ফটাঢোল

বগা লিপষ্টিক আৰু তিতা কেৰেলাৰ জুচ্ খাবলৈ ৰাজি হোৱা ছোৱালীজনী-জয়ন্ত গগৈ

টেবুলৰ ওপৰত থৈ দিয়া ম’বাইলটো দুই – তিনিবাৰমান ৰিং হৈ আছিল। ঘোৰ টোপনিত আছিলোঁ যদিও ৰিংটনৰ শব্দত যেন-তেনকৈ টেবুলৰ পৰা ম’বাইলটো হাতত ল’লোঁ, নম্বৰটো অচিনাকি দেখি ধৰিবলৈ ইচ্ছা নাছিল। নাইট চিফ্ট ডিউটি কৰি দিনত শুলে এবাৰ টোপনি ভাগিল বুলিলে আৰু পিছত টোপনি যাবলৈ বৰ কষ্ট হয়। তিনিবাৰমান ফোনটো বাজিল বাবে শেষত ৰিচিভ কৰিবলৈ বাধ্য হ’লোঁ। সিফালৰ পৰা ছোৱালী এগৰাকীৰ শুৱলা কণ্ঠস্বৰ ভাঁহি আহিল,

: হেল্ল’, আপুনি অৰিয়ণ বৰুৱা নেকি বাৰু?

: হয়, কওক।

: মই আপোনাৰ নম্বৰটো দেৱাশীভদাৰ পৰা পালোঁ। তেখেতেও আপোনালৈ কালি ফোন লগাইছিল। ফোনত নাপালে।

: অ’ হয় , দেৱাশীভ মোৰ লগৰে। ভালকৈ চিনি পাওঁ।

: হয়, কৈছে আপোনাৰ কথা। মই দ্বিপলীনা। এক্সিচ বেংকৰ পৰা ক’লোঁ। শুনক না, এক্সুৱেলি আপোনালৈ এক্সিচ বেংকৰ ফালৰ পৰা ক্ৰেডিট কাৰ্ড এখনৰ ভাল অফাৰ এটা আহিছে। আপুনি এক্সিচ বেংকৰ এপটো ম’বাইলত এবাৰ লগ্-ইন কৰি ক্ৰেডিট অফাৰ অপশ্যনত ক্লিক কৰি দিলেই হ’ল। আমি আপোনাৰ অফাৰটো এপ্ৰ’ভ কৰি দিব পাৰিম।

: শুনক বাইদেউ, মোৰ অলৰেডি দুখন ক্ৰেডিট কাৰ্ড আছেই। আৰু নালাগে।

: শুনক না, এইটো আপোনালৈ বহুত ভাল অফাৰ আহিছে। সম্পূৰ্ণ এক লাখ টকাৰ ক্ৰেডিট লিমিট। তাকো সম্পূৰ্ণ ফ্ৰি অফ কষ্ট। লাইফ টাইমৰ বাবে পাব। এবাৰ আপুনি এপটো খুলি লগ্-ইন কৰকচোন।

: বাইদেউ, মোক আৰু ক্ৰেডিট কাৰ্ড নালাগে। দুখনেই জুৰিছে, যথেষ্ট, আৰু নোৱাৰিছোঁ।

: নহয়, অফাৰটো ভাল কাৰণেহে আপোনাক জোৰ কৰি আছোঁ। এনে সুবিধা আকৌ নাপাবও পাৰে। আৰু লিমিটেড অফাৰ, কিছুদিনৰ বাবেহে আহিছে। সেই কাৰণে আপোনাক অনুৰোধ কৰিছোঁ। প্লিজ, অফাৰটো ক্লিক কৰক না দাদা।

: বাইদেউ , মোক সঁচাকৈ নালাগে। এই দুখনকে ভালকৈ চলাব পৰা নাই। আৰু এখন লৈ মই ধাৰত ডুব গ’লেহে হ’ব! দৰমহাৰ গোটেই টকাকেইটা বেংকত দিওঁতেই শেষ হ’ব।

: তেনেকৈ কিয় কয়? লৈ থওকচোন। পিছলৈ দৰকাৰী সময়ত ব্যৱহাৰ কৰিব আৰু এটা ভাল লিমিট আপুনি লাভ কৰিছে ফ্ৰি অফ কষ্ট। এবাৰ লগ্-ইন কৰি ক্লিক কৰি চাওক না।

: বাইদেউ, মোৰ এচ বি আই আৰু আই চি আই চি আই বেংকৰ দুখন কাৰ্ড আছে। এখনৰ লিমিট আঢ়ৈ লাখ আৰু আনখনৰ এক লাখ পচিশহাজাৰ টকাৰ। এই দুয়োখনেই ভালকৈ ব্যৱহাৰ কৰিব পৰা নাই। গতিকে মোক আৰু এখন কাৰ্ড নালাগে।

: আপুনি দেৱাশীভ দা আৰু মোৰ কথা ভাবি এবাৰ লগ-ইন কৰক না। আমাৰো ব্যৱসায়ৰ ৰ্টাগেট এটা থাকে। আপোনালোকে আমালৈ নাচালে কেনেকৈ হ’ব বাৰু কওকচোন। 

: বাইদেউ, মোৰ ভোক লগাই নাই যেতিয়া, আপুনি জোৰ কৰি মোক মাংস-ভাত একাঁহী খাবলৈ দিলেও মই খাব পাৰিম জানো? কওক।

: নহয়, আপুনি দেৱাশীভদাৰ লগৰ আৰু দেৱাশীভদাই আপোনাৰ কথা কৈছে। আপুনি পাৰিব।

: বাইদেউ, মোৰ একেবাৰে মন নাই। বেয়া নাপাব, আপোনাক কথা এটা কওঁ। আপোনাক যদি মই অফিচলৈ বগা ৰঙৰ লিপষ্টিক লৈ আহিব কওঁ, আপুনি আহিবনে?

: হিঁ.হিঁ.হিঁ… আপুনি কি যে আচৰিত! সাংঘাতিক উদাহৰণ। হিঁ:হিঁ:হিঁ: (ছোৱালীজনীয়ে খিলখিলকৈ হাঁহিলে।)

: সঁচাকৈ কৈছোঁ বাইদেউ। কওক, ল’বনে?

: হিঁঃহিঁঃহিঁঃ আপুনি তেন্তে আমাৰ অফাৰ গ্ৰহণ নকৰে? দাদা প্লিজ এবাৰ এপটো খুলি ক্লিক কৰি দিয়ক না। আমাৰ কথাও এবাৰ ভাবক। 

: বাইদেউ, মই লগ্-ইন কৰিম বাৰু, কিন্তু এটা চৰ্তত। আপুনি অফিচলৈ বগা লিপষ্টিক লৈ আহি বহি থাকিব লাগিব আৰু মই অফিচলৈ গৈ আপোনাৰ বগা লিপষ্টিক চাইহে লগ-ইন্ কৰিমগৈ। হ’ব নে?

: হিঁঃহিঁঃহিঁঃ (খিলখিলকৈ হাঁহিলে) আপুনিও যে! ভাল হঁহুৱাইছে । 

: সঁচাকৈ কৈছোঁ। আপুনি বগা লিপষ্টিক লৈ আহিবনে?

: হিঁঃহিঁঃহিঁঃ শুনক না দাদা। মই ছোৱালী এজনীয়ে আপোনাক ইমানকৈ ৰিকুৱেষ্ট কৰি আছোঁ। মোলৈ এবাৰো ভাবি নাচায়নে? বিপদত পৰিহে আপোনাক জোৰ কৰিছোঁ। দেৱাশীভদাৰ পৰা আপোনাৰ সামৰ্থ্য আছে বুলি জানিব পাৰিহে খাতিৰ কৰিছোঁ। ভণ্টী বুলি ভাবি এবাৰ লগ্-ইন কৰক না দাদা !

: আপুনি বগা লিপষ্টিক ল’ম বুলি কওক।

: বাৰু ঠিক আছে আপুনি কৈছে যেতিয়া বগা লিপষ্টিক ল’বলৈ চেষ্টা কৰি চাম। 

কিছু সময় ধৰি আমাৰ ফোনৰ কথোপকথন ৰৈ গৈছিল। ময়ো ফোনটো নথৈ অলপমান কামোৰ দিওঁ বুলিয়েই ধৰি ৰাখিছিলোঁ। ফোনৰ সিপাৰে ক্ষীণকৈ শুনিছোঁ বাইদেউগৰাকীয়ে হাঁহি হাঁহি সহকৰ্মী কাৰোবাৰ লগত কথা পাতিছে আৰু বাইদেৱে গল খেকাৰি এটি মাৰি পুনৰ হেল্ল’ হেল্ল’ কৰি আৰম্ভ কৰিলে,

: দাদা, শুনিছেনে? অফাৰটো প্লিজ গ্ৰহণ কৰক না। ভাল কাৰণেহে আপোনাক দিব বিচাৰিছোঁ। ময়ো বৰ বিপদত পৰিছোঁ। মাৰ্চত ৰ্টাগেট ফিল-আপ কৰিব লাগে। আপুনি কাৰ্ডখন মাত্ৰ লৈ থওক।

: বাইদেউ, আপোনাক যদি মই তিতা কেৰেলাৰ জুচ এগিলাচ খাবলৈ জোৰ কৰি কৈ থাকোঁ, আপুনি বাৰু খাবনে?

: হিঁঃহিঁঃহিঁঃ (আকৌ খিলখিলকৈ হাঁহিলে) আপোনাক নোৱাৰিছোঁ আৰু দেই। কি কি যে যুক্তি!

: কওক বাইদেউ। তিতা কেৰেলাৰ জুচ আপুনি খাব জানো?

: হিঁঃহিঁঃহিঁঃ দাদা, তিতা কেৰেলাৰ জুচটো বাৰু শৰীৰৰ বাবে উপকাৰীয়েই। খালে একো অপকাৰ নকৰে। আপুনি কৈছে যেতিয়া মই খাম বাৰু। আপুনি এতিয়া এপটো খুলি লগ্-ইন কৰি ক্ৰেডিট কাৰ্ড অফাৰত ক্লিক কৰক না দাদা।

: বাইদেউ, হাঁ: হাঁ: হাঁ: আপুনি তাৰমানে বগা লিপষ্টিক, তিতা কেৰেলাৰ জুচ খাই হ’লেও মোৰ পৰা হাচিল কৰিবই। শুনক তেনেহ’লে আপুনি আগতে মোলৈ ৱাটচ-আপত আপোনাৰ বগা লিপষ্টিক সনা ফটো একপি পঠিয়াওক। মোৰ এইটো নম্বৰতে ৱাটচ্ আপ আছে। হ’বনে?

: হিঁঃহিঁঃহিঁঃ (খিলখিলাই হাঁহি) দাদা, আপোনাক মানিছোঁ দেই‌। ঠিক আছে, আপুনি সন্মত হৈছে যেতিয়া ফটোখন পঠাম বাৰু।

: প্ৰমিজ

: প্ৰমিজ

দেৱাশীভলৈ ফোনটো লগাই কামুৰিবলৈ আৰু মানুহ নাপালি নেকি বুলি ক’ব বিচাৰিছিলোঁ যদিও ফোনত নাপালোঁ তাক। সি নিজে কামোৰ নেমাৰি দ্বিপলীনাক লগাইছে! বেচেৰীয়ে এনেয়ে বগা লিপষ্টিক বিচাৰি চহৰখন ঘূৰি ফুৰিব এতিয়া। বগা লিপষ্টিক, তিতা কেৰেলাৰ জুচ…উস্!

দ্বিপলীনাই নাইট চিফ্ট ডিউটি কৰি টোপনিত লাল-কাল দিয়া শৰীৰৰ সিৰা – উপসিৰাবোৰত যিটো হাঁহিৰ সোঁত বোৱাই থৈ গ’ল, টোপনিটো ইতিমধ্যে হেৰায়ে থাকিল।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *