ফটাঢোল

মূল:সৰু মানুহ,গল্পকাৰ: বলাইচাঁদ মুখোপাধ্যায়,অনুবাদ-সঞ্জীৱ কুমাৰ বৰা

দুপৰীয়াৰ প্ৰখৰ ৰ’দজাককো আওকাণ কৰি স্বাভিমানী ৰাঘৱ সৰকাৰে খৰ খোজেৰে বাট লৈছিল। তেওঁৰ পৰিধানত খদ্দৰ, মূৰত ছাতি নাই। ভৰিত জোতা আছে, কিন্তু জোতাযোৰ এনে জৰাজীৰ্ণ যে ক্ষত পদযুগলক শৰ-শয্যাশায়ী ভীষ্মৰ লগত তুলনা কৰিলেও অত্যুক্তি কৰা নহয়। ৰাঘৱ সৰকাৰৰ তাত কোনো ভ্ৰূক্ষেপ নাই, তেওঁ দ্ৰুত খোজেৰে আগবাঢ়িছে। সুনিৰ্দ্দিষ্ট নীতি অনুসৰণকাৰী অনমনীয় চৰিত্ৰ ৰাঘৱ সৰকাৰৰ শিৰ সদায়েই উচ্চ। তেওঁ কেতিয়াও কাৰো অনুগ্ৰহ-প্ৰত্যাশী নহয়, কাৰো বোজা হৈ থাকিব নিবিচাৰে, যথাসাধ্য সকলোৰে উপকাৰ কৰে, কিন্তু পৰাপক্ষত আনৰ দ্বাৰা উপকৃত নোহোৱাকৈ থাকে। নিজৰ শিৰ সদায় উচ্চ কৰি ৰখাই তেওঁৰ জীৱনৰ ব্ৰত।

টিলিং টিলিংকৈ টিলিঙা বজাই এজন ৰিক্সাৱালাই তেওঁৰ পিছ লৈছিল। 

-ৰিক্সা লাগিব বাবু? ৰিক্সা?

ৰাঘৱ সৰকাৰে পিছলৈ ঘূৰি চালে। 

অস্থি-চৰ্মসাৰ ৰিক্সাৱালাজনে তেওঁলৈ আশাৰে চাই আছিল। 

যিসকল নিতান্তই অমানুহ, কেৱল সেইসকলহে মানুহৰ কান্ধত উঠি যায় – এয়াই ৰাঘৱ সৰকাৰৰ ধাৰণা। সেয়েহে অন্যায় কাৰ্য্য বুলি ভাবিয়েই তেওঁ জীৱনত কোনোদিনে পাল্কী বা ৰিক্সাত উঠা নাই। খদ্দৰৰ আস্তিনখনেৰে কপালৰ ঘামখিনি মচি তেওঁ কৈ উঠিল,

 -নাই নালাগে।

 কৈয়েই তেওঁ  খৰ খোজেৰে আগবাঢ়িল। 

 টিলিং টিলিংকৈ টিলিঙা বজাই ৰিক্সাৱালাজনেও তেওঁৰ পিছ ল’লে। দৰদী ৰাঘৱ সৰকাৰে ভাবিলে, এইটোৱেই বোধহয় বেচেৰাৰ অন্ন সংস্থাপনৰ একমাত্ৰ পথ। ধনীকবাদ, দৰিদ্ৰ-নাৰায়ণ, বলশেভিজ্ম, ডিভিশ্যন অৱ লেব’ৰ, গাঁওবাসীৰ দুৰ্দশা, ফেক্টৰী, জমিদাৰী আদি বহু কথাই  ক্ষন্তেকতে তেওঁৰ মনত খেলা কৰি গ’ল। 

তেওঁ পুনৰ পিছলৈ ঘূৰি চালে। 

অঃ। সঁচাকৈয়ে লোকজন শীৰ্ণকায় অনাহাৰী। 

তেওঁৰ হৃদয়ত দয়াৰ সঞ্চাৰ হ’ল। 

টিলিঙা বজাই ৰিক্সাৱালাই আকৌ এবাৰ সুধিলে, 

-ক’লৈ যাব আপুনি? উঠক বাবু, থৈ আহিমগৈ। 

– তই শিৱতলালৈকে কেই পইচা ল’বি?

-ছয় পইচা।

-ঠিক আছে, আহ। 

কৈয়েই ৰাঘৱ সৰকাৰে পুনৰ খোজ ল’লে। 

– আহক বাবু, উঠক। 

-তই আহি থাক। 

ৰাঘৱ সৰকাৰে গতিবেগ বৃদ্ধি কৰিলে। 

ৰিক্সাৱালাজন পিছে পিছে আগবাঢ়িল। 

মাজে মাজে কেৱল নিম্নলিখিত বাৰ্তালাপ শুনা গ’ল। 

– আহক বাবু, উঠক।

– নুঠোঁ। 

শিৱতলা পোৱাৰ লগে লগে ৰাঘৱ সৰকাৰে পকেটৰপৰা ছয় পইচা উলিয়াই ক’লে, 

-এইটো ল। 

– আপুনিতো ৰিক্সাত উঠাই নাছিল। 

– মই ৰিক্সাত নুঠোঁ। 

-কিয়? 

-ৰিক্সাত উঠাটো পাপ। 

– অ! সেইকথা আগতেই ক’ব পাৰিলেহেঁতেন! 

 ৰিক্সাৱালাজনৰ চকুৱে মুখে এক অৱজ্ঞাৰ ভাব স্পষ্ট হৈ উঠিল। সি ঘাম মচি ঘূৰি যাবলৈ উদ্যত হ’ল। 

– পইচাটো লৈ যা। 

– মই কাৰোৰেপৰা ভিক্ষা নলওঁ। 

টিলিং টিলিংকৈ টিলিঙা বজাই ৰিক্সাৱালাজন পথৰ কেঁকুৰিত অদৃশ্য হৈ পৰিল। 

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *