ফটাঢোল

নাট্যশিল্পী শ্ৰী প্ৰশান্ত শৰ্মাৰ মনৰ খবৰ 

অসমৰ নাট্যজগতৰ এজন ব্যতিক্ৰমী নাট পৰিচালক, নাট্যকাৰ হ'ল নাট্যপীঠ, শিৱসাগৰৰ অধ্যক্ষ শ্ৰীযুত প্ৰশান্ত শৰ্মা ডাঙৰীয়া৷ তেখেতে এতিয়ালৈকে নাট্যজীৱনত বহুখিনি উপলব্ধি আহৰণ কৰিছে৷ তেখেতে ভালেসংখ্যক মননশীল, সামাজিক বাৰ্তাবাহী নাটক পৰিচালনা কৰিছে৷ ইয়াৰ ভিতৰত বান্ধ, অস্তৰাগ, এন. ফ্ৰাঙ্কৰ ডায়েৰী, মৃগয়া, কহয় চন্দী দাস, টেটোন তামুলী, তাজমহলৰ টেণ্ডাৰ, সিঁচা পানীৰ মাছ, শুনা শুনা সভাসদ, শোণিত কুঁৱৰী, ৰূপালীম, কাৰেঙৰ লিগিৰী, আহাৰ মাহৰ এদিন, ন-হন্যতে, ছিগা মথাউৰিৰ সপোন, ইত্যাদিসমূহৰ উপৰিও তেখেতে মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰাৰ লগতে ভালেসংখ্যক শিশুনাট পৰিচালনা কৰিছে৷ তেখেতে এই নাট্যসাধনাৰ যাত্ৰাৰে নাট্যজগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি হিচাপে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ 'চিনিঅ'ৰ ফেল'শ্বিপ', অসম সাহিত্য সভাৰ 'চিকন মৌপিয়া বঁটা' ইত্যাদিসমূহ লাভ কৰিছে৷ সংগীত নাটক অকাডেমী, বিশ্ববিদ্যালয় অনুদান আয়োগৰ দৰে অনুষ্ঠানে ভাৰতৰ বিভিন্ন স্থানত আয়োজিত কৰা বিভিন্ন কৰ্মশালাত সমল ব্যক্তি হিচাপে যোগদান কৰাৰ লগতে ভালেকেইখন বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিষয়ৰ লগত তেখেত জড়িত৷ তেখেতৰ পৰিচালনাত আকাশবাণীত সম্প্ৰচাৰিত হোৱা নাটসমুহো তেখেতৰ কৃতিত্বৰ অন্য এক মাপকাঠি৷

এইজনা বিশিষ্ট নাট্যকৰ্মীৰ মনৰ খবৰ জানিবলৈ আমি তেখেতক শিৱসাগৰস্থিত নিজা বাসভৱনত লগ কৰিছিলোঁ‌৷

ফটাঢোল: নমস্কাৰ৷ আমাক আপোনাৰ বহুমূলীয়া সময় দিয়াৰ বাবে ধন্যবাদ৷ 

প্ৰশান্ত শৰ্মা: নমস্কাৰ৷ আপোনালোককো ধন্যবাদ জনালোঁ৷

ফটাঢোল: আপুনি নাট্যজগতৰ সৈতে কিদৰে জড়িত হ'ল? এই প্ৰেক্ষাপটৰ বিষয়ে কওকচোন অলপমান। 

প্ৰশান্ত শৰ্মা: স্কুল-কলেজত পঢ়ি থকাৰপৰাই নাটকৰ প্ৰতি আগ্ৰহ আছিল। তেতিয়া এই আগ্ৰহ আছিল মূলতঃ প্ৰতিযোগিতাকেন্দ্ৰীক। যেতিয়া বিশ্ববিদ্যলয়ৰপৰা ওলালোঁ তেতিয়া নিজে এটা নাট্যদল খোলাৰ কথা চিন্তা কৰিলোঁ আৰু কেইজনমান নিষ্ঠাৱান নাট্যকৰ্মীক লগত লৈ ১৯৯৬ চনৰ ১ জানুৱাৰীত শিৱসাগৰ নাট্যপীঠ নামেৰে এটা নাট্যদলৰ জন্ম দিওঁ। সেই তেতিয়াৰ পৰাই আমি অসমৰ বিভিন্ন ঠাইত নাট পৰিৱেশন কৰি আহিছোঁ। 

ফটাঢোল: অসমৰ নাট্যজগতৰ এক উল্লেখনীয় অনুষ্ঠান হৈছে শিৱসাগৰৰ নাট্যপীঠ৷ আপুনি জন্ম দিয়া এই অনুষ্ঠানটোৱে অসমৰ নাট্যচৰ্চাৰ ক্ষেত্ৰখনৰ উত্তৰণৰ ক্ষেত্ৰত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে৷ এই অনুষ্ঠানটোৰ আৰম্ভণিৰপৰা এতিয়ালৈকে পোৱা অভিজ্ঞতাখিনি থোৰতে কওকচোন । 

প্ৰশান্ত শৰ্মা: মই কৈছোঁৱেই যে নাট্যদলটো আমি এটা বিশেষ উদ্দেশ্য লৈ জন্ম দিছিলোঁ। সেয়া হৈছে নিয়মীয়া নাট্যচৰ্চা, নাটকৰ অনুশীলন আৰু নাটকৰ আনুষংগিক দিশবোৰৰ চৰ্চা। আমি সেইসময়ত শিৱসাগৰৰ বিভিন্ন গ্ৰামাঞ্চলত নাট প্ৰদৰ্শন কৰিছিলোঁ, শিৱসাগৰ চহৰতো কৰিছিলোঁ। সেইসময়ৰ অভিজ্ঞতা বিচিত্ৰ। আমি ঘৰে-ঘৰে চাইকেলত গৈ টিকট বেচোঁ। তোমালোকে জানি আচৰিত হ'বা, সেইসময়ত মানুহে পাঁচশ টকাৰ টিকট কিনিও নাটক চোৱাৰ উৎসাহ দেখুৱাইছিল। আমিও যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰাৰ ফলতহে আজিৰ এই অৱস্থা পাইছোঁ। কেতিয়াবা ছয়-সাত কিলোমিটাৰ ঠেলাৰে নাটকৰ দৃশ্যসজ্জাৰ সামগ্ৰী  কঢ়িয়াই নিছিলোঁ। নাটকৰ লগত এয়া আচলতে আমাৰ খুব মধুৰ অভিজ্ঞতা।

ফটাঢোল: সৃষ্টিশীল শিল্পী একোজনৰ নিজা সপোন এটা থাকে যিটো জীৱনে গতি পোৱাৰ লগে লগে গঢ় লৈ উঠে৷ তেওঁলোকৰ নিজা জীৱন-দৰ্শন থাকে আৰু সেই দৰ্শনেই তেখেতসকলৰ সৃষ্টিকৰ্মত প্ৰকাশিত হয়৷ সেই হিচাপে নাট্যকাৰ-পৰিচালকসকলৰো নিজস্ব দৰ্শন আছে৷ আপোনাৰো নিশ্চয় আছে৷ আপুনি আপোনাৰ জীৱন- দৰ্শন তথা নাট্য-দৰ্শনৰ বিষয়ে থোৰতে ক'ব নেকি? আৰম্ভণিৰ সময়খিনি আৰু জীৱন-নাট্য দৰ্শনৰ বিষয়ে।

প্ৰশান্ত শৰ্মা: ছাত্ৰ অৱস্থাত  কোনোধৰণৰ দৰ্শন গঢ় লৈ উঠা নাছিল। তেতিয়া লগৰসকলৰ লগত নিজৰ চখ পূৰাবলৈহে নাট্যচৰ্চা কৰিছিলোঁ। বিশ্ববিদ্যালয়ৰ পৰ্যায়ৰ পাছত আমাৰ যেতিয়া নিজা নাট্যদল গঠন হ'ল তেতিয়াৰপৰাহে এটা নিজস্ব আদৰ্শ গঢ় লৈ উঠিল। যিখিনি মানুহে শিল্পৰ যোগেদি কিবা এটা কৰিব খোজে তেওঁলোকৰ এটা নিজা আদৰ্শ থাকেই। তেওঁলোকে শিল্পটোক নিজৰ কথা কোৱাৰ এটা মাধ্যম হিচাপে ব্যৱহাৰ কৰে। ঠিক তেনেকৈ মোৰো এটা বিশ্বাস যে শিল্পৰ যোগেদি মই জীৱনৰ কথা ক'ব খোজোঁ। মই বিশ্বাস কৰোঁ যে সেই শিল্পই সঁচা শিল্প য'ত জীৱন হয় প্ৰতিফলিত, সেই শিল্পই সঁচা শিল্প যি জীৱন সম্পৰ্কে মিছা ধাৰণা নিদিয়ে। মই মোৰ শিল্পৰ মাধ্যমেৰে জীৱনবোধ বা সামাজিক চেতনা আনিব খোজোঁ আৰু প্ৰতিজন শিল্পীৰ সেইটো এটা দায়িত্ব আচলতে। 

ফটাঢোল: সাম্প্ৰতিক সময়ৰ নাটকৰ ক্ষেত্ৰখনত বিভিন্ন ধৰণৰ পৰিৱৰ্তন সাধন হৈছে৷ বিশ্বৰ নাট্য পৰিক্ৰমালৈ চকু ফুৰালে দেখা যায় যে নতুন-নতুন পৰিৱেশনশৈলীৰ লগতে নাটকৰ উপস্থাপনশৈলীৰো পৰিৱৰ্তন সাধন হৈছে৷ সেই প্ৰেক্ষাপটত সাম্প্ৰতিক সময়ত অসমত পৰিৱেশন হৈ থকা নাটকে বিশ্বৰ নাট্য-চৰ্চাৰ লগত ফেৰ মাৰিব পাৰিছে বুলি আপুনি ভাবেনে?  এই দিশটো ত্বৰান্বিত কৰিবলৈ আমি আৰু কেনেদৰে পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি আপুনি ভাবে? 

প্ৰশান্ত শৰ্মা: অসমীয়া নাটক বহুদূৰ আগবাঢ়ি গৈছে আচলতে। শংকৰদেৱৰ দিনৰপৰা আজিৰ দিনলৈকে অসমীয়া নাটকৰ এটা স্বৰ্ণিল ইতিহাস আছে। ই কেতিয়াবা ঊৰ্ধ্বমুখী হৈছে, কেতিয়াবা গতি হেৰুৱাইছে। অসমীয়া নাটকে বিশ্বনাটকৰ লগত ফেৰ মাৰিব পৰাকৈ আগুৱাইছে কিন্তু তথাপি আমি বহুক্ষেত্ৰত পিছ পৰি আছোঁ। আমাৰ জিলা সদৰবিলাকতে নিয়মীয়া নাট্যচৰ্চা কৰিব পৰাকৈ এটা ভাল প্ৰেক্ষাগৃহ নাই। কাৰিকৰী সুবিধা নাই। এতিয়া শিৱসাগৰতে যদি মই নাটক এখন মঞ্চস্থ কৰিব খোজোঁ ভাল পোহৰ বা শব্দৰ বাবে গুৱাহাটীৰ পৰা ব্যৱস্থা কৰিব লাগে। সেয়ে এনে পৰিস্থিতিত এখন মানবিশিষ্ট নাটক প্ৰযোজনা কৰাটো অতি জটিল। তেনেকৈয়ে কিছুমান বাধা আহি পৰে। গতিকে বিশ্ব নাটকৰ লগত অসমীয়া নাটকে ফেৰ মাৰিব পাৰিছে যদিও কিছুক্ষেত্ৰত পিছ পৰি আছে। নাটকৰ বিষয়বস্তু উন্নত হৈছে কিন্তু  আমাৰ এটা চৰকাৰী সুস্থিৰ সাংস্কৃতিক নীতি নাই। গতিকে এনে এটা পৰিস্থিতিত বিশ্ব নাটকৰ লগত ফেৰ মৰা দূৰৰ কথা, এটা মৰ্যাদাপূৰ্ণ স্থানত থকাটোৱেই ডাঙৰ কথা আচলতে; আৰু এইখিনি কাম ব্যক্তিগত উদ্যোগত কৰাটো সম্ভৱ নহয়। ইয়াৰ বাবে চৰকাৰী পৃষ্ঠপোষকতাৰ প্ৰয়োজন হ'বই। 

ফটাঢোল: আপোনাৰ সমসাময়িক নাট্যকাৰ, নাট্য যাত্ৰা তথা আপোনাক এই ক্ষেত্ৰখনলৈ আহিবলৈ অনুপ্ৰাণিত কৰা পূৰ্বসূৰী সকলৰ বিষয়ে থোৰতে কওকচোন৷ 

প্ৰশান্ত শৰ্মা: আমি যিটো সময়ৰ মানুহ, সেই সময়টো বৰ ভাল আছিল। আমি যিসকল মানুহ লগ পাইছিলোঁ সেইসকল বহুত সৃষ্টিশীল আছিল। মই শিক্ষাৱস্থাৰ পৰাই এজন প্ৰথিতযশা নাট্যকৰ্মী হৰেন্দ্ৰ নাথ বৰঠাকুৰক লগ পাইছোঁ। ঠিক তেনেকৈ কলেজৰ সময়ছোৱাত মই মণিপুৰৰ এইছ. কানহাইয়ালালৰ সংস্পৰ্শলৈ আহিছোঁ। লখিমপুৰত হোৱা তেখেতৰ এটা পঞ্চল্লিশদিনীয়া কৰ্মশালাত অংশগ্ৰহণ কৰিছোঁ। এইটো মোৰ বাবে এটা ডাঙৰ সুযোগ আছিল। ভাৰতৰ বিভিন্ন ঠাইৰ নাট্যকৰ্মীক লগ পাই তেওঁলোকৰ চিন্তাৰ লগত পৰিচয় হৈছোঁ। অসমৰো বহুকেইজন লব্ধপ্ৰতিষ্ঠ নাট্যশিল্পীৰ লগতো মোৰ এক মধুৰ সম্পৰ্ক আছিল। তেওঁলোকে মোক অনুপ্ৰাণিত কৰাই নহয়, তেওঁলোকক অনুকৰণ কৰিও কেনেদৰে বাট বুলিব লাগিব শিকিছিলোঁ। তেখেতসকলৰ ভিতৰত যশস্বী নাট্যকাৰ অৰুণ শৰ্মা, মহেন্দ্ৰ বৰঠাকুৰ, বিশিষ্ট নাট পৰিচালক দুলাল ৰয়, অবিনাশ শৰ্মাই প্ৰধান৷ বিশেষকৈ এইছ. কানহাইয়ালালৰপৰা মই নাটকক নতুন দৃষ্টিকোণেৰে চাবলৈ শিকিলোঁ। 

ফটাঢোল: নাট্যজগতত নাট্যপীঠে ইতিমধ্যে পঁ‌চিছটা বৰ্ষ অতিক্ৰম কৰিলে৷ এই পঁ‌চিছটা বৰ্ষৰ আৰম্ভণিৰ আৰু এতিয়াৰ সময়খিনিৰ তুলনা কৰিলে আপুনি কি পাৰ্থক্য দেখিবলৈ পায়? 

প্ৰশান্ত শৰ্মা: নাট্যপীঠৰ জন্মৰপৰা এই পঁ‌চিছটা বছৰ বৰ গুৰুত্বপূৰ্ণ কথা। কোনো এটা বস্তু আৰম্ভণিতে মানুহে সহজে আদৰি নলয়। কিন্তু আমি এইক্ষেত্ৰত ভাগ্যৱান আছিলোঁ যে মানুহে নাট্যপীঠক জন্মলগ্নৰেপৰা আদৰি লৈছিল। অসমৰ বিভিন্ন ঠাইৰপৰা নাট্যপীঠৰ শিশুনাটসমূহ চাবলৈ মানুহ আহিছিল। কেতিয়াবা দুটা পৰ্যন্ত দৰ্শনী হৈছিল। সেই সময়ত দৰ্শকৰ লগত আমাৰ এটা পোনপটীয়া যোগাযোগ আছিল। এতিয়া সকলোৰে কৰ্মব্যস্ততাৰ বাবে সেয়া সম্ভৱ নহয়। পূৰ্বতে অনুষ্ঠানটো চালুকীয়া অৱস্থাত থাকোঁতে গাঁঠিৰ ধন ভাঙি নাটক কৰিবলগীয়া হৈছিল। এতিয়া সংগীত নাটক একাডেমিয়েই হওক বা ভাৰত চৰকাৰৰ মন্ত্ৰণালয়েই হওক আমি যথেষ্ট সা-সুবিধা পাইছোঁ। 

ফটাঢোল: বৰ্তমানৰ যুৱ-সমাজৰ নাটকৰ লগতে সাংস্কৃতিক সচেতনতা সম্পৰ্কে আপুনি কি ভাবে জনাবনে? 

প্ৰশান্ত শৰ্মা: যুৱ-সমাজখনক সাংস্কৃতিকভাৱে  সবল কৰি ৰাখিলেহে আচলতে সমাজখন বাচি থাকিব। আগৰ দিনত সংস্কৃতিৰ লগত জড়িত হোৱা মানেই শিক্ষা-দীক্ষা নষ্ট হোৱা বুলিহে ভাবিছিল। আজিৰ পৰিৱৰ্তিত প্ৰেক্ষাপটত এই ধাৰণাৰ কিছু পৰিৱৰ্তন হৈছে। কিন্তু আজিৰ যুৱচামৰ কিছু সংখ্যকে একেৰাতিতে সাংস্কৃতিক কৰ্মী হোৱাৰ সপোন দেখে। হয়তো ইলেকট্ৰʼনিক মাধ্যমৰদ্বাৰা বহুল প্ৰচাৰৰ বাবে এনে হোৱাটো সম্ভৱ হৈ উঠাৰ বাবেই এই কথাটোৱে গা কৰি উঠিছে। 

ফটাঢোল: আপুনি অসমৰ লগতে ভাৰতৰ বিভিন্ন স্থানত নাটক পৰিচালনা কৰাৰ উপৰিও সংগীত নাটক অকাডেমী, বিশ্ববিদ্যালয় অনুদান আয়োগৰ দৰে সংস্থাৰদ্বাৰা আয়োজিত অনুষ্ঠানত সমল ব্যক্তিৰূপেও যোগদান কৰিছে৷ সেই অনুষ্ঠানবোৰত ভাৰতৰ বিভিন্ন স্থানৰ বিভিন্নজন নাট্যকাৰৰ সান্নিধ্য লাভ কৰিছে৷ আপুনি ভাবেনে যে নাট্যচৰ্চাৰ ক্ষেত্ৰত আমি সৰ্বভাৰতীয় পৰ্যায়টোৰ সমকক্ষ? 

প্ৰশান্ত শৰ্মা: জ্যোতিপ্ৰসাদৰ দিনৰেপৰা আমাৰ নাটকৰ এটা মান আছে আৰু সেয়া অটুট আছে। কিন্তু সৰ্বভাৰতীয় পৰ্যায়ত নাট্যকলা যেনেকৈ সকলো ক্ষেত্ৰতে আগবাঢ়ি গৈছে আমি তেনেকৈ আগবাঢ়ি গৈছোঁ বুলি নাভাবোঁ। আমি যিবিলাক সমস্যাৰ মাজত আছোঁ তেনে সমস্যাৰ মাজত তেনে এটা পৰ্যায় পোৱা বুলি ভাবিব নোৱাৰি। কিন্তু চিন্তাৰ ক্ষেত্ৰত অসমীয়া নাটক বহুত আগবাঢ়ি গৈছে। অসমৰ বহু নাট্যকাৰ বা পৰিচালকে লোকনাট্যকলাই হওক বা পৰম্পৰাগতশৈলীৰ নাটকেই হওক সকলোতে সৰ্বভাৰতীয় পৰ্যায়তে নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো নাম কৰিছে। কিন্তু তথাপি এটা সন্তোষজনক স্থিতি পোৱা বুলি ক'ব নোৱাৰি। 

ফটাঢোল: সততে এটা অভিযোগ শুনা যায় যে মঞ্চজগতত কেৱল অভিজ্ঞসকলৰ স্থান আগত৷ নৱাগতসকলক স্থান দিয়া নহয়৷ আপুনি কি ভাবে? 

প্ৰশান্ত শৰ্মা: এইটো প্ৰায়েই শুনা এটা অভিযোগ। কিন্তু নৱাগতসকলক উপেক্ষা কৰা হয় বুলি মই ব্যক্তিগতভাৱে মানি নলওঁ। আমাৰ নাট্যপীঠৰে অনুৰাগ শইকীয়াক আজি গোটেই ভাৰতবৰ্ষই চিনি পায়। বৰ্তমান ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেচৰকাৰী অভিজাত চেনেলসমূহৰ ব্যস্ত অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্য্যই আমাৰ পৰিচালনাত এন ফ্ৰাঙ্কৰ ডায়েৰী নাটকখনৰ যোগেদি প্ৰথম মঞ্চত খোজ পেলাইছিল। অগ্নিমিত্ৰ বৰা, মঞ্জিল কলিতাৰ দৰে খ্যাতিসম্পন্ন শিল্পী আমাৰ নাট্যপীঠৰপৰাই ওলাই যোৱা। গতিকে এই কথাটো একে আষাৰে মানি ল'ব নোৱাৰি। 

ফটাঢোল: নাটক সাহিত্যৰে এটা অংগ। অসমৰ নাট্যসাহিত্যৰ প্ৰথমটো ৰাষ্ট্ৰীয় স্বীকৃতি নাট্যপীঠৰদ্বাৰা প্ৰকাশিত হৰেন্দ্ৰনাথ বৰঠাকুৰৰ শিশুনাট সংকলনটিয়ে পাইছিল৷ সেই বিষয়ে কওকচোন।

প্ৰশান্ত শৰ্মা: এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। নাটকক সাহিত্য হিচাপে বিবেচনা কৰিব নে নাই সেইটোৱেই বহুদিন ধৰি এটা ডাঙৰ প্ৰশ্ন হৈ আছিল। যদি 'নেশ্যন ইজ নওন বাই ইটছ্ থিয়েটাৰ' হয়, আৰু সেই কথাটো যদি আমি মানি লওঁ তেন্তে নাটক কিয় সাহিত্য হ'ব নোৱাৰে! হৰেন্দ্ৰ নাথ বৰঠাকুৰৰ শিশুনাটকৰ সংকলনটিয়ে সাহিত্য একাডেমী বঁটা লাভ কৰাৰ কথাটোৱে নাটকৰ সাহিত্য জগতত যে এটা মূল্য আছে সেইটোৱেই প্ৰতিপন্ন কৰে। তেখেতৰ দহখন শিশুনাটৰ যি সংকলন সেয়া প্ৰকাশ হোৱাটো এটা সামূহিক প্ৰচেষ্টা আছিল আৰু আমি এই স্বীকৃতি পাই যথেষ্ট সুখী। 

ফটাঢোল: সাম্প্ৰতিক অসমৰ মঞ্চনাটৰ পৰিৱেশটোৱে আপোনাক হতাশ কৰিছে নেকি? যদি কৰিছে ইয়াৰ কাৰণ কি? 

প্ৰশান্ত শৰ্মা: হতাশ কৰাতকৈ আনন্দিত বেছিকৈ কৰে। সকলোৱে বৰ ধুনীয়াকৈ নাটকৰ ক্ষেত্ৰখনক আগবঢ়াই নিছে। কিন্তু কিছুমান অতি বিনোদনধৰ্মী নাটকে হতাশ নকৰা নহয়। নিৰ্দিষ্ট এটা চামৰ দৰ্শকৰ বাদে এনে নাটকে সকলোকে আনন্দিত কৰে বুলি ভাবিব নোৱাৰি।

ফটাঢোল: বৰ্তমানৰ ভাৰ্চুৱেল মাধ্যমে অপেচাদাৰী নাট্য জগতলৈ কিবা প্ৰত্যাহ্বান কঢ়িয়াই অনা বুলি ভাবে নে? 

প্ৰশান্ত শৰ্মা: ভাৰ্চুৱেল মাধ্যমৰ কথাটো কʼভিডকালীন পৰিস্থিতিৰ বাবেহে আহিছে। কিন্তু মঞ্চ মঞ্চই। দৰ্শকৰ লগত আমাৰ যি পোনপটীয়া সংযোগ সেয়া মঞ্চৰ বাদে ভাৰ্চুৱেল মাধ্যমে দিব নোৱাৰে। নাটক ভাৰ্চুৱেল মাধ্যমৰ মাজত সীমাবদ্ধ হৈ যোৱাৰ দিন নাহক, তাকেই কামনা কৰোঁ। 

ফটাঢোল: আদ্য শৰ্মা, নটসুৰ্য ফণী শৰ্মা, মুনিন ভূঞা, আলি হাইদৰ, বাহাৰুল ইচলাম, অজিত বৰঠাকুৰৰ পৰা প্ৰশান্ত শৰ্মাক সামৰি নাট্য যাত্ৰাৰ এই দীঘলীয়া পৰিক্ৰমাটোত আপোনাৰ চকুত পৰা দুটা ধনাত্মক আৰু দুটা ঋণাত্মক(যদি আছে) পৰিৱৰ্তনৰ বিষয়ে জনাওকছোন৷ 

প্ৰশান্ত শৰ্মা: ধনাত্মক পৰিৱৰ্তন প্ৰথমটো হ'ল যে আধুনিক অসমীয়া নাটকৰ মাইলৰ খুঁটি 'কাৰেঙৰ লিগিৰীৰ'পৰা সাম্প্ৰতিক সময়লৈকে নতুন বিষয়বস্তুৰ উপস্থাপনে অসমীয়া নাটকক এটা মানবিশিষ্ট অৱস্থাত উপনীত কৰিছে। 

দ্বিতীয়টো হ'ল, নাটকৰ মঞ্চস্থাপত্যৰপৰা সামগ্ৰিক যিটো পেছাদাৰীত্ব সেয়া অভিনয়েই হওক বা পোহৰ বা সংগীতৰ ক্ষেত্ৰতেই হওক চকুত লগা ধৰণে ভাল হৈছে। 

নেতিবাচক কথাৰ ভিতৰত এটা হ'ল যে, আগৰ যিসকল সাহিত্যিক আছিল, সেইসকলে সাহিত্যৰ অন্যান্য শিতানসমূহৰ লগতে নাটকো ৰচনা কৰিছিল যিটো এতিয়াৰ সাহিত্যিকসকলৰ মাজত দেখা পোৱা নাযায়। 

দ্বিতীয়টো হ'ল, শেহতীয়াকৈ আংগিকপ্ৰধান নাটকৰ প্ৰাচুৰ্য বৃদ্ধি পাইছে, যিটোৱে দৰ্শকৰ মনত নাটকৰ প্ৰতি বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। আৰু এটা কথা হৈছে যে আজিকালি নাটক শিকাতকৈ নাটক শিকোৱা মানুহ বেছি হৈছে। 

ফটাঢোল:  অসমত অপেছাদাৰী নাটকক গতিশীল কৰি তোলাৰ ক্ষেত্ৰত কি কৰা উচিত? 

প্ৰশান্ত শৰ্মা: অপেছাদাৰী নাটক মানেই যেনেকৈ তেনেকৈ কৰিলেই হ'ব বুলি বহুতে ভাবে। কিন্তু  আচলতে অপেছাদাৰী নাটকৰ লগত জড়িতসকলে সকলো ক্ষেত্ৰতে পেছাদাৰীত্ব দেখুৱাব লাগিব। তেতিয়াহে তেওঁলোক আগবাঢ়ি যাব পাৰিব বুলি মই ভাবোঁ। 

ফটাঢোল: অসমত ব্যঙ্গ সাহিত্যৰ অৱস্থা বৰ্তমান বৰ ভাল নহয়। এইবিষয়ে কিবা ক'ব বিচাৰিব নেকি? নাট্যপীঠে এইক্ষেত্ৰত কিবা কৰিছে নেকি?

প্ৰশান্ত শৰ্মা: ব্যঙ্গ সাহিত্যই দৰাচলতে সমাজৰ এটা গতি নিৰ্ধাৰণ কৰাত সহায় কৰে, এক প্ৰকাৰ সমাজ সংস্কাৰক হিচাপে ব্যঙ্গ-সাহিত্যৰ অৱদান অসীম। 

ব্যঙ্গ সাহিত্য এক উচ্চমানৰ সাহিত্য যিয়ে সমাজৰ চকু মুকলি কৰাত বিশেষ ভূমিকা পালন কৰে। লক্ষ্মীনাথ বেজবৰুৱাৰ যিসমূহ ব্যঙ্গ, সেয়া অতি উচ্চ মানদণ্ডৰ আছিল। কিন্তু ব্যঙ্গ সাহিত্যৰ এই ধাৰা পৰৱৰ্তীকালত স্তিমিত হৈ পৰিল, উচ্চ সাহিত্যৰ গণ্ডীৰ পৰা ব্যঙ্গ সাহিত্যক এলাগী কৰা হ'ল যাৰ ফলত ব্যঙ্গ সাহিত্যৰ চৰ্চা প্ৰায় বাদ পৰিল ।

কিন্তু ব্যঙ্গ এক শাণিত অস্ত্ৰ, যিয়ে সমাজক সচকিত কৰি সংস্কাৰ সাধনৰ কাম কৰে।

আমি ইতিমধ্যে বহু কেইখন ব্যঙ্গ নাটক কৰিছোঁ যাৰ মাজত 'তাজমহলৰ টেণ্ডাৰ', 'ৰজাৰ কথা', ত্ৰৈলোক্য দত্ত বৰঠাকুৰ ডাঙৰীয়াৰ 'ৰত্নভাণ্ডাৰ' ইত্যাদিয়ে প্ৰধান। 

ব্যঙ্গ সাহিত্যৰ ক্ষেত্রত ডঃ ভৃঙ্গেশ্বৰ শৰ্মা আৰু বহুকেইজনে বহু পৰিশীলিত ভাষাৰ সুন্দৰ ব্যঙ্গ ৰচনাৰে সমাজলৈ অৰিহণা যোগাইছে কিন্তু যিটো তেওঁলোকৰ প্ৰাপ্য সন্মান সেয়া যেন তেওঁলোকক আজিও প্ৰদান কৰা হোৱা নাই । 

ব্যঙ্গ সাহিত্যৰ এনে এটা প্ৰশ্ন উত্থাপন কৰাৰ বাবে মই খুবেই আনন্দিত হৈছোঁ। 

ফটাঢোল: ফটাঢোলৰ তৰফৰ পৰা আপোনাৰ মনৰ কথা আমাৰ লগতে সমগ্ৰ বিশ্বত বিয়পি থকা অসমবাসীক জানিবলৈ দিয়া বাবে আপোনাক আন্তৰিক ধন্যবাদ। আৰু হঠাতে এটা প্ৰশ্ন মনলৈ আহিছে। আমাৰ ফটাঢোলৰ যি প্ৰয়াস সেই বিষয়ে কিবা ক'ব বিচাৰিব নেকি? 

প্ৰশান্ত শৰ্মা: ফটাঢোলৰ বিষয়ে মই জানো। তোমালোকে বহুত ভাল কাম কৰি আছা। বিশেষকৈ মোৰ ক্ষেত্ৰত প্ৰশ্ন সোধাৰ খাতিৰত কিছু প্ৰশ্ন নুসুধি, প্ৰশ্নৰ যোগেদি এজন শিল্পীৰ মনৰ উমান ল'বলৈ বিচাৰিলা তাৰবাবে ফটাঢোল ধন্যবাদৰ পাত্ৰ আৰু এই প্ৰচেষ্টাটো সদায় থাকক। ফটাঢোলক মোৰ আন্তৰিক অভিনন্দন জনালোঁ। 

ফটাঢোল: আপোনাক অশেষ ধন্যবাদ জনালোঁ। 

(সাক্ষাৎকাৰ গ্ৰহণ কৰিলে শ্ৰী ভাস্কৰজ্যোতি দাস, শ্ৰী মাধৱ দাসে আৰু যুগুতালে নীতাশ্ৰী নেওগ আৰু অৰ্চন শৰ্মায়ে)

☆ ★ ☆ ★ ☆

2 Comments

  • ৰাজশ্ৰী শৰ্মা

    ভাল লাগিল কথাখিনি পঢ়ি।তেখেতলৈ আকৌ এবাৰ সেৱা আগবঢ়ালো‌।

    Reply
  • শান্তনু চেতিয়া

    প্ৰশান্ত দা আমাৰ আদৰ্শ। সাক্ষাৎকাৰটোৰ পৰা যথেষ্ট উপকৃত হ’লো।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *