ফটাঢোল

জিন দা চুপাৰমেন- ধনজিৎ বৰুৱা

নামটোৰ দৰে দাদাই কাৰবাৰবোৰ কৰি বাইদেউহঁতে ঘৰত মাতিবলৈ ৰখা নামটোক আলোকিত কৰিছিল; লগতে সোঁৱৰণীৰ নামটোক আন্ধাৰত ডুবাইছিল। সোঁৱৰণীত নাম আছিল প্ৰশান্ত। ঘৰত নাম “জিন” আমি মাতিছিলো “জিনদা”। জিনদাৰ কাৰবাৰ জিন্দা দিল। জিন্দা দিলৰ পাৰ্শ্বৰূপ কিন্তু বৰ মুচকিল  । মাজতে অৰুণাচলৰপৰা আনাৰস অনাৰ কাৰবাৰ কৰিলে। ৰাতি তিনি বজাত যে পৃথিবী এখন সাৰে থাকে তেওঁ ভবাই নাছিল। ৰাতি টুকুৰিবোৰ ট্ৰাকে ট্ৰাকে আহি ৰৈ আছে। তাতে যেনিবা  কথা-বতৰা শুনি সৰু ল’ৰা এটাই আহি ঘৰ পালেহি। (সৰু টাউনখনৰ কাষতে ঘৰ আৰু চিনাকি কাৰণে) 

খবৰ পাই তাৰ লগত ওলাই গৈ আনলোড কৰিলে ৰাতিপুৱা সাত বজাত। ওপৰত উঠি সব টুকুৰি  চিনাকি এটাৰ দোকানৰ বাৰাণ্ডাত  পেলালে। ট্ৰাক  গ’ল। এখন টেম্পুৰ সমান মাল পূৰা আনাৰসৰ চাটনি হৈ গ’ল। জিন দাৰ উত্তৰ” টোপনিৰ জালত মই আগৰবাৰ গাঁৱতে বেপাৰ কৰা নাৰিকলৰ বস্তা বুলি ভাবিছিলোঁ ! “

লগৰজনে সহায় কৰিবলৈ গৈ বাৰাণ্ডাত পৰুৱা খেদিবলৈ  হাজিৰা লগাবলগীয়া হ’ল। আনাৰসৰ ৰস জিনদাৰ যশ । একেবাৰে বটলৰপৰা ওলোৱা  ভূতে কৰা কাৰবাৰ। পলকতে  দুমাহৰ কষ্টৰ ফলে চকুৰ পচাৰতে  আন ৰূপ ল’লে।

আলাদিন জিনদাৰ মূৰত বহি আছিল। যেতিয়াই আমাক  পায় সদায় কয় তিনিটা আশাৰ কথা—- “এক কোটি মান টকা,এখন গাড়ী, আৰু অলপ পঢ়া শুনা স্বভাৱ চৰিত্ৰ ভাল কইনা এজনী পালে হৈ যায়।” এই তিনিটা আশা মাজে মাজে মনোভাৱ সলনি হৈ বেলেগ হৈ থাকে। কেতিয়াবা কয় “কাচিন ট্ৰেইনিং, হাজাৰ গুলিৰ বন্দুক আৰু ছাৰৰ অৰ্ডাৰ পালেই সমাজ চাফা কৰি দিম” টাইপৰ কথা । কেতিয়াবা হৈ পৰে  “এটা পিস্তল, এটা ঘোঁৰা আৰু এখন পাম পালে ঘেন্টা খাতিৰ নকৰোঁ, নিজৰ উপাৰ্জন খাম।”  মুঠৰ  ওপৰত জিন্দা দিল কাৰবাৰ। আমি জেঠাইঘৰত পঢ়িবলৈ বুলি গৈ বহু দিন থাকোঁ। কেতিয়াবা মনত পৰোঁতেই চাকিৰপৰা ওলোৱাৰ দৰে আহি ওলাই সি। যি বিচাৰোঁ  ব্যবস্থা সি কৰিব। মুঠতে উৎপাত চলে । 

সেই সময়ত গৰু উদং এৰে। গৰুৱে মনৰ মৰ্জিত ঘৰলৈ যায় ,প্ৰেমিকাৰ পাছত ঘৰ বাৰী ফুৰি গৰম বন্ধ পালন কৰাৰ দৰে ভদঙীয়া হৈ থাকে । তাৰে ওজন থকা আৰু দৌৰত পাছপৰাবোৰক যুটি  আনি জেঠাইঘৰত মৰণাত উঠাই দিওঁ। মৰণা আধা ঘন্টাত খতম। চাৰি হাল ধৰি বহল ডাঙৰ মৰণা পেলাবলৈ কওঁ। জিন্দা দিলে আহি গম পালে কথাটো। সিয়ো  মোৰ লগত যাব। জেঠাইঘৰৰ দাদাই  বোলে ই তোক  বিপদত পেলাব। মই পেটে পেটে এই বটলৰপৰা ওলোৱা ভূতৰ সাহ কিমান চাবলৈ যে আৰাবিয়ান নাইটচৰ লিখকৰ দৰে পাং  পাতিছো, কোনেও ধৰিব পৰা নাই। সমস্ত প্লেন চফা  কৰি পথাৰৰ যাত্ৰাত দেখিছোঁ আমাৰ পাছফালে  জেঠাইৰ ভতিজাৰ পুতেক ১০বছৰীয়া টিকু  । মই বোলো তই ঘৰত যা। সি কেৰাটে শিকা ফৰিঙৰ দৰে ওখ এডভেঞ্চাৰ বিচাৰি পাগল হৈ মনে মনে আহি আছিল । 

ওচৰতে এখন চোমনি  আছিল। ৰখীয়াজনৰ গৰুবোৰ তাতে উদং দি চাই থাকে। মই দুবাৰমান আনোঁতে  তেওঁ দম দমাইছিল। ময়ো কেৰেপ  নকৰোঁ যদিও গম পাইছিলোঁ  যে তেওঁ মনে মনে চাৰ্জিকেল ষ্ট্ৰইকৰ প্লেনিং  কৰিব। মই জিনক  আন এহাল গৰু সাঙুৰিবলৈ লগাই মই মানুহজনৰ দুহাল সাঙুৰি আন এহাল সাঙুৰি দৌৰাই  দিওঁতে তেওঁ জেওৰাত হাইজাম্প মাৰি ফচি  গ’ল। তাৰ পৰাই তেওঁ দাখন  জোকাৰি দম দি আছিল। একবস্ত্ৰ বাবে বস্ত্ৰ ভাগ এৰিবলৈ সংকোচ কৰিছে আমি তেনেকৈ খেদিলে  বিপদ ঘটাম  বুলি। মই জিন দাক ক’লো মানুহজনে দম দিছে।আপুনি কিবা এটা কওক।জিন দাই বেপাৰ  কৰি লগ পোৱা বহু ভাষাৰ গালিৰ  এটা সবমিছল  গালিৰ টোপোলাৰে  মানুহজনক  “মই চুপাৰমেন” টাইপ ভাও এটা দেখুৱালে। তাৰ পাছত মানুহজনে এক বস্ত্ৰৰ লাগি থকাকণ টানি এৰুৱাই  আমালৈ চোঁচা  ল’লে। তেতিয়া হে জিন দাই মন কৰিছে দীঘল নালৰ চিকচিকাই থকা দাখন। জিনদাক পলাবলৈ কোৱাৰ আগতেই চুপাৰমেনৰ দৰে  টাৰ্ণ লোৱা দেখিলোঁ। মই তথাপিও গৰু খেদি দৌৰাই দিলোঁ পথাৰলৈ। টিকু বেচেৰাই  ঘটনাৰ ৰূপ দেখি দৌৰোঁতে পৰিল। মানুহজনে কাটিব বুলি সি ধানৰ নৰা ফালি লুকাব  খোজোঁতেই মই কলাৰত ধৰি ডাঙি আৰু দৌৰালোঁ তাক। ৰণুৱা এৰি যাব নাপায়,কিন্তু জিন দা ক’ত। মোৰ আগত কেৱল দৌৰি থকা গৰু।সি আমাৰ দুইটাৰ  লগত জীৱনত ক’লৈকো  নহাৰ তেতিয়াই একুৰি  শপত খালে ভৰি মাটিত নলগাকৈ দৌৰি  । কলাৰত ধৰি আছিলো বুলিহে সি আহি আছে। তেনেকুৱাতে মই নৰা ফালি গোনা ম’হ অহাৰ দৰে শব্দ শুনি দৌৰি থাকোঁতে কাষলৈ চালোঁ। নৰা ফালি চুপাৰ মেন  জিন । দৌৰৰ চাটত লুঙী কৰি পিন্ধা বগা চুৰীয়াই কমপ্লিট পাছফালে উৰিছে  ঢৌ খেলি আৰু চুপাৰ মেনৰ  নীলা লিপিট  খোৱা বস্ত্ৰকণ বাদ দি  ফুল অন্তৰ্বাসেৰে জিনদা । মই হাঁহিম  নে পাছত অহা দা খনৰ বাবে কান্দিম! লগত এই টিকু। মানুহজনৰ কি হ’ল নাজানো। হয়তো আমাক দৌৰাই দিয়াটোকেই বিজয় ভাবি গ’লগৈ নে আমাৰ পাৰ্টি ৰৈ আছে বুলি ভয় খালে নে গৰুকেইটাই ইতিমধ্যে বহুদূৰ পালে বুলি এৰি থৈ গ’ল নাজানো। আমি জেঠাইঘৰৰ অলপ আঁতৰৰপৰা ঘূৰি চালো। নাই। ডিঙি বাচিল, ভৰি বাচিল। 

চুপাৰ মেনে নৰাৰ ওপৰত বেং পৰা দি পৰি জিৰাইছে  । টিকুৱে হাঁহিছেও,কান্দিছেও । 

তাৰ বহু বছৰৰ পাছত সকাম এটাত যাওঁতে সেই দা লৈ অহা মানুহ জনক মোক চিনাকি কৰাই দিছে জেঠাইৰ লৰাজনে,,,,”এইটোৱে ,,,,,,সেইইইটো ” বুলি। ঘৰৰ ডাঙৰ বোৰে মোক তেতিয়াও ধমক দিছে মানুহজনৰ সমুখতে। কিন্তু সেই দা লোৱাজনে বৰ মনত লগা কথা এষাৰ ক’লে —-“আজিকালি সেই ঘটনা বোৰ নহয়।সেই ঠাইৰ সৰু ল’ৰা ছোৱালীবোৰ পথাৰলৈ নোযোৱা  হ’ল। তহঁতে চাগে সেইবোৰ উৎপাত কৰা শেষ চাম।” টিকু এতিয়া ৰাজ্যৰ ডাঙৰ নাৰ্ছিংহোমৰ  স্বাস্থ্য কৰ্মীক শিক্ষা দিয়া ডাঙৰ বিষয়ববীয়া ( আমাৰ লগত সি নুফুৰাৰ আৰু পঢ়া শুনা কৰাৰ সুফল) বুলি মানুহজনে জানে। হঠাৎ মানুহজনে সুধিলে সেই ডাঙৰটো ক’ত? মানুহজনৰপৰা চাৰিজন বাদ দি চুৰিয়া চোলা পিন্ধি চন্দনৰ ফোঁট  লৈ সকামত  নতুনকৈ পাঠক হ’বলৈ শিকা সেইজন আমাৰ জিনদা। বদমাচি হাঁহি মাৰি থকা চকুযুৰি। দুয়োটাই যেন বিচাৰিছোঁ—“গুলি মাৰ ব্যস্ত জীৱন, বৈ চোমনিৰপৰা আহোঁ।” মই মানুহজনক —–“আছে ইয়াতে ক’ৰবাত”—বুলি এৰি আহিলোঁ।অলপ আঁতৰত দুয়োটাই সেই চুপাৰ মেনৰ উৰি যোৱা লুঙী আৰু টিকুৰ শপতটোৰ কথা পাতিবলৈ। 

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *