পানীমিঠৈঃ অসমীয়া জনজীৱনৰ দাপোণ-অসমী গগৈ
অসমীয়া ভাষা-সাহিত্যৰ অলিখিত যুগৰ এক অসমীয়া সম্পদ হ’ল সাঁথৰ। যাৰ আন এটা নাম ‘পানীমিঠৈ’। এই সাঁথৰ বা পানীমিঠৈ জন্মৰ ইতিহাস বিচাৰিলে দেখা যায় যে বৈদিক যুগতেই ইয়াৰ বীজ ৰোপিত হৈছিল। প্ৰাচীন গ্ৰীক সাহিত্যৰ কিংবদন্তিস্বৰূপ স্ফিংছৰ প্রশ্নও সাঁথৰৰ এক প্ৰাচীনতম ৰূপ। যিহেতু সাঁথৰ এবিধ মৌখিক সাহিত্য, গতিকে ইয়াৰ জন্ম বা ৰচিয়তাক বিচৰাটো এক বাতুলতাহে মাথোন। সেয়ে হ’লেও অসমীয়া জনজীৱনক, মানুহৰ মনস্তত্বক এই সাঁথৰে কেনেদৰে জোকাৰি গৈছে তাকেই এই আলোচনাত বিচাৰ কৰি চাবলৈ যত্ন কৰা হৈছে।
মানুহৰ মগজুক বা চিন্তাশক্তিক জোকাৰি যাব পৰাটোৱেই সাঁথৰৰ প্ৰধান কাম। ইয়াৰ লগতে কোনো কোনো সাঁথৰে একোটা সম্পূৰ্ণ কাহিনী লোকচক্ষুৰ পৰা লুকুৱাই ৰাখে। উদাহৰণস্বৰূপে, চেঙেলী মাছৰ সাধুটোলৈ আঙুলিয়াব পাৰি। শিয়াল সুৰুযমুখী/ কাউৰী ৰজপক্ষী/ ভেকুলী পাত্ৰ/ গনকে পাই জোলোঙাত/ভৰালে মাত্ৰ/ছাই লেটি পেটি/চাৰি কাণ কটা/ চৈধ্যভূৱন দেখুৱালে চিলনীৰ বেটা।
এটা চেঙেলী মাছে লগৰবোৰৰ আগত তাৰ বিলাই-বিপত্তিৰ কথা বৰ্ণনা কৰিছে এনেদৰে। এদিন এটা খালত পানী শুকাই যোৱাত চেঙেলী মাছটো আন এটা খাললৈ গৈছিল। বাটত লগ পোৱা শিয়ালক মাছটোৱে প্ৰশংসা কৰিলে সুৰুযমুখী বুলি। কাউৰীক ক’লে ৰাজপক্ষী। ঠিক তেতিয়াই এজন গণকে বাটত পাই জোলোঙাত ভৰাই পত্নীক নি দিলেগৈ। চাৰিখন কাণ কাটি বাকলি গুচাবলৈ ৰ’দলৈ আনোতেই এজনী চিলনীয়ে থপিয়াই লৈ গ’ল। কিন্তু আকাশত আন এজনী চিলনীৰে সৈতে থপিয়াথপি লাগি থাকোঁতেই চেঙেলীটো পুনৰ পানীত সৰি পৰিল।
কাহিনী বৰ্ণনাৰ বাহিৰেও কোনো কোনো সাঁথৰত অংক শাস্ত্ৰৰ পাণ্ডিত্য লুকাই থকাও পৰিলক্ষিত হয়। তিনি তেৰ/ মধ্য বাৰ/ ন দি যোগ কৰ/ তাৰ নিচত লগাই ৰাম/ পাৰ কৰি দিয়া/ ঘৰলৈ যায়। (ষাঠিৰাম)
ইয়াত যদিও এগৰাকী পত্নীৰ স্বামীৰ নামহে পাকে-প্ৰকাৰে উল্লেখ কৰিছে, তথাপিও অংকশাস্ত্ৰৰ জ্ঞান নাথাকিলে এনেদৰে উত্তৰ দিয়া সম্ভৱ নহয়। মধ্যযুগত কাইথেলী অংক সমাধানৰ ক্ষেত্ৰতো সাঁথৰ ব্যৱহাৰ কৰা হৈছে। বিশেষকৈ সংখ্যাৰ ক্ষেত্ৰত। উদাহৰণস্বৰূপে গগন, আকাশ আৰু শূন্যৰ মান শূন্য (0); চন্দ্ৰ, সূৰ্য, ঈশ্বৰ মানে এক (১), কাণ, চকু, পাখি, ভৰি, হাত মানে দুই (২) জগত, লোক মানে তিনি (৩), বেদ মানে চাৰি (৪), বান মানে পাঁচ (৫), ৰস মানে ছয় (৬), মুনি মানে সাত (৭), বসু, ঐশ্বৰ্য মানে আঠ (৮), গ্ৰহ মানে ন (৯), দিশ মানে দহ।(১০) ইত্যাদি। আধুনিক ভাষাৰ সাঁথৰবোৰৰ বাহিৰেও একালত অসংখ্য সংস্কৃত আৰু অন্যান্য ভাষাৰ সাঁথৰৰো প্ৰচলন আছিল।
জনজাতীয় বা আঞ্চলিক ভাষাৰ সাঁথৰেৰেও লোক-সাহিত্য চহকী। কিছুমান সাঁথৰৰ সহায়েৰে আকৌ নীতিজ্ঞান দিবলৈ চেষ্টা কৰা দেখা পোৱা যায়। ঘাইকৈ ভকতীয়া ঠাঁচৰ সাঁথৰবোৰ।
সাঁথৰবিলাকৰ সাহিত্যক বৈশিষ্ট্য বিচাৰ কৰিলে দেখা পোৱা যায় যে এইবিলাক সাধাৰণতে বৃত্তগন্ধী। সমাসোক্তি, পৰ্যায়োক্তি ৰূপক আদি অলংকাৰেৰে এইবিলাক ভৰপূৰ। ছন্দৰ ক্ষেত্ৰত ঘাইকৈ মিত্ৰাক্ষৰী, কুসুমমালা, ঝুমুৰি আদি ছন্দই প্ৰাধান্য পায়। চুটি চুটি বাক্যত ৰচনা কৰিবলগা হোৱা বাবেই এই ছন্দৰ প্ৰয়োগ কৰা যায়। মৌখিক সাহিত্য হোৱা বাবেই সাঁথৰবিলাক চুটি চুটি বাক্যৰে ৰচনা কৰা হৈছিল বুলি অনুমান কৰিব পাৰি। সাঁথৰৰ আন এটা লক্ষ্য কৰিবলগীয়া কথা হৈছে ধনাত্মক শব্দৰ মিল। ইয়াত আখৰৰ সংখ্যাগত মিললৈ চকু দিয়া নহয়।
নিৰক্ষৰ চহা লোকৰ বৌদ্ধিক কছৰতৰ মাধ্যম সাঁথৰৰ সংখ্যা কিমান সঠিককৈ জনা নাযায়। বিশেষকৈ সংৰক্ষণৰ কোনো ব্যৱস্থা নথকা বাবে বহুতো সাঁথৰ পাহৰণিৰ গৰ্ভত লোপ পালে। কিন্তু বৰ্তমানলৈকে উদ্ধাৰ হোৱা সাঁথৰৰ সংখ্যা প্ৰায় এশমান হ’ব। যিখিনি আজি লোক-সাহিত্যৰ আপুৰুগীয়া সম্পদৰূপে পৰিগণিত হৈছে। বৰ্তমানো যদি এই সাঁথৰৰ পুনৰ চর্চা চলোৱা যায়, তেন্তে নতুন নতুন সাঁথৰৰ জন্ম দিব পৰা যাব বুলি আমাৰ বিশ্বাস।
☆ ★ ☆ ★ ☆
8:34 pm
ভাল লাগিল