ফটাঢোল

ফটাপ্ৰশ্ন

১) ভূপালী দেৱী:

আদি আৰু ইত্যাদিৰ মাজত পাৰ্থক্য কি?

উত্তৰঃ আদি মানে আৰম্ভহে, তাৰ শেষ ক’ত ঠিকনা নাই। ইত্যাদি মানে ইয়াত আৰম্ভও, ইয়াতে শেষো। কিন্তু মাজত কি কি আছে তাৰ ঠিকনা নাই।

২) কমলা দাস:

মনে খোজে ৰজা হ’ব

বিধাতাই নিদিয়ে খুজি খাব।

এই বিধাতা জন কোন নো!

উত্তৰঃ বিধাতা মানে ভগৱান বুলি কয়, কিন্তু আচল অৰ্থ কৰ্মহে। কৰ্মই হয় ৰজা বনাব, নহয় ভিক্ষা খোজাব। কানীয়া মানুহবোৰে কাম-বন নকৰি ভিক্ষা খুজিব লগা হোৱা বাবে ভগৱানক দায়ী কৰি ভাল পায়।

৩) সোমকান্ত শইকীয়া:

এইযে ‘ফটা-প্ৰশ্ন’বোৰ আহে, সেইবোৰ কোনে চিলাই কৰে তাত? নে তাতো কিবা ঠিকা-ঠুকলিৰ কাম ওলায়?

উত্তৰঃ ওলায় ওলায়। চিক্সটি ফৰ্টি ঠিকা কৰে যদি গুপুতে লগ ধৰক।

৪) শ্ৰুতিমালা মিশ্ৰ:

এই পিকনিকৰ বতৰত আপাসকলে “ডিস্কʼ ভণ্টী নানাচিবা, বেয়া লাগে” গানটোত দেওধনী নৃত্য প্ৰদৰ্শন কৰাটো বাধ্যতামূলক নেকি?

উত্তৰঃ হয়। আন্তৰ্জাতিক  পিকনিক (উপভোগ) আইনৰ প্ৰটক’লমতে সেইটো বাধ্যতামূলক। সদ্যহতে সেই আইনখনত এক সংশোধন আনি চেল্ফি লোৱা আৰু পিকনিক স্পটৰ পৰাই যেনে তেনে নেটৱৰ্ক বিচাৰি ফেচবুক ইনষ্টাগ্ৰামত আপলোড কৰাও বাধ্যতামূলক কৰা হৈছে।

৫)ধনজিৎ বৰুৱা:

না সেইটোত বহু বেছি দম লাগে, না তাৰে কল ওলায়, না সি কল গছৰ দৰে। তথাপি পানী ওলোৱা এই আহিলাটোৰ নাম দমকল কিয়?

উত্তৰঃ  কলগছৰ নিচিনা হয়তো, দীঘল আকৃতিৰ। কিন্তু মূল কথা হ’ল – এই বস্তুটোৱে মাজে মাজে যিটো কাউট কাউট চিঞৰ মাৰে, সেইটো একেবাৰে দম নাইকিয়া হৈ মৰিবলে ওলোৱা প্ৰাণীৰ মাত যেন নুশুনাই জানো? গতিকে য়ৰ অনাৰ, এই যন্ত্ৰটোৰ দমকল নামটো আমাৰ বিচাৰ-বুদ্ধিমতে সম্পুৰ্ণ জাষ্টিফাইড।  

৬) অভিজিত কলিতা:

আপোনাক যদি পঞ্চইন্দ্ৰিয়, মানে নাক, কাণ, চকু, ছাল আৰু জিভাৰ মাজত কেৱল এটা ইন্দ্ৰিয়হে ৰাখিবলৈ দিয়া হয়, তেনে আপুনি কোনটো ইন্দ্ৰিয় ৰাখিব আৰু কিয়?

উত্তৰঃ প্ৰশ্নটো অতি কঠিন দেখি ফটহুৱে অগতিৰ গতি, তিতবৰীয়া গোঁ‌সাইৰ শৰণ ল’ব লগা হ’ল। গোঁ‌সাইপ্ৰভূৱে অৱশ্যে তিলিকিতে সমাধান দিলে- বোলে আনবোৰ থাকক নেথাকক, জিভাখন থকা জৰুৰী। সোৱাদ লগাকৈ খাই থাকিবলে পালে আৰুনো জীৱনত কি লাগে?

৭) জয়ন্ত গগৈ:

জাৰত জুইৰ তাপ গৰমত পানীৰ শাত। তেন্তে এই দুইটা বস্তুৰে মাজত কিবা সাদৃশ্য আছেনে ?

উত্তৰঃ  নিশ্চয় আছে। জুই পানীয়ে আমাৰ জীৱন চলাই আছে। যদিও আপাতত বস্তু দুটা বিপৰীত ধৰণৰ, কিন্তু এই দুটাই প্ৰকৃতিৰ মূল চালিকা শক্তি যি আমাক জীয়াই ৰাখে।

৮) অণিমা দাস:

গৰম মচলা বোৰ চুই চালে চেঁচা লাগে কিয়?

উত্তৰঃ ইয়াৰ গৰমটো বুজিবলৈ হ’লে বস্তুবিধ অলপ বেছিকৈ খাই দিব লাগিব, পিছদিনা পুৱা সি তাৰ আচল গৰম দেখুৱাই দিব।

৯) জয়ন্ত দাস:

ফটহুকাই যদি আপুনি মানুহৰ মৰম জুখিবপৰা যন্ত্ৰ এটা লাভ কৰে, তেতিয়া কি কৰিলেহেঁতেন?

উত্তৰঃ আজিকালিৰ ফুটকলি প্ৰেমিক-প্ৰেমিকাবোৰক ভাৰালে দি পইচা ঘটিলোহেঁ‌তেন।

১০) জয়ন্ত কুমাৰ ডেকা:

জ্যেষ্ঠজনক ‘আপুনি’ সম্বোধন কৰাটো আমাৰ সমাজৰ এক সংস্কাৰ। তেতিয়াহ’লে শাক পাচলিৰ বজাৰ সম্পূৰ্ণৰূপে দখল কৰা বাংলাদেশী মূলৰ বয়সস্থসকলক ডাঙৰ বা সমবয়সীয়া সকলেতো ‘আপুনি’ সম্বোধন নকৰেই, সৰু সকলেও নকৰে। ইয়াৰ কাৰণ কি বুলি আপুনি ভাবে? সংস্কাৰৰো জাত-পাত থাকে নেকি বাৰু?

উত্তৰঃ আজিকালিনো সংস্কাৰ ক’ত বাকী আছেগৈ হয়নে? শাক পাচলিৰ বজাৰ দখল কৰা সকলৰ কথা বাদেই দিলোঁ‌- কাম কৰি খোৱা কোনজন মানুহেনো আজিৰ দিনত প্ৰাপ্য সন্মানকণ পোৱা দেখিছে আজিকালি।

☆ ★ ☆ ★ ☆

6 Comments

  • ৰাজশ্ৰী শৰ্মা

    বঢ়িয়া উত্তৰ ফটহুকাই,ধন্যবাদ জনালোঁ।

    Reply
  • ফটহু কাই, উত্তৰ হৌ তৌ এইচি এইচ ডি জেচি

    Reply
  • Somkanta Saikia

    ৬০: ৪০ ,মোৰ ৬০ যদি সন্মত !
    ধন্যবাদ ,ৰাজ্জো !

    Reply
  • জয়ন্ত দাস

    বঢ়িয়া

    Reply
  • পূৰৱী

    ফটহু কাই….উত্তৰ কিন্তু মানিছো

    Reply
  • বাগ্মিতা

    কেইটামান প্ৰশ্ন আৰু তাৰ উত্তৰ বহুত ভাল লাগিল। বিশেষকৈ জিভাখনেই যে মেইন সেইটো কিন্তু 100% ঠিক কথা?

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *