জীৱনৰ সৰু বৰ ৰসাল ঘটনাবোৰ- স্বপ্নালী বৰদলৈ
আমাৰ দেউতা অতিশয় আৱেগিক মানুহ। মানে আৱেগৰ ওপৰত একেবাৰে নিয়ন্ত্ৰণ নাই। সকলোকে সহজে বিশ্বাস কৰে আৰু কাৰোবাক ভাল পালে আচৰিত ধৰণে ভাল পায় আকৌ বেয়া পালে মানে চেহেৰাও চাব নোখোজে। (কি কওঁ আৰু মোৰো এই বেয়া গুণ টো আছে।) এবাৰ কি হ’ল, আমাৰ ঘৰৰ ওচৰতে নতুনকৈ এঘৰ মানুহ আহি ভাড়া ল’লেহি। মানুহঘৰৰ গিৰিয়েক ঘৈণীয়েকহাল মাজে মাজে আমাৰ দোকানৰ পৰা বস্তু কিনিবলৈ আহে। আমাৰ দেউতা স্বভাৱতে কথা চহকী ব্যক্তি। সেই মানুহজনো আছিল কথা চহকী। গতিকে দুয়োজনৰ স্বভাৱ মিলি কম দিনতে বন্ধুত্ব গঢ়ি উঠিল। মানুহজনৰ প্ৰশংসাত দেউতাই আমাৰ কাণ পকাই দিবলৈ ধৰিলে। হ’ল বুলিয়ে কিমাননো একেজন মানুহৰে গুণানুকীৰ্তন শুনি থাকিম আৰু! দুদিনমান লগ পায়েই মানুহৰ ইমান প্ৰশংসা কৰাটো আমি বৰ এটা ঠিক পোৱা নাছিলোঁ।
এদিন মানুহজনে দেউতাক তেওঁৰ পৰিবাৰৰ জন্মদিন উপলক্ষে সপৰিয়ালে তেওঁলোকৰ ঘৰলৈ নিমন্ত্ৰণ কৰিলে। সেই সময়ত আমাৰ বাবে জন্মদিন পতাটো এটা বিৰাট ডাঙৰ কাৰবাৰ আছিল। তাতে সেই 45/50 বছৰীয়া মহিলাগৰাকীৰ জন্মদিন পতাটো এটা ধামাকাই আছিল আমাৰ বাবে। তেখেতৰ জন্মদিনত কি দিলে ভাল হ’ব তাকে চিন্তা কৰি দেউতাৰ তত নোহোৱা হৈছিল। শেষত বহুত আলোচনা- বিলোচনাৰ অন্তত এখন কিতাপ দিয়াটোৱেই ভাল হ’ব বুলি ঠিক কৰা হ’ল। অৱশ্যে তেখেতৰ কিতাপ পঢ়াত আগ্ৰহ আছিল নে নাই আমি জনা নাছিলোঁ। কিন্তু তাতকৈ ভাল উপহাৰ দিয়াৰ বাজেট সেই সময়ত আমাৰ নাছিল। যি কি নহওক, কিতাপখন ধুনীয়াকৈ পেক কৰি জন্মদিনৰ দিনা সন্ধিয়া সময়ত দেউতা, মা আৰু মই তেওঁলোকৰ ঘৰলৈ গ’লোঁ। মা আৰু মোৰ মুঠেও যাবলৈ ইচ্ছা নাছিল। কিন্তু দেউতাই বাৰে বাৰে লগ ধৰি থকাত যাবলৈ বাধ্য হ’লোঁ। গৈ পাই দেখিলোঁ তেওঁলোকৰ ঘৰৰ বাহিৰত কেইবাখনো গাড়ী। মনতে ভাবিলোঁ জন্মদিন ডাঙৰকৈয়ে পাতিছে তেন্তে, খানাও ভাল হ’ব তাৰমানে। জিভাৰ পানী সামৰি যেনেতেনে ভিতৰ সোমালোঁ। গৃহস্থই আদৰ-সাদৰ কৰি ভিতৰত বহিবলৈ দিলে। কিছু সময়ৰ কথা – বতৰাৰ পিছত গৃহস্থই অন্য অতিথিসকলৰ লগত চিনাকি কৰাই দিলে। তেতিয়ালৈকে বাৰ্থডে’ গাৰ্লৰ দেখা দেখি নাই দেই। বহুদেৰীৰ মূৰত এবাৰ আহি মাত এষাৰ দি থৈ গ’ল। ইফালে পাকঘৰৰ পৰা অহা সুগন্ধই মোৰ জিভাৰ পানী পুনৰ বোৱাবলৈ ধৰিলে। কেতিয়া খাবলৈ পাম তাৰেই চিন্তা। এবাৰ গৃহস্থই কথা – বতৰা পাতি থাকোঁতে ক’বলৈ ধৰিলে যে আজিৰ এই গেট টুগেদাৰটো এটা বিশেষ উদ্দেশ্যৰে আয়োজন কৰা হৈছে, আপোনালোকে চাগৈ জানিছেই। প্ৰথমে আমাৰ নতুন অতিথিগৰাকীক এইবিষয়ে ভালকৈ অৱগত কৰাই লওঁ। এইবুলি দেউতাক নেটৱৰ্কিং বিজনেছৰ বিষয়ে বুজাবলৈ ধৰিলে। মুঠতে থুলমূলকৈ ক’বলৈ গ’লে তেওঁলোকে জন্মদিনৰ অজুহাত দেখুৱাই সেইখন এমৱেৰ মিটিংহে পাতিছিল। তাত উপস্থিত থকা সকলো এমৱেৰ সদস্য। দেউতাৰ দৰে দুই এজনক ‘বলি কা বকৰা’ কৰি ফুচুলাই লৈ আনিছে। আচল উদ্দেশ্য গম পোৱাৰ পিছত দেউতাৰ খং আৰু সপ্তমত চৰিল। কোনোপধ্যেই এনেকুৱা বিজনেছত নোসোমাই তাকে জনাই দীঘলীয়া ভাষণ এটি দি আমাক লৈ দেউতা ঘৰ পালেহি। উপহাৰ নিয়াৰ ভাগেই থাকিল। মোৰ নাকত পোলাও-মাংসৰ গোন্ধ লাগিয়ে থাকিল। সেপ ঢুকি ঢুকি ঘৰ পালোঁহি। মনত খাবলৈ নোপোৱাৰ প্ৰচণ্ড দুখ থাকিলেও মই দেউতাৰ অৱস্থা দেখি হাঁহিত ফাটি পৰিলোঁ। আমাৰ আগত দেউতাই লাজো পাইছিল। সকলোকে নিজৰ দৰে সহজ-সৰল হোজা বুলি ভবাৰ পৰিণাম সেইবাৰ দেউতাই পালে ভালকৈ !
☆ ★ ☆ ★ ☆