক্ষমা খুজিও দেৱই ক্ষমা নাপালে।

কাৰণ সাগৰৰ নাম সমুদ্ৰ বৰা ওৰফে বিশাল ওৰফে শচীন।

দেৱ দাসে কয়, ” এতিয়া ফেক একাউন্টৰপৰা তাইক চাই থাকোঁ  অৰ্থাৎ  দুৱাৰখন জপাই দিলে বেৰৰ ফুটাৰে জুমি চাওঁ!”

দেৱৰ কি হ’ল নাজানো। জীৱিকাৰ সন্ধানত  কেৰেলা পালোঁগৈ।

আজি  সাতবছৰৰ মূৰত ঘৰ পালেঁহি।

এতিয়া দেৱদাসৰ সুন্দৰ চেহেৰা।

 তাৰ দুটা প্ৰকাণ্ড পুখুৰী। মাছৰ নাচোন।

পুখুৰীৰ পাৰত গাহৰি পাম।

বাৰীত এখন ইক’ ৰিজৰ্ট। এখন নাৰ্ছাৰী।

দেৱদাসৰ লগত মই তাৰ গাহৰী পাম চাবলৈ গ’লো। সুন্দৰ ব্যৱস্থা।

দেৱদাসে দানা অলপ লৈ চিঞৰিলে

” আহ সমুদ্ৰ  সমুদ্ৰ আহ আহ আহ…….”

নেগুৰ জোকাৰি সমুদ্ৰ নামৰ গাহৰিটো দৌৰি আহিল।

দেৱদাসে হাঁহি হাঁহি ক’লে——–

“ইয়াক এইবাৰ বিহুত কাটিম।এক কেজি মান নিবি।”

 দেৱদাসলৈ  চালোঁ……

ই বাৰু সচাঁকৈ চাইক’ নেকি!!

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *