ফটাঢোল

হোষ্টেলীয়া বিয়াৰ উলাহ আৰু বমিৰ ছুনামি- দিগন্ত তালুকদাৰ

হোষ্টেলত থকা ল’ৰাবিলাকৰ বিয়া বুলি ক’লেই মনত এক বেলেগ আলোড়ন। বিয়ালৈ যোৱা, সাজি-কাচি থকা ছোৱালী, বোৱাৰীবোৰ নয়ন ভৰি ৰঞ্জন ৰশ্মি সম্বলিত দৃষ্টিৰে চোৱা আৰু টেটুলৈকে গিলি পেট ভাটাং-ভুটুং লাগি ইচাৎ-বিচাৎ নকৰালৈকে ভাল নলগা আদিবোৰ হোষ্টেলীয়া জীৱনৰ এৰাব নোৱাৰা অংগ। কিমান নমতা বিয়া গৃহস্থই চিনি নোপোৱাকৈ ‘চুট-বুট’ পিন্ধি গহীনত ভদ্ৰলোকৰ বেশত ‘পাৰ্নিল পেলচ’ আৰু ‘ডেকোৰা’ৰ লগতে আন আন বিবাহ ভৱনবিলাকত খালোঁ, আমাৰ জি.চি.চি. হোষ্টেলৰ আবাসীৰ হাতত ইয়াৰ কোনো নিৰ্ভৰযোগ্য পৰিসংখ্যা নাই। এই সত্য পিছে মহাবাহুৰ বোৱতী পানীৰ দৰেই চিৰন্তন; চিৰ প্ৰবাহমান।যুগে যুগে নমতা বিয়াৰ সুস্বাদু ব্যঞ্জন বিভিন্ন আৱাসীয়ে উদৰস্থ কৰি অহাৰ যি এক উজ্জ্বল পৰম্পৰা, সেয়া আমি সামান্য নৰমনিচবোৰে জানো উৰুৱাই দিব পাৰোঁ? মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ লগে লগেই যেনেকৈ আমি কিছুমান ‘প্ৰিঞ্চিপুল’ গ্ৰহণ কৰি সমাজ আৰু সভ্যতাৰ উত্তৰণ ঘটোৱাৰ অহৰহ প্ৰচেষ্টা কৰি থাকোঁ, ঠিক তেনেদৰেই নমতা বিয়াত আলহী হোৱাৰ এই ‘প্ৰিঞ্চিপুল’ৰ উদ্ভাৱনৰ বাবে আমি নতমস্তক হৈ চিনিয়ৰবোৰৰ পথেৰেই বাট নুবুলিলে জানো শোভা পায়? আৰু ইমান ধৃষ্টতা কাৰ কলিজাত? হোষ্টেলত সোমোৱাৰ লগে লগেই হোষ্টেলৰ ‘শপতনামাত’ উল্লেখ থকা এইবোৰ নিয়ম-কানুন বিনাচৰ্তে মানি লোৱা হ’ব বুলি অংগীকাৰ নকৰিলে হোষ্টেলৰ আৱাসী হৈ থকাই মস্কিল! এনেকুৱা আৱাসীৰ লগত বাকীবোৰে মঙল গ্ৰহৰ প্ৰাণী সদৃশ ব্যৱহাৰ কৰাতো ধুৰূপ! আৰু এই অভ্যাস জানো স্বাস্থ্যসন্মত নহয়? দালিৰ পানী,স্কোৱাচ, দাংবডী,আলু আৰু উৰহীৰ লেবেৰা; ৰবিবাৰ আৰু বুধবাৰে চান্দমাৰী কলনি বজাৰৰ নিশকতীয়া ব্ৰ‌ইলাৰৰ ভাগ্য সুপ্ৰসন্ন হ’লে বাতিটোৰ তলত শুই নি:পালি দিয়া দুই-এপিচ; সোমবাৰ আৰু শুকুৰবাৰে চালানী ৰৌৰ ব্লেডেৰে কটা সুবিশাল একোটা পিচ; মঙল আৰু শণিবাৰে আলু ভাজিৰ লগত একোটা প্ৰকাণ্ড হাতীৰ ডিম; বৃহস্পতিবাৰে ‘গ্ৰীণ চালাড’ৰ লগত একেলগে কিলমিলাই থকা কেঁচু আদিয়ে আৱাসীবোৰক বিয়া-সবাহৰ প্ৰতি আগ্ৰহী কৰি ৰখাটোৱেই আছিল ধুৰূপ। আমি যদি এই একবিংশ শতিকাত নিজৰ শৰীৰটোৰ ধ্যান নাৰাখোঁ তেন্তে কেনেকৈ হ’ব?

প্ৰতিবাৰতে ঘৰলৈ গ’লেই বুঢ়ী আয়ে “সোণামুৱাটোৰ কিয় এনে অবস্থা কৰিলি? ক’ৰ জেলত ভৰাই থৈ আহিলি?”———বুলি মাক-দেউতাকবোৰক তিৰস্কাৰ কৰি যিহে ৰাউচি জুৰি কন্দা-কটাখন লগায়! গালত জিলিকি থকা হনু, অস্থি-চৰ্মসাৰ দেহা দেখি স্কুলৰ দিনৰ পৰাই প্ৰেম সাগৰত হাবু-ডুবু খাই থকা পমিলা, ৰমলা, সৰলাহঁতৰ মনত বেদনাৰ ধল! ঘৰলৈ গ’লেই প্ৰতিজন আৱাসীৰ মন সেমেকি আহে! প্ৰতিজন আৱাসীৰ সেইবাবেই বিয়া-সবাহ আদি খাদ্যোৎসৱবিলাক বৰ আগ্ৰহৰ। কিবাকৈ ঠেলি-হেঁচি বহাৰ জেগাকন উলিয়াই গো-গ্ৰাসে কৰা ভোজন এক ঐশ্বৰিক প্ৰক্ৰিয়া বুলি আমি সজ্ঞানে মানি চলি, পাণ-তামোল আৰু চফৰপৰা সকলো উদৰস্হ কৰি আহিছো‌ঁ। গতিকে মতা-নমতাৰ প্ৰশ্ন নুঠে; খোৱা মেইন! তাতে আকৌ যদি বিয়াখন হোষ্টেলৰ কোনোবা আৱাসীৰ বাই-ভনী নাইবা অঙহী-বঙহীৰ হয় তেতিয়া আৰু কথাই নাই। পৰীক্ষা, টিউশ্যন, ডেট্ সকলো পাহৰি বিয়াখন হৈ পৰে জীৱনৰ শ্ৰেষ্ঠ সুখানুভূতি! মুঠতে উবুৰি খাই পৰিব লাগে। দৰা বা ক‌ইনাৰ মাহীয়েকৰ জীয়েক,পেহীয়েকৰ জীয়েক, দূৰ সম্পৰ্কীয় বৌৱেক, বায়েক আদিৰ লগত উটি-ভাঁহি ‘নাগিন ডান্স’ৰ সুযোগকণ লৈ পাৰিলে গা-ঘেলাই কোনোবা এজনীক তাতেই নিজৰ কৰি লোৱাৰ অংগীকাৰ কৰি হোষ্টেললৈ বীৰদৰ্পে প্ৰস্থান কৰিব লাগে। হোষ্টেলীয়া জীৱনত বিয়া এখনৰ শিপা ক’লৈ যে সোমাই নাথাকে?

হঠাতে এদিন চুপাৰ চিনিয়ৰ ৰাজীৱদা হোষ্টেললৈ আহিল হাতত এটা চিঠিৰ টোপোলা লৈ। হেনো বায়েকৰ বিয়া। নিমন্ত্ৰণী শৰাই লৈ আহিছে। আমাকনো বাৰু নিমন্ত্ৰণ দিব লাগে নে? বিয়া-বাৰুবোৰৰ কথা শুনিলেই ‘সত্য নাৰায়ণ পূজা’ খোৱাদি খাব লাগে বুলি ৰেগিঙৰ সময়তেই জিষ্ণু, পৰাগ আৰু লিগেজিনিদাই দীক্ষা দি থৈ যোৱা পূৰাই মনত আছে। তেনেস্থলত চিঠিৰে নিমন্ত্ৰণ…! আহ….!! ভাবিয়েই সকলোৰে মন প্ৰাণ পুলকিত হৈ উঠিল। বিয়াৰ দিনা দঢ়াই দঢ়াই যাবলৈ কৈ ৰাজীৱদা গ’লগৈ। সেইদিনা আবেলিৰপৰাই হোষ্টেলৰ কেলেণ্ডাৰখন ৰঙা কলমেৰে দাগ কৰি মই, বিক্ৰম আৰু ধ্ৰুৱ‌ই ‘কাউন্টডাউন’ আৰম্ভ কৰিলো। মনিটৰ ৰিতু বড়ো আৰু ৰঞ্জিত কছাৰীয়ে কলাখাৰৰ বটল এটা যোগাৰ কৰি আলুপিটিকা, বেঙেনা পিটিকা আদিত সঘনে দি পাকস্থলী ‘গ্ৰীজিং’ কৰাত লাগিল। বিয়ালৈ মাজত মাথোঁ সোতৰটা দিন বাকী। আমাৰ প্ৰস্তুতি তুংগত।

অৱশেষত অনেক জল্পনা-কল্পনাৰ অন্তত বহু প্ৰত্যাশিত দিনতো আহি পালেহি। ৰাজীৱদাৰ বায়েকৰ বিয়া। ৰাতিপুৱাই বিক্ৰম, ধ্ৰুব, উজ্জ্বল, ৰাভা, নয়ন, হালব্ৰী,আৰন, মানস, ৰিতু, আশ্বৰ্য আদিবোৰৰ লগতে মই, ৰূমমেট মনোজদা, চিন্ময়দা ওৰফে চি.এম.ডি, মনিটৰ ৰিতু বড়ো, অভিজিতদা, দেবজিৎ বৰুৱা,কুলদীপ মেধি, কন্দৰ্প শৰ্মা, ৰঞ্জিত কছাৰীৰ লগতে হোষ্টেলৰ ৰান্ধনী ৰসেশ্বৰ, জয়ন্ত আৰু সুভাষো যাবলৈ সাজু হ’লো। চুপাৰ চিনিয়ৰ অচ্যুতদা ওৰফে এ. কে.ডি ও ক’ৰবাৰ পৰা বিয়া খাবলৈ যাওঁ বুলিয়েই হোষ্টেলত হাজিৰ হ’ল। আমাৰ মঙলদৈ অভিমুখে যাত্ৰা আৰম্ভ হ’ল। 

মঙলদৈ চহৰৰ সমীপতে ৰাজীৱদাৰ ঘৰ। সেই সময়ত মোবাইল-ফোবাইল আদি জিনিচ আমাৰ উকা কপালত নাছিল। গতিকে ‘গুগল ভাইটি’ৰ কোনো সহায়-সহযোগ নোলোৱাকৈ বাছৰপৰা নামি ৰিক্সা একোখনত উঠি, সুধি-পুচি বিয়াঘৰ পালোঁ। উদুলি-মুদুলি পৰিবেশত সোমাই মন ৰাইজাঁই কৰিব আৰম্ভ কৰিলে। জীয়ৰী-বোৱাৰী কোনো সাৰি যোৱা নাই আমাৰ শেন দৃষ্টিৰপৰা! এনেতে ৰাজীৱদাই হাঁহি এটা মাৰি ভিতৰৰ পৰা আহি হোষ্টেলীয়া ‘ক’ড লেঙ্গুৱেজ’ত ক’লে—– “হ’ব নেকি?” আমি বুজি পালো যে আমাৰ বাবে জলপানৰ ব্যৱস্থা কৰিছে ভিতৰত। পেটবোৰ কলমলাই আছিলেই; চিধাই গৈ খোৱাৰ ঠাই পালো। এঠা লগা দৈ-চিৰাৰ লগত মিহিদানা আৰু একোটা ৰসগোল্লা দিয়া হ’ল। ‘কেটেৰিঙ’ৰ মানুহ কেইজনক আমাক ভালকৈ পৰিচয় কৰাই দি ৰাজীৱদা নিজৰ কামত লাগিল। খাই বৈ আমি সকলোৱে এবাৰ মঙলদৈ চহৰ চাওঁ বুলি বিয়াঘৰৰপৰা ওলাই আহিলো। নিৰ্জন ঠাই এটুকুৰাত ৰৈ চাধা, চিগাৰেট আৰু দেৱাদিদেৱ মহাদেৱ প্ৰভুৰ নিমিত্তে পূজা এভাগো আগবঢ়োৱা হ’ল। মহাদেৱ বাবাই গা-মন পাতল আৰু শান্ত কৰি পেলালে সকলোৰে। মঙলদৈ চহৰ চোৱা নহ’ল; সাক্ষাৎ ‘বাবা’ই আহি লগ নেৰা হ’ল যে ! এক-ডেৰ ঘন্টামান সেইখিনি ঠাইতেই পিয়াপি দি মহাদেৱ ‘বাবা’ক পুণৰবাৰ স্মৰণ কৰি গাটো অকণমান পাতল কৰি বিয়াঘৰলৈ উভতি আহিলোঁ সকলোৱে।

ইতিমধ্যে বিয়াঘৰ আলহী-দুলহীৰে ভৰি পৰিছে। বামুণে মন্ত্ৰোচ্চাৰন কৰি পৰিবেশটো সুন্দৰ কৰি তুলিছে। ফটোগ্ৰাফাৰ এজনে হাতত জাপানী ‘য়াছিকা’ কেমেৰা এটা লৈ ধান সিজোৱা টৌটো হৈ গপত ফুলি ছোৱালী-বোৱাৰীবিলাকৰ আগে পিছে ইচ্ছাকৃতভাৱে ঘূৰি ফুৰিছে। সৰু পোৱালিবোৰ তেওঁৰ সোঁৱে-বাৱেঁ দৌৰি ফুৰিছে। ভাগ্য সুপ্ৰসন্ন হ’লে ৰীল শেষ হোৱাৰ আগতে ফটো একপি উঠিব।দুই এজন ‘ইজী কামত বিজী’ নপতা ফুকনে কেৰা-কেৰীকৈ ইফালে সিফালে চাই দাঁত কামুৰি লগুৱা-লিকচৌ, কামকৰা বাই আদিক কিবাকিবি নিৰ্দেশ দিছে; মাজে মাজে ধমকো দিছে। যেন বিয়াখন তেঁওলোক ন’হলে ন’হব‌ই! আমাৰ প্ৰত্যেকৰে চকু ‘ব্যোমকেশ বক্সিৰ’ নিচিনা একোজনী পূৰ্ণযৌৱনা ছোৱালী,বোৱাৰীৰ ওপৰত স্থিৰ। বিক্ৰমৰ বেগত লৈ যোৱা কোব্ৰা ডীওড্ৰেন্ট, বোৰোপ্লাছ আৰু নিভীয়া ঘঁহি নিজৰ সৌন্দৰ্য্য বঢ়োৱাৰ প্ৰতিযোগিতাত কোনো পিছ পৰি ৰোৱা নাই। কেৱল অচ্যুতদা, কন্দৰ্প শৰ্মা আৰু ৰূমমেট মনোজদা ব্যতিক্ৰম! ‘বাবা’ৰ মহিমাই ছানি ধৰাত হাঁহি হাঁহি নিজৰ মাজতেই বিভোৰ; মায়া-মোহ, কাম-ক্ৰোধ আদিৰ উৰ্ধত; খেয়ালী দুনিয়াৰ খবৰ নাই….!

ক‌ইনাৰ মামাকে আহি সাদৰেৰে আমাক সকলোকে খাবৰ বাবে মাতিলে। আমিও পলম নকৰি খোৱাৰ খোলা পালোঁ। মাছ-মাংসৰপৰা আৰম্ভ কৰি দৈ-মিঠাই আদি সকলো দকচি খাই গেৰেলা হৈ কিবাকৈ ৰভাৰ তল পালোঁ। ক‌ইনাক নোৱাই নিৰ্দিষ্ট স্থানত বহুওৱা হৈছে। বিভিন্নজনে হৰেক ৰকমৰ গীফ্ট দিবলৈ আৰম্ভ কৰিছে। আমি সেমেনা-সেমেনিকৈ ইজনে সিজনৰ মুখলৈ চাইছোঁ। গীফ্ট এটা আনিব লাগিছিল দেখোন…!! চুপাৰ চিনিয়ৰ বীৰেন্দ্ৰদা আৰু অংশুমানদা সোমাই আহিল হাতত এটা প্ৰকাণ্ড গীফ্টৰ টোপোলা লৈ। অলপ পিছত দুয়োকে খাবলৈ মতাত গীফ্টৰ টোপোলাটো মোৰ হাততে দি দুয়ো খাবলৈ সোমাল। মই, ধ্ৰুব আৰু বিক্ৰমে অচ্যুতদাৰ ফালে কিবা এটা আনে বুজি নোপোৱা অনুমতিৰ আশাত চালোঁ। তেওঁ মূৰ দুপিয়ালে। সাক্ষাৎ মহাদেৱৰ আজ্ঞা যেন লাগিল আমাৰ! তৎক্ষণাৎ আমি তিনিও উঠি ক‌ইনাৰ হাতত গীফ্টটো দি বেগেৰে গুৱাহাটীমুখী বাছত উঠিলোঁ। আঘোণ মাহ; বিয়াৰ উজান ! বেছিভাগ মানুহেই বিয়া খাবলৈ বা বিয়া খাই বাছত উঠিছে। ভিৰ বেছি নাছিল বাবে বহিব পালোঁ যেতিয়া আমি প্ৰায়বিলাকেই শুই পৰিলোঁ।

আধাঘন্টামান পিছত অলপ হাল্লা-গুল্লা শুনি খপজপকৈ সাৰ পাই দেখোঁ যে বাৰ-পোন্ধৰটামান পোৱালিৰ সৈতে লুঙি পিন্ধা মানুহ এজন আৰু তিনিজনী মাইকী মানুহ গাড়ীত উঠি চিটৰ বাবে হাহাকাৰ কৰি আছে। আগৰ ষ্টপেজত উঠোঁতে হেনো কণ্ডাক্টৰে চিট উলিয়াই দিম বুলি ‘প্ৰতিশ্ৰুতি’ দিছিল। গতিকে চিট লাগে। মই বিৰক্ত হৈ ওচৰতে ৰৈ থকা পোৱালি কেইটাৰফালে চালো। কোনোবাৰ হাতত ভজা পাপড়, কোনোবাৰ হাতত গোল্ড ফি‌ংগাৰৰ পেকেট, দুজনমানে আকৌ ললীপপ চুপিছে, আন কেইজনমানে আকৌ ৰঙা ভজা বাদামৰ শ্ৰাদ্ধ পাতিছে! মোটামোটি প্ৰত্যেকৰে নাকবোৰত তিৰবিৰাই ওলমি আছে ইষৎ হালধীয়া ৰঙৰ বেলুন!

 কেচেমা-কেচেম সুবাস এটা মলয়া বতাহ এছাটিৰ  সৈতে নাকৰ ভিতৰত সোমাইছে। ‘ফুল পেট’ খাই আমাৰ মাজৰে দুই এজনৰো ইতিমধ্যেই ‘পাংচাৰ’ হৈ বাছখনৰ বায়ুমণ্ডল বিশুদ্ধ কৰিছে! উস…….! তেওঁলোকৰ কথোপকথনৰপৰা গম পালোঁ যে তেওঁলোকেও ক’ৰবাত বিয়া খাই ঘৰলৈ উভতিছে। ইমানেই কেলকেল-ভেলভেল কৰিছে যে বাকী সকলোবোৰৰ সুখনিদ্ৰা ভংগ হৈছে আৰু বিৰক্তিত ইজনে আনজনৰ মুখলৈ চাই ৰৈছে। 

হঠাতে মোৰ পিছফালে কাৰোবাৰ মুখৰ পৰা বিকট শব্দ এটা ভাঁহি আহিল- ‘ওৱাক’ !! 

মই ভয়ানক কিবা এটাৰ আশ‌ংকাত পিছপিনে লাহেকৈ ঘূৰি চালো। সৰু পোৱালি এটাৰ মুখত মাকজনীয়ে হাত এখনেৰে জোৰকৈ ধৰি আছে আৰু মই চোৱা দেখি বত্ৰিশটা তামোলৰ পিকেৰে মিনা কৰা দাঁত জিলিকাই হাঁহি ৰৈছে! তেওঁৰ আঙুলিবোৰত জিলিকি আছে হজম নোহোৱা ভাত আৰু দালিৰ হালধীয়া পানী। মোৰ বুজিবলৈ দেৰি নালাগিল কি হৈছে! মোৰ ডিঙিৰ পিছফালে অলপ গৰম জুলীয়া পদাৰ্থ এঠা খাই ধৰিছে। চুলিখিনিও কিবা লাগি যেন তিতি গৈছে। বিজুলী গতিত ‘এনালাইছিছ’ কৰি পেলালোঁ যে পোৱালিটোৱে বমি কৰিব ল‌ওঁতেই মাকে চাগে জোৰকৈ মুখত টিপি ধৰিলে আৰু বেচেৰাৰ উদৰৰপৰা ওলাই অহা লাভাসদৃশ বস্তুখিনি ছুনামীৰ ৰূপ লৈ হোলীৰ ফিচকাৰি মৰাদি মাকৰ পাঁচ আঙুলিৰ ফাকেৰে নিৰ্গত হ’ল। মৰসাহ কৰি হাতত ৰুমালখন লৈ কোনেও নেদেখাকৈ ডিঙিতো মচি আনিবলৈ চেষ্টা কৰিছোঁ। ৰুমালখন লাহেকৈ আনি পকেটত ভৰাব লৈ চালোঁ। অকনমান লেলাৱতি লাগিছে আৰু লগতে ফুলকবিৰ আধা ছিঙা ঠাৰি এডাল। ভাবিছোঁ বেচেৰাটোৰ খাওঁতে চাগে খুউব লৰা-লৰি হৈছিল। মূৰতো নমচো বুলি স্থিৰ কৰিছোঁ ; আচলতে সাহস গোটাব পৰা নাই অচিন আশংকাত….ছাগলীৰ কলিজাৰ ভগ্ন টুকুৰা এডোখৰ ওলায় যদি ? গাড়ীৰ বতাহতে শুকাবলৈ এৰি দিছোঁ। মোৰ পেটত কিবাকিবি হৈছে। খাহীৰ ঠেং, ভকুৱা মাছৰ কলঠি, ৰসগোল্লা আদিবোৰ যেন মোৰ পাকস্থলীত পাক খাই ৰ’ব নোৱাৰা হৈছে। ঈশ্বৰক খাটনি ধৰিছোঁ। ‘ওৱাক’…..! ডিঙিলৈকে অহা বস্তুবোৰ কিবাকৈ ভিতৰলৈ ঠেলিছোঁ; ধৈৰ্য আৰু ইচ্ছাশক্তি কিমান জুখিছোঁ। ইফালে সিফালে চকু ফুৰাইছোঁ। বিক্ৰমাদিত্যক বেতালে লম্ভা দি ‘বাবা’ আহি  পিঠিতে ওলমি দিয়াত কাষৰ চিটত ৰূমমেট মনোজদা কুম্ভকৰ্ণ নিদ্ৰাত! গালত ওলমি আছে অকণমান ‘দাইল-লেলাৱতি মিক্স’ লগতে বন্ধাকবি পাত আৰু কোনোবাই নিপুণ হাতেৰে কটা সৰু গাজৰৰ টুকুৰা এটি! সম্মুখৰ পিনে প্ৰতিজন মানুহেই ৰুমাল, গামোচা আদি উলিয়াই নিজৰ নিজৰ কাপোৰ, গা-মূৰ মচি ৰৈছে। দুগৰাকী ভদ্ৰমহিলাই মুখ বেকেটা কৰি খিৰিকীৰে দিছে…..’ওৱাক’! গাড়ীৰ ড্ৰাইভাৰজনে এক মূৰৰপৰা অশ্ৰাব্য অভিধান ‘নম্ৰকান্ত’ খন খুলি গালিৰ ফুলজাৰি মাৰিছে। কি সুন্দৰ পৰিবেশ! দেখিলো চি.এম.ডি ওৰফে চিন্ময়দা লাহেকৈ উঠি আগপিনে গৈ বাছৰ দৰ্জাত ওলমি থকা হেণ্ডিমেনজনৰ ওচৰ পালে। তেওঁৰ অঙ্গী-ভঙ্গী দেখিয়েই তেওঁৰ লগতো যে কিবা এটা দুৰ্ঘটনা হৈছে অনুমান কৰি লাহেকৈ কাষলৈ গৈ ফুচফুচাই সুধিলোঁ- —“কিবা অঘটন হৈছে নেকিহে ককাইদেউ?”— চকু পকাই ক’লে—–“কাকো ন’কবি, কৰবাৰ পৰা উৰি আহি বমি পৰিছে মোৰ গায়ে-মূৰে।বাকীবোৰে গম পালে হোষ্টেল সোমাব নোৱৰিম।”—মই বোলো —মোৰো একেই দশা হৈছে; আপোনাৰ ‘একচন’ দেখি নিজৰ সংগী বিচাৰি পোৱাৰ ফূৰ্তিতহে উঠি আহিলোঁ। এয়া চাওক মোৰ বগাৰপৰা হালধীয়া হোৱা ৰুমাল আৰু চুলিত শুকাই গোট মৰা…….!

মানুহজনীক উদ্দেশ্যি কোনোবাই খ‌ং আৰু প্ৰচণ্ড বিৰক্তিত কৈ উঠিল—–“সেইটোক খিৰিকীৰে পেলাই নিদিয় কিয়? আকাল নোহোৱাকৈ আছেই দেখোন!”

মানুহজনীও কম নহয়। জকজকাই উঠিল—–” হালাৰে হালা….এইগুলো কথা কৈছ কেন গো…এই চাৱালগুলো কি আমাৰ….এইগুলো হৈলো আল্লাৰ দান….ফালাই দিম কেন??”

আমিবোৰে বোলো—হে হৰি! কি পাল্লাত পৰিলোঁ। আজি গুৱাহাটী গৈ পালেহে পোৱা।হোষ্টেলত দপদপাই উৎপাত কৰি চান্দমাৰী কঁপাই থকা ‘বাহুবলী’বোৰ যেন মূৰ্ছা যাবলৈ বাকী।

আদাবাৰীত নামি প্ৰাণটো ঘূৰাই পাই প্ৰত্যেকটো ষ্টপেজতে ৰৈ মানুহ উঠোৱা বগা ৰঙৰ ‘ডিলাক্স চিটিবাছ’ত উঠি হোষ্টেললৈ পোনালোঁ। আমি চাৰি পাঁচজনমানে বমিৰ ছুনামীৰ সোৱাদ পালোঁ। বাকীকেইজনৰ কপাল বৃহস্পতি গ্ৰহৰ নিচিনা বিশাল আছিল বাবেই চাগে সাৰি গ’ল।

কমাৰ্চ প‌ইন্ট পাও মানে মোটামুটি ‘ইজী’ হ’লো। ‘আন্টীৰ দোকান’তে চাহ একাপ খাওঁ বুলি সোমালোঁ। পিছফালৰ চুলিখিনি শুকাই বগা পৰি আছিল। আন্টীয়ে সুধিলে চুলিখিনি কিয় তেনে হৈ আছে। মই কথাৰ বকলা মেলি ৰুমালখন উলিয়াই দেখুওৱা মাত্ৰকেই বেচেৰীয়ে ‘ক্যাস কাউন্টাৰতে’ই দি দিলে- ‘ওৱাক’! মই এইবাৰ ৰ’ব নোৱাৰিলোঁ। প্ৰাণপণে দৌৰি হোষ্টেলত সোমাই চিধাই বাথৰূমত সোমালোঁ আৰু পেটত ইমানদেৰি তৰ্জন গৰ্জন কৰি থকা ভকুৱা মাছ, তেজাল খাহীৰ লগতে বাকীবোৰ অৰ্ধগলিত পদাৰ্থ ছুনামীৰ ৰূপ লৈ ওলাই আহিল-

 ‘ওৱাক’ !

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *