ফটাঢোল

মণিকা ফেঞ্চি কৰ্ণাৰ-মানসী বৰা

গাৰ্লচ কলেজৰ তিনিআলিতে দেবুৰ দোকানখন। দেবুৰ আচল নাম দেৱজিৎ হ’লেও কলেজৰ ছোৱালীবিলাকৰ মাজত দেৱজিৎ আছিল দেবুদা। দেবুৰ দোকানৰ বাহিৰফালে ওপৰত সকলোৱে দেখাকৈ গোট-গোট আখৰেৰে ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে জিলিকি থাকে ‘মণিকা ফেঞ্চি কৰ্ণাৰ’ৰ ফলকখন। য’ত প্ৰসাধনৰ সামগ্ৰীৰপৰা কাণফুলি, খাৰু আদিৰ দৰে মণিহাৰী সামগ্ৰী, হেণ্ডবেগ, চাতি আদি বস্তুবোৰ পোৱা যায়।প্ৰত্যক্ষদৰ্শীৰ কোনোজনৰ ভাষাত দেবুৰ দোকানখন এখন মিনি গাৰ্লচ কলেজ। ৰাতিপুৱাৰপৰা হিচাপ নাইকীয়া ছোৱালীৰ আহ-যাহ দেবুৰ দোকানত।

: দেবুদা নেইল পলিছ দেখুৱাবচোন।

: দেবুদা লিপষ্টিক চাওঁচোন।

: দেবুদা বাটাৰফ্লাই ক্লীপ দেখুৱাওক না।

: দেবুদা অমুকটো আছেনে? 

: দেবুদা তমুকটো আছেনে?

মুঠতে দেবুক বস্তু বিচৰাৰ কোনো হিচাপ নাই।

মিচিকিয়া হাঁহিটো ওঁঠত লৈ এফালৰপৰা দেবুৱে দেখুৱাই যায় নেইল পলিছ, ক্লীপ, লিপষ্টিক, কাণফুলি, খাৰু আদি বস্তুবোৰ। ছোৱালীবোৰে দৰ-দাম মাৰে হাঁহি-হাঁহি। দেবুৱে বৰ বেছি লাগি নাথাকে। খুব এটা লাভ নোলোৱাকৈয়ে দেবুৱে দোকানৰ বস্তুবোৰ বিক্ৰী কৰে। সেয়ে ছোৱালীবোৰৰো  প্ৰিয়ভাজন হৈ পৰে দেবুদা, আৰু প্ৰসিদ্ধ হৈ পৰে দেবুদাৰ দোকান ‘মণিকা ফেঞ্চি কৰ্ণাৰ’।

ছোৱালীৰ যত যিমান প্ৰয়োজনীয় সামগ্ৰী, সেই সকলোবোৰ পোৱা  নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানখনেই হ’ল দেবুৰ দোকান। কলেজৰ ছোৱালীখিনিয়েই  দোকানৰ মূল গ্ৰাহক। কাষৰ দোকানীবোৰে দেবুৰ দোকানত যেতিয়া ভিৰ দেখে, পেটে-পেটে ঈৰ্ষাও কৰে। জাক-জাক ছোৱালীয়ে পুৱাৰপৰা আবেলিলৈকে ‘দেবুদা, দেবুদা’ কৈ অহা-যোৱা কৰি থাকে।

কলেজীয়া জাকৰুৱা ছোৱালীৰ লগতে এদিন পাৰমিতাও আহিছিল দেবুৰ দোকানলৈ। বেলেগ ছোৱালীৰ দৰে নাছিল পাৰমিতা। খুব গহীন আৰু লাজকুৰীয়া স্বভাৱৰ পাৰমিতাক প্ৰথম দেখাৰ দিনাই দেবুৰ কিবা এটা ভাল লাগি গৈছিল।

‘কি নাম বাৰু তাইৰ?’

প্ৰশ্নটো মন-ভাৱনালৈ অহাৰ লগে-লগে কোনোজনীয়ে তাইক মাতি দিছিল।

: পাৰমিতা এই বেগটো কেনে লাগিছে? চাই দেচোন?

পাৰমিতাৰ চকুৱে নিৰ্দিষ্ট বেগটোলৈ চাই পঠিয়াইছিল। কিন্তু দেবুৰ চকুৱে চাই ৰৈছিল পাৰমিতালৈ।

কাণৰ কাষৰ চুলিখিনি পিছলৈ ঠেলি পাৰমিতাই কৈ পেলাইছিল,

: বৰ ভাল লাগিছে দেই।

সেই বেগটো পাৰমিতাৰ পচন্দ হোৱা বুলি কৈছিল আৰু সমান্তৰালকৈ দেবুৰ পচন্দৰ ছোৱালী হৈ পৰিছিল পাৰমিতা। 

তাৰ পিছত কতবাৰ আহিছে পাৰমিতা দেবুৰ দোকানলৈ, কোনো হিচাপ নাই। কেতিয়াবা নেইল পলিছ, কেতিয়াবা ৰিবন, কেতিয়াবা ক্লীপ কিনিছিলহি পাৰমিতাই।

দেবুৱে তাইৰ পৰা লাভ লোৱা নাছিল। আচল দামৰ দুই কি তিনি টকামান ৰেহাই দৰতহে তাইক বস্তু দিছিল। কেতিয়াবা দুটা বাটাৰফ্লাই ক্লীপৰ লগত এটা ফ্ৰীকৈ পেকেটত সোমোৱাই দিছিল দেবুৱে। লাজুকীয়া হাঁহিৰে কাণৰ কাষৰ চুলিখিনি পিছলৈ ঠেলি তাইও পেকেটটো বেগত ভৰাই লৈছিল। নীলা, সেউজীয়া, কমলা, বেঙুনীয়া আদি বিবিধ ৰঙী ফোঁট পিন্ধা পাৰমিতাই ফোঁটৰ পেকেট দেবুৰ দোকানতেই কিনি আহিছে। দেবুৱে এটা ফোঁটৰ পেকেটৰ দামত তাইক দুটা পেকেট দিয়ে।পাৰমিতাৰ মুখখন উজ্বল হৈ 

উঠে। কৃতজ্ঞতা জনাই লগে লগে কৈ উঠে তাই,

: অ’ থেংক ইউ দেই দেবুদা।

ফোঁ‌টৰ পেকেট যেতিয়া পাৰমিতাই হাতেৰে তুলি লয় দেবুৰো তাইক কৈ দিবৰ মন যায়,

‘তুমি ৰঙা ফোঁট কেতিয়াও কিনিব নালাগে মিতা।তোমাৰ কপালত মই মোৰ দোকানৰ ৰঙা ফোঁট  পিন্ধাই থাকিম।’

কিন্তু ক’ব নোৱাৰে সি। মনৰ কথাটো মনতে ৰৈ থাকে। সদায় তাৰ দোকানৰ সন্মুখত ৰিক্সাত উঠি গুচি যোৱা পাৰমিতালৈ চাই পঠিয়াই সি। প্ৰতিদিনে ৰিক্সাৰ পৰা নামি কলেজলৈ সোমাই যোৱা পাৰমিতাক দেখি সুখী হৈ পৰে সি।

কেনেকৈযে পাৰমিতাজনীক ভালপাই পেলালে সি নিজেই নাজানে। কলেজৰ কিমান ছোৱালী তাৰ দোকানলৈ আহিছে। তাৰ দেখুন কাকো তাইৰ দৰে ভাল লগা নাই। হঠাৎ কিদৰে জাগি উঠিল এই ভালপোৱা!

সিও বহুতবাৰ দেখিছে পাৰমিতাৰ চকুত তালৈ থকা আকৰ্ষণ। সি ভালপোৱাৰ দৰে তায়ো তাক ভিতৰি ভালপাই পেলাইছে, সেই কথা অনুভৱ কৰিব  পাৰিছে সি। তথাপি তাইৰ মুখেৰে এবাৰ সেই ‘হা’ শুনিবলৈ দেবুৰ মনত দুৰ্বাৰ আকাংক্ষা জাগি উঠে।

‘তোমাক ভালপাওঁ পাৰমিতা, মোকো তুমি ভাল পোৱানে?’

– কতবাৰ যে কথাষাৰ সুধিম বুলি ভাবিছে সি।কিন্তু সেইকণ সাহ বুকুত গোটাবই পৰা নাই।

ভালপাওঁ বুলি প্ৰস্তাৱ দিম বুলি মনটো সুদৃঢ় কৰিছিল যিদিনা সেইদিনা তাৰ দোকানলৈ পাৰমিতা অহা নাছিল। হয়তো অহা নাছিল কলেজলৈও। পাৰমিতাক সি দেখা নাই। কলেজৰ সন্মুখত ৰিক্সাৰে আহি নমাহি  তাৰ চকুত পৰা নাই। প্ৰায় দহদিনমানৰ পিছত হঠাত এদিন সি দেখিছিল পাৰমিতাক। বাইক এখনৰ পৰা তাৰ দোকানৰ সন্মুখত আহি নমা পাৰমিতা তাৰ দোকানৰ ভিতৰলৈ সোমাই আহিছিল। বহুৰঙী ফোঁট পিন্ধা পাৰমিতাৰ কপালত সেইদিনা জিলিকি আছিল এটি ৰঙা সেন্দুৰৰ ফোঁট। কপালৰ ওপৰত মূৰৰ সোঁমাজত জিলিকি থকা ৰঙা সেন্দুৰৰ ৰেখাডালে চিঞৰি চিঞৰি যেন তাক কৈ পেলাইছিল,

: মই আপোনাৰ নহয়। আপোনাক মই কোনোদিনে ভালপোৱা নাছিলোঁ দেবুদা।

তধা লাগি চাই ৰোৱা দেবুক পাৰমিতাই সুধি দিছিল,

: দেবুদা, শিল্পা বিন্দী দেখুৱাওকচোন, ৰেড কালাৰৰ।

অবিশ্বাস্য দৃশ্য আৰু অনাকাংক্ষিত প্ৰশ্নৰ মাজত এপলক ৰৈ দেবুৱে হঠাৎ কৈ পেলাইছিল,

: ৰেড বিন্দী নাপাবা নহয়।মই ৰখাই নাই।

মিছা মাতিছিলে দেবুৱে।

অকণো খোকোজা নলগাকৈ সি মিছা কথাটো সিদিনা ক’ব পাৰিছিল।

: অ’হ হ’ নাই নেকি? হ’ব দিয়ক, আহিছোঁ বাৰু।

পাৰমিতা ওলাই গৈছিল দেবুৰ দোকানৰ পৰা। দেবুৱে আনকালে চোৱাৰ দৰে সিদিনা তাইক ওলাই যোৱা চোৱা নাছিল। তললৈ মূৰ কৰি ভাবনাত ডুব গৈছিল দেবু।

তাইক ৰঙা ফোঁট দিয়াৰ কথা সি ভাবিছিল সঁচা। কিন্তু পইচাৰ বিনিময়ত নহয়। আনক ৰঙা ফোঁট বেচিলেও পাৰমিতাক দেবুৱে ৰঙা ফোঁট বেচিব নোৱাৰে, কেতিয়াও নোৱাৰে।

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published.

error: Content is protected !!