ওলট পালট ছিক্সটি নাইন- অৰ্চন শৰ্মা
: পাৰিছানে এইকেইটা?
প্ৰশ্নকাকতৰ কেইটিমান প্ৰশ্নলৈ আঙুলিয়াই তেওঁ প্রশ্ন কৰিলে, মই একোকে নকৈ মূৰ জোকাৰিলোঁ অৰ্থাৎ পৰা নাই।
: এইকেইটা একা?
এইবাৰ আন দুটামানলৈ আঙুলিয়াই তেওঁ সুধিলে, এইবাৰো মূৰ জোকাৰিলোঁ মই।
: কুৱেশ্যন নম্বৰ থ্ৰীৰ উত্তৰ হ’ব অ’পশ্যন চি, মই কৈ গৈছোঁ লিখি যোৱা।
তেওঁ ফুচফুচাই কৈ উঠিল।
এইবাৰ মই তেওঁলৈ চালোঁ, ইমান বিপর্যয়ৰ মাজত এইজন আকৌ কোন ওলাল যিয়ে এই অথাই সাগৰত ডুবিবলৈ ওলোৱা মোৰ বাবে টাইটানিক লৈ আহিছে। আকৌ মনত ভাব হ’ল টাইটানিকৰ দৰে মাজ বাটতে ডুবাই নিদিয়েতো? এইবোৰ ভাবি থাকোঁতেই মানুহজনে আকৌ কৈ উঠিল,
: চিন্তা কৰিব নালাগে মই প্ৰিন্সিপাল, যি কৈছোঁ লিখি যোৱা।
এইবাৰ আৰু ভাবিবলৈ নাই, এনেয়ো ডুবিয়ে আছোঁ, লিখিলেও ফেইল নিলিখিলেও ফেইল, শুদা পানীত মৰাতকৈ জাহাজত উঠি মৰাই ভাল! আগ পিছ নুগুণী একেবাৰে হুৰহুৰাই লিখিহে গৈছোঁ, মনতে ভাবিও লৈছোঁ ফেইল কৰিলে এইজনাকে দুপিটনমান দিম “তোৰ বাবেই মোৰ পৰীক্ষা গেলিল” বুলি।
এইবাৰ সকলো ফিটিং হৈয়ে আছিল, ফাপৰী অঃ কিবা বোলেনে পাপৰীক কৈয়ে দিছিলোঁ,
: ঐ বাপেৰক কৈ দিবি এইবাৰ চাকৰি লৈহে তহঁতৰ ঘৰত টোপোলা পেলাবলৈ যাম।
পাখৰীয়ে মুখতে ধৰিলে,
: থ থ, বহুত শুনিলোঁ তোৰ কথা, মই খাটাং কৈ দিছোঁ এইবাৰ যদি একো এটা কৰিব নোৱাৰ পিতায়ে মোক নতুন মাষ্টৰলৈ বিয়া দি দিব আহিবি তেতিয়া বিয়াত নিমখ বিলাবলৈ।
মূৰতে হাতুৰীটো মাৰি থৈ গ’ল সেইজনীয়ে, কথাতে নকয় নহয় মাক চাই জীয়েক বুলি, এবাৰ তাইক লগ কৰিবলৈ গৈ কলৰতলত লুকাই থাকোঁতে মাকে চোৰ চোৰ বুলি চিঞৰি এচৰিয়া চেঁচা পানী দলিয়াই দিয়া নাছিল নে? হেৰৌ বুজিছোঁ বাৰু ৰাতিখন মানুহ চিনিব নোৱাৰি, হ’লেও পুহমহীয়া ঠাণ্ডাত মানুহৰ গাত চেঁচা পানী ঢালিব লাগেনে, বৰ দয়া-মায়া নোহোৱা তিৰোতাহে। দুদিনমানৰ পৰা দেখি আছোঁ, পটেশ্বৰী মানে পাপৰীৰ মাকৰ মাষ্টৰৰ প্ৰতি বৰ মৰম বাঢ়িছে, মোৰ চাকৰিটোৰ গতি নালাগিলে যে বৰলা মাষ্টৰৰ সংসাৰৰ গতি লাগিব সেয়া খাটাং।
তাহানিয়ে আই টি আই পাছ কৰিছিলোঁ মানে পাছ কৰাৰো ছয় বছৰ হৈ গ’ল। এতিয়া মূৰত একোডাল নাই সৱ উৰিল, যি অকণ মূৰৰ মাল-মটং বাকী আছিল শহুৰৰ জীয়েকে সেইকণো চাফা দিলে গতিকে পৰীক্ষাত লিখিম কি? ইফালে পৰীক্ষাৰ প্ৰশ্ন ফেক্টৰীৰ মেনেজিং ডাইৰেক্টৰে নিজে ফিটিং কৰিছে বোলে গতিকে কিবাকিবি যোগাৰ এটা নহ’লে ফেইল কৰাটো খাটাং। গতিকে সাতে পাঁচে যেনে তেনে তেৰ হোৱাৰ হিচাপ এটা মিলাই বাল্যবন্ধু মিলনৰ ঘৰ ওলালোঁগৈ।
: ভাই কিবা এটা কৰ নহ’লে মই ভৰ বাৰিষা দলঙৰ পৰা জাঁপ দিব লাগিব।
মই কাউবাউকৈ ধৰিলোঁ।
: যা দে গৈ জাঁপ, বহুত দিন সকাম খোৱা নাই, তোৰ বিয়া খাবলৈ পোৱাৰ আগতে সকামখনকে খাই লওঁ নে কি?
বেটাই বিন্দাচ ভঙ্গীত ঠেঙৰ ওপৰত ঠেং তুলি উত্তৰ দিলে, অঁকৰা খং এটা উঠি আহিল মোৰ,
: চাল্লা তই ভবাৰ দৰে দলঙৰ পৰা অকলে জাঁপ নিদিওঁ আগতে তোক দলিয়াম তাৰ পিছতহে মই জাঁপ দিম।
: ঐ তই মৰিব খুজিছ মৰ, মোক আকৌ কেলে টানিছ?
সি ফেপেৰি পাতি উঠিল
: কিয়? নাটানিম কিয়, চাল্লা সৰু সহায় এটা কৰিব নোৱাৰ, বন্ধুৰ নামত কলংক হৈ জীয়াই আছ।
: সহায় নকৰিম বুলি কোনে ক’লে? আগতে ভৰিত ধৰ।
মুখত ধূৰ্ত হাঁহি এটা লৈ মিলনে ক’লে, মই যেন হাততে স্বৰ্গ ঢুকি পালোঁ, চিধাই হাতখন তাৰ ভৰিৰ ফালে আগুৱাই গ’ল মাত্ৰ সি কোৱা পজিশ্যনৰ পৰা অলপ ওপৰলৈ উজাই গ’ল,
: ঐ কি কৰিছ ঐ,,,হেই,, হেই
: ভৰিত ধৰিছোঁ ভাই তয়ে কোৱা নাছিলি জানো!
: হ’ব হ’ব নালাগে ধৰিব, তই ক’ত ধৰিবি জনা আছে, মাত্ৰ তোৰ ৰোল নম্বৰটো দিবি, বাকী মই মেনেজ কৰিম।
বছ, হৈ গ’ল মোৰ আধাআধি কাম, যিটো ফেক্টৰীৰ চাকৰি তাৰে অফিচৰ এমপ্ল’য়ী মিলন, পৰীক্ষাৰ দিনা তাৰো ডিউটি আছে সেয়া মই জানো, গতিকে বাকীবোৰ তাৰ মূৰত মাৰি মই ঘৰ পালোঁগৈ।
: এইটো ল, পৰীক্ষাৰ পেপাৰখন ফটো মাৰি দিবি, হৈ যাব তোৰ কাম।
পৰীক্ষাৰ ৰূমত সোমোৱাৰ আগমুহূৰ্তত মিলনে মোৰ হাতত মোবাইলটো ধৰাই দিলে, যি দুই চাৰিজনে ক’ৰবাত লুকুৱাই আনিছিল তেওঁলোক গেটতে ধৰা পৰিল, মিলন যিহেতু অফিচৰ মানুহ গতিকে সি, মোবাইলটো পকেটত ভৰাই থ’লোঁ, ভয়তে বুকুখন ঢিপিংকৈ মাৰিলে। ভয়ে ভয়ে আহি ৰূমত সোমালোঁ, সকলোৰে টেনশ্যনত শুকাই যোৱা মুখ, বুকুখন হৰেণৰ ধানবনা মিলৰ দৰে বানিবলৈ ধৰিলে, মনে মনে গৈ নিজৰ ছিটত বহি থাকিলোঁ।
অলপ পাছতে এক্সটাৰ্নেলে প্ৰশ্নকাকত লৈ এন্ত্ৰী মাৰিলে, সেইপাতক দেখাৰ লগে লগেই মোৰ মনত জী উঠা আশাৰ পুলিটো শুকাই-ক্ষীণাই মৰি থাকিল। দেখাতে খঙাল, তাতে মুড দেখিয়ে গম পোৱা গৈছে বেটাই পাক্কা ঘৈণীৰ লগত কাজিয়া কৰি আহিছে এক্কেবাৰে খাওঁ খাওঁ মূৰ্ত্তি।
: কোনোবাই মোবাইল আনিছা যদি এতিয়াই মোক দি দিয়া।
এক্সটাৰ্নেলে চিঞৰিলে।
“উম হয়, ইমান কষ্ট কৰি তোক দিবলৈকে আনিছোঁ যে!” মই মনতে ভাবিলোঁ। চাৰিওফালে চালোঁ সকলো শান্ত-শিষ্ট মুডত বহি আছে।
ভাবি-চিন্তি থাকোঁতেই পেপাৰ দিয়াৰ বেল পৰিল, সকলোকে পেপাৰ দি গ’ল এক্সটাৰ্নেলে, পেপাৰখন হাতত লৈ লাহেকৈ পিছফালে চালোঁ, নাই এক্সটাৰ্নেল বহুত দূৰৈত আছে, এয়াই সোণালী সুযোগ, শুভ কামফেৰা কৰিয়ে লওঁ বুলি লাহেকৈ মোবাইলটো উলিয়াই ফটো এখন তুলিলোঁ,
“খেছেক”
মোবাইলৰ ফটো তোলাৰ শব্দই শহাকণীয়া এক্সটাৰ্নেলৰ কাণত ঘণ্টা বজাই দিলে, মুহূৰ্ততে শক্তিমানৰ অহাৰ দৰে উৰি অহাদি আহিল এক্সটাৰনেল,
: ঐ ঐ কি কৰিছা দিয়া দিয়া, এইবোৰ নহ’ব ইয়াত।
একেবাৰে থপিয়াই নিয়াদি নিলে মোবাইলটো, মই একো ক’বলৈকে নাপালোঁ, নিজৰ গালত প্ৰছণ্ড জোৰেৰে চৰ এটা সোধাই দিবলৈ মন গ’ল। মোবাইলৰ ছাউণ্ডটো বন্ধ কৰি ল’ব লাগে বুলিও মোৰ মনত নেখেলালে, গ’ল আৰু এইটো চাকৰি এতিয়া পাখৰী গৈ এতিয়া মাষ্টৰৰ ঘৈণী হৈ মাষ্টৰণী বোলাই ফুৰিব, মাষ্টৰক সাৱটি স্কুতিত উঠি বজাৰলৈ যাব, নামঘৰলৈ যাব।
গোটেই দৃশ্যবোৰে ধিনটৌ-খিতটৌ কৰি মোৰ মূৰৰ চাৰিওফালে নাচিবলৈ ধৰিলে।
মনটো মাৰি বহি আছিলোঁ একোকে নাজানো কি উত্তৰ দিম, পৰীক্ষা শেষ হ’বলৈ মাত্ৰ পোন্ধৰ মিনিট বাকী তেতিয়াই বিষ্ণুৰ একাদশ অৱতাৰৰ ৰূপ লৈ প্ৰিন্সিপালৰ আগমন।
: বঢ়িয়া এইবাৰ এই শেষৰ কুৱেশ্যনটো লিখা অপশ্যন বি, হৈ গ’ল।
মই নিজে আচৰিত, পৰীক্ষা শেষ হ’বলৈ পাঁচমিনিট থাকোঁতেই পেপাৰ খতম, মাত্ৰ এটা কথাহে মোৰ মনত লাগিছে, এইখন স্কুলত মই পঢ়াও নাছিলোঁ, না মই প্ৰিন্সিপালক চিনি পাওঁ না তেওঁ মোক চিনি পাই তেন্তে ইমান দৰদ কিয়। কথাবোৰ ভাবি গুণী থাকোঁতেই তেওঁ কৈ উঠিল,
: তুমি ইয়াত পৰীক্ষা দিছা বুলি গম নাপাওঁ নহয়, তোমাৰ দাদাই হে মোক পঠালে।
এইবাৰ মই আচৰিত,মোৰ পিতাইৰ আৰু এবিধ সৃষ্টিৰ কথা মই গম নাপাওঁ কি আচৰিত?
লাহেকৈ ক’লোঁ,
: ছাৰ, আপুনি ভুল কৰিছে মোৰ কোনো দাদা নাই, পিতাইৰ সম্পত্তিৰ মূৰ খোৱা মই অকলেহে।
: কি? তুমিয়ে ৰাজেশ বৰা নহয়নে?
: নহয় ছাৰ, মই ৰাকেশ বৰাহে।
: তুমি ৰাজেশ নহয়, তেনে ৰাজেশ কোন?
প্ৰিন্সিপালে স্থান-কাল পাত্ৰ পাহৰি চিঞৰিয়ে উঠিল
: ছাৰ মইহে ৰাজেশ
শেষৰ ফালৰ বেঞ্চ এখনৰ পৰা মাতষাৰ ভাঁহি আহিছিল, তেতিয়াহে কেছটো মই বুজি পালোঁ, আচলতে প্ৰসাদভাগ মোৰ কাৰণে নাছিল, যদিও খালোঁৱে যেতিয়া এতিয়া উপায়তঝ নাই, মোৰ কাম হৈয়ে গৈছিল। ৰাজেশ ৰাকেশ খেলি-মেলি হৈ গ’ল আমাৰ গাঁৱৰে হৰেণ দাৰ ভাষাত কিবা বোলেনে ওলত-পালত ছিক্সটি নাইন, বেচেৰা ৰাজেশে ঠোঁট-মুখ চেলেকি বহি আছিল, তেতিয়া আৰু কৰিব লগা একোৱে নাছিল, ইতিমধ্যে পৰীক্ষা শেষ হোৱাৰ বেলটো কোনোবাই কোবাই দিছিল।
☆ ★ ☆ ★ ☆