মূল কবিতা:মিলি বা,কবি: ব্রত চক্রবর্তী,ভাষান্তৰ-মুনমুন সৰকাৰ
মিলি বা
বহুদিনৰ মূৰত বাটত তোমাক দেখিলোঁ মিলি বা।
বুঢ়ীয়েই হ’লা। বৰ্ণনা নিদিওঁ বাৰু, থাকক দিয়া।
কিন্তু ভীষণ কষ্ট পালোঁ।
এটা সময়ত কি জাকতজিলিকা ৰূপ আছিল তোমাৰ!
জাকজমকতাৰে পতা তোমাৰ বিয়াখনলৈ মনত পৰিল।
কিন্তু কেইমাহমানৰ মূৰতেই তুমি উভতি আহিলা।
স্বামী বোলা মানুহজনৰ আৰু এখন সংসাৰ দেখি ,
অসহনীয় ক্ষোভ আৰু যন্ত্ৰণা লৈ। তুমি আৰু উভতি নগ’লা।
সিও নিনিলে।
তাৰপিছত কত বছৰ পাৰ হ’ল।
বয়স বৈ গ’ল, বৈ গ’ল ৰূপ,
সোণোৱালী দিন, সকলো।
মাৰ ঘৰত ডাইলৰ বড় শুকুৱাই শুকুৱাই,
কাপোৰ ধুই ধুই, কাপোৰত ফুল বাছি বাছি।
কেউপিনে কত কি যে সলনি নহ’ল তেতিয়ালৈ!
তুমি থাকি গ’লা সেই বিষাদৰ সাগৰত
নিজৰ শৰীৰ আৰু মনক বুৰাই পেলাই,
তুমি থাকি গ’লা। কেউপিনে কিমান সলনি হ’ল সৱ।
সেই সিদিনাই গঙ্গাৰ পানী গৈ পদ্মা নদীত পৰিল,
হংকং সোমালে চীনত,
তুমিচোন কোনো নতুনত্বকেই আকোঁৱালি নল’লা।
কি পালা মিলি বা আজি অত বছৰে?
মোকচোন চিনিয়েই পোৱা নাছিলা।
নামকাঢ়ি মাতোঁতে ৰʼলা।
মুখখন ওপৰলৈ কৰি মোলৈ চালা।
কৰুণ চকুযুৰি যে!
আৰু মই চক খাই গʼলো
তোমাৰ সেওঁতাৰ পোহৰমুখী বাটত
ক্ষীণ সেন্দূৰীয়া আলি, আজিও।
আজিও?
খুব খং উঠিল, হঠাৎ।
তাৰপিছতেই অসহায় হৈ পৰোঁ
তোমাৰ কথা ভাবি, মিলি বা।
পোহৰমুখী বাট এটা দেখোঁ।
দেখোঁ চন্দনৰ ফোঁটহেন সেন্দূৰৰ ফোঁট,
সেন্দূৰীয়া মিহি, ক্ষীণ আলি দেখোঁ,
আৰু মনে মনে কওঁ,
দুখন নদীয়ে পৰস্পৰে ঢৌ মিলাই
একাকাৰ হৈ যাব পাৰে,
দুখন দেশেও সীমামূৰীয়া বিবাদ আঁতৰাই এক হ’ব পাৰে,
আৰু দুজন মানুহে নোৱাৰেনে?
☆ ★ ☆ ★ ☆
3:12 pm
বঢ়িয়া