ফটাঢোল

ধূলিৰ পৰা ৰামধেনুলৈ- নগেন বৈশ্য: চিনেমাৰ দৰেই কাহিনী এটা-দেবজিত শৰ্মা


শৈশৱৰ সেই পখিলা খেদি ফুৰা সময়খিনিত নগেনহঁতৰ অঞ্চলটোলৈ দিনটোত খুব বেছি এখন বা দুখন বাছ চলাচল কৰিছিল৷ মনহা কছাৰী গাঁৱত বেয়া পথৰ সেই ধূলিয়ে ঢাকি যোৱা ঘৰ চৌহদ পথবোৰৰ চহা জীৱনৰ মাজত খেতিয়ক পিতৃ স্বৰ্গীয় ভৱকান্ত বৈশ্য আৰু শ্ৰীমতী মিনামাই বৈশ্যৰ চাৰিটি সন্তানে জীৱনৰ বাট বুলিছিল৷ নগেন বৈশ্যৰ পিতৃ খেতিয়ক হ’লেও এটা সুবিশাল সাংস্কৃতিক মনৰ অধিকাৰী আছিল৷ প্ৰযুক্তিবিদ্যা, উন্নয়ণে ঢুকি পাবলৈ বহুদূৰ থকা এখন গাঁৱৰ বাসিন্দা হৈয়ো সেইখিনি সময়তে গ্ৰাম’ফোন ৰেকৰ্ডাৰ আৰু এটা কেমেৰা নিজৰ সংগ্ৰহত ৰাখিছিল৷ পিতৃৰ সেই সাংস্কৃতিক মনটোৱে বটবৃক্ষৰ ৰূপত গজালি মেলিছিল শিশু নগেনৰ মনত৷ সৰুৰে পৰাই আছিল চিনেমাবলীয়া৷ কেৱল চিনেমাৰ বিষয়বস্তুতে আবদ্ধ নাথাকি কাৰিকৰী কৌশলত পাৰদৰ্শিতা লাভ কৰাৰ এক দুৰন্ত হেঁপাহৰ জন্ম হৈছিল খেতিয়কৰ কনিষ্ঠ পুত্ৰ নগেন বৈশ্যৰ মনত৷ এই সমগ্ৰ পৰিক্ৰমাটোত মোমায়েকৰ নাটকৰ লগত জড়িত হৈ থকা কথাটোৱে বিশেষ ইন্ধন যোগাইছিল৷ পিতৃক প্ৰায় এঘাৰ বছৰমান বয়সত হেৰুওৱা নগেনক মাতৃৰ লগতে নিজৰ জেষ্ঠ্য ভাতৃ আৰু বায়েকে যথেষ্ট মৰম আৰু আদৰেৰে ডাঙৰ-দীঘল কৰিলে৷ 

সময় বাগৰিল, নগেনে জাগীৰোড মহাবিদ্যালয়ৰ বিজ্ঞান শাখাত নামভৰ্তি কৰিলে৷ বিজ্ঞানৰ শিক্ষাত ব্ৰতী হৈ থাকিলেও নগেনৰ মনটো সদায়েই আবদ্ধ হৈ আছিল ছবিজগতখনৰ লগত৷ যি সময়ত আন ছাত্ৰ-ছাত্ৰীৰ ইচ্ছা আছিল, শিক্ষা সমাপ্ত কৰি এটা চাকৰিৰ যোগাৰ কৰা, নগেনৰ মনটো বাৰে বাৰে উৰি গৈছিল “চাউণ্ড ইঞ্জিনিয়াৰিং” হোৱাৰ সপোনটোৰ ডেউকাত উঠি৷ এনেকৈয়ে এদিন বিভিন্ন পৰিক্ৰমাৰ মাজেৰে গৈ উপস্থিত হৈছিল জ্যোতি চিত্ৰবনৰ চৌহদত৷ পিতৃৰ দৰেই নগেনক প্ৰতিপালন কৰা, উৎসাহ দিয়া, প্ৰতিটো দুখ সুখৰ লগৰী জেষ্ঠ্য ভাতৃ বাবামনি বৈশ্যৰ সহযোগিতাত নগেনে নামভৰ্তি কৰিলে জ্যোতি চিত্ৰবনৰ ম’চন পিকচাৰ ফটোগ্ৰাফী বিভাগত৷ উল্লেখযোগ্য যে যি দিনা এই বিশেষ পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ আহিছিল, সেইদিনা চৰকাৰী চাকৰি এটাৰ মৌখিক পৰীক্ষাৰো দিন আছিল৷ কিন্তু সপোন আৰু নদীৰ সোঁতক কোনে বাধা দি ৰাখিব পাৰে! সৰুৰেপৰা চাউণ্ড ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখা নগেন বৈশ্যয়ে কিন্তু সম্পূৰ্ণ অচিনাকি বিষয় এটাত নামভৰ্তি কৰিলে৷ চিনেমা নিৰ্মাণৰ পাঠ্যক্ৰম খুবেই খৰচী হয়৷ কেৱল ঘৰৰপৰা পোৱা টকাৰ ওপৰতে নিৰ্ভৰ নকৰি নগেনে শনিবাৰ আৰু ৰবিবাৰে নিজৰ খৰচৰ জোৰা মাৰিবলৈ সৰু-সুৰা কামো কৰিছিল৷ বিষয়বস্তুৰ গভীৰতাত ইমান দ-লৈকে সোমাই গৈছিল যে, এবাৰ পাঠ্যক্ৰমৰ শ্ৰেণী ল’বলৈ অহা প্ৰয়াত যশস্বী পৰিচালক মুনীন বৰুৱাদেৱে নগেনৰ প্ৰশ্নবোৰ শুনি কৈছিল “বাবা, এদিন আমি একেলগে কাম কৰিম”৷ 

পাঠ্যক্ৰম শেষ কৰাৰ পাছতেই এদিন জনপ্ৰিয় সুদক্ষ ফটোগ্ৰাফাৰ অনুপ বৰুৱাদেৱৰ জৰিয়তে সংকল্পজিৎ হাজৰিকা দেৱৰ এটা প্ৰজেক্টত কাম কৰাৰ সুবিধা পালে৷ সেইদিনা নগেনে সংকল্পজিৎ হাজৰিকা, ৰাজদ্বীপ দে আৰু সমুজ্জল কাশ্যপক একেলগে লগ কৰাৰ সুযোগ পালে৷ সেই যে লগ পালে, আজিৰ দিনটোলৈকে অসমৰ জনপ্ৰিয় চিনেমেট’গ্ৰাফাৰ নগেন বৈশ্যৰ চিনাকিটো গঢ় দিয়াৰ অন্যতম কাণ্ডাৰী হিচাপে উপৰোক্ত ব্যক্তিকেইগৰাকী ৰৈ গ’ল৷ ইয়াৰে ভিতৰত সমুজ্জল কাশ্যপ নগেনৰ উত্থানৰ মূল হোতা বুলি ক’লেও ভুল নহ’ব৷ সৰু-বৰ কাৰিকৰী সকলো খুটি-নাটি আঙুলিয়াই নগেনক আজিৰ দিনটোলৈকে প্ৰতিনিয়ত দিহা পৰামৰ্শৰে বাধিত কৰি আহিছে৷ সেয়াই আৰম্ভণি, তাৰ পাছৰেপৰা নগেন বৈশ্যয়ে আৰু ঘূৰি চাব লগা হোৱা নাই৷ পাঠ্যক্ৰমৰ প্ৰতিযোগিতাত মেঘালী ডেকাৰ পৰিচালনাৰ ছবিত শ্ৰেষ্ঠ চিনেমেটোগ্ৰাফাৰ পুৰস্কাৰ পোৱাৰপৰা ২০১৬-ত ৰামেধেনু চেনেলৰ শ্ৰেষ্ঠ চিনেেমটোগ্ৰাফীৰ পুৰস্কাৰলৈকে নগেন বৈশ্য দুৰন্ত গতিৰে আগবাঢ়ি গৈ আছে৷ মিউজিক ভিডিঅ’ বা ছবিজগতৰ প্ৰায়বোৰ ভিডিঅ’ নগেনৰ হাতৰ পৰশত জীৱন্ত হৈ পৰিছে৷ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ কাঞ্চনজংঘা, এৰেঞ্জড ১ আৰু ২, অংগৰাগ পাপন মহন্তৰ ভিডিঅ’, তৰালী শৰ্মাবাৰ শেহতীয়া জনপ্ৰিয় গীত “মাতিলেই নামি অহা জোনাক”, অভিশ্ৰুতি বেজবৰুৱাৰ দৃশ্য শ্ৰাব্য ভিডিঅ’, অনিন্দিতা পালৰ শ্ৰাব্য ভিডিঅ’,চলচ্চিত্ৰ মহোৎসৱত উচ্চ প্ৰশংসিত ছবি “তুমি মালালা”(পৰিচালনা-ৰূপক গগৈ,চিত্ৰনাট্য-অভিস্কা ফুকন)-লৈকে নগেন বৈশ্য অনিৰূদ্ধ গতিৰে আগবাঢ়ি গৈছে৷ 

 

নগেনৰ সৰুতে সপোন আছিল, জুবিন গাৰ্গ আৰু প্ৰয়াত মুনিন বৰুৱাদেৱৰ লগত কাম কৰা৷ কাঞ্চনজংঘা ছবিৰ শেষৰ দৃশ্যটোত প্ৰায় ২৫ কিলো ওজনৰ কেমেৰা হাতত তুলি ছবিৰ নায়কৰ প্ৰায় মুখৰ ঠিক ওপৰত লৈ দৃশ্যগ্ৰহণ কৰা নগেন বৈশ্য বা প্ৰিয়াৰ প্ৰিয়ৰ শীৰ্ষক সংগীতটোৰ মনোমোহা দৃশ্য গ্ৰহণ কৰা নগেন বৈশ্য অসমৰ শিল্পী সমাজৰ মাজতো নিজৰ কষ্টসহিষ্ণু আৰু বিনয়ী স্বভাৱৰ বাবে খুবেই প্ৰিয় আৰু মৰমৰ৷ জনপ্ৰিয় শিল্পী জুবলি, তৰালী শৰ্মা, জুবিন গাৰ্গ, গৰিমা শইকীয়া গাৰ্গ, অংগৰাগ পাপন মহন্ত, অভিশ্ৰুতি বেজবৰুৱা আৰু লগতে নিজৰ মাতৃ-ভগ্নী আৰু দুই ভাতৃ -এইসকলৰ মৰম স্নেহ তথা আশীৰ্বাদ নগেন বৈশ্যৰ অনুপ্ৰেৰণাৰ উৎস বুলি আমাক জানিবলৈ দিলে৷ 

নগেন বৈশ্য এনেদৰেই আগবাঢ়ি যাওক৷ তেখেতৰ উত্তৰোত্তৰ কামনা কৰিলোঁ৷ 

**নগেন বৈশ্যয়ে বৰ্তমানলৈকে কৰা কেইটামান উল্লেখ যোগ্য প্ৰজেক্ট:

– মৃগাংক বৰাৰ পৰিচালনা আৰু উৎপল দত্তৰ কাহিনীৰে ৰিয়াজ (বহু চলচ্চিত্ৰ মহোৎসৱত উচ্চ প্ৰসংশিত)

– গোৱাৰ IFFI -ত উচ্চ প্ৰশংসা লাভ কৰা বীৰাংগনা(পৰিচালনা-কিশোৰ কলিতা,চিত্ৰনাট্য-উৎপল দত্ত),  আৰু বহুবৃত্ত(পৰিচালনা- উৎপল দত্ত)

– অমৃত চিমেণ্ট আৰু এক্সিচ বেংকৰ বিজ্ঞাপন

– শংকুৰাজ কোঁৱৰৰ লগত “গানে গানে” গীতটো

– জুবলি বৰুৱাৰ লগত মাটি-২ আৰু তাণ্ডৱ

– মানস বৰুৱাৰ লগত ভ্ৰমণ সম্পৰ্কীয় প্ৰজেক্ট

– মনজিত শৰ্মাৰ নিৰ্দেশনাৰে “আচাম ফাইট বেক” নামৰ ধাৰাবাহিক

– অভিশ্ৰুতি বেজবৰুৱাৰ লগত “এচাটি বতাহ” গীতটো

– আহিবলগা প্ৰজেক্টৰ ভিতৰত জয় বৰুৱা আৰু সমুজ্জল কাশ্যপৰ লগত এটা নতুন প্ৰজেক্ট তথা কেইবাখনো নতুন ৱেবচিৰিজ৷

☆ ★ ☆ ★ ☆

4 Comments

  • দীক্ষিতা

    নিশ্চিতভাৱে অনুপ্ৰেৰণাৰে উদ্বুদ্ধ কৰা এটি জীৱন কাহিনী। তেখেতৰ বিষয়ে জানিবলৈ পাই বৰ ভাল লাগিল।

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    বৰ ভাল লাগিল তেখেতৰ বিষয়ে কথাবোৰ জানিব পাৰি । তেখেতলৈ অলেখ শুভ কামনা জনালোঁ ।

    Reply
  • কৰবী দেৱী

    সঁচাকৈ লক্ষ্য যদি স্থিৰ হয়, কোনো প্ৰতিবন্ধকতাই হেঙাৰ হব নোৱাৰে। তেখেতলৈ অলেখ শুভকামনা জ্ঞাপন কৰিলো।

    Reply
  • বন্দিতা জৈন

    বৰ ভাল লাগিল। চিনাকি ল’ৰা জন। আগুৱাই যাওঁক।বাবামণিৰ ভাতৃ বুলি আজি হে জানিলো

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *