ফটাঢোল

ভাওনা চোৱাৰ বিড়ম্বনা-সদানন্দ ভূঞা

ভাওনা, ভাওনা, ফটাঢোলৰ বাকৰিত ভাওনা। আজি ফটাঢুলীয়া ৰাইজৰ গাত উলাহে নধৰা অৱস্থা। ডেকাসকলৰ হিয়া সাতখন – আঠখন। চকুৰ পতা জাপ নোখোৱাকৈয়ে কাৰোবাক যে পিতপিতাই বিচাৰি ফুৰাৰ দিন। গাভৰুসকলৰ কথা নকলোৱেই যেনিবা, আমাৰ আইদেউসকলৰ গাত ততেই নাই। তিনি/চাৰিদিন আগৰেপৰা বিউটি পাৰ্লাৰলৈ গৈ নিজকে সজাই-পৰাই আজিৰ দিনটোত ভাওনাথলী তমস্কাৰ। ইজনীতকৈ সিজনী চৰা। নামবোৰ কৈ কোঁদো বাহত চাপৰ মৰাতকৈ নোকোৱাই ভাল। আমাৰ নতুনকৈ বিয়া পতা পুৰুষ কেইজনে আকৌ নিজৰজনীক সাজোনে -কাচোনে জাকত – জিলিকা কৰাৰ লগতে নিজেও সৰগৰ দেৱতাটো যেন হৈ আহিছে। আদহীয়া, বুঢ়া – মেঠাসকলো পিচ পৰি ৰোৱা নাই। মুঠতে সকলোৱে ‘মোতকৈ ধুনীয়া কোনেও হ’ব নোৱাৰে’ ভাৱেৰে সাজি – কাচি ভাওনাথলী পালেহি। 

ফটাঢোলৰ বাকৰিত আজি ভাওনা প্ৰদৰ্শন। নাম – ‘ভীমৰ বকাসুৰ বধ’। ৰচয়িতা – কমলা দাস ডাঙৰীয়াণী। নিশা ন বজাৰ পৰা ভাওনা আৰম্ভ। ওচৰৰ ৰাইজে আগতীয়াকৈয়ে ঢাৰি, পাটী, বিচনা চাদৰ আনি নিজ – নিজ আসন থিতাপি ল’লেহি। আসন ঠিক কৰা হ’ল যেতিয়া চিন্তা নাই। ঘৰৰপৰা এথাল খাই ভাওনা চাবলৈ ওলাই আহিব পাৰিব। 

ভাওনাখনত ভাও নোপোৱাৰ দুখ এটাৰ শোকে বুকুত খুন্দা মাৰি ধৰিছিল যদিও ফটাঢোলৰ ৰাইজে পতা ভাওনা। নগ’লে ফটাঢোলৰ নগৰত জগৰ লাগিব। ভাওনা শেষ হোৱাৰ পিছত কোনোবা এদিন আঁ‌ঠু লৈ তামোল-পাণ খোৱাব লাগিব। মহা পয়মালখন হ’ব। তাতকৈ ভাওনা চাবলৈ যোৱাটোৱেই মঙ্গল। চুচুক – চামাককৈ এওঁৰ ওচৰলৈ গৈ একেবাৰে মোলায়ম সুৰত ক’লো,

: হেৰা, ফটাঢোলে ভাওনা পাতিছে। চাবলৈ যাওঁ ব’লা। এওঁক ক’বলৈহে পালোঁ এওঁ একেবাৰে মোৰ ওপৰত টিঙিৰিতোলা। ভাল হাতত থকা বেলনা মাৰিডালেৰে মোৰ মুৰত কোবটো মাৰি নপঠিয়ালে! এওঁৰ চকুৰে যেন জুইহে বৰষিছে। বাঘৰ গোজৰণি মাৰি কোৱাৰ সুৰত ক’লে,

: ফটাঢোলে ভাওনা পাতিছে, এতিয়াহে ক’বলৈ সময় পালে। আপোনাক দেখোন আনবোৰে ভাওতো বাদেই দিছোঁ‌, দূতৰ ভাওটোকো নিদিলে। আপুনিহে বৰ একেবাৰে ফটাঢোল – ফটাঢোল কৰি থাকে। আপোনাক দেখোন একো পাত্তাই নিদিলে। ইফালে ফটাঢোল কোবাওতে – কোবাওতে নিজৰ ঘৰৰ মূলজনীকে পাহৰি গৈছে। এওঁৰ কথাত ভাও নোপোৱা শোকটো উথলি চকুপানী এসোতা ওলাবই খুজিছিল, কোনোমতে নিজকে সম্বৰণ কৰি বোলো,

: হেৰা শুনাচোন শুনা, ইমাননো খং কিয় কৰা? ভাও মোক দিবলৈ ওলাইছিলেই বুজিছা। একেবাৰে যুধিস্থিৰৰ ভাও। মইহে বোলো বেমাৰী মানুহ, ভাও লৈ নিশাখন ভাওনা কৰিব নোৱাৰিম বুলি কোৱা দেখি মোক ৰাইজে ভাও নিদিলে। মই ক’বলৈহে পালোঁ এওঁ একেবাৰে জকজকাই উঠিলেই নহয়। এওঁ হাত দুখন মুঠি মাৰি বোলে,

: কি ক’লে? কাৰ ভাও দিবলৈ ওলাইছিল? যুধিস্থিৰৰ? মহাভাৰতৰ সেই জুৱাৰীটোৰ। পৰকতি চাইহে আকৌ ৰাইজে ভাও দিব! ইয়াকে বোলে ‘চোৰে নেৰে চোৰৰ পৰিকিতি, কুকুৰে নেৰে ছাই, যাৰ যি পৰিকিতি, মৰিলে লগত যায়।’

এওঁ যিষাৰ শুনালে ভাগ্যে জিভাত কামোৰ নাখালোঁ দেই। মই বোলো,

: হেৰা মনে – মনে কোৱা, ৰাইজে জুৱাৰী বুলি জানিব পাৰিলে মোৰ ফালে আধ্যা পৰিব বুজিছা। ফটাঢোলৰ সকলোৱে মোক শান্ত – শিষ্ট, নিমাখিত জীৱ বুলিয়েই অতদিনে জানি আহিছে। এওঁ বোলে,

: হ’ব হ’ব, বৰ একেবাৰে শান্ত – শিষ্ট, নিমাখিত জীৱটো ওলাইছে! ভাওঁনা চাবলৈ যে মোক লগ ধৰিছে মোৰ দেখোন পিন্ধিবলৈ ভাল কাপোৰ এডোখৰেই নাই। সৌ পুৰণি কাপোৰসোপা পিন্ধি জাধলীজনী হৈ অমুকী ভাওনা চাবলৈ যাব নোৱাৰোঁ‌ দেই। নিব খুজিছে যদি বজাৰৰপৰা ভাল কাপোৰ এসাঁ‌জ লৈ আহকগৈ। আৰু শুনক, কাপোৰযোৰৰ লগত মিলাকৈ ভাল ব্লাউজ, পেটিকোট আৰু ভাল জেকেট বা চুৱেটাৰ এটা লৈ আনিব। লগতে ধুনীয়া শ্ব’ল এখনো আনিবলৈ নাপাহৰিব। ইমান ঠাণ্ডাত গৰম কাপোৰ গাত মেৰিয়াই নোলোৱাকৈ যাব পাৰি নেকি কিবা? ৰ’ব ৰ’ব, তৎ নোপোৱা নহ’ব। লগত বিচনা চাদৰ এখন লৈ যাওঁক। ভাওনাথলীত একেবাৰে আগত বিচনা চাদৰখন পাৰি মোৰ কাৰণে আসনখন কৰিহে বজাৰলৈ যাব ।

উপায়তো নাই আৰু! হাতত বিচনা চাদৰখন লৈ স্কুটীখন উলিয়াই পোনচাটেই ফটাঢোলৰ ভাওনাথলী পালোগৈ। ভাওনাথলীৰ একেবাৰে আগফালে চাদৰখন পাৰি থ’বলৈ দেখোন ঠায়েই নাই। বহুতে আগতীয়াকৈ দখল কৰিয়েই পেলালে। মণিকূটৰ আগফালৰ খুটাটোৰ ওচৰত খালী ঠাই অকণমান দেখি তাতেই দুজনে বহিব পৰাকৈ ঠাইখিনি এজনীয়া কৰি বিচনা চাদৰখন পাৰি ততাতৈয়াকৈ বজাৰ পালোগৈ। ফটাঢোলৰ ভাওনা চাবলৈ ইতিমধ্যে সকলোৰে দোকানবোৰ বন্ধ হৈছিলেই। এখন কাপোৰৰ দোকানৰ দোকানীজনে দোকানখনৰ দুৱাৰ বন্ধ কৰিবলৈ লওঁতেই ফোপাই -জোপাই দোকানীজনক দুখৰ বাতৰি দিলত তেওঁৰো মনটো গলি গ’ল চাগৈ। সেয়েহে দোকানৰ ভিতৰলৈ সোমাই লাইটবোৰ জ্বলাই মোক কাপোৰ দেখুৱাবলৈ ধৰিলে। বুটা বচা চাদৰৰ লগত চিলাই থোৱা মেখেলাৰ কাপোৰ এযোৰ বৰকৈ মন খোৱাত সেইযোৰ লৈ ল’লো। তাৰ লগত মিলাকৈ ব্লাউজ এটা, চুৱেটাৰ এটা আৰু শ্ব’ল এখনো লৈ ল’লো। ধুনীয়া পোচাক এযোৰ দেখি মোৰ বাবে লওঁ বুলি ভাৱিও মনটো কোঁচ খাই গ’ল। এতিয়া বিয়াৰ বতৰত বিয়াৰ নিমন্ত্ৰণ। কালিলৈ পৰহিলৈ আৰু বা কি বিচাৰে? পত্নী হ’ল বুলিয়েই এবাৰ পিন্ধা কাপোৰ এসাঁ‌জ শুভ কামত দুনাই পিন্ধিব দিব নোৱাৰি নহয়! যেন – তেন বৈ আহিব খোজা মুখৰ লেলাউটিখিনি সেপ গিলি দোকানীজনক ধন্যবাদ এষাৰ দি সেমেনা – সেমেনিকৈ দোকানৰ বাহিৰলৈ ওলাই আহি তুৰন্ত গতিত স্কুটী চলাই ঘৰ পালোহি। তেওঁৰ কাপোৰবোৰ বৰ এটা পচন্দ হোৱা নাছিল যদিও বাকীবোৰ দোকান বন্ধ হৈ গ’ল বুলি কোৱাত চুপে – চাপে অন্নমুঠি বাঢ়ি দি মোৰ লগতে নিজেও খাই ভাওনালৈ যাবলৈ বুলি সাজোন – কাচোনত ব্যস্ত হৈ পৰিল। আজিৰ মহিলাৰ সাজোন – কাচোন কিনো ক’ম! তাহানিৰ সৰগৰ ৰজা ইন্দ্ৰৰ ৰাজসভাত প্ৰৱেশ কৰাৰ আগতে কৰা সাজোন – কাচোনেও হয়তো ইমান সময় লোৱা নাছিল! বাৰু যিয়েই নহওঁক, তেওঁৰ সাজোন – কাচোন শেষ হ’ল মানে আমাৰ ভাওনাথলীলৈ যাবৰ সময় হ’ল। অমুকাৰ পুৰণি চাৰ্ট-পেন্ট, পুৰণি জেলেঙা চুৱেটাৰটো। এওঁৰ কাষত যেন অমুকা ভুচুংপহুটো। নিজকে কিবা আখজা –  আখজা লাগিল। বোলো এই কথাই কথা নহয়। মোৰোতো ইজ্জত বুলি কথা এষাৰ আছে। এওঁক ভাওনাথলীৰ নিৰ্দিষ্ট স্থানত বহুৱাই ঘৰলৈ বুলি ঢাপলি মেলিলোঁ। ঘৰৰ বন্ধ দুৱাৰ খুলি কম্বল এখন গাত মেৰিয়াই লৈ ঘৰৰ দুৱাৰ বন্ধ কৰি পুনৰ ফটাঢোলৰ ভাওনাথলী পালোগৈ। মই গৈ পাওঁ‌গৈ মানে ভাওনা আৰম্ভ হ’লেই। সূত্ৰধাৰ ওলাল যদিও কোনেনো সূত্ৰধাৰ ভাও ল’লে ততকেই ধৰিব নোৱাৰিলোঁ। সূত্ৰধাৰৰ পিছত আমাৰ অৰ্চন শৰ্মা কৃষ্ণৰূপে প্ৰৱেশ কৰিলে। তাৰপিচত কাহিনী আৰম্ভ হ’ব ধৰিলে। পঞ্চ পাণ্ডৱে শকুনি মোমাইৰ প্ৰৰোচনাত কৌৰৱৰ লগত পাশাখেলত মগ্ন হৈ পৰিল। পঞ্চ পাণ্ডৱ পাশাখেলত হাৰিল । দ্ৰৌপদীৰ বস্ত্ৰ হৰণ হ’ল। তাৰপিচত পঞ্চপাণ্ডৱৰ বনবাস। বনবাসৰ সময়ত মাক কুন্তী আৰু পত্নী দ্ৰৌপদীৰ সৈতে পঞ্চ পাণ্ডৱ বকাসুৰৰ ৰাজ্যৰ দৰিদ্ৰ ব্ৰাহ্মণ পৰিয়ালৰ আলহী হ’ল । ব্ৰাহ্মণ পুত্ৰৰ সলনি ভীম বকাসুৰৰ মুহুদি হৈ যোৱাৰ সময়। পিচে ভীমৰ ভাওনো কোনে ল’লে সেইটোহে মই অনুমান কৰিব পৰা নাই। মনৰ খোকোজা মাৰিবলৈ কাষতে বহি থকা হেমন্ত কাকতি দেউক সুধিলোঁ। কাকতি দেৱে বোলে সেইটো ঋষীকেশ ডেকা। মই মনতে ভাৱিলোঁ‌,

: আমাৰ ঋষী কেতিয়ানো শকতে – আৱতে ইমান নিপোটলটো হ’ল! পিছত কাকতি দেৱে কওঁতেহে উৰহী গছৰ ওৰটো ওলাল। সেয়া বোলে ডঃ পাৰ্থসাৰথি ভূঞাৰ বেণ্ডেজ কাপোৰৰ কামাল। বাৰু যিয়েই নহওঁক এদিনলৈ হ’লেও যে ঋষীৰ আটিল চেহেৰাটো দেখি পালোঁ সেয়াই আমাৰ সৌভাগ্য। ভীমৰ ভাও লোৱা ঋষীৰ বকাসুৰৰ ভোজন কক্ষত আহাৰ গ্ৰহণ কৰাৰ সময় সমাগত হ’ল। বকাসুৰৰ ভোজনৰ সামগ্ৰী দেখি মোৰ চকু কপালত । ৰাইজে দেখিলেই যেতিয়া মই আৰু বকলাখন নেমেলিলেও হ’ব। ভীমৰূপী ঋষীয়ে খাবলৈ আৰম্ভ কৰি দিলে। কিন্তু এয়া কি দেখিলোঁ, গোটেইসোপা খাই শেষ কৰিম বোলা ভীমে দেখোন তিনি গৰাহ খায়েই উগাৰ মাৰিবলৈ ধৰিলে। সূত্ৰধাৰে,

: খা ঐ খা, আৰু খা।

– বুলি কাণে –  কাণে কৈ আছে যদিও ভীমে পেট মোহাৰি মোহাৰি কৈ আছে,

: আৰু নোৱাৰোঁ‌ আৰু নোৱাৰো।

হেন সময়তে বকাসুৰ সোমাই আহিল। বকাসুৰৰ চেহেৰা দেখি মোৰ চেতন হেৰাব খুজিছিলেই। বাপৰে বাপ, কি বিকট চেহেৰা! লোদোৰ-পোদোৰ চেহেৰাৰে পেটটো দেখোন মাটিত লাগো – লাগো অৱস্থা। যেন ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ কল্পনাৰ চাউলপুৰীয়াটোহে। কাকতি দেউৰ পৰা গম পালোঁ সেইজনা বোলে আমাৰেই হংসকুমাৰ বিজয় মহন্ত। বকাসুৰৰূপী বিজয় মহন্তৰ গলগলীয়া ডাইলগ,

: অন্য দিনাৰ ছলিৰ দেখোঁ

গৰ্ভ যায় গলি,

আজিৰ ছলি দেখোঁ

হাঁহে খলখলী।

বকাসুৰৰূপী বিজয়ক চাই ভীমৰূপী ঋষীৰ ডাইলগ,

: আৰে বকাসুৰ ভাই

তই থাক চাই,

মই পেলাও খায়।

ভীম ভীম নকৰিবি

ভীমৰ আগত ,

হাড় মুৰ ভাঙি দিম

গদাৰ কোবত ।

গায়ন – বায়নৰ খোল – তালৰ চেৱে – চেৱে ভীম – বকাসুৰৰ যুদ্ধ। এক উত্তেজনাপূৰ্ণ মুহূৰ্ত। সকলো উত্তেজিত হৈ পৰিছে, ভীমৰ হাতত বকাসুৰ মৰিব। অমুকাৰো শৰীৰৰ পিৰপিৰণি বাঢ়ি আহিল । নিজক সম্বৰণ কৰিব নোৱাৰি চিঞৰিবলৈ ধৰিলোঁ‌,

: মাৰ মাৰ ভীম, বকাসুৰক মাৰ।

পিছে এয়া কি? মোৰ দেহাটো দেখোন ভূমিকম্পৰ জোকাৰণিত হিলাৰ দৰে হিলিবলৈ ধৰিছে। দূৰৰপৰা ৰিণিকি – ৰিণিকি সুৰ এটা যেন ভাহি আহিছে,

: হেই হেই, কি হ’ল? ভয়তে কঁ‌পি কঁ‌পি চকু দুটা মেলি দেখোঁ‌, মই দেখোন আমাৰ নিজৰ বিচনাতে শুই আছোঁ। কাষতে মোৰ পত্নী সাৰ পাই মোৰ গাটো জোকাৰি আছে আৰু মোৰ ফালে ঘোপাকৈ চাই আছে। তাৰমানে অতপৰে অমুকাই সপোনহে দেখি আছিলোঁ।  উফ্ ৰক্ষা, দলিয়াবলৈ যে একো নাপালে। দিনতে কাপোৰ কিনিম বুলি পাঁচ হাজাৰ টকা লৈ থৈছিল বুলিহে কোনোমতে বাচিলোঁ। নহ’লে গাৰুটোকে মুখলৈ দলিয়াই দিলেহেঁতেন। ভাল ৰক্ষা পৰিলোঁ দেই। 

দেহী ঐ, ভাওনা চোৱাৰো কি যে বিড়ম্বনা!

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *