ডলী ক্ৰিয়েশ্যনৰ ত্ৰিবিংশতিতম নিবেদন:হিৰো হিৰালাল- ডলী তালুকদাৰ
কাহিনী,চিত্ৰনাট্য,সংলাপ,পৰিচালনা ডলী তালুকদাৰ
সংগীত,নৃত্য: চিদানন্দ বৰা
কেমেৰা: টবিবৰ ৰহমান
লাইট: অভিজিত গোস্বামী
পোষ্টাৰ ডিজাইন: যোগেশ ভট্টাচাৰ্য, চন্দন বৰী
অভিনয়ত: কাবেৰী মহন্ত,কমলা দাস,নীলাক্ষি কাকতী,নীতাশ্ৰী নেওঁগ, দিক্ষিতা বৰা,বাগ্মীতা ৰাজখোৱা বৰকাকতি,বিজয় মহন্ত,অগ্নিভ দত্ত,আদিত্যজ্যোতি বৰঠাকুৰ,মৃদুল নাথ,দিগন্ত ভট্টাচাৰ্য ,ভাস্কৰজ্যোতি দাস,অৰ্চন শৰ্মা,সুকুমাৰ গোস্বামী।
অৰ্চন শৰ্মা: হৰেণ
বিজয় মহন্ত: লাকি
মৃদুল নাথ: বিকি
দিগন্ত ভট্টাচাৰ্য : চানি
অগ্নিভ দত্ত: ৰকি
কাবেৰী মহন্ত: অনু ( হৰেণৰ বায়েক)
কমলা দাস:জানকী ( হৰেণ আৰু অনুৰ মাক)
নীলাক্ষি কাকতি: মীনা( অনুৰ বান্ধবী)
আদিত্যজ্যোতি বৰঠাকুৰ: দিপু
ভাস্কৰজ্যোতি দাস: মন্টু
বাগ্মীতা ৰাজখোৱা বৰকাকতি: ৰুমী
নীতাশ্ৰি নেওঁগ: মাইনী
দিক্ষিতা বৰা: ৰিণি
সুকুমাৰ গোস্বামী: প্ৰফেচাৰ
দৃশ্য ১
কলেজৰ প্ৰবেশদ্বাৰ। ডাঙৰ গছ এডালৰ তলত বেঞ্চি এখনত বহি থাকিব কেইজনমান ল’ৰা। ৰঙীণ ভমকাফুলৰ চাৰ্ট পিন্ধা এজন ল’ৰাই বেঞ্চি খনত শুই থাকিব।কাষত এজন ল’ৰাই মোবাইলত কিবা কিবি কৈ ৰেকৰ্ড কৰি থাকিব। তেনেতে এজন ল’ৰাই হাতত দুটা চাহৰ গিলাচ লৈ আহি থিয় হ’ব সিহঁতৰ সমুখত।
ল’ৰাজনে চাহ আনিছোঁ বুলি ক’ব আৰু শুই থকাজনে গৰম চাহনে সুধিব।
ল’ৰাজনে ‘হয়’ বুলি কোৱাত শুই থকাজনে প্ৰমাণ বিচাৰে আৰু চাহ অনা ল’ৰাজনে তেওঁৰ আঙুলিটো জুবুৰিয়াই দিব চাহত( আদিত্যজ্যোতি বৰঠাকুৰ চৰিত্ৰ দিপু)।
ল’ৰাজনে জাপ মাৰি উঠিব “আই ঐ মা” বুলি ( অগ্নিভ দত্ত,চৰিত্ৰ ৰকি)। কাষতে বহি থকা ল’ৰাজনে হাঁহিত বাগৰি যাব( ভাস্কৰজ্যোতি দাস, চৰিত্ৰ মন্টু)।
ৰকি: আৰে পাগল নেকি বে? গৰম চাহত যে মোৰ আঙুলি ডুবাই দিছ?
দিপু: তুমি দেখোন চাহ গৰম হয়নে নহয় প্ৰমাণ দিবলৈ কৈছিলা? গতিকে ইয়াতকৈ ভাল উপায় আৰু ক’ত আছে?
ৰকি: লাগে দুটা? অ’ভাৰ স্মাৰ্ত দেখাব আহিছ? উফ আঙুলিটো ঢৌ ফুটি গ’ল।ফু…ফু……
ৰকিয়ে আঙুলিটো ফুৱাই থাকে।
দিপুৱে কোনেও নেদেখাকৈ হাঁহে।
মন্টু: হেই মেন…. সামান্য চাহৰ গৰমতে তুমি কেনেকুৱা কৰিছা? তোমাৰ দৰে গোটেই কলেজ কঁপোৱা মানুহজনে এনেকুৱা কৰানে? চ্চিল মেন। আৰু দিপু নেক্সট টাইম নকৰিবি এনেকুৱা।
দিপু: না..না….।মই ধেমালীহে কৰিছিলোঁ।
মন্টু: এনেকৈ ধেমালি কৰে নেকি কোনোবাই? বাৰু বাদ দে এইবোৰ। মোৰ নতুন শ্বায়েৰীটো শুন। আজি মীনাক এইটো শুনাম। তাই যদি মোৰ দিৱানী নহয় ক’বি তাৰপিছত?
ৰকিয়ে কেঁৰাকৈ চায়। মন্টুৱে শ্বায়েৰী শুনায়।
মন্টু: দিল চুৰাকে তুনে মেৰা নিন্দ উৰায়া
প্যাৰ জগাকে তুনে হোচ উৰায়া
মেৰি জান তুনে য়ে ক্যা কিয়া…
হঠাত দিপুৱে চিঞৰিব: বচ…বচ.. নতুন আহিছে,নতুন আহিছে।
মন্টুৰ শ্বায়েৰী আধা কোৱা হ’ব। ৰকীয়ে শোৱাৰ পৰা উঠি চুলিখিনি ভাল কৰিব হাতেৰে। কেমেৰা কলেজৰ গেটলৈ দেখুৱাব। তিনিজনী ছোৱালী সোমাই আহিব। পিছে পিছে দুজন ল’ৰা। সিহঁতে তলমূৰকৈ যাব বিচাৰে কিন্তু ৰকিয়ে মাত লগাব।
ৰকি: অ’ ভন্তী, অ’ মইনা কলিজা এইফালে আহাঁ। ক’ত গৈছা সেইফালে?
মন্টু: আৰু বাবাহঁত তোমালোকক বেলেগকৈ নিমন্ত্ৰণ দিব লাগে নেকি?
দিপু: আহাঁ আহঁ সোনমইনাহঁত।
ছোৱালী তিনিজনীয়ে ভয়ে ভয়ে আহিব।
—–বাগ্মীতা(ৰুমী), দিক্ষিতা(ৰিণি),নীতাশ্ৰী(মাইনী)।
ৰকি: নাম কি? ধাম কি? কাম কি?
ছোৱালী কেইজনীয়ে একো নকয় ভয়তে।
ল’ৰা দুজন আহিব আৰু থিয় দি থাকিব। দিপুৱে সিহঁতৰ পৰিচয় দিবলৈ চকুৰে ইংগিত দি ৰকীৰ প্ৰশ্নটোকে সোধে।
নাম চানি। ধাম নলবাৰী। কাম পঢ়া আৰু হবী গল্প,প্ৰবন্ধ লিখা।( এই চৰিত্ৰটো কৰিব দিগন্ত ভট্টাচাৰ্যই)
চানি নামৰ খীণ ল’ৰাজনে টপাটপ উত্তৰ দিয়ে।
ৰকি: আবে.. ই নলবেইৰা পুৰা স্মাৰ্ত আছে ৰে! তই মানে লেখক আছ ন? বঢ়িয়া।
মন্টু: শুন নলবেইৰা? এতিয়াৰপৰা তই মোক কবিতা লিখি দিব লাগিব।
চানি: দাদা, কবিতা লেইখপা নোৱাৰোঁ দক মই। কবিতাৰ কাষতে নাযাওঁ।
মন্টু: আৰে তোক আমাৰ কলেজৰ কবিতাৰ কাষত গৈ বহিবলৈ কোৱা নাই মই? কবিতা…..মিঠা কবিতা, ৰোমান্টিক কবিতা লিখি দিয়াৰ কথা কৈছো।এণ্ড ইটচ মাই অৰ্দাৰ।
দিপু: চিনিয়ৰৰ কথা নুশুনিলে কিন্তু দিগদাৰ আছে।
আৰু তোমাক কি নতুনকৈ ক’ব লাগিব নেকি?( অলপ শকতকৈ অহা ল’ৰাজনক কয়। এই চৰিত্ৰটো কৰিব মৃদুল নাথে)
নাম বিকি। ধাম বঙাইগাওঁ। কাম মোৰো পঢ়া আৰু হবী গিটাৰ বজোৱা। মই ৰোমান্টিক গানো বজাব পাৰোঁ।
ৰকি: তোক সুধিছোঁ নেকি কি বজাব পাৰ? কাইলৈৰপৰা গিটাৰখন লৈ আহিবি। ইয়াতে বহি বজাব লাগিব আমাৰ লগত। এতিয়া যা ক্লাচত।
চানি আৰু বিকি যায়। ছোৱালীকেইজনীও যাব খোজে।
ৰকি: ক’ত যোৱা মইনাহঁত? পৰিচয় দিয়া নিজৰ?
তেনেতে ৰকিৰ চকুত পৰিব দুজন নতুন ল’ৰা পিছফালে সেমেনা সেমেনিকৈ থিয় দি থাকিব।
ৰকি: কোন অ’ তহঁত দুজন? আৰু থিয় দি আছ যে?
“আমি কলেজত নতুনকৈ এডমিশ্যন লৈছোঁ। ই হৰেণ ( অৰ্চন শৰ্মা), আৰু মই লাকি( বিজয় মহন্ত)। আমি ৰেগিং খাবলৈ থিয় দি আছোঁ।”
লাকি নামৰ ল’ৰাজনে কয়।
ৰকি,দিপু,মন্টুৱে হাঁহে। ছোৱালী কেইজনীক পুণৰ কিবা ক’বলৈ ওলাওঁতেই কলেজৰ আলোচনীৰ সম্পাদিকা অনু( কাবেৰী মহন্ত) আৰু সাংস্কৃতিক সম্পাদিকা মীনাক( নীলাক্ষি কাকতি) সোমাই অহা দেখে।
মীনা: কি হৈছে ইয়াত? ইমান ভিৰ কিহৰ?ৰকি পুণৰ ৰেগিং আৰম্ভ কৰিছা নেকি তোমালোকে?
ৰকি: আমি জাষ্ট চিনাকিহে হৈছো জুনিয়ৰ খিনিৰ লগত। তাত কি প্ৰব্লেম আছে তোমালোকৰ?
মীনা: চিনাকি হোৱাত প্ৰব্লেম নাই। পিছে চিনাকিৰ নামত যে নতুন ছাত্ৰ ছাত্ৰীক হাৰাশাস্তি কৰা তাতহে প্ৰব্লেম আছে। কলেজৰ চেক্ৰেটৰী হিচাপে আমি এইবোৰ হ’ব নিদিওঁ।
মন্টু: চৰী মীনা! আমি একো আমনি কৰা নাই কাকো। তথাপি প্ৰমিজ কৰিছো তোমাক আৰু আমনি নকৰোঁ। বাবা,মাইনাহঁত যোৱা।
এনেতে প্ৰফেচাৰ বৰুৱা আহে(সুকুমাৰ গোস্বামী)। তেওঁক দেখি সকলো সচেতন হয়। ৰকিহঁত থিয় হয়।
প্ৰফেচাৰ.: কি হ’ল? সকলো ইয়াত যে?ক্লাচ কৰা নাই কিয়?আৰু তোমালোক দুজনীয়ে কি কৰিছা?
অনু: চাৰ ৰকীহঁতক আমাৰ কলেজৰ সোণালী জয়ন্তীত সহযোগ কৰিবলৈ কৈছোঁ। দিনটো বহি থাকে এনেই। ক্লাচো নকৰে।
মীনা: চাৰ! মই মন্টুক সাস্কৃতিক সন্ধিয়াত কিবা এটা কৰিবলৈ কৈছিলোঁ। ইমান সুন্দৰ শ্বায়েৰী লিখে সি!
মন্টুৱে সেপ ঢুকে। ৰকিয়ে মুখৰ ভিতৰত কিবা কয়।
প্ৰফেচাৰ বৰুৱা: ঠিকেই কৈছে। ইয়াত অজগৰৰ দৰে দিনটো পৰি থাকিলে কি হ’ব ! ক্লাচটো নকৰাই, অন্ততঃ কলেজৰ ফাংচনতে কিবা এটা কৰি সাংস্কৃতিক দিশটো ভাল কৰা।বুজিলানে ৰকি?
ৰকি: চাৰ! মই বিশেষ একো নাজানোৱেই নহয়!
প্ৰফেচাৰ: কিন্তু জুনিয়ৰৰ লগত ৰৈ থাকিলে পৰীক্ষাত পাচ নকৰা। আৰু কিমান দিন কলেজত থাকিবা হে? ছাত্ৰ হৈ থকাৰ বয়স এটা থাকে নহয়? নে কিবা নেতা চেতা হোৱাৰ কথা ভাবিছা?
মন্টু+ৰকি: নাই নাই চাৰ। সেইবোৰ ভবা নাই।
প্ৰফেচাৰ: গুড। এতিয়া সকলো ক্লাচলৈ যোৱাগৈ।
তেওঁ যায়।
অনু:তোমালোক যে আমাতকৈ চিনিয়ৰ আছিলা পাহৰিলা চাগৈ ন? আৰু তোমালোকো যোৱাগৈ। ভাইতি ( হৰেণক কয়) আজি প্ৰথমদিনা ক্লাচত দেৰিকৈ সোমালে ভাল নেদেখি। যা ইয়াৰপৰা।
ছোৱালী তিনিজনীৰ লগতে হৰেণ আৰু লাকি যায়।
ৰকি, দিপু,মন্টুৱে বেঞ্চিত বহি চাই থাকে।
দিপু: এহ…একো সুধিবই নাপালোঁ ভালকৈ। এই অনু বোলাজনীয়ে বেছি কৰে অলপ। মীনা জনীও কম নহয়।
লাকিয়ে হৰেণক কাণৰ কাষত কয়—-
“ধেই ! ৰেগিং খাবই নাপালো ভালকৈ। ইমান আশা কৰি আহিছিলোঁ। তোৰ বায়েৰ অহা টাইমটো বেয়া হ’ল।”
দৃশ্য ২
কলেজৰ কেন্টিনত এখন টেবুলত চানী আৰু বিকিয়ে চাহ, পৰঠা খাই থাকিব। বিকিয়ে ৰসগোল্লাটোত কামোৰ মাৰিব খোজোঁতেই দুজনী ছোৱালী সোমাই আহিব।
“হাই, আই এম ৰুমী! এণ্ড চি ইজ মাই কাজিন ৰিণি। আমি একেলগে পঢ়োঁ। সেইবাবে ভাল বান্ধবীও” । একে উশাহতে ৰুমীয়ে কয়। এই চৰিত্ৰটো কৰিব বাগ্মীতাই।
“হাই” বুলি ৰিণিয়ে ক’ব ( দিক্ষিতা বৰা)।
চানি আৰু বিকিয়ে লাজ লাজকৈ ‘হাই’ ক’ব।
ৰুমী: আমিও জইন কৰোঁনে তোমালোকৰ লগত?
চানি আৰু বিকিয়ে দুয়োৰে মুখলৈ চায়।
চানি: কিহোত বা জইন কৰাৰ কথা কৈছি। কিবা কম্পিটিশ্যন পাইতছি না কি কলেজত?
বিকি: নাজানো বন্ধু। সুধিবলৈও লাজ লাগে নহয়! ইমান স্মাৰ্ত আপী।
ৰুমী আৰু ৰিণিয়ে আচৰিত হৈ দুয়োৰে মুখলৈ চাই থাকে।
চানি: কিবা পাইতছি নেকি কলেজত?
ৰুমী:চৰী! কি কৈছা?
বিকি: নাই মানে কিবা পাতিছে নেকি কলেজত? জইন কৰাৰ কথা কৈছা যে?
ৰুমীয়ে চকীখন টানি বহে সমুখত। ৰিণিকো বহিবলৈ ইংগিত দিয়ে। তাই হা হা কৈ হাঁহে।
ৰুমী: ধেইত! আমি তোমালোকৰ লগতে ইয়াত বহি চাহ খাব পাৰোঁনে সুধিছোঁ। বাই দ্যা ৱে….পাইতছি মানে কি কৈছা? লেংগুৱেজটো অলপ প্ৰব্লেম পাইছোঁ বুজাত তোমাৰ?
চানি ৰঙা পৰে লাজতে।
বিকি: তেওঁ বেলেগ লেংগুৱেজ কোৱা নাই। আমাৰ নামনি অসমৰ কথিত ভাষা কৈছে। নলবাৰীৰ। এইটোও আমাৰ অসমীয়া ভাষাৰেই অন্য এটা ৰূপ। মইও কওঁ বঙাইগাঁৱৰ কথিত ভাষা।
ৰুমী: অ’ অ’। ভালেই হ’ল দিয়া। তোমালোকৰপৰা আমি নামনি অসমৰ কথাবোৰ শিকিব পাৰিম।
ৰিণি: উম! বহুত ভাল লাগিব। আমাৰ ঘৰ নগাঁৱত। কিন্তু আমি গুৱাহাটীত থাকোঁ মামাৰ ঘৰত সৰুৰেপৰা। কৃষ্ণ দাস মামাৰ নাম। আমাৰ দুয়োৰে মা বাই-ভনী হয়।
চানি: ক’ত থাকা তোমালোক?
ৰুমী: পাঞ্জাবাৰীত।
এনেতে আৰু এজনী ছোৱালী সোমাই আহিব কেন্টিনলৈ। ইফালে সিফালে চাই তাই ৰুমীহঁতক দেখি আগবাঢ়ি যাব সিহঁতৰ কাষলৈ( এই চৰিত্ৰটো কৰিব নীতাশ্ৰী নেওঁগে, মাইনী)।
মাইনী: তোমালোকে ইয়াতে আছা! আৰু মই গোটেই কলেজত বিচাৰি ফুৰিছোঁ। মোলৈতো ৰ’ব পাৰিলাহেঁতেন!
ৰিণি: তোমাৰ ক্লাচ থকা বাবে ক’বলৈ সময় নহ’ল। আমাৰ দুটা ক্লাচ অফ থকা বাবে ৰৈছিলোঁ। কিন্তু সেইদিনা লগ পোৱা চিনিয়ৰকেইজনক দেখা পাই পলালো ইয়ালৈ। হি….হি…।
মাইনী: হয় দে, বৰ ভয় লাগে সেইকেইজনলৈ। ক্লাচ তাচ একো নকৰে। দিনটো কলেজৰ গেটৰ ওচৰত বহি থাকিব নহ’লে কেন্টিনত। আজিহে নাই দেখা ইয়াত।
ৰুমী: আজি বৰুৱা চাৰে সিহঁতক কিবা কাম দিছে কৰিবলৈ। চিনিয়ৰ বা দুজনীয়ে কোৱা শুনিছোঁ। কলেজৰ ভিতৰত একমাত্ৰ বৰুৱা চাৰকে সিহঁতে ভয় কৰে।
চানি আৰু বিকিয়ে যাবলৈ উঠে।
মাইনী: ক’ত যোৱাহে! মই আহিছোহে মাত্ৰ। চিনাকি হোৱাই নাই মই।এনেয়ো এতিয়া ক্লাচ নাই। তোমালোক দুয়ো কিন্তু বহুত সোনকালে জনপ্ৰিয় হ’লা দেই কলেজত। মইটো ফেন বনি গ’লোঁ।
ৰুমী: ময়ো দেই। বিকি তুমি ইমান ধুনীয়া গিটাৰ বজাইছিলা ফ্ৰেচাৰ্চ ফাংচনত। আৰু চানি তোমাৰ গল্প ৱাল মেগাজিনত পঢ়িছোঁ। ইমান ধুনীয়া লিখা তুমি।
ৰিণি: মইতো তোমাৰ লেখাৰ ফেন হৈ গৈছোঁ।
দুয়ো বহে লাজ লাজকৈ মিঁচিকিয়া হাঁহিৰে। আটাইকেইজনে পৰঠা চাহ খাই হাঁহি হাঁহি ওলাই যায়।
কেমেৰাই চুকত থকা টেবুল এখন দেখুৱাব। লাইট পৰিব। হৰেণ আৰু লাকিক দেখুৱাব। দুয়ো ৰুমী,চানিহঁতক ওলাই যোৱা চাই থাকে।
লাকি: ভাই দেখিলি? চানি,বিকি কেনেকৈ পপুলাৰ হ’ল? ছোৱালীয়ে আহি নিজেই চিনাকি হৈছে। কিবা বুজিলিনে?
হৰেণ: বুজিলোঁ!
লাকি: কি বুজিলি?
হৰেণ: ধুনীয়া ছোৱালীৰ বন্ধু হ’ব লাগিলে চানি, বিকি এনেকুৱা নাম হ’ব লাগে। নলবেইৰা ক’বও জানিব লাগে।
লাকি: ধুৰ…নামৰ কথা কোৱা নাই। স্মাৰ্ত হ’ব লাগে, চকুত পৰা হ’ব লাগে,গিটাৰ বজাব জানিব লাগে, গান গাবলৈ জানিব লাগে, গল্প, কবিতা লিখিব লাগে।
হৰেণ: হয়…হয়…।
লাকি: অৱশ্যে তোৰ নামটো সলাব লাগিব চাগে। কিবা খুৰা,পেহাক মতা নাম যেন লাগে; মোৰটো কিন্তু চ্চালিয়া নাম।
হৰেণে খঙেৰে চায় লাকিক। দুয়ো বিল দি ওলাই আহে।
দৃশ্য ৩
এটা কোঠা দেখুওৱা হ’ব। কোঠাৰ একোণত পঢ়া টেবুল। য’ত কিতাপ,বহী দ’ম হৈ থাকিব বিশৃংখলভাৱে। এখন বিচনাত পিছমুৱা দি এজন ল’ৰাই গিটাৰ এখন টুং টাং কৰি থাকিব।
বেসুৰাকৈ বজোৱা গিটাৰৰ সুৰত ল’ৰাজনে চকু মুদি ভৰি নচুৱাই থাকিব। হঠাৎ মহিলা এগৰাকী সোমাই আহিব খঙত আৰু কঁকালত হাত দুখন দি ক’ব…( এই চৰিত্ৰটো কৰিব কমলা দাসে ‘জানকী’ নামেৰে)।
জানকী:গিটাৰখান যে টুং টুঙাই থাক দিনটো! অলপ পঢ়িব নোৱাৰ বাঘৰ আগ তেল খোৱা? পৰীক্ষাত নম্বৰ তোক গিটাৰে আনি দিব নেকি? পৰীক্ষা এটা যে দিব ওলাইছে, তাৰ গাত এতিয়াও কথা লগাই নাই!বাপেৰে পিছত মোক কব মই গুৰুত্ব নিদিওঁ বুলি।
ল’ৰাজনে মুখখন ঘূৰাই চাব মাকক ( হৰেণ)। মাকক দেখিও নেদেখা যেন দেখুৱাই বজাই থাকিব গিটাৰখন। মাকে খঙতে ওচৰত আহি গিটাৰখন টানি আনিব হাতৰ পৰা।
হৰেণ: মা কি কৰ? গিটাৰখন বজাবলৈ দে। ইমান মিঠা ৰোমান্টিক গান বজাবলৈ শিকিছোঁ। তই চব পণ্ড কৰিলি?
জানকী: হুহ..মিঠা গীত বজাইছে! তোৰ বেসুৰা বাজানাত ঘৰৰ গোটেই কেইটা মুৰ্গী পলাল। কোনে বা ধৰি খায় এতিয়া? পঢ়িব এৰি এইবোৰ কৰি আছ?
হৰেণ: মুৰ্গী ঘৰত নাথাকেই। লোকৰ বাৰী খুচৰি ফুৰা স্বভাবেই সিহঁতৰ। মোক কিয় দোষ দিছ মা? তই কি বুজিবি মই কিয় গিটাৰ শিকিছোঁ!
জানকী: মনে মনে থাক।কিমান কষ্ট কৰোঁ তাৰ কাৰণে সি বুজি নাপায়। সেইটো কলিতাৰ পুতেকক চাগৈ, দিনে ৰাতিয়ে পঢ়ি থাকে। বাচাটোক মৰমেই লাগে। পেপাৰত যদি নাম নাহে তাৰ, মায়েৰৰ নাম সলাই দিবি, কৈ থ’লো।
হুহ!তাৰ কাৰাণে ফুৰা চকা বাদ দিছোঁ,টিভিৰ চিৰিয়েল কেইখনো চাব বাদ দিছোঁ। নিজৰ ভাগৰ কণী,মাংস তাক দিওঁ খাবলৈ মাথাটো হওঁক বুলি। কিন্তু তাৰ মন কাণ নাই অলপো।
পুতেকক গালি পাৰি জানকীয়ে ফোপাব ধৰে। মাকৰ অৱস্থা দেখি জীয়েক অনুয়ে পানী এক গিলাচ আনি দিয়ে পাকঘৰৰপৰা।
অনু: বাপৰে মা! কিমান আটাহ পাৰ তই? ইমান বকিব পাৰ ? বাটৰ মানুহে ৰৈ ৰৈ শুনি গৈছে দে আমাৰ ঘৰৰ কথা।ধেই!মোৰ মস্ত লাজ লাগে কিবা। সেইদিনাখন মোৰ লগৰ অনামিকা, ফৰিজা,উৎপলাহঁত আহোঁতেও ইমান বকি আছিলি!কম লাজ পাইছোনে মই!
হৰেণ:ঠিক কৈছ বা। মায়ে ইমান চিঞৰে নহয়। মোৰ সাধনাত ব্যাঘাত জন্মালে জাননে?
জানকী:যা এ বেটি, কথা নক’বি।এখন কূটা দুখন নকৰে তাই আৰু মোক শিকাব আহে। মুখ ভাঙি দিম ধৰি খুন্দা মাৰি।
হৰেণ: অ’ মা, এই বাজনীয়ে একো কাম নকৰে। দিনটো শুব আৰু লগৰ কেইজনীৰ লগত ফোনত কথা পাতিব।
জানকী: মনে মনে থাক। সি বায়েকৰ বদনাম গাবলৈ আহে!আৰু বেটা মই কি তোৰ সাধনাত ব্যাঘাত জন্মালো? বেসুৰা ক’ৰবাৰ!এতিয়াই কোবাই তোৰ পিঠিৰ ছাল ছিঙিম যদি কিতাপত নবহ।
মাকে খঙেৰে ওলাই যায়।
অনু: তোৰ পঢ়াৰ ধাণ্ডা নাই গাধ? পৰীক্ষাত গিটাৰ বজালে নম্বৰ দিব পাচ কৰিবলৈ? লাজ নাই অলপো?
হৰেণ: তই কি বুজিবি বা? গিটাৰ বজোৱাটো আজিকালি কিমান ডাঙৰ কথা! গিটাৰ বজোৱা,গল্প,কবিতা লিখা ল’ৰাৰ কলেজত কিমান ডিমাণ্ড! হা হা …।
অনু: মনে মনে থাক। মাৰ মাৰি দিম ধৰি।
তেনেতে বাহিৰত কোনোবাই “হিৰো” “হিৰো” বুলি মাতে। অনু ওলাই আহে আৰু লাকিক দেখে।
অনু: কিহে, পৰীক্ষাৰ সময়ত যে টলৌ টলৌকৈ ঘূৰি আছা? পঢ়িব লাগেনে নাই। আৰু কোন হিৰোক মাতিছা? আমাৰ ঘৰত হিৰো নামৰ কোনো নাই নহয়!
লাকি: বা, আপোনালোকৰ ঘৰতে হিৰো এজনে জন্ম লৈছে দেখোন? দেখাততো হিৰোৱেই। অৱশ্যে মোতকৈ হেণ্ডচাম নহয় বাৰু!
অনুৱে লাকিক চকু ডাঙৰ কৰি চাব।
“ধানৰ ডুলিহেন পেটটো কমিলে অলপ হিৰো যেন লাগিলেহেঁতেন বোপাই” বুলি অনুৱে কয় আৰু “হিৰো…অ’ হিৰো” বুলি চিঞৰে।
হৰেণ ওলায় আহে। লাকিক দেখি থতমত খায়।
বায়েকে হাঁহি মাৰি “বাঃ আমাৰ হিৰো” বুলি জোকায়। হৰেণে লাকিক তাৰ কোঠাত আহিব কয়।
হৰেণ: তোক কিহে পাইছিল ঘৰত মোক হিৰো মাতিবলৈ?
লাকি: হাৰে! হিৰো নামেৰে মাতিলেহে তোক চ্চালিয়া লাগে। প্ৰেকটিচ কৰিছোঁ। নামটো সলাইছ যেতিয়া।
হৰেণ: তোৰ মূৰটো? সেইটো নাম তইহে দিছ মোক।
অনুৱে চৰ্বত আৰু ফলমূল আনে। দুয়োৰে কথা শুনি হাঁহে আৰু ভায়েকক জোকাবলৈ কয় ” হিৰো খাবি দেই”। হৰেণে বায়েকক মাৰিবলৈ খেদি যায়। লাকিয়ে আপেল এটুকুৰা হাতত লৈ দু্য়োকে চাই হাঁহে। হৰেণে ৰুমত আহি লাকিক খঙেৰে চায়।
৪ৰ্থ দৃশ্য
কলেজৰ পিছফালৰ বাৰাণ্ডাত বিকিয়ে গিটাৰ বজায় থাকে। কাষৰ চিৰিত বহি ৰুমী,ৰিণি আৰু মাইনীয়ে শুনি থাকে। চানিয়ে কিবা লিখি থাকে বহীত। এনেতে অনু আহে,লগত আৰু এজনী ছোৱালী থাকে।সিহঁতে অনুহঁতক দেখি থিয় দিয়ে।
অনু: বহা বহা। কিয় থিয় হৈছা? আমি কিবা মেডাম নেকি? বাৰু মই কাম এটাৰ বাবে আহিছো তোমালোকৰ ওচৰলৈ। এইজনী মীনা। মোৰ বেটচৰ। এওঁ আমাৰ কলেজৰ সাংস্কৃতিক সম্পাদিকা। আৰু মই আলোচনীৰ সম্পাদিকা। তোমালোকে হেল্প কৰিব লাগিব অলপ।
অনুৰ লগৰ ছোৱালী জনীয়ে হাঁহে( নীলাক্ষি কাকতি)।
মীনা: তুমি বৰ ধুনীয়া গিটাৰ বজোৱা বুলি শুনিছো ভাইতি। আৰু তুমি বোলে বৰ ধুনীয়া গল্প লিখা।
বিকি আৰু চানিয়ে হাঁহে।
মীনা:এইবাৰ আমাৰ কলেজৰ এনুৱেল ফাংচনত এজনে গিটাৰ বজাবা আৰু এজনে গল্প পাঠ কৰিব লাগিব দেই।
অনু: আৰু ৰুমী তুমি বৰ ধুনীয়া গান গোৱা বুলি শুনিছোঁ। তুমি গান গাব লাগিব। আৰু তোমালোক দুয়োজনীৰে এজনীয়ে নাচা আৰু অবৃতি কৰা নহয়নে? যোগদান কৰিব লাগিব দেই।
ৰুমী: বা মই গান বহুদিন গোৱাই নাই। তাতে চাইনাচাইটিজৰ প্ৰব্লেম আছে বাবে নাকৰ ফুটা বন্ধ হৈ থাকে। সেইবাবে গান গাওঁতে অলপ কষ্ট পোৱা যায়। প্ৰেকটিছো নাই নহয় বহুদিনৰপৰা। নাগাওঁ নেকি!
ৰিণি আৰু মাইনীয়েও নোৱাৰিম বুলি কয় লাজতে।
মীনা: সেইবোৰ নচলিব দেই। কলেজৰ সন্মানৰ কথা আছে। মোৰ সন্মানৰ কথা আছে সম্পাদিকা হিচাপে। তাতে বাহিৰৰ কলেজৰপৰাও আহিব নহয় প্ৰগ্ৰেম চাবলৈ। যোগদানো কৰিব। তোমালোকে নিজৰ কলেজ খনৰ সন্মান ৰক্ষা নকৰিলে কোনে কৰিব কোৱা?
চানি: মীনা বাইদেউ, মই নৰু দক গল্প পাঠ কৰিব। মোৰ মস্তো লাজ লাগে ষ্টেজত থিয় হবা। বেহুচ হৈ যাম মই। ই বিকিৰ লাজ কম মোতকে। সিয়ে গিটাৰ বজাব।
বিকি: ইহ..তাৰমানে তই মোক নিলাজ বুলি কৈছ ন? নোৱাৰোঁ দেই ময়ো বজাবলৈ! ছোৱালীবোৰৰ আগত লাজ লাগিব মোৰো বজাবলৈ। নবজাওঁ ময়ো। ৰুমীয়েও বোলে গান নাগায়।
অনু: পিটন লাগে তোমালোকক? ডাঙৰৰ কথা নুশুনা ন? ৰ’বা কলেজৰ চিনিয়ৰ দ্যা গ্ৰেট ৰকিক মাতো। সিহে তোমালোকক চিধা কৰিব।
লগে লগে ৰুমী,ৰিণি,মাইনীয়ে অনুষ্ঠান কৰিম বুলি কয়।
চানি আৰু বিকিয়েও অনুমতি দিয়ে। অনু আৰু মীনা যায়।
ৰুমী: বিকি, মই শ্ৰদ্ধাৰ দিপালী বৰঠাকুৰৰ দুটা গান গাম আৰু অনিমা চৌধুৰী বাইদেউৰ “দিখৌ নৈৰ পাৰৰে” গানটো গাম। হ’বনে?
মাইনী: বঢ়িয়া হ’ব ৰুমী। তুমি দিপালী বৰঠাকুৰৰ “জোনধনে জোনালীতে” গানটো গাবা আৰু মই সেই গানটোত নাচিম। হ’বনে?
ৰুমী: অ’ ধুনীয়া লাগিব। ৰিণি তুমি কোনটো কবিতা আবৃতি কৰিবা?
ৰিণি: মই হীৰুদাৰ কবিতা এটাকে পাঠ কৰিম।
বঢ়িয়া ….বঢ়িয়া… বুলি সকলোৱে কয়।
ঐ ব’ল ক্লাচ আছে। চানিয়ে কয়।
সকলো যোৱাৰ ফালে আনটো ক্লাচৰ বাৰাণ্ডাৰপৰা হৰেণ আৰু লাকিয়ে চাই থাকি লুকায়।
লাকি: দেখিলি? কিবা বুজিলিনে হিৰো?
হৰেণ: উম বুজিলোঁ? ফাংচন হ’ব কলেজত।
লাকি: তোৰ মূৰটো বুজিলি।
অকল ফাংচন চাব গ’লেই নহ’ব! ফাংচনত কিবা প্ৰগ্ৰেমো কৰিব লাগিব। যদি নিজকে হিৰো চাবিত কৰিব বিচাৰিছ।
হৰেণ: কেনেকৈ?
লাকি: ধুৰ..তই বহুত বেল হয় দেই। হাৰে ইমান দিনে গিটাৰ বজাব শিকিলি কিয়? গান শিকিলি কিয়? আৰু তোৰ বায়েৰজনী বৰ পেটকুলী দেই। ঘৰতে এজন আৰ্টিষ্ট থাকোঁতে বিকিক কয় গিটাৰ বজাবলৈ?
হৰেণ: সচাঁ কথা। তাই মস্ত কূৰ্চুটীয়া। মই আলোচনী সম্পাদিকাৰ ভায়েক হিচাপে যিমান সন্মান পাব লাগিছিল নাপাওঁ কলেজত। এটা গল্পও চিলেক্ট নকৰিলে। ৰিণিক পঢ়িব দিওঁতে যি চিঞৰিছে?
লাকি: তোক মই ৰোমান্টিক গল্প লিখিব দিছিলোঁ গাধ! ভূতৰ গল্পসোপা কোনে লিখি ছোৱালীক গিফ্ট দিয়েনো?
হৰেণ:জাননে,মই গল্প লিখি দিপুদাক দিছিলোঁ পঢ়িবলৈ। পিছে বিকট চিঞৰ এটা মাৰি বেহুচেই হ’লনে, টোপনিয়ে গ’ল গম নাপালো নহয়। একো নোকোৱাত তেনেকৈয়ে দিলোঁ ৰিণিক গিফ্ট তাইৰ বাৰ্থডেত।
লাকি: খালি খালি! বাৰ্থডেত উপহাৰ দিছ? তাকো ভূতৰ গল্প।
এনেতে ৰকি আৰু মন্টুক দেখি দুয়ো পলাব ধৰে।
ৰকি: ঐ ক’ত পলাইছ? ৰহ।
দুয়ো পলায়।
৫ম দৃশ্য
লাকি আৰু হৰেণক ধৰিব নোৱাৰি ভাগৰ লগাত ৰকি আৰু মন্টুৱে কেন্টিনলৈ যায়। দুটা পেপচিৰ বটল কিনি দুয়ো ঘোট ঘোটকৈ খায়।
মন্টু: এই মক্কেল দুটাক পালে সুদাই নেৰোঁ জাননে? এনেকুৱা মজা দিম নহয় দুয়োটাকে।
ৰকি: কি হ’লনো?
মন্টু: হাৰে মীনালৈ এখন চিঠি লিখিব দিছিলোঁ চানিক। এই হৰেণ বোলাটোৱে ওপৰতে আহি কৈছে মই আৰু মিঠা ভাষাৰে চিঠি লিখিব পাৰিম। ময়ো এক্সাইটেদ হৈ দিলোঁ লিখিব। পিছে..
ৰকি: পিছে কি হ’ল?
হঠাত লাকি আৰু হৰেণক কেন্টিনত সোমোৱা দেখি মন্টুৱে মুখখন ঘূৰাই দিয়ে। দুয়ো ভালদৰে বহি অৰ্দাৰ দিয়ে খাবলৈ। তেনেতে মন্টু পিছফালে মনে মনে গৈ কান্ধত হাতখন ৰখাত হৰেণে উচপ খায়।
মন্টু: ক’ত পলাবি এতিয়া।
লাকি উঠিব খোজে।
“বহি থাক। ক’ত যাৱ” বুলি ৰকিয়ে থাপ মাৰি ধৰে।
মন্টু:ঐ তোক মই সেইদিনা এটা কবিতা লিখিব দিছিলোঁ চিঠিৰ আকাৰে। তই মোৰ প্ৰেয়সীলৈ চিঠি লিখি দিলিনে কোনোবা প্ৰেতাত্মালৈ লিখিলি হা? এইখন পঢ়ি মীনাই যে মোক কোনোমতেহে নিপিটিলে।
ৰকিয়ে চিঠিখন হৰেণক পঢ়িব দিয়ে।
“মৰমী প্ৰিয়া,
যেতিয়াৰেপৰা তোমাক দেখিছোঁ দুচকুত কেৱল তোমাৰেই ছবি। তোমাৰ বাবে দুচকুৰ টোপনি হেৰুৱাই মই হৈছো নিদ্ৰাহাৰা। যিদিনা তোমাক প্ৰথম দেখিছিলোঁ ৰ লাগি চাইছিলোঁ। তুমি দীঘলকৈ মেলা চুলিটাৰিৰে,বগা চেলোৱাৰ কামিজ পিন্ধি,বগা দোপাত্তা উৰুৱাই যাওঁতে তোমাক এনে লাগিছিল যেন তুমি হাতত জ্বলি থকা মমডাল লৈ অহা হৰৰ চিনেমাৰ নায়িকাহে। তেতিয়াৰে পৰা মোকো নিজকে লক্ষী চিনেমাৰ হিৰো অক্ষয় কুমাৰ যেনে লাগি থাকে।”
চিঠিৰ কথা শুনি ৰকিয়ে হাঁহিত বাগৰি যায়। মন্টুৰ বহুত খং উঠে আৰু হৰেণলৈ ঘোপাকৈ চায়।
হৰেণ আৰু লাকিয়ে সেমেনা সেমেনি কৰে। কেন্টিনৰ বাকী ছাত্ৰ ছাত্ৰীয়েও হাঁহে গিৰ্জনি মাৰি।
ৰকি: এতিয়া বুজিলো যে দিপুৱে ই লিখা গল্প পঢ়ি কিয় বিকট চিঞৰ মাৰিছিল। এনেই ভূতৰ ভয়ত থাকে তাতে ইমান ভয়লগা গল্প পঢ়ি তাৰ চাগৈ জীউ উৰি গৈছিল।
“কৈছাহে!ৰাতি দুদিন শুব পৰা নাছিলোঁ দোস্ত।” দিপুৱে সোমাই আহি কয়।
ৰকি: বাই দ্যা ৱে! হৰেণ কিন্তু ভাল ৰহস্য গল্পৰ লেখক আৰু হৰৰ গল্পও লিখিব পাৰিব দেই পাৰ্টনাৰ!
মন্টু: ঐ সেই দুজনী মীনা আৰু অনু আহি আছে। লাইব্ৰেৰীৰ ফালে গৈছে। ব’লাচোন ৰকি। আজি মই মীনাক মোৰ অন্তৰৰ কথা ক’মেই।
ৰকি: ব’ল তেন্তে। ঐ ল’ৰাহঁত আমাৰ বিলটো দি দিবি। বেছি হোৱা নাই দে। মাত্ৰ দেৰশ টকা।
মন্টু আৰু ৰকি বাহিৰলৈ ওলাই যায়। লাকিয়ে হৰেণৰ ফালে চায়। হৰেণে কিবা ভাবি থাকে।
লাকি: হিৰো …কি ভাবিছ অ’।
হৰেণ: একো নাই। ব’ল ইয়াৰপৰা।
৬ ষ্ঠ দৃশ্য
লাইব্ৰেৰীত অনু আৰু মীনাই আগৰ কিতাপ কেইখন ওভোতাই দি অন্য কিতাপ বিচাৰি থাকে চেলফত। হঠাত মন্টু গৈ মীনাৰ কাষত থিয় দি চাই থাকে। মীনাই তাক দেখি আচৰিত হয়।
মীনা: কি হ’ল? ভূতৰ দৰে চাই আছা যে থিয় দি? হি…হি..
মন্টু: ভূতৰ নাম নল’বাহে য’তে ত’তে।
মীনা: তুমি ভূতৰ দৰে চিঠি লিখিলে ভূত বুলিয়ে ক’ম ন?
অনু ওচৰলৈ আহে।
অনু: ঐ! তোমালোকে কিয় কথা পাতিছা ইমান জোৰে। নাজানা নেকি লাইব্ৰেৰী হয় এইটো?
মন্টু: আই এম চৰী মীনা। আচলতে সেই চিঠিখন মই লিখা নাছিলো জানানে? বুৰ্বক এজনে লিখিছিল……..
বুলি কৈ অনুলৈ চাব। তাই মুখখন ঘূৰাই দিব। মীনাই গম পাই কি কাম আছে সুধিব মন্টুক। মন্টুৱে বাহিৰলৈ মাতি আনে তাইক। অনুও লগত আহে। অনু দূৰত ৰৈ থাকে।
মীনা: কোৱা কি কাম আছে? মোৰ বহুত কাম আছে গতিকে সময় নাই বেছি।
মন্টু: মীনা মই এটা শ্বায়েৰী লিখিছিলো। তোমাক শুনাব খোজোঁ।
মীনা:হাৰে! মোক কিয় শুনোৱা? অনুহে মেগাজিনৰ চেক্ৰেটৰী। তাইক শুনোৱা।ভাল হ’লে মেগাজিনত দিব আকৌ। ৰ’বা মাতো।
মন্টু: নালাগে…নালাগে। আলোচনীত নিদিলেও হ’ব। যদি ভাল লাগে তুমিয়ে অনুক ক’বা।
মীনা: বাৰু! শুনোৱাচোন।
মন্টু: দিল চুৰায়া হেই তুনে মেৰা
দিল চুৰায়া হেই তুনে মেৰা
শুনিবা হা ভালকৈ মীনা।
মীনা: শুনি আছো দিয়া।
মন্টু: দিল চুৰায়া হেই তুনে মেৰা
দিল চুৰায়া হেই তুনে মেৰা
দিল চুৰায়া হেই তুনে মেৰা
মীনা: তুমি দিল চোৰ কৰিয়ে থাকিবানে আৰু কিবা আগলৈ শুনাবা। তুমি ভালদৰে লিখিবা যদি লিখা নাই। নহ’লে মুখস্থ কৰি আহিবা। আৰু তুমি এই ডিচেম্বৰ মাহতো ঘামিছা যে ইমান? যাওঁ মই।
মীনা যোৱালৈ একেথিৰে মন্টুৱে চাই থাকে। হঠাত মীনা উভতি আহে। মন্টুৰ মুখখন উজ্বলি উঠে।
মীনা: তুমি এটা কাম কৰা নহ’লে। আমাৰ কলেজৰ সোণালী জয়ন্তীত সাংস্কৃতিক অনুষ্ঠানত সন্ধিয়া শ্বায়েৰীটো সকলোকে শুনাবা। ভাল লাগিব। বাই…
অনুৱে হাঁহিব ধৰে। মীনা ওচৰলৈ অহাত কয়…
“তই যে তামাম শিল্পী গোটাইছ দেই ফাংচনৰ বাবে”।
মীনা : অঁ…মোক শুনোৱাতকৈ গোটেই কলেজকে প্ৰতিভাটো দেখুৱাওক। ব’ৰ কৰি মাৰিছে এইটোৱে।
আনফালে ৰকি আৰু দিপু আহি মন্টুক গালি পাৰে।
দিপু: কিহে, শ্বায়েৰীটোকে শুনাব নোৱাৰিলা? ইমান প্ৰেকটিচ এনেই গ’ল।
ৰকি: শ্বায়েৰী তায়েৰীতকৈ যদি ডাইৰেক্ট মনৰ কথাটো ক’লি হয় ঠিক আছিল। কি এইবোৰ বাজে কাম। ধুৰ…
মন্টু: মই কলেজৰ ফাংচনতে শুনাম শ্বায়েৰী। এটা নহয় মই আৰু পাঁচটা শ্বায়েৰী লিখিম। আজিৰপৰা মোক দিষ্টাৰ্ব নিদিবি কোনেও। মোৰ সন্মানৰ কথা আছে।
ৰকিয়ে “চাব্বাচ দোষ্ট” বুলি পিঠিত থাপৰ মাৰে। দিপুৱে হাঁহে।
৭ ম দৃশ্য
হৰেণে টেবুলত কিবা লিখি থাকে আৰু কাগজখন ফালি দলিয়াই দিয়ে। গোটেই ৰুমটো কাগজেৰে ভৰি পৰে। মাক জানকীয়ে গাখীৰ এগিলাচ আৰু কণী দুটা প্লেটত লৈ আহে।
কোঠাত সোমাই চাৰিওফালে চায় বিৰক্তিত মুখখন কোঁচাই দিয়ে।
জানকী: এইবোৰ কি কৰিছ অ’ বাবা? গোটেই ৰুমটো ফটা কাগজেৰে ভৰাইছ যে?
হৰেণে নামাতে। লিখাতে মগন হৈ থাকে। মাকে তাৰ মূৰত হাতখন ফুৰাই দিয়ে কিন্তু হৰেণে উচপ খাই উঠে আৰু চিঞৰে।
হৰেণ: অ’ মা…খালে অ’ ভূতে খালে অ’!বচোৱা মোক কোন ক’ত আছা।
জানকী: এক থাপ্পৰ দিম ধৰি। মই মায়েৰজনীক তই ভূত ক’বলৈ আহিছ যে? ভূতৰ চিনেমাবোৰ চাই তোৰ মাথাটো গ’ল আৰু!
হৰেণ: মা তইনো এনেকৈ শব্দ নোহোৱাকৈ মনে মনে আহিব লাগেনে? ভয় নাখাম নেকি?
জানকী: তই কি কৰিছ তাকে চাবলৈ আহিছিলোঁ। কিন্তু কাগজসোপা কিয় ফালিছ? পঢ়াৰ নামত এইবোৰহে কৰ ন?
হৰেণ: মানে চি.আই.ডি. কৰিছিল? পালা মজাটো?
মাকে এখন কাগজ তুলি লৈ পঢ়ে।
“এইখন চিঠি নে কি?” মাকে সোধে।
হৰেণে থাপ মাৰি নি কাগজ খনৰ লগতে বাকীবোৰ কাগজো ডাষ্টবিণত পেলাই দিয়ে।
এনেতে অনু সোমাব দৌৰি।
জানকী: তোৰ মতি গতি ভাল দেখা নাই মই। এইবাৰ দেউতাৰে আহিলে সব ক’ম মই।
অনু: মা,হৰেণ….অহ চৰী! হিৰো কিয় চিঞৰিছিলি দুয়ো? ইমান ভয় খালো নহয়!আৰু মা তই যে ভাইতিৰ ৰুমত সোমালেই কিয় চিঞৰ ইমান?
জানকী: বৰ সোনকালে শুনিলি চিঞৰা? ভালে ভালে যা ইয়াৰপৰা। খং নুঠাবি। অলপ ভায়েকটোকো চাব লাগে বায়েক হিচাপে। দিনটো আলোচনী সোপা পঢ়িবি নহ’লে লগৰ কেইজনীক মাতি আনি ৰুমত ফুচফুচাই মেল মাৰিবি। কি কাম আছে আৰু?
অনুৱে সেমেনা সেমেনি কৰি যায়।
বাহিৰত মীনাৰ মাত শুনা যেন পাই ওলাই আহে। মাকেও হৰেণক ৰুম চাফা কৰিব দি আহে বাহিৰলৈ।
মীনা ড্ৰয়িং ৰুমত বহে আৰু অনুৰ লগত কথা পাতি থাকে। মাক সোমাই অহাত নমস্কাৰ দিয়ে মীনাই।
মাক অহাত মাকক কথা পাতিব দি অনু পাকঘৰলৈ যায়। কিছু সময়ৰ পিছত তাইৰ ৰুমত চাহ নাস্তা দি মীনাক মাতে।
অনু: কিবা কথা আছিল বুলি কৈছিলি যে! নকৱ নেকি?
মীনা: কৈ আছো। চাহ, পুৰী খাব দে আগত। নহ’লে খোৱা নহ’ব।
চাহ খোৱাৰ পিছত মীনাই চিঠি এখন অনুক দেখুৱায়।
অনু: কি এইয়া? কিবা ভূতে ভূতুনীক চিঠি লিখা যেন লাগিছে দেখোন?
মীনা: সেইবাবে দেখালো তোক!
অনু: কোনে দিলে?
মীনা: কোন হ’ব আৰু? সেই নাগাৰা যেন চেহেৰাৰ মন্টু বোলাজনে আকৌ! বৰ খং উঠে সেইজনলৈ মোৰ।
অনু: তোক বহুত ভাল পায় সি?
মীনা: মই কি কৰিম তাতে?
অনুৱে হাঁহিত বাগৰি যায়।
অনুৱে হঠাত চিঠিখন মনোযোগেৰে চাই থাকে।
“এই আখৰ কেইটা দেখোন….”
মীনা যায়। অনুৱে চিঠিখন লৈ হৰেণৰ ৰুমলৈ যায়।
৮ ম দৃশ্য
হৰেণে গালখন পিহি থাকে। লাকিয়ে ওচৰতে বহি তাক চাই থাকে।
লাকি: কেনেকৈ হ’ব পালে হিৰো? কোনোবা গুণ্ডাই পিটিলে নেকি ৰে? ইচ এনেকৈ পিটিলে নে?
হৰেণ:গুণ্ডা নহয় গুণ্ডীহে?
লাকি: হা! তাৰমানে তই ছোৱালীৰ মাৰ খাই আহিছ? খিক ..খিক…পিছে কোনে পিটিলে?
হৰেণ: অঁ! আমাৰ ঘৰতে আছে নহয় এজনী। বাইদেউৰ ৰূপত। তাই পিটিলে।
লাকি: হা! মানে অনু বাইদেউৱে। কিয়?
হৰেণ: কিয় মানে? সেই মন্টু বোলা জনৰ কাৰণে। মই চিঠি লিখি দিছিলো যে মীনা বাইদেউলৈ তেওঁৰ নামত। মীনা বাই আমাৰ বাক দেখুৱাইছিল। আৰু তাই মোৰ আখৰ চিনি পাই মোক বহুত মাৰিলে।
লাকি: চিঠিৰ বাবে মৰা নাই চাগে? তোৰ আখৰ বেয়া নহ’লে বানান ভুল দেখি পিটিলে। হাজাৰ হওক আলোচনীৰ চেক্ৰেটৰী ন?
হৰেণ: এহ, মনে মনে থাক। কথা ক’বলৈ আহিছে। আই ঐ! গালখন কি বিষাইছে!
এনেতে ৰুমী,ৰিণি,মাইনী আহে।
পিছে পিছে বিকি আৰু চানু আহে। লাকি আৰু হৰেণে মনে মনে থাকে।
ৰিণি: হাই হিৰো?
ৰুমী: হাই হৰেণ। কি খবৰ? অ’ চৰী হিৰো।
হৰেণে লাজ কৰে আৰু লাকিক খঙেৰে চায়। লাকিয়ে নেদেখাৰ ভাওঁ জুৰি বেঞ্চিতে তবলা বজাই গান গাই থাকে।
ৰিণি: আৰে তোমাৰ গালখন কিয় উখহি আছে ।ক’ত দুখ পালানো? ইমান ফুলিছে? কি হে লাকি, তোমাৰ বন্ধুৱে ক’ত দুখ পালে? বচাব নোৱাৰিলা?
হৰেণ : নাই, দুখ পোৱা নাই। এনেই হৈছে।
লাকি: মই থাকোঁতে কিয় চিন্তা কৰিছা ৰিণি। মোৰ নাম লাকি হয় লাকি। একো হ’ব নিদিওঁ।
ৰুমী: লাকি নে আনলাকি? তুমি থাকোঁতে কোব খালে যে?
হৰেণ : ৰুমী গান গাবা ন এনুৱেল ফাংচনত? মই বজাম দিয়া গিটাৰ।
ৰুমী: মোৰ লগত গিটাৰ বিকিয়ে বজাব। ন বিকি?
বিকি: উম। প্ৰেকটিছ আৰম্ভ কৰোঁ নেকি? গিটাৰখন আনিছো যেতিয়া।
লাকি: তুমি গিটাৰখন লগতে লৈ ফুৰা নেকিহে? সেইদিনা চানিহঁতৰ ঘৰত যাওঁতেও নিছিলা, পিকনিকতো নিছিলা, ৰুমীৰ জন্মদিনতো নিছিলা।
চানি: বিকিৰ গিটাৰখন নিনিলে পাৰ্টি আধৰুৱা যেন লাগে। গিটাৰৰ তালে তালে গান গাই,নাচিলে জমি উঠে মেহফিল।
হৰেণ: বাহ চানি! আজিকালি তামাম চ্চালিয়া কথা কোৱা দেই।
মাইনী: ৰুমী মই যিটো গানত নাচিম সেই গানটো গোৱা। মই নাচোঁ। পিছে ডেঞ্চ পাৰ্টনাৰ এজন হ’লে ভাল হ’লহেঁতেন।
লাকি: ডেঞ পাৰ্টনাৰ মই হ’ব পাৰিম। ময়ো নাচিব জানোতো!
মাইনী: মোক ছোৱালী পাৰ্টনাৰহে লাগে।
ৰিণি: তুমি ছোৱালী হ’ব লাগিব। পাৰিবা। হি…হি…
লাকি: আমি ৰাধা কৃষ্ণ নৃত্য কৰিম দিয়া। এনেও তুমি মোৰ খুলশালীয়েই হোৱা।
মাইনী: কোনজনী বাইদেউক মই তোমালৈ বিয়া দিলো বাৰু খুলশালী মাতিলা যে?
লাকি: কিয় তোমাৰ ঘৰ টিয়কত নহয় জানো? তোমাৰ খুৰাৰ ছোৱালীক মোৰ বৰদেউতাৰ পুতেকে বিয়া পাতিছে। গতিকে ভায়েক হিচাপে মইও ভিনি তোমাৰ।
মাইনীয়ে নামাতে একো। ৰুমীয়ে চিকুটি দিয়ে তাইক।
ৰিণি: বাহ মাইনী ভিনি পালোৱে আমি কলেজত আহি।
মাইনী: তোৰ মূৰটো। আৰু তুমি লাকি নে আনলাকি এইবোৰ ভিনি খুলশালী নাপাতিবা। একে লগতহে পঢ়ো আমি। মনত ৰাখিবা।
লাকি: মোকো নাচিব দিয়া। নহ’লে গোটেই কলেজতে তোমাক খুলশালী মাতিব দিম। কৈ থলোঁ কিন্তু।
হৰেণ: মাইনী! তুমি আৰু লাকিয়ে বিহুকে নাচা নহ’লে। আধুনিক গানত নচাতকৈ বিহু নাচিলে বেছি ভাল লাগিব। আমি যিহেতু অসমীয়া গতিকে আমাৰ সংস্কৃতিটো আমিয়ে ৰাখিব লাগিব।
” বাহ! সুন্দৰ কথা কৈছা। বিহুতকৈ ভাল নাচ হ’ব পাৰে বুলি মই নাভাবো। কি নাম তোমাৰ ডেকা ল’ৰা?”
প্ৰফেচাৰ বৰুৱা হঠাতে আহি ক’ব।
প্ৰফেচাৰ: দুজন ল’ৰাক কালি সোধোঁতে ঢোল,পেঁপা বজাব জানে বুলি কৈছিল। তোমালোক দুয়োৱে নাচিবা। এজন বিহু গীত গাব জনা হ’লে গ্ৰুপটো সুন্দৰ হ’ব।
লাকি: চাৰ, হৰেণে বিহু গীত গাবলৈ জানে ধুনীয়া। আৰু চানিয়েও গাব গীত।
চানি: মই গল্প পাঠ কৰিম নহয়! দুটা গল্প পাঠ কৰিম। গতিকে মই গান নাগাওঁ।
প্ৰফেচাৰ: তেন্তে হৈ গ’ল গ্ৰুপ। হৰেণে বিহু গীত গাবা। লাকি আৰু মাইনীয়ে নাচিবা। আৰু দুজন ল’ৰা আছে ঢোল, পেঁপা বজাবলৈ।
৯ ম দৃশ্য
কলেজৰ পৰিবেশ উদুলি মুদুলি। প্ৰবেশদ্বাৰৰ তোৰণ সজাই থাকে ৰকি,দিপু,চানিয়ে। প্ৰফেচাৰ বৰুৱাই চাই থাকে। ৰকিহঁতৰ পিঠিত চাব্বাচি দি তেওঁ ভিতৰলৈ যায়। ভিতৰত অনু,মীনাহঁতে কামত ব্যস্ত হৈ থাকে। অনুৱে এখন আলোচনী লৈ মীনাক দেখুৱাই কয়….
” এইজন লেখকক যদি আজি আমাৰ কলেজত মুখ্য অতিথি কৰি নিমন্ত্ৰণ দিব পাৰিলোহেঁতেন!ইমান যে ভাল লাগিলহেঁতেন।”
মীনা: ঠিকেই কৈছ। আমাৰ ছাত্ৰ-ছাত্ৰীসকলেও বৰ ভাল পালেহেঁতেন। তেওঁ সকলোৰে প্ৰিয়। আনকি বৰুৱা চাৰেও তেওঁৰ গল্প পঢ়ে জাননে?
অনু: উম বহুত জনপ্ৰিয় হৈছে মাত্ৰ কেইমাহমানতে। মই আগতে পঢ়া নাছিলোঁ কিন্তু ভাইতিয়ে আলোচনীখন প্ৰত্যেক মাহতে কিনি আনে। মই এবাৰ পঢ়ি ভাল লগাত মনে মনে পঢ়ো তাৰ পৰা আলোচনীখন আনি।
এনেতে প্ৰফেচাৰ বৰুৱা আহে।
প্ৰ.: মীনা, অনু বন্তি প্ৰজ্বলনৰ বাবে সাজু হ’ব লাগে। মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া অলপ পিছতে আহি পাবই।আন দুজন আজিৰ মুখ্য অতিথি তথা সুলেখকো আহি আছে।ইয়াৰে এজন ৰামানুজ গোস্বামী। তেখেতৰ নতুন কিতাপ “The Blue Star – বুলেট টু ইন্দিৰা”ৰ প্ৰমোশ্যনো কৰিব। তাৰোপৰি আনজন অতিথি সুলেখক অভিজিত কলিতাই এটা চাৰপ্ৰাইজ দিব সকলোকে।
অনু: সাংস্কৃতিক অনুষ্ঠান দিনতে পাতি ভাল কৰিলোঁ। আজিকালি পৰিস্থিতিও ভাল নহয়।
প্ৰ.: সেইবোৰ ভাবিয়ে কৰিছোঁ। নহ’লে কিছুমানে পৰিবেশ নষ্ট কৰে আৰু সময়ত সকলোৰে বদনাম হয়। বাৰু তোমালোক সাজু হোৱা। মই অলপ ষ্টেজখন চাওঁ ঠিকে আছেনে?
হঠাতে মাক জানকীক কলেজলৈ সোমাই অহা দেখি অনু আৰু মীনা আগবাঢ়ি যায়।
অনু: মা আহিলি? আজি তোৰ ওষ্টাড পুতেৰে বিহুদলত নাচিবও আৰু গাবও। ভগৱানে সন্মান বচালেই হ’ল আৰু!
জানকী: ধেৎ! নক’বি তেনেকৈ। কিবা কৰিব খুজিছে কৰক দে। ময়ো সি উৎসাহ পাব বুলিয়ে আহিছোঁ। ক’ত সি বাৰু?
‘মা’ বুলি হৰেণে বিহুৰ সাজত মুগাৰ চোলা,ধূতি,মূৰত গামোচা বান্ধি দৌৰি আহে। পিছে পিছে লাকিও আহে।
মীনা: হৰেণ, খুৰীক বহাই দিয়াগৈ অডিটৰিয়ামত। সমুখৰ ফালে চিট থৈছোঁ। অনু, তই ৰুমীহঁতক বিচাৰি আন। মই গেটৰ ফালে যাওঁ। বৰুৱা চাৰে তাত থাকিবলৈ কৈছে।
অনু: ঠিক আছে। ভাইতি মাক লৈ যা।
আনফালে কমন ৰুমত ৰুমী,ৰিণি, মাইনীয়ে মেকআপ কৰি সাজু হয়।
ৰিণি: মাইনীক বৰ ধুনীয়া লাগিছে। আজি লাকিয়ে আনন্দতে দুপাক বেছি নাচিব।
মাইনী: মই সেইটোৰ ফালে নাচাৱেঁই।
ৰুমী: মোৰ যে ইমান ভয় লাগিছে। তাতে বিকি নাৰ্ভাচ হৈ থকাত আৰু ভয় খাইছোঁ। ইমান ভয়াতুৰ সেইটো!
ৰিণি: ভয় লাগিবই দিয়াচোন? কলেজৰ সোণালী জয়ন্তীৰ অনুষ্ঠান। তাতে আমিবোৰ ফাৰ্ষ্ট ইয়েৰৰহে ষ্টুডেন্ট।
ৰুমী: মোৰ যে সেই ৰকি বোলাজনলৈ বৰ ভয় লাগে। কিয় ক’ব নোৱাৰোঁ।
মাইনী: মোৰ কথা ভাবাচোন? আমাৰ বিহু দলত ৰকিয়ে তাল বজাব আৰু দিপুৱেও বোলে নাচিব। ভাগ্য ভাল লাকি আৰু হৰেণ থাকিব লগত।
ৰিণি: আৰু তুমি লাকিক বেয়া পোৱা? মোৰ যে আবৃতি কৰিবলৈ মাতেই নোলাব যেন লাগিছে। ডিঙিটো শুকাই কৰকৰীয়া মাৰিছে এতিয়াই।
এনেতে অনু আহিব।
“ছোৱালীহঁত সাজুনে? ব’লা অডিটৰিয়ামলৈ। আৰু ৰুমী, ৰিণি তোমালোক দুয়োৱে অতিথিক গামোচা পিন্ধাব লাগিব দেই। মাইনীয়ে নালাগে। তাই বিহু নাচি নাচি অতিথিক প্ৰেক্ষাগৃহলৈ আদৰি আনিব লাগিব। এতিয়া ব’লা”
সকলো আহে।
সভা আৰম্ভ কৰি,বন্তি প্ৰজ্বলনৰ পিছত শিক্ষামন্ত্ৰী ডাঙৰীয়াই কিছু শিক্ষা বিষয়ক ভাষণ দি অন্য মিটিঙলৈ প্ৰস্থান কৰে। তাৰ পিছত অন্য দুজন অতিথিক গামোচা,শৰাইৰে সম্ভাষণ জনাই অনুষ্ঠান আৰম্ভ কৰে ৰুমীৰ গীত আৰু বিকিৰ গিটাৰ বাদনেৰে।
ৰিণিৰ কবিতা পাঠ, চানিৰ গল্প পাঠৰ পিছত হঠাৎ মন্টুৰ নাম ঘোষণা কৰে প্ৰফেচাৰ বৰুৱাই।
মীনা আৰু অনুৰ লগতে ৰকি,দিপুও আচৰিত হয়। মন্টুৱে উঠি গৈ এটা এটাকৈ পাঁচটা শ্বায়েৰী শুনায়। নিজে ৰচনা কৰা বুলি কয়।
প্ৰ.: এইবাৰ মন্টুৱে দুআষাৰ কওক তেওঁৰ শ্বায়েৰীৰ বাবে।
মন্টু: মই কেতিয়াও ভবা নাছিলো কলম হাতত তুলি ল’ম বুলি। তাৰবাবে মই আমাৰ কলেজৰ সাংস্কৃতিক সম্পাদিকা মীনালৈ বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেওঁ যদি মোক আজিৰ অনুষ্ঠানত মই নিজে ৰচনা কৰা শ্বায়েৰী গাবলৈ প্ৰেৰণা নিদিলেহেঁতেন, তেন্তে মই এইদৰে নিজৰ প্ৰতিভা চিনি নাপালোহেঁতেন। মীনা বহুত বহুত ধন্যবাদ। অতি সোনকালে মই মোৰ শ্বায়েৰীসমূহ কিতাপ আকাৰে প্ৰকাশ কৰিম। ধন্যবাদ।
মীনা লাজত ৰঙা পৰে আৰু মুগ্ধ হৈ চাই থাকে মন্টুলৈ। মন্টু নামি অহাত মীনাই মন্টুক অভিনন্দন জনায়।
দৰ্শকৰ মুখবোৰ দেখুৱাব কেমেৰাই। সকলোকে পেকেট লাঞ্চ বিতৰণ কৰাৰ বাবে সভা কিছু সময় স্থগিত ৰখা হ’ব বুলি মাইকত ঘোষণা কৰা হয়।
১০ ম দৃশ্য
পুণৰ অনুষ্ঠান আৰম্ভ হয়। প্ৰফেচাৰ বৰুৱাই পুণৰ অনুষ্ঠানৰ আঁত ধৰে।
প্ৰ.: এইবাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে পৰিবেশণ কৰা বিহু নৃত্যৰ পিছত আমাৰ আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অভিজিত কলিতা আৰু ৰামানুজ গোস্বামীয়ে সকলো ছাত্ৰ-ছাত্ৰী তথা কলেজৰ শিক্ষাগুৰুসকলক এটা সুখবৰ তথা চাৰপ্ৰাইজ দিব। গতিকে সকলোৱে ক্ষন্তেক অপেক্ষা কৰক।
অনু: কি চাৰপ্ৰাইজ বা? চাৰে আমাকে কোৱা নাই দেখোন?
মীনা: ময়ো নাজানো।
মঞ্চত লাকি,মাইনী,হৰেণ, ৰকি,দিপু আৰু দুজনমান ছাত্ৰই বহুত ধুনীয়াকৈ বিহু নৃত্য পৰিবেশণ কৰে।
অনু: অ….আমাৰ বেঙাটোৱে দেখোন বৰ ধুনীয়াকৈ বিহু গীত গাইছে। ঘৰত মা আৰু মই এনেই গালি পাৰোঁ তাক।
মীনা: হয়তো! ইমান মিঠা তাৰ মাতটো। আৰু লগৰজন লাকি নে কি সিও বৰ ধুনীয়া নাচিছেচোন! সকলোতকৈ আচৰিত ৰকিয়ে দেখোন ভাল ঢোল বজাইছে। এইবোৰেইতো প্ৰতিভা।তাকে নেদেখুৱাই ইহঁতে আদ্দা মাৰি থাকে।
অনু: উম। মন্টুৱে যে কি ধুনীয়া শ্বায়েৰী শুনালে ন?
মীনা মনে মনে থাকে।
মঞ্চৰ তলত দৰ্শকৰ শাৰীত বহি থকা চানি,বিকি, ৰিণি, ৰুমীয়ে হৰেণে বিহু গোৱা আৰু লাকিয়ে বিহু নচা দেখি আচৰিত হৈ মুখ মেলি চাই থাকে।
ৰুমী: এই দুটা দেখোন খটাৰা আছে।
ৰিণি: অঁ…আমিহে বুদ্ধু বুলি পাত্তা নিদিছিলোঁ।
বিকি আৰু চানিয়ে পেন্দোৱাকৈ চাই সিহঁতক।
তেনেতে নৃত্য শেষ হোৱাত সকলো মঞ্চৰ তললৈ আহে। প্ৰফেচাৰ বৰুৱাই পুণৰ মাইক লৈ মঞ্চত প্ৰবেশ কৰে।
প্ৰ: এইবাৰ মই আজিৰ অনুষ্ঠানৰ শেষ ভাগলৈ আহিছোঁ। আমাৰ মুখ্য অতিথি শ্ৰী অভিজিত কলিতা আৰু শ্ৰী ৰামানুজ গোস্বামীক মঞ্চলৈ আমন্ত্ৰণ জনালোঁ। গোস্বামী ডাঙৰীয়াই তেখেতৰ নতুন কিতাপখনৰ বিষয়ে অলপ ক’ব লগতে কলিতা ডাঙৰীয়াৰ লগত চাৰপ্ৰাইজটো জনাব।
প্ৰেক্ষাগৃহ নিৰব হৈ থাকে। কেমেৰা আৰু লাইটে সকলোৰে মুখবোৰ অনুসন্ধিৎসু কৰি দেখুৱাব।
ৰামানুজ গোস্বামী আৰু অভিজিত কলিতা ডাঙৰীয়াই কিছু সময় ভাষণ দিব। ৰামানুজ গোস্বামীয়ে তেওঁৰ ” দা ব্লু ষ্টাৰ- বুলেট টু ইন্দিৰা” কিতাপখন সকলোকে পঢ়িবলৈ অনুৰোধ কৰে আৰু গুৱাহাটী গ্ৰন্থমেলাত পাব বুলি জনায়।
তেনেতে অভিজিত কলিতা দেৱৰ হাতত এখন কিতাপ আনি প্ৰফেচাৰ বৰুৱাই দিয়ে। তেওঁ কিতাপৰ ক’ভাৰখন খুলি দাঙি দিয়ে।
সকলোৱে দেখা পাই কিতাপখনৰ নাম ….
“অতৃপ্ত আত্মাৰ বিননি”
লেখক ” হিৰো- হিৰালাল”।
লগে লগে চাৰিওফালে গুণগুণনি উঠে।
“আমি মেগাজিনত খণ্ড খণ্ডকৈ পঢ়িছিলোঁ। এতিয়া কিতাপ আকাৰে হ’ল।”
লগে লগে অভিজিত কলিতাই মাইকত ঘোষণা কৰে…
“আপোনালোকে প্ৰিয় চিৰিজটোৰ লেখক জনক চাবলৈ নিবিচাৰে জানো”
সকলোৱে ইয়েচ…ইয়েচ…চিঞৰে।
প্ৰফেচাৰ বৰুৱা, অভিজিত কলিতা আৰু ৰামানুজ গোস্বামীয়ে একেলগে কয়…..
“মিঃ হিৰো হিৰালাল! আহা মঞ্চলৈ। এতিয়া আৰু লুকাই থাকিব নালাগে”
দৰ্শকৰ মাজত সকলোৰে উৎকন্ঠা বাঢ়ে। সকলোৰে চকু মঞ্চত। এনেতে হৰেণ মঞ্চলৈ উঠি যায়। প্ৰফেচাৰ বৰুৱাই তাক আঁকোৱালি লয়।
কলিতা আৰু গোস্বামীয়ে হৰেণক সকলোৰে লগত পৰিচয় কৰাই দিয়ে।
“এইজনেই আপোনালোকৰ প্ৰিয় লেখক যি খুউব কম সময়ৰ ভিতৰতে পাঠকৰ নয়ণৰ মণি হৈ পৰিছে। তেওঁৰ যাত্ৰা এইদৰেই অব্যাহত থাকক “।
তলত বহি থকা বায়েক অনু আচৰিত হৈ পৰে। তাই দৌৰি গৈ মঞ্চত ভায়েকক সাৱতি ধৰি কান্দিবলৈ ধৰে। আনহাতে দৰ্শকৰ শাৰীত বহি থকা মাক জানকীও উচুপি উঠে। চানি, বিকি ৰিণি আৰু ৰুমীয়ে মাকক হাতত ধৰি মঞ্চলৈ লৈ যায়। তলত মাইনী,লাকিয়ে নাচিবলৈ ধৰে আৰু ৰকিয়ে ঢোল,দিপুৱে তাল বজায় আনন্দতে।
প্ৰ: হৰেণ কোৱা কিবা?
হৰেণ: মোৰ এই সফলতাৰ আঁৰত প্ৰথমে বন্ধু লাকিৰ প্ৰেৰণা আছে। সি মোক লিখিবলৈ উৎসাহ দিছিল। আনহাতে ৰহস্য আৰু হৰৰ কাহিনী লিখিবলৈ কলেজৰ মোস্ত চিনিয়ৰ ৰকি দাদাই ধেমালিতে ক’লেও মোৰ মূৰত আইডিয়াটো দিছিল। গতিকে তেওঁলোকক মোৰ অন্তৰৰ পৰা ধন্যবাদ জনালোঁ। কিন্তু মোৰ লেখাবোৰ আলোচনী, পেপাৰত ছপাব দিয়াৰপৰা আজিৰ এই কিতাপৰ ৰূপ লোৱালৈকে আমাৰ কলেজৰ বৰুৱা চাৰৰ যথেষ্ট অৱদান আছে। বহুত বহুত ধন্যবাদ চাৰ।
হৰেণে সেৱা কৰে চাৰক।
ৰুমী,ৰিণি, মাইনী,চানি,বিকি,লাকি আৰু বায়েক অনুৱেও সকলো ছাত্ৰ ছাত্ৰীৰ লগত চিঞৰে…
” হৰেণ আমাৰ হিৰো- হিৰালাল”॥
সমাপ্ত॥॥
☆ ★ ☆ ★ ☆
3:50 pm
হীৰালালেও ব্লু ষ্টাৰৰ খবৰ পালে… ?
10:02 am
ধন্যবাদ।
2:51 pm
বাঃ বৰ সুন্দৰ হৈছে৷
10:04 am
ধন্যবাদ
11:36 am
Superhit movie!
10:03 am
ধন্যবাদ।
9:20 pm
চিনেমা ফাষ্ট ডে ফাষ্ট শ্বতেই চাইছিলো। কমেণ্ট দিবহে ৰৈ গৈছিল। আজি আকৌ এবাৰ চালো??