ফটাঢোল

প্ৰশ্ন-চন্দামিতা শৰ্মা

: আপুনি সোৱাদ হোৱা নাই বুলি ক’লেই হ’বনে? মছলা-পাতি দি কিমান কষ্ট কৰি ৰান্ধিছোঁ। 

: হেৰা মছলা-পাতি দিলেই সোৱাদ হোৱা বুলি ক’মনে? আগতে যে মা, আইতাহঁতে ৰান্ধিছিল, সেইবিলাক আঞ্জাত, ক’তনো মছলা দিছিল। তথাপি কি যে অপূৰ্ব সোৱাদ। আস্ টকালি পাৰি পাৰি খাবলগীয়া হৈছিল। 

: ঠিকেই বুজিছোঁ মই। এতিয়া  মই  ৰান্ধি খুৱাইছোঁ যে ক’ত সোৱাদ পাব। এতিয়া টকালি পাৰি খোৱাটো দূৰৰ কথা মোক পাৰিলে…। খালে খাব, নাখালে নাই। আপোনাৰ আচলতে বয়সৰ লগে লগে জিভাৰ গণ্ডোগোল হৈছে।

: হেৰা মই সচাঁ কথা কৈ থাকোঁ বাবে মোৰ জিভাৰ গণ্ডোগোল পালা?

: নহ’লেনো কি? ৰাইজে আঙুলি চেলেকি খোৱা খাদ্য দেখোন আপুনি সোৱাদ নাপায়। ইমান সুন্দৰ কাৰীবিলাক দিয়ে, বিয়া-বাৰুত। অথচ আপুনি…

: হেৰা, মই বিচাৰোঁ মাংসৰ জোলহে ‘কাৰী’ নহয়। পটাখনত জীৰা, গোটা জালুক ভালকৈ বটি লৈ উতলি থকা মাংসৰ আঞ্জাখনত পেলাই দিয়া আৰু তাৰ পিছত তাক ভাতৰ লগত খোৱা। আঞ্জাখনৰ গোন্ধেই  চাবানে সোৱাদেই চাবা!

: হ’ব হ’ব। জীৱনত মানে বিয়াৰ আগলৈকে আপোনাক মা আৰু আইতাই কিমান চিলি চিকেন, মাটন-দাম-বিৰিয়ানী খুৱাইছিল সেয়া মোৰ জনা আছে।

: ঠাট্টা কৰিলা নেকি মোক?

হঠাতে ভাঁহি অহা হাঁহিৰ শব্দত বন্ধু আৰু বন্ধু-পত্নী উচপ খাই উঠিল। পিচে দুৱাৰৰ মুখত মোক দেখা পাই বন্ধুয়ে তাৰ প্ৰাণখোলা সৰল হাঁহিটো সশব্দে মাৰি মোক সাৱতি ধৰিলে।

বন্ধু-পত্নী দস্তুৰমত অলপ নাৰ্ভাছ হ’ল।

একো নজনাৰ দৰে ভাও দি মই  বন্ধু-পত্নীৰ পিনে চাই ক’লোঁ,

: মই সকলো শুনা নাই দেই।

তেওঁলোকৰ কথা অথনিৰে পৰা শুনি যে মই মনে মনে হাঁহি আছিলোঁ সেয়া ন’কলোঁ।

: আপুনি বহক, মই চাহ বাকি আনো। 

মোৰ পিনে চাই কথাখিনি কৈয়ে খৰধৰকৈ বন্ধু-পত্নী ভিতৰ সোমাল।

: কি অ’, ইমান বয়স হ’ল, তথাপি ঘৈণীয়েৰৰ লগত কাজিয়া কৰিব নেৰিলি।

চোফাএখনত আৰামেৰে  বহি লৈ  বন্ধুক ক’লোঁ।

: তইচোন জানই মই যি কওঁ,  খোলাখুলিকৈ কওঁ। সেয়া বাৰু কাজিয়া কেনেকৈ হ’ব? পিচে তই একেবাৰে ৰেডী হৈ আহিছনে? অকণমান বহ। চাহকাপ খা। মই সাউত্কৰে কাপোৰ সাজ সলাই আঁহো।

মোক বহিবলৈ দি বন্ধু ভিতৰ সোমাল। দেৰি নকৰে জানো।বন্ধুৰ কথাই ভাবিলোঁ। বৰ আচৰিত চৰিত্ৰৰ। আচৰিত নহয় আচলতে, বৰ্তমান যুগৰ লগত খাপ নোখোৱা চৰিত্ৰৰ। 

বন্ধু-পত্নীয়ে যতনাই দিয়া চাহকাপ খাই বন্ধুৰ লগত ওলালোঁ এটা অনুষ্ঠানলৈ। 

অনুষ্ঠানটো অনুষ্ঠিত কৰা প্ৰকাণ্ড হ’ল ঘৰটোত সোমায়ে লগ পালোঁ। ইউনিৰ্ভাৰচিটিত আমাতকৈ এক ক্লাছ তলত পঢ়া এজনক। কথাই কথাই বন্ধুয়ে তাক সুধিলে,

: এতিয়া পিচে কি কৰি আছা?

পিচে সি দিয়া উত্তৰটো শুনি বন্ধুয়ে গহীনকৈ  ক’লে,

: হমম, মানে  ছাত্ৰ-ছাত্ৰ খেলি আছা।

অলপ থতমত খাই জুনিয়ৰে ক’লে, 

: আপোনাৰো যে কথা!

: হেৰা, মানুহৰ জানো শিকিবৰ বাবে কিবা বয়সৰ সীমা থাকে? নহ’লেনো থৰক-বৰক দেহাৰে  যদি দেশক, ৰাইজক নেতৃত্ব দিব পৰা নেতা থাকে তেন্তে আঢ়ৈ কুৰি বয়সলৈকে কিয় ছাত্ৰ-ছাত্ৰ খেলিব নোৱাৰিব!

বন্ধুৰ কথাত মুখত নেদেখালেও অন্তৰত যে  তীব্ৰ অশান্তি তথা অসন্তুষ্টি পাইছে সেয়া ধৰিব পৰা মুখেৰে ‘জুনিয়ৰ’জন   হঠাত (?) কিবা কামৰ (?) বাবে  আমাৰ ওচৰৰ পৰা উঠি গ’ল।

বন্ধুৰ মুখৰ পিনে চালোঁ, ক’তো একো নোহোৱা ভাবত বহি আছে! অনুষ্ঠানটো আৰম্ভ হ’বৰ সময়চোন পাৰহৈ যাবলৈ উপক্ৰম হৈছে, পিচে উদ্যোক্তাসকল ফটো চেচন আৰু অইন কামতহে ব্যস্ত ।

অনুষ্ঠান মানে আমাৰ ৰাজ্যৰ আগবাঢ়ি যাব খোজা ছোৱালীবোৰক কিদৰে বৰ্তমান আধুনিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰি।

মাজে মাজে দুই এখন বাতৰিকাকতত লিখা-মেলা কৰাৰ সুবাদতে মোক নিমন্ত্ৰণ দিছে আজিৰ অনুষ্ঠানলৈ আৰু মোৰ সংগী হিচাপে আহিছে মোৰ বন্ধু। এটা প্ৰখ্যাত ছাত্ৰ সংগঠন তথা সমাজ সেৱা কৰা অনুষ্ঠানৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানলৈ সমাজৰ মূধাফুটা ব্যক্তিকো নিমন্ত্ৰণৰ শৰাই আগবঢ়োৱা হৈছে। 

: হেৰৌ, তই মোক ক’লৈ আনিলি অ’। অনুষ্ঠান আৰম্ভ হোৱাৰ একো লক্ষণ দেখা নাই।

বন্ধুৰ কথাত একো নামাতিলোঁ।

অলপ সময় পিছত ঢোলে-ডগৰে এজন ‘মূধাফুটা’ ব্যক্তি আহি উপস্থিত হ’ল।

: অ’ এইজনচোন সেই বান্ধিলে খহি যোৱা দলং বনোৱা ঠিকাদাৰজন! আচৰিত, এওঁ কি ছোৱালীসকলক কিদৰে আগুৱাই নিব পাৰি তাৰ বিষয়ে আলোচনা কৰিব? হেৰা, ভাইটি…

বন্ধুৰ কথাত ইফালে সিফালে চালোঁ।

ভাগ্য কোনেও মাইকৰ কাণ তাল মাৰি ধৰা শব্দত একো শুনা নাই।

থিয় দি কোনোবা এজন উদ্যোক্তাক মাতিবলৈ উদ্যত হোৱা   বন্ধুক জোৰ কৰি বহাই দি কাণৰ কাষত ক’লোঁ, 

: মনে মনে থাক। এতিয়া এইবোৰ কোৱাৰ সময় নহয়। পিছে পৰে ক’বি।

: হেৰ, তহঁতৰ এই স্বভাৱটো মই সহ্য কৰিব নোৱাৰোঁ। সকলোতে মনে মনে থাক।

বন্ধুৰ কথাত একো নামাতিলোঁ যদিও…

ইফালে সিফালে চালোঁ। মোৰ পিচে মনে মনে বন্ধুলৈকেহে ভয় লাগিছে। 

যি হে তাৰ মুখখন! উল্টা-পুল্টা কিবা কৈ নিদিলে হ’ল!

হঠাতে এজন সুঠাম ডেকা আহি আমাৰ কথাত থিয় হ’ল।

মোৰ পিনে চাই ক’লে,

: আপুনি নিশ্চয় সেই লেখা-মেলা কৰা আই মিন আপুনি বুজি পাইছে নহয়। আপুনি ধুনীয়াকৈ আমাৰ অনুষ্ঠানটো উপভোগ কৰি সুন্দৰকৈ এটা ৰিভিউ পেপাৰত দিব দেই।’  

মই লাহেকৈ হাঁহি এটা মাৰি ক’লো,

:  হয়। হ’ব বাৰু। পিচে আপুনি? 

: মই  এজন ছ’ছিয়েল ৱৰ্কাৰ আই মিন ৰাইজৰ কাম কৰা।

এটা গৰ্বৰ হাঁহি বিৰিঙাই ডেকাজনে ক’লে।

মই কিবা ক’বলৈ মুখখন মেলিবলৈ লওঁতে বন্ধুয়ে গহীনকৈ  ক’লে,

: হয় হয় তুমি প্ৰকৃতাৰ্থত এজন ৰাইজৰ হকে কাম কৰা ল’ৰাই হয়। তোমাৰ হাতৰ আইফোন আৰু ডিঙিত ওলমি থকা বহুকেইডাল সোণৰ চেইন তাৰ প্ৰমাণ। ৰাইজৰ কাম কৰা যেতিয়া ৰাইজে ভালকৈ খুৱাই আছে। নহয়নে?

এবাৰ মোৰ পিনে আৰু এবাৰ বন্ধুৰ পিনে চাই আঁতৰি যোৱা ল’ৰাজনলৈ চাই এইবাৰ মই মিচিকিয়াই হাঁহি পেলালোঁ।

অনুষ্ঠান আৰম্ভ হ’ল এটা সাংঘাটিক উদ্দাম নৃত্যৰে। মোৰ মনটো বেজবেজাই গ’ল। অলপ সন্দেহ হ’ল অনুষ্ঠানটোৰ আচল উদ্দেশ্য কি? মোৰ সন্দেহ সঁচা বুলি প্ৰমাণিত কৰি আচল অনুষ্ঠান আৰম্ভ হ’ল।

ফেশ্যন শ্ব’!

স্বপ্লবসনা গাভৰুৰ লগতে মুখ টিপিলে গাখীৰ ওলোৱা ছোৱালীকেইজনীমানকো এডুখৰি কাপোৰ পিন্ধাই পতা অনুষ্ঠান। 

আচৰিতভাবে মাক-দেউতাকসকলে সমান উৎসাহেৰে হাতচাপৰি বজাই বজাই অনুষ্ঠান উপভোগ কৰি আছে।

কি যে দৃষ্টিকটু!

অঁ তাৰমানে এয়াহে ছোৱালীসকলক আগুৱাই নিয়াৰ প্ৰচেষ্টা!

বন্ধুৰ পিনে চালোঁ। এতিয়াচোন নিৰ্বিকাৰ! 

আচৰিত!

অলপ খঙো উঠিল মনে মনে।

য’ত ভালকৈ মাত মাতিব লাগে তাতচোন নিৰ্বিকাৰ হৈ বহি আছে!

তাৰমানে? 

অলপ ঠাট্টাৰ সুৰত ক’লোঁ বন্ধুক, 

: কিহে বন্ধু! ভাল লাগিছে নেকি চাই? একো উস্-আস্ নাই যে।

এপলক ষ্টেজৰ ফালে আৰু এবাৰ মানুহেৰে ঠাহ খাই থকা গোটেই হ’লঘৰটোলৈ চকু ফুৰাই তলমূৰ হৈ বন্ধুয়ে লাহেকৈ ক’লে,

: মই  আচলতে চাইছো তোক আৰু মোকো ধৰি এই প্ৰকাণ্ড হ’লঘৰটোত ‘মানুহ’ বুলি প্ৰমাণ দিব পৰা কেইজন আছে?

এক মুহূৰ্তৰ বাবে থৰ হৈ পৰা মই  বন্ধুৰ হাতখন জোৰকৈ খামুচি ধৰিলোঁ।

“কি উত্তৰ দিম মই?”

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *