ফটাঢোল

অমাইক্ৰনৰ সময়ত বিবাহবিলাসী সকললৈ আহ্বান-ডা: প্রাঞ্জল জ্যোতি দত্ত 

প্ৰাক-বৈবাহিক সম্ভাষণ, 

সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ স্বাৰ্থত বিবাহপ্রত্যাশীসকল আৰু তেখেতৰ পৰিয়াললৈ কিছুমান নীতি নির্দেশনা আগবঢ়োৱা হৈছে। আশা কৰোঁ সহযোগ কৰিব। 


*ইয়াৰ দ্বাৰা কইনাৰ ঘৰৰ পদূলিত থিয় দিয়াৰ লগে লগে দৰাই মুখত ৰুমাল লোৱাটো একেবাৰে নিষিদ্ধ কৰা হৈছে। মুখত পিন্ধা মাস্কেই ৰুমালৰ কাম কৰিব। দৰাৰ দুইহাত অনবৰতে কুৰ্ত্তাৰ পকেটত থাকিব। 

*দৰা আহি কইনাৰ পদূলিত ৰোৱাৰ পিছত আদৰাৰ নিয়মৰ ক্ষেত্ৰত অলপ নির্দেশনা আছে । কইনাৰ দেউতাক, ককায়েক, বা মহাক আদিয়ে ন -দৰাক দুহাতেৰে সাবতি দাঙি দিয়াটো আইনবিৰুদ্ধ হ’ব।তাৰ সলনি তেখেতসকলে ছয়ফুট দূৰৰ পৰাই দাঙি দিয়াৰ দৰে কৰি চিগনেল দিব আৰু দৰাই তাৰ তালতে মিলাই জাপ এটা মাৰিব-নিয়মটো ৰাখিবলৈ। 

*দৰাধৰাই দৰাৰ কাষতে প’জ দি অৱস্থান ল’ব নোৱাৰিব।তেওঁ কমেও চাৰিফুট দূৰত থাকি দীঘল হাঁকুটিলগা এল (L) পেটাৰ্ণৰ ছাতি মেলি দৰাক সংগ দিব লাগিব। 

*বামুণীয়া বিয়াৰ ক্ষেত্ৰত পুৰোহিতে নিজে মন্ত্ৰ উচ্চাৰণ কৰিব নোৱাৰিব।প্রয়োজনীয় যন্ত্ৰখিনি ঘৰতে মোবাইলত ৰেকৰ্ড কৰি আনি মাথোঁ বজাবহে পাৰিব।মন্ত্ৰৰ পৰিমাণ পঞ্চাশ শতাংশ কৰ্তন কৰিব লাগিব।ইচ্ছা কৰিলে মন্ত্ৰৰ সৈতে ওঁঠ বা লিপছ মিলাব পাৰিব। 

*হোমজুইৰ কাষৰ নিয়মখিনিৰ সময়ত পুৰোহিতৰ নিৰ্দেশত দৰা কইনাই ইজনে সিজনক ইটো সিটো যেনে ফুল-দুবৰি, সৰিয়হ আদি দিয়া লোৱা কৰিব নোৱাৰিব। কইনাৰ হাত দৰাৰ হাতত থোৱাৰ নিয়মো উঠাই দিয়া হৈছে। তেনেক্ষেত্ৰত দীঘলকৈ পাৰি লোৱা কলপাতৰ দুয়ো মূৰে দুয়োজনে একেসময়তে চুলেই হ’ব। কন্যা সম্প্ৰদানৰ বেলিকাও দেউতাকে কলপাত চুই কন্যাৰ হাত দৰাক অৰ্পণ কৰিব লাগিব। 

*সামাজিক প্রথা মতে দৰা কইনাই শহুৰ শাহু বা জেষ্ঠ্যজনৰ ওচৰত সেৱা লওঁতে ভৰি চুব নোৱাৰিব। সেই ক্ষেত্ৰত কলপাত পাৰি এমূৰে জেষ্ঠ্যজনৰ ভৰিত লগাই আন মূৰে হাতেৰে চুই সেৱা কৰিব পাৰিব।সমর্থবান সকলে আগতে ধোৱাই থোৱা শহুৰ শাহুৰৰ ফটোৰ ভৰি দুখনত মূৰ থৈ সেৱা জনাব পাৰিব। 

*আশীর্বাদ চুটি হ’বই লাগিব। আশীর্বাদত আন কথাৰ সৈতে দৰা কইনা যেন জন্ম জন্মান্তৰে কৰোনামুক্ত হৈ থাকক কথাষাৰ থাকিব লাগিব৷ 

*অভ্যর্থনা অনুষ্ঠানলৈ কম সংখ্যক অতিথিক আমন্ত্রণ জনাব লাগিব। 

*চেনিটাইজাৰ কম্পালচৰি৷ দাদা লুচি দুটা দিওঁ, গৰম গৰম আহিছে, এস এটাকে লওক, চৰজী অলপকে লওকচোন… অ’ই এইফালে ৰসগোল্লা পোৱা নাই..-এনেকুৱা কথাবোৰ কোনেও শুনিবলৈ আশা নকৰিব। কাৰণ খোৱা বস্তু পেকেট লাঞ্চ হিচাপেহে ৰখা হ’ব তিনিফুট দূৰে দূৰে।পেকেট সংগ্ৰহ কৰি অভ্যাগত সকল এজন এজনকৈ একজ্যিত (Exit) ৰ ফালেদি ওলাই যাব। খাদ্য বস্তু ঘৰলৈ নি বা গাড়ীত বহিহে খাব লাগিব। 

*খাই বৈ উঠি গ’লে বেয়া দেখিব বুলি আকৌ অলপ সময় মণ্ডপত চফগুটি চোবাই চোবাই বহি থকা অথবা যাবৰ সময়ত ভিৰৰ মাজৰপৰা বিচাৰি বিচাৰি দৰা কইনা বা মাকক মাত এষাৰ লগাই যোৱাৰ নিয়মটো এতিয়াৰ পৰা নাথাকিব।

*কইনাক দৰাৰ ঘৰলৈ লৈ যোৱাৰ সময়ত সামাজিক দূৰত্ব বজাই ৰাখিবলৈ দৰাই নিজে গাড়ীৰ চালকৰ আসনত বহি কইনাক পিছফালৰ আসনত বহুৱাব লাগিব। 

*দৰা আগচিব খুজিলে প্ৰশাসনৰপৰা আগতীয়া অনুমতি ল’ব লাগিব। প্রশাসনে দেখুৱাই দিয়া  নিয়মমতেহে দৰাৰ গাড়ী আগচিব পাৰিব।দৰাপক্ষৰ সৈতে দৰদাম মোবাইল যোগে হ’ব আৰু দাম ছিগাৰ পিছত পেমেণ্টো অনলাইন যোগেহে হ’ব লাগিব বা দৰাৰ গাড়ীৰপৰা টকাৰ খাম ৰাস্তালৈ দলিয়াই দিব লাগিব। 

*দৰা কইনাৰ বাবে প্ৰথম চৈধ্য দিনলৈ দুখন সুকীয়া বিছনাৰ ব্যৱস্থা কৰাটো বাধ্যতামূলক। যদি দৰা বেলেগ জিলাৰ হয় তেতিয়া একৈশ দিন আৰু ৰাজ্যৰ বাহিৰৰ দৰা হ’লে সেই সময় ত্রিশদিন হ ব।খোবাখুবিৰ দিনাৰ পৰা এই সময় ধৰা হ’ব। এখন চুক্তি পত্ৰত দুয়োজনৰে চহী ৰখা হ’ব। 

সমগ্র বিবাহ এজন বিবাহ নিৰীক্ষকৰ পৰ্যবেক্ষণত সমাপন হ’ব। এই ক্ষেত্ৰত ভিডিঅ’ ৰেকর্ডিং আৰু চি.চি. টিভিৰ ব্যৱস্থা কৰা হ’ব।এমাহৰ পিছত সমগ্ৰ তথ্য ৰাষ্ট্ৰীয় বিবাহ নিগমক জমা দিব লাগিব।যদি সামান্যতম নিয়মো ভংগ হয়, তেতিয়া সেই বিবাহক তাৎক্ষণিকভাবে বেআইনী ঘোষণা কৰা হ’ব আৰু দৰা কইনাক তিনিবছৰৰ সশ্রম কাৰাদও আৰু ষাঠি হাজাৰ টকাৰ জৰিমনা বিহা হ’ব৷জৰিমনা অনাদায়ে কাৰাদণ্ডৰ ম্যাদ ছয় বছৰ হব। 


সকলো বিবাহপ্রত্যাশীলৈ এক সুখী দাম্পত্য জীৱনৰ শুভকামনাৰে… 

শ্ৰী চিৰকুমাৰ চতুৰমংগলম (অধ্যক্ষ)

ৰাষ্ট্ৰীয় বিবাহ নিগম

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *