ফটাঢোল

ভিক্টৰ ফ্ৰেংকল আৰু আশা-নৱজিৎ বৈশ্য  

ভিক্তৰ ফ্ৰেংক্লৰ “Man’s Search for Meaning” নামৰ বহুল পঠিত কিতাপখন পঢ়ি লক-ডাউনৰ সময় কটাইছোঁ৷ কিতাপখনত তেওঁ কনচেনট্ৰেশ্যন কেম্পত কটাই অহা তিনিটা বছৰৰ অভিজ্ঞতাৰ বৰ্ণনা আছে৷ এজন স্নায়ু তথা মনোৰোগ বিশেষজ্ঞৰ সূক্ষ্ম বৰ্ণনা আৰু তাৰ মাজে মাজে কৰি যোৱা পৰিস্থিতিৰ দাৰ্শনিক ব্যাখ্যাই  যিকোনো পাঠককে জীৱনটোক নতুকৈ চাবলৈ উদ্বুদ্ধ কৰিব, জীৱনৰ বাটত মুখামুখি হোৱা প্ৰতিকূল পৰিস্থিতিতো আত্মবিস্মৃত নহৈ মানৱীয় মৰ্যাদা ৰক্ষা কৰি জীৱনটো অৰ্থৱহভাৱে যাপন কৰিবলৈ প্ৰেৰিত কৰিব৷ কনচেনট্ৰেশ্যন কেম্পত বন্দীসকলক কঠোৰতকৈও কঠোৰ পৰিশ্ৰম কৰিবলৈ বাধ্য কৰোৱা হৈছিল৷ তাৰ বিপৰীতে প্ৰছণ্ড শীতত পিন্ধিবলৈ একেবাৰে অনুপযুক্ত পোছাক আৰু সমান্য পৰিমাণৰ পুষ্টিহীন আহাৰ যোগান ধৰা হৈছিল৷ তাৰ উপৰিও সামান্য অপৰাধতে বা কোনো অপৰাধ নোহোৱাকৈয়ে বন্দীসকলৰ ওপৰত অবৰ্ণনীয় শাৰীৰিক অত্যাচাৰ চলোৱা হৈছিল৷ সেই শাৰীৰিক-মানসিক অত্যাচাৰত জৰ্জৰিত হৈ যিসকল বন্দী কাম কৰিব নোৱৰাকৈ দুৰ্বল হৈ পৰিছিল নাজীবাহিনীয়ে সেইসকলক ৰেষ্ট-কেম্পলৈ নিয়াৰ অচিলাৰে “গেছ চেম্বাৰ”লৈ নি হত্যা কৰিছিল৷ সেই হেন পৰিস্থিতিতো, সংখ্যাত খুব কম হ’লেও ফ্ৰেংক্লৰ দৰে একাংশ বন্দীয়ে শেষ মূহূৰ্তলৈকে আশা হেৰুৱা নাছিল৷ অনবৰতে মৃত্যুৰ আশংকাৰে দুস্তৰ সেই সয়য়ছোৱাত ফ্ৰেংক্লে কেনেকৈ হতাশাক জয় কৰিব পাৰিছিল তাৰ উমান পোৱা যায় সহবন্দীসকলৰ আগত তেওঁ দিয়া এটা বিশেষ বক্তৃতাত৷ 

সেই বক্তৃতাটো তেওঁ কি পৰিস্থিতিত দিবলগীয়া হৈছিল সেই কথাৰ উল্লেখে তেওঁৰ আশাৰ শিপা কিমান গভীৰত প্ৰোথিত হৈ আছিল তাৰ ধাৰণা দিব৷ সেইদিনা কেম্পৰ খাদ্যভাণ্ডাৰৰ পৰা এজন ভোকাতুৰ বন্দীয়ে দুটামান আলু চুৰি কৰিছিল৷ কেম্প কৰ্তৃপক্ষই চুৰিকাৰ্যটোৰ বিষয়ে জানিব পাৰিলেও চোৰজনক চিনাক্ত কৰিব পৰা নাছিল৷ সেয়েহে কৰ্তৃপক্ষই কেম্পৰ বন্দীসকলক হয় চোৰজনক উলিয়াই দিবলৈ, নহ’লে শাস্তি হিচাপে সিদিনা গোটেই দিনটো আটায়ে লঘোণে থাকিব লাগিব বুলি কৈছিল৷ ইতিমধ্যে দীৰ্ঘদিনৰ অপৰিমিত পৰিশ্ৰম আৰু অৰ্দ্ধাহাৰে দুৰ্বল আৰু ৰুগীয়া কৰি তোলা মানুহবোৰৰ বাবে এটা দিন লঘোণে থকাটো সাধাৰণ কথা নাছিল৷ তথাপি সহবন্দী এজনক অমানষিক শাস্তিৰ পৰা বচাবলৈ আটায়ে লঘোণে থাকিবলৈ সিদ্ধান্ত কৰিলে৷ সন্ধিয়ালৈ মানুহবোৰৰ মনোবল টুটি আহিছিল৷ ভোকত জলক-তবগ দেখিছিল৷ কোনোৱে কথা পাতিব বিচৰা নাছিল৷ সামান্য এটা শব্দয়ো তেওঁলোকক বিৰক্ত কৰিছিল৷ সেই পৰিৱেশত কেম্পৰ এজন তুলনামূলকভাৱে সহানুভূতিশীল পৰিচালক(চিনিয়ৰ ৱাৰ্ডেন)য়ে চৰম হতাশাত নিমজ্জিত বন্দীসকলক অলপ মানসিক সকাহ দিবলৈ মনোৰোগ বিশেষজ্ঞ ফ্ৰেংকল্কক কিবা অলপ ক’বলৈ পাছিলে৷ কাৰণ, ইতিমধ্যে কেম্পত আত্মহত্যাৰ মানসিকতাই গা কৰি উঠিছিল আৰু কেইবাটাও আত্মহত্যাৰ ঘটনা ঘটিছিল৷ “Running into the barbed wire”- এইটো আছিল কেম্পত বহুলভাৱে প্ৰচলিত এটা ফ্ৰেজ৷ কাৰণ বন্দীসকলৰ বাবে আত্মহত্যাৰ সহজ উপায়টো আছিল কেম্পটোক পৰিবেস্তিত কৰি ৰখা বিদ্যুত পৰিবাহী কাইটীয়া তাঁৰৰ বেৰখনলৈ দৌৰ মৰা৷ 

প্ৰৱল অনিচ্ছাসত্বেও ফ্ৰেংক্লে পৰিচালকজনৰ নিৰ্দেশ পালন কৰিবলৈ পৰিস্থিতিৰ মনস্তাত্বিক ব্যাখ্যাৰে সহবন্দীসকলৰ আগত এটা মটিভেশ্যনেল স্পীচ্ছ দিবলৈ  থিয় দিলে৷ চৰম হতাশাজনক সেই  পৰিৱেশত বন্দীসকলক অনুপ্ৰাণিত কৰাটো অত্যন্ত জটিল আৰু কষ্ট সাধ্য কাম আছিল৷ কিন্তু ফ্ৰেংক্ল সফল হৈছিল৷ তেওঁ প্ৰথমে সহবন্দীসকলকৰ আগত তেওঁলোকৰ বাবে তেতিয়াও উপলব্ধ কিছুমান সৰু সৰু সুবিধাৰ কথা উল্লেখ কৰিছিল আৰু কৈছিল যে দ্বিতীয় বিশ্বযুদ্ধই উছন কৰা ইউৰোপৰ ষষ্ঠটো শীততো তেওঁলোক, মানুহৰ কল্পনাই ঢুকি পোৱা আটাইতকৈ কঠিন অৱস্থাত  তেতিয়াও উপনীত হোৱাহি নাই৷ তেওঁ সহবন্দীসকলক তেওঁলোকে ইতিমধ্যে কি কি অপূৰণীয় ক্ষতিৰ মুখামুখি হ’ল ভাবি চাবলৈ আহ্বান জনালে৷ দেখা গ’ল যে সহবন্দীসকলে অপূৰণীয় বুলি ভাবি থকা ক্ষতিবোৰ আচলতে অপূৰণীয় নহয়৷ স্বাস্থ্য, সম্পদ, বৃত্তিগত সামৰ্থ্য, সুখ, পৰিয়াল, সমাজিক সম্পৰ্ক আদিবোৰ পুনৰ ঘূৰাই অনাৰ বা অৰ্জন কৰাৰ সুযোগ পোৱাৰ সম্ভাৱনা তেওঁলোকৰ বাবে তেতিয়াও আছে৷ তেওঁলোক যি বিপৰ্যয়ৰ মাজেদি পাৰ হৈ আহিল সেয়া ভৱিষ্যতে তেওঁলোকৰ বাবে সম্পদত পৰিণত হোৱাৰ সম্ভাৱনা তেতিয়াও আছে৷ তেওঁ নীৎসেৰ উদ্ধৃতি দিলে,

“That which does not kill me, makes me stronger.”

তাৰ পিছত তেওঁ ভৱিষ্যতৰ কথা ক’লে৷ তেওঁ মানি ল’লে যে ভৱিষ্যত তেওঁলোকৰ বাবে নিৰাশাজনক৷ তেওঁলোকৰ বাছি থকাৰ আশাও খুব ক’ম৷ ফ্ৰেংক্লে নিজৰ বাছি থকাৰ আশা ১/২০ বুলি উল্লেখ কৰিলে৷ কিন্তু তথাপিও তেওঁ আশা ত্যাগ কৰিবলৈ প্ৰস্তুত নহয় বুলিও সহবন্দীসকলক জানিবলৈ দিলে৷ সংগ্ৰামৰ সফলতাত সন্দেহ থকা কথটোৱে সংগ্ৰামৰ মহত্ব আৰু মৰ্যাদা কেতিয়াও অৱনমিত নকৰে বুলি তেওঁ দৃঢ়তাৰে ঘোষণা কৰিলে৷ তেওঁ অতীতৰ কথাও উল্লেখ কৰিলে৷ তেওঁ এজন কবিৰ উদ্ধৃতি দি ক’লে যে আমি যি অভিজ্ঞতা আৰ্জিলোঁ সেয়া পৃথিৱীৰ কোনো শক্তিয়ে আমাৰ পৰা কাঢ়ি নিব নোৱাৰে৷ লগতে তেওঁ সহবন্দীসকলক মনত পেলাই দিলে যে তেওঁলোকৰ আত্মীয়স্বজনে, যিসকলে তেতিয়াও তেওঁলোকৰ অভাৱ অনুভৱ কৰি আছে, সেই সকলে তোওঁলোকক আটাইবোৰ অত্যাচাৰ-উৎপীড়ন গৰ্বিত বীৰৰ দৰে সহ্য কৰি বাছি থকাটো বিচাৰে৷ মুঠতে ফ্ৰেংক্লে এই কথা প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিলে যে ‘জীৱন’ পৰিস্থিতি নিৰ্বিশেষে অৰ্থৱহ৷ দীৰ্ঘদিনীয়া পুষ্টিহীনতাত ভূগি থকা মানুহবোৰক দিনজোৰা উপবাসে থিয় দিব নোৱৰাকৈ দুৰ্বল কৰি তুলিছিল৷ তথাপি ফ্ৰেংক্লেৰ কথা শুনি দুই-এজনে থৰক-বৰককৈ উঠি আহি তেওঁক ধন্যবাদ জনাইছিল৷ মানুহবোৰৰ বেছিভাগৰে চকুত চকুলো বিৰঙিছিল৷ ফ্ৰেংক্লে বুজি পালে যে তেওঁ সফল হৈছে৷ কিন্তু ফ্ৰেংক্লে নাজানিলে যে তেওঁৰ বক্তৃতাৰ তেওঁ নিজেই লেখা সাৰাংশ পঢ়ি মহামাৰীয়ে বিপন্ন কৰা পৃথিৱীত, তেওঁৰ মৃত্যুৰ প্ৰায় ২৪ বছৰ পিছত অসমৰ এজন অতি সাধাৰণ মানুহৰো চকু সেমেকি উঠিল৷

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *